সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১২ – সংবিধান – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১২ – সংবিধান – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

CLASS 7

Class 7 Social Science Chapter 12 সংবিধান Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান (সমাজ বিচিত্ৰা) অধ্যায় ১২ – সংবিধান সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ‘সমাজ বিচিত্ৰা’ৰ দ্বাদশ অধ্যায় ‘সংবিধান’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 12 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সংবিধান’ নামৰ এই পাঠটিত ভাৰতীয় সংবিধানৰ গঠন, ইয়াৰ প্ৰয়োজনীয়তা, সংবিধান প্ৰণেতাসকলৰ অৱদান, মৌলিক অধিকাৰ আৰু কৰ্তব্যসমূহৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে দেশৰ সৰ্বোচ্চ আইন আৰু ইয়াৰ তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সংবিধানৰ ধাৰণা, ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকৰণ আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৪-৫ নম্বৰৰ দীঘলীয়া বৰ্ণনামূলক প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিচিত্ৰা) Textbook Solutions & MCQs | ASSEB New Syllabus
Original price was: ₹199.00.Current price is: ₹29.00.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 12 সংবিধান

 SCERT, অসম — সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-12                                                                    অস্পিন একাডেমী

সংবিধান

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী – ১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –

(ক) সংবিধান বুলিলে কি বুজা? 

উত্তৰঃ এখন ৰাষ্ট্ৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় হোৱা নীতি-নিয়ম আৰু আইনসমূহৰ সামূহিক ৰূপটোকেই সামগ্রিকভাৱে সংবিধান বুলি আখ্যা দিয়া হয়।

(খ) সংবিধান কেইপ্ৰকাৰৰ? 

উত্তৰঃ সংবিধান প্ৰধানকৈ দুইপ্ৰকাৰৰ।

(গ) কোনখন দেশত সর্বপ্রথম লিখিত সংবিধান প্রণয়ন কৰা হৈছিল? 

উত্তৰঃ আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে লিখিত সংবিধান প্রণয়ন কৰা হৈছিল।

(ঘ) অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা।

উত্তৰঃ অলিখিত সংবিধান থকা এখন দেশৰ নাম হৈছে ইংলেণ্ড।

(ঙ) সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ সংবিধানৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল যে ই হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ আইন।

২। সংবিধানৰ প্ৰয়োজনীয়তা বর্ণনা কৰা। 

উত্তৰঃ বৰ্তমান পৃথিৱীৰ প্ৰায়ভাগ দেশতেই সংবিধানৰ ব্যৱস্থা আছে। একোখন সংবিধান হৈছে সেই দেশখনৰ অলংঘনীয় আৰু মৌলিক আইনসমূহৰ মূল উৎস। সংবিধানে এখন ৰাষ্ট্ৰ সুশৃংখলভাৱে পৰিচালনা কৰাত সহায় কৰে। এখন দেশত সংবিধানৰ প্ৰয়োজনীয়তাসমূহ তলত আলোচনা কৰা হ’ল- 

ক) সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি-নিয়মবোৰ নির্ধাৰণ কৰে। এখন দেশত বিভিন্ন জাতি-উপজাতিৰ মানুহে একেলগে বসবাস কৰে। দেশ এখনৰ ভৌগোলিক পৰিৱেশ, ধর্ম, ভাষা আদিৰ ভিন্নতা থকাৰ বাবে তাত বাস কৰা মানুহৰ কৃষ্টি-সংস্কৃতিতো ভিন্নতা দেখা যায়। সংবিধানে দেশৰ এনে ভিন্নতাৰ মাজতো দেশখনক সুকলমে পৰিচালনা কৰাত সহায় কৰে। 

খ) এখন সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা প্ৰধান অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাৰ গঠন আৰু কাৰ্যাৱলীৰ বিষয়ে স্পষ্টকৈ লিপিৱদ্ধ কৰা থাকে। ইয়াৰ উপৰি যদি প্রশাসনে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে, তেন্তে সাংবিধানিক পদ্ধতিৰ দ্বাৰা তাক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাও সংবিধানত উল্লেখ থাকে। 

গ) দেশৰ নাগৰিকসকলৰ বাবে সংবিধানে কিছুমান মৌলিক অধিকাৰৰ স্বীকৃতি প্ৰদান কৰে আৰু এই অধিকাৰবোৰ সুৰক্ষিত কৰি ৰখাত সংবিধানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

ঘ) সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন প্রক্ৰিয়াৰ সবিশেষ নির্দেশনা বা নীতি-নিয়ম থাকে। এই নির্বাচন পৰিচালনাৰ বাবে সংবিধানৰ অধীনতেই এক স্বতন্ত্র নির্বাচন আয়োগে কাৰ্যনিৰ্বাহ কৰে। 

ঙ) এখন সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ, লক্ষ্য, উদ্দেশ্য আৰু দৰ্শনৰ প্ৰতিফলন ঘটে।

৩। চমুটোকা লিখা: 

(ক) অলিখিত সংবিধান 

(খ) লিখিত সংবিধান 

উত্তৰঃ (ক) অলিখিত সংবিধান: পৃথিৱীৰ কিছুমান দেশৰ সংবিধান দেশখনৰ প্ৰচলিত ৰীতি-নীতি, পৰম্পৰা বা পূৰ্ব আধাৰিত আইনৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি চলি থাকে। এনেধৰণৰ সংবিধানৰ কোনো নির্দিষ্ট প্রণেতা বা ৰচয়িতা, প্রণয়নকাল আৰু নিৰ্দিষ্ট লিখিত ৰূপ নাথাকে। এনেবোৰ সংবিধানকেই অলিখিত সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে- ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান। 

(খ) লিখিত সংবিধান: যিখন সংবিধান সম্পূৰ্ণৰূপে লিপিবদ্ধ অৱস্থাত থাকে, তাকেই লিখিত সংবিধান বোলে। এখন লিখিত সংবিধানৰ নিৰ্দিষ্ট প্রণয়নকাল আৰু নির্দিষ্ট প্রণেতা থাকে। বৰ্তমান পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ প্ৰচলন দেখা যায়। আমেৰিকাৰ সংবিধানখন হৈছে বিশ্বৰ একেবাৰে প্ৰথম লিখিত সংবিধান।

অনুশীলনী – ২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? 

উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্রসাদ।

(খ) ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ খচৰা কমিটিত অন্তৰ্ভুক্ত হোৱা অসমৰ একমাত্ৰ সদস্যজনৰ নাম হ’ল চৈয়দ মহম্মদ ছাদুল্লা।

(গ) ভাৰতক কিয় ‘অর্ধ-যুক্তৰাষ্ট্ৰ’ বুলি কোৱা হয়? 

উত্তৰঃ ভাৰতীয় সংবিধানত শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব, জৰুৰীকালীন ক্ষমতা আদি এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। সেয়েহে ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্রণ অৰ্থাৎ অর্ধ-যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।

(ঘ) ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপটোত সৰ্বমুঠ ২৮৪ জন সদস্যই স্বাক্ষৰ কৰিছিল।

(ঙ) ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেইপ্ৰকাৰৰ? 

উত্তৰঃ ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা তিনিপ্ৰকাৰৰ।

২। কি কি পৰিস্থিতিৰ সৃষ্টি হ’লে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? 

উত্তৰঃ ভাৰতৰ সংবিধান প্রণেতাসকলে নিৰ্ধাৰণ কৰি থোৱা অনুসৰি, দেশৰ অখণ্ডতা, স্বাধীনতা আৰু সুৰক্ষাত আঘাত হানিব পৰা কোনো পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ সৈতে মোকাবিলা কৰিবলৈ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি।

৩। ভাৰতীয় সংবিধানৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰ ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান বৈশিষ্ট্য হ’ল-

ক) ভাৰতৰ সংবিধানে ভাৰতবৰ্ষক এখন স্বাধীন আৰু সার্বভৌম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে।

খ) ধৰ্মনিৰপেক্ষতা হৈছে ভাৰতৰ সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য।

গ) ভাৰতীয় সংবিধানত ক্ষমতাৰ বিতৰণ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতি, নিৰপেক্ষ ন্যায়ালয় আদি যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহো দেখা পোৱা যায়।

৪। ভাৰতৰ সংবিধান প্রণয়ন সন্দৰ্ভত অসমৰ অৱদান বর্ণনা কৰা। 

উত্তৰ ভাৰতৰ সংবিধান প্রণয়নৰ প্ৰক্ৰিয়াত অসমে অতি সক্রিয় ভূমিকা গ্রহণ কৰিছিল। চন্দ্ৰ লস্কৰ, ধৰণীধৰ বসুমতাৰী, গোপীনাথ বৰদলৈ, জে.জে.এম. নিকলছ ৰয়, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী, চৈয়দ মহম্মদ ছাদুল্লা, আকুৰ ৰৌফ আদি অসমৰ বৰেণ্য ব্যক্তিসকলে প্রত্যক্ষ বা পৰোক্ষভাৱে সংবিধান প্রণয়নত অংশগ্রহণ কৰিছিল। চেয়দ মহম্মদ ছাদুল্লা ডাঙৰীয়া সংবিধান খচৰা কমিটিৰ এজন সদস্যও আছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি-জনজাতি আৰু পাৰ্বত্য জনজাতিসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত হোৱা উত্তৰ-পূব সীমান্ত (অসম) জনজাতি আৰু উপ-সমিতি বহির্ভূত অঞ্চলৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই ভাৰতীয় সংবিধানত পঞ্চম আৰু ষষ্ঠ অনুসূচী অন্তর্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলবোৰৰ বাবে জনজাতি উন্নয়ন পৰিষদ আৰু স্বায়ত্ত শাসনৰ ব্যৱস্থা প্ৰদান কৰে।

অনুশীলনী-৩

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –

(ক) সংবিধান সংশোধন মানে কি? 

উত্তৰঃ সংবিধান সংশোধনৰ প্ৰক্ৰিয়াত প্ৰথমে খচৰাখন সংসদৰ যিকোনো এটা সদনত উত্থাপন কৰিব পাৰি। সেই সদনৰ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত বিলখন গৃহীত হ’লে তাক দ্বিতীয়খন সদনলৈ প্ৰেৰণ কৰা হয়। দ্বিতীয়খন সদনতো বিলখন গৃহীত হ’লে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে তাক ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱাৰ পাছতেই সংবিধান সংশোধন কৰা হয়।

(খ) কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৮৬ তম সংশোধনীৰ জৰিয়তে ২০০২ চনত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা পোৱাটো এটা মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

(গ) ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল? 

উত্তৰঃ ৪২ তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত প্ৰধানকৈ তলত দিয়া বিষয়সমূহ সন্নিৱিষ্ট কৰা হৈছিল- প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাৰ সংযোজন আৰু মৌলিক কৰ্তব্যসমূহৰ সংযোজন।

২। ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা ।

উত্তৰঃ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য হ’ল-

ক) প্ৰস্তাৱনাৰ মাধ্যমেৰে এখন ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ লক্ষ্য, উদ্দেশ্য আৰু আদর্শ সুন্দৰকৈ প্রতিফলিত হৈছে।

খ) প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ পথ প্রদর্শক বুলি কোৱা হয়।

গ) প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্য বৰ্ণনাৰ ক্ষেত্ৰত এক অতুলনীয় ভূমিকা পালন কৰিছে।

৩। অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা。 উত্তৰঃ অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাসমূহ হ’ল-

ক) অসমত বসবাস কৰা বিভিন্ন জনজাতিৰ লোকসকলৰ ঐতিহ্য আৰু সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে ভাৰতীয় সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে।

খ) সংবিধানৰ অনুসূচী ২৪৪ (২) আৰু ২৭৫ (১) ৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্ত শাসিত পৰিষদ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে। বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্ত পৰিষদ আদি ইয়াৰ উদাহৰণ।

গ) অনুসূচী ৩৭১ (খ) ৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনজাতীয় লোকসকলৰ নীতি নির্ধাৰণৰ বিষয়ত পৰামৰ্শ দিবলৈ অসম বিধানসভাৰ ভিতৰত জনজাতীয় প্রতিনিধিৰে এখন কমিটি গঠন কৰে।

ঘ) ষষ্ঠ অনুসূচীৰ অধীনত জনজাতীয় লোকসকলৰ ভূমি আৰু তেওঁলোকৰ সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। এনে বিশেষ ব্যৱস্থাবোৰৰ দ্বাৰা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হয়।

A. 20 Multiple Choice Questions (MCQs) with Answers

1. ৰাষ্ট্ৰ-পৰিচালনাৰ বাবে প্ৰয়োজনীয় নীতি-নিয়ম আৰু আইনৰ সামূহিক ৰূপটোক কি বোলা হয়? 

(A) প্ৰস্তাৱনা 

(B) সংবিধান 

(C) সংসদ 

(D) মৌলিক অধিকাৰ 

উত্তৰঃ (B) সংবিধান

2. সংবিধান প্ৰধানকৈ কেইপ্ৰকাৰৰ? 

(A) দুইপ্ৰকাৰৰ 

(B) তিনিপ্ৰকাৰৰ 

(C) চাৰিপ্ৰকাৰৰ 

(D) পাঁচপ্ৰকাৰৰ 

উত্তৰঃ (A) দুইপ্ৰকাৰৰ

3. বিশ্বৰ সৰ্বপ্ৰথম লিখিত সংবিধানখন কোন দেশৰ? 

(A) ভাৰতৰ 

(B) ইংলেণ্ডৰ 

(C) আমেৰিকাৰ 

(D) ফ্ৰান্সৰ 

উত্তৰঃ (C) আমেৰিকাৰ

4. তলৰ কোনখন দেশত অলিখিত সংবিধানৰ প্ৰচলন আছে? 

(A) আমেৰিকা 

(B) ইংলেণ্ড

(C) ভাৰত 

(D) চীন 

উত্তৰঃ (B) ইংলেণ্ড

5. ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? 

(A) জৱাহৰলাল নেহৰু 

(B) বি. আৰ. আম্বেদকাৰ 

(C) ড° ৰাজেন্দ্ৰ প্রসাদ 

(D) গোপীনাথ বৰদলৈ 

উত্তৰঃ (C) ড° ৰাজেন্দ্ৰ প্রসাদ

6. ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি আছিল? (A) গোপীনাথ বৰদলৈ 

(B) চৈয়দ মহম্মদ ছাদুল্লা 

(C) কুলধৰ চলিহা 

(D) জে.জে.এম. নিকলছ ৰয় 

উত্তৰঃ (B) চৈয়দ মহম্মদ ছাদুল্লা

7. ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল? 

(A) ২৮৪ জন 

(B) ২৯৯ জন 

(C) ৩০০ জন 

(D) ৩৯৫ জন 

উত্তৰঃ (A) ২৮৪ জন

8. ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেইপ্ৰকাৰৰ? 

(A) দুইপ্ৰকাৰৰ 

(B) তিনিপ্ৰকাৰৰ 

(C) চাৰিপ্ৰকাৰৰ 

(D) পাঁচপ্ৰকাৰৰ 

উত্তৰঃ (B) তিনিপ্ৰকাৰৰ

9. ভাৰতক ‘অর্ধ-যুক্তৰাষ্ট্ৰ’ বুলি কিয় কোৱা হয়? 

(A) ইয়াৰ সংবিধান অলিখিত বাবে 

(B) ইয়াত কেৱল কেন্দ্ৰীয় চৰকাৰ থকা বাবে 

(C) ইয়াত যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্রণ থকা বাবে 

(D) ইয়াত ৰাজতন্ত্ৰ চলি থকা বাবে 

উত্তৰঃ (C) ইয়াত যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সংমিশ্রণ থকা বাবে

10. সংবিধানৰ কোনটো অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ জনজাতীয় অঞ্চলবোৰৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে? 

(A) চতুৰ্থ আৰু পঞ্চম অনুসূচী 

(B) পঞ্চম আৰু ষষ্ঠ অনুসূচী 

(C) সপ্তম অনুসূচী 

(D) অষ্টম অনুসূচী 

উত্তৰঃ (B) পঞ্চম আৰু ষষ্ঠ অনুসূচী

11. অসমৰ অনুসূচীত জাতি-জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত উপ-সমিতিৰ কাৰ্যভাৰ কোনে গ্ৰহণ কৰিছিল? 

(A) চৈয়দ মহম্মদ ছাদুল্লা 

(B) গোপীনাথ বৰদলৈ 

(C) ৰোহিনী কুমাৰ চৌধুৰী 

(D) চন্দ্ৰ লস্কৰ 

উত্তৰঃ (B) গোপীনাথ বৰদলৈ

12. সংবিধান সংশোধনৰ বাবে বিল এখন সংসদৰ প্ৰতিটো সদনত কিমান সদস্যৰ সমৰ্থনত গৃহীত হ’ব লাগে? 

(A) এক-তৃতীয়াংশ 

(B) দুই-তৃতীয়াংশ 

(C) আধা 

(D) তিনি-চতুৰ্থাংশ 

উত্তৰঃ (B) দুই-তৃতীয়াংশ

13. সংবিধান সংশোধনী বিল সংসদত গৃহীত হোৱাৰ পিছত কাৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়? 

(A) প্ৰধানমন্ত্ৰীৰ 

(B) ৰাষ্ট্ৰপতিৰ 

(C) মুখ্য ন্যায়াধীশৰ 

(D) নিৰ্বাচন আয়োগৰ 

উত্তৰঃ (B) ৰাষ্ট্ৰপতিৰ

14. কোনটো সংবিধান সংশোধনীৰ জৰিয়তে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে? 

(A) ৪২ তম 

(B) ৪৪ তম 

(C) ৮৬ তম 

(D) ৯২ তম 

উত্তৰঃ (C) ৮৬ তম

15. বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ কিমান বয়সৰ শিশুৰ বাবে প্ৰযোজ্য? 

(A) ৪ ৰ পৰা ১০ বছৰ 

(B) ৫ ৰ পৰা ১২ বছৰ 

(C) ৬ ৰ পৰা ১৪ বছৰ 

(D) ৭ ৰ পৰা ১৫ বছৰ 

উত্তৰঃ (C) ৬ ৰ পৰা ১৪ বছৰ

16. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা কোনটো সংশোধনীৰ যোগেদি সন্নিৱিষ্ট কৰা হৈছিল? 

(A) ৪২ তম 

(B) ৪৪ তম 

(C) ৭৩ তম 

(D) ৮৬ তম 

উত্তৰঃ (A) ৪২ তম

17. ভাৰতীয় সংবিধানৰ পথ প্রদর্শক বুলি কাক কোৱা হয়? 

(A) মৌলিক অধিকাৰক 

(B) নিৰ্দেশাত্মক নীতিক 

(C) প্ৰস্তাৱনাক 

(D) ন্যায়পালিকাক 

উত্তৰঃ (C) প্ৰস্তাৱনাক

18. ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা অংগ কি কি? 

(A) কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় চৰকাৰ 

(B) কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা 

(C) ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী 

(D) আৰক্ষী, সেনা আৰু ন্যায়ালয় 

উত্তৰঃ (B) কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা

19. ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছে? 

(A) ২৪৪ (২) আৰু ২৭৫ (১) 

(B) ৩৭১ (খ) 

(C) ৩৭০ 

(D) ৩৫৬ 

উত্তৰঃ (A) ২৪৪ (২) আৰু ২৭৫ (১)

20. কাৰ্বি আংলং স্বায়ত্ত পৰিষদ কিহৰ উদাহৰণ? 

(A) এখন ৰাজ্যৰ 

(B) এখন জিলাৰ 

(C) জিলা স্বায়ত্ত শাসিত পৰিষদৰ 

(D) এখন পৌৰসভাৰ 

উত্তৰঃ (C) জিলা স্বায়ত্ত শাসিত পৰিষদৰ

B. 15 Long Questions and Answers

১। সংবিধান বুলিলে কি বুজা আৰু ইয়াৰ প্ৰয়োজনীয়তা কি? 

উত্তৰঃ ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে যিবোৰ নীতি-নিয়ম আৰু আইনৰ প্ৰয়োজন হয়, তাৰ সামূহিক ৰূপটোকেই সংবিধান বুলি কোৱা হয়। এখন দেশত বিভিন্ন জাতি, ধৰ্ম আৰু ভাষাৰ মানুহে বাস কৰে; সংবিধানে এনে ভিন্নতাৰ মাজতো দেশখন পৰিচালনা কৰাত সহায় কৰে। ইয়াৰ জৰিয়তে দেশৰ শাসন ব্যৱস্থা নিৰ্ধাৰণ কৰা হয়, মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰা হয় আৰু নিৰ্বাচন প্ৰক্ৰিয়া পৰিচালনা কৰা হয়।

২। অলিখিত সংবিধান আৰু লিখিত সংবিধানৰ মাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ যিখন সংবিধানৰ কোনো নিৰ্দিষ্ট লিখিত ৰূপ নাথাকে আৰু ই দেশখনৰ প্ৰচলিত ৰীতি-নীতি বা পৰম্পৰাৰ ওপৰত ভিত্তি কৰি চলে, তাক অলিখিত সংবিধান বোলে (যেনে- ইংলেণ্ড)। আনহাতে, যিখন সংবিধান সম্পূৰ্ণৰূপে লিপিবদ্ধ অৱস্থাত থাকে আৰু যাৰ নিৰ্দিষ্ট প্ৰণয়নকাল থাকে, তাক লিখিত সংবিধান বোলে (যেনে- আমেৰিকা, ভাৰত)।

৩। ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান বৈশিষ্ট্য বৰ্ণনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান বৈশিষ্ট্য হ’ল— প্ৰথমতে, ই ভাৰতবৰ্ষক এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। দ্বিতীয়তে, ধৰ্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ এক উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তৃতীয়তে, ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ যেনে— ক্ষমতাৰ বিতৰণ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উপস্থিতি আদি দেখা পোৱা যায়।

৪। ভাৰতক কিয় ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলি আখ্যা দিয়া হয়? 

উত্তৰঃ ভাৰতৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ থকাৰ লগতে শক্তিশালী কেন্দ্ৰীয় চৰকাৰ, একক নাগৰিকত্ব আৰু জৰুৰীকালীন ক্ষমতাৰ দৰে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যসমূহো পৰিলক্ষিত হয়। এই যুক্তৰাষ্ট্ৰীয় আৰু একাত্মক ব্যৱস্থাৰ সুন্দৰ সংমিশ্ৰণ থকাৰ বাবেই ভাৰতক অৰ্ধ-যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।

৫। ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ বৰেণ্য ব্যক্তিসকলৰ ভূমিকা কি আছিল? 

উত্তৰঃ ভাৰতৰ সংবিধান প্ৰণয়নত অসমৰ বহুতো বৰেণ্য ব্যক্তিয়ে সক্ৰিয় ভূমিকা লৈছিল। গোপীনাথ বৰদলৈ, চৈয়দ মহম্মদ ছাদুল্লা, ৰোহিনী কুমাৰ চৌধুৰী, চন্দ্ৰ লস্কৰ আদি ব্যক্তিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ইয়াত অংশগ্ৰহণ কৰিছিল। চৈয়দ মহম্মদ ছাদুল্লা সংবিধান খচৰা কমিটিৰ সদস্য আছিল আৰু গোপীনাথ বৰদলৈয়ে জনজাতীয় লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত উপ-সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

৬। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ গুৰুত্ব কি? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ জৰিয়তে এখন ৰাষ্ট্ৰ হিচাপে ভাৰতৰ লক্ষ্য, আদৰ্শ আৰু উদ্দেশ্যসমূহ প্ৰতিফলিত হৈছে। প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ পথ প্ৰদৰ্শক বুলি ধৰা হয় আৰু ই সংবিধানৰ আদৰ্শ বৰ্ণনাৰ ক্ষেত্ৰত অতুলনীয় ভূমিকা পালন কৰে।

৭। সংবিধান সংশোধনৰ প্ৰক্ৰিয়াটো কেনেকুৱা? 

উত্তৰঃ সংবিধান সংশোধন কৰিবলৈ হ’লে প্ৰথমে খচৰাখন সংসদৰ যিকোনো এটা সদনত উত্থাপন কৰিব লাগে। সেই সদনৰ দুই-তৃতীয়াংশ সদস্যই সমৰ্থন কৰিলে বিলখন দ্বিতীয় সদনলৈ যায়। দ্বিতীয় সদনতো গৃহীত হোৱাৰ পাছত ইয়াক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে পঠিওৱা হয় আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই সংবিধান সংশোধন হয়।

৮। ৪২ তম সংবিধান সংশোধনীৰ প্ৰধান সংযোজনসমূহ কি কি আছিল? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীটো অতি গুৰুত্বপূৰ্ণ আছিল। এই সংশোধনীৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ নামৰ নতুন শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল আৰু লগতে মৌলিক কৰ্তব্যসমূহো সংযোজন কৰা হৈছিল।

৯। ভাৰতীয় সংবিধানত শিক্ষাৰ অধিকাৰ কেনেকৈ অন্তৰ্ভুক্ত কৰা হৈছে? 

উত্তৰঃ ২০০২ চনত ভাৰতীয় সংবিধানৰ ৮৬ তম সংশোধনী কৰা হয়। এই সংশোধনীৰ জৰিয়তে দেশৰ ৬ ৰ পৰা ১৪ বছৰ বয়সৰ প্ৰতিটো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰাটো তেওঁলোকৰ এটা মৌলিক অধিকাৰ হিচাপে সংবিধানে স্বীকৃতি প্ৰদান কৰে।

১০। অসমৰ জনজাতীয় লোকসকলৰ বাবে সংবিধানে কি ব্যৱস্থা কৰিছে? 

উত্তৰঃ অসমৰ বিভিন্ন জনজাতিৰ লোকসকলৰ পৰম্পৰা আৰু সংস্কৃতিক সুৰক্ষা দিবলৈ সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্ত শাসনৰ ব্যৱস্থা প্ৰদান কৰিছে। অনুসূচী ২৪৪ (২) আৰু ২৭৫ (১) ৰ জৰিয়তে তেওঁলোকৰ বাবে জিলা স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছে, যেনে- বড়োলেণ্ড আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদ।

১১। জৰুৰী অৱস্থা কেতিয়া ঘোষণা কৰা হয়? 

উত্তৰঃ ভাৰতৰ সংবিধান অনুসৰি দেশত তিনিপ্ৰকাৰৰ জৰুৰী অৱস্থাৰ ব্যৱস্থা আছে। যেতিয়া দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব, স্বাধীনতা আৰু সুৰক্ষাত আঘাত হানিব পৰা কোনো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়া তাৰ মোকাবিলা কৰিবলৈ দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি।

১২। সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা অংগ কি কি আৰু ইহঁতৰ কাম কি? 

উত্তৰঃ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ তিনিটা প্ৰধান অংগৰ বিষয়ে উল্লেখ আছে— সেইবোৰ হ’ল কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এই অংগসমূহে দেশৰ আইন প্ৰণয়ন কৰা, আইন কাৰ্যকৰী কৰা আৰু ন্যায় প্ৰদান কৰাৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ পৰিচালনা কৰে।

১৩। গোপীনাথ বৰদলৈৰ সংবিধান প্ৰণয়নত ভূমিকা কি আছিল? 

উত্তৰঃ ভাৰতৰ সংবিধান প্ৰণয়নত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ আছিল। তেখেতে অসমৰ অনুসূচীত জাতি-জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গঠিত উপ-সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেখেতৰ পৰামৰ্শ অনুসৰিয়েই সংবিধানত পঞ্চম আৰু ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হৈছিল।

১৪। ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা আৰু সংবিধানে ইয়াক কেনেকৈ কাৰ্যকৰী কৰিছে? 

উত্তৰঃ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মানে হ’ল শাসনৰ ক্ষমতা কেৱল এখন কেন্দ্ৰীয় চৰকাৰৰ হাতত নাৰাখি ইয়াক ৰাজ্যিক আৰু স্থানীয় পৰ্যায়লৈকে বিলাই দিয়া। ভাৰতীয় সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে জনজাতীয় অঞ্চলসমূহত স্বায়ত্ত শাসিত পৰিষদ গঠন কৰি এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুন্দৰকৈ কাৰ্যকৰী কৰিছে।

১৫।অনুসূচী ৩৭১ (খ) ৰ জৰিয়তে অসমৰ বাবে কি বিশেষ ব্যৱস্থা কৰা হৈছে? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ অনুসূচী ৩৭১ (খ) ৰ জৰিয়তে অসমৰ জনজাতীয় লোকসকলৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থা অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনজাতীয় লোকসকলৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰা বিষয়ত পৰামৰ্শ দিবলৈ অসম বিধানসভাৰ ভিতৰত জনজাতীয় প্ৰতিনিধিৰে এখন কমিটি গঠন কৰি দিয়ে।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ১২ (সংবিধান) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অধ্যায় ১২ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই পাঠটিত ভাৰতীয় সংবিধানৰ ধাৰণা, ইয়াৰ প্ৰয়োজনীয়তা, খচৰা প্ৰস্তুতকৰণ আৰু সংবিধানৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে সংবিধান সম্পৰ্কীয় দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top