Class 8 Science Chapter 13 – কৈশোৰ প্ৰাপ্তি (Reaching the Age of Adolescence) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৩ – কৈশোৰ প্ৰাপ্তি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘কৈশোৰ প্ৰাপ্তি’ (Reaching the Age of Adolescence) ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। জীৱনৰ এই সন্ধিক্ষণত মানুহৰ দেহত কি কি শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটে, সেই বিষয়ে এই অধ্যায়ত বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।
এই পাঠটিত পৈণত বয়স বা যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা উচ্চতাৰ বৃদ্ধি, গৌণ যৌন লক্ষণসমূহৰ বিকাশ আৰু অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা হৰমনৰ ভূমিকাৰ বিষয়ে বিতংভাৱে বুজাই দিয়া হৈছে। তদুপৰি, স্বাস্থ্যসন্মত আহাৰ আৰু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বও ইয়াত উল্লেখ কৰা হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চুটি আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- যৌৱন প্ৰাপ্তিৰ (Puberty) সময়ত দেহত ঘটা প্ৰধান শাৰীৰিক পৰিৱৰ্তনসমূহ।
- অন্তঃস্ৰাৱী গ্ৰন্থি আৰু হৰমনৰ (Hormones) কাৰ্যকাৰিতাৰ বিশদ আলোচনা।
- মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Sex Determination) কেনেকৈ সম্পন্ন হয়।
- ঋতুচক্ৰ (Menstruation) আৰু প্ৰজনন স্বাস্থ্যৰ গুৰুত্ব।
- এডামছ এপল (Adam’s Apple) বা কণ্ঠমণি কি আৰু ইয়াৰ বিকাশ।
- কৈশোৰ কালত ব্যক্তিগত পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তা।
- নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
- সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক বুজাত সহায় কৰে।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
- কিশোৰ-কিশোৰীসকলৰ স্বাস্থ্য সজাগতা বৃদ্ধিৰ বাবে বিশেষ তথ্যৰ অন্তৰ্ভুক্তি।
আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১৩ Ospin Academy
কৈশোৰ প্ৰাপ্তি
১) অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক কি নামেৰে নাম কৰণ কৰা হৈছে ?
উত্তৰ:- অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে দেহৰ পৰিবৰ্তনৰ বাবে নি: সৰণ কৰা পদাৰ্থ সমূহক হৰম’ন নামেৰে নামকৰণ কৰা হৈছে ।
২) কৈশোৰ কাল কাক বোলে ?
উত্তৰ:- জীৱনৰ যিটো কালত শাৰীৰিক পৰিবৰ্তন ঘটি পৈণত প্ৰজনন প্ৰাপ্তি হয় সেই কালচোৱাকে কৈশোৰ কাল বোলে । কৈশোৰ কাল সাধাৰণতে ১১ বছৰৰ পৰা আৰম্ভ হৈ ১৮ বা ১৯ বছৰ বয়স পৰ্যন্ত চলি থাকে ।
৩) মাহেকীয়া ঋতু চক্ৰ কি ? ব্যাখ্যা কৰা ।
উত্তৰ:- মহিলাৰ প্ৰজনন ক্ষমতা প্ৰায় ১০-১২ বছৰৰ পৰাই আৰম্ভ হয় । অৰ্থাৎ প্ৰজনন প্ৰাপ্তি হোৱাৰ পৰাই আৰম্ভ হয় । এই ক্ষমতা প্ৰায় ৪৫ – ৫০ বছৰলৈ চলি থাকে । প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ পৰাই ডিম্বানু গঠন হৈ পুৰঠ হ’বলৈ ধৰে । প্ৰায় ২৮ ৰ পৰা ৩০ দিনৰ ভিতৰত একোটা পুৰঠ ডিম্বানুৰ নি:সৰণ হয় ।
এই সময়ত যদিহে ডিম্বানু নিষেচিত হয়, ই জৰায়ুৰ বেৰত লাগি ধৰে আৰু জৰায়ুৰ বেৰ ডাঠ হৈ তাত বিকশিত হবলৈ ধৰে । এই অৱস্থাক গৰ্ভৱতী অৱস্থা বোলে । যদি ডিম্বানু নিষেচিত নহয় তেন্তে ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বানু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্ত নলীকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে ।
ইয়াৰ ফলত ৰক্তক্ষৰণ হয় । ইয়াকে মাহেকীয়া ঋতু চক্ৰ বোলে।
৪) যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিবৰ্তন সমূহৰ তালিকা কৰা ।
উত্তৰ:- যৌৱন প্ৰাপ্তিৰ সময়ত হোৱা দেহৰ পৰিবৰ্তন সমূহ হল–
ক) শৰীৰৰ উচ্চতা বৃদ্ধি ।
খ) শাৰীৰিক আকৃতিৰ পৰিবৰ্তন ।
গ) মাতৰ পৰিবৰ্তন ।
ঘ) ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ বৰ্দ্ধিত ক্ৰিয়া ।
ঙ) শাল মইনা ওলোৱা ।
চ) যৌনাংগৰ বিকাশ ।
ছ) মানসিক, বৌদ্ধিক আৰু আৱেগিক পৰিপক্কতা প্ৰাপ্তি ।
জ) গৌণ চৰিত্ৰ যেনে – ল’ৰাৰ দাড়ি গোঁফ গজা, ছোৱালীৰ স্তনৰ বিকাশ, ডিম্বানু আৰু শুক্ৰানু নামৰ জনন কোষ গঠন আদি ।
৫) অন্তঃ স্ৰাৱী গ্ৰন্থি সমূহ আৰু নি:সৰণ কৰা হৰম‘ন নামৰ এখন তালিকা দুটা স্তম্ভত প্ৰস্তুত কৰা ।
উত্তৰ:- অন্তঃ স্ৰাৱী গ্ৰন্থিৰ নাম বোৰ হল –
ক) পিটুইটাৰী ।
খ) থাইৰয়ড ।
গ) এড্ৰিনেল ।
ঘ) অগ্ন্যাশয়
নি:সৰণ কৰা হৰম’নৰ নাম হল –
ক) টেষ্ট’ষ্টেৰণ ( পুৰুষ ) আৰু ইষ্ট্ৰ’জেন ( মহিলা ) বৃদ্ধি হৰম’ন।
খ) থাইৰ’ক্সিন ।
গ) এড্ৰিনেলিন ।
ঘ) ইনচুলিন ।
৬) যৌন হৰম’ন কি ? সেইবোৰক কিয় এনে নাম দিয়া হল ? সেই হৰমন বোৰৰ কাৰ্যৰ বৰ্ণনা কৰা ।
উত্তৰ:- অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নি: সৰিত হৰম’নক যৌন হৰম’ন বোলে । ডিম্বাশয়ে স্ত্ৰী হৰম’ন বা ইষ্ট্ৰ’জেন আৰু অণ্ডাশয়ে পুং হৰম’ন বা টেষ্ট’ষ্টেৰণ নি:সৰণ কৰে । টেষ্ট’ষ্টেৰণ বা পুং হৰম’নৰ কাৰ্য হল – ই ল’ৰাৰ ক্ষেত্ৰত প্ৰজনন ক্ষমতাত সহায় কৰে ।
মুখ মণ্ডলত দাড়ি, গোফ গজায় । কাষলতি, বুকু আৰু গুপ্ত স্থানটো চুলি গজায় । ইষ্ট্ৰ’জেন বা স্ত্ৰী হৰমনে ছোৱালীৰ স্তনৰ বিকাশ ঘটায় । স্তনত দুগ্ধ নিঃসৰণ গ্ৰন্থি উৎপন্ন কৰে ।
৭) উপযুক্ত উক্তিটো বাছি উলিওৱা ।
ক) কিশোৰ – কিশোৰী সকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত, কিয়নো –
১) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে ।
২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন ।
৩) কিশোৰ – কিশোৰী সকলৰ সদায় ভোক বেছি ।
৪) কিশোৰ – কিশোৰী সকলৰ স্বাদ মুকুল অধিক সক্ৰিয়।
উত্তৰ:- ২) শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন ।
খ) মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় তেতিয়া –
১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয় ।
২) যেতিয়া স্তনৰ বিকাশ হয় ।
৩) যেতিয়া দেহৰ ওজন বাঢ়ে ।
৪) যেতিয়া ওখ হয় ।
উত্তৰ:- ১) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয় ।
গ) কিশোৰ – কিশোৰীৰ যথোপযুক্ত আহাৰ সামগ্ৰী হল –
১) চিপছ, চাওমিন, ক‘ক ।
২) ৰুটি, দাইল, শাক – পাচলি ।
৩) ভাত, চাওমিন, বাৰ্গাৰ ।
৪) শাক – পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস ।
উত্তৰ:- ২) ৰুটি, দাইল, শাক – পাচলি ।
৮) চমু টোকা লিখা –
ক) ডিঙিৰ ঘটিকা ।
উত্তৰ:- প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰ যন্ত্ৰৰ বৃদ্ধি হবলৈ ধৰে । লৰাৰ ক্ষেত্ৰত স্বৰ যন্ত্ৰ বোৰ ডাঙৰ হয় । লৰাৰ বৰ্দ্ধিত স্বৰ যন্ত্ৰৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা অংশ টোক ডিঙিৰ ঘটিকা বোলে ।
খ) গৌণ লিংগ চৰিত্ৰ ।
উত্তৰ:- অণ্ডাশয় আৰু ডিম্বাশয় হ’ল প্ৰজনন অংগ । এই অংগ সমূহে যথা ক্ৰমে শুক্ৰানু আৰু ডিম্বানু নামৰ জনন কোষ উৎপন্ন কৰে । প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাৰ মুখ মণ্ডলত দাড়ি আৰু গোঁফ গজে ।
এই লক্ষণ সমূহৰ দ্বাৰা ল’ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নিৰ্দ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰ সমূহক গৌণ লিংগ চৰিত্ৰ বুলি কোৱা হয় । ল’ৰাৰ বুকু অংশত নোম গজে । ল’ৰা আৰু ছোৱালীৰ উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে ।
গ) জন্ম পূৰ্বক লিংগ নিৰ্ণয় ।
উত্তৰ:- মানুহৰ দেহৰ প্ৰতি কোষৰ কোষ কেন্দ্ৰত থকা ক্ৰম’জ’মৰ সংখ্যা ২৩ যোৰ । এই ক্ৰম’জ’মক যৌন ক্ৰম’জ’ম বা X আৰু Y বুলি নামাকৰণ কৰা হয় ।
মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰম’জ’ম আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y ক্ৰম’জ’ম থাকে । জনন কোষ (শুক্ৰানু আৰু ডিম্বানু ) বোৰত এযোৰ ক্ৰম’জ’ম থাকে । নিষিক্ত নোহোৱা ডিম্বানুত মাত্ৰ এডাল X ক্ৰম’জ’ম থাকে, কিন্তু শুক্ৰানুবোৰত দুই প্ৰকাৰৰ ক্ৰম’জ’ম থাকে ।
X ক্ৰম’জ’ম যুক্ত এটা শুক্ৰানুৱে ডিম্বানুক নিষিক্ত কৰিলে তাৰ পৰা সৃষ্টি হোৱা যোজন কোষ টোত যদি দুয়ো ডাল X ক্ৰম’জ’ম হয়, তেতিয়া যোজন কোষটো কন্যা সন্তানলৈ বিকশিত হব । যদি শুক্ৰানুৱে ডিম্বানুক নিষেচিত কৰোঁতে তাত X আৰু Y দুয়ো ডাল ক্ৰম’জ’ম থাকে, তেন্তে যোজন কোষটো পুত্ৰ সন্তানলৈ বিকশিত হব ।
গতিকে দেখা যায় যে পিতৃৰ যৌন ক্ৰম’জ’মে জন্ম হ’ব লগা শিশুৰ লিংগ নিৰ্ণয় কৰে । মাতৃৰ এই ক্ষেত্ৰত কোনো ভূমিকা নাই ।
৯) শব্দ – শৃংখল পূৰ কৰা –
১) এড্ৰিনেল গ্ৰন্থিয়ে নি:সৰণ কৰা হৰম’ন ।
উত্তৰ:- এড্ৰিনেলিন ।
২) স্ত্ৰী – হৰম’ন ।
উত্তৰ:- ইষ্ট্ৰ’জেন ।
২) অগ্ন্যাশয় গ্ৰন্থিয়ে নি:সৰণ কৰা হৰম’ন ।
উত্তৰ:- ইনছুলিন ।
৩) এবিধ নলিকা যুক্ত গ্ৰন্থি ।
উত্তৰ:- ঘৰ্ম
৩) ল’ৰাৰ বৰ্দ্ধিত স্বৰ যন্ত্ৰ বৃদ্ধিৰ বাবে গ্ৰীবা অঞ্চলৰ বাহিৰলৈ বাঢ়ি অহা এটা অংশ ।
উত্তৰ:- ঘটিকা ।
৪) অন্তঃ স্ৰাৱী গ্ৰন্থিয়ে নি:সৰণ কৰা দ্ৰব্য ।
উত্তৰ:- হৰম’ন ।
৫) উপযুক্ত অনুপাতত প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী আৰু ভিটামিন থকা আহাৰ ।
উত্তৰ:- সুষম ।
৬) ইনছুলিন হৰমণৰ অভাৱত হোৱা ৰোগ ।
উত্তৰ:- মধুমেহ ।
৭) সুষম আহাৰত থকা এবিধ উপাদান ।
উত্তৰ:- ভিটামিন ।
৮) মগজুৰ লগত সংলগ্ন থকা এবিধ গ্ৰন্থি যিয়ে হৰম’ন নি:সৰণ কৰে ।
উত্তৰ:- পিটুইটাৰী ।

Please class viii science lesson 13 question answer pdf download link