Class 8 Science Chapter 14 Solutions – শব্দ | SCERT Assam | Assamese Medium

Class 8 Science Chapter 14 – শব্দ (Sound) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – শব্দ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘শব্দ’ (Sound) আমাৰ দৈনন্দিন জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ ভৌতিক বিজ্ঞানৰ পাঠ। শব্দ কেনেকৈ উৎপন্ন হয়, ই মাধ্যমৰ মাজেৰে কেনেকৈ প্ৰবাহিত হয় আৰু আমি কাণেৰে শব্দ কেনেকৈ শুনো— এই সকলোবোৰ বিষয় এই অধ্যায়ত বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত কম্পন, কম্পনাংক, বিস্তাৰ আৰু তীক্ষ্ণতাৰ দৰে গুৰুত্বপূৰ্ণ ধাৰণাসমূহ সহজ অসমীয়া ভাষাত বুজাই দিয়া হৈছে। লগতে বৰ্তমান সময়ৰ এক অন্যতম সমস্যা ‘শব্দ প্ৰদূষণ’ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চুটি প্ৰশ্ন, পাৰ্থক্য আৰু বৰ্ণনামূলক সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • শব্দৰ উৎপত্তি আৰু কম্পনৰ (Vibration) সৈতে ইয়াৰ সম্পৰ্ক।
  • মানুহৰ বাক্যন্ত্ৰ বা স্বৰতন্ত্ৰৰ (Larynx) কাৰ্যপ্ৰণালী।
  • শব্দ প্ৰবাহৰ বাবে মাধ্যমৰ (কঠিন, তৰল, গেছ) প্ৰয়োজনীয়তাৰ ব্যাখ্যা।
  • মানুহৰ কাণৰ গঠন আৰু শব্দ শুনাৰ প্ৰক্ৰিয়া।
  • শব্দৰ প্ৰাবল্য (Loudness) আৰু তীক্ষ্ণতাৰ (Pitch) মাজৰ পাৰ্থক্য।
  • শ্ৰাব্য আৰু অশ্ৰাব্য শব্দৰ পৰিসৰৰ ধাৰণা।
  • শব্দ প্ৰদূষণৰ কাৰণ, প্ৰভাৱ আৰু প্ৰতিৰোধৰ উপায়সমূহ।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • জটিল বৈজ্ঞানিক পৰিভাষাসমূহৰ সৰল ব্যাখ্যা।

আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত উন্নত ফলাফল দেখুৱাবলৈ এই সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!
Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১৪ – শব্দ |

Class 8 Science

পাঠ – ১৪                                         Ospin Academy

শব্দ

শুদ্ধ উত্তৰ বাছি উলিওৱা –

১) শব্দ সঞ্চাৰিত হব পৰা মাধ্যম হৈছে –

ক) একমাত্ৰ গেছ ।

খ) গোটা পদাৰ্থ মাত্ৰ ।

গ) একমাত্ৰ জুলীয়া পদাৰ্থ ।

ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ ।

উত্তৰ:- ঘ) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ ।

২) কাৰ মাত কম কম্পনাংকৰ হব ?

ক) কেঁচুৱা ছোৱালীৰ ।

খ) কেঁচুৱা লৰা ।

গ) পুৰুষ ।

ঘ) মহিলা ।

উত্তৰ:- গ) পুৰুষ ।

৩) তলৰ শুদ্ধ উক্তি সমূহত ‘শু’ আৰু ভুল উক্তি সমূহত ‘অ’ লিখা ।

ক) বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হব নোৱাৰে ।

উত্তৰ:- শুদ্ধ ।

খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায় কাল বোলে ।

উত্তৰ:- অশুদ্ধ ।

গ) কম্পনৰ বিস্তাৰ বেছি হলে, শব্দ দুৰ্বল হয় ।

উত্তৰ:- অশুদ্ধ ।

ঘ) মানুহৰ বাবে শ্ৰাব্য সীমা ২০ হাৰ্টজৰ পৰা ২০,০০০ Hz।

উত্তৰ:- শুদ্ধ ।

ঙ) কম্পনৰ কম্পনাংক কম হলে তীক্ষ্ণতা বেছি হয় ।

উত্তৰ:- অশুদ্ধ ।

চ) অবাঞ্ছিত বা অস্বস্তিকৰ শব্দ কেই সংগীত বুলি কোৱা হয় ।

উত্তৰ:- অশুদ্ধ ।

ছ) শব্দ প্ৰদূষনে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে ।

উত্তৰ:- শুদ্ধ ।

৪) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা ।

ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ …………………….. বোলে ।

উত্তৰ:- পৰ্যায় কাল ।

খ) কম্পনৰ ……………………. দ্বাৰা তীব্ৰতা নিৰ্নয় হয় ।

উত্তৰ:- বিস্তাৰৰ ।

গ) কম্পনাংকৰ একক হৈছে …………………………. ।

উত্তৰ:- হাৰ্টজ ।

ঘ) অবাঞ্ছিত শব্দক ……………………….. বোলে ।

উত্তৰ:- কোলাহল ।

ঙ) কম্পনৰ ………………………. দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয় ।

উত্তৰ:- কম্পনাংকৰ ।

৫) এটা দোলকে ৪ ছেকেণ্ডত ৪০ টা দোলন সম্পূৰ্ণ কৰে । ইয়াৰ পৰ্যায় কাল আৰু কম্পনাংক নিৰ্নয় কৰা ।

উত্তৰ:- দিয়া আছে,

কম্পনৰ সংখ্যা ( n ) = ৪০

মুঠ সময় ( t ) = ৪ ছেকেণ্ড

পৰ্যায় কাল = ?

কম্পনাংক = ?

আমি জানো, পৰ্যায়কাল = ৪ ÷ ৪০ ছে. = ১ ÷ ১০ ছে. = ০.১ ছে.

কম্পনাংক = ১ ÷ পৰ্যায় কাল

= ১ ÷ ১/১০

= ১০ Hz ।

পৰ্যায় কাল = ০.১ ছে ।

কম্পনাংক = ১০ Hz ।

৬) মাহে প্ৰতি ছেকেণ্ডত গড়ে ৫০০ বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে । এই কম্পনৰ পৰ্যায় কাল কিমান ?

উত্তৰ:- প্ৰতি ছেকেণ্ডত কম্পনৰ সংখ্যা = ৫০০

গতিকে, পৰ্যায় কাল কম্পনাংক = ৫০০ Hz

এতেকে, পৰ্যায় কাল = ১ ÷ ৫০০ = ০.০০২ Hz

এই কম্পনৰ পৰ্যায় কাল হল ০.০০২ Hz ।

৭) তলৰ বাদ্য যন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশ সমূহ চিনাক্ত কৰা ।

ক) ঢোলক ।

উত্তৰ:- ঢোলকৰ টানি ৰখা চামৰাৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।

খ) চেতাৰ ।

উত্তৰ:- চেতাৰৰ টানি ৰখা তাঁৰৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।

গ) বাঁহী ।

উত্তৰ:- বাঁহীৰ বায়ু স্তম্ভৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয় ।

৮) কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি ? সংগীত কেতিয়াবা কোলাহল হব পাৰেনে ?

উত্তৰ:- কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য হ’ল – আমনিদায়ক, অসামঞ্জস্য, শৃংখলা হীন সুৰ বৰ্জ্জিত শব্দক কোলাহল বোলে । আনহাতে শুৱলা, আৰামদায়ক, সমজ্ঞান, শৃংখলা বদ্ধ তথা সুৰ সমৃদ্ধ শব্দক সংগীত বোলে ।

সংগীত কেতিয়াবা কোলাহল হব পাৰে । সংগীতত ব্যৱহাৰ কৰা শব্দৰ কম্পনাংক যদি অতি বেছি হয় আৰু অতি তীক্ষ্ণ হয়, তেতিয়া এই সংগীত কোলাহলত পৰিণত হয় ।

৯) তোমাৰ চাৰিও ফালে হোৱা শব্দ প্ৰদূষণৰ উৎস সমূহৰ তালিকা এখন প্ৰস্তুত কৰা ।

উত্তৰ:- আমাৰ চাৰিও ফালে হোৱা শব্দ প্ৰদূষণৰ উৎস সমূহৰ ভিতৰত কেইটামান উৎস হল –

ক) উচ্চ স্বৰে বজোৱা টিভি, ৰেডিঅ, টেপ আদি ।

খ) গাড়ী – মটৰৰ শব্দ আৰু ইয়াৰ হৰ্ণ ।

গ) পাক ঘৰত বাচন – বৰ্তনৰ শব্দ ।

ঘ) ফেন, এয়াৰ কুলাৰ আদিৰ শব্দ ।

ঙ) ওচৰত থকা স্কুলৰ শ্ৰেণী কোঠা আৰম্ভণি নকৰা বা খেলাৰ সময়ত হোৱা চিঞৰ বাখৰ ।

চ) ওচৰত বনাই থকা ঘৰৰ মিস্ত্ৰীয়ে কাম কৰা শব্দ ।

ছ) বিয়া – সবাহ আদিত ফুটোৱা হিলৈ, বোমা আদি ।

১০) মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।

উত্তৰ:- মানুহৰ বাবে শব্দ প্ৰদূষণ বিভিন্ন ধৰণে অপকাৰী । শব্দ প্ৰদূষণ হলে মানুহৰ মগজুৰ কষ্ট হয় । মূৰৰ বিষ হয় । টোপনি খটি হয় । ৰক্ত চাপ বৃদ্ধি হয় । উৎকণ্ঠা বাঢ়ে । বেছি তীক্ষ্ণ শব্দ একেৰাহে বেছি দিন শুনিলে শ্ৰৱণ বিসংগতি ( ক’লা ) হ’বও পাৰে ।

১১) তোমাৰ মাৰা – দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে । তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে । তুমি তোমাৰ মা – দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা ? কাৰণ ব্যাখ্যা কৰা ।

উত্তৰ:- পথৰ দাঁতিৰ ঘৰটো কিনিবলৈ পৰামৰ্শ নিদিও । পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম । কাৰণ পথৰ দাঁতিৰ ঘৰটোত অনাবৰতে পথেৰে গতি কৰি থকা গাড়ী – মটৰ আৰু মানুহৰ চিঞৰ বাখৰৰ শব্দই কোলাহলৰ সৃষ্টি কৰি থাকিব । ফলত সুস্থ পৰিবেশ এটা পোৱা নাযাব ।

পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটোত কোলাহল বহু পৰিমাণে কম হব আৰু তাত এটি সুস্থ পৰিবেশ অনাবৰতে পোৱা যায় । সেয়ে পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম ।

১২) স্বৰ যন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য সমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা ।

উত্তৰ:-

class 8 science

স্বৰ যন্ত্ৰৰ চিত্ৰ

মানুহৰ ক্ষেত্ৰত শব্দ স্বৰ কক্ষ বা স্বৰ যন্ত্ৰৰ দ্বাৰা সৃষ্টি হয় । এই স্বৰ যন্ত্ৰ মানুহৰ ডিঙিত অৱস্থিত । ইয়াৰ ঠিক তলৰ পৰা এডাল বায়ু নলী থাকে। স্বৰ কক্ষ বা স্বৰ যন্ত্ৰৰ ইপাৰ – সিপাৰ হোৱাকৈ দুডাল স্বৰ তন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয় ।

হাঁওফাঁওৱে ছিদ্ৰৰ মাজেৰে জোৰেৰে বায়ু ঠেলিলে স্বৰ যন্ত্ৰ কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে । স্বৰ যন্ত্ৰী টান আৰু পাতল হ’লে যি শব্দৰ সৃষ্টি হয়, ঢিলা আৰু শকত হ’লে তাতকৈ বেলেগ শব্দৰ সৃষ্টি হয় ।

১৩) আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয় । কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে ?

উত্তৰ:- পোহৰৰ বেগ বায়ুৰ মাজেৰে প্ৰতি ছেকেণ্ডত ৩×১০/৪ মিটাৰ । কিন্তু শব্দৰ বেগ প্ৰতি ছেকেণ্ডত ৩২২ মিটাৰ । যদিও ঢেৰেকনি আৰু বিজুলী মেঘত একে সময়তে উৎপন্ন হয়, বায়ুৰ মাজেৰে আহোঁতে দুয়োৰে বেগৰ পাৰ্থক্য হেতুকে বিজুলীৰ পোহৰ বহুত আগতে আহি আমাৰ চকুত পৰে । আনহাতে শব্দ ( ঢেৰেকনি ) বহুত দেৰিকৈ আহি আমাৰ কাণত পৰে ।

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – সঘনাই সোধা প্ৰশ্ন (FAQs)
শব্দ কেনেকৈ উৎপন্ন হয়?
বস্তুৰ কম্পনৰ (Vibration) ফলত শব্দৰ সৃষ্টি হয়। যেতিয়া কোনো বস্তু কঁপে, তেতিয়া ই শব্দ উৎপন্ন কৰে।
কম্পনাংকৰ একক কি?
কম্পনাংকৰ (Frequency) একক হ’ল হাৰ্টজ (Hertz), ইয়াক Hz চিহ্নৰে বুজোৱা হয়।
মানুহৰ কাণৰ বাবে শ্ৰাব্য শব্দৰ পৰিসৰ কিমান?
মানুহৰ কাণে ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজ (20 Hz to 20,000 Hz) কম্পনাংকৰ শব্দহে শুনিব পাৰে।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top