Class 7 Social Science Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

CLASS 7

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২৩ – পৰিকল্পনা, বাজেট, উন্নয়ন – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত সমাধান | শংকৰদেৱ শিশু বিদ্যা নিকেতন (Sankardev Sishu Vidya Niketan)

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২৩ – পৰিকল্পনা, বাজেট, উন্নয়ন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan – SVN)

শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যক্ৰমৰ ত্ৰয়োবিংশ অধ্যায় হ’ল ‘পৰিকল্পনা, বাজেট, উন্নয়ন’। নতুন পাঠ্যক্ৰমৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান (Class 7 Social Science Chapter 23 Question Answers) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু খালী ঠাই পূৰণ আদিৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘পৰিকল্পনা, বাজেট, উন্নয়ন’ নামৰ এই গুৰুত্বপূৰ্ণ পাঠটিত আৰ্থ-সামাজিক পৰিকল্পনাৰ গুৰুত্ব, চৰকাৰী বাজেটৰ ধাৰণা (আয় আৰু ব্যয়ৰ হিচাপ), ৰাজ্য তথা দেশৰ সৰ্বাংগীন উন্নয়নত পৰিকল্পনা আৰু বাজেটৰ ভূমিকা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। নিকেতনৰ পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ ধাৰণাসমূহ স্পষ্টভাৱে বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • আৰ্থ-সামাজিক পৰিকল্পনা আৰু বাজেটৰ মূল ধাৰণা তথা সিহঁতৰ প্ৰয়োজনীয়তা।
  • চৰকাৰী বাজেটত আয় (ৰাজহ) আৰু ব্যয়ৰ বিভাজনৰ পদ্ধতি।
  • দেশ বা ৰাজ্যৰ উন্নয়নত পৰিকল্পনা আৰু বিত্তীয় ব্যৱস্থাপনাৰ গুৰুত্ব।
  • ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes).
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • অৰ্থনীতি আৰু পৰিকল্পনা সম্পৰ্কীয় ধাৰণাসমূহৰ সৰল প্ৰতিৰূপ।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ বিদ্যালয় পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | SVN New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest Sankardev Sishu Vidya Niketan (SVN) New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest SVN syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 23 পৰিকল্পনা, বাজেট, উন্নয়ন

 শংকৰদেৱ বিদ্যা নিকেতন, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-23                                                                অস্পিন একাডেমী

পৰিকল্পনা, বাজেট, উন্নয়ন

পাঠভিত্তিক প্রশ্নোত্তৰ

 ১। চমু উত্তৰ লিখাঃ

(ক) পৰিকল্পনা কাক বোলে?

উত্তৰঃ কোনো কাম কৰিবলৈ লওঁতে কামটো ৰূপায়ণ কৰা সম্পৰ্কত যি চিন্তা বা আঁচনি কৰা হয় তাকে পৰিকল্পনা বোলে।

(খ) মিতব্যয়িতা মানে কি?

উত্তৰঃ টকা-পইচাৰ অপচয় বা অপব্যয় নকৰাকৈ হিচাপ মতে খৰচ কৰাটোৱেই মিতব্যয়িতা।

(গ) বাজেট কাক বোলে?

উত্তৰঃ বাজেট হৈছে কোনো আঁচনি বা পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত হ’ব পৰা খৰচ-পাতি, আয়-ব্যয় আদি সম্পৰ্কত আগতীয়াকৈ প্ৰস্তুত কৰা খতিয়ান।

(ঘ) কল্যাণমূলক কাম-কাজ কাক বোলে?

উত্তৰঃ যি কামে দেশৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে, দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে সেই কাম-কাজবোৰকে কল্যাণমূলক কাম-কাজ বোলে।

(ঙ) পঞ্চবাৰ্ষিক পৰিকল্পনা কাক বোলে?

উত্তৰঃ আমাৰ দেশত পাঁচ বছৰৰ বাবে একোটা পৰিকল্পনা কৰা হয় আৰু ইয়াকে ‘পঞ্চবাৰ্ষিক পৰিকল্পনা’ বুলি কোৱা হয়।

(চ) ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ ঘৰুৱা বাজেট আৰু চৰকাৰী বাজেটৰ মাজত কিছু পাৰ্থক্য আছে। আমি সাধাৰণতে মাহেকীয়া হিচাপে আয় বা উপাৰ্জন কৰোঁ। সেয়েহে আমি মাহিলী বাজেট প্ৰস্তুত কৰোঁ। আয়-ব্যয়ৰ মাজৰ সমতা ৰাখিবলৈ আঁচনিসমূহ সেইমতে লওঁ। কিন্তু চৰকাৰী বাজেট এবছৰীয়া হয় আৰু দেশৰ জনসাধাৰণৰ মংগলৰ হকে প্ৰয়োজন সাপেক্ষে ঘাটি বাজেটো গ্ৰহণ কৰা হয়।

(ছ) অৰ্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?

উত্তৰঃ অৰ্থ সম্বন্ধীয় কথাবোৰ জড়িত হৈ থকা পৰিকল্পনাক ‘অৰ্থনৈতিক পৰিকল্পনা’ বুলি কোৱা হয়। পৰিকল্পনা এটা বাস্তৱত ৰূপায়ণ কৰিবলৈ এটা নিৰ্দিষ্ট সময়ত কিমান অৰ্থ ব্যয় হ’ব, সেই অৰ্থ ক’ৰপৰা আহিব, চৰকাৰৰ আয় বা উপাৰ্জন কিমান হ’ব, ব্যয় কিমান হ’ব আদি কথাবোৰ ইয়াত সন্নিৱিষ্ট থাকে।

(জ) চৰকাৰী খৰচৰ পিছত ৰাহি হোৱা অংশ ক’ত জমা হয়?

উত্তৰঃ চৰকাৰী ৰাজকোষত জমা হয়।

(ঝ) অৰ্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি?

উত্তৰঃ অৰ্থনৈতিক পৰিকল্পনাৰ মূল উদ্দেশ্য হ’ল— অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰা আৰু সামাজিক ন্যায় প্ৰদান কৰা।

২। উত্তৰ দিয়া:

(ক) এখন দেশৰ পৰিকল্পনাত কোনবোৰ দিশত গুৰুত্ব দিয়া হয়? এই কামবোৰ কৰিবলৈ প্ৰয়োজন হোৱা অৰ্থ চৰকাৰে কিদৰে আহৰণ কৰে?

উত্তৰঃ এখন দেশৰ পৰিকল্পনাত জনকল্যাণমূলক কাম-কাজবোৰৰ দিশত গুৰুত্ব দিয়া হয়। জনকল্যাণমূলক কাম হৈছে সেইবোৰ, যি কামে দেশখনৰ সৰ্বসাধাৰণ মানুহৰ মংগল সাধন কৰে আৰু দেশৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰে।

এই কামবোৰ কৰিবলৈ প্ৰয়োজন হোৱা অৰ্থ এখন দেশৰ চৰকাৰে দেশখনৰ প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা লাভ কৰা উৎপাদন আৰু সেৱাৰ পৰাই আহৰণ কৰে।

(খ) মানৱ সম্পদ কি? ইয়াক কিদৰে গঢ়ি তুলিব পাৰি?

উত্তৰঃ যি মানুহে বুদ্ধি, কৰ্মদক্ষতা, ক্ষমতা আৰু কৌশল-বৃত্তিৰ সহায়ত সমাজৰ উন্নতি তথা বিকাশৰ বাবে যিকোনো উৎপাদনমুখী কাম কৰে, তেনেকুৱা মানুহক ‘মানৱ সম্পদ’ হিচাপে গণ্য কৰা হয়।

জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য আদি শিতানত অৰ্থ ব্যয় কৰি মানৱ সম্পদ গঢ়ি তুলিব পাৰি।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(ক) পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰিসৰ —

উত্তৰঃ (iii) ৫ বছৰ।

(খ) পৰিকল্পনা আয়োগৰ অধ্যক্ষ —

উত্তৰঃ (i) প্ৰধানমন্ত্ৰী।

(গ) পৰিকল্পনাৰ সফল ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয় —

উত্তৰঃ (v) অৰ্থ।

(ঘ) চৰকাৰী উপাৰ্জনৰ ৰাহি অংশ জমা হয় —

উত্তৰঃ (iii) ৰাজকোষত।

(ঙ) বিনিয়োগ মানে —

উত্তৰঃ (iv) আৰ্থিক উৎপাদনৰ বাবে কৰা ব্যয়।

৪। খালী ঠাই পূৰ কৰা:

উত্তৰঃ (ক) পৰিকল্পনা মতে কাম কৰিবলৈ পৰিয়ালসমূহে নিজস্ব বাজেট প্ৰস্তুত কৰে।

(খ) ৰূপালী এগৰাকী চাকৰিয়াল মহিলা।

(গ) চৰকাৰী কাম-কাজত জনকল্যাণমূলক কামবোৰে অগ্ৰাধিকাৰ পায়।

(ঘ) নীতি আয়োগৰ অধ্যক্ষ হ’ল প্ৰধানমন্ত্ৰী।

(ঙ) ১৯৫১ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।

(চ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্ৰস্তুত কৰি লোৱা হয়।

(ছ) বৰ্তমান আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে। 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২৩ (পৰিকল্পনা, বাজেট, উন্নয়ন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
পৰিকল্পনা বুলিলে কি বুজায়?
কোনো নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ বা কোনো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ আগতীয়াকৈ প্ৰস্তুত কৰা কাৰ্যপন্থা বা খচৰাকে পৰিকল্পনা বুলি কোৱা হয়।
বাজেট কি আৰু ই কিয় প্ৰয়োজনীয়?
বাজেট হৈছে এটা নিৰ্দিষ্ট সময়ৰ (সাধাৰণতে এবছৰৰ) বাবে চৰকাৰ বা কোনো প্ৰতিষ্ঠানৰ সম্ভাব্য আয় আৰু ব্যয়ৰ হিচাপ। দেশৰ বিত্তীয় নিয়ন্ত্ৰণ আৰু উন্নয়নমূলক কামৰ বাবে বাজেট অত্যন্ত প্ৰয়োজনীয়।
এই সমাধানত অতিৰিক্ত প্ৰশ্ন আৰু MCQ আছে নেকি?
হয়, এই পাঠ্যভিত্তিক সমাধানত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে উপযোগী অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) অন্তৰ্ভুক্ত কৰা হৈছে।
শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰম অনুসৰি এই নোটসমূহ প্ৰস্তুত কৰা হৈছেনে?
নিশ্চয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰম আৰু শেহতীয়া আৰ্হিৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি এই সমলসমূহ সম্পূৰ্ণ নিৰ্ভুলভাৱে প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top