সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ – দক্ষিণ আফ্ৰিকা – সম্পূৰ্ণ প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

Class 7 Social Science Chapter 4 দক্ষিণ আফ্ৰিকা Solutions | ASSEB Assam | Assamese Medium

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান (সমাজ বিচিত্ৰা) অধ্যায় ৪ – দক্ষিণ আফ্ৰিকা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ‘সমাজ বিচিত্ৰা’ৰ চতুৰ্থ অধ্যায় ‘দক্ষিণ আফ্ৰিকা’ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘দক্ষিণ আফ্ৰিকা’ নামৰ এই পাঠটিত দক্ষিণ আফ্ৰিকাৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক পৰিৱেশ, জলবায়ু, জনজীৱন আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক বৈশিষ্ট্য, খনিজ সম্পদ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালীৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • ৪-৫ নম্বৰৰ দীঘলীয়া আৰু ভৌগোলিক বৈশিষ্ট্য দৰ্শোৱা প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Social Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিচিত্ৰা) Textbook Solutions & MCQs | ASSEB New Syllabus
Original price was: ₹199.00.Current price is: ₹29.00.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

New Updated Version of Social Science!

According to Latest ASSEB/SEBA New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিচিত্ৰা) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest ASSEB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 4 দক্ষিণ আফ্রিকা

 SCERT, অসম — সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-4                                                         অস্পিন একাডেমী

দক্ষিণ আফ্রিকা

পাঠভিত্তিক প্রশ্নোত্তৰ

অনুশীলনী-১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান?

উত্তৰঃ দক্ষিণ আফ্রিকা দেশখনৰ মুঠ মাটিকালি হৈছে ১.৯১ লাখ বর্গ কিলোমিটাৰ।

(খ) হাইভেল্ড মালভূমিখনক কোনখন পর্বতমালাই আগুৰি আছে?

উত্তৰঃ ড্রাকেন্সবার্গ নামৰ পৰ্বতশ্ৰেণীটোৱে হাইভেল্ড মালভূমিক চাৰিওফালৰ পৰা বেৰি ৰাখিছে।

(গ) ‘Big Five’ বুলিলে কি বুজা?

উত্তৰঃ দক্ষিণ আফ্রিকাত পোৱা পাঁচবিধ প্ৰধান স্তন্যপায়ী বন্যপ্রাণী, যেনে- হাতী, গঁড়, বাঘ, সিংহ আৰু ম’হক একেলগে ‘Big Five’ বুলি জনা যায়।

২। জোহানেছবাৰ্গক কিয় ‘সোণৰ নগৰ’ বুলি জনা যায়?

উত্তৰঃ জোহানেছবার্গ চহৰখন প্ৰধানকৈ সোণৰ খনিৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠাৰ বাবেই ইয়াক ‘সোণৰ নগৰ’ আখ্যা দিয়া হয়।

৩। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক অৱস্থা যথেষ্ট বৈচিত্র্যময়। এই দেশৰ একেবাৰে মাজভাগত হাইভেল্ড নামৰ মালভূমিখন অৱস্থিত, যাৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্রায় ১,২০০ ৰ পৰা ১,৮০০ মিটাৰলৈকে হয়। ড্রাকেন্সবার্গ পৰ্বতমালাই এই মালভূমিখনক আৱৰি ৰাখিছে। আনহাতে, দেশখনৰ দক্ষিণ-পশ্চিম দিশত লিটল কাৰু আৰু গ্রেইট কাৰু নামৰ দুটা মৰুভূমি সদৃশ অঞ্চল আছে। প্রায় ২,৭৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক দীঘলীয়া আৰু ঠেক উপকূলীয় অঞ্চলে দেশখনৰ পশ্চিম, দক্ষিণ আৰু পূব প্ৰান্তক আগুৰি আছে। এই অঞ্চলৰ সুন্দৰ সাগৰীয় তীৰ বা সৈকতসমূহে পৰ্যটক আৰু থলুৱা লোকসকলক বাৰুকৈয়ে আকৰ্ষণ কৰে। ওৰেঞ্জ হৈছে দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ প্ৰধান নদী, যাৰ দীঘ প্ৰায় ২,২০০ কিলোমিটাৰ। ড্রাকেন্সবার্গ পাহাৰৰ পৰা ওলাই এই নৈখন আটলান্টিক মহাসাগৰত পৰিছেগৈ। ওৰেঞ্জৰ এখন প্ৰধান উপনৈ হ’ল ভাল। টুগেল, লিম্পপ আৰু বাফেল দেশখনৰ আন কেইখনমান সৰু নদী। জলবায়ুৰ দিশৰ পৰা দক্ষিণ আফ্রিকা এখন উপক্রান্তীয় নাতিশীতোষ্ণ জলবায়ুৰ দেশ। ইয়াৰ দক্ষিণ-পশ্চিম ভাগত ভূমধ্য সাগৰীয় জলবায়ুৰ প্ৰভাৱ দেখা যায়। দেশখনত বছৰি গড়ে প্ৰায় ৫০ ছেন্টিমিটাৰ বৰষুণ হয়। সাধাৰণতে দেশখনৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ গ’লে বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্রাস পোৱা দেখা যায়।

অনুশীলনী-২

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনৰ গুৰি ধৰিছিল নেলছন মেণ্ডেলাই।

(খ) ওলণ্ডাজসকলে কেতিয়া কেপটাউন চহৰত বসতি স্থাপন কৰিছিল?

উত্তৰঃ ১৬৫২ খ্ৰীষ্টাব্দত ওলণ্ডাজসকলে কেপটাউন চহৰত নিজৰ বসতি স্থাপন কৰিছিল।

(গ) আফ্রিকান নেচনেল কংগ্রেছ কি?

উত্তৰঃ আফ্রিকান নেচনেল কংগ্রেছ হৈছে দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগ লোকসকলৰ এটা ৰাজনৈতিক দল।

২। দক্ষিণ আফ্রিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত শাসনত থকা শ্বেতাংগ চৰকাৰখনে কৃষ্ণাংগ লোকসকলৰ প্ৰতি চলোৱা দমনমূলক নীতি, সামাজিক বৈষম্য আৰু তেওঁলোকৰ মৌলিক অধিকাৰসমূহ খৰ্ব কৰাৰ প্ৰতিবাদ স্বৰূপেই এই বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সূত্ৰপাত ঘটিছিল।

৩। নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ নেলছন মেণ্ডেলা আছিল ‘আফ্রিকান নেচনেল কংগ্ৰেছ’ৰ এজন আগশাৰীৰ নেতা। তেখেতেই দক্ষিণ আফ্রিকাত গঢ়ি উঠা বর্ণবাদ বিৰোধী আন্দোলনটোৰ গুৰি ধৰিছিল। ১৯৬২ চনত চৰকাৰে তেখেতক গ্ৰেপ্তাৰ কৰে আৰু ৰাজদ্রোহকে ধৰি আন কেইবাটাও অপৰাধৰ দোহাই দি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু দেশজুৰি হোৱা প্ৰবল প্ৰতিবাদৰ হেঁচাত পৰি চৰকাৰে তেখেতক মুকলি কৰি দিবলৈ বাধ্য হয়। ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে মেণ্ডেলা জেলৰ পৰা ওলাই আহে। কাৰামুক্ত হোৱাৰ পাছত তেখেতে নিজৰ দলটোৰ প্ৰতিনিধি হিচাপে শ্বেতাংগ চৰকাৰৰ লগত শান্তি চুক্তিত মিলিত হয়। এই শান্তি আলোচনাৰ পৰিণতিতেই দক্ষিণ আফ্রিকাত দীৰ্ঘদিন ধৰি চলি অহা বৰ্ণবৈষম্যৰ অন্ত পৰে। ১৯৯৪ চনত দেশখনত সকলো বৰ্ণৰ লোকৰ সন্মতি আৰু অংশগ্রহণেৰে এখন নতুন চৰকাৰ গঠিত হয়। আফ্ৰিকীয় ভাষাত এই বৰ্ণবাদ বিৰোধী আন্দোলনটোক ‘আপার্টাইট’ বুলি জনা গৈছিল।

অতিৰিক্ত প্রশ্ন

১। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(১) দক্ষিণ আফ্ৰিকাৰ ঠেক উপকূল অঞ্চলৰ দৈর্ঘ্য বি

(ক) প্রায় ২,৭৯৮ কি.মি. 

(খ) প্রায় ২,৩৫০ কি.মি. 

(গ) প্রায় ৩,৩২১ কি.মি. 

(ঘ) প্রায় ৩,২১০ কি.মি.

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) প্রায় ২,৭৯৮ কি.মি.

(২) দক্ষিণ আফ্রিকাৰ ওৰেঞ্জ নদীৰ দৈর্ঘ্য- 

(ক) প্রায় ২,২০০ কি.মি. 

(খ) প্রায় ৩,৩০০ কি.মি. 

(গ) প্রায় ১,১০০ কি.মি. 

(ঘ) প্রায় ৩,১০০ কি.মি.

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) প্রায় ২,২০০ কি.মি.

(৩) ‘ওৰেঞ্জ’ নদীৰ এখন উপনৈ- 

(ক) কাৰু 

(খ) ভাল 

(গ) বাফেল 

(ঘ) ডাল

উত্তৰঃ সঠিক উত্তৰটো হৈছে (খ) ভাল

(৪) দক্ষিণ আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চলত …………… জলবায়ু অনুভূত হয়। 

(ক) ভূমধ্য সাগৰীয় 

(খ) মৌচুমী 

(গ) ক্রান্তীয় জলবায়ু 

(ঘ) আর্দ্র জলবায়ু

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ভূমধ্য সাগৰীয়

(৫) দক্ষিণ আফ্ৰিকাৰ বাৰ্ষিক গড় বৃষ্টিপাতৰ পৰিমাণ প্রায়- 

(ক) ৩০ ছে.মি. 

(খ) ২০ ছে.মি. 

(গ) ৫০ ছে.মি. 

(ঘ) ৪০ ছে.মি.

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) ৫০ ছে.মি.

(৬) দক্ষিণ আফ্রিকাত প্রায় টা প্ৰজাতিৰ চৰাই পোৱা যায়। 

(ক) ৮৫০ টা 

(খ) ৭৭০ টা 

(গ) ৮৩৫ টা 

(ঘ) ৭৩৬ টা

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ৮৫০ টা

(৭) ‘Big Five’ মানে- 

(ক) বাঘ, কুকুৰ, ম’হ, সিংহ আৰু গঁড় 

(খ) হাতী, ভেৰা, বাঘ, ম’হ আৰু সিংহ 

(গ) গৰু, জলহস্তী, কেংগেৰু, গঁড় আৰু হাতী 

(ঘ) সিংহ, বাঘ, হাতী, গঁড় আৰু ম’হ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ঘ) সিংহ, বাঘ, হাতী, গঁড় আৰু ম’হ

(৮) জনসংখ্যাৰ ফালৰ পৰা দক্ষিণ আফ্রিকা মহাদেশখনৰ ভিতৰতে …………… জনবহুল দেশ। 

(ক) সপ্তম 

(খ) চতুর্থ 

(গ) পঞ্চম 

(ঘ) ষষ্ঠ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ঘ) ষষ্ঠ

(৯) ২০২৫ খ্ৰীষ্টাব্দৰ লোকপিয়ল মতে দক্ষিণ আফ্রিকাৰ জনসংখ্যা- 

(ক) ৬২ নিযুত 

(খ) ৮৫ নিযুত 

(গ) ৬৫ নিযুত 

(ঘ) ৫৬ নিযুত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) ৬৫ নিযুত

(১০) ২০২২ খ্ৰীষ্টাব্দৰ লোকপিয়ল অনুসৰি দক্ষিণ আফ্রিকাৰ জনসংখ্যা …………… 

(ক) ৬২ নিযুত 

(খ) ৬০ নিযুত 

(গ) ৬৫ নিযুত 

(ঘ) ৬৬ নিযুত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ৬২ নিযুত

(১১) দক্ষিণ আফ্রিকাৰ সৰ্বাধিক জনসংখ্যাৰ প্ৰদেশখন …………… 

(ক) গ’ টেংগ 

(খ) কেপ 

(গ) ডাৰবান 

(ঘ) জোহান

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) গ’ টেংগ

(১২) দক্ষিণ আফ্ৰিকাৰ প্ৰায় শতাংশ লোক নগৰত বাস কৰে। 

(ক) প্রায় ৬৭ শতাংশ 

(খ) প্রায় ৬৯ শতাংশ 

(গ) প্রায় ৮৭ শতাংশ 

(ঘ) প্রায় ৯২ শতাংশ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) প্রায় ৬৭ শতাংশ

(১৩) গ’ টেংগ প্ৰদেশৰ ৰাজধানী …………… 

(ক) স্বৱানি 

(খ) বাফেল’ 

(গ) জোহানেছবার্গ 

(ঘ) কেপটাউন

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) জোহানেছবার্গ

(১৪) জোহানেছবাৰ্গৰ বৰ্তমান জনসংখ্যা- 

(ক) ৫.০ নিযুত 

(খ) ৬.২ নিযুত 

(গ) ৫.৫ নিযুত 

(ঘ) ২.৬ নিযুত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) ৫.৫ নিযুত

(১৫) …………… খ্রীষ্টাব্দত জোহানেছবাৰ্গৰ আৰম্ভণি হৈছিল। 

(ক) ১৮৯৯ খ্রীষ্টাব্দত 

(খ) ১৮৮৬ খ্রীষ্টাব্দত 

(গ) ১৬১৯ খ্রীষ্টাব্দত 

(ঘ) ১৬৮৯ খ্রীষ্টাব্দত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (খ) ১৮৮৬ খ্রীষ্টাব্দত

(১৬) দক্ষিণ আফ্ৰিকাৰ দেশখনৰ দ্বিতীয় প্রধান নগৰ …………… 

(ক) জোহানেছবার্গ 

(খ) স্বৱানি 

(গ) কেপটাউন 

(ঘ) মাংগৌ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) কেপটাউন

(১৭) ‘কেপটাউন’ৰ জনসংখ্যা- 

(ক) ৫ নিযুত 

(খ) ৪ নিযুত 

(গ) ৩ নিযুত 

(ঘ) ৬ নিযুত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ৫ নিযুত

(১৮) দক্ষিণ আফ্রিকা দেশখনৰ তৃতীয় প্রধান নগৰ- 

(ক) কেপটাউন 

(খ) ডাৰবান 

(গ) জোহানেবার্গ 

(ঘ) স্বৱানি

উত্তৰঃ সঠিক উত্তৰটো হৈছে (খ) ডাৰবান

(১৯) ডাৰবানৰ জনসংখ্যা- 

(ক) প্রায় ৪.৫ নিযুত 

(খ) প্রায় ৩.৬ নিযুত 

(গ) প্রায় ৮.২ নিযুত 

(ঘ) প্রায় ৭.১ নিযুত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) প্রায় ৪.৫ নিযুত

(২০) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’ অংশ

‘খ’ অংশ

(A) আফ্রিকীয় কৃষ্ণকায় জনগোষ্ঠী

(i) প্রায় ৭ শতাংশ

(B) ৰং বিশিষ্ট লোক

(ii) প্রায় ২.৫ শতাংশ

(C) শ্বেতাংগ

(iii) প্রায় ৮.৫ শতাংশ

(D) ভাৰতীয়/এছীয় মূলৰ

(iv) প্রায় ৮.২ শতাংশ

(ক) A- (iv) B- (iii) C-(i) D- (ii) 

(খ) A- (iii) B- (ii) C- (i) D- (iv) 

(গ) A – (iv) B- (iii) C- (i) D-(ii) 

(ঘ) A-(ii) B – (iv) C- (iii) D- (i)

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) A – (iv) B – (iii) C – (i) D – (ii)

(২১) দক্ষিণ আফ্রিকা দেশখনৰ …………… শতাংশ লোক, দৰিদ্ৰ সীমাৰেখাৰ তলৰ অৱস্থাত জীৱন নিৰ্বাহ কৰি আছে? 

(ক) ১৫ শতাংশ 

(খ) ২৫ শতাংশ 

(গ) ২০ শতাংশ 

(ঘ) ১০ শতাংশ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) ২০ শতাংশ

(২২) দক্ষিণ আফ্রিকা দেশখনত প্রায় …………… শতাংশ খেতি হয়- 

(ক) ২০ শতাংশ 

(খ) ২৫ শতাংশ 

(গ) ১২ শতাংশ 

(ঘ) ১০ শতাংশ

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) ১২ শতাংশ

(২৩) …………… খ্রীষ্টাব্দত ওলণ্ডাজসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰে। 

(ক) ১৬৫২ খ্রীষ্টাব্দত 

(খ) ১৫৫০ খ্রীষ্টাব্দত 

(গ) ১৭৬২ খ্রীষ্টাব্দত 

(ঘ) ১৭৬০ খ্রীষ্টাব্দত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ১৬৫২ খ্রীষ্টাব্দত

(২৪) …………… খ্রীষ্টাব্দত ব্রিটিছসকলে কেপ টাউন দখল কৰে। 

(ক) ১৬৮৯ খ্রীষ্টাব্দত 

(খ) ১৭৯৫ খ্রীষ্টাব্দত 

(গ) ১৬৪০ খ্রীষ্টাব্দত 

(ঘ) ১৮১০ খ্রীষ্টাব্দত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (খ) ১৭৯৫ খ্রীষ্টাব্দত

(২৫) …………… খ্রীষ্টাব্দত হোৱা নিৰ্বাচনত শ্বেতাংগসকল জয়ী হয়। 

(ক) ১৮৮৬ খ্রীষ্টাব্দত 

(খ) ১৮৬০ খ্রীষ্টাব্দত 

(গ) ১৯৪০ খ্রীষ্টাব্দত 

(ঘ) ১৯৪৮ খ্রীষ্টাব্দত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ঘ) ১৯৪৮ খ্রীষ্টাব্দত

(২৬)…… খ্রীষ্টাব্দত নেলছন মেণ্ডেলাক চৰকাৰে গ্ৰেপ্তাৰ কৰে। 

(ক) ১৯৬২ চনত 

(খ) ১৮৫৫ চনত 

(গ) ১৭৬২ চনত 

(ঘ) ১৯৯৯ চনত

উত্তৰঃ সঠিক উত্তৰটো হৈছে (ক) ১৯৬২ চনত

(২৭) দক্ষিণ আফ্রিকা দেশৰ এখন বন্দৰ নগৰ- 

(ক) মাংগৌ 

(খ) প্রিট’ৰিয়া 

(গ) কেপটাউন 

(ঘ) বাফেল

উত্তৰঃ সঠিক উত্তৰটো হৈছে (গ) কেপটাউন

২। দক্ষিণ আফ্ৰিকাৰ ক্ষুদ্রতম দেশখনৰ নাম কি? ইয়াৰ মাটিকালি কিমান?

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে লেছোট’। এই দেশখনৰ মুঠ মাটিকালি হ’ল ৩০,০০০ বর্গ কিলোমিটাৰ।

৩। দক্ষিণ আফ্রিকাৰ চাৰিসীমাটো লিখা?

উত্তৰঃ দক্ষিণ আফ্রিকাৰ চাৰিসীমাটো তলত উল্লেখ কৰা ধৰণৰ-

(ক)উত্তৰ দিশত: নামিবিয়া, জিম্বাব’ৱে আৰু বৎছোৱানা।

(খ)পূব দিশত: এস্বাটিনি (পূৰ্বৰ নাম স্বৱাজিলেণ্ড), মোজাম্বিক আৰু ভাৰত মহাসাগৰ।

(গ)দক্ষিণ দিশত: ভাৰত মহাসাগৰ।

(ঘ)পশ্চিম দিশত: আটলান্টিক মহাসাগৰ।

৪। দক্ষিণ আফ্রিকাৰ বিশেষত্ববোৰ লিখা।

উত্তৰঃ দক্ষিণ আফ্রিকাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল- 

(ক) সমগ্ৰ আফ্রিকা মহাদেশৰ ভিতৰত আর্থিক দিশৰ পৰা আটাইতকৈ উন্নত দেশখনেই হৈছে দক্ষিণ আফ্রিকা। 

(খ) এই দেশখনে ১৭৯৫ চনৰ পৰা ১৯৬১ চনলৈকে এক সুদীর্ঘ সময় ব্রিটিছৰ ঔপনিৱেশিক শাসনৰ অধীনত আছিল। 

(গ) পাহাৰ-পৰ্বত, মালভূমি, মৰুভূমি আৰু বিশাল মহাসাগৰীয় উপকূলেৰে আগুৰা এই দেশখন প্ৰাকৃতিক দিশৰ পৰা অতিশয় বৈচিত্র্যময়। 

(ঘ) জৈৱ বৈচিত্র্যৰ দিশৰ পৰাও দক্ষিণ আফ্রিকা পৃথিৱীৰ ভিতৰতে এখন চহকী দেশ। (ঙ) খনিজ সম্পদৰ ভঁৰাল হিচাপেও দক্ষিণ আফ্রিকাই বিশ্বৰ বুকুত এক সুকীয়া আৰু গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে।

৫। দক্ষিণ আফ্ৰিকাৰ এখন মালভূমি অঞ্চলৰ নাম লিখা। এই অঞ্চলৰ উচ্চতা কিমান?

উত্তৰঃ দক্ষিণ আফ্রিকাত অৱস্থিত এখন প্ৰধান মালভূমি অঞ্চলৰ নাম হৈছে ‘হাইভেল্ড’। সাগৰপৃষ্ঠৰ পৰা এই মালভূমি অঞ্চলটোৰ উচ্চতা প্ৰায় ১,২০০ ৰ পৰা ১,৮০০ মিটাৰৰ ভিতৰত।

৬। দক্ষিণ আফ্ৰিকাৰ দুটা মৰুপ্ৰায় অঞ্চলৰ নাম উল্লেখ কৰা?

উত্তৰঃ দক্ষিণ আফ্রিকাত থকা দুটা মৰুভূমি সদৃশ অঞ্চলৰ নাম হৈছে-

(ক)দেশখনৰ দক্ষিণ অংশত থকা গ্রেইট কাৰু।

(খ)দেশখনৰ পশ্চিম অংশত থকা লিটল কাৰু।

৭। দক্ষিণ আফ্ৰিকাৰ এখন নদীৰ নাম উল্লেখ কৰা。নদীখন ক’ৰ পৰা ওলাই আহি ক’ত পৰিছে?

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ মাজেৰে বৈ যোৱা এখন উল্লেখনীয় নদী হৈছে ওৰেঞ্জ। এই নৈখন ড্রাকেন্সবার্গ পাহাৰৰ পৰা উৎপত্তি হৈ পাছলৈ আটলান্টিক মহাসাগৰত মিলিত হৈছেগৈ।

৮। দক্ষিণ আফ্ৰিকাৰ তিনিখন সৰু নৈৰ নাম উল্লেখ কৰা।

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ তিনিখন সৰু নদীৰ নাম হ’ল- বাফেল’, টুগেল আৰু লিম্পপ’।

৯। দক্ষিণ আফ্ৰিকাৰ জলবায়ু কেনেকুৱা?

উত্তৰঃ দক্ষিণ আফ্রিকা মূলতঃ এখন উপক্রান্তীয় নাতিশীতোষ্ণ জলবায়ুৰ দেশ।

১০। দক্ষিণ আফ্রিকাত মুঠতে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

উত্তৰঃ দক্ষিণ আফ্রিকাত সৰ্বমুঠ ১৯ খন ৰাষ্ট্ৰীয় উদ্যান আছে। সেইবোৰৰ ভিতৰত কেইখনমান হ’ল-

(ক) ক্রুগাৰ ৰাষ্ট্ৰীয় উদ্যান।

(খ) এডো ৰাষ্ট্ৰীয় উদ্যান।

(গ) টেবল মাউন্টেইন ৰাষ্ট্ৰীয় উদ্যান।

১১। দক্ষিণ আফ্রিকা দেশখনৰ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ বিষয়ে লিখা।

উত্তৰঃ উদ্ভিদ আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকা এখন অতি চহকী দেশ। দেশখনত প্ৰায় ۸৫০ বিধতকৈয়ো অধিক প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি দেশখনৰ প্ৰধান পাঁচবিধ স্তন্যপায়ী প্রাণী যাক ‘Big Five’ বুলিও কোৱা হয়, সেইবোৰ হৈছে- হাতী, বাঘ, সিংহ, গঁড় আৰু ম’হ। এইবোৰৰ বাহিৰেও জেব্রা, জিৰাফ, চিতা, বনৰীয়া কুকুৰ আৰু এন্টিলোপ আদি প্রাণীও দক্ষিণ আফ্রিকাত পোৱা যায়। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে দক্ষিণ আফ্রিকাত ক্রুগাৰ ৰাষ্ট্ৰীয় উদ্যান, টেবল মাউন্টেইন ৰাষ্ট্ৰীয় উদ্যান আৰু এডো ৰাষ্ট্ৰীয় উদ্যানকে ধৰি সৰ্বমুঠ ১৯ খন ৰাষ্ট্ৰীয় উদ্যান আছে।

১২। দক্ষিণ আফ্রিকা দেশখনৰ জনসংখ্যা আৰু নগৰীকৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ জনসংখ্যাঃ জনসংখ্যাৰ ভিত্তিত দক্ষিণ আফ্রিকা হৈছে সমগ্র আফ্রিকা মহাদেশৰ ভিতৰত ষষ্ঠখন আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। ২০২৫ চনৰ লোকপিয়লৰ তথ্য অনুসৰি দেশখনৰ বৰ্তমান জনসংখ্যা প্ৰায় ৬৫ নিযুত। ইয়াৰ পূৰ্বে, অৰ্থাৎ ২০২২ চনৰ লোকপিয়ল মতে এই সংখ্যা আছিল ৬২ নিযুত। দক্ষিণ আফ্রিকাত প্রতি বর্গ কিলোমিটাৰ এলেকাত প্ৰায় ৫৩ জন লোকে বাস কৰে। দেশখনৰ পূব প্ৰান্তত, বিশেষকৈ সাগৰৰ কাষৰীয়া অঞ্চলবোৰত মানুহৰ বসতি তুলনামূলকভাৱে ঘন। এই অঞ্চলতে অৱস্থিত গ’টেংগ নামৰ প্ৰদেশখনত দেশখনৰ সৰ্বাধিক জনসংখ্যা আছে। নগৰীকৰণঃ নগৰীকৰণৰ দিশৰ পৰা দক্ষিণ আফ্রিকা যথেষ্ট আগবঢ়া। দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬৭ শতাংশ লোকেই নগৰ অঞ্চলত বাস কৰে। গ’টেংগ প্ৰদেশৰ ৰাজধানী চহৰ জোহানেছবার্গ হৈছে দেশখনৰ আটাইতকৈ ডাঙৰ নগৰ। বৰ্তমান এই নগৰখনৰ জনসংখ্যা প্ৰায় ৫.৫ নিযুত। ১৮৮৬ চনত সোণৰ খনিক কেন্দ্ৰ কৰিয়েই এই নগৰখন গঢ় লৈ উঠিছিল আৰু সেইবাবেই ইয়াক ‘সোণৰ নগৰ’ বুলিও জনা যায়। দেশখনৰ দ্বিতীয় বৃহৎ নগৰখনৰ নাম হৈছে কেপটাউন, যাৰ জনসংখ্যা প্ৰায় ৫ নিযুত। এইখন এখন অতি প্ৰাচীন আৰু গুৰুত্বপূৰ্ণ বন্দৰ নগৰ। দক্ষিণ আফ্ৰিকাৰ তৃতীয়খন বৃহৎ নগৰ হ’ল ডাৰবান। প্ৰায় ৪.৫ নিযুত জনসংখ্যাৰে এই বন্দৰ নগৰখন দেশখনৰ এখন অতি ব্যস্ত চহৰ।

১৩। দক্ষিণ আফ্রিকাৰ কেইখনমান প্রধান নগৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ কেইখনমান উল্লেখনীয় চহৰ বা নগৰৰ নাম হৈছে- জোহানেছবার্গ, ডাৰবান, কেপটাউন, প্রিট’ৰিয়া, স্বৱানি, বাফেল’, নেলছন মেন্ডেলা বে আৰু মাংগৌং আদি।

১৪। দক্ষিণ আফ্ৰিকাৰ জনগোষ্ঠীৰ বিষয়ে লিখা।

উত্তৰঃ দক্ষিণ আফ্রিকাৰ মুঠ জনসংখ্যাৰ প্ৰায় ৮২ শতাংশ লোকেই হৈছে আফ্ৰিকীয় কৃষ্ণকায় জনগোষ্ঠীৰ অন্তৰ্গত। ইয়াৰ উপৰি প্ৰায় ৮.৫ শতাংশ ৰং বিশিষ্ট লোক, ৭ শতাংশ শ্বেতাংগ লোক আৰু বাকী থকা ২.৫ শতাংশ লোক ভাৰতীয় বা এছীয় মূলৰ। দেশখনত থকা শ্বেতাংগ লোকসকল প্ৰধানকৈ গ্রীচ, ইটালী, পর্তুগাল আৰু যুক্তৰাজ্যৰ দৰে দেশৰ পৰা প্ৰব্ৰজন কৰি অহা লোক।

১৫। দক্ষিণ আফ্ৰিকাৰ ধৰ্মৰ বিষয়ে লিখা।

উত্তৰঃ দক্ষিণ আফ্রিকাত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাই সৰ্বাধিক। দেশখনৰ প্ৰায় ৮৫ শতাংশ লোকেই খ্রীষ্টান ধৰ্ম পালন কৰে। আনহাতে, থলুৱা আফ্ৰিকীয় ধৰ্মত বিশ্বাসী লোকৰ সংখ্যা হৈছে প্ৰায় ৮ শতাংশ। দেশখনত ইছলাম আৰু হিন্দু ধৰ্মৰ লোকৰ শতকৰা হাৰ ক্ৰমে ২ শতাংশ আৰু ১ শতাংশ। বাকী থকা ৪ শতাংশ লোক আন অন্যান্য ধৰ্মৰ নাইবা কোনো ধৰ্ম পালন নকৰা লোক।

১৬। দক্ষিণ আফ্ৰিকাৰ উদ্যোগ, কৃষিকার্য, খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উদ্যোগ: আফ্রিকা মহাদেশৰ দেশসমূহৰ ভিতৰত উদ্যোগ খণ্ডত দক্ষিণ আফ্রিকা এখন অতি আগবঢ়া আৰু চহকী দেশ। আধুনিক প্ৰযুক্তিবিদ্যা আৰু উদ্যোগৰ প্ৰসাৰত দেশখনে বহুখিনি উন্নতি সাধিছে। ২০২২ চনৰ হিচাপ মতে দেশখনৰ মুঠ শ্ৰমিকৰ প্ৰায় ৬৩ শতাংশ লোক সেৱা খণ্ডত, ১৮ শতাংশ উদ্যোগ খণ্ডত আৰু বাকী ১৯ শতাংশ কৃষি খণ্ডত জড়িত হৈ আছে। কৃষি কার্য: দক্ষিণ আফ্রিকাৰ বিচিত্ৰ প্ৰকৃতি আৰু জলবায়ুৱে ইয়াৰ কৃষি ব্যৱস্থালৈও এক বৈচিত্ৰ্য আনিছে। দেশখনৰ সৰ্বমুঠ মাটিকালিৰ মাত্ৰ ১২ শতাংশ মাটিতহে খেতি কৰা হয়। ইয়াৰ প্ৰধান কৃষিজাত শস্যসমূহৰ ভিতৰত কুঁহিয়াৰ, মাকৈ, ঘেঁহু, আলু, বাৰ্লি, বিভিন্ন ধৰণৰ শাক-পাচলি, আঙুৰ, আপেল আৰু টেঙাজাতীয় ফলমূল উল্লেখযোগ্য। খনিজ সম্পদ: সমগ্ৰ আফ্রিকা মহাদেশৰ ভিতৰত খনিজ সম্পদৰ উৎপাদন আৰু উদ্যোগত দক্ষিণ আফ্রিকা শীৰ্ষস্থানত আছে। দেশখনত পোৱা প্ৰধান খনিজ সম্পদসমূহ হৈছে সোণ, লোৰ আকৰ, হীৰা, ক্ৰ’মিয়াম আৰু প্লেটিনাম আদি। দেশখনৰ ঘাই উদ্যোগসমূহৰ ভিতৰত ৰাসায়নিক উদ্যোগ, মটৰগাড়ী নিৰ্মাণ, লো-তীখা উদ্যোগ, বয়ন শিল্প আৰু যন্ত্ৰ-পাতি নিৰ্মাণ উদ্যোগে বিশেষ গুৰুত্ব লাভ কৰিছে। দক্ষিণ আফ্রিকাই হীৰা, সোণ, প্লেটিনাম, লোৰ আকৰ, মটৰ-গাড়ী আৰু বিভিন্ন যন্ত্ৰ-পাতি বিশ্বৰ বেলেগ বেলেগ দেশলৈ ৰপ্তানি কৰে। সেইদৰে, দেশখনে ৰাসায়নিক পদার্থ, খাদ্য শস্য, সা-সঁজুলি, পেট্র’লিয়াম জাতীয় সামগ্রী আৰু যন্ত্ৰ-পাতি বিদেশৰ পৰা আমদানি কৰে।

১৭। দক্ষিণ আফ্রিকা দেশখন আর্থিক দিশত আগবঢ়াৰ কাৰক তিনিটা লিখা।

উত্তৰঃ দক্ষিণ আফ্রিকা আর্থিকভাৱে উন্নতি লাভ কৰাৰ আঁৰৰ প্ৰধান কাৰক তিনিটা হ’ল-

(ক) দেশখনৰ অনুকূল আৰু সুবিধাজনক উপকূলীয় অৱস্থিতি।

(খ) প্রাকৃতিক সম্পদৰ প্ৰচুৰতা।

(গ) উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা।

১৮। ফৰাচী আৰু ইংৰাজসকলে ক’ত ক’ত কি কি খেতি কৰিছিল?

উত্তৰঃ ফৰাচী লোকসকলে পশ্চিম আফ্রিকা অঞ্চলত ৰোপণ পদ্ধতি প্ৰয়োগ কৰি কফিৰ খেতি কৰিছিল। আনহাতে, ইংৰাজসকলে মালয়েছিয়া দেশত ৰবৰৰ খেতি আৰু শ্ৰীলংকা তথা ভাৰতবৰ্ষত চাহ খেতি কৰিছিল।

১৯। দক্ষিণ আফ্রিকা দেশৰ কেইটামান খিলঞ্জীয়া অধিবাসীৰ নাম উল্লেখ কৰা।

উত্তৰঃ দক্ষিণ আফ্রিকাৰ কেইটামান থলুৱা বা খিলঞ্জীয়া জনগোষ্ঠীৰ নাম হ’ল- খৈয়খৈয়, খৈছান, বান্টু আৰু চান।

২০। দক্ষিণ আফ্রিকা দেশৰ আমদানি আৰু ৰপ্তানি সামগ্ৰীবোৰৰ নাম লিখা।

উত্তৰঃ আমদানি কৰা সামগ্ৰীসমূহ: ৰাসায়নিক পদার্থ, খাদ্যশস্য, পেট্র’লিয়াম জাতীয় সামগ্রী, সা-সঁজুলি আৰু বিভিন্ন যন্ত্রপাতি। ৰপ্তানি কৰা সামগ্ৰীসমূহ: হীৰা, সোণ, প্লেটিনাম, লোৰ আকৰ, গাড়ী-মটৰ আৰু যন্ত্রপাতি।

২১। দক্ষিণ আফ্ৰিকাৰ চমু ইতিহাস বিবৃত কৰা。 নাইবা, দক্ষিণ আফ্রিকাৰ খিলঞ্জীয়া অধিবাসীসকলৰ জীৱন-ধাৰণ প্ৰণালী কেনেধৰণৰ আছিল লিখা।

উত্তৰঃ আধুনিক যুগৰ মানুহৰ একেবাৰে প্ৰথম বাসস্থান হিচাপে দক্ষিণ আফ্রিকাক ধৰা হয়। প্ৰায় এক লাখ বছৰৰ আগৰে পৰাই এই ঠাইত মানুহৰ অৱস্থিতিৰ প্ৰমাণ বুৰঞ্জীবিদসকলে লাভ কৰিছে। ইতিহাসবিদসকলৰ মতে খৈছান, চান আৰু খৈয়খৈয় আদি জনগোষ্ঠীসমূহেই হৈছে দক্ষিণ আফ্ৰিকাৰ একেবাৰে খিলঞ্জীয়া অধিবাসী। তাৰ পিছৰ পৰ্যায়ত বান্টু নামৰ অন্য এটা জনজাতিয়ে আফ্রিকা মহাদেশৰ বেলেগ বেলেগ প্ৰান্তৰ পৰা আহি দক্ষিণ আফ্রিকাত থিতাপি লয়হি। কালক্ৰমত বেহা-বেপাৰৰ উদ্দেশ্যে ইউৰোপৰ পৰা বহুতো ব্যৱসায়ীৰ আগমন ঘটিবলৈ ধৰে। দক্ষিণ আফ্রিকালৈ ব্যৱসায় কৰিবলৈ অহা প্ৰথমটো ইউৰোপীয় দল আছিল ওলণ্ডাজসকল। ১৬৫২ চনত এই ওলণ্ডাজসকলে কেপটাউন চহৰত তেওঁলোকৰ বসতি স্থাপন কৰিছিল। প্ৰথম অৱস্থাত এই বহিৰাগত ওলণ্ডাজসকলৰ লগত থলুৱা জনজাতিবোৰৰ প্ৰায়েই যুদ্ধ-বিগ্ৰহ হৈছিল। ওলণ্ডাজসকলে এই খিলঞ্জীয়া লোকসকলক ক্রীতদাস হিচাপে বেচা-কিনা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ১৭৯৫ চনত ব্রিটিছসকলে আহি কেপটাউন নিজৰ দখললৈ নিয়ে। ব্রিটিছসকলৰ লগতো থলুৱা লোকসকলৰ সংঘাত হৈছিল। ইয়াৰ লগতে নিজৰ আধিপত্য বিস্তাৰৰ বাবে জনজাতিবোৰৰ নিজৰ মাজতো বহুতো বিদ্ৰোহ হৈছিল। ১৮৩০ চনৰ মানলৈ ব্রিটিছসকল দেশখনত অধিক শক্তিশালী হৈ উঠে। ফলত বহুতো ওলণ্ডাজ লোকে খোজকাঢ়িয়েই দক্ষিণ আফ্ৰিকাৰ ভিতৰুৱা অঞ্চলবোৰলৈ গুচি যায়। সেই ভিতৰুৱা অঞ্চলবোৰতে তেওঁলোকে বিদ্যালয়, গীর্জা আদি বনাই সৰু সৰু গণৰাজ্য প্ৰতিষ্ঠা কৰে। সংখ্যালঘু শ্বেতাংগ ওলণ্ডাজসকলেই এই ৰাজ্যবোৰৰ শাসনভাৰ চলাইছিল। ইয়াৰ পৰৱৰ্তী সময়ৰ পৰাই কৃষ্ণকায় খিলঞ্জীয়াসকলৰ ওপৰত বৈষম্য ক্ৰমাৎ বাঢ়িবলৈ ধৰে, যাৰ ফলশ্ৰুতিত পাছলৈ দক্ষিণ আফ্রিকাত ভয়ংকৰ বৰ্ণ-বৈষম্য বিৰোধী আন্দোলনৰ সৃষ্টি হয়।

২২। দক্ষিণ আফ্রিকাৰ বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উনৈশ শতিকাৰ শেষৰ সময়ছোৱাত দক্ষিণ আফ্রিকাত সোণ আৰু হীৰাৰ খনি আৱিষ্কাৰ হয়। এই বহুমূলীয়া সম্পদবোৰৰ প্ৰতি আকৰ্ষিত হৈ ব্ৰিটিছ আৰু ওলণ্ডাজসকলে দক্ষিণ আফ্রিকাত উপনিৱেশ গঢ়িবলৈ আহে। এই বিদেশীসকলৰ আগমনৰ লগে লগেই দেশখনৰ পূৰ্বৰ পৰা বাস কৰা ক’লা ছালৰ কৃষ্ণাংগ অধিবাসীসকলৰ লগত বগা ছালৰ ওলণ্ডাজ আৰু ব্ৰিটিছসকলৰ মতবিৰোধ আৰম্ভ হয়। লাহে লাহে এই সংঘাতে কৃষ্ণাংগ খিলঞ্জীয়া, ওলণ্ডাজ আৰু ব্রিটিছ শাসকসকলৰ মাজত এক ত্ৰিপাক্ষিক যুদ্ধৰ ৰূপ লয়। কৃষ্ণাংগ লোকসকলক শ্বেতাংগসকলৰ পৰা পৃথক কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সামাজিক ক্ষেত্ৰত কৃষ্ণাংগসকলক কোনো সমান অধিকাৰ দিয়া হোৱা নাছিল। কেৱলমাত্ৰ শ্বেতাংগসকলকহে সকলো ৰাজনৈতিক অধিকাৰ প্ৰদান কৰা হৈছিল। সংখ্যাত কম হোৱা সত্ত্বেও শ্বেতাংগ লোকসকলে সমাজত শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছিল। সমাজৰ স্তৰত তেওঁলোকৰ তলত এছীয় মূলৰ লোকসকল আৰু একেবাৰে তলত কৃষ্ণাংগ খিলঞ্জীয়াসকলক ৰখা হৈছিল। এনে বৈষম্যৰ বাবেই সমাজত কেইবাটাও ৰাজনৈতিক দলৰ জন্ম হৈছিল- শ্বেতাংগ লোকসকলৰ দল আছিল ‘নেচনেল পার্টি’। কৃষ্ণাংগ লোকসকলৰ দল আছিল ‘আফ্রিকান নেচনেল কংগ্রেছ’। ১৯৪৮ চনৰ সাধাৰণ নিৰ্বাচনত শ্বেতাংগসকলৰ দলটোৱে জয়লাভ কৰে আৰু তাৰ পাছৰে পৰাই বৰ্ণ বৈষম্যৰ মাত্ৰা অতিশয় বৃদ্ধি পায়। শ্বেতাংগ চৰকাৰে ‘পাচ আইন’ নামৰ এখন কঠোৰ আইন বলৱৎ কৰে। এই আইন অনুসৰি প্ৰতিজন কৃষ্ণাংগ লোকে যিকোনো সময়তে নিজৰ পৰিচয় পত্র লগত ৰখাটো বাধ্যতামূলক আছিল। এনে অন্যায়মূলক আইনৰ প্ৰতিবাদত ১৯৬০ চনৰ ২১ মাৰ্চ তাৰিখে চার্ণভিল চহৰত কৃষ্ণাংগসকলে এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মমভাৱে গুলীচালনা কৰে, যাৰ ফলত ৬৯ জন নিৰীহ লোকৰ মৃত্যু হয় আৰু ১৮০ জনৰো অধিক লোক আহত হয়। নেলছন মেণ্ডেলা আছিল আফ্রিকান নেচনেল কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতা। তেখেতেই এই বর্ণবাদ বিৰোধী আন্দোলনৰ নেতৃত্ব লৈছিল। চৰকাৰে ১৯৬২ চনত তেখেতক গ্ৰেপ্তাৰ কৰি ৰাজদ্রোহ আদি গোচৰত যাৱজ্জীবন কাৰাদণ্ড প্ৰদান কৰে। অৱশেষত দেশজোৰা প্ৰবল প্ৰতিবাদৰ সন্মুখত হাৰ মানি ১৯৯০ চনৰ ১১ ফেব্ৰুৱাৰীত চৰকাৰে তেখেতক জেলৰ পৰা মুক্তি দিয়ে। কাৰামুক্ত হৈ মেণ্ডেলাই নিজ দলৰ হৈ শ্বেতাংগ চৰকাৰৰ লগত শান্তি চুক্তিত মিলিত হয় আৰু দক্ষিণ আফ্রিকাত বৰ্ণবৈষম্যৰ অৱসান ঘটায়। ১৯৯৪ চনত সকলো বৰ্ণৰ লোকৰ সমিলমিলেৰে দেশখনত নতুন চৰকাৰ গঠন কৰা হয়। থলুৱা আফ্ৰিকীয় ভাষাত এই বৰ্ণবাদ বিৰোধী আন্দোলনটোক ‘আপার্টাইট’ বুলি কোৱা হয়।

তথ্যৰ বিষয়

বিৱৰণ

মাটিকালি

১.৯১ লাখ বর্গ কিলোমিটাৰ

চাৰিসীমা

দক্ষিণ আফ্রিকাৰ চাৰিসীমাটো হৈছে- উত্তৰ দিশত: নামিবিয়া, জিম্বাব’ৱে আৰু বৎছোৱানা। পূব দিশত: এস্বাটিনি (পূৰ্বৰ স্বৱাজিলেণ্ড), মোজাম্বিক আৰু ভাৰত মহাসাগৰ। দক্ষিণ দিশত: ভাৰত মহাসাগৰ। পশ্চিম দিশত: আটলান্টিক মহাসাগৰ।

ক্ষুদ্রতম দেশ

লেছোট’ (মাটিকালিঃ ৩০,০০০ বর্গ কিলোমিটাৰ)

মালভূমি

হাইভেল্ড

পর্বতমালা

ড্রাকেন্সবার্গ

মৰুপ্ৰায় অঞ্চল

গ্রেইট কাৰু, লিটল কাৰু

প্রধান নদী

ওৰেঞ্জ (দৈর্ঘ্য ২,২০০ কিলোমিটাৰ)

প্রধান উপনৈ

ভাল

সৰু নৈ

বাফেল’, লিম্প’প’, টুগেল

জলবায়ু

উপক্রান্তীয় নাতিশীতোষ্ণ

বার্ষিক গড় বৃষ্টিপাত

প্রায় ৫০ ছেন্টিমিটাৰ

স্তন্যপায়ী প্রাণী

Big Five

মুঠ ৰাষ্ট্ৰীয় উদ্যান

১৯ খন

বর্তমান জনসংখ্যা

৬৫ নিযুত (২০২৫ চনৰ মতে)

জনসংখ্যাৰ ঘনত্ব

প্রায় ৫৩ জন (প্রতি বর্গ কিলোমিটাৰ)

দেশ

ষষ্ঠ জনবহুল দেশ

সর্বাধিক জনসংখ্যা

গ’টেংগ প্রদেশ

নগৰত বাস কৰে

প্রায় ৬৭ শতাংশ লোক

সৰ্ববৃহৎ নগৰ

জোহানেছবার্গ (জনসংখ্যা: ৫.৫ নিযুত)

দ্বিতীয় প্রধান নগৰ

কেপ টাউন (জনসংখ্যা ৫ নিযুত)

পুৰণি বন্দৰ নগৰ

কেপ টাউন

তৃতীয় প্রধান নগৰ

ডাৰবান (জনসংখ্যা প্রায় ৪.৫ নিযুত)

প্রধান নগৰ

স্বৱানি, নেলছন মাণ্ডেলা বে, বাফেল’, মাংগৌং

কৃষি শস্য

মাকৈ, ঘেঁহু, কুঁহিয়াৰ, বার্লি, আলু, নানাবিধ শাক-পাচলি, টেঙাজাতীয় ফল, আপেল, আঙুৰ আদি।

A. 20 Multiple Choice Questions (MCQs) with Answers

Q1. দক্ষিণ আফ্ৰিকাৰ মুঠ মাটিকালি কিমান? 

(A) ১.৫১ লাখ বর্গ কি.মি. 

(B) ১.৯১ লাখ বর্গ কি.মি. 

(C) ২.৯১ লাখ বর্গ কি.মি. 

(D) ৩.৯১ লাখ বর্গ কি.মি. 

Answer: (B) ১.৯১ লাখ বর্গ কি.মি.

Q2. হাইভেল্ড মালভূমিখনক আগুৰি থকা পৰ্বতমালাখনৰ নাম কি? 

(A) হিমালয় 

(B) আল্পছ 

(C) ড্রাকেন্সবার্গ 

(D) এণ্ডিজ 

Answer: (C) ড্রাকেন্সবার্গ

Q3. দক্ষিণ আফ্ৰিকাৰ কোনখন চহৰক ‘সোণৰ নগৰ’ বুলি জনা যায়? 

(A) কেপটাউন 

(B) ডাৰবান 

(C) প্রিট’ৰিয়া 

(D) জোহানেছবার্গ 

Answer: (D) জোহানেছবার্গ

Q4. লিটল কাৰু আৰু গ্রেইট কাৰু কিহৰ নাম? 

(A) দুখন নদীৰ নাম 

(B) দুখন পৰ্বতৰ নাম 

(C) দুটা মৰুপ্ৰায় অঞ্চলৰ নাম 

(D) দুখন চহৰৰ নাম 

Answer: (C) দুটা মৰুপ্ৰায় অঞ্চলৰ নাম

Q5. দক্ষিণ আফ্ৰিকাৰ প্ৰধান নদীখনৰ নাম কি? 

(A) নীল 

(B) আমাজান 

(C) ওৰেঞ্জ 

(D) ভাল 

Answer: (C) ওৰেঞ্জ

Q6. ওৰেঞ্জ নদীৰ দৈৰ্ঘ্য প্ৰায় কিমান? 

(A) ১,২০০ কি.মি. 

(B) ১,৫০০ কি.মি. 

(C) ২,০০০ কি.মি. 

(D) ২,২০০ কি.মি. 

Answer: (D) ২,২০০ কি.মি.

Q7. দক্ষিণ আফ্রিকাৰ জলবায়ু প্ৰধানকৈ কেনেকুৱা? 

(A) উপক্রান্তীয় নাতিশীতোষ্ণ 

(B) নিৰক্ষীয় 

(C) তুন্দ্ৰা 

(D) মৰু জলবায়ু 

Answer: (A) উপক্রান্তীয় নাতিশীতোষ্ণ

Q8. দক্ষিণ আফ্রিকাত বর্ণবৈষম্য বিৰোধী আন্দোলনৰ গুৰি কোনে ধৰিছিল? 

(A) মহাত্মা গান্ধী 

(B) আব্ৰাহাম লিংকন 

(C) নেলছন মেণ্ডেলা 

(D) জৰ্জ ৱাশ্বিংটন 

Answer: (C) নেলছন মেণ্ডেলা

Q9. আফ্রিকান নেচনেল কংগ্রেছ কাৰ ৰাজনৈতিক দল আছিল? 

(A) শ্বেতাংগসকলৰ 

(B) কৃষ্ণাংগসকলৰ 

(C) ভাৰতীয়সকলৰ 

(D) ওলণ্ডাজসকলৰ 

Answer: (B) কৃষ্ণাংগসকলৰ

Q10. নেলছন মেণ্ডেলা কেতিয়া কাৰামুক্ত হৈছিল? 

(A) ১৯৬২ খ্ৰীষ্টাব্দত 

(B) ১৯৪৮ খ্ৰীষ্টাব্দত 

(C) ১৯৯০ খ্ৰীষ্টাব্দত 

(D) ১৯৯৪ খ্ৰীষ্টাব্দত 

Answer: (C) ১৯৯০ খ্ৰীষ্টাব্দত

Q11. দক্ষিণ আফ্রিকাত মুঠতে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 

(A) ১০ খন 

(B) ১৫ খন 

(C) ১৯ খন 

(D) ২৫ খন 

Answer: (C) ১৯ খন

Q12. জনসংখ্যাৰ ফালৰ পৰা দক্ষিণ আফ্রিকা মহাদেশখনৰ ভিতৰতে কিমান নম্বৰ জনবহুল দেশ? 

(A) চতুৰ্থ 

(B) পঞ্চম 

(C) ষষ্ঠ 

(D) সপ্তম 

Answer: (C) ষষ্ঠ

Q13. দক্ষিণ আফ্ৰিকাৰ সৰ্বাধিক জনসংখ্যা থকা প্ৰদেশখনৰ নাম কি? 

(A) গ’টেংগ 

(B) কেপটাউন 

(C) ডাৰবান 

(D) জোহানেছবার্গ 

Answer: (A) গ’টেংগ

Q14. দক্ষিণ আফ্রিকাত থকা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ অনুপাত প্ৰায় কিমান? 

(A) ৬৫ শতাংশ 

(B) ৭৫ শতাংশ 

(C) ৮৫ শতাংশ 

(D) ৯৫ শতাংশ 

Answer: (C) ৮৫ শতাংশ

Q15. দক্ষিণ আফ্ৰিকাৰ খনিজ দ্ৰব্যসমূহৰ ভিতৰত তলৰ কোনবিধ প্ৰধান? 

(A) কয়লা 

(B) সোণ 

(C) চূণশিল 

(D) অভ্ৰ 

Answer: (B) সোণ

Q16. দক্ষিণ আফ্ৰিকাৰ একেবাৰে খিলঞ্জীয়া অধিবাসী কোনসকলক বুলি ধৰা হয়? 

(A) ব্ৰিটিছসকলক 

(B) ওলণ্ডাজসকলক 

(C) ফৰাচীসকলক 

(D) খৈছান আৰু খৈয়খৈয়সকলক 

Answer: (D) খৈছান আৰু খৈয়খৈয়সকলক

Q17. দক্ষিণ আফ্রিকালৈ ব্যৱসায়ৰ বাবে অহা প্ৰথম ইউৰোপীয় গোট কোনটো আছিল? (A) ব্ৰিটিছ 

(B) ফৰাচী 

(C) ওলণ্ডাজ 

(D) পৰ্তুগীজ 

Answer: (C) ওলণ্ডাজ

Q18. শ্বেতাংগ চৰকাৰে প্রণয়ন কৰা ‘পাচ আইন’ অনুসৰি কৃষ্ণাংগসকলে সদায় কি লগত ৰাখিব লাগিছিল? 

(A) অস্ত্ৰ 

(B) পৰিচয় পত্র 

(C) টকা-পইচা 

(D) খাদ্য 

Answer: (B) পৰিচয় পত্র

Q19. ১৯৬০ খ্ৰীষ্টাব্দৰ ২১ মাৰ্চত আৰক্ষীয়ে ক’ত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিছিল? 

(A) জোহানেছবাৰ্গত 

(B) কেপটাউনত 

(C) চার্ণভিল চহৰত 

(D) প্রিট’ৰিয়াত

 Answer: (C) চার্ণভিল চহৰত

Q20. দক্ষিণ আফ্ৰিকাৰ বর্ণবাদ বিৰোধী আন্দোলনটোক আফ্ৰিকাৰ ভাষাত কি বুলি কোৱা হৈছিল? 

(A) ছত্যাগ্রহ 

(B) আপার্টাইট 

(C) বিপ্লৱ 

(D) স্বৰাজ 

Answer: (B) আপার্টাইট

B. 15 Long Questions and Answers

১। দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ মূল বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক অৱস্থা অতিশয় বৈচিত্র্যময়। ইয়াৰ মাজভাগত সাগৰপৃষ্ঠৰ পৰা ১,২০০-১,৮০০ মিটাৰ উচ্চতাৰ হাইভেল্ড নামৰ মালভূমি আৰু ইয়াক আৱৰি থকা ড্রাকেন্সবার্গ পৰ্বতমালা অৱস্থিত। দেশৰ দক্ষিণ-পশ্চিম অংশত গ্রেইট কাৰু আৰু লিটল কাৰু নামৰ দুটা মৰুপ্ৰায় অঞ্চল আছে। ইয়াৰ উপৰি প্ৰায় ২,৭৯৮ কি.মি. দৈৰ্ঘ্যৰ এক উপকূলীয় অঞ্চলে দেশখনৰ পশ্চিম, দক্ষিণ আৰু পূব প্ৰান্ত আগুৰি আছে।

২। ‘Big Five’ বুলিলে কি বুজা যায় আৰু দক্ষিণ আফ্রিকাত পোৱা অন্যান্য বন্যপ্ৰাণীসমূহৰ নাম লিখা। 

উত্তৰঃ দক্ষিণ আফ্রিকাত পোৱা পাঁচবিধ প্ৰধান স্তন্যপায়ী প্রাণী অৰ্থাৎ সিংহ, বাঘ, হাতী, গঁড় আৰু ম’হক একেলগে ‘Big Five’ বুলি কোৱা হয়। এই প্ৰাণীসমূহৰ বাহিৰেও দেশখনত চিতা, জিৰাফ, জেব্রা, এন্টিলোপ আৰু বনৰীয়া কুকুৰৰ লগতে প্ৰায় ৮৫০ বিধ প্ৰজাতিৰ চৰাই দেখিবলৈ পোৱা যায়।

৩। দক্ষিণ আফ্ৰিকাৰ নদী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ আটাইতকৈ প্ৰধান নদীখনৰ নাম হৈছে ওৰেঞ্জ, যাৰ দৈৰ্ঘ্য প্ৰায় ২,২০০ কি.মি.। এই নদীখন ড্রাকেন্সবার্গ পাৰ্বত্য অঞ্চলৰ পৰা ওলাই আহি আটলান্টিক মহাসাগৰত পৰিছেহি। ওৰেঞ্জ নদীৰ প্ৰধান উপনৈখনৰ নাম হ’ল ভাল। ইয়াৰ উপৰিও দেশখনত বাফেল, লিম্পপ, টুগেল আদিৰ দৰে আন কেইখনমান সৰু সৰু নদীও বৈ গৈছে।

৪। জোহানেছবাৰ্গ নগৰখনৰ গুৰুত্ব কি আৰু ইয়াক কিয় ‘সোণৰ নগৰ’ বোলা হয়? 

উত্তৰঃ জোহানেছবার্গ হৈছে দক্ষিণ আফ্ৰিকাৰ সৰ্ববৃহৎ চহৰ আৰু গ’টেংগ প্ৰদেশৰ ৰাজধানী। বৰ্তমান ইয়াৰ জনসংখ্যা প্ৰায় ৫.৫ নিযুত। ১৮৮৬ চনত প্ৰধানকৈ সোণৰ খনিক কেন্দ্ৰ কৰিয়েই এই নগৰখনৰ আৰম্ভণি হৈছিল আৰু দ্ৰুতগতিত গঢ় লৈ উঠিছিল। সোণৰ খনিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই এই নগৰখনক ‘সোণৰ নগৰ’ বুলি আখ্যা দিয়া হয়।

৫। দক্ষিণ আফ্রিকাৰ জনসংখ্যাৰ বিষয়ে এটি চমু টোকা যুগুত কৰা। 

উত্তৰঃ জনসংখ্যাৰ ভিত্তিত দক্ষিণ আফ্রিকা হৈছে সমগ্ৰ আফ্রিকা মহাদেশৰ ভিতৰত ষষ্ঠখন জনবহুল দেশ। ২০২৫ চনৰ তথ্য অনুসৰি দেশখনৰ জনসংখ্যা প্ৰায় ৬৫ নিযুত। ইয়াত প্রতি বর্গ কিলোমিটাৰ এলেকাত প্ৰায় ৫৩ জন মানুহে বাস কৰে। দেশখনৰ পূব উপকূলীয় অঞ্চলসমূহত জনসংখ্যাৰ ঘনত্ব বেছি আৰু বিশেষকৈ গ’টেংগ প্ৰদেশতেই সৰ্বাধিক লোকে বাস কৰে।

৬। দক্ষিণ আফ্ৰিকাৰ কৃষিকাৰ্য আৰু প্ৰধান শস্যসমূহৰ বিষয়ে লিখা। 

উত্তৰঃ দক্ষিণ আফ্ৰিকাৰ বৈচিত্র্যপূর্ণ প্ৰকৃতি আৰু জলবায়ুৱে ইয়াৰ কৃষিলৈও ভিন্নতা আনিছে। অৱশ্যে দেশখনৰ মুঠ মাটিকালিৰ মাত্ৰ ১২ শতাংশতহে খেতি কৰা হয়। ইয়াৰ প্ৰধান উৎপাদিত শস্যসমূহৰ ভিতৰত মাকৈ, ঘেঁহু, কুঁহিয়াৰ, আলু, বাৰ্লি আদি উল্লেখযোগ্য। ইয়াৰ উপৰি বিভিন্ন শাক-পাচলি আৰু আঙুৰ, আপেল তথা টেঙাজাতীয় ফলমূলৰ খেতিও ইয়াত প্ৰচুৰ পৰিমাণে কৰা হয়।

৭। দক্ষিণ আফ্ৰিকাৰ খনিজ সম্পদ আৰু উদ্যোগসমূহৰ ওপৰত আলোকপাত কৰা। 

উত্তৰঃ খনিজ সম্পদৰ ক্ষেত্ৰত দক্ষিণ আফ্রিকা সমগ্ৰ মহাদেশখনৰ ভিতৰতে শীৰ্ষস্থানত আছে। সোণ, হীৰা, লোৰ আকৰ, ক্ৰ’মিয়াম আৰু প্লেটিনাম আদি দেশখনত পোৱা প্ৰধান খনিজ সম্পদ। এই সম্পদসমূহৰ ভিত্তিত দেশখনত লো-তীখা, যন্ত্ৰ-পাতি নিৰ্মাণ, ৰাসায়নিক আৰু মটৰগাড়ী নিৰ্মাণ উদ্যোগৰ দৰে বৃহৎ উদ্যোগসমূহ দ্ৰুতভাৱে গঢ় লৈ উঠিছে।

৮। দক্ষিণ আফ্রিকা দেশখনে বিদেশৰ পৰা কি কি সামগ্ৰী আমদানি কৰে আৰু বিদেশলৈ কি কি ৰপ্তানি কৰে? 

উত্তৰঃ দক্ষিণ আফ্রিকাই বিদেশৰ পৰা প্ৰধানকৈ ৰাসায়নিক পদার্থ, খাদ্য শস্য, পেট্র’লিয়াম জাতীয় সামগ্রী, সা-সঁজুলি আৰু বিভিন্ন যন্ত্রপাতি আমদানি কৰে। আনহাতে, দেশখনে নিজৰ খনিসমূহত উৎপাদিত হীৰা, সোণ, প্লেটিনাম, লোৰ আকৰৰ লগতে মটৰ-গাড়ী আৰু বিভিন্ন যন্ত্ৰ-পাতি বিশ্বৰ আন আন দেশলৈ ৰপ্তানি কৰে।

৯। দক্ষিণ আফ্ৰিকাৰ থলুৱা অধিবাসীসকল কোন আছিল আৰু তেওঁলোকৰ লগত ইউৰোপীয়সকলৰ সংঘাত কিয় হৈছিল? 

উত্তৰঃ খৈছান, চান, খৈয়খৈয় আৰু পিছলৈ প্ৰব্ৰজন কৰা বান্টু জনজাতিসমূহ আছিল দক্ষিণ আফ্ৰিকাৰ একেবাৰে থলুৱা বা খিলঞ্জীয়া অধিবাসী। ব্যৱসায়ৰ উদ্দেশ্যেৰে অহা ওলণ্ডাজ আৰু ব্ৰিটিছসকলে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰু থলুৱা লোকসকলক ক্রীতদাস হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱাৰ বাবেই ইউৰোপীয়সকলৰ লগত তেওঁলোকৰ সংঘাত হৈছিল।

১০। দক্ষিণ আফ্রিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সূত্ৰপাত কিয় ঘটিছিল? 

উত্তৰঃ দক্ষিণ আফ্রিকাত সংখ্যালঘু হৈয়ো শাসনৰ গাদীত বহা শ্বেতাংগ চৰকাৰখনে ক’লা ছালৰ কৃষ্ণাংগ থলুৱা লোকসকলৰ প্ৰতি চৰম বৈষম্যমূলক নীতি অৱলম্বন কৰিছিল। কৃষ্ণাংগসকলৰ সকলো মৌলিক আৰু ৰাজনৈতিক অধিকাৰ কাঢ়ি লোৱা হৈছিল আৰু সমাজত তেওঁলোকক নিম্ন স্থানত ৰখা হৈছিল। চৰকাৰৰ এই অমানৱীয় আৰু দমনমূলক শাসনৰ বিৰুদ্ধে মাত মাতিবলৈয়ে বৰ্ণ বৈষম্য বিৰোধী আন্দোলনৰ সৃষ্টি হৈছিল।

১১। ‘পাচ আইন’ কি আছিল আৰু ইয়াৰ বিৰুদ্ধে কি প্ৰতিবাদ হৈছিল? 

উত্তৰঃ ‘পাচ আইন’ আছিল দক্ষিণ আফ্ৰিকাৰ শ্বেতাংগ চৰকাৰে প্ৰণয়ন কৰা এখন অতিশয় বৈষম্যমূলক আইন, য’ত কৃষ্ণাংগ লোকসকলে সদায় নিজৰ লগত পৰিচয় পত্ৰ ৰখাটো বাধ্য কৰা হৈছিল। এই অন্যায়মূলক আইনৰ বিৰুদ্ধে ১৯৬০ চনৰ ২১ মাৰ্চত চার্ণভিল চহৰত কৃষ্ণাংগসকলে প্ৰতিবাদ কৰিছিল, য’ত আৰক্ষীৰ গুলীচালনাত ৬৯ জন নিৰীহ লোকৰ প্ৰাণহানি হৈছিল।

১২। নেলছন মেণ্ডেলা কোন আছিল আৰু বৰ্ণবাদ বিৰোধী আন্দোলনত তেখেতৰ অৱদান কি আছিল? 

উত্তৰঃ নেলছন মেণ্ডেলা আছিল ‘আফ্রিকান নেচনেল কংগ্ৰেছ’ৰ নেতা যিজনে দক্ষিণ আফ্ৰিকাৰ বর্ণবাদ বিৰোধী আন্দোলনটোৰ বলিষ্ঠ নেতৃত্ব দিছিল। তেখেতৰ নেতৃত্বতেই সমগ্ৰ দেশজুৰি এই আন্দোলন তীব্ৰতৰ হৈ উঠিছিল, যাৰ বাবে চৰকাৰে তেখেতক যাৱজ্জীৱন কাৰাদণ্ড দিছিল। কিন্তু তেখেতৰ অদম্য সাহস আৰু সংগ্ৰামৰ ফলতেই শেষত দক্ষিণ আফ্রিকাত বৰ্ণবৈষম্যৰ পতন ঘটিছিল।

১৩। দক্ষিণ আফ্ৰিকাৰ জনগোষ্ঠীগত বিভাজনৰ বিষয়ে বৰ্ণনা কৰা। 

উত্তৰঃ দক্ষিণ আফ্রিকাৰ জনসংখ্যাৰ সৰ্বাধিক অংশ, অৰ্থাৎ প্ৰায় ৮২ শতাংশ লোকেই হৈছে আফ্ৰিকীয় কৃষ্ণকায় জনগোষ্ঠীৰ। ইয়াৰ বাহিৰে প্ৰায় ৮.৫ শতাংশ ৰং বিশিষ্ট লোক, ৭ শতাংশ শ্বেতাংগ (পৰ্তুগাল, ইটালী, গ্ৰীচ আদিৰ পৰা অহা) আৰু বাকী থকা ২.৫ শতাংশ লোক ভাৰতীয় তথা এছীয় মূলৰ অধিবাসী।

১৪। আর্থিক দিশত দক্ষিণ আফ্রিকাৰ উন্নতিৰ মূল কাৰকসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ আর্থিকভাৱে দক্ষিণ আফ্রিকা উন্নতি লাভ কৰাৰ মূল কাৰক তিনিটা হৈছে— দেশখনৰ সুদীর্ঘ আৰু ব্যৱসায়ৰ বাবে সুবিধাজনক উপকূলীয় অৱস্থান, বহুমূলীয়া খনিজ আৰু অন্যান্য প্রাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা, আৰু উদ্যোগ তথা বেহা-বেপাৰৰ বাবে উপযোগী উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা।

১৫। দক্ষিণ আফ্ৰিকাৰ প্ৰধান নগৰসমূহ আৰু নগৰীকৰণৰ অৱস্থা কেনেকুৱা? 

উত্তৰঃ দক্ষিণ আফ্রিকা নগৰীকৰণৰ দিশত এখন উন্নত দেশ, য’ত মুঠ জনসংখ্যাৰ প্ৰায় ৬৭ শতাংশ লোকেই নগৰত বাস কৰে। জোহানেছবার্গ (৫.৫ নিযুত), কেপটাউন (৫ নিযুত) আৰু ডাৰবান (৪.৫ নিযুত) হৈছে দেশখনৰ ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয়খন বৃহৎ নগৰ। ইয়াৰ উপৰিও প্রিট’ৰিয়া, স্বৱানি, মাংগৌং আদি দেশখনৰ আন কেইখনমান উল্লেখযোগ্য চহৰ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ (দক্ষিণ আফ্ৰিকা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অধ্যায় ৪ পাঠটিত মূলতঃ কিহৰ বিষয়ে আলোচনা কৰা হৈছে?
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই পাঠটিত দক্ষিণ আফ্ৰিকাৰ ভৌগোলিক অৱস্থান, প্ৰাকৃতিক পৰিৱেশ, জলবায়ু, জনজীৱন আৰু খনিজ সম্পদৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু MCQ-ৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top