Class 8 Assamese Chapter 1 Solution (অংকুৰণ) – নিয়ৰ | SCERT Assam

SCERT Assam Class 8 Assamese Chapter 1 – “নিয়ৰ” Summary & Solutions

Class 8 Assamese Chapter 1 Solutions | Ospin Academy

SCERT Assam Class 8 Assamese (অংকুৰণ) Chapter 1 – “নিয়ৰ” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায়ৰ বিৱৰণ:

এই পাঠত “নিয়ৰ” নামৰ লেখাটিৰ মূল ভাব, বিষয়বস্তু, আৰু সাহিত্যিক গুৰুত্ব আলোচনা কৰা হৈছে।

  • নিয়ৰৰ ব্যাখ্যা: নিয়ৰ কেনেকৈ গঠিত হয় আৰু ইয়াৰ প্ৰাকৃতিক গুৰুত্ব।
  • সাহিত্যিক দৃষ্টিকোণ: নিয়ৰ সাহিত্যত কেনেকৈ উপস্থাপন কৰা হৈছে।
  • অসমীয়াৰ প্ৰসংগ: নিয়ৰ অসমীয়া সংস্কৃতি, কৃষি, আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ লগত কেনেকৈ জড়িত।

📌 অধ্যায় ১ অন্তৰ্ভুক্ত বিষয়বস্তু:

  • নিয়ৰ আৰু ইয়াৰ বৈশিষ্ট্য
  • নিয়ৰৰ প্ৰাকৃতিক আৰু বৈজ্ঞানিক ব্যাখ্যা
  • নিয়ৰ আৰু সাহিত্যিক অনুধ্যান
  • নিয়ৰৰ ভাৰতীয় সংস্কৃতি আৰু অসমৰ সৈতে সম্পৰ্ক

📝 Ospin Academy ৰ উপকৰণসমূহ:

  • সম্পূৰ্ণ সমাধান: SCERT Assam Class 8 Assamese Chapter 1 ৰ উত্তৰসমূহ।
  • MCQs & অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে সহায়ক বহু-বিকল্প প্ৰশ্ন।
  • সহজ ব্যাখ্যা: সকলো বিষয়বস্তু চমু আৰু সহজ ভাষাত ব্যাখ্যা কৰা হৈছে।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগত চাবলগীয়া সংক্ষেপিত নোট।

SCERT Assam Class 8 Assamese (অংকুৰণ) Chapter 1 – “নিয়ৰ” ৰ সমাধান পাবলৈ Ospin Academy ৰ সম্পূৰ্ণ PDF Notes অনুসৰণ কৰক।

Vibrant Note Box
Buy Printable PDF
Class 8 Assamese (অংকুৰণ) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Category:
Vibrant Note Box
Chapter 1: নিয়ৰ

Class 8 Assamese

Chapter – 1  (Ospin Academy)

নিয়ৰ

পাঠভিত্তিক ক্ৰিয়াঃ

১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা।

উত্তৰঃ কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িব আৰু আবৃত্তি কৰিব লাগিলে অতি মনোযোগেৰে শব্দবোৰ চাই শুদ্ধ উচ্চাৰণেৰে শব্দ কৰি পঢ়িবলৈ চেষ্টা কৰিবা।

২। উত্তৰ দিয়া।

(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?

উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে।

(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰঃ নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুটা মণিৰ লগত তুলনা কৰিছে।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰঃ নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে।

(ঘ) ফুলনিত কি ছিগি ৰৈ গ’ল?

উত্তৰঃ ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ’ল।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে।

৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰঃ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত ‘নিয়ৰ’ এটা ৰোমান্তিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান ‘নিয়ৰ’ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে।

প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক।

কবিৰ কল্পনাত নিয়ৰ নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা একোটা পাল চকুপানী।

৪। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ

শব্দ

অর্থ

ফটিক

নিৰ্মল, পৰিস্কাৰ।

শোভে

শুৱনি কৰি তোলা।

হেঙুলি

হেঙুল বৰণীয়া।

নিজম

নীৰৱ।

নিচুক

কান্দোন সামৰি স্থিৰ।

 

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।

“নিজম আকাশৰ নিচুক কথাটি

হিয়াত থৈছে সাঁচি,

কোন কাহানিৰ সপোন দেখিছে

কোনে হাঁহিছিল নাচি।”

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা’ দেৱৰ দ্বাৰা ‘ৰচিত ‘নিয়ৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে, সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে।

প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যয়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ’ল ‘নিয়ৰ’,।

৬। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা।

উদাহৰণ — ধোৱা — যোৱা।

উত্তৰঃ সাঁচি – নাচি।

মণি – কণি, পানী।

ভাহি – পাহি।

ব্যৱহাৰিক ব্যাকৰণঃ

৭। উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা।

উত্তৰঃ টোপনি – নিদ্ৰা, ঘূমতি।

বেলি – ৰবি, সূৰ্য।

পানী – জল, নীৰ।

ফুল – কুসুম।

নিশা – ৰাতি, নিশি।

সপোন – কল্পনা।

আকাশ – মহাশূণ্য, স্বৰ্গ।

চকু – নয়ন, আখি।

৮। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।

উত্তৰঃ ছিগা – নিছিগা।

পুৱা – সন্ধিয়া।

নিজম – হুলস্থুলীয়া।

সৰগ –

দিন – ৰাতি।

হাঁহি – কান্দোন।

৯। বাক্য ৰচনা কৰা।

উত্তৰঃ মুকুতা = ৰ’দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে।

পাহি = গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে।

শোভে = গোলাপ ফুলে গোটেই বাগিচাখনত শোভে

নিচুক = নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাচি থৈছিল।

ফটিক = নৈখনৰ ফটিক পানীত পদুমফুলবোৰ ধুনীয়াকৈ ফুলি আছে।

১০। ‘নিয়ৰ’ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ তৎসম – – – – – – – – – – তদ্ভৱ।

মুক্তা – – – – – – – – – – – – মুকুতা।

স্ফটিক – – – – – – – – — ফটিক।

তাৰা – – – – – – – – – – – – তৰা।

স্বৰ্গ——————- সৰগ।

মণি – – – – – – – – – – – — মনি।

১১। দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা।

শিক্ষা সম্বন্ধীয় – স্কেল।

খেল সম্বন্ধীয় – ক্রিকেট।

যানবাহন — স্কুটাৰ।

পােছাক-পাতি – ফ্রক।

আচবাব – টেবুল।

বাচন-বৰ্তন – কাপ।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১২। এটা শব্দত প্ৰকাশ কৰা।

(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে।

উত্তৰঃ চকুচৰহা।

(খ) একে মাকৰ সন্তান।

উত্তৰঃ সহোদৰ।

(গ) যাৰ ঘৰ-বাৰী নাই।

উত্তৰঃ অঘৰী।

(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে।

উত্তৰঃ অবিবেচক।

(ঙ) যি আগেয়ে হোৱা নাই।

উত্তৰঃ অভূতপূৰ্ব।

১৩। ‘নিয়ৰ’ কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা।

তৰা-নৰা ছিঙি – (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়)।

আকাশত চাং পতা – (অস্বাভাৱিক কল্পনা কৰা)।

পানীৰ তলৰ কাঁইট – (নেদেখা বিপদ, অজ্ঞাত শত্ৰু)।

কথা চহকী – (বেছিকৈ কথা কোৱা লোক)।

হিয়াৰ আমঠু – (অতি আদৰৰ)।

অলীক সপোন – (অমূলক কল্পনা)।

চকু চৰহা — (লোকৰ ভাল দেখিব নোৱৰা)।

উত্তৰঃ তৰা-নৰা ছিঙিঃ (বৰকৈ বেগাই) = খুৰাকৰ মৃত্য়ুৰ খবৰটো পাই পল তৰা-নৰা ছিঙি ঘৰলৈ আহিল।

আকাশত চাং পতাঃ (অস্বাভাৱিক কল্পনা কৰা) = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।

পানীৰ তলৰ কাঁইটঃ (নেদেখা বিপদ, অজ্ঞাত শত্ৰু) = ৰমেনে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।

কথা চহকীঃ (বেছিকৈ কথা কোৱা লোক) = অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।

হিয়াৰ আমঠুঃ (অতি আদৰৰ) = প্ৰত্য়েক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।

অলীক সপোনঃ (অমূলক কল্পনা) = অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।

চকু- চৰহাঃ (লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।

১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।

উত্তৰঃ (ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ’ল।

(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।

(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল।

(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ’ল।

(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ’ল।

(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।

১৫। দলত বহি নিজৰ নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা গুনা।

(ক) পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পোৱা অনুভূতি।

উত্তৰঃ তোমালোকে পুৱা খালী ভৰিৰে নিয়ৰসিক্ত দূবৰি গচকি পােৱা অনুভূতি বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰাঁ।

(খ) পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰ্ বিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ।

উত্তৰঃ তোমালোকে পদুম, কচু বা অন্যান্য গছৰ পাতত তিবিৰাই থকা নিয়ৰৰ টোপাল দেখি মনত জাগি অনুভৱৰ বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰা।

(গ) গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবোৰ।

উত্তৰঃ তোমালোকে গছৰ পাতৰ পৰা টোপা টোপে নিয়ৰ সৰা দেখি কৰা কল্পনাবােৰ নিজে লিখিবলৈ চেষ্টা কৰা।

১৬। সাঁথৰ ভাঙা।

(ক) মৌ-মাখি নহয় কিন্তু

কৰে গুণ্ শুণ্

বামুণ নহয় কিন্তু

কান্ধত লগুণ।

উত্তৰঃ যঁতৰ।

(খ) ৰজাৰ ঘৰৰ হাতী

ধান খায় পাচি পাচি।

উত্তৰঃ ঢেকী।

(গ) ৰজাৰ কাপোৰ তিয়াব পাৰি,

গুকুৱাব নোৱাৰি।

উত্তৰঃ জিভা।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Assamese Chapter 1 FAQs | নিয়ৰ | Ospin Academy
SCERT Assam Class 8 Assamese Chapter 1 – নিয়ৰ FAQs
1. “নিয়ৰ” পাঠৰ মূল বিষয়বস্তু কি?
“নিয়ৰ” পাঠত নিয়ৰৰ প্ৰকৃতি, বৈজ্ঞানিক দৃষ্টিকোণ, আৰু ইয়াৰ সাহিত্যিক প্ৰসংগ আলোচনা কৰা হৈছে।
2. SCERT Assam Class 8 Assamese Chapter 1 ৰ সমাধান ক’ত পাম?
Ospin Academy ত তুমি এই অধ্যায়ৰ সম্পূৰ্ণ সমাধান, MCQs, আৰু বৰ্ণনা পোৱা যাব।
3. “নিয়ৰ” পাঠ পৰীক্ষাত কিদৰে সহায় কৰিব?
এই পাঠৰ সমাধানৰ সহায়ত, তুমি মূল বিষয়বস্তু বুজি ভাল নম্বৰ লাভ কৰিব পাৰিব।
4. SCERT Class 8 Assamese অংকুৰণ কিতাপৰ PDF ক’ত পাব?
SCERT Assam ৰ অফিচিয়েল ৱেবছাইটত বা Ospin Academy ত তুমি PDF পোৱা যাব।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top