Class 8 Science Chapter 16 – পোহৰ (Light) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৬ – পোহৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘পোহৰ’ (Light) পদাৰ্থ বিজ্ঞানৰ এক অত্যন্ত আকৰ্ষণীয় পাঠ। পোহৰৰ প্ৰতিফলন, আইনাৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আৰু আমাৰ দৃষ্টি শক্তিৰ আঁৰৰ বৈজ্ঞানিক কাৰণসমূহ এই অধ্যায়ত বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠটিত আমি প্ৰতিফলনৰ সূত্ৰসমূহ, নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য, আৰু কেলইড’স্কপৰ দৰে যন্ত্ৰৰ কাৰ্যপ্ৰণালী শিকিব পাৰিম। বিশেষকৈ মানুহৰ কাণৰ দৰে মানুহৰ চকুৰ গঠন আৰু ইয়াৰ যত্নৰ বিষয়েও ইয়াত সুন্দৰকৈ বুজাই দিয়া হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চিহ্নিত চিত্ৰ আৰু বৰ্ণনামূলক সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- পোহৰৰ প্ৰতিফলনৰ দুটা মুখ্য সূত্ৰৰ সৰল ব্যাখ্যা।
- সমতল দাপোণত সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্য আৰু পাৰ্শ্বীয় বিলোমনৰ ধাৰণা।
- মানুহৰ চকুৰ বিভিন্ন অংশ (যেনে— কৰ্ণিয়া, আইৰিছ, লেন্স, ৰেটিনা) আৰু সেইবোৰৰ কাৰ্য।
- চকুৰ সাধাৰণ দোষসমূহ আৰু দৃষ্টি শক্তি অটুট ৰাখিবলৈ ল’বলগীয়া সাৱধানতা।
- ব্ৰেইল পদ্ধতি (Braille System) আৰু দৃষ্টিহীনসকলৰ বাবে ইয়াৰ গুৰুত্ব।
- নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল সমাধান।
- সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
- পোহৰ বিজ্ঞানৰ জটিল ডায়গ্ৰামসমূহৰ সৰল উপস্থাপন।
আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত উন্নত ফলাফল দেখুৱাবলৈ এই সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১৬ Ospin Academy
পোহৰ
১) ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা । কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে ? কোঠালিৰ বাহিৰৰ বস্তু বোৰ দেখিবানে ? ব্যাখ্যা কৰা ।
উত্তৰ:- অন্ধকাৰ কোঠালিৰ ভিতৰৰ বস্তুবোৰ দেখা পোৱা নাযাব । কোঠালিৰ ভিতৰৰ বস্তুবোৰৰ পৰা কোনো পোহৰ আহি আমাৰ চকুত নপৰে বাবে বস্তু বোৰ দেখা পোৱা নাযাব ।
বাহিৰৰ বস্তু বোৰৰ পৰা পোহৰ আহি আমাৰ চকুত পৰিব আৰু এই পোহৰে মগজুক সক্ৰিয় কৰিব । ফলত কোঠালিৰ বাহিৰৰ বস্তু বোৰ দেখা পোৱা যাব ।
২) নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য বোৰ লিখা । বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰ সমূহ বিফল হোৱা বুজায় নেকি ?
উত্তৰ:- নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলনৰ পাৰ্থক্য বোৰ হল –
ক) নিয়মিত প্ৰতিফলন বোৰ সাধাৰণতে সমতল, নিজম পৃষ্ঠৰ পৰা ঘটে । সেইবাবে প্ৰতিফলিত ৰশ্মি বোৰ প্ৰতিফলনৰ নিয়ম মানি একেফালে যায় ।
আনহাতে বিক্ষিপ্ত প্ৰতিফলন বোৰ খহটা, ওখৰা – মোখোৰা পৃষ্ঠৰ পৰা হয় বাবে প্ৰতিফলিত ৰশ্মি বিভিন্ন দিশত হয় ।
খ) নিয়মিত প্ৰতিফলনত লক্ষ্য বস্তু মাত্ৰ এক নিৰ্দিষ্ট দিশৰ পৰাহে দেখা পোৱা যায় ।
আনহাতে বিক্ষিপ্ত প্ৰতিফলনত যিকোনো দিশৰ পৰা লক্ষ্য বস্তু দেখা পোৱা যায় । বিক্ষিপ্ত প্ৰতিফলনে প্ৰতিফলনৰ সূত্ৰ সমূহ বিফল হোৱা নুবুজায় । বিক্ষিপ্ত প্ৰতিফলনতো পোহৰৰ প্ৰতিফলনৰ নিয়ম খাটে ।
৩) তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মি গুচ্ছ আপতিত হলে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা । তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিষ্ঠা কৰা ।
ক) চিকচিকিয়া কাঠৰ টেবুল ।
উত্তৰ:- চিকচিকিয়া কাঠৰ টেবুলৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । কাৰণ চিকচিকিয়া কাঠৰ টেবুল খনৰ পৃষ্ঠই সমমিত মিহি পৃষ্ঠৰ কাম কৰে ।
খ) চক পাউডাৰ ।
উত্তৰ:- চক পাউডাৰৰ পৰা বিক্ষিপ্ত প্ৰতিফলন ঘটিব । কাৰণ চক পাউডাৰৰ পৃষ্ঠ খন সমতল নহয় । ইয়াৰ মাজত ফাক থাকিব ।
গ) ডাঠ কাগজৰ পৃষ্ঠ ।
উত্তৰ:- ডাঠ কাগজৰ পৃষ্ঠত ওখৰা – মোখৰা । গতিকে ইয়াৰ পিঠিৰ পৰাও নিয়মিত প্ৰতিফলন নঘটি বিক্ষিপ্ত প্ৰতিফলন ঘটিব ।
ঘ) তিতি থকা মাৰ্বলৰ মজিয়া ।
উত্তৰ:- তিতি থকা মাৰ্বলৰ মজিয়াৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । মাৰ্বলৰ পৃষ্ঠ এনেয়ে নিমজ । তাৰোপৰি তিতি থাকিলে তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকিলে তাত পানী সোমাই পৃষ্ঠ সমতল হব ।
ঙ) দাপোন ।
উত্তৰ:- দাপোনৰ পৰা নিয়মিত প্ৰতিফলন ঘটিব । দাপোন হ’ল অতি নিমজ সমতল পৃষ্ঠ ।
চ) কাগজৰ টুকুৰা ।
উত্তৰ:- কাগজৰ টুকুৰাৰ পৰা বিক্ষিপ্ত প্ৰতিফলন ঘটিব । কাগজৰ টুকুৰা দেখাত নিমজ হলেও পোহৰৰ দৃষ্টি কোণৰ পৰা ইয়াৰ পৃষ্ঠ সমতল নহয় ।
৪) প্ৰতিফলনৰ সূত্ৰ সমূহ লিখা ।
উত্তৰ:- প্ৰতিফলনৰ সূত্ৰ সমূহ হল –
ক) আপতন কোন সদায় প্ৰতিফলন কোণৰ সমান ।
খ) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে ।
৫) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে খন সমতলতে থাকে বুলি দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা ।
উত্তৰ:- ড্ৰয়িং বৰ্ড বা টেবুলৰ ওপৰত এখন বগা কাগজ আট খুৱাই লগোৱা হল । এখন ফণি যোগাৰ কৰা আৰু ফণি খনৰ মধ্য ভাগত এটা সৰু ফাক ৰাখি বাকী বোৰ বন্ধ কৰি দিয়া হল। ইয়াৰ বাবে ক’লা কাগজৰ পটি ব্যৱহাৰ কৰিব পাৰি । ফনি খন কাগজৰ ওপৰত লম্বভাৱে ধৰা হ’ল ।
এফালৰ পৰা ফণিখন খোলা ফালটোত টৰ্চৰ পোহৰ পেলোৱা হল । ফণিখন আৰু টৰ্চটো সামান্য ইফাল – সিফাল কৰিলে কাগজৰ ওপৰেদি ফণিখনৰ আনটো ফালে পোহৰ ৰশ্মি এধাৰি চকুত পৰিব । ফনিখন আৰু টৰ্চটো স্থিৰ ৰখা হল । পোহৰ ৰশ্মিৰ পথত পটিৰ আকৃতিৰ এখন সমতল দাপোন স্থাপন কৰা হ’ল ।
পোহৰ ৰশ্মি দাপোন খনত খুন্দা খাই আন এটা দিশত প্ৰতিফলিত হৈছে । কোনো পৃষ্ঠত খুন্দা খোৱা ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয় । কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বোলে । গোটেই কাগজ খন এখন টেবুলৰ ওপৰত মেলি দিলে ই এখন সমতল বুজায় । আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই সমতলত থাকে ।
যেতিয়া আমি কাগজ খন ভাঁজ কৰি দিও তেতিয়া আপতিত ৰশ্মি আৰু অভিলম্ব থকা সমতল খনৰ পৰা এখন পৃথক সমতলৰ সৃষ্টি হব । তেনে অৱস্থাত তেওঁ আমি প্ৰতিফলিত ৰশ্মি নেদেখোঁ । ই ইয়াকে সূচায় যে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলতে থাকে । ই প্ৰতিফলনৰ এক সূত্ৰ ।
৬) খালী ঠাই পূৰ কৰা ।
ক) এখন সমতল দাপোনৰ ১ মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা ………………………….. মিটাৰ আঁতৰত থকা যেন লাগে ।
উত্তৰ:- ২ মিটাৰ ।
খ) সমতল দাপোনৰ সমুখত যদি তোমাৰ …………………….. কাণ খন সোঁহাতেৰে স্পৰ্শ কৰা তেন্তে দাপোনখনত তোমাৰ সোঁ কাণ খন ……………………….. হাতেৰে স্পৰ্শ কৰা যেন লাগিব ।
উত্তৰ:- বাওঁ , বাওঁ হাতেৰে ।
গ) ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ………………………. হব ।
উত্তৰ:- ডাঙৰ ।
ঘ) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ ………………………. থাকে ।
উত্তৰ:- কম ।
৭) আপতন কোণ প্ৰতিফলন কোণৰ সমান ।
ক) সদায় ।
খ) কেতিয়াবা ।
গ) বিশেষ অৱস্থাত ।
ঘ) কেতিয়াও নহয় ।
উত্তৰ:- ক) সদায় ।
৮) সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব,
ক) অসৎ, দাপোনৰ পিছফালে আৰু বিবৰ্ধিত ।
খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ।
গ) দাপোনৰ পৃষ্ঠত সৎ আৰু বিবর্ধিত ।
ঘ) সৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ ।
উত্তৰ:- খ) অসৎ, দাপোনৰ পিছফালে আৰু লক্ষ্য বস্তুৰ সমান আকাৰৰ ।
৯) এটা কেলিড‘স্ক‘পৰ গঠন বৰ্ণনা কৰা ।
উত্তৰ:- ১৫ ছে. মি. দীঘল আৰু ৪ ছে. মি. বহল আয়তাকাৰ পাতল দাপোনৰ তিনিটা টুকুৰা যোগাৰ কৰি লোৱা হ’ল । দাপোনৰ টুকুৰা তিনিটা এখন প্ৰিজম আকৃতিত সজাই লৈ ডাঠ কাগজৰ চুঙা এটাত আট খুৱাই লগোৱা হ’ল । সোঁমাজত ফুটা থকা এখন কাৰ্ড বৰ্ডৰ ঢাকণিৰে চুঙা টোৰ এটা মূৰ বন্ধ কৰি দিয়া হ’ল । ফুটাটোৰে চুঙাৰ অন্তৰ্ভাগ চাব পাৰি । ঢাকনি খন মজবুত কৰাৰ বাবে এটা স্বচ্ছ প্লাষ্টিক লগাই লোৱা হ’ল ।
দাপোনৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই দিয়া হ’ল । কাঁচ খনৰ ওপৰত কিছুমান সৰু সৰু ৰঙীন কাঁচৰ টুকুৰা ( ৰঙীন খাৰুৰ টুকুৰা ) থোৱা হ’ল । চুঙা টোৰ আনটো মূৰ কাঁচৰ ফলকেৰে বন্ধ কৰি দিয়া হ’ল । এইটোৱে হ’ল কেলিড’স্ক’প ।
১০) মানুহৰ চকুৰ এটা চিত্ৰ আঁকা ।
উত্তৰ:-

মানুহৰ চকুৰ চিত্ৰ
১১) মিতালীয়ে ক্ৰিয়াকলাপ ১৬.৮ টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল । তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে । শিক্ষকে কিহৰ ভিত্তিত এই পৰামৰ্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰ:- মিতালীয়ে ক্ৰিয়াকলাপ ১৬.৮ টো এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল । তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামৰ্শ দিলে। এই পৰামৰ্শটো যুক্তি সংগত । কাৰণ লেজাৰ ৰশ্মি সাধাৰণ পোহৰ ৰশ্মি নহয় । ই অতি শক্তিশালী । লেজাৰ ৰশ্মি চকুৰ মাজেৰে গলে চকুৰ লেন্স বা স্নায়ু কোষৰ ধ্বংস হৈ যায় । গতিকে বিকাৰ ঘটিব। বেছিকৈ লেজাৰ ৰশ্মি যাব দিলে অন্ধ হৈ যোৱাৰো সম্ভাৱনা থাকে ।
১২) তুমি চকুৰ যত্ন কেনেকৈ লব পাৰা বুজাই লিখা ।
উত্তৰ:- আমি চকুৰ যত্ন তলত দিয়া ধৰণে লব পাৰি –
ক) চকুৰ কিবা বিশেষ ধৰণৰ ৰোগ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লব লাগে । প্ৰয়োজন মতে উপযুক্ত পাৱাৰৰ চশমা লব লাগে ।
খ) অতি কম আৰু অতি বেছি দুয়োবিধ পোহৰেই চকুৰ বাবে বেয়া । তীব্ৰ পোহৰ যেনে – সূৰ্যৰ পোনপটীয়া পোহৰ, লেজাৰ ৰশ্মি, অক্সিএচিটিলিন শিখা (জালাই কামত ব্যৱহাৰ কৰা শিখা) আদিয়ে চকুৰ অক্ষিপটৰ ক্ষতি সাধন কৰে ।
গ) লেতেৰা হাত বা ৰুমালেৰে চকু মোহাৰিব নালাগে ।
ঘ) বাহিৰৰ পৰা ফুৰি চাকি আহিলে ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ চকু ধুব লাগে ।
ঙ) কিতাপ পঢ়োতে সদায় দৃষ্টিৰ স্বাভাৱিক দূৰত্বত ৰাখি কিতাপ পঢ়িব লাগে ।
১৩) প্ৰতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে ৯০° কোণ কৰিলে, আপতন কোণৰ মান কিমান হব ?
উত্তৰ:- প্ৰতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে ৯০° কোণ কৰিলে, আপতন কোণৰ মান ৪৫° হব ।

<i + <r = ৯০°
কিন্তু, <i + <r
গতিকে, ২<i = ৯০°
<i = ৪৫°
১৪) ৪০ চে. মি. পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা কিমান হব ।
উত্তৰ:- ৪০ চে. মি. পাৰ্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপোনৰ মাজত এডাল মম ৰাখিলে মমডালৰ প্ৰতিবিম্বৰ সংখ্যা অসংখ্য হব । কাৰণ পৰস্পৰ সমান্তৰাল দুখন দাপোনৰ মাজত ৰখা বস্তুৰ প্ৰতিবিম্বৰ সংখ্যা অসীম হয় ।
১৫) দুখন দাপোন সমকোনত ৰখা হৈছে । চিত্ৰ ১৬.১৯ ত দেখুওৱাৰ দৰে এটা পোহৰ ৰশ্মি তাৰে এখনত ৩০° কোণত আপতিত হৈছে । এতিয়া আনখন দাপোনৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মি আঁকা ।
উত্তৰ:-

আনখন দাপোনৰ পৰা ৬০° প্ৰতিফলিত কোণেৰে ৰশ্মিটো প্ৰতিফলিত হব ।
১৬) চিত্ৰ ১৬.২০ ত দেখুওৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে A স্থানত প্ৰজ্ঞান থিয় হৈ আছে । সি দাপোনত নিজকে দেখা পাবনে ? তদুপৰি সি P, Q আৰু R স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্ব দেখা পাবনে?
উত্তৰ:- চিত্ৰ ১৬.২০ ত দেখুওৱাৰ দৰে এখন সমতল দাপোনৰ এমূৰে A স্থানত প্ৰজ্ঞান থিয় হৈ আছে । সি দাপোনত নিজকে দেখা নাপায় । প্ৰজ্ঞানে মাত্ৰ P ৰ প্ৰতিবিম্বহে দেখিব । Q আৰু R ৰ প্ৰতিবিম্ব প্ৰজ্ঞানৰ চকুত নপৰিব ।

১৭) ক) সমতল দাপোনৰ সমুখত A স্থানত থকা কোনো লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ অৱস্থান উলিওৱা (চিত্ৰ – ১৬.২১)।
উত্তৰ:-

খ) প্ৰহেলিকাই B অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাবনে?
উত্তৰ:- হয় । প্ৰহেলিকাই B অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাব।
গ) প্রজ্ঞানে অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাবনে?
উত্তৰ:- হয় । প্রজ্ঞানে অৱস্থানত ৰৈ এই প্ৰতিবিম্ব দেখিবলৈ পাব ।
