Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 25 Solution – আমাৰ মৌলিক কৰ্তব্য | SCERT Assam

Class 8 Social Science Chapter 25 – আমাৰ মৌলিক কৰ্তব্য – All Textual Solutions | ASSEB Assam (Assamese Medium)

Class 8 Social Science Chapter 25 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 25 – “আমাৰ মৌলিক কৰ্তব্য” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

আমাৰ মৌলিক কৰ্তব্য (Fundamental Duties) explains the responsibilities of Indian citizens as per the Constitution. These duties ensure national integrity, unity, and ethical values.

  • What are Fundamental Duties? Moral responsibilities that every citizen should follow.
  • Importance: Ensures respect for the nation, its culture, and the law.
  • Examples: Respecting the Constitution, protecting national heritage, promoting harmony.

📌 Key Topics Covered:

  • What are Fundamental Duties?
  • Why are Fundamental Duties important?
  • How do Fundamental Duties promote national integrity?
  • What happens if citizens ignore their duties?

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 25 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 25 – “আমাৰ মৌলিক কৰ্তব্য” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
class 8 social science
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 25: আমাৰ মৌলিক কৰ্তব্য

Class 8 Social Science

Chapter – 25   (Ospin Academy)

আমাৰ মৌলিক কৰ্তব্য

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা—

(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা?

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱনধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়।

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি?

উত্তৰঃ ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিগুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।

(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে?

উত্তৰঃ জাতীয় পতাকা খন দেশৰ সন্মানৰ ধ্বজা সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে।

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি?

উত্তৰঃ বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়ম মানি চলিব লাগে। বিদ্যালয়ৰ স্বাৱৰ বা অস্তাৱৰ সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগিব।

২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যৰ বিষয়ে লিখা।

উত্তৰঃ সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যসমূহ হ’ল–

১। সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্রতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা।

২। স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা, মহান আদর্শসমূহ পোষণ আৰু অনুসৰণ কৰা।

৩। ভাৰতবৰ্ষৰ সার্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা।

৪। দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা।

৫। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্রাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মর্যাদা হানিকৰ আচৰণ ত্যাগ কৰা।

৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে লিখা।

উত্তৰঃ এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা—

(ক) সমাজসেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা।

(খ) শৃংখলাবদ্ধ জীৱন-যাপন কৰিবলৈ শিকা।

৪। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি—

(ক) জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক দিয়া, ৰক্ষণাবেক্ষণ কৰা।

(খ) প্রাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা।

(গ) যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা।

(ঘ) গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা।

(ঙ) পাৰিপাশ্বিক ভাৰসাম্যতা ৰক্ষাৰ ব্যৱস্থা কৰা।

৫। খালী ঠাই পূৰ কৰা—

(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেশুৰ ভিতৰত গাই শেষ কৰিব লাগে।

(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।

(গ) ৬-১৪ বছৰৰ সকলো শিগুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।

(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১টা কৰ্তব্যৰ কথা উল্লেখ আছে।

৬। শুদ্ধটো বাছি উলিওৱা—

(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে/লাগে।

উত্তৰঃ লাগে।

(খ) নলা-নৰ্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে/নালাগে।

উত্তৰঃ নালাগে।

(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে।

উত্তৰঃ লাগে।

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে/লাগে।

উত্তৰঃ লাগে।

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে/নালাগে।

উত্তৰঃ লাগে।

৭। জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য হ’ল–

(ক) মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি।

(খ) শৃংখলাবদ্ধ জীৱনশৈলী জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানবীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে। মানসিকভাৱে সুস্থ সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগী দৰে চেতনা জাগ্রত হয়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ২৫ (আমাৰ মৌলিক কৰ্তব্য) – সঘনাই সোধা প্ৰশ্ন (FAQs)
ভাৰতীয় সংবিধানত বৰ্তমান কেইটা মৌলিক কৰ্তব্য সন্নিৱিষ্ট আছে?
ভাৰতীয় সংবিধানত বৰ্তমান মুঠ ১১ টা (১১ টা) মৌলিক কৰ্তব্য সন্নিৱিষ্ট আছে। প্ৰথম অৱস্থাত ১০ টা কৰ্তব্য আছিল যদিও পৰৱৰ্তী সময়ত শিক্ষা বিষয়ক আন এটা কৰ্তব্য সংযোজন কৰা হয়।
মৌলিক কৰ্তব্যসমূহ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে?
মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানৰ ৫১(ক) [Article 51A] অনুচ্ছেদত উল্লেখ আছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে মৌলিক কৰ্তব্যসমূহৰ তালিকা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে দীঘলীয়া প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top