Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 6 Solution – ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা | SCERT Assam | SEBA Assam

SCERT Assam Class 8 Social Science Chapter 6 – “ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা” Summary & Solutions

Class 8 Social Science Chapter 6 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 6 – “ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা (Industries and Transport in India) explains the importance of industries, their types, and the development of transportation networks across the country.

  • Major Industries: Textile, iron & steel, petrochemicals, IT, and agriculture-based industries.
  • Transport Systems: Railways, roadways, waterways, and airways.
  • Role of Transportation: Economic growth, trade, and connectivity.

📌 Key Topics Covered:

  • Types of industries in India
  • Factors influencing industrial development
  • Importance of transport and communication
  • Challenges in India’s transport sector

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 6 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 6 – “ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 6: ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা

Class 8 Social Science

Chapter – 6   (Ospin Academy)

ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।

উত্তৰঃ আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ’ল লো তীখা উদ্যোগ।

(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।

উত্তৰঃ এবিধ ইন্ধন খনিজৰ নাম হ’ল খাৰুৱা তেল।

(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ’ল মহাৰাষ্ট্ৰ।

(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।

উত্তৰঃ ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱা বিধৰ নাম হ’ল ৰেল পৰিবহণ সেৱা।

২। শুদ্ধ উত্তৰটো লিখা —

(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত —

(ক) তৃতীয়।

(খ) দ্বিতীয়।

(গ) প্ৰথম।

উত্তৰঃ (গ) প্ৰথম।

(খ) ভাৰতত প্ৰথমে ৰেল চলিছিল —

(ক) ১৮৩৫ চনত।

(খ) ১৯৩৫ চনত।

(গ) ১৮৫৩ চনত।

উত্তৰঃ (গ) ১৮৫৩ চনত।

(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল —

(ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(খ) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

উত্তৰঃ (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল —-

(ক) অসম।

(খ) কেৰালা।

(গ) অন্ধপ্ৰদেশ।

উত্তৰঃ (খ) কেৰালা।

৩। উত্তৰ লিখা —

(ক) ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে?

উত্তৰঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল–

১। উত্তৰ-পূব উপদ্বীপীয় বলয় ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ।

২। মধ্য বলয় ছত্তিশগড়, অন্ধ প্ৰদেশ, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ।

৩। দক্ষিণ বলয় কৰ্ণাটক মালভূমি আৰু তামিলনাডু।

৪। দক্ষিণ-পশ্চিম বলয় কৰে কৰ্ণাটক আৰু গোৱা।

৫। দক্ষিণ-পশ্চিম বলয় কৰ্ণাটক আৰু গোৱা।

৬। উত্তৰ-পশ্চিম বলয় আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট।

৭। উত্তৰ-পূব তৈল বলয় অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা।

(খ) ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম হ’ল–

১। জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ।

২। বাৰ্ণপুৰ লো-তীখা উদ্যোগ।

৩। ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো আৰু তীখা উদ্যোগ।

৪। ৰুৰকেল্লা তীখা উদ্যোগ।

৫। ভিলাই তীখা উদ্যোগ।

(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?

উত্তৰঃ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়। বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবেমুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে।

৪। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।

উত্তৰঃ অতীজত মানুহে এঠাইৰ পৰা অন্য ঠাইলৈ খোজ কাঢ়ি নাইবা হাতী, ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। জলভাগত নাৱেৰ দ্বাৰা মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল। পুৰণি যাতায়ত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিছে। বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে। অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী।

ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যানবাহন বোৰে আগতকৈ কম পৰিমাণে পৰিৱেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে।

৫। পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰাস্বৰূপ। কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা।

উত্তৰঃ ১। পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়।

২। পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণ সেৱাত ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে।

৩। পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে। ৰেলসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত ৰেল পৰিবহন ব্যৱস্থাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল।

৬। ভুচিত্ৰাৱলীৰ সহায়ত লিখা—

(ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।

উত্তৰঃ অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নামসমূহ হ’ল তিনিচুকীয়া, ডিব্ৰুগড়, শি‌ৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙ্গাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি।

(খ) ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম।

উত্তৰঃ ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নামসমূহ হ’ল নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়।

(গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম।

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম হ’ল মোকংচেলেক।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 6 FAQs | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 6 – ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা FAQs
1. What are the major industries in India?
Major industries include textile, iron & steel, petrochemicals, IT, and agriculture-based industries.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 6 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. Why is transportation important for industrial growth?
Efficient transport systems help in the movement of raw materials, distribution of finished products, and economic development.
4. What are the different modes of transportation in India?
India has railways, roadways, waterways, and airways for transportation.
5. How does “ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা” help in exam preparation?
This chapter provides insights into industries, transport, and their role in economic development, which are important for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top