Class 9 Assamese Chapter 13 হনুমানৰ লঙ্কা দৰ্শন Solutions | ASSEB Assam | Assamese Medium

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৩ – হনুমানৰ লঙ্কা দৰ্শন (Hanumanor Lanka Darshan) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৩ – হনুমানৰ লঙ্কা দৰ্শন (মাধৱ কন্দলী) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘হনুমানৰ লঙ্কা দৰ্শন’ আদি কবি মাধৱ কন্দলীৰ দ্বাৰা ৰচিত এক অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 13 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘হনুমানৰ লঙ্কা দৰ্শন’ নামৰ এই পাঠটিত হনুমানৰ লঙ্কা প্ৰৱেশ আৰু লঙ্কাৰ ঐশ্বৰ্য-বিভূতিৰ এক সুন্দৰ কাব্যিক বৰ্ণনা দাঙি ধৰা হৈছে। মাধৱ কন্দলীৰ শক্তিশালী লেখনীৰ জৰিয়তে ৰামায়ণৰ এই বিশেষ খণ্ডটো অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদত পৰিণত হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, কাব্যিক ৰস আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • হনুমানৰ লঙ্কা দৰ্শনৰ মূল ভাৱ, কাব্যিক সৌন্দৰ্য আৰু মাধৱ কন্দলীৰ সাহিত্যিক পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, পুৰণি অসমীয়া শব্দৰ আধুনিক ৰূপ আৰু ছন্দৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সমাধান।
  • পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 13: হুনুমন্তৰ লঙ্কা দৰ্শন

হনুমন্তৰ লঙ্কাদৰ্শন

  1. চমুকৈ উত্তৰ লিখাঃ

(ক) মাধৱ কন্দলী কোন আছিল ?

উত্তৰঃ মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখ্যযোগ্য কবি আছিল । এওঁ চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল ।

(খ) মাধৱ কন্দীলীয়ে কোনখন সময়ত মহাকাব্য অনুবাদ

কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলীয়ে ৰামায়ণ মহাকাব্য অনুবাদ কৰিছিল ।

(গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা

যায় ?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা কাণ্ড পোৱা যায় ।

(ঘ) মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত

কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে পূৰ্ব কবি অপ্ৰমাদী বুলি অভিহিত কৰিছিল ।

(ঙ) মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট

কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে ?

উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিবিষ্ট উত্তৰাকাণ্ডটো শংকৰদেৱে ৰচনা কৰে ।

(চ) হনুমন্তৰ লঙ্কাদৰ্শনৰ – কাব্যাশংত কোনটো কাণ্ডৰ

পৰা লোৱা হৈছে ?

উত্তৰঃ হনুমন্তৰ লঙ্কাদৰ্শনৰ – কাব্যাশংত ৰামায়ণৰ সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে ।

2. মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনাৰ

নাম উল্লেখ কৰা ।

উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজন হৈছে – হেমসৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী ।

3. মধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ? তেওঁ ক’ৰ ৰজা আছিল ?

উত্তৰঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ।

তেঁও অসমৰ পূৱ-মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল । এওঁক বাৰাহ বা বৰাহী বুলিও কোৱা হয় ।

4. তলত দিয়াবোৰ টোকা লিখাঃ

হনুমন্ত, সুগ্ৰীৱ, নীল, অম্ভ্ৰৱতী, কাশ্যপ-নন্দন, বিশ্বকৰ্মা।

উত্তৰঃ

হনুমন্তঃ হনুমন্ত অযোধ্যৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত । এওঁ বায়ুদেৱতাৰ পুত্ৰ আছিল । সীতা উদ্ধাৰ কাৰ্যত হনুমন্তই ৰামচন্দ্ৰক সহায় কৰিছিল । এওঁ অতি বলী আৰু পৰাক্ৰমী আছিল । কথিত আছে, হনুমন্তই সীতাৰ অন্বেষণত যাওঁতে একে জাপে সাগৰ পাৰ হৈছিল । সেইদৰে সীতা উদ্ধাৰৰ বাবে ৰাম-ৰাৱণৰ মাজত লগা যুদ্ধত মেঘনাদৰ হাতত মৃত্যু হোৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ সঞ্জীৱনৰ প্ৰয়োজন হোৱাত হনুমন্তই গন্ধমাদন পাহৰখন তুলি লৈ আনিছিল ।

সুগ্ৰীৱঃ সুগ্ৰীৱ কিষ্কিন্ধ্যাৰ বানৰ ৰজা বালিৰ ভায়েক । এওঁ ৰামচন্দ্ৰই সহায় কৰিছিল । বালিৰ লগত হোৱা অন্যায় যুদ্ধত ৰামচন্দ্ৰই সুগ্ৰীৱক সহায় কৰিছিল আৰু বালিক বধ কৰি সুগ্ৰীৱক কিষ্কিন্ধ্যাৰ ৰজা পাতিছিল ।

নীলঃ নীল সীতা উদ্ধাৰৰ বাবে বাবে লগা ৰাম-ৰাৱণৰ যুদ্ধৰ এজন সেনাপতি আছিল । এওঁ সীতা অন্বেষণত আৰু সাগৰত সেঁতু বন্ধা কাৰ্যত ৰামচন্দ্ৰক সহায় কৰিছিল

অম্ভ্ৰৱতীঃ অম্ভ্ৰৱতী দেৱৰাজ ইন্দৰ ৰাজধনী আছিল । এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল । ইয়াৰ সৌন্দৰ্য অতি বিতোপন আছিল ।

কাশ্যপ-নন্দনঃ সূৰ্য দেৱতাৰ আন এক নাম হৈছ কাশ্যপ-নন্দন । ৰামায়ণ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্যদেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল ।এওঁ হিন্দু ধৰ্মৰ তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা । এওঁক ত্ৰৈলোক্যৰ প্ৰদীপ বুলিও কব পাৰি ।

বিশ্বকৰ্মাঃ বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত ।এওঁক দেৱতাসকলৰ বিমান আৰু অলঙ্কাৰসমূহ নিৰ্মাণ কৰা দেৱতাৰূপেও জনা যায় । ইন্দৰ ৰাজধানী অম্ভ্ৰৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰদ্বাৰই সাধিত হৈছিল । এওঁ দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা ।

5. লংকা নগৰীৰ কাষৰ বন-বনিত হনুমন্তই কি কি ফল-ফুলৰ গছ দেখিবলৈ পাইছিল ?

উত্তৰঃ লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্ত দেখা ফলৰ গছবোৰ হল – তেতেলি, পিয়াল, নাৰঈ, বদৰ, বীজপুৰ, কবিথু, আম, জাম, খাজুৰি, আমলখি, ডহাফল, তামোল, নাৰিকল, শ্ৰীফল, আদি আৰু ফুলৰ গছবোৰ হল – গুলাল, পাৰিজাত, সেউতী, মালতী, গুটিমালী আদি ।

6. হনিমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল ? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল ?

উত্তৰঃ হনুমন্তই মেকুৰীৰ দৰে ৰূপ ধৰি লৈ লংকা নগৰীত প্ৰৱেশ কৰিছিল । তেওঁ সেই ৰূপ ধৰাৰ কাৰণ হল তেওঁৰ নিজা মস্ত শৰীৰটো ৰাক্ষস সকলে তেওঁক ধৰি-বান্ধি ঘৰে ঘৰে ফুৰাই লৈ ঘুৰিব ।

7. হনুমন্তই গধুলি সময়ত দেখা লংকা নগৰীৰ এটি বৰ্ণনা দিয়া ।

উত্তৰঃ হনুমন্তই গধূলি সময়ত লংকা নগৰীৰ দৃশ্য দেখিলে । গোটেই নগৰখেনি যেন দ্বিতীয় অম্ভ্ৰাৱতীহে । বিশ্বকৰ্মাই যেন বৰ যত্নৰে নগৰীখন নিৰ্মাণ কৰিছে চাৰিওফালে সোণৰ নিৰ্মিত আকাশলঙঘী গড় । তাৰ গাত মাণিক মুকুতাই তিৰবিৰাই আছে । নান ৰকমৰ যন্ত্ৰ-পাতি তাত সাজু কৰি ৰখা হৈছে।

8. সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল ?

উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ এনেধৰণৰ চিন্তা আহিল যে আঈদ, সুগ্ৰীৱ, নীল আৰু তেওঁ এই বিশাল সমুদ্ৰ পাৰ হৈ আহি এই নগৰীত প্ৰৱেশ কৰাটো একো ডাঙৰ কথা নহয় যিহেতু এওঁ নিজেই ইতিমধ্য সুকলমে এই বিশাল সনুদ্ৰ সাহসেৰে পাৰ হৈ আহিছে , কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ? পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।

9. সুবলে শৃংগত বহি হনুমন্তই কি ভাবিছিল ?

উত্তৰঃ সীতাৰ অন্বষেণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে ।সুবলে শৃংগত বহি হনুমন্তই অতি গৰ্বিত অনূভৱ কৰে আৰু ভাবিবলৈ ধৰে যে শতেক যোজনাৰ সাগৰখন পাৰ হৈ অহা কোনো গৰ্বৰ কথা নহয় কাৰণ কৌটি যজন পাৰ হৈ যাবলৈও হনুমন্তৰ সাহস আছে। তেওঁ অকণো ভয়-শংকা নোহোৱাকৈ সাগৰ পৰা হ’ল আৰু সুবলতে বহি লঙ্কা নগৰীখন চাবলৈ ধৰিলে ।

10. হনুমন্তই লঙ্কাদৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ ৰাৱণে হৰণ কৰি নিয়া সীতাৰ অন্বষেনত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবলে বা ত্ৰিকূটগিৰি শৃংগত অৱতৰণ কৰে ।সুবেলিগিৰে শৃংগত বহি লঙ্কা নগৰীখন চাই থাকোঁতেই সূৰ্য অস্ত যাবলৈ লোৱাত কিছু সময়ৰ বাবে সূৰ্যদেৱতাক প্ৰকাশিত হৈ থাকিবলৈ হনুমানে প্ৰাৰ্থনা জনায় যাতে দিনৰ পোহৰত তেওঁ লঙ্কাৰ গড়টো চাব পাৰে ।হনুমানৰ প্ৰাৰ্থনাত সূৰ্যদেৱতা তুষ্ট হৈ কিছু সময়ৰ বাবে প্ৰকাশিত হৈ থকাত হনুমানে দিনৰ পোহৰত লঙ্কা নগৰীখন দেখা পায় আৰু তালৈ যাবলৈ ওলায় ।এই পথছোৱাৰ সৌন্দৰ্য অতি বিতোপন। চাৰিওফালে থকা বননিবোৰৰ মাজত থকা পুখুৰীবোৰত পদুল ফল-ফুলৰ গছ দেখা জকমকাই আছে আৰু ভোমাৰাবোৰে সেই ফুলৰ মধু পান কৰি গুঞ্জন তুলিছে । এই বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-ফুলৰ গছ দোখা পাইছে সেইবোৰ হ’ল – সৰল, পিয়াল, খৰ, ৱিখৰ, খেজুৰ, শাল, তাল, তমাল, গামাৰি, বীজপুৰ, বৰগছ, ঔটেঙা, বট, কমলা, হাৰিঠা, আমলখি, ডহাফল, ছতিয়ানা, তোমোল, নাৰিকল, শ্ৰীফল, সোলেং, মহৰি, অমৰা কদ্দৈ, আদি এই গছবোৰৰ পৰা গোটেই বছৰ জুৰি শীতল বতাহ বলি থাকে বছৰটোৰ ছয়টা ঋতুতেই কুলিয়ে সুললিত কণ্ঠে গীত জুৰে । তাত বিভিন্ন ধৰণৰ জীৱ-জন্ত আৰু সোণ, মাণিক, মণি, ৰত্ন আদি আছে ।কিন্ত সেই বান্দৰ সেনাবোৰ সাগৰ পাৰ হৈ কেনেকৈ এই লংকা নগৰীত প্ৰৱেশ কৰিব আৰু বান্দৰবোৰ সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰ লঙ্কালৈ কিদৰে আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিলে কি কৰিব ? পুনৰ ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা ভাবি মনলৈ পৰিমাণে আশাৰ সঞ্চাৰ হৈছিল ।

ভাষা বিষয়ক

11. তলৰ শব্দবোৰ আধুনিক ৰূপ লিখাঃ

কন্টকি, ছাতিয়াল, তহিতে, দেখিলন্ত ।

উত্তৰঃ

কন্টকি = কাই ।

ছাতিয়াল = ছতিয়না গছ ।

তহিতে = তাত ।

দেখিলন্ত = দেখিলে

12. সমাৰ্থক শব্দ লিখাঃ

গগন, বিৰাল, গড়, সমুদ্ৰ, পৱন ।

উত্তৰঃ

গগন = আকাশ ।

বিৰাল = মেকুৰী ।

গড় = প্ৰাচীৰ ।

সমুদ্ৰ = সাগৰ ।

পৱন = বতাহ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৩ (হনুমানৰ লঙ্কা দৰ্শন) – সঘনাই সোধা প্ৰশ্ন (FAQs)
হনুমানৰ লঙ্কা দৰ্শন পাঠটিৰ ৰচক কোন?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত এই পাঠটিৰ ৰচক হ’ল আদি কবি মাধৱ কন্দলী। তেওঁ সপ্তকাণ্ড ৰামায়ণৰ বাবে বিখ্যাত।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো সমাধান, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত হয়নে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু শিক্ষা নীতিৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
হনুমানৰ লঙ্কা দৰ্শনৰ পৰা পৰীক্ষাত কেনে প্ৰশ্ন আহে?
এই পাঠৰ পৰা বিশেষকৈ অতি চমু প্ৰশ্ন, লঙ্কাৰ বৰ্ণনা আৰু পুৰণি অসমীয়া শব্দৰ আধুনিক ৰূপ সম্পৰ্কীয় প্ৰশ্ন পৰীক্ষাত সঘনাই সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top