Class 9 Assamese Chapter 14 সুখ Solutions | ASSEB Assam | Assamese Medium

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৪ – সুখ (Sukh) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৪ – সুখ (আনন্দচন্দ্ৰ আগৰৱালা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘সুখ’ জোনাকী যুগৰ বিশিষ্ট কবি ‘বকুলবনৰ কবি’ আনন্দচন্দ্ৰ আগৰৱালাৰ দ্বাৰা ৰচিত এটি কালজয়ী কবিতা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 14 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘সুখ’ কবিতাটিত কবিয়ে প্ৰকৃত সুখ কি আৰু ইয়াক ক’ত পোৱা যায়, তাৰ এক গভীৰ দৰ্শন দাঙি ধৰিছে। আনৰ কল্যাণৰ বাবে নিজক উৎসৰ্গা কৰাৰ মাজতেই যে প্ৰকৃত সুখ নিহিত থাকে, কবিয়ে এই বাৰ্তা কবিতাটিৰ মাজেৰে দিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই কবিতাৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো পৰীক্ষাৰ দৃষ্টিভংগীৰ পৰা অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সুখ কবিতাৰ মূল ভাৱ, সামাজিক দায়বদ্ধতাৰ ধাৰণা আৰু আনন্দচন্দ্ৰ আগৰৱালাৰ সাহিত্যিক পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু কাব্যিক ছন্দৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সমাধান।
  • সুখ কবিতাৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 14: সুখ

সুখ

  1. অতি চমু প্ৰশ্ন উত্তৰ দিয়াঃ

(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি ?

উত্তৰঃ মানুহৰ সুখ-দুখৰ আচল কথা নিজৰ কৰ্ম আৰু মন ।

(খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি

কবিয়ে কৈছে ?

উত্তৰঃ ‘মই’, ‘মোৰ’ ভাবে ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে ।

(গ) নিস্বাৰ্থৰ বাট কেনেকুৱা ?

উত্তৰঃ নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলিৰ নিচিনা ।

(ঘ) কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি

কোঁৱৰ’ বুলি কোৱা হয় ।

উত্তৰঃ কবি আনন্দ চন্দ্ৰ আগৰৱালাক ভালেমান ইংৰাজী কবিতা অসমীয়াত সুৱলাকৈ ভাঙনি কৰাৰ কাৰণে কোঁৱৰ’ বুলি কোৱা হয় ।

(ঙ) কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি

কবিয়ে ব্যক্ত কৰিছে ?

উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে ।

(চ) কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি ?

উত্তৰঃ কবিৰ মতে বিশ্বৰ নিজৰ ভাই-ভনী বুলি ভাবিব পাৰিলে প্ৰকৃত সুখ পাব পাৰি ।

2. কবিতাটিৰ মূল কথাখিনিৰ নিজৰ ভাষাত লিখা ।

উত্তৰঃ ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘সুখ’ এটি মনোৰম আৰু নীতিমূলক কবিতা । প্ৰকৃত সুখ কেনেকৈ পাব পাৰি তাকেই কবিতাটিৰ মাজেৰ সুন্দৰকৈ প্ৰকাশ কৰিছে ।

সুখ হৈছে মূলতঃমন আৰু শৰীৰ অনূভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সমষ্টি । মানুহে সুখ সুখ বুলি সুখ বিচাৰি বলিয়াৰ দৰে হাবাথুৰি খাই ফুৰিলেও সুখ নাপায় – বৰং দুখৰ উপৰি দুখহে পায় । প্ৰকৃত সুখ পাবলৈ হ’লে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ দুখত দুখী হ’ব পাৰিব লাগিব, পৰক আপোন কৰিব লাগিব। পৰৰ কাৰমে কান্দিব পাৰিলে কান্দোনতো হেনো সুখ পায় । ‘মই’, ‘মোৰ’ ভাব নলয় সকলো মানুহেই নিজৰ ভাই-ভনী বুলি আকোৱাল্ লব পাৰিলে সৰগীয় সুখ পোৱা যায় ।

3. ব্যাখ্যা কৰাঃ

(ক) অকল নিজৰ নিমিক্তে নহয়

আমাৰ জীৱন ভাই,

পৰৰ কাৰণে খাটিব পাৰিলে

সংসাৰ সুখৰ ঠাই ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।

মানুহে জীৱনত কেনেকৈ সুখ পাব পাৰে এই কথা প্ৰকাশ কৰিবলৈ যাওঁতেই এই কবিতাফাকিৰ অৱতাৰণা কৰিছে ।

সুখ মানুহৰ জীৱনত কাম্য । সেই কাৰণে মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰে, কিন্ত তেওঁ সুখ নাপাই দুখৰ উপৰি দুখহে পায় ।কবিয়ে তেনেকৈ সুখ নিবিচাৰি প্ৰকৃত সুখ পাবলৈ কেইটিমান মহান পৰামৰ্শ আগবঢ়াইছে ।তাৰে ভিতৰত অন্যমত হল আনৰ বাবে খাটিব পৰাটো । আমি কেৱল নিজৰ কাৰণে চিন্তা কৰিলেই নহয়, আনৰ কাৰণে চিন্তা কৰিব লাগে, খাটিব লাগিব । যিয়ে অকল নিজৰ জীৱনটোৰ কথাহে চিন্তা কৰে, তেওঁ কেতিয়াও জীৱনত সুখী হ’ব নোৱাৰে । সকলোতে আপোন ভাবি সকলোৰে কাৰণে খাটিব পাৰিলে, কাম কৰিব পাৰিলে গোটোই সংসাৰখনেই সুখৰ ঠাই হৈ পৰিব

(খ) গাই-গোটা পেটে ভঁৰাল নহবা

লোকৰ দুখলৈ চোৱা,

মানুহৰ সেৱা মানুহৰ পুজা

পৱিত্ৰ বৰত লোৱা ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।

আনৰ কাৰণে চিন্তা কৰি, আনৰ কল্যাণৰ কাৰণে কাম কৰি কিদৰে জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰি তাকেই কবিয়ে কবিতাফাকিৰ মাজেৰে প্ৰকাশ পাইছে

জীৱনত সুখ পাবলৈ হ’লে কেৱল নিজৰ বাবে চিন্তা কৰিলে নহ’ব । যি পাইছোঁ যি আৰ্জিছোঁ সেয়া কেৱল নিজৰ বাবেই কৰিছোঁ, আৰ্জিছোঁ বুলি নাভাবি আনৰ দুখ-কষ্ট কৰিবলৈ, তেওঁলোকৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে । তেতিয়াহে জীৱনত প্ৰকৃত সুখ পোৱা যায় । মানুহৰ প্ৰতি কল্যামকামী পবিত্ৰ মন এটা ৰাখি কাম কৰিলেহে সংসাৰখন সুখৰ ঠাই হয়।

(গ) স্বাৰ্থৰ বাটত দুখৰ কাঁইট

খোজেপাতি বিন্ধে হুলে,

নিস্বাৰ্থৰ বাট সেন্দুৰীয় আলি

সুগন্ধি কুসুম ফুলে ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ভাঙনি কোঁৱৰ’ আনন্দ চন্দ্ৰ আগৰৱালা ৰচিত ‘সুখ’ নাৰ পাঠটিৰ কবিতাটিৰ অন্তৰ্গত ।

মানুহে জীৱনত কেনেদৰে প্ৰকৃত সুখ লাভ কৰিব পাৰে তাকে বিৱৰি কব’লৈ যাওঁতে কবিতা ফাকিত এনেদৰে উল্লেখ কৰিছে।

স্বাৰ্থপৰ হৈ কেৱল ‘মই’, ‘মোৰ’ ভাবেৰে থাকিলে বা কাম কৰিলে কোনেও জীৱনত প্ৰকৃত সুখ পাব নোৱাৰে । স্বাৰ্থপৰ মানুহৰ খোজে প্ৰতি হুলৰ দৰে আপদ-বিপদ আৰু অশান্তিয়ে আগুৰি ধৰে।কিন্ত নিঃস্বাৰ্থ মানুহৰ বাট সেন্দূৰীয়াআলিৰ দৰে, নিমজ, মিহম, বিপদমুক্ত আৰু সুখ-শান্তি পূৰ্ণ ।

ভাষা বিষয়ক

4. উদাহৰণ চাই বাকী কেইটা কৰাঃ

উদাহৰণঃ আপোন – পৰ ।

দুখ, স্বাৰ্থ, অভাৱ, সন্তোষ, হাঁহি ।

উত্তৰঃ

দুখ = সুখ

স্বাৰ্থ = নিস্বাৰ্থ ।

অভাৱ = পৰ্যাপ্ত ।

সন্তোষ = অসন্তোষ ।

হাঁহি = কান্দোউদাহৰ

5. উদাহৰণ চাই বাকী কেইটা কৰাঃ

উদাহৰণঃ সামৰথ- সামাৰ্থ্য ।

ধৰম, কৰম, বিৰখি, যতন, মুকতি ।

উত্তৰঃ

ধৰম : ধৰ্ম

কৰম : কৰ্ম

বিৰখি : বৃক্ষ

যতন : যত্ন

মুকতি : মুক্তি

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৪ (সুখ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সুখ কবিতাটিৰ ৰচক কোন?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘সুখ’ কবিতাটিৰ ৰচক হ’ল ‘বকুলবনৰ কবি’ হিচাপে খ্যাত আনন্দচন্দ্ৰ আগৰৱালা।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো সমাধান, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰকৃত সুখ কি বুলি কবিয়ে কৈছে?
কবিয়ে কৈছে যে কেৱল নিজৰ বাবে জীয়াই থকাটো সুখ নহয়। আনৰ দুখ মোচন কৰা আৰু পৰোপকাৰৰ মাজতেই প্ৰকৃত সুখ নিহিত থাকে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰম অনুসৰি হয়নে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু শিক্ষা নীতিৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top