Class 9 Assamese Chapter 15 চোৰধৰা Solutions | ASSEB Assam | Assamese Medium

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৫ – চোৰধৰা (Chordhora) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)

নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৫ – চোৰধৰা (মাধৱদেৱ) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘চোৰধৰা’ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত এখন অতি জনপ্ৰিয় ঝুমুৰা। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 15 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘চোৰধৰা’ ঝুমুৰাটিত শিশু কৃষ্ণৰ লৱণু চুৰি কৰা আৰু গোপীসকলে তেওঁক হাতে-লোটে ধৰা পেলাোৱাৰ এক অতি মনোৰম আৰু ৰসপূৰ্ণ বৰ্ণনা দাঙি ধৰা হৈছে। মাধৱদেৱৰ লেখনীত শিশু কৃষ্ণৰ চাতুৰী আৰু ভক্তৰ বাৎসল্য প্ৰেমৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল কাহিনীভাগ, নাট্যশৈলী আৰু ভাষাৰ বিশেষত্ব বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • চোৰধৰা ঝুমুৰাৰ মূল ভাৱ, কৃষ্ণৰ চৰিত্ৰ আৰু মাধৱদেৱৰ কাব্যিক বৈশিষ্ট্যৰ বিস্তৃত পৰিচয়।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ নিখুঁত উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, ব্ৰজাৱলী ভাষাৰ শব্দৰ ব্যৱহাৰ আৰু ইয়াৰ অৰ্থৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে বুজি পাব পৰাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সমাধান।
  • চোৰধৰা পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 15: চোৰধৰা

                    চোৰধৰা
  1.  অতি চমুকৈ উত্তৰ দিয়াঃ

 (ক) কানাই বুলি কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ কানাই বুলি শ্ৰীকৃষ্ণক কোৱাৰ কথা কৈছে ।

(খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উত্তৰঃ লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰঃ মাধৱদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা ।

(ঘ) ‘ওহি বান্দীসৱক থনে আৱৰ নাহি ।’

  • ‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল ?

উত্তৰঃ যশোদাই পুত্ৰ কৃষ্ণক কৈছিল ।

2. (ক) হে  মাই যশোদে তোহোঁ তাপ তেজহ ।

          –  যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে  কিয় কব লগা হৈছিল ?

উত্তৰঃ শিশু শ্ৰীকৃষ্ণই ৰাতিপুৱাতে উলাই গৈ বহু সময় ধৰি ঘৰলৈ ঘুৰি নাহি এজনী গোপীৰ গৰত মনে মনে লৱণু চুৰি কৰি খাবলৈ সোমাইছিল । গোপীয়ে দেখা পাই তেওঁক লৱণু চোৰ বুলি ধৰিলে । গোপীজনীয়ে কৃষ্ণক লৱণুচোৰ ধৰু চুবুৰীৰ ঈন গোপীসকলকে মাতি আনি কৃষ্ণক তেওঁৰ গৰতি আহি লৱণু চুৰ কৰা বুলি সকিয়ালে । চতুৰ কৃষ্ণ তৎক্ষানাত গোপীজনৰ মোখত লৱণু সানি দিলে কলে যে গোপীজনীয়ে নিজে লৱণু খাই তেওঁক মিছাকৈ লৱণচোৰ ধৰিছে । লণু লাগি থকা গোপীজনৰ মুখ্ই তাৰ সাক্ষী । কৃষ্ণক কথাৰে বলে নোৱাৰি গোপীজনীয়ে লাজ পালে । লাজপাই গোপীসকল ঘৰাঘৰি যাবলৈ ওলোৱাত কৃষ্ণই তেওঁললোকৰ কাপোৰত ধৰি টানি ৰাখিছে।

ইফালে মাক যশোদাই পুত্ৰ কৃষ্ণক ইমান সময়ে ঘৰলৈ ঘুৰি নহাত মাহা চিন্তা কৰি অতি শোকত বিহ্বল হল । তেতিয়া গোৱালীপাৰত গোপীসকলৰ সৈতে নাচি থকা দেখি অহা গোপী এজনীয়ে যশোদাক শোক নকৰিবলৈ কৈ কৃষ্ণ গোৱালীপাৰত গোপীসকলৰ সৈতে নাচি থকাৰ খবৰটো হল ।

       (খ) শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল ?

উত্তৰঃ গোৱালীপাৰা শ্ৰীকৃষ্ণই এজনি গোপীৰ ঘৰত সোসাই চুৰ কৰি লৱণ খাবলৈ গৈ ধৰা পৰিল শ্ৰীকৃষ্ণ যে তেওঁৰ ঘৰত আহি লৱণু চুৰি কৰি খাইছেহি এই কথা সকিয়াবলৈ গোপীজনীয়ে চুবুৰীৰ গোপীসকলক মাতি আনিলে ।চতুৰ শ্ৰীকৃষ্ণই ইয়াৰ পৰা হাত সাৰিবলৈ গোপীসকলক ক’লে য়ে গোপীজনীয়ে নিজেই চুৰ কৰি লৱণু খাই এতিয়া তেওঁক লৱণু চোৰ বুলি মিছাতে ধৰিছে। গোপীজনীৰ লৱণু লাগি থকা মুখেই তাৰ প্ৰমাণ আৰু কি সাক্ষীৰ প্ৰয়োজন আছে ।

3. ইহা শুনি চিন্তা-শোক তেজিৱে হৰিষিত ভেল।

    • কোনে, কাৰ, আৰু কি কথা শুনি হৰিষিত হৈছিল ।

উত্তৰঃ ৰাতিপুৱাই শিশু শ্ৰীকৃষ্ণ ঘৰৰ পৰা উলাই গৈ বহুদুৰলৈকে ঘৰলৈ নহাত মাক যশোদা শোকত বিহ্বল হৈ পৰিছিল । তেতিয়া এজনী গোপীয়ে আহি যশোদাক শ্ৰীকৃষ্মই কত কি কৰি আছে তাৰ বতৰা দিয়াত যশোদাই মনৰ শোক এৰি আনন্দিত হৈছিল ।

শ্ৰীকৃষ্ণই ঘৰৰ পৰা ৰাতিপুৱা ওলাই গৈ গোৱালীপাৰত এজনী গোপীৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ সোমোৱাত ধৰা পৰিল । শ্ৰীকৃষ্ণই যে তেওঁৰ ঘৰত লৱণু চুৰি কৰি খাবলৈ আহিছিল তাক প্ৰমাণ কৰ লসাক্ষী কৰিবৰ বাবে চুবুৰীৰ গোপীসকলক মাতি আনিলে্ । চতুৰ শ্ৰীকৃষ্ণই গোপীজনৰ মুখত কৌশলেৰে লৱণু সানি দিলে গোপীজনীকেহে লৱমু চোৰ সজালে । ইয়াতে লাজ পাই গোপীসকল ঘৰাঘৰি যাবলৈ ওলোৱাত শ্ৰীকৃষ্ণ তেওঁলোকৰ কাপোৰত ধৰি ৰাখিলে । তেতিয়া গোপীসকলে তেওঁক লৱণু খাবলৈ দিয়াত গোপীসকলক এৰি দি তে্ওঁলোকৰ মাজত নাচ-গান কৰি থাকিল ।

ইফালে পুত্ৰ শ্ৰীকৃষ্ণ বহু দেৰিলৈকে ঘৰলৈ নহাত আৰু একো খবৰ নোপোৱাত যশোদা শোকত কাতৰ হৈ পৰিছিল । তেতিয়া গোৱালীপাৰত শ্ৰীকৃষ্ণৰ সকলো খবৰ দিয়াত তেওঁ শ্ৰীকৃষ্ণৰ কাৰমে কৰা মাহাচিন্তা আৰু শোক-তাপ এৰি আনন্দিত হৈছিল।

4. মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল ।

উত্তৰঃ মাক যসোদাই শিশুকৃষ্ণক গোৱালীপাৰত আহি লগ পোৱাত তেওঁৰ সৰ্বশৰীৰ জুৰ পৰিল । কৃষ্ণক কোলাত লৈ গলত আঁকোৱালি দৰি চুমা খালে আৰু স্তনপান কৰাই মৰম কৰিলে । তাৰ পিছত গোপীসকলৰ বিপক্ষে কৃষ্ণই মাকৰ ওচৰত কান্দি কান্দি অভিযোগ কৰাত যশোদাই গোপীসকলক গালি দি কৃষ্ণক এই বুলি কলে যে ‘হে বাপু কৃষ্ণ, এই বান্দীসকলৰ ঠাইলে আৰু কেতিয়াও নাহিবা ।

ভাষা বিষয়ক

5. তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তেজহ, তোহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি ।

উত্তৰঃ

তেজহ = ত্যাগ কাৰ তোহাৰি = তোমাৰ ।

হামু = মই থিক = আছে ।

মাখিয়ে = সানি উনিকৰ = তেওঁৰ ।

ফিৰত = ঘুৰি গাৰি = গালি ।

6. বিপৰীত শব্দ লিখাঃ

চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হৰ্ষ, শীতল ।

উত্তৰঃ

চোৰ = সাধু কাতৰ = স্থিৰ ।

উত্তৰ = প্ৰশ্ন পুণ্য = পাপ ।

শোক = দুখ শীতল = গৰম

হৰ্ষ = বিষাদ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
নৱম শ্ৰেণী অসমীয়া অধ্যায় ১৫ (চোৰধৰা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
চোৰধৰা পাঠটিৰ ৰচক কোন?
নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘চোৰধৰা’ ঝুমুৰাটিৰ ৰচক হ’ল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো সমাধান, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু পাঠভিত্তিক ব্যাকৰণৰ (ব্ৰজাৱলী ভাষা) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
ঝুমুৰা বুলিলে কি বুজায়?
ঝুমুৰা হ’ল মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এক অংকীয়া নাটৰ ক্ষুদ্ৰ সংস্কৰণ। চোৰধৰা এখন অতি জনপ্ৰিয় ঝুমুৰা।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰম অনুসৰি হয়নে?
হয়, এই সকলোবোৰ সমল আগন্তুক পৰীক্ষাৰ বাবে ASSEB ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু শিক্ষা নীতিৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top