Class 9 Assamese Chapter 2 Solution – মানৱ বন্ধনা | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 2 – “মানৱ বন্ধনা” Summary & Solutions

Class 9 Assamese Chapter 2 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 2 – “মানৱ বন্ধনা” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

“মানৱ বন্ধনা” পাঠত মানুহৰ সহানুভূতি, সহমৰ্মিতা আৰু একতাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা হৈছে। ই মানুহৰ মাজত মৰম, বিশ্বাস আৰু সহায়-সহযোগিতাৰ গুৰুত্ব প্ৰকাশ কৰে।

  • মানৱতাবাদ: মানুহে মানুহৰ বাবে কি দায়িত্ব পালন কৰিব লাগে।
  • সহানুভূতি আৰু দয়া: সমাজত একতাৰ প্ৰয়োজনীয়তা।
  • ভাল মনোবৃত্তি: মানুহৰ একত্ৰিতা আৰু সদ্ভাৱনামূলক জীৱনধাৰা।

📌 মূল বিষয়বস্তু:

  • মানৱ বন্ধনা পাঠত মূল বাৰ্তা কি?
  • সমাজত একতা আৰু সহমৰ্মিতা কিয় প্ৰয়োজনীয়?
  • সহানুভূতিৰ গুৰুত্ব কি?
  • মানৱতাবাদৰ লক্ষ্য কি?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 2 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 2 – “মানৱ বন্ধনা” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 2: মানৱ বন্ধনা

মানৱ বন্দনা
  1. চমু উত্তৰ লিখাঃ

(ক)‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি ?

উত্তৰঃ ‘পৰাৎপৰ’ – মানে শ্ৰেষ্টতকৈ শ্ৰেষ্ঠ । মানুহৰ নিচিনা বিচাৰ-বিবেচনা, জ্ঞান বুদ্ধি আন জীৱৰ নাই গতিকে মানুহ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ বা পৰম সত্য।

(খ)‘মানুহক ময়াপী জীৱ’ বোলাৰ অৰ্থ কি ?

উত্তৰঃ ‘ময়াপী’ মানে মায়া-মোহ ভ্ৰান্তি আদি ওপজোৱা জীৱ । এইকেইটা গুণ মানুহৰ মাজত বিৰাজমান । বোধশক্তি, অনুভুতি প্ৰধান জীৱ মানুহৰ অন্তৰত মায়া-মমতা , মোহ ভ্ৰান্তি আদি ওপজে বাবেই মানুহক ‘মানুহক ময়াপী জীৱ’ আখ্যা দিছে ।

 

(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি ?

উত্তৰঃ পাদ্য শব্দৰ অৰ্থ ভৰি ধুবলৈ দিয়া পানী আৰু অৰ্ঘ্য শব্দৰ অৰ্থ হল পুজাৰ উপকৰণ । কবিয়ে মানুহক দেৱতা জ্ঞান কৰি জীৱন্ত দেৱতাস্বৰুপ মানুহক দুৰ্গত বা আলাই- আথনি অৱস্হাত সেৱা-শুশ্ৰূষা কৰিবই ভগৱানক পুজা কৰাৰ দৰে শুভফল পায় বুলি কৈছে । সেয়ে ভগৱানক পূত জলেৰে চৰণ ধুৱাই নান উপচাৰেৰে পূজী কৰীৰ দৰে আমি মানৱ সেৱা কৰা উচিত । এয়াই পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ প্ৰকৃত অৰ্থ ।

2. ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ ভগৱানক বন্দনা কৰাৰ দৰে মানুহৰ বন্দনাৰ যোগেদি মানৱীয় মূল্যবিধ জাগ্ৰত কৰা হৈছে । এই পৃথিৱীত দৈনিক অজস্ৰ মানুহৰ জন্ম হৈছে, ঠিক সেইদৰে মৃত্যুও হৈছে। মানুহৰ জীৱন ক্ষন্তেকীয়া । মানুহ অজয়-অমৰ হয় । স্থায়ী জীৱ নহয় যদিও এই মৰতৰ পৰা মানুহ শেষ হৈ নাই । জন্ম-মৃত্যুৰ ধাৰাবাহিকতা চলিয়ে থাকে । এনে অৱস্থাতে ক্ষন্তেকীয়া জীৱনটো সাৰ্থক কৰিবলৈ এটায়ে মাত্ৰ উপায় হ’ল মানুহৰ বাবে মানুহে ভবাটো, কিবা এটা কৰাটো । আমি প্ৰত্যেকে মানুহে স্বাৰ্থ ত্যাগ কৰি এজনে আনজনৰ কাৰণে চিন্তা কৰি ভাল কামন কৰিব পৰাটোহে উচিত কৰ্ম । কাৰণ এনে কামৰ মাজতে মৰম নিহিত হৈ থাকে । এই পৃথিৱীত মানুহেই একমাত্ৰ লগ-সংগ । জীৱশ্ৰেষ্ঠ মানুহে নিজৰ শুদ্ধ জ্ঞান-বিচাৰ বুদ্ধিৰে বিবেচনা কৰিব পৰা শক্তি আছে । এই পৃথিৱীত মানুহেই সকলো । গতিকে পাদ্য-অৰ্ঘ্য লৈ ভগৱানক পূজা কৰা দৰে মানুহকো সেৱা শুশ্ৰূষাৰে পূজা কৰি মানৱ জয় গান গোৱাটোহে প্ৰকৃত মানৱ ধৰ্ম ।

3. ‘এই যে পৃথিৱী স্বৰ্গতো অধিক

মানুহৰ নিজাপী ঘৰ।’ – কথাকাষৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ জীৱ শ্ৰেষ্ঠ মানুহে ইজনে আনজনৰ কথা ভাবিলে, আনক সহায়ৰ হাত আগবঢ়ালে সকলোৰে উপকাৰ হয় ।মানুহ যেতিয়া মানুহক দেৱতা বা ভগৱান জ্ঞান কৰি সেৱা-শুশ্ৰূষা কৰিব, মিঠা মাত দিব তেতিয়া নিজৰ মনত আনন্দ লগাৰ লগতে আনজনৰো অন্তৰ আনন্দেৰে উপচি পৰিব । নিজৰ ঘৰখনত আমি মৰম-চেনেহৰ আদান-প্ৰদানেৰে সকলো এটা স্বগীয় সুখ আনন্দৰ পৰিৱেশ সৃষ্ট কৰোঁ । ঠিক তেনেদৰে গোটেই জগতখনৰ সকলো মানুহক আনন্দ দিব পাৰিলে গোটেই পৃথিৱীখনেই নিজৰ মৰমৰ ঘৰখন হৈ লপৰিব । সকলোৱে আপোন মানুহ হৈ পৰিব । আনৰ সুখত সুখী, দুখত দুখী হ’ব পাৰিলে প্ৰকৃত মানৱ সেৱা কৰা হ’ব আৰু এয়াই শ্ৰেষ্ঠ আনন্দ।

4. তাৎপৰ্য ব্যাখ্যা কৰাঃ-

(ক) মানৱী জনম দিয়া উটুৱাই

মানৱী কৰম সোঁতে,

মানুহৰ মৰম বুজিবা মানুহে

ধৰম যে মৰমতে।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

মানহহে মানুহৰ প্ৰতি কৰা ব্যৱহাৰ, মৰম, সহানুভূতি আদি মানৱীয় ধৰ্মসমূহ যে সকলোতকৈ শ্ৰেষ্ঠ তাকে বুজাবলৈ কবিয়ে এি কবিতাফাঁকিত উপস্হাপন কৰিছে ।

শ্ৰদ্ধা-ভক্তি, দয়া-মমতা, মৰম চেনেহ আমদি মানুহৰ এক সূক্ষ্ম অনুভূতি । এজন মানুহ প্ৰকৃতাৰ্থত মানুহ হিচাপে এই পৃথিৱীত জীয়াই থাকিবলৈ হ’লে এই সূ্ক্ষ্ম
অনুভূতিবোৰৰ অতীব প্ৰয়োজন । বাস্তৱ জীৱন বৰ কষ্টকৰ আৰু মানুহে সদায় বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থাকে গতিকে মানুহে জীয়াই থাকিবলৈ হ’লে ইজনে আনজনক শ্ৰদ্ধা-ভক্তি দয়া-মৰম, সহায়-সহযোগিতা কৰিব লাগে । সেয়ে মানুহে মানুহক মৰম-চেনেহ, শ্ৰদ্ধ-ভক্তি কৰিলে মানৱ জীৱন সাৰ্থক হ’ব ।

(খ) মানুহেই দেৱ মানুহেই সেৱ

মানুহে বিনে নাই কেৱ,

কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই

জয় জয় মানৱ দেৱ।

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰপাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ইয়াত মানুহক জীৱশ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ কবিয়ে এই কবিতাফাঁকি উপস্হান কৰিছে । কবিৰ মতে মানৱ জীৱন অতি ক্ষণস্থায়ী । মানুহৰ এই ক্ষন্তেকীয় জীৱনটো অধিক মানোমোহা, সুন্দৰ আৰু সাৰ্থক কৰিবলৈ হলে এই পৃথিৱীত বাস কৰা মানুহবোৰক একমাত্ৰ ভগৱান বুলি জাবি পূজা কৰিব লাগে। কবিৰ মতে দেৱসদৃশ, সেয়ে মানুহক পূজা-সেৱা, মৰম-চেনেহ আৰু সেৱা- শুশ্ৰূষা কৰাটো উচিত । সেয়ে মানুহে মানুহৰ প্ৰতি কৰা কৰ্মতেই প্ৰকৃত ধৰ্মৰ সন্ধান পোৱা যায় ।

5. সমাৰ্থক শব্দ লিখাঃ

মানুহ; সংগ; পৃথিৱী; সোঁত; স্বৰ্গ; দেৱ ।

উত্তৰঃ

শব্দ

সমাৰ্থক শব্দ

মানুহ

লোক, মনুষ্য

সংগ

লগ

পৃথিৱী

ধৰিত্ৰী, বসুন্ধৰা

সোঁত

প্ৰবাহ, ধাৰা

স্বৰ্গ

সৰগ, সুৰলোক

দেৱ

দেৱতা, সুৰ

6. সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপক্তি হৈছে । এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্ত কৰা ।

উত্তৰঃ

সংস্কৃত

নতুন ৰূপ

শ্ৰী

চিৰি

ভক্তি

ভকতি

উৎসৱ

উছৱ

স্বাদ

সোৱাদ

মিত্ৰ

মিতিৰ

ৰত্ন

ৰতন

অতিৰিক্তি প্ৰশ্নৰ উত্তৰ পৰৰ্ৱতী সংসোধনত আপলোড দিয়া হব।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 2 FAQs | মানৱ বন্ধনা | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 2 – মানৱ বন্ধনা FAQs
1. মানৱ বন্ধনা পাঠত কি বৰ্ণনা কৰা হৈছে?
এই পাঠত মানুহৰ সহানুভূতি, সহমৰ্মিতা আৰু একতাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 2 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. সমাজত একতা কিয় প্ৰয়োজনীয়?
সমাজৰ উন্নতিৰ বাবে একতা, সহমৰ্মিতা, আৰু সহানুভূতিৰ প্ৰয়োজন।
4. সহানুভূতিৰ গুৰুত্ব কি?
সহানুভূতি মানুহৰ মাজত সৌহাৰ্দ্য বৃদ্ধি কৰে আৰু সহায়-সহযোগিতাৰ মানসিকতা গঢ়ি তোলে।
5. মানৱ বন্ধনা অধ্যায় পৰীক্ষাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
এই পাঠ মানুহৰ সামাজিক আৰু নৈতিক দায়িত্ব বুজিবলৈ সহায় কৰে, যি পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top