Class 9 Assamese Chapter 4 Solution – প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক | SEBA Assam

SEBA Assam Class 9 Assamese Chapter 4 – “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” Summary & Solutions

Class 9 Assamese Chapter 4 Solutions | Ospin Academy

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 4 – “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 অধ্যায় পৰিচয়:

এই পাঠত জীৱনৰ কঠোৰ বাস্তৱতা আৰু প্ৰকৃতিৰ প্ৰচণ্ড শক্তিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছে। মানুহৰ জীৱন যাত্রাত প্ৰাকৃতিক বিপৰ্যয়ৰ প্ৰভাৱ, সাহস, আৰু সংকল্পৰ প্ৰয়োজনীয়তা এই পাঠত স্পষ্ট কৰা হৈছে।

  • প্ৰকৃতি আৰু মানুহ: ধুমুহা আৰু আন প্রাকৃতিক প্ৰদূৰ্ণত মানুহ কিদৰে প্ৰভাৱিত হয়।
  • জীৱনৰ সংকট: কঠিন সময়ত কিদৰে ধৈৰ্য্য আৰু সহনশীলতা বজাই ৰাখিব লাগে।
  • অভিজ্ঞতা আৰু শিক্ষা: জীৱনৰ কঠিন সময়বোৰে মানুহক শক্তিশালী আৰু দৃঢ় প্ৰত্যয়ী কৰে।

📌 মূল বিষয়বস্তু:

  • এই পাঠত প্ৰচণ্ড ধুমুহাৰ কাহিনী কি?
  • প্ৰাকৃতিক দুৰ্যোগত মানুহৰ প্ৰতিক্ৰিয়া কিদৰে হওয়া উচিত?
  • মানুহ কিদৰে বিপৰ্যয়ৰ সময়ত সাহসিকতা দেখুৱাব পাৰে?
  • এই পাঠৰ মূল শিক্ষা কি?

📝 Ospin Academy কেনেকৈ সহায় কৰে?

  • সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 4 ৰ সকলো উত্তৰ।
  • MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
  • সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
  • দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।

SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 4 – “প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!

Vibrant Note Box
Buy Printable PDF
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.

Vibrant Note Box
Chapter 4: প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক

  1. চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ

আহ্বান জনাইছে ?

উত্তৰঃ কবিতাটোত কবি গৰাকীয়ে আকাশক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে ।

(খ) কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰশ্ন কৰিছিল ?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিকৰ তেওঁৰ প্ৰাপ্য কি সুধিছিল প্ৰশ্ন কৰিছিল ।

(গ)কবিক বিশাল দৃষ্টি কোনে দিলে ?

উত্তৰঃ মহাকাশে কিবক বিশাল দৃষ্টি দিলে ।

(ঘ)‘মুমূৰ্ষ মানৱক জীৱন বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ’

– ইয়াত শব্দই কি বুজাইছে’ ?

উত্তৰঃ বিদুৎ শব্দই ইয়াচত জীৱনী শক্তি সদৃশ পোহৰক বুজাইছে । কিবয়ে মুমূৰ্ষ মানৱক জীৱনী শক্তি প্ৰদান কৰিব বিচাৰিছিল ।

(ঙ) প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল ?

উত্তৰঃ তোমৰা প্ৰাপ্য কি কোৱা ? বুলি প্ৰচণ্ড ধুমাহাই কিবক প্ৰশ্ন সুধুছিল ।

2. বজ্ৰই কবিক কি কি দিলে ?

উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে ।

3. কবিয়ে সঁচা উদাৰতা কথাষাৰেৰে কি বুজাব খুজিছে ?

উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে হ’বা মাহন, তাৰে নাম সঁচা উদাৰতা ।’ কবিয়ে ইয়াত সঁচা উদাৰতা ‘কথাষাৰেৰ ত্যাগ’ক বুজাইছে ।

4. কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা ।

উত্তৰঃ কবি নিজে এজন প্ৰখ্যাত কণ্ঠশাৰী হোৱা বাবেই বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে গাতী গাই দিগন্ত কঁপোৱাৰ কথা উল্লেখ কৰিছে । কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নান উপাদান যেনে- আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ কৰি মহৎ মানবীয় অনুভূতিৰ জয়গান গোৱাৰ প্ৰয়াস কৰিছে । কিবক এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদন আকাশ, ধুমুহা আৰু বজ্ৰক আহ্বান জনাইছে । সেয়ে কবি গীতিকাৰজনক প্ৰকৃতিৰ এক অন্যান উপাদন বজ্ৰই কি লাগে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কবি-গীতিাকৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ তথা গায়ক ড° ভূজেন হাজৰিকাই দানৱৰ সমাজতো মানৱৰ গীত গাই দিগন্ত কাঁপাব বিচাৰিছে ।

5. কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে ?

উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজতো মানৱৰ গীত পাবলৈ সাজু হৈছে ।

6. আকাশ, ধুমুহা আৰু ব্ৰজক কিবয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা ।

উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নান গুণ আহাৰণ কৰি মানৱৰ লগতে দানৱৰ সমাজতো মানৱৰ জয়গান গাব বিচৰা কবি-গীতিকাৰ তথা সুগায়ক ড° ভূজেন হাজৰিকাই ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ গীত-কবিতাটিৰ জৰিয়তে তেওঁৰ বিশাল মনৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । কবিয়ে মুমূৰ্ষ মানৱক কিঞ্চিৎ জীৱনৰ বিদ্যুৎ অৰ্থাৎ জীৱন শক্তিস্বৰূপ পোহৰ প্ৰদান কৰিব বিচাৰিছে । কবিয়ে যি শক্তিস্বৰূপ পোহৰ দানৱৰ সমাজত মানৱৰ গীত গাই সিঁচি দিব বিচাৰিছে, সেই শক্তি কবি-গীতিকাৰ ড° ভূজেন হাজৰিকাই আকাশে প্ৰদান কৰা পূৰ্ণ বিশালতা, ধুমুহাই প্ৰদান কৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিয়া উদাত্ত কণ্ঠ আৰু সহায়ৰ যুক্তিৰ দ্বাৰা লাভ কৰিছে ।

7. ব্যাখ্য কৰা-

(ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,

তোমাৰ কাম্য কি কোৱা ?

মই কলোঁ ব্ৰজ তোমাৰ

শক্তিশালী উদাত্ত কণ্ঠটি দিয়া ।

উত্তৰঃ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ – এই কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নান উপাদন যেনে – আকাশ, ধুমুহা আৰু বজ্ৰ পৰা নানা গুণ লাভ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গানে গোৱাৰ প্ৰয়াস কৰিছে । এই গুণ প্ৰদান কৰাৰ বাবে কবিয়ে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ উচৰত আহ্বান জনাইছে । কবি গীতিকাৰজনক প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজৰ এটি উপাদান বজ্ৰই তেওঁৰ কাম্য কি বুলি সোধাত কবি-গীতিকাৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ কবি গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই দানৱৰ সমাজতো মানৱৰ গীত গাই দিগন্ত কঁপাব বিচাৰিছে । কবি-গীতিকাৰ তথা ভূপেন হাজৰিকাই এই গীতফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল মানৱীয় অনুভূতিক কৰি তোলাত সমৰ্থ হৈছে ।

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই

সংকীৰ্ণতা এৰি দিয়া

অৱদান-ৰূপে তোমাৰ পূৰ্ণ বিশালতা

দিয়া যদি আজিয়েই দিয়া ।

উত্তৰঃ প্ৰকৃতিৰ বিভিন্ন উৎপ্ৰেৰণাদায়ক উপাদন যেনে- আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নান গুণ আহাৰণ কৰি দানৱৰ সমাজতো মানৱৰ গাব বিচৰা কবি-গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই এই কবিতাফাঁকিৰ জৰিয়তে তেওঁৰ বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । উদ্ধৃত কবিতাফাঁকিত কবি-গীতিকাৰ গৰাকীয়ে প্ৰকৃতিৰ অন্যান উপাদান আকাশক সংকীৰ্ণতাখিনি এৰি পূৰ্ণ বিশালতাখিনি বিচাৰি আহ্বান জনাইছে । সেয়ে কবি-গীতিকাৰজনে আকাশক কৈছে ‘সংকীৰ্ণতা’ এৰি অৱদান-ৰূপে তোমাৰ বিশালতা দিয়া যদি আজিয়েই দিয়া । কবিতাফাঁকিৰ জৰিয়তে কবি-গীতিকাৰ গৰাকীৰ মহানুভাৱৰ পৰিচয় ফুটি উঠিছে ।

(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি

আৰু ধুমুহাই প্ৰচণ্ড শক্তি

বজ্ৰই দিলেল মোক উদাত্ত কণ্ঠ

আৰু দিলে সাহসৰ যুক্তি ।

উত্তৰঃ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ শীৰ্ষক গীতি-কবিতাটিৰ কবি গৰাকীৰ নিজে এজন সুগায়ক । সেয়ে তেওঁ সমাজৰ বাবে যি গাত গাব বিচাৰিছে সেই গীতত প্ৰকৃতি জগতৰ নানা উপাদানৰ পহৰা নান গুণ নিহিত হৈ থকাটো বিচাৰিছে । তাৰ বাবে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ যি নিজা নিজা গুণ সেই গুণসমূহ কবিয়ে লাভ কৰি তেওঁৰ কলিজাৰ সঁচা-সুৰসিক্ত গীতেৰে দিগন্ত কঁপাব বিচাৰে । সেয়ে কিবৰপ ইচ্ছাই অনুসৰি প্ৰকৃতিৰ উৎপ্ৰেৰণদায়ক উপাদন আকাশে কবিক দিছা বিসাল দৃষ্টি, ধুমুহাই দিছি প্ৰচণ্ড শক্তি আৰু বজ্ৰই দিছে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি । কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ উপাদনসমূহৰ পৰা বিচৰা গুণসমূহৰ পৰা বিচৰা গুণসমূহ লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাকে সগৌৰৱে ঘোষণা কৰিছে ।

 

(ঘ) মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ

কিঞ্চিতে যদি দিব পাৰোঁ

আকাশ, ধুমুহা আৰু বজ্ৰক

তাৰ বাবে প্ৰণিপাত কৰোঁ ।

উত্তৰঃ কবি-গীতিকাৰ তথা সুগায়ক ড° ভূপেন হাজৰিকাই ৰ ‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ গীত-কবিতাটিত কবিগৰীকৰ অন্তৰত বিচিত্ৰ ভাবানুভূতিৰ লগতে প্ৰকৃতি আৰুল মানৱ সামজ-সংস্কৃতিৰ সামগীতিক ৰূপৰেখা ফুটি উঠিছে । কবি-গীতিকাৰ গৰাকীয়ে প্ৰকৃতি জগতৰ নানা উপাদানৰ পৰা নান গুণ আহাৰণ কৰি কলিজাৰ সঁচা সুৰ সিক্ত কৰি দানৱৰ সমাজতো যি মানৱৰ গীত গাব বিচাৰিছে সেই সমূহ গুণ কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰাই লাভ কৰে কৰিছে । সেয়ে আকাশ, ধুমুহা আৰু বজ্ৰৰ ওচৰত কবিয়ে প্ৰণিপাত কৰিছে ।

ভাষা বিষয়কঃ

8. তলত দিয়া শব্দবোৰ সমাৰ্থক শব্দ লিখাঃ

ধুমুহা, বুকু, কাম্য, সংকীৰ্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত ।

উত্তৰঃ

শব্দ

সমাৰ্থক শব্দ

ধুমুহা

পৱন, মাৰুত

বুকু

বক্ষ, বুকু

কাম্য

অভিলাষ, আশা

সংকীৰ্ণতা

ঠেক, অবহল

বিশাল

সুবিশাল, বিপুল

দানৱ

দনুজ, ৰাক্ষস

প্ৰণিপাত

প্ৰণাম, নমস্কাৰ

সিক্ত

আৰ্দ্ৰ, সজল

 

9. তলত দিয়া শব্দকেইটা কি কাৰণে ‘ণ’হৈছে লিখাঃ

কণ্ঠ, পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত ।

উত্তৰঃ

কণ্ঠঃ ট বৰ্গৰ লগত ন যুক্ত হোৱাৰ কাৰণে ।

পূৰ্ণঃ ‘ৰ’ ৰ পাছত দন্ত্য ন মুৰ্ধন্য ণ হয় ।

প্ৰচণ্ডঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত ন যুক্ত হোৱা বাবে ।

সংকীৰ্ণতাঃ ‘ৰ’ৰ পাছৰ দন্ত্য ন মূৰ্ধণ্য ম হয় ।

প্ৰণিপাতঃ ‘ৰ’ পাছৰ দন্য ন মূৰ্ধণ্য ।

10. তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখা।

মুমূৰ্ষ, দৃষ্টি

উত্তৰঃ

মুমূৰ্ষঃ ‘ৰ’ ৰ পাছত থকা প্ৰত্যয়ৰ স ‘ষ’ হয় ।

দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত স ষ হয় ।

11. সন্ধি ভাঙাঃ

দিগন্ত, সৰ্বাকাশ, সংকীৰ্ণ ।

উত্তৰঃ

দিগন্তঃ দিক্ + অন্ত ।

সৰ্বাকশঃ সৰ্ব + আকাশ।

সংকীৰ্ণঃ সম্ + আকীৰ্ণ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Assam Class 9 Assamese Chapter 4 FAQs | প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক | Ospin Academy
SEBA Assam Class 9 Assamese Chapter 4 – প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক FAQs
1. এই পাঠত প্ৰচণ্ড ধুমুহাৰ কি বৰ্ণনা কৰা হৈছে?
এই পাঠত প্ৰাকৃতিক বিপৰ্যয় আৰু তাৰ প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰা হৈছে।
2. SEBA Assam Class 9 Assamese Chapter 4 ৰ সমাধান ক’ত পাম?
Ospin Academy ত পাঠ্যপুথিৰ সমাধান, MCQs আৰু অধ্যায়ৰ সংক্ষিপ্ত ব্যাখ্যা উপলব্ধ।
3. বিপৰ্যয়ৰ সময়ত সাহস কেনেকৈ দেখুওৱা উচিত?
বিপৰ্যয়ৰ সময়ত আত্মবিশ্বাসী আৰু দৃঢ়চিত্ত হোৱাটো অত্যন্ত প্ৰয়োজনীয়।
4. এই পাঠৰ মূল শিক্ষা কি?
এই পাঠ জীৱনসংগ্ৰাম, ধৈৰ্য্য আৰু সংকল্পৰ প্ৰয়োজনীয়তা বুজিবলৈ সহায় কৰে।
5. প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক পাঠ পৰীক্ষাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
এই পাঠ বাস্তৱ জীৱনৰ বিভিন্ন পৰিস্থিতি সঁচাকৈ বুজিবলৈ সহায় কৰে।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top