নৱম শ্ৰেণী অসমীয়া অধ্যায় ৯ – ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য (Unity in Diversity of India) – সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী অসমীয়া অধ্যায় ৯ – ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য (হেম বৰুৱা) সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ নৱম অধ্যায় ‘ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য’ বিশিষ্ট সাহিত্যিক তথা ৰাজনীতিবিদ হেম বৰুৱাৰ দ্বাৰা ৰচিত এখন অতি শিক্ষামূলক প্ৰবন্ধ। আগন্তুক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Assamese Chapter 9 Textual Solutions) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য’ নামৰ এই প্ৰবন্ধটিত ভাৰতবৰ্ষৰ বিভিন্ন জাতি, ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ মাজত থকা অপূৰ্ব মিলনৰ বাৰ্তা দাঙি ধৰা হৈছে। পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰবন্ধৰ মূল ভাৱ, ভাৰতীয় সংস্কৃতিৰ সমন্বয় আৰু হেম বৰুৱাৰ সাহিত্যকৃতিৰ পৰিচয়।
- শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই সমাধানসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 9 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
ভাৰতবৈচিত্ৰ্যৰ মাজত ঐক্য
- অতি চমু উত্তৰ দিয়াঃ
(ক) প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল
তেওঁলোকক কি বোলা হৈছিল ?
উত্তৰঃ প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বুলি কোৱা হৈছিল ।
(খ) বুদ্ধদেৱৰ অচল নাম কি ?
উত্তৰঃ বুদ্ধদেৱৰ অচল নাম হল গৌতম, সিদ্ধৰ্থ আৰু শাক্যসিংহ ।
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন ?
উত্তৰঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা আছিল বেদব্যাস।
(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰঃ কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল কণিষ্ক ।
(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ?
উত্তৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক মাহাবীৰ ।
2. কি কি বিষয়ত ভাৰবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা ।
উত্তৰঃ ভাৰবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ । ই ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ-জাতিৰ ধৰ্ম-ভাষাৰ, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি ।
ভৌগোলিক অৱস্থাত ভাৰতবৰ্ষৰ বিচিত্ৰতা হল – ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয়, এফালে গীষ্মৰ তীৰ্বতা আনফালে কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য, আনফালে শুকান মৰুভূমি ।
জীতি গত বা গোষ্ঠীগত বৈচিত্ৰ্য মন কৰিবলগীয়া । ভাৰতত প্ৰগৈতিহাসিক কালত পৰ্বতৰ গুহা, গছৰ ধোন্দত বাস কৰা আদিমবাসীসকলে বংশধৰ বৰ্তমান মধ্যভাৰত, বিহাৰ, উৰিষ্যা কোল-মুণ্ডা , চাওতাল, সুপ্ৰীন মানৱ-গোষ্ঠী পাঞ্জাৱ আৰু দক্ষিণ ভাৰতত থকা দ্ৰাবিড়সকৰ বংশৰ তামিল ।
এইবিলাক বৈচিত্ৰ্যাৰ মাজতো ভাৰতীয় মানুহৰ ঐক্য –সংহতি পৃথিৱীৰ আৰু জাতিৰ কাৰণে এক অনুকৰণীয় আদৰ্শ।
3. ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান কি কাৰমে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা ।
উত্তৰঃ ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান এই কাৰণে বৈচিত্ৰযপূৰ্ণ বুলি কোৱা হৈছে যে সমতলভূমি, আনফালে বিৰাট মালভূমি, একেফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয়, এফালে গীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ আনফালে মৰুভূমি ।
4. আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতলৈ সোঁত বৈ আছিল । এতিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল । সেইবোৰ ভিতৰত শক, কুশান, পাঠদান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্ৰধান । এই বেজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰবৰ্ষকে আপোন কৰি লৈ ইয়াতেই নিগাজিকৈ থাকি গল ।
5. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ এনেকুৱা, পীব আৰু দক্ষিন আৰু ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্ত উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় মানুহৰ প্ৰধান খদ্য ৰুটী । উত্তৰ, দক্ষিণ, পশ্চিম ভাৰতৰ উচ্চ মাজত মাছ-মাংস নচলে কিন্ত পূব ভাৰতৰ প্ৰায় সকলো লোকেই মাছ-মাংস খায় ।
6. ভাৰতৰ বিভিন্ন ঠইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষত সাজপাৰৰ বিভিন্নতা বাৰুকৈ লক্ষণীয় । পূৱ ভাৰতত মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে কিন্ত দক্ষিণ ভাৰতত ব্যাৱস্থা নাই । চুৰিয়াখনক লুঙীৰ দৰে ব্যৱহাৰ কৰে। উত্তৰ ভাৰতত পায়জামাৰ ব্যাৱহাৰ বেছি । বৰ্তমান কালত অৱশ্য লংপেন্টৰ প্ৰচলন বেছি ।ভাৰতীয় নাৰীৰ মাজত শাড়ীৰ আদৰ বেছি যদিও তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতত তিৰোতাসকলে চুৰিদাৰ-পায়জামা আদি ব্যৱাহৰ কৰে।
7. আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া ।
উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ বহুদিনৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল প্ৰতাপী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য় স্থাপনাৰ চেষ্টা কৰে । সেই সলকৰ ভিতৰত শক, কুশন, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান ।
শক এটা যাযাবৰী জাতি । অক্ষু নদীৰ পাৰত বাস কৰা এই জাতিৰ লোকসকলে পাছলৈ গৃহস্থী জীৱন-যাপন কৰিবলৈ লয় । এই জাতিটো পাঁচটা শাখাত বিভক্ত হৈ পৰে । তাৰ ভিতৰত কুশান বংশই শ্ৰেষ্ঠ । কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক ।
পৰ্তুগীজসকলে ইউৰোপৰ পৰ আহি ভাৰতৰ গোৱা অঞ্চলত ব্যৱসায় আৰাম্ভ কৰিছিল । তেওঁলোকৰ আগমনে ভাৰতলৈ ইউৰোপসকলৰ প্ৰব্ৰজন আৰাম্ভ কৰিলে । তেওঁলোক সাহসী নৌ-বিদ্যাত পাকৈত জাতি আছিল ।
8. “যিবাৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐকৈৰ সেতু নিৰ্মাণ কৰি দিছে।” – এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা ।
উত্তৰঃ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপুৰ্ণ দেশ । পৃথিৱীৰ বহুতো দেশ যেতিয়া অজ্ঞান-আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰবৰ্ষেই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিভিন্ন দেশত উন্নতিৰ চৰমসীমা পাইছিল । ভৈগলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা মানৱ জাতিৰ দৰ্ম-ভাষা, আচাৰ-ব্যৱহাৰ, কলা সংস্কৃতি আদিয়ে বৈচিত্ৰ্যতা আনিছে ।
ভাৰতবৰ্ষ হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম আদি বিভিন্ন ধৰ্মৰ লোক আছে ।ধৰ্মানুসাৰে মানুহৰ বিশ্বাস আৰু আচাৰ –অনুষ্ঠানসুহ গঢ় লৈ উঠিছে । নীতি-নিয়ম বা জনবিশ্বাসৰ এনে দিশবোৰ দেশখনক বৈচিত্ৰ্যময় কৰি তুলিছে ।
9. “ঐকৈ স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি ।” – এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষন কৰা ।
উত্তৰঃ ভাৰতৰ ঐক্য স্হাপনত ভৌগলিক পৰিৱেশত সংস্কৃত ভাষা আৰু সুকুমাৰ কলাৰ এক বিশেষ গুৰত্ব আছে । ভাৰতৰ ভৌগলিক অৱস্থান বিভিন্ন । এফালে পৰ্বত-পাহাৰ, আনফালে সমতল, এফালে সেউজ-সুন্দৰ মনোৰম প্ৰকৃতি, আনফালে মাজত ৰূপ, এফালে দ্বীপ, আনফালে জলাশয়- এই বিচিত্ৰ ভৌগলিক অৱস্থানৰ মাজত ঐক্যতান আছে । দেশখনৰ ভিতৰতে বিভিন্নতা থাকিলেও এই বিভিন্নতাবোৰ এই স্থলভূমিক এক সুকীয়া ৰূপ দিছে।ইয়াৰ জলবায়ু তথা ইয়াৰ গঠনে ইয়াক অনন্য কৰি ৰাখিছে ।
আনহাতে সংস্কৃত ভাষাই ভাৰতৰ ঐক্যত এক বিশেষ বৰঙণি যোগাইছে সংসকৃত ভাষাত ৰচিত বেদ উপনিষদৰ চিন্তা-ভাৱনাই ভাৰতীয় মানুহক আৱৰি ৰাখিছে ।এই দৰ্শনক সন্মুখত ৰাখিয়েই ভাৰতীয় সন্তানে বিকাশ লাভ কৰিছে।গতিকই এই দৰ্শন বা পৰম্পৰা আমাৰ ঐক্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপুৰ্ণ। তদুপৰি ভাৰতবৰ্ষৰ ভালেমানে সংস্কৃতিৰ পৰ উদ্ভৱ হোৱা । অসমীয়া, বঙালী, উৰিয়া, মৈথিলী, আদি ভাষালৈ চালে এই কথা প্ৰমাণিত হয় ।
সুকুমাৰ কলাই ভাৰতৰ মহান ঐক্য সাধনত বিষেশ ভূমিকা পালন কৰিছে । চিত্ৰকলা., স্থাপত্য, ভাস্কৰ্য এই সকলো কলাতে এটা ভাৰতীয় ঠাচ্ আছে । একে ধৰণৰ হেতুকে সংমিশ্ৰণৰ মাজেৰে এক বা বিভিন্নজন শাসকে বিভিন্ন বস্তৰ প্ৰতি গুৰত্ব দিয়া সাধনত বিশেষ বৰঙণি যোগাইছে ।
10. “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত ।” – তাপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ আচলতে ভাৰতৰ সংস্কৃতিয়েই ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজতো ঐক্য গঢ়ি তুলিছে । সংস্কৃতি এক বিশাল বিষয়।আচলতে জীৱনৰ প্ৰতিটো দিশকে আমি সংস্কৃতিৰ ভিতৰত পেলাব পাৰোঁ । বোঁৱতী সুঁতিৰ দৰে-সংস্কৃতি সাদায় প্ৰৱাহমান হৈ থাকে । এই প্ৰৱাহমান সংস্কৃতিৰ সুঁতিত আহি বহু জাতি-উপজাতিৰ নজৈা বৈশিষ্ট্য সোমাই ইয়াৰ গতিও অধিক তেজস্বী কৰি তোলে।
ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি । ইয়াত বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰ মাটিত সংগ্ৰাম কৰি জাতীয় জীৱন গঢ়ি তুলিছে । একোটা ঠাঁচত ইয়াৰ মানুহক ইয়াৰ মাটি-পানীয়ে লালন-পালন কৰিছে ।নিজৰ ঐতিহ্যক পাহৰি ইয়াকেই তেওঁলোকে মাতৃভূমি হিচাপে জ্ঞান কৰিছে ।ভাষাৰ বিভিন্নতা থাকিলেও সাহিত্যৰ গতি-প্ৰকৃতিয়ে ঐক্যৰ এক ভিক্তি গঢ়ি তুলিছে ।
11. চমু উত্তৰ লিখাঃ
(ক) কোনবোৰ লোক মংগোলীয় গোষ্টীৰ ।
উত্তৰঃ আহোম, নগা, বড়ো, নমিচিং, কাৰ্বি, গাৰো, ৰাভা, মিজো, আদি লোসকল মংগোলীয় গোষ্ঠীৰ ।
(খ) সুকুমাৰ কলা কোনবিলাক ?
উত্তৰঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য- এই পাঁচবিধক সুকুমাৰ কলা বোলে ।
(গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ?
উত্তৰঃ বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মাহাভাৰত, আদি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ।
12. কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ বৈশিষ্ট্যৰ কথা আলোচনা কৰিবলৈ গৈ লিখকে কৈছি যে ভাৰতবৰ্ষ এখন বৈচিত্ৰ দেশ । সঁচাই বিভিন্ন জাতি-উপজাতিৰ আৱাসভূমি এই ভাৰতবৰ্ষৰ বৈচিত্ৰ্যয়েই হল ইয়াৰ মূল হ’ল বৈশিষ্ট্য।
ভাৰতবৰ্ষ পাহাৰ-পৰ্বত, সমতল, নৈ, বিল, পানীৰে পৰিপুৰ্ণ জলাশয়, মৰুভূমি, শীতৰ উপজাতিৰে পৰপুৰ্ণ । এই সকলো জাতিৰ বিভিন্নতাৰ মাজতে মহান জাতি হিচাপে ইয়াৰ ঐক্য মন কৰিবলগীয়া ।
ভাষাও ভাৰতৰ বিচিত্ৰ । বিভিন্ন জাষাগোষ্ঠীৰ মানুহ ইয়াত আছে। বিভিন্ন সংস্কৃতিও আছে । অথচ প্ৰতিটো ভাষা-সংস্কৃতি সন্মিলিত হৈ এখন ঐক্যবদ্ধ ভাৰতবৰ্ষ এখন বৈচিত্যপুৰ্ণ দেশ ।
ভাৰতীয় ধৰ্মীয় দিশতো বিভিন্ন ধৰ্মৰ সমানধিকাৰ আছে । মন্দিৰ, মছজিদ একেলগে গঢ় লৈ উঠিছে ।কিন্ত তৎসত্ত্বও ইয়াত এক ধৰ্মীয় একতাও আছে । কৃষ্টিয়ে ঐক্য গঢ়ি উঠাত বিশেষ বূমিকা লৈছে ।এনেদৰে এই সাংস্কৃতিক সাদৃশ্যবোৰেই ভাৰতীয় সমাজখনৰ ঐক্যক শক্তিশালী কৰ তুলিছে ।
13. উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধন কৰে তাৰ এটি বৰ্ণনা দিয়া ।
উত্তৰঃ ভাৰতীয় নাৰীৰ মাজত শাড়ীৰ জনপ্ৰিয়তা বেছি যদিও উত্তৰ ভাৰতৰ তিৰোতাসকল চুৰিদাৰ-পায়জামা আদি পৰিধান কৰে । উত্তৰ ভাৰতত গৰম জলবায়ুৰ বাবে বিছিকৈ গৰম পৰে বাবে কপাহী, ঢিলা, আহল-বহল পোছাক ব্যৱহাৰ প্ৰচলন বেছি । তদুপৰি ইয়াত মোগল শাসনৰ প্ৰভাৱ থাকি যোৱা বাবে তিৰোতাসকলৰ সাজপাৰত শালীনতা, গাম্ভাৰ্যতাৰ পৰিচয় পোৱা যায় ।
14. চমুটোকা লিখাঃ
(ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুশান
(ঘ) ব্যাস (ঙ) মক্কা (চ) বশিষ্ঠ ।
উত্তৰঃ
(ক) সুকুমাৰ কলাঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য – এই পাঁচবিধক সুকুমাৰ কলা বোলে ।
(খ)সংগীতঃ গীত, বাদ্য আৰু নৃত্য়ৰ সমলয়ক সংগীত বোলে।
(গ) কুশানঃ শক জাতিৰ কুশান এটা বংশ । এই বংশৰ শ্ৰেষ্ঠ ৰাজা আছিল কণিষ্ক ।
(ঘ) ব্যাসঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত আৰে বেদ বিভাগ-কৰ্তা এগৰকী ঋষি ।
(ঙ)মক্কাঃ আৰৱ দেশৰ ৰাজধানী আছিল । ই খন প্ৰাচীন যত হজৰত মহম্মদৰ জন্ম হৈছিল ।
(চ)বশিষ্ঠঃ ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্ৰ দ্ৰষ্টা ঋষি ।
(ছ) আৰ্যঃ আৰ্য আচলতে এটা ভাষা । ইণ্ডো-ইউৰোপীয় ভাষা–পৰিয়ালৰ এটি ঠালা কিন্ত বৰ্তমান আৰ্য শব্দই জাতিক বুজায়। ভৰতবৰ্ষত বেদ-বেদান্তক কেন্দ্ৰ ধৰি গঢ়ি উঠা জাতিটোৱেই হল আৰ্যজাতি ।
15. ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। – কথাষাৰ বহলাই লিখা ।
উত্তৰঃ ভাৰতবৰ্ষই সঁচাই এখন পুৰণি সুসভ্য আৰু ঐতিহ্যপুৰ্ণ দেশ । লিখকে ভাৰতবৰ্ষৰ বিত্ৰিতাৰ প্ৰতি লক্ষ্য ৰাখি এই মন্তব্য কৰিছে । লিখকৰ মন্তব্য প্ৰতিপাদিত কৰাৰ বাবে তেওঁ দেখুৱাইছে যে ভাৰতৰ ভৌগলিক অৱস্থান, ভাষা, ধৰ্ম, জাতি, খাদ্য, আচাৰ-ব্যৱহাৰ আদিৰ বিভিন্নতাই এক বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ জন্ম দিছে । ইয়াৰ বেদ-বেদন্ত আদি সাহিত্যৰ ঐতিহ্যিই তথা ঋষি মুনুসকলৰ কীৰ্তীয়ে এই দেশক মহিমামণ্ডিত কৰি ৰাখিছ।
ভাৰতবৰ্ষ সাহিত্য তথা সাধনাই প্ৰংমাণ কৰে এই দেশ কিমান প্ৰচীন । ইয়াৰ আদৰ্শ আৰু চিন্তাৰ বৈচিত্ৰ্যই এই দেশক সুসভ্য আৰু ঐতিহ্যপূৰ্ণ বুলি প্ৰমাণিত কৰিছে । ড°শৰ্মাদেৱে ভাৰতবৰ্ষৰ এই জীৱন-ধাৰা তথা সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতি গুৰত্ব দিয়েই এইষাৰ মন্তব্য কৰিছে ।
16. তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যভ্যাস পোৱা যায় চমুকৈ লিখা ।
উত্তৰঃ আমি অসমীয়া । আমাৰ মূল আহাৰ ভাত । সেইবুলি আমি অন্য খাদ্যসম্ভাৰো ব্যৱহাৰ নকৰা নহয় । তথাপি আমাৰ খাদ্যপদ্ধতি ভাৰতীয় মূলত আৱদ্ধ আছে । পূৱ আৰু দক্ষিণ ভাৰতৰ খাদ্যপদ্ধতি প্ৰায় একে ধৰণৰ । আমি মাছ-মাংসৰ প্ৰতি আকৃষ্ট। আমাৰ মাজত উত্তৰ ভাৰতৰ নিৰামিষজোজীসকলৰ প্ৰভাৱ নপৰা নহয় ।তদুপৰি উত্তৰ ভৰতৰ মূল আহাৰ ৰুটি হোৱাৰ দৰে আমাৰ খাদ্যতো ইয়াৰ প্ৰভাৱ নপৰা নহয় ।
ভাষা বিষয়ক
17. তলৰ শব্দবোৰৰ সন্ধি ভাঙাঃ
অনুষ্ঠান, জনাকীৰ্ণ, স্বাধীন, জন্মাষ্টমী ।
উত্তৰঃ
অনুষ্ঠান = অনু + স্থান ।
জনাকীৰ্ণ = জন + আকীৰ্ণ ।
স্বাধীন = স্ব + অধীন ।
জন্মাষ্টমী = জন্ম + অষ্টমী।
18. তলৰ শব্দবোৰ প্ৰত্যয় নিৰ্ণয় কৰাঃ
শাৰীৰিক, সামাজিক, সুকীয়া, ভৌগোলিক, ফুলনি, ভাৰতীয়, পুলাম, অৱিনাশী ।
উত্তৰঃ
শাৰীৰিক = শৰীৰ + ষ্ণিক
সুকীয়া = সুকীয়া + ঈয়া
ভৌগোলিক = ভূগোল + ষ্ণিক
ফুলনি = ফুল + আম
ভাৰতীয় = ভাৰত + ঈয়
অৱিনাশী = অবিনাশ + ঈ
সামাজিক = সমাজ + ষ্ণিক
19. প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখাঃ
হেতু, পৃথিৱী, গ্ৰন্থ, মাতা ।
উত্তৰঃ
হেতু = কাৰণ, নিমিত্ত।
পৃথিৱী = বসুধা, ধৰণী ।
গ্ৰন্থ = কিতাপ, পুথি ।
মাতা = মাতৃ, মা ।
20. বিপৰীত শব্দ লিখাঃ
পাৰ্থক্য, ত্যাগ, বৈচিত্ৰ্য, প্ৰচীন ।
উত্তৰঃ
পাৰ্থক্য = সামঞ্জস্য ।
ত্যাগ = গ্ৰহণ ।
বৈচিত্ৰ্য = ঐক্য ।
প্ৰচীন = নবীন ।
