Class 9 Social Science Chapter 6 – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন (Changes on the Earth’s Surface) – All Textual Solutions | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় ৬ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ ভূগোল খণ্ডৰ ষষ্ঠ অধ্যায় ‘ভূ-পৃষ্ঠৰ পৰিৱৰ্তন’ এক অত্যন্ত বৈজ্ঞানিক আৰু গুৰুত্বপূৰ্ণ পাঠ। পৃথিৱীৰ উপৰিভাগ কেনেকৈ বিভিন্ন কাৰকৰ দ্বাৰা নিৰন্তৰ সলনি হৈ আছে, সেই বিষয়ে এই অধ্যায়টোত আলোচনা কৰা হৈছে। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু শেহতীয়া শিক্ষা নীতিৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 9 Geography Chapter 6 Textual Question Answer) ইয়াত প্ৰস্তুত কৰা হৈছে।
অস্পীন একেডেমীৰ (Ospin Academy) এই সমাধানসমূহত আভ্যন্তৰীণ শক্তি (Internal Forces) আৰু বাহ্যিক শক্তি (External Forces) যেনে— নদী, বতাহ, হিমবাহ আৰু সাগৰীয় ঢৌৰ ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন অবয়ৱসমূহৰ বিষয়ে সহজ ভাষাত বুজাই দিয়া হৈছে। পৰীক্ষাত আহিব পৰা ডায়েগ্ৰাম আৰু পাৰ্থক্যসমূহ ইয়াত নিখুঁতভাৱে উল্লেখ কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত আপুনি কি কি সমল পাব:
- ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ মুখ্য কাৰকসমূহৰ বিস্তৃত বিশ্লেষণ।
- নদীৰ খহনীয়া আৰু জমা কাৰ্যৰ ফলত সৃষ্টি হোৱা ভূমিৰূপ (যেনে— ভি-আকৃতিৰ উপত্যকা, বদ্বীপ)।
- বতাহৰ ক্ৰিয়াৰ ফলত মৰুভূমিত সৃষ্টি হোৱা বালিয়াৰি আৰু ইনচেলবাৰ্জৰ ধাৰণা।
- হিমবাহ আৰু সাগৰীয় ঢৌৰ কাৰ্যৰ দ্বাৰা ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ ব্যাখ্যা।
- নতুন পাঠ্যক্ৰমৰ আৰ্হিত প্ৰস্তুত কৰা ১ নম্বৰৰ পৰা ৫ নম্বৰ পৰ্যন্ত প্ৰতিটো প্ৰশ্নৰ সহজ সমাধান।
অস্পীন একেডেমীৰ নোটছৰ বিশেষত্ব:
- সম্পূৰ্ণৰূপে শেহতীয়া নতুন পাঠ্যক্ৰম (New Syllabus) অনুসৰি লিখা হৈছে।
- ভূগোলৰ জটিল ধাৰণাসমূহ বুজিব পৰাকৈ সৰল অসমীয়া ভাষাৰ ব্যৱহাৰ।
- পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান।
- প্ৰতিটো উত্তৰ বিশেষজ্ঞ শিক্ষকৰ দ্বাৰা নিৰীক্ষণ কৰা।
নৱম শ্ৰেণীৰ ভূগোল বিষয়ত ভাল নম্বৰ লাভ কৰিবলৈ ভূ-পৃষ্ঠৰ পৰিৱৰ্তনসমূহৰ এই নোটছ অতি সহায়ক হ’ব। আপোনাৰ অধ্যয়ন যাত্ৰাক অধিক ফলপ্ৰসূ কৰিবলৈ আজিৰ পৰাই এই সমাধানসমূহ ব্যৱহাৰ কৰক।
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
অ নু শী ল নী
- ভূ-পৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ।
উত্তৰঃ ভূ-পৃষ্ঠত মহাদেশসমূহ স্থলভাগত বিস্তৃত আৰু মহাসাগৰসমূহ জলভাগত বিস্তৃত । স্থলভাগত সাতখন মহাদেশ চিহ্নিত কৰা হৈছে । সেই সাতখন হ’ল-
১। এছিয়া, ২। ইউৰোপ, ৩। আফ্ৰিকা, ৪। উত্তৰ আমেৰিকা, ৫। দক্ষিণ আমেৰিকা, ৬। ওচেনিয়া আৰু ৭। এণ্টাৰ্কটিকা । ভূ-পৃষ্ঠৰ স্থলভাগত পাঁচখন মহাসাগৰ চিহ্নত কৰা হৈছে । মহাসাগৰকেইখন হ’ল- ১। প্ৰশান্ত মহাসাগৰ, ২। আটলাণ্টিক মহাসাগৰ, ৩। ভাৰত মহাসাগৰ, ৪। উত্তৰ মহাসাগৰ আৰু ৫। দক্ষিণ মহাসাগৰ । মহাদেশকেইকনৰ উত্তৰভাগত সমভূমি, মালভূমি, পৰ্বত-পাহাৰ, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায় । সেইদৰে মহাসাগৰকেইখনতো পানীত বুৰ গৈ থকা অৱস্তাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ গাঁত, প্ৰৱাল প্ৰাচীৰ আদি অৱয়ববোৰ । তদুপৰি, মহাসাগৰ সৰু-ডাঙৰ বহুতো দ্বীপো দেখা যায় ।
2. ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা ।
উত্তৰঃ সময়ৰ গতিত ভূ-পৃষ্ঠৰ অৱয়ববোৰৰ পৰিৱৰ্তন ঘটে । এই অৱয়ববোৰৰ সৃষ্টি আৰু পৰিৱৰ্তনৰ অন্তৰালত বহুতো প্ৰাকৃতিক কাৰক বা প্ৰক্ৰিয়া জড়িত হৈ আছে । তাৰে কিছুমান বাহ্যিক কাৰক বা প্ৰত্ৰিয়া আৰু কিছুমান আভ্যন্তৰীণ কাৰক বা প্ৰক্ৰিয়া আছে । বাহ্যিক কাৰক বা প্ৰক্ৰিয়া বুলি আমি কব লাগিব সূৰ্যৰ উত্তাপ, বতাহ, বৰুষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদিৰ লগতে জীৱ-জন্ত, গছ-গছনি, মানুহ ইত্যাদিক । আভ্যন্তৰীণ কাৰক বা প্ৰক্ৰিয়াবোৰ হল- ভূমিকম্প, আগ্নেয়গিৰি। প্ৰধান আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া হল- ফলক বিৱৰ্তন-পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰ গতিশীল হোৱাৰ কাৰণেই প্ৰধানকৈ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয় । এই দুই ধৰণৰ কাৰকসমূহৰ ক্ৰিয়াৰ ফলতেই ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন হৈ আছে ।
3. বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।
উত্তৰঃ যিবোৰ কাৰকে ভূ-পৃষ্ঠত বাহিৰৰ পৰা ক্ৰিয়া কৰে সেই কাৰকবোৰক বাহ্যিক কাৰক বোলা হয় ।
সৌৰশক্তি, বতাহ, বৰুষুণ, হিমবাহ আৰু ঢৌ আদি বাহ্যিক কাৰকৰ অন্তৰ্গত ।
4. ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?
উত্তৰঃ ভূমিকম্প আৰু আগ্নেয় উদগৰীণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, কৰাণ আভ্যন্তৰীণ কাৰকবোৰৰ মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে । এই কাৰকে সধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰাখে । ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব বা বহি যাব পাৰে ।
5. নদী অৱবাহিকা বুলিলে কি বুজা ? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা ।
উত্তৰঃ

ভূ-পৃষ্ঠৰ বৃহৎঅংশত প্ৰবাহিত জল বা নদ-নদীয়ে ক্ৰিয়া কৰে। সাধাৰণতে অতি বেছি বৰুষুণ হোৱা ঠাইবোৰত নদীৰৰ ক্ৰিয়া বেছি । সৰু বৰ সকলো নদীয়ে উপনদী, শাখানদী আদিৰ যোগেদি একো-একোটা অৱবাহিকাৰ সৃষ্টি কৰে।
সাধাৰণতে অৱবাহিকা হৈছে একোটা এলেকা যৰ পৰা পানী নদী এখনে ইয়াৰ সৰু বৰ উপনৈৰ সৈতে বৰুষুণ অথবা অন্য উৎসৰ পৰা লাভ কৰা পানী কঢ়িযায় ।
6. উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা।
উত্তৰঃ সৰু নদী এখনে উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ আহি প্ৰধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক উপনদী বোলে।
ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম হ’লঃ (ক) পুঠিমাৰী আৰু (খ) মানহ ।
7. নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া ।
উত্তৰঃ সাধাৰণতে নৈৰ পানীভাগ উচ্চভূমিৰ পৰা ক্ৰমে নামিবলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত খননকাৰ্য সাধিত হয় । আচলতে বাযুমণ্ডলত থকা জলীয় বাষ্প বৰুষুণ আকাৰে ভূ-পৃষ্ঠত পৰিলেই ক্ষয়কাৰ্য আৰাম্ভ হয় । বৰুষুণৰ পানী যেতিয়া নৈ বৈ আহে যায় তেতিয়া পানীৰ খনন শক্তি বাঢ়ে । নৈৰ খননকাৰ্য অৱবাহিকাটোৰ-
(ক) উপৰিভাগৰ গঠন
(খ) অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা
(গ) উদ্ভিদৰ আৱৰণ
(ঘ) প্ৰৱাহিত পানীৰ পৰিমাণ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ।
8. নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজা ।
উত্তৰঃ নদী এখেনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি মৃদু ঢালযুক্ত ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত ইয়াৰ খননকাৰ্যৰ পৰিৱৰ্তন ঘটে । উচ্চভূমিৰ অঞ্চলত নদীৰ গতিবেগ প্ৰৱল, গতিপথ ঠেক আৰু দ হয় । গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ গতিকে নদীয়ে দুয়োপাৰত খননকাৰ্য চলাই গতিপথ বহলাবলৈ বাধ্য হয় । এনে ধৰণৰ খননকাৰ্যক পাৰ খনন বা পাৰ্শ্বখনন ।
9. অশ্বখুৰা হ্ৰদ কি ? চিত্ৰৰ সহায়ক ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা ।
উত্তৰঃ

ভৈয়াম বা সমতল অঞ্চলৰ মৃদু ঢালেদি যাওঁতে নদীৰ গতিপথত স্বাভাৱিকতে একা-বেঁকা হৈ পৰে । নদীৰ পাৰ্শ্বখনন কাৰ্যই ইয়াৰ গতিপথ আৰু অধিক একা-বেঁকা কৰি তোলে । নদীৰ এনে গতিকে বক্ৰগতি বা সৰ্পিল গতি বোলা হয় । কোনো কোনো ঠাইত নদীৰ গতি ইমান ভাঁজযুক্ত হৈ পৰে যে এনে গতিপথে বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত কঢ়িয়াব নোৱাৰাত পৰে । তেতিয়াই নদীয়ে গতি পোন কৰি গতিপথৰ অতি ভাঁজ থকা অংশ এৰি দিয়ে । এৰি দিয়া অংশ পিছত হ্ৰদ বা বিলৰ ৰূপ লয় । ঘোঁৰাৰ খুৰা আকৃতিৰ এনে হ্ৰদক অশ্বখুৰা হ্ৰদ বোলা হয় ।
10. প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য চলে । ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়ো পাৰে গেদ জমা হয় । বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি বোলা হয় ।
সাধাৰণতে বানপানীৰ সময়ত সোঁতে কঢ়িয়াই অনা বালি, বোকা , পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে । এইবোৰেই কালক্ৰমত প্লাৱন ভূমিৰ সৃষ্টি কৰে ।
প্লাৱনভূমিৰবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী ।
11. নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
উত্তৰঃ নদীৰ বুকুত বালি-বোকাবোৰ জমা হৈ বালিচৰৰ সৃষ্টি হয় । এই বালিচৰৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ হয় । বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰক আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় । খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে । এনৈকয়ে বালিচৰ সৃষ্টি হয় ।
12. ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত যত নৈ গৈ পৰৈ তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয় । এই দ্বীপবোৰৰ আকৃতি অসমীয়া ‘ব’ বা ইংৰাজীৰ D আখৰৰ দৰে । সেয়ে এই দ্বীপবোৰক ব-দ্বীপ বোলা হয় ।
13. মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা ।
উত্তৰঃ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ বাবে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে । ধূলি বালিবোৰ বতাহে অনায়সে এঠাইৰ পৰা আনঠাইলৈ কঢ়িয়াই নিব পাৰে । অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলিৰ ধুমুহা উদ্ভৱ হয় ।
14. অৱনমন বুলিলে কি বুজায় ?
উত্তৰঃ মৰুপৃষ্ঠত উদ্ভিদৰ আৱৰণ তেনেই পাতলীয়া হোৱা কাৰণে বতাহে সহজে ধূলি-বালিবোৰক এঠাইৰ পৰা আনঠাইলৈ উৰুৱাই নিব পাৰে । তাকে অৱনমন বোলা হয় ।
15. বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ?
উত্তৰঃ বতাহে অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লব পাৰে । এনে পাহাৰক বালিৰ পাহাৰৰ বা বালিয়াৰি বুলি কোৱা হয়।
16. ইন্ ছেলবাৰ্গ কি ?
উত্তৰঃ সাধাৰণতে অপঘৰ্ষণৰ পৰিণতিতেই ইনছেলবাৰ্গ সৃষ্টি হয়। ইনছেলবাৰ্গ হৈছে মৰুভূমিত থকা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ . জাৰ্মান শব্দ ‘ইনছেলবাৰ্গৰ অৰ্থ’ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাথৰ বা পৰ্বত । ইনছেলবাৰ্গবোৰ একোখন পৰ্বত ক্ষয় গৈ গৈ ৰৈ যোৱা কঠিন অংশ ।
17. হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা ।
উত্তৰঃ পৃথিৱীৰ অতি শীতল অঞ্চলোবৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে । এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে জমা হৈ আছে । সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বোলা হয় । হিমবাহ আৰু নদীৰ মজত থকা পাৰ্থক্যসমূহ হ’লঃ
(ক) হিমবাহ গতি লেহেম হয় আনহাতে নদীৰ গতি উচ্চভূমি অঞ্চলত ক্ষিপ্ৰ হয় ।
(খ) হিমবাহৰ খনন গতি অতি লেহমীয়া আনহাতে নদীৰ খনন গতি অতি ক্ষিপ্ৰ হয় ।
(গ) হিমবাহে দ্ৰামিলন, এস্কাৰ, কেম আদি অৱবয়ৰ সৃষ্টি কৰে আনহাতে নদীয়ে বালিচৰ , প্লাৱনভূমি ইত্যাদি সৃষ্টি কৰে।
18. গ্ৰাব কি ? চিত্ৰ আঁকি বিভিন্ন শ্ৰেণীৰ গ্ৰাববোৰ দেখুওৱা।
উত্তৰঃ হিমবাহ কোনো উপত্যকাৰে নামি আহোঁতে বৰফৰ বাহিৰে অন্য যিবোৰ পদাৰ্থ কঢ়িয়াই আনে সেইবোৰক সামগ্ৰিকভাবে গ্ৰাব বোলা হয় গ্ৰাব চাৰিপ্ৰকাৰৰ যেনে- (ক) পাৰ্শ্ব গ্ৰাব, (খ) ভূমিগ্ৰাব, (গ) মধ্যগ্ৰাব, (ঘ)প্ৰান্তগ্ৰাব,
(ক) পাশ্ব্ৰ গ্ৰাব = হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক পাৰ্শ্বগ্ৰাব বোলা হয়
(খ)ভূমিগ্ৰাব = হিমবাহ উপত্যকাৰ তলিয়েদি বৈ অহা গ্ৰাবক ভূমিগ্ৰাব বোলা হয়
(গ)মধ্যগ্ৰাব = কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা দুটা হিমবাহ মিলি দুয়োটাৰে পাৰ্শ্বগ্ৰাব সংযোজিত হৈ ডাঙৰ হিমবাহৰটোৰ মাজেৰে উটি যাবলৈ ধৰে এনে গ্ৰাবক মধ্যগ্ৰাব বুলি কোৱা হয়
(ঘ)প্ৰান্তগ্ৰাব = হিমবাহৰ শেষ সীমাত জমা হোৱা গ্ৰাবক প্ৰান্তগ্ৰাব বোলে ।

19. হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা
উত্তৰঃ পাৰ্বত্য বা উপত্যকা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আপ্লছ, উত্তৰ আমেৰিকাৰ ৰকি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায় । এই হিমবাবোৰ সাধাৰণতে দুশাৰী পৰ্বতৰ মাজৰ উপত্যাকাৰে নাম আহে । এনে হিমবাহে বৰফখণ্ডৰ লগতে সৰু-বৰ শিল, বালি, জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে । হিমবাহে কঢ়িয়াই অনা এই পদাৰ্থবোৰে গতিপথত সহজতে খননকাৰ্য চলায় । এখন পৰ্বতৰ গাৰে এনে ধৰণৰ কেইবাটাও হিমবাহ বৈ গলে সিহঁতৰ খনন ক্ৰিয়াৰ ফলত পৰ্বতৰ শীৰ্ষাংশই চোকা জোঙৰ ৰূপ লয় । এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়। আপ্লছ আৰু হিমালয় পৰ্বতত এনেধৰণৰ বহুতো ক্ষয়জনিত জোঙা শৃংগ আছে ।
20. উপকূল কাক বোলে ?
উত্তৰঃ সাগৰ মহাসাগৰ পাৰ বা তীৰক উপকূল (coast) হয়।
21. বালিয়াতট কি ? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা ।
উত্তৰঃ সাগৰৰ ঢোৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হলে’ও তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতল সদৃশ অবয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অবয়বক বালিয়াতট বোলা হয় ।
বালিয়াতটৰ গুৰুত্ব হ’লঃ
সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অবয়ব গঢ়ি উঠে । এই ধৰণৰ তটৰ বালি অতি মিহিৰপৰা শিলৰ আকাৰৰ হ’ব পাৰে । উপকূলৰ বালিয়াতটবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে । যেনে- চেন্নাইৰ মেৰিনা বালিয়াতট।
22. সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা ।
উত্তৰঃ সাগৰ মহাসাগৰৰ উপকূল অঞ্চল তিনিটা প্ৰধান কাৰকৰ দ্বাৰা ক্ৰিয়া কৰি উপকূলৰ অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে । এই কাৰক তিনিটা হ’ল-
(ক) বৰুষুণ (খ) বতাহ সাগৰ ঢৌ
এই তিনিটা কাৰকৰ ভিতৰত সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে । অৱশ্য পৃথিৱীৰ সকলো উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয় ।
উপকূলৰ ভূতাত্ত্বিক গঠন, কাষৰীয়া গভীৰতা, নৌৰ উপস্থিতি, বতাহৰ ক্ৰিয়া, উপকূলীয়া উদ্ভিদৰ আৱৰণ আদি বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে । ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ-মহাসাগৰৰ উপকূলত কিছুমান অৱয়বৰ সৃষ্টি হৈছে । উপকূলত সৃষ্টি হোৱা এই অৱয়ববোৰৰ কিছুমান অৱক্ষেপজনিত হয় ।
23. তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাঁড় চিনেৰে দেখুওৱা ।
উত্তৰঃ
|
নদী |
বতাহ |
সাগৰৰ ঢৌ |
হিমবাহ |
|
প্লাৱন ভূমি ব-দ্বীপ বালিচৰ অশ্বখুৰা হ্ৰদ |
ইনছেবাৰ্গ বালিৰ পাহৰ |
বালিয়াতট উপকূল |
পাৰ্শ্বগ্ৰাব জোঙা শৃংগ U-উপত্যকা V-উপত্যাকা |
24. ভূ-পৃষ্ঠত ভৱিষ্যতে কোনো ধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি লিখা ।
উত্তৰঃ ভূ-পৃষ্ঠত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰ অবিৰতভাৱে ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে । সাধাৰণতে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰে হঠাতে ভূ-পৃষ্ঠৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে । এনে প্ৰক্ৰিয়াই প্ৰায়ে ভূ-পৃষ্ঠৰ সমতল নষ্ট কৰি ইয়াক ঠাইবিশেষ ওখ-চাপৰ কৰি তোলে ।
আনহাতে বাহ্যিক কাৰবোৰে নান প্ৰকাৰে ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ওখ ঢাপবোৰ কমাই আনি ইয়াক সমতা প্ৰদান কৰিবলৈ চেষ্টা কৰে ।
বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে ক্ৰিয়া কৰি থকাৰ বাবে আমাৰ পৃথিৱীৰ উপৰভাগে বৰ্তমান ৰূপ পৰিগ্ৰহণ কৰিছে । এইবোৰ কাৰকে ভৱিষ্যতেও ক্ৰিয়া কৰি ভূ-পৃষ্ঠৰ ৰূপৰ পৰিৱৰ্তন সাধন কৰিব ।
