Class 9 Social Science Chapter 8 – ভাৰতবৰ্ষৰ ভূগোল (Geography of India) – All Textual Solutions | ASSEB Assam (Assamese Medium)
নৱম শ্ৰেণী সমাজ বিজ্ঞান (ভূগোল) অধ্যায় ৮ – ভাৰতবৰ্ষৰ ভূগোল সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অষ্টম অধ্যায় ‘ভাৰতবৰ্ষৰ ভূগোল’ আমাৰ দেশৰ ভৌগোলিক পৰিচয় বুজি পোৱাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ। এই অধ্যায়ত ভাৰতৰ অৱস্থান, ভূ-প্ৰকৃতি, জলবায়ু, নদ-নদী আৰু প্ৰাকৃতিক উদ্ভিদৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নতুন শিক্ষা নীতিৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান (Class 9 Geography Chapter 8 Textual Question Answer) অস্পীন একেডেমীৰ (Ospin Academy) এই শিতানত প্ৰস্তুত কৰা হৈছে।
ভাৰতবৰ্ষৰ দৰে এখন বিশাল বৈচিত্ৰ্যপূৰ্ণ দেশৰ হিমালয়ৰ পৰা দাক্ষিণাত্যৰ মালভূমি পৰ্যন্ত প্ৰতিটো ভৌগোলিক অঞ্চলৰ বৈশিষ্ট্যসমূহ পৰীক্ষামুখীভাৱে ইয়াত ব্যাখ্যা কৰা হৈছে। আগন্তুক বাৰ্ষিক পৰীক্ষাৰ বাবে সাজু হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক এই নিখুঁত প্ৰশ্নোত্তৰসমূহে যথেষ্ট সহায় কৰিব।
এই পাঠ্যভিত্তিক সমাধানত আপুনি কি কি শিকিব পাৰিব:
- ভাৰতৰ ভৌগোলিক অৱস্থান, সীমা আৰু মাটিকালিৰ সবিশেষ তথ্য।
- ভাৰতৰ প্ৰধান পাঁচটা ভূ-প্ৰাকৃতিক বিভাগৰ (যেনে- হিমালয়, সিন্ধু-গংগা-ব্ৰহ্মপুত্ৰ সমভূমি আদি) বিস্তৃত আলোচনা।
- ভাৰতৰ জলবায়ুৰ ওপৰত মৌচুমী বায়ুৰ প্ৰভাৱ আৰু বিভিন্ন ঋতুৰ পৰিচয়।
- ভাৰতৰ নদ-নদীসমূহৰ উৎপত্তি আৰু গতিপথৰ বৈজ্ঞানিক বিশ্লেষণ।
- প্ৰাকৃতিক উদ্ভিদ আৰু ইয়াৰ শ্ৰেণীবিভাগৰ লগতে পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব।
- নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা অতি চমু, চমু আৰু দীঘলীয়া প্ৰশ্নৰ উত্তৰ।
অস্পীন একেডেমীৰ নোটছৰ বিশেষত্বসমূহ:
- সম্পূৰ্ণৰূপে শেহতীয়া নতুন পাঠ্যক্ৰম (According to New Syllabus) অনুসৰি প্ৰস্তুত।
- মান্য অসমীয়া ভাষাত নিৰ্ভুল আৰু সহজবোধ্য সমাধান।
- পৰীক্ষাৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ মানচিত্ৰ আৰু অতিৰিক্ত MCQ সমাধান।
- প্ৰতিটো উত্তৰ উন্নত মানদণ্ডৰ যাতে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিব পাৰে।
নৱম শ্ৰেণীৰ ভূগোল বিষয়ত দখল বৃদ্ধি কৰিবলৈ এই ‘ভাৰতবৰ্ষৰ ভূগোল’ৰ সমাধানসমূহ এতিয়াই পঢ়িবলৈ আৰম্ভ কৰক। আপোনাৰ শিক্ষাৰ প্ৰতিটো খোজত অস্পীন একেডেমীয়ে সহায়ৰ হাত আগবঢ়াই আহিছে।
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
ভাৰতবৰ্ষৰ ভূগোল
অ ণু শী ল নী
- ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থাৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত । এই দেশখন এছিয়া মহাদেশৰ অন্তগৰ্ত । ভাৰতবৰ্ষ এখন পৃথিৱীৰ বৃহৎগণতান্ত্ৰিক ৰাষ্ট্ৰ । ভাৰতবৰ্ষ ৮°৪ ২৮// উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত ।
২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কক্ৰান্তি ৰেখাডাল ভাৰতৰ সোঁমাজেদি গৈছে । এই ৰেখাডালক ভাৰতৰ উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে । ইয়াৰ দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিম আৰৱ সাগৰৰ মাজত অৱস্থিত।
2. ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ভাৰতৰ উপকূল ৰেখাৰ মূঠ দৈৰ্ঘ্য হ’ল ৬,১০০ কিলোমিটাৰ ।
3. ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান?
উত্তৰঃ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ’ল ১৫,২০০ কি.মি. ।
4. ভাৰতৰ ভূ-খণ্ড সম্পৰ্কে এটি চমুটোকা লিখা ।
উত্তৰঃ এছিয়া পৃথিৱীৰ বৃহত্তম দেশ । এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষত অৱস্থিত । ভাৰতৰ উত্তৰা-দক্ষিণাকৈ থকা ভূ-খণ্ড প্ৰায় ৩,২১৪ কি.মি. আৰু পূবা-পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কি.মি. বিস্তৃত ।
পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয়া ভূ-ভাগে প্ৰায় ৬,১০০ কি.মি. দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে । এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে ।
ভাৰত ভূ-খণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থল-ভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে । পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কি.মি. ।
5. উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা ।
উত্তৰঃ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা চাৰিটা পাৰ্থক্য হ’লঃ
(ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এই বিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে ।
কিন্ত দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এই নদীবোৰ খৰালি কালত প্ৰায়েই শুকাই যায় ।
(খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে ।
কিন্ত দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নাযায় ।
(গ) উত্তৰ ভাৰতৰ নদীবোৰ বিশেষ খৰস্ভ্ৰোতা নহয় যদিও ইহঁতে বেছি গেদ পৰিবহণ কৰে । সেয়ে এই নদীবিলাকক জলবিদুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয় ।
কিন্ত দিক্ষণ ভাৰতৰ নদীবিলাক খৰস্ত্ৰোত হোৱাৰ লগতে ইহঁতে কম পৰিমাণে গেদ পৰিবহণ কৰে বা জলবিদুৎ উৎপাদনৰ বাবে সুবিধাজনক হয় ।
(ঘ) উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈৰ্ঘ্য বেছি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু বৰ ব-দ্বীপ গঠিত হৈছে ।
6. ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি?
উত্তৰঃ ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা হ’লঃ
(ক) উত্তৰৰ হিমালয়ৰ পাৰ্বত্য অঞ্চল
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল
(ঘ) উপকূল অঞ্চল
7. উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ উত্তৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নংগ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূবা-পশ্চিমাকৈ বিস্তৃত আছে। প্ৰায় ২,৫০০ কি.মি. দীঘল আৰু ২৪০ কি.মি. ৰ পৰা ৫০০ কি.মি. আগুৰি আছে ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ কিলোমিটাৰলৈ অধিক ।
বৈশিষ্ট্যঃ
(ক) হিমালয় পৰ্বত শ্ৰেণীটো একেবাৰে সৃষ্টি হোৱা নাই । পৰ্বত গঠনকাৰী প্ৰক্ৰিয়াৰ কেইবাটাও পৰ্যায়ত হিমালয় পৰ্বত শ্ৰেণী গঠন হৈছে । সেই কাৰণেই ভূ-বিজ্ঞানীসকলৰ মতে প্ৰায় ৭ নিযুত বছৰ ধৰি চলি থকা গঠন প্ৰক্ৰিয়াৰ অন্ততহে হিমালয় পৰ্বত ইয়াৰ আকাৰ, আকৃতি আৰু উচ্চতা লাভ কৰিব পাৰিছে ।
(খ) হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্ৰাপ্ত হোৱা কোমল শিলৰে গঠিত । সেয়েহে ইয়াৰ পৰা ওলোৱা নদ-নদীবিলাক অধিক পৰামণৰ গেদ কঢ়িয়াই আনে ।
(গ) হিমালয়ৰ উচ্চ শিখাবোৰ বৰেফৰে আবৃত হৈ থাকে । এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় ।
8. উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) পাঁচখন সৰু-বৰ সমভূমিৰৰ সৃষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ সমভূমি বিস্তৃতি সমভূমি অঞ্চলটো । এই পাঁচখন সমভূমি হৈছেঃ (ক) পশ্চিম সমভূমি (খ) পাঞ্জাব-হাৰিয়ানা সমভূমি (গ) গংগা সমভূমি (ঘ) উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি ।
(খ) হিমালয় পাৰ্বত্য অঞ্চল এৰি গংগাই উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমভূমিয়েদি বৈ আঁহোতে যমুনা, গণ্ডক, সোণ, কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে ।
(গ) হিমালয়ৰ উৎপত্তি হোৱা গংগা নদী ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে । গংগা নদী উচ্চ হিমালয়ৰ গঙ্গোত্ৰী নামৰ হিমবাহ বা বৰফৰ নৈৰ সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বৰ্গ কি.মি. আগুৰি আছে ।
9. দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) উত্তৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ-পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে।
(খ) বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ ঢালখোৱা । সেয়েহে এই অঞ্চলৰ মাজেৰে নৰ্মদা আৰু তাপ্তী নামৰ দুখন নদী পশ্চিমলৈ বৈ গৈছে আৰু দুয়োখন নদীয়ে কাম্বে উপসাগৰত পৰিছে ।
10. উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) ভৰতৰ উপকূলীয়া সমতল অঞ্চল দীঘল আৰু ঠেক ।
(খ) ভাৰতৰ উপকূল অঞ্চলটো পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি । ইয়াৰ পূব অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূৰ্বঘাটত পৰ্বত শ্ৰেণীৰ মাজত অৱস্থিত আছে । ই গংগা নদীৰ মোমহনাৰ পৰা কুমাৰিলৈকে বিস্তৃতি । প্ৰায় ১,১০০ কি.মি. দীঘল এই উপকূল অঞ্চলটো গড়ে প্ৰায় ১২০ কি.মি. বহল ।
11. ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ ভাৰতৰ জলবায়ু প্ৰধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে ।
বৈশিষ্ট্যঃ
(ক) অক্ষাংশভেদে ভাৰতৰ ঠাইসমূহৰ উত্তাপৰ তাৰতাম্য ঘটাৰ বাবেই জলবায়ু বেলেগ বেলেগ হয় ।
ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা কৰ্কটক্ৰান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে । ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্মমণ্ডলত পৰিছে ।
(খ) ভাৰতৰ ভূ-খণ্ড পৰ্বত-পাহাৰ, মালভূমি, মৰুভূমি আদি ভূ-প্ৰকৃতিৰে গঠিত । এনে ভূ-প্ৰকৃতিৰ বাবেই ঠাই বিলাকৰ মাজত উচ্চতাৰ পাৰ্থক্য আনিছে । ফলত জলবায়ু বেলেগ বেলেগ হয় ।
12. ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট । বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । ভাৰতত মৌচুমী বতাহৰ প্ৰাভাৱ দুই প্ৰকাৰৰ যেনেঃ
(ক) গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ আাৰু
(খ) শীতকালত উত্তৰ-পূব মৌচুমী বতাহৰ প্ৰভাৱ।
(ক) দক্ষিণ-পশ্চিম মৌচপমী বতাহঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণই-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে । আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্ৰথমে পশ্চিমঘাট পৰ্বতত বাধা পায় । তেতিয়াই ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে । সেয়েহে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত হছৰি ৩০০ চেণ্টিমিটাৰকৈ অধিক বৰষুণ দিয়ে ।
(খ) উত্তৰ-পূব মৌচুমী বতাহঃ উত্তৰ-পূব মৌতুমী বতাহ শীতকালত বলে । এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰাবাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে । উত্তৰৰ হিমালয় পৰ্বতে এই চেঁচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্ৰচণ্ড শীত অনুভৱ নহয় । স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান । সেয়েহে ইয়াৰ ফলত বৰষুণ নহয় ।
13. ভাৰতৰ বৰষুণৰ বিতৰণ সম্পৰ্কে এটি আভাস দিয়া।
উত্তৰঃ ভাৰতত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবেই দেশখনত অধিক বৰষুণ নহয় । কিন্ত এই বৰষুণৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে সমান নহয় । ভাৰতৰ বাৰ্ষিক গড় বৰষুণৰ বিতৰণৰ মানচিত্ৰ খনলৈ দেখা যায় –
(ক) উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পৰ্বতৰ ঢালত বাৰ্ষিক গড়ে ৩০০ চেণ্টিমাটাৰৰো অধিক হয় ।
(খ) অৰুণাচল প্ৰদেশৰ বহিঃ হিমালয়ৰ অঞ্চলত বাৰ্ষিক গড়ে ৪০০ চেণ্টিমিটাতকৈও বেছি বৰষুণ হয় ।
14. ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।
উত্তৰঃ ভাৰতৰ উদ্ভিদসমূহক ছয় ভাগত ভগোৱা হৈছে-
(ক) চিৰসেউজীয়া উদ্ভিদ
(খ) মৌচুমী উদ্ভিদ
(গ) কাঁইটীয়া মৰু উদ্ভিদ
(ঘ) তৃণজাতীয় উদ্ভিদ
(ঙ) ব-দ্বীপয় উদ্ভিদ
(চ) পাৰ্বত্য উদ্ভিদ
15. ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চে.মিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫° চেণ্টিগ্ৰেড হয়, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় ।
চিৰসেউজীয়া বননিবোৰ ওখ ওখ গছ-গছনিৰে ভৰা । ইয়াৰ গছবিলাক ৪৫ মিটাৰ পৰ্যন্ত হয় । ওখ গছনি বাহিৰে বেত, বাঁহ ঢেঁকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়।
চিৰসেউজীয়া বননিৰ গছ-গছনিবোৰে ডাঠ অৰণ্যৰ সৃষ্টি কৰে। পশ্চিঘাট পৰ্বতৰ ঢাল, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায় ।
16. ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণত উচ্চতাৰ যথেষ্ট গুৰত্ব আছে । কিয়নো উচ্চতা আৰু পৰ্বত পাহাৰৰ ঢাল অনুসৰি বৰষুণ, উত্তাপ আৰু মাটিৰ গুণাগুণৰ তাৰতাম্য ঘটে । সেইবাবে পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায় ।
17. ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান ?
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা হৈছে ১২১, ০১, ৯৩ ৪২২ জন ।
২০১১ চনৰ লোকপিয়ল মতে প্ৰতি বৰ্গকিলোটাৰত ভাৰতৰ জনসংখ্যাৰ ঘনত্ব ৩৮২ জন ।
18. জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ মানুহে স্থায়ী বা অস্থায়ীবাৱে বাসস্থান সলাই এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলা হয় ।
জনপ্ৰব্ৰজন দুইপ্ৰকাৰৰ যেনেঃ(ক)আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন ।
19. জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে?
উত্তৰঃ প্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক অৰ্থনৈতিক পাৰিৱেশিক আৰু ৰাজনৈতি ক্ষেত্ৰসমূহত কিছুমান পৰিৱৰ্তন ঘটিছে । প্ৰব্ৰজনৰ কেইটামান বিশেষ প্ৰভাৱ হ’লঃ
(ক) প্ৰব্ৰজনৰ ফলত শেষৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে ।
(খ) প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ-বাণিজ্যিৰ প্ৰসাৰ ঘটিছে ।
(গ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে ।
20. ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰঃ ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ’লঃ
(ক) নিম্ন জনমুৰি আয়, (খ) জনমূৰি আয়াৰ মন্থৰ বৃদ্ধি, (গ) অত্যাধিক জনসংখ্যাৰ চাপ, (ঘ) দৰিদ্ৰতা (ঙ) কৃষি-নিৰ্ভৰশীলতা, (চ) বৰ্ধিত নিবনুৱা সমস্যা (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন ।
(ক) নিম্ন জনমুৰি আয়ঃ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমুৰি আয় নিৰ্ধাৰণ কৰা হয় । কোনো ব্যক্তিৰ জীৱন নিৰ্বাহৰ মানদণ্ডৰ প্ৰদান সূচক হৈছে তেঁওৰ আয় । কোনো এটা বছৰৰ জনমুৰি আয় মানে হৈছে এজন ব্যক্তিয়ে গড় হিচাপতে বছৰি লাভ কৰা আয়ৰ পৰিমাণ ।
(খ) জনমুৰি আয়ৰ মন্থৰ বৃদ্ধিঃ প্ৰতি বছৰে জনমুৰি আয় বৃদ্ধি হৈ আছে যদিও এই বৃদ্ধিৰ হাৰ সমান্য । ২০০৮-২০০৯ বৰ্ষৰ পৰা ২০০৯-২০১০ বৰ্ষৰ ভিতৰত কেৱল ১৯৩০ টাকা জনমুৰি আয়ৰ বৃদ্ধি হৈছে।
(গ) অত্যাদিক জনসংখ্যাৰ চাপঃ ভাৰতীয় অৰ্থনীতি অত্যাধিক জনসংখ্যাৰ দ্বাৰ ভৰপূৰ । স্বাধীনতাৰ সময়ত ১৯৪৭ চনত ভাৰতৰ জনসংখ্যা আছিল ৩০ নিযুত । কিন্ত ২০১১ চনত এই জনসংখ্যা ১২১০ নিযুতলৈ বৃ্দ্ধি হয় ।
(ঘ) দৰিদ্ৰতাঃ ভাৰতীয় অৰ্থনীতিৰ আন এক বিশেষ বৈশিষ্ট্য হৈছে দৰিদ্ৰতা । পৃতিৱীৰ মুঠ দৰিদ্ৰ লোকৰক এক-তৃতীয়াংশই ভাৰতত বাস কৰে ।
(ঙ) কৃষি-নিৰ্ভৰশীলতাঃ কৃষি নিৰ্ভৰশীলতা বাৰতীয় অৰ্থিনীতিৰ আন এক বৈশিষ্ট্য । জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি, শিল্প , ব্যৱসায়, চাকৰি আদিৰ দৰে কৰ্মত আত্মনিয়োগ কৰে । পৰম্পৰাগতবাৱে দেশৰ বেচি সংখ্যক লোকেই কৃষি কাৰ্যৰ লগত জড়িত আৰু সেয়েহে ভাৰতৰ অৰ্থনীতিৰ প্ৰদানকৈ কৃষি ।
(চ) বৰ্ধিত নিবনুৱা সমস্যাঃ বৰদিত নিবনুৱা সমস্যা ভাৰতীয় অৰ্থনীতিৰ আন এক বৈশিষ্ট্য । দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে স্বাভাৱিকতে কৰ্মক্ষম লোকৰ সংখ্যাও বৃদ্ধি হৈ থাকে । কিন্ত দেশৰ শিল্প, বাণিজ্য, ব্যৱসায়, যাতায়ত আদি ক্ষেত্ৰসমূহৰ বিকাশ সঠিক অনুপাতে নোহোৱাৰ বাবে সকলো কৰ্মক্ষম লোকে কৰ্মসংস্থাপন লাভ কৰিব পৰা নাই ।
(ছ) পৰিকল্পনা ভিত্তিক উন্নয়নঃ ১৯৫১ চনত গ্ৰহণ কৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাকে ধৰি যোৱা প্ৰায় ৬০ বছৰে অব্যাহত থকা পৰিকল্পনা ভিত্তিক উন্নয়নৰ প্ৰচেষ্টাই দেশখনৰ প্ৰগতিত অৰিহণা যোগাইছে ।
21. ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি?
উত্তৰঃ বাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা হ’লঃ
|
ৰাজ্যৰ নাম |
মাটিকালি বৰ্গ কি.মি. |
ৰাজধানী |
|
৮,২৪৯ |
পৰ্টব্লেয়াৰ |
|
১১৪ |
চণ্ডীগড় |
|
১,৪৮৩ |
দিল্লী |
|
৪৯১ |
ছিলভাছ |
|
১১২ |
ডমন |
|
৩২ |
কাভাৰাট্টী |
|
৪৭৯ |
পণ্ডিচেৰী |
22. ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা ।
উত্তৰঃ ভাৰতৰ বৰ্তমান ৰাজ্য ২৯ খন । সেই কিটা হ’লঃ
- অন্ধ্ৰপদেশ
- অৰুণাচল প্ৰদেশ
- অসম
- বিহাৰ
- চত্তিশগড়
- গোৱা
- গুজৰাট
- হাৰিয়ানা
- হিমাচল প্ৰদেশ
- জম্মু কাশ্মীৰ
- ঝাৰখণ্ড
- কৰ্ণাটক
- কেৰেলা
- মধ্যপ্ৰদেশ
- মহাৰাষ্ট্ৰ
- মণিপুৰ
- মিঘালয়
- মিজোৰাম
- নাগালেণ্ড
- ওড়িশা
- পঞ্জাব
- ৰাজস্থান
- ছিকিম
- তামিলনাডু
- তেলেগংনা
- ত্ৰিপুৰা
- উত্তৰাখণ্ড
- উত্তৰপ্ৰদেশ
- পশ্চিবংগ
23. ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?
উত্তৰঃ ভাৰতৰ শেহতকীয়াকৈ গঠন হোৱা ৰাজ্যখন হ’লঃ তেলেংগনা । ইয়াৰ সৰ্বমুঠ মাটিকালি হ’ল ১,১৪, ৮৪০ বৰ্গ কি.মি. আৰু ইয়াৰ জনসংখ্যা ৩,৫৩,৫২,০০,০০০ জন।
