SEBA Assam Class 9 Social Science History Chapter 3 – “মোৱামৰীয়া গণ বিদ্ৰোহ” Summary & Solutions
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 3 – “মোৱামৰীয়া গণ বিদ্ৰোহ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত অসমৰ ইতিহাসৰ অন্যতম বৃহৎ বিদ্ৰোহ মোৱামৰীয়া গণ বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা হৈছে। এই বিদ্ৰোহ আহোম শাসনৰ সময়ত সংঘটিত হৈছিল আৰু অসমীয়া সমাজৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।
- বিদ্ৰোহৰ কাৰণ: আহোম ৰাজসত্ত্বৰ সময়ত অত্যাচাৰ, অসন্তোষ, আৰু অসমীয়া সমাজৰ মাজত থকা বিভাজন।
- প্ৰধান নেতা: মোৱামৰীয়া দলে নেতৃত্ব দিছিল।
- বিদ্ৰোহৰ প্ৰভাৱ: আহোম ৰাজসত্ত্বৰ সংকট বৃদ্ধি আৰু অসমত সামাজিক পৰিৱৰ্তন।
📌 মূল বিষয়বস্তু:
- মোৱামৰীয়া গণ বিদ্ৰোহ কিয় সংঘটিত হৈছিল?
- বিদ্ৰোহৰ প্ৰধান নেতা কোন আছিল?
- বিদ্ৰোহৰ ফলাফল কি আছিল?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science History Chapter 3 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 3 – “মোৱামৰীয়া গণ বিদ্ৰোহ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
মোৱামৰীয়া গণ বিদ্ৰোহ
অ নু শী ল নী
অতি চমু/ প্ৰশ্ন উত্তৰঃ
1. মায়ামৰা কি ?
উত্তৰঃ মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম ।
2. সত্ৰ বুলিলে কি বুজা ?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰাচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনু্ষ্ঠান ।
3. সংহতি কি ?
উত্তৰঃ সংহতি হ’ল শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছিত তেওঁ শিষ্য-প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল । এই ভাগসমূহক প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হৈছে ।
4. মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰাম্ভ হৈছিল ?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মীসিংহৰ আহোম ৰজাৰ দিনত আৰাম্ভ হৈছিল ।
5. মোৱামাৰী বিদ্ৰোহ কোনজোন ৰজাৰ দিন শেষ হৈছিল ?
উত্তৰঃ মোৱামাৰী বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত শেষ হৈছিল ।
6. কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেু/স্বৰ্গনাৰয়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয় ?
উত্তৰঃ চুহুংমুঙ আহোম ৰজাই প্ৰথম স্বৰ্গদেু/স্বৰ্গনাৰয়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয় ।
7. চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিক হত্যা কৰা হৈছিল ?
উত্তৰঃ চুৰুমফা ভগাৰজাৰ দিনত গুৰু নিত্যানন্দদেৱক মোৱামৰীয়া সত্ৰাধিক হত্যা কৰা হৈছিল ।
8. ৰুদ্ৰসিংহ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?
উত্তৰঃ ৰুদ্ৰসিংহ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তক মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ।
9. আহোমসকলৰ প্ৰধান উপাশ্য দেৱতাজনৰ নাম লিখা ।
উত্তৰঃ আহোমসকলৰ প্ৰধান উপাশ্য দেৱতাজনৰ নাম হ’ল ছোমদেউ ।
10. জয়ধ্বজ সিংহই কোন জন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ?
উত্তৰঃ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ
নিৰঞ্জ জন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ।
11. ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ?
উত্তৰঃ আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত ।
12. কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল ?
উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল ।
13. কোন জন আহোম ৰজাৰ দিনত শাক্তধৰ্মই অধিক গা কৰি উঠিছিল ?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ দিন আহোম ৰজাৰ শাক্তধৰ্মই গা কৰি উঠিছিল।
14. গাগনি কি ?
উত্তৰঃ মোৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্ৰ ।
15. মোৱমৰীয়াসকলে পোনপ্ৰথম কাক ৰজা পাতিছিল ?
উত্তৰঃ মোৱমৰীয়াসকলে পোনপ্ৰথম ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল ।
16. কেপ্তেইন ওৱেলছে কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল ?
উত্তৰঃ কেপ্তেইন ওৱেলছে ১৯৭২ চনৰ নৱেম্বৰৰ পৰা ১৭৯৪ চনৰ মে মাহলৈ অসমত আছিল ।
17. অসমৰ ক’ত লোণ উৎপাদন হৈছিল ?
উত্তৰঃ অসমৰ শদিয়া আৰু নগাপাহৰত লোণ উৎপাদন হৈছিল।
18. অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল ?
উত্তৰঃ সেই সময়ত লোণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল।
চমু/দীঘল উত্তৰৰ প্ৰশ্নঃ
1. মোৱামৰীয়াসকল কোন ? এই বিদ্ৰোহক গণ অভুৎহু্থান বুলি ক’ব পৰা যায় নে ?
উত্তৰঃ মোৱমৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক ।
অসমত থকা বিভন্ন জনজাতি যেনে – কছাৰী, চুতীয়া, আহোম ,কৈৰ্বত্ত আদি লোকৰ মাজত মায়মৰা সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল । এই জনপ্ৰিয়তাৰ আঁৰত থকা এটি বিশেষ কাৰণ হ’ল এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্ৰ সম্প্ৰদায়ভুক্ত আছিল । আগতে অসমৰ জনজাতি সকল সমাজত হীন বা নীচ বুলি জ্ঞান কৰিছিল । গতিকে শূদ্ৰ সত্ৰাধিকাৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যদা পাইছিল । তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা ভয়াবহ মোৱামৰীয়া গণ বিদ্ৰোহৰ আৰাম্ভণী হৈছিল । এই বিদ্ৰোহক গণ অভ্যূহু্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যোগদান কৰা অজস্ত্ৰ্ৰ্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই সাধাৰণ কৃষক বা অন্যান বৃত্তিধাৰী লোক আছিল ।
2. মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা ।
আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে ? আলোচনা কৰা ।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ অসম ইতিহাসত আটাইতকৈ দীঘলীয়া বিদ্ৰোহ । আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰাম্ভ হোৱা এই বিদ্ৰোহ প্ৰায় ৩৫ বছৰ কাল জুৰি অসমৰ ৰাজনৈতিক আৰু সামজিক দিশত প্ৰভাৱ পেলাইছিল । মোৱামৰীয়া গণ বিদ্ৰোহৰ ৰাজনৈতিক কাৰণটো হ’লঃ
গুৰুৰ প্ৰতি মোৱামৰীয়া শিষ্যসকলৰ আছিল অগাধ ভক্তি । প্ৰয়োজনত তেওঁৰ হকে প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল । মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোঁৱাইছিল । তেনে পৰিস্থিতি গুৰুৱে নিজকে মহাশক্তিশালী আনকি স্বৰ্গদেউৰ লগতো নিজকে তুলনা কৰাৰ দুঃসাহস কৰিছিল । তেওঁ ভাবিছিল যে মোৱামৰীয়া শিষ্য দুজনে মৃত্যুপৰ ভয়ত শিঁৰত কৰিবলৈ বাধ্য হ’ব । কিন্ত সকলোকে হতচকিত কৰি দুয়ে শিষ্যই শিৰচ্ছেদ গ্ৰহণ কৰিলে কিন্তু নিজৰ মূৰ নোদোঁৱালে । এই ঘটনাই মোৱমৰীয়া মহন্তৰ মান, আত্মবিশ্বাশ আৰু সাহস দুগুণ বৃদ্ধি কৰিলে ।
3. আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে ? আলোচনা কৰা ।
উত্তৰঃ আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয়ঃ
(ক) আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণীৰে পৰা তেওঁলোকে নিজস্ব ধৰ্ম পালন কৰি আহিছিল । ছোমদেউ আছিল তেওঁলোকৰ প্ৰধান উপাশ্য দেৱতা । কিন্ত সময়ৰ লগে লগে তেওঁলোকে আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজঅনুগ্ৰহ প্ৰদৰ্শন কৰিছিল ।
(খ) গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল । সেয়েহে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল ।
(গ) গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখত তিষ্ঠিব নোৱাৰি বহুকেইটা সত্ৰৰ সত্ৰাধিকাৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল । বহু কেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবৰ্ণীয় অত্যাচাৰ চলোৱা হৈছিল ।
(ঘ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱচন্দ্ৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰৰ মনোমিলন্যৰ সৃষ্টি কৰিছিল । তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিংৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায় ।
5. পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমানদূৰ জগৰীয়া আছিল ? তোমাৰ নিজস্ব মতামত দাঙি ধৰা ।
উত্তৰঃ পাইকৰ ভাগ দুটা হ’লঃ কাড়ী পাইক আৰু চমুৱা পাইক। পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল ।ইয়াৰ কেইটামান কাৰণ হ’লঃ
(ক) দেশত পাইকৰ সংখ্যা হ্ৰাস পাই অহাত, বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত, প্ৰজাৰ ওপৰত ৰাজকীয় গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰ পৰা এজনে পাল পাতি বছৰৰ ৩ মাহৰ বাবে বাধ্যতামূলক পাইকসেৱা দান কৰিব লাগিছিল । গতিকে প্ৰতিজন পাইকৰে ওপৰত এমাহকৈ শ্ৰমৰ বোজা বৃদ্ধি পাইছিল । এইদৰে একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাষ্ট্ৰই পাইকৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিৰ প্ৰভূত ক্ষতি হয় ।
(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ডফলা-বহতীৰূপে পৰিগণিত আহোম প্ৰজাসকলে সততে দুই ধৰণৰ কৰৰ বোজা মূৰ পাতি লব লাগিছিল । তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডফলা জনজাতিসকলককো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল ।
(গ) সাধাৰণভাৱে দেশত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হোৱা নাছিল যদিও আহোম প্ৰজাসকলে মানুহৰ হাতত অলপ-অচৰপ মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল । ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল । ধনৰ বিনময়ত পাইক ৰেহাই পোৱা পাইককে চমুৱা পাইক বোলা হৈছে ।
5. মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা ।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলসমূহ হ’লঃ
(ক) প্ৰথমতে, মোৱামৰীয়া বিদ্ৰোহৰ আটাইতকৈ গুৰত্বপূৰ্ণ আৰু ক্ষতিকাৰক পৰিণতি হৈছে- কেপ্তেইন থমাছ ওৱেলছ ১৯৭৪ চনৰ ফেব্ৰুৱাৰী মাহত কলিয়াবৰৰ পৰা কোম্পানিৰ বংগ চৰকাৰলৈ এটি পোন প্ৰতিবেদন পঠিয়াইছিল । এই প্ৰতিবেদনে ৰত্ন প্ৰসাৱিনী অসমৰ প্ৰতি ব্ৰিটিছৰ আকৰ্ষণ বৃদ্ধি কৰিছিল ।
(খ) দ্বিতীয়তে, কেপ্তেইন ওৱেলছে অসৰ প্ৰসাশনিক বিষয়ত যি ধৰণে হস্তক্ষেপ কৰিছিল তাৰ ফলত আহোম ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাটো বিদ্ৰোহৰ হেঁচাত সম্পূৰ্ণৰূপে ভাগি পৰিছিল ।
(গ) তৃতীয়তে, বিদ্ৰোহৰ নেতা বা বিদ্ৰোহীসকলেও দেশ শাসনৰ উন্নত আৰ্হি উদ্ভাৱন কৰি আহোমৰ বিকল্প শাসন ব্যৱস্থা এটি প্ৰৱৰ্তন কৰিব পৰা নাছিল বিদ্ৰোহৰ নেতাসকলে বিভিন্ন ঠাইত শাসন ক্ষমতা দখল কৰিলেও সেই শাসন ব্যৱস্থা দীৰ্ঘ দিনলৈ বৰ্তি থকা নাছিল । মাত্ৰ বেংমাৰত সৰ্বানন্দ স্থাপন কৰা বিদ্ৰোহী ৰাজতন্ত্ৰ ১৮০৫ চনলৈ বৰ্তি আছিল ।
(ঘ) চতুৰ্থতে, বিদ্ৰোহীসকলক বহু ক্ষেত্ৰত সামূহিক স্বাৰ্থতকৈ ব্যত্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দি কাৰ্যক্ষেত্ৰত নামি পৰিছিল । বেশেষকৈ ন-দুৱাৰ আৰু দৰঙৰ স্বাধীনতাৰ বাবে সই দুখন ৰাজ্যৰ ৰজাই বিদ্ৰোহৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ বাবেহে কাম কৰিছিল অসমৰ সামূহিক স্বাৰ্থৰ বাবে নহয় ।
6. মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা ? যুক্তি দিয়া ।
উত্তৰঃ অসমত মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্ৰোহ কিছু দিশত সফলতা লাভ কৰিছে বুলি ক’ব পাৰি । তাৰ কাৰণ কেইটা মান হ’লঃ
(ক) মোৱামৰীয়া বিদ্ৰোহসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহ নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল ।
(খ) ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে জাপৰিভিঠাত ডফলা-বহতীয়াসকলে তাঁতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল ।
(গ) মাজুলীত মোৱামৰীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমাৰত হাতীচুঙ্গী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গোধাক বৰবৰুৱা পাজি ৰাজ্য শাসন কৰিছিল ।
(ঘ) শদিয়াত খামতিসকলে বুঢা় ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল ।
(ঙ) নামনি অসমত দৰঙৰ ৰজা হংস নাৰায়াণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্ৰ কৃষ্ণনাৰায়ণে বঙালী বৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে ।
এনেদৰে তিনিবাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহত আহোম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুৰ্বল হৈ পৰিছে।
7. কেপ্তেইন ওৱেলছ কি পৰিস্থিতত অসমলৈ আহিছিল ? কিয় তেওঁ অধৰুৱা অৱস্থাতে অভিযান সামৰি ঘুৰি গ’ল?
উত্তৰঃ গৌৰীনাথ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল ।
আহোম ৰজা গৌৰীনাথ সিংহৰ বিৰু্দ্ধে দেখা দিয়া এনে বিপদৰ প্ৰতি লক্ষ্য ৰাখি মেধি বৰফুকনে গোৱালপাৰত থকা কোম্পানিৰ বিষয়া হিউ বেইলীক কিছু বৰকান্দাজ সৈনিক দি গৌৰীনাথক সহায় কৰিবলৈ অনুৰোধ কৰে । হিউ বেইলীয়ে মেধি ফুকনৰ মতে গৌৰীনাথক ভালেমান বৰকান্দাজ পঠিয়াই দিয়ে । কিন্ত সেই বৰকান্দাজসকল বংগদেশৰ পৰা আহি থাকোঁতে আদবাটত হংসনাৰায়ণৰ পুত্ৰ কৃষ্ণনাৰায়ণে ছল-কৌশলেৰে সেইবোৰ আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে কামত লগায়।
ইফালে হৰদত্ত-বীৰদত্ত আৰু কৃষ্ণনাৰায়ণে যুটীয়া বিদ্ৰোহ যথেষ্ট জনপ্ৰিয়তা লাভ কৰে । আনফালে দৰঙৰ প্ৰজাসাধাৰণেও মোৱামৰীয়া বিদ্ৰোহীসকলৰ সৈতে মিলাপ্ৰীতি কৰিছিল । কামৰূপৰ সাধৰণ প্ৰজাসকলেও আহোম ৰাজতন্ত্ৰৰ প্ৰতি কোনো সাহনুভূতি ৰখা নাছিল ।
এই নতুন নীতি আছিল ‘পৰৰাজ্যত হস্থক্ষেপ বিৰোধী’ নীতি । এই নীতিমতে আন দেশৰ লোকে নিজৰ দেশত হস্থক্ষেপ কৰিব নোৱাৰি । সেইবাবে অতি সোনকালে ওৱেলছে অসমত আধৰুৱা অৱস্থাত অভিজান সামৰি ঘুৰি যায় ।
8. মোৱমৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা । তেওঁ কিমানদূৰ সফল আছিল বুলি ভাবা ?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্তেইন ওৱেলছ উজনি অসমৰ পিনে অগ্ৰসৰ হৈছিল । কেপ্তেইন ওৱেলছৰ নেতৃত্বত থকা সেনাবাহিনীৰ বন্দুকৰ আগত মোৱামৰীয়া বিদ্ৰোহীসকলৰ ধেনু-কাঁড়ে বিশেষ কাম দিয়া নাছিল । তেওঁলোকে লাহে লাহে কোম্পানিৰ সেনাবাহিনীৰ হাতত পৰাজয় বৰণ কৰিবলৈ ধৰিছিল আৰু ১৭৯৪ চনৰ মাৰ্চ তাৰিখে তেওঁলোকে কেম্পানিৰ সেনাবাহিনীৰ হাতত চূড়ান্তভাৱে পৰাভূত হয়। মোৱামৰীয়া বিদ্ৰোহ দমন কৰি কেপ্তেইন ওৱেলছে ২১ মাৰ্চ তাৰিখে ৰংপুৰত এজন দৰবাৰ পাতি ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰফুকন, বৰবৰুাৱ আদি দেশৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত গৌৰীনাথ সিংহক আহোমৰ ৰাজসিংহাসনত পুনৰ অধিষ্ঠিত কৰায় ।
এই ধৰণে কাৰ্য পৰিচালনা কৰিবলৈ তেওঁ অসমত আহি উপস্থিতিত হোৱাৰ প্ৰায় দুমাহ মানৰ ভিতৰতে বংগদশত থকা কেম্পানিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ কৰ্তৃত্ব লাভ কৰিছিল। সেই ক্ষমতাৰ দ্বাৰা শক্তিশালী হৈ তেওঁ ১৭৯৩ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে গৌৰীনাথক জয়নাথ বৰবৰুাৱ আৰু চিৰং চোলধৰা ফুকনক নিজ নিজ পদবীৰ পৰা বৰখাস্ত কৰিবলৈ বাদ্য কৰাইছিল ।
গতিকে দেখা যায় কেপ্তেইন ওৱেলছ মোৱামৰীয়া বিদ্ৰোহ দমনত সাময়িকভাৱে সফল হ’ব পাৰছিল । কিন্ত তেওঁ উভতি যোৱাৰ পিছতে এই বিদ্ৰোহ পুনৰ গা-কৰি উঠিছিল ।
9. কেপ্তেইন ওৱেলছৰ অসমত সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা ।
উত্তৰঃ কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰিছিল । সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায় ।
ওৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এচটা বৰ্ণনা দিয়া আছে । আনকি আহোম শাসনতন্ত্ৰৰ পাঁচগৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক অৰিয়াআৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে । পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে । অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্চাছাৰিতা, মোহনলাল গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী-আহোমসকলৰ মাজতস ক্ষমতা লাভৰ বাবে চলা অৱাঞ্ছিত প্ৰতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওক ওৱেলছ এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বিৃটিছ সৈন্য কৃতকাৰ্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে ।
চমুটোকা লিখাঃ
1. কীৰ্তিচন্দ্ৰ বৰুৱা ।
উত্তৰঃ কীৰ্তিচন্দ্ৰ বৰুৱা এজন প্ৰবল প্ৰতিপী ৰজা আছিল । তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল । ১৭১৮ চনত ৰূপচন্দ্ৰৰ মৃত্যু হোৱাৰ পিছত স্বৰ্গদেউ শিৱ সিংহই পুতেক কীৰ্তিচন্দ্ৰ বৰবৰুৱা পদীবীত নিযুক্তি দিছিল । কীৰ্তিচন্দ্ৰৰ কু-চক্ৰান্তপ বাবেএ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মোহনমালা দত্তৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহই ৰাহসিংহাসনত আৰোহণ কৰিব পাইছিল । ৰাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আমোদ-প্ৰমোদত দিন কটাবলৈ বেছি ভাল পাইছিল । ৰাজেশ্বৰ সিংহই ৰাজ্য শাসনৰ ভাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অপৰ্ণ কৰিছিল । কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজ্য শাসনৰ ভাৰ দিনক দিনে বাঢ়ি যোৱাত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নোৱাৰা হল । কাৰণ কীৰ্তি চন্দ্ৰ সাধাৰণ কাড়ী খেলৰ মানুহ আছিল ।
কীৰ্তিচন্দ্ৰ বৰুবৰুৱাই এই কথাৰ প্ৰতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্ৰমাণ কৰি কৈছিল যে তেওঁ সম্ভ্ৰান্ত আহোম পৰিয়ালৰ লোক হয় । এনে কাৰ্যই তেওঁৰ কিবা সন্দেহ থকা বুলি ভাবি ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ দিলে । কিছুমানে ষড়যন্ত্ৰ ৰকি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে । কিন্ত তেওঁ কোনো ৰকমে পলাই প্ৰাণ ৰক্ষা কৰে ।
2. মায়মৰা সত্ৰ ।
উত্তৰঃ মায়মৰা এখন বৈষ্ণৱ সত্ৰৰ নাম । ই কাল সংহতিৰ অন্তৰ্ভূক্ত । মূ লতে মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল । ইয়াৰ উপৰি অসমৰ বহুতো জনজাতি যনে কছাৰী, চুতীয়া, আহোম কৈবৰ্ত্ত আদি লোকৰ মাজত এই সত্ৰই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । মায়মৰা সত্ৰঘখনৰ এটি বিশেষত্ব হল যে এই সত্ৰৰ সত্ৰাধিকাসকল কেৱল ক্ষুদ্ৰ সম্প্ৰদায়ভূক্ত আছিল । এই মায়মৰা শব্দৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হৈছি ল ।
মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটি সুকীয়া মৰ্যদা দিছল । ইয়াৰ ফলত এই সত্ৰত শিষ্যৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল । এই সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰৰ বাহিৰে আন কাৰো ওচৰত মূৰ দোউৱা নাছিল । সেয়েহে গুৰুৱে এনে পৰিস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল । তাৰ পৰিণতি স্বৰূপেই অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা ভয়াবহ বিদ্ৰোহ হৈছে ‘মোৱমৰীয়া গণ বিদ্ৰোহ’।
3. পূৰ্ণানন্দ বুঢ়াগোহাই ।
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঞি আহোম ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্ৰী আছিল । তেওঁ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল । গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰ সূত্ৰে ১৭৮২ চনত তেওঁ বুঢ়াগোহাঁইৰ পদৱীত অধিস্থিত হয় । তেওঁ মাৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ দৃঢ়তা অৱলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল । তেওঁ ১৭৮২ চনৰ পৰা ১৮১৭ চনল২ প্ৰায় ৩৪/৩৫ বছৰ ধৰি আহোম ৰাজ্যৰ বুঢ়াগোহাঁই তথা ৰাজমন্ত্ৰী আছিল ।
পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বাবে দেশৰ লোকে তেওঁক অকণো ভাল পোৱা নাছিল । পূৰ্ণানন্দৰ দৌৰাত্ম্য সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱা নামৰ এটা বিদ্ৰোহ সংগঠিত কৰিছিল । পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম সাম্ভ্ৰাজ্যৰ শেষ শক্তিশালী ব্যক্তি আছিল ।
4. কাড়ী পাইক আৰু চমুৱা পাইক ।
উত্তৰঃ কাড়ী পাইক আৰু চমুৱা পাইক পাইকসকলৰ দুটা ভাগ। কাড়ী পাইকৰ সংখ্যা অধিক । চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলোকে আছিল কাড়ী পাইকতকৈ মানত উচ্চ । কিন্ত লাহে লাহে ৰাজ্যত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হোৱাত দামী পাইকৰ সংখ্যা কমিবলৈ ধৰে ।
5. ওৱেলেছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্যক চুক্তি ।
উত্তৰঃ বৈৰাগী ৰজাৰ নেতৃত্বত কৈবৰ্ত সম্প্ৰদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্ৰয়গৃহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পাবলগীয়া হল । ব্ৰহ্মপুত্ৰেৰে ভটিয়াই যাওঁতে আদবাটত তেওঁ বংগৰ পৰা উভতি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৈ হগুৱাহাটীত উভতি আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে । বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হল । দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰণীয়া সৈনিকৰ দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ’ল । দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনি আহোম ৰাজ্য নিষ্টণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰাম্ভ কৰিলে। কাৰম ইতিমধ্যেই আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল । ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এই চুক্তিমতে,
(ক) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰা ধাৰ্য কৰা হ’ল ।
(খ) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হ’ল ।
(গ) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব ।
(ঘ) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চহী স্থাপন কৰি ৰপ্তানি আৰু আমদানিৰ কৰা আৰোপ কৰাৰ ব্যৱ্স্থা কৰ হ’ল।
(ঙ) ইংৰাজৰ বাহিৰে অন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰি ।
এই চুক্তি খনৰ স্বাৰ্থতেই উজনিৰ মোৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্ৰতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল । সকলো কথা গমি ওৱেলছ গৱৰ্ণৰ জেনেৰেলক ছটা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰোধ কৰিছিল । গৱৰ্ণৰ জেনেৰেল কৰ্ণাৱালিছে পৰস্থিতিৰ গুৰত্ব বুলি ওৱেলছৰ পত্ৰ সঁহাৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল ।
6. বৰৰজাড ফুলেশ্বৰী ।
উত্তৰঃ স্বৰ্গদেউ শিৱসিহংৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী । তেওঁ এগৰাকী বিদ্ৰোৎসাহী মহিলা আছিল । তেওঁ লিখা-পঢ়াৰ সুবিধাৰ বাবে ৰাজ্যত বুতো টোল পাতিছিল । তেওঁৰ নিৰ্দেশমতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰি হৈছিল । এওঁৱেই আছিল আহোমৰ ৰাজত্বকালত কাজকাৰ্য পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা ।
ফুলশ্বৰী কুঁৱৰীয়ে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ পুৰোহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ কৈ ফুলেশ্বৰী কুঁৱৰীক ‘বৰৰজা’ উপাধি দেশ শাসন কৰিবলৈ দিছিল । ইয়াৰ ফলস্বৰূপে আহোম ৰাজ্যত ‘মোৱামৰীয় বিদ্ৰোহ’ দেখা দিছল । ১৭৩১ খ্ৰীঃত ফুলেশ্বৰী কুঁৱৰী মৃত্যু হয় ।
7. পৰ্বতীয়া গোসাঁই ।
উত্তৰঃ স্বৰ্গদেউ গোসই স্বৰ্গদেউ ৰুদ্ৰসিংহ বেংদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টচাৰ্য নামৰে এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই আনিছিল । পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল । তেতিয়াৰ পৰাই কৃষ্ণ ৰাম ভট্টচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰষসকলক ‘পৰ্বতীয়া গোসাঁই’ নামৰে জনা যায় ।
8. সৰ্বানন্দ ।
উত্তৰঃ সৰ্বানন্দ সিংহ মৰাণ সকলৰ নেতা আছিল । মোৱামৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মোৱামৰীয়া সকলৰ ভিতৰত মৰাণ সকলেই সকলোতকৈ শক্তিসালী আছিল । সেয়েহে পূৰ্মানন্দ বৰহগোহাঁয়ে মাৱামৰীয়া নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বেংমাৰক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড ‘মটক ৰাজ্য’ নাম দি নতুন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰিলে ।
9. ভৰত সিংহ ।
উত্তৰঃ ভৰত সিংহ মায়মৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল । তেওঁ এজন মোৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল । ১৮০১ চনত তেওঁৰ নেতৃত্বত এদল মোৱামৰীয়াই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল । তেওঁলোকে বিদ্ৰোহ কৰা ঠাইখল হল বেংমৰা । মোৱমৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰাৰ পিছিত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল । ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল ।
10. ৰংপুৰ নগৰ ।
উত্তৰঃ ৰংপুৰ নগৰ আহোমৰ ৰাজধনী আছিল । স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা কৰে । ৰংপুৰৰ পুৰণি নাম মেটেকা । স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সাজি ৰং-ৰহইচ কৰি নগৰ খন লোৱাৰ বাবে নামনিৰ ৰংপুৰৰ নামৰেই এই নগৰৰ নাম ৰংপুৰ থয় । তেতিয়াৰে পৰা মোৱামৰীয়াসকলৰ বিদ্ৰোহত নগৰ উছন হোৱালৈকে ৰংপুৰ আহোমৰ ৰাজধানী আছিল । শিৱসাগৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰ নগৰ ।
SEBA Assam Class 9 Social Science History Chapter 3 – মোৱামৰীয়া গণ বিদ্ৰোহ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: