SEBA Assam Class 9 Social Science History Chapter 4 – “মানৰ অসম আক্ৰমণ” Summary & Solutions
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 4 – “মানৰ অসম আক্ৰমণ” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত মানসকলৰ অসম আক্ৰমণ সম্পৰ্কে আলোচনা কৰা হৈছে। মানসকলৰ আক্ৰমণে আহোম সাম্ৰাজ্যত কি প্ৰভাৱ পেলালে, তাৰ বিষয়ে এই পাঠত বিশদভাৱে বৰ্ণনা কৰা হৈছে।
- মানৰ আক্ৰমণৰ কাৰণ: আহোম সাম্ৰাজ্যৰ প্ৰতি মানসকলৰ আগ্ৰহ আৰু সামৰিক শক্তি বৃদ্ধি।
- প্ৰধান আক্ৰমণ: মানসকলৰ আগ্ৰাসন আৰু ইয়াৰ ফলাফল।
- অসমৰ প্ৰতিবাদ: আহোম সৈন্যসকলৰ ৰণকৌশল আৰু আক্ৰমণ প্ৰতিৰোধৰ উপায়।
📌 মূল বিষয়বস্তু:
- মানসকল কিয় অসম আক্ৰমণ কৰিছিল?
- আহোমসকল কেনেকৈ আক্ৰমণ প্ৰতিৰোধ কৰিছিল?
- মানৰ আক্ৰমণৰ ফলাফল কি আছিল?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science History Chapter 4 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 4 – “মানৰ অসম আক্ৰমণ” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
মানৰ অসম আক্ৰমণ
অ নু শী ল নী
অতি চমু/প্ৰশ্ন উত্তৰঃ
- ১৭৮৪ চনত মান ৰজা বদৌপায়ৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল ?
উত্তৰঃ ১৭৮৪ চনত মান ৰজা বদৌপায়ৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল ।
2. মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ?
উত্তৰঃ মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পাছৰ পৰা ।
3. মানৰ উদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ মানৰ উদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম গোবিন্দ চন্দ্ৰ আছিল ।
4. কোন যুদ্ধত আহোমৰ পৰাজয় বাতিৰ পাই পূৰ্ণানন্দ বুঢ়োগোহাঁইৰ মৃত্যু হৈছিল ?
উত্তৰঃ ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয় বাতিৰ পাই পূৰ্ণানন্দ বুঢ়োগোহাঁইৰ মৃত্যু হৈছিল ।
5. বৈশালী হুকুং কি ?
উত্তৰঃ মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম ।
6. বৈশালী মুং-ডুন-চুন খাম কি ?
উত্তৰঃ মানৰ সামৰিক অভিযান সম্পৰ্কে মান লিপিকাৰে লিখা অন্য এটা টোকাৰ নাম ।
7. বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ?
উত্তৰঃ বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই ।
8. বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল ?
উত্তৰঃ বদনচন্দ্ৰই ৬০০০ মান সৈন্য লগত আনিছিল ।
9. বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল ?
উত্তৰঃ বদনচন্দ্ৰই অসমত সোমায়েই ৮০০০ অতিৰিক্ত সৈন্য গোটাইছিল ।
10. বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ?
উত্তৰঃ বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ।
11. মানৰ আক্ৰমণ কোন কোন চনত হৈছিল ?
উত্তৰঃ মানৰ আক্ৰমণ ১৮১৭, ১৮১৯, আৰু ১৮২১ চনত হৈছিল ।
12. কোন চনত বদচন্দ্ৰক হত্যা কৰা হৈছিল ?
উত্তৰঃ ১৮১৯ চনত বদচন্দ্ৰক হত্যা কৰা হৈছিল ।
শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
- ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তেক্ষেপ কৰিছিল ।
উত্তৰঃ ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তেক্ষেপ কৰিছিল ।
2. জগন্নাথ ঢেকিয়াল ফুকন/বদন চন্দ্ৰ বৰফুকন/ চন্দ্ৰকান্ত বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন চন্দ্ৰকান্ত বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।
3. বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত ।
উত্তৰঃ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত ।
4. ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ/পূৰ্ণানন্দ বুঢ়াগোহাঁই / ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল ।
উত্তৰঃ ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল ।
5. যাণ্ডবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।
উত্তৰঃ যাণ্ডবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰি তাৰেখে স্বাক্ষৰ কৰা হৈছিল ।
ৰচনা ধৰ্মী প্ৰশ্নঃ
- মণিপুৰ আৰু আৰাকানত মান ৰাজ্য বিস্তাৰ সম্পৰ্ক চমুকৈ উল্লেখ কৰা ।
উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ব্ৰহ্মদেশৰ ৰজাই পশ্চিম দিশত ৰাজ্য বিস্তাৰৰ পাতনি মেলিছিল । ইংৰাজে বংগদেশত পলাসী যুদ্ধ জয় কৰাৰ কেই বছৰমানৰ পূৰ্বে ব্ৰহ্মদেশৰ ৰজা আলাংপায়াই মণিপুৰলৈ এটি সামৰিক অভিযান চলাইছিল । তেওঁ মণিপুৰৰ বিৰুদ্ধে দ্বিতীয়টো সামৰিক অভিযান চলাইছিল ১৭৫৯ চনৰ শেষৰ পিনে । তেওঁক মণিপুৰৰ আক্ৰমণ ছিংবছিম বোলা মান ৰজাজনৰ আমোলত ১৭৬৫ চনত মান সেনাই বাৰম্বাৰ মণিপুৰ জয়সিংহক দেশান্তৰিত কৰিছিল ।
কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰই শ্ৰীহট্টলৈ পলাই গৈ ইংৰাজৰ সহায় ভিক্ষা কৰে । কিন্ত ইংৰাজে তেওঁক সহায় নকৰাত তেওঁ মান ৰজাৰ শৰণাপন্ন হয় আৰু মানসকলেও কাছাৰত নিজৰ আধিপত্য স্থাপনৰ আশাত ১৮২৩ চনত গোবিন্দ চন্দ্ৰৰ সমৰ্থনত মণিপুৰৰ গম্ভীৰ সিঙৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হয় ।
2. পূৰ্ণান্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা ।
উত্তৰঃ আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ কৰাৰ পৰিণতি স্বৰূপে অতি সোনকালে তেওঁলোকে অসমৰ আভ্যন্তৰীণ ৰাজনীতিতো হস্তক্ষেপ কৰাৰ সুযোগ পায় । মানসকলে ১৮১৭ মাৰ্চ মাহত অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল । মানে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰাৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই । মানৰ এই হস্তক্ষেপ সংঘটিত হৈছিল বিশেষকৈ প্ৰধানমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৌৰাত্ম্য আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে । এই ঘটনাৰ বাবে আপাততঃবদন চন্দ্ৰ বৰফুকনক দায়ী কৰা হয় যদিও প্ৰধান মন্ত্ৰী দোষী আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই ।
কমলেশ্বৰ শিংসাহাসনৰ প্ৰাপ্তিৰ প্ৰায় লগে লগেই পূৰ্ণানন্দ ৰজাৰ আদেশ বুলি নগাঁৱাৰ সিন্ধুৰা হাজৰিকাক তেওঁৰ পুতেকৰ সৈতে গ্ৰেপ্তাৰ কৰা আৰু পিছত দুয়োকে হত্যা কৰে । তেওঁ নগাঁৱাৰ প্ৰায় ৫০০ লোকক অকল ধৰ্মীয় কাৰণতেই বিনা বিচাৰে হত্যা কৰি কলং নদীৰ মোৱামাৰী কুৰ বোলা অংশটোত পেলাই দিয়ে । তাৰ পিছত পুৰ্ণানন্দ বদন চন্দ্ৰক বৰফুকনক পদবীৰ পৰা অপসাৰিত কৰি গেন্ধেলা ওৰফে কলীয়া ভোমোৰা বোলা এজন লোকক বৰফুকন পাতে যদিও কলীয়া ভোমোৰাৰ মৃত্যুৰ পিছত পুনৰ তেওঁক বৰফুকন পাতিবলৈ বাধ্য হয় । তেতিয়াৰ পৰাই বদন চন্দ্ৰ আৰু পূৰ্ণানন্দৰ মাজত পাৰস্পৰিক সংঘটনাৰ সৃষ্টি হয় ।
3. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ শেষ পৰিণতি কি আছিল ?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাইৰ দৌৰাম্ত্য সহ্য কৰি নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটি বিদ্ৰোহ সংগঠিত কৰিছিল । এই বিদ্ৰোহক নেতৃত্বত দিছিল পানীমুৱা নামৰ এজন লোক । সেয়েহে বিদ্ৰোহটোক পানীমুৱা বিদ্ৰোহ বোলা হয় । পূৰ্ণানন্দই শ্ৰীনাথ বৰবৰুৱাৰ দ্বাৰা বহুলোকৰ বিৰুদ্ধে বিচাৰৰ ভেকা-ভাওনা পাতি তেওঁলোকক কঠোৰ শাস্তি দি নৃশংসবাৱে হত্যা কৰিছিল । ইয়াৰ উপৰি তেওঁৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অন্ত পৰা নাছিল ।
উপায়হীন হৈ বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ গৈ তাৰ ৰজা বদৌপায়াৰ ওচৰত সামৰিক সাহয্য বিছাৰিলে । ৰজা বদৌপায়াই পূৰ্ণানন্দৰ বিৰুদ্ধে বদনৰ নেতৃত্বত প্ৰায় ৬০০০ সৈনিকৰ যোগান দি অসম অভিমুখে যাত্ৰা কৰিবলৈ আদেশ দিলে । বদনে অসমত সোমায়েই নিজাবৰয়াকৈ আৰু প্ৰায় ৮,০০০ মান অসমীয়া সৈন্য গোটাই লৈছিল । এই ৮,০০০ সৈন্যই আছিল পূৰ্ণানন্দৰ দৌৰাম্ত্যত অসন্তুষ্ট হৈ তেনে অৱস্থাৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ৰজা চন্দ্ৰকান্ত সিংহ আৰু বদন চন্দ্ৰ বৰফুকনৰ প্ৰতি সহায়ত হাত আগবঢ়াইছিল ।
১৮১৭ চনৰ মাৰ্চ মাহত বদনে মুঠ ১৪,০০০ সৈন্য লগত লৈ পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল ।
বদনৰ আগমন ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল । কিন্ত বদনৰ নেতৃত্বত অহা মান সৈন্যৰ হাতত তেওঁলোক ঘিলাধাৰী যুদ্ধত পৰাভূত হয় । ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনাবাহিনীক পৰজায়ৰ বাতৰি পাই তেওঁ মৃত্যুমুখত পৰে আৰু তেওঁৰ পুত্ৰ ৰুচিনাথে বুঢ়াগোহাঁই পদবীত অধিষ্ঠিত হয় । ৰুচিনাথে বদনক বাধা দিবলৈ গৈ কঠালীবাৰীৰ যুদ্ধত বিফল হয় আৰু গুৱাহাটীলৈ পলাই যায় । ৰজাই বদনক প্ৰধানমন্ত্ৰী পাতি পুৰস্কৃত কৰে ।
এনেকৈয়ে পূৰ্ণানন্দ বুঢ়াগোহাইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিণতি শেষ হৈছিল ।
4. বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম কিয় অসম আক্ৰমণ কৰিছিল ?
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে অসম অসম আক্ৰমণ কৰিছিল । তাৰ কেইটামান কাৰণ হ’লঃ
(ক) মান সৈনিকসকলৰ ব্ৰহ্মদেশৰ পৰা দেশৰ আভ্যন্তৰীণ কাজিয়া ৰোধ কৰিবলৈ বৰফুকনে মাতি আনিছিল ।
(খ) বদন বৰফুকনে ব্ৰহ্মদেশৰ পৰা ৬,০০০ সৈনিক আনিছিল । অসমলৈ আহি তেওঁ পুনৰ ৮,০০০ সৈনিক গোটাই লৈছিল । এই অভিযানত অসমীয়া প্ৰজাই সমৰ্থন জনাইছিল ।
(গ) বৰফুকুনৰ লগত অহা সেনাবাহিনীয়ে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থসকলক দমন কৰাৰ পিছত আহোম ৰজাই বদনক প্ৰধানমন্ত্ৰী পাতিছিল ।
(ঘ) ঐতিহাসিকসকলৰ মতে অভিযান সামৰি লগে লগে মান সেনাসকলে নিজ দেশলৈ ঘূৰি গৈছিল । এই কালছোৱাত তেওঁলোকে সাধাৰণ মানুহৰ ওপৰত কোনো ধৰণৰ উপদ্ৰৱ চলোৱা নাছিল ।
5. বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চনুকৈ আলোচনা কৰে ।
উত্তৰঃ ১৮১৭ চনৰ মাৰ্চ মাহত বদনে মান সৈন্য পাটকাই পাহাৰ পৰা হৈ অসমত প্ৰৱেশ কৰিছিল । তেতিয়া তেওঁৰ নেতৃত্বত প্ৰায় ৬,০০০ মান সৈন্য আছিল । মান সৈন্যসকলক অসমলৈ পঠিওৱাৰ সময়ত মান সকলৰ ৰজা আছিল বৌদপায়া ।
বদৰ আগমন ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল । কিন্ত বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰী যুদ্ধত পৰাজয়ৰ বাতৰি পাই তেওঁ মৃত্যু মুখত পৰে আৰু তেওঁৰ পুত্ৰ ৰুচিনাথে বুঢ়াগোহাঁইক পদবীত অধিষ্ঠিত হয় । ৰুচিনাথে বদনক বাধা দিবলৈ গৈ কঁঠালবাৰীৰ যুদ্ধত বিফল হয় আৰু গুৱাহাটীলৈ পলাই যায় । ৰজাই বদনক প্ৰধান মন্ত্ৰী পাতি পুৰস্কৃত কৰে।
6. মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা ।
উত্তৰঃ ১৮১৭ চনৰ পৰা ১৮২১ চনলৈ মানসকলে প্ৰায় তিনিবাৰকৈ অসম আক্ৰমণ কৰিছিল । এই আক্ৰমণৰ কাৰণসমূহ হ’ল –
(ক) প্ৰথমতে, বদনচন্দ্ৰ বৰফুনৰ হত্যাকাণ্ডই মানৰ আক্ৰমণৰ মূল কাৰণ আৰু প্ৰধান কাৰণ ।
বদন চন্দ্ৰ মন্ত্ৰী বৰফুকন হোৱাৰ কেইমাহমানৰ ভিতৰতে তেঁওৰ বিৰুদ্ধে এটি গভীৰ ষড়যন্ত্ৰ কেন্দ্ৰীয় শক্তি আছিল ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু ৰুচিনাথ বুঢ়াগোহাঁইৰ পৰিয়াল। এওঁলোকৰ বাবেই ভাৰতীয়া আততীয়া ৰূপচিং চুবেদাৰ আৰু ৰহমান খাঁ জামাদাৰে বদন চন্দ্ৰক প্ৰাতাঃস্নান কৰি থকা অৱস্থাত হত্যা কৰিছিল ।
(খ) দ্বিতীয়তে বদন চন্দ্ৰৰ হত্যাৰ লগে লগে গুৱাহাটীত বাহৰ পাতি থকা ৰূচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰতি কৰি তেওঁৰ ঠাইত বিজয় বৰমূৰা গোহাঁইৰ পুত্ৰ ব্ৰজনাথ গোহাঁইক ৰজা পতাৰ চেষ্টাত ব্যস্ত হৈ পৰিছিল । ব্ৰজনাথ গোহাঁই বোলা এই লোকজনে পুত্ৰ পুৰন্দৰ সিংহৰ সৈতে ১৮০৯ চনৰ পৰা কোম্পানিৰ ৰাজ্যৰ চিলমাৰীত আশ্ৰয় লৈ আছিল ।
(গ) তৃতীয়তে , ৰজা চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰূচিনাথৰ বিৰুদ্ধে এটি সেনাবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল । চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা সেনাবাহিনীটো ৰূচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকাফুকন ৰণত নিহিত হয় ।
(ঘ) চতুৰ্থতে, বদন চন্দ্ৰ মৃত্যু আৰু চন্দ্ৰকান্তৰ সিংহাসনচ্যুত্য কথা মান দেশৰ ৰাজধানীত ওলাই পৰে । মান ৰজা উক্ত ঘটনাত অসন্তুষ্ট হৈ মানে অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয় ।
7. মানৰ অসম আক্ৰমণৰ পৰিণতসমূহ ফঁহিয়াই দেখুওৱা ।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ পৰিণতি সমূহ হ’লঃ
(ক) প্ৰথমতে, এই আক্ৰমণে অসমত আহোম ৰাজত্বৰ অন্ত পেলাইছিল । মানৰ অসম আক্ৰমণৰ ফলশ্ৰুতিতেই ব্ৰহ্মপুত্ৰ উপত্যাকাত থকা আহোম ৰাজ্য তথা অসম মানৰ অধীনলৈ গৈছিল । অসমে কেবা শতিকাৰ পিছত পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা হেৰুৱাইছিল।
(খ) দ্বিতীয়তে, মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপৰ্যস্ত হৈ পৰিছিল । বিশেষকৈ উজনিৰ অসমৰ বহু লোকে নামনিলৈ, কাছাৰলৈ আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানিৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল । ইয়াৰ ৰাজনৈতিক পৰিগাঁথনি সম্পূৰ্ণৰূপে ভাগি গৈছিল । ৰাজ্যখনৰ অৰ্থনীতি সাময়িকভাৱে ক্ষতিগ্ৰস্ত হৈছিল ।
(গ) তৃতীয়তে, মানৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰি তাক পুনৰ স্বাধীনতা কৰিবলৈ যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল ইতিমধ্য সেইটো নিঃশেষ হৈ আহিছিল । সেই মৰ্মে কেপ্তেইন থমাছ ওৱেলছে মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজা গৌৰীনাথ পুনৰ সিংহাসনত থাপিছিল ।
(ঘ) চতুৰ্থতে, সিংহাসন প্ৰাপ্তিৰ বাবে চলা উত্তৰাধিকাৰৰ সংগ্ৰামে কেতিয়াবাই আহোম ৰাজতন্ত্ৰ দুৰ্বল কৰি আনিছিল । এই অৱস্থা সপ্তদশ শেষৰ পৰা বিশেষকৈ গদাধৰ সিংহৰ ৰজত্বকালৰ পৰা সিংহাসনৰ প্ৰতি উত্তৰাধিকাৰৰ প্ৰশ্নক লৈ দেশত পুনৰ অস্থৰতাই বিৰাজ কৰিছিল । এই অৱস্থাৰ ফলত ৰাষ্ট্ৰখনৰ ডা-ডাঙৰীয়াসকল বিবাদমান পৰস্পৰ বিৰোধী প্ৰশ্নত বিভক্ত হৈ পৰিছিল ।
(ঙ) এই ইংগ বাৰ্মা যুদ্ধৰ পৰিসমাপ্তি হয় বিখ্যাত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰ । এই চুক্তিৰ পিছত মানসলে অসম এৰিবলৈ বাধ্য হয় আৰু সম্পূৰ্ণৰূপে ব্ৰিটিছ চৰকাৰৰ অধীনলৈ যায় ।
8. কোনটো বিদ্ৰোহক ‘পানীমুৱা বিদ্ৰোহ’ বুলি কোৱা হয় ?
উত্তৰঃ পূৰ্ণানন্দৰ দৌৰাত্ম্য সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়া লোকে তথা ডাঙৰীয়াই কমলেশ্বৰসিংহৰ ৰাজত্ব কালত এটি বিদ্ৰোহ সংগঠিত কৰিছিল । এই বিদ্ৰোহৰ নেতৃত্বত দিছিল পানীমুৱা লোক এজনে । সেই বাবে ইয়াক পানীমুৱা বিদ্ৰোহ বুলি কোৱা হয় ।
9. ১৮১৭ চনৰ অসমত মান সকলৰ সামৰিক হস্থক্ষেপৰ দুটা ফলাফল উল্লেখ্য কৰা ।
উত্তৰঃ ১৮১৭ চনৰ অসমত মান সকলৰ সামৰিক হস্থক্ষেপৰ দুটা ফলাফল উল্লেখ্য হ’লঃ
(ক) মান ৰজাই পোনপটীয়াকৈ অসম জয় কৰাৰ কথা ভবা নাছিল । বৰং তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বৰফুকনক সামৰিক সাহায্যহে দিছিল ।
(খ) মান ৰজা বদৌপায়াই মানসকলক অসমৰ সাম্ভ্ৰাজ্যত হস্তক্ষেপ কৰিবলৈ আদেশ দিয়া নাছিল । মান সেনাসকল অসমৰ পৰা ১ মাহৰ পিছতেই নিজ দেশলৈ ঘুৰি গৈছিল । মানসকলকৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকনক আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰে ।
10. প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিত ?
উত্তৰঃ প্ৰথম ইংম-বৰ্মা যুদ্ধ ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল । এই যুদ্ধখন ইয়াণ্ডবু নামে ঠাইত সংঘটিত হৈছিল ।
11. ইয়াণ্ডাবু সন্ধিৰ উল্লেখ্যযোগ্য ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ উল্লেখ্যযোগ্য ফলাফলসমূহ হ’লঃ
(ক) ১৮২৫ চনৰ ১৭ জানুৱাৰী তাৰিখে ইংৰাজজে যোৰহাট দখল কৰে সকলক স্বদেশলৈ খেদি পঠিয়ায় । মানসকল চিংফৌসকলৰ লগ লাগি অসমৰ পূব খণ্ডত উপদ্ৰৱ আৰাম্ভ কৰে। তেতিয়া কেপ্তেইন নিউভিল ১৮২৫ চনৰ জুন মাহত চিংফৌসকলক পৰাস্ত কৰে । আনফালে ইংৰাজ সেনাই ব্ৰহ্মদেশৰ ইয়াণ্ডাবু চহৰ দখল কৰিলে । উপায়হীন হৈ ব্ৰহ্মদেশৰ ৰজাই ইংৰাজৰ লগত সন্ধি কৰিলে । এই সন্ধিটো ইংগ-বৰ্মা যুদ্ধৰ অন্ত পৰিলে ।
(খ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী গোভা ৰজাই ওচৰ-চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলো দাবী ত্যাগ কৰে । লগতে আগলৈ সেইবোৰত কোনো হস্তক্ষেপ নকৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।
(গ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনু্চ্ছেদৰ গইনা লৈ ইংৰাজে অসমত অধিকাৰ সাৱস্ত্য কৰিলে । মানক খেদিবলৈ আহি তেওঁলোকেই এদিন অসমৰ অধিপতি হ’ল।
12. ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্ক লিখা ।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ গুৰত্ব বা চৰ্ত সমূহ হ’লঃ
(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানিক এক কোটি একা পৰিশোধ কৰিব লাগিব ।
(খ) আৰাকান আৰু তেনাছোৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।
(ঘ) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয় ।
(ঙ) আভাত এজন ব্ৰিটিছ প্ৰেছিডেণ্ট থাকিব । মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছে অনুমিতি দিছিল ।
ইয়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায় । এই সন্ধিৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ভ্ৰাজ্যৰ পাতনি মেলিছিল ।
চমুটোকা লিখাঃ
(ক) বদৌপায়া
উত্তৰঃ বৈদৌপায়া মানসকলৰ ৰজা আছিল । বদনচন্দ্ৰ বৰফুকনে এই মান ৰজা বদৌপায়ক আহোম ৰজাৰ বিৰুদ্ধে সামৰিক বাবে অনুৰোধ কৰিছিল । ১৮১৬ চনৰ শেষৰ ফালে প্ৰায় ৬,০০০ সৈন্যৰ দল এটা দি বদৌপায়াই বদনচন্দ্ৰ বৰফুকনক অসমলৈ পঠায় । ১৮১৯ চনত বদৌপায়াৰ মৃত্যু হয় ।
(খ) গম্ভীৰ সিং
উত্তৰঃ গম্ভীৰ সিং মণিপুৰৰ ৰজা আছিল । মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ আছিল গম্ভীৰ সিং । পিতাকৰ মৃত্যুৰ পিছত তেওঁ মণিপুৰৰ ৰজা হয় ।
জয়সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ সুৰজিৎ সিং, মাৰ্জিত সিং আৰু গম্ভীৰ সিংহৰ মাজত সিংহাসনক লৈ কাজীয়াৰ সৃষ্টি হয় । গম্ভীৰ সিঙে অতি চল-কৌশলৈৰে মণিপুৰৰ মাজত সিংহাসনক দখল কৰে । কিন্ত কিছুদিনৰ পিছত তেৱোঁ কাছাৰলৈ পলাবলগীয়া হয় । মানসকলে হাইলাকান্দিৰ বাহিৰে সমগ্ৰ দক্ষিণ কাছাৰ দখল কৰি লয় । মানসকলে কাছাৰৰ পিনে অগ্ৰসৰ হৈ গম্ভীৰ সিঙক পুনৰ পৰাজিত কৰি শাসনৰ পৰা বাহিৰ কৰি দিয়ে ।
(গ) গোবিন্দ চন্দ্ৰ
উত্তৰঃ গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা আছিল । ভায়েক কৃষ্ণচন্দ্ৰৰ পিছত তেওঁ কাছাৰৰ ৰজা হয় । তেওঁৰ শাসন কালত মণিপুৰৰ বিদ্ৰোহ ৰজা মৰ্জিত সিঙে কাছাৰৰ সমতলভূমি দখল কৰে । পিছত মৰ্জিত সিঙে আন দুজন ভায়েক সুৰজিৎ সিং আৰু গম্ভীৰ সিঙৰ সহায়ত গোটেই কাছাৰখন দখল কৰে। তেতিয়া বাধ্য হৈ গোবন্দ চন্দ্ৰই চিলেটলৈ পলাই যায় আৰু তাত থকা ইংৰাজৰ সহায়-ভক্ষা বিচাৰে । কিন্ত ইংৰাজে তেওঁৰ অনুৰোধ আগ্ৰহ্য কৰে । ফলত গোবিন্দ চন্দ্ৰই দক্ষ ৰজাৰ শৰণাপন্ন হল । দক্ষ ৰজাই তেওঁক সহায়ৰ প্ৰতিশ্ৰুতি দি কাছাৰ দখল কৰে । মানসকলৰ এনে কাৰ্যত ইংৰাজসকলে মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে । ইংৰাজ সৈন্যৰ হাতত মানৰ পৰাজয় ঘটে । পিছত ইংৰাজৰ সহায়ত গোবিন্দ চন্দ্ৰ পুনৰ কাছাৰৰ দক্ষিণ অংশত ৰজা হয় ।
গোবিন্দ চন্দ্ৰই কাছাৰৰ শেষ ৰজা আছিল । তেওঁ সংস্কৃতি ভাষাৰ এজন সু-পণ্ডিত আছিল । তেওঁ ৰচনা কৰা পুথি হল গোবিন্দ কীৰ্তন আৰু মহাৰাজেৰ লীলামৃত । তেওঁৰ পুথি দুখনৰ পৰাই তেওঁৰ পাণ্ডিত্যৰ কথা জানিব পাৰি ।
(ঘ) দামান গগৈ
উত্তৰঃ দামান গগৈ আহোম সেনাপতি আছিল । তেওঁৰ আহোমসকলৰ এজন দায়িত্বশীল সামৰিক বিষয়া আছিল । তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সমৰ্থক আছিল । মানসকলক ভেটা দিয়াৰ কাৰণে পূৰ্ণানন্দ বুঢ়গোহাঁয়ে দামান গগৈৰ নেতৃত্বত মানসকলৰ বিৰুদ্ধে এটি আহোম সৈন্য দল প্ৰেৰণ কৰে । কিন্ত দামান গগৈ নেতৃত্বাধীন আহোম বাহিনী মান সৈন্যৰ হাতত ঘিলাধাৰী নামে নামে ঠাইত হোৱা যুদ্ধত পৰাজিত হয় ।
(ঙ) হাও বৰা
উত্তৰঃ হাও বৰা আহোম ফৈদৰ সেনাপতি আছিল । বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মনসেনাক ভেটা দিবলৈ দামান গগৈ হাও বৰোক পূৰ্ণানন্দ বঢ়োগোহায়ে এটি আহোম সৈন্য দলৰ নেতা হিচাপে প্ৰেৰণ কৰিছিল । কিন্ত হাও বৰাই মানসেনাক ভেটা দিবলৈ যাওঁতে ঘিলাধাৰী নামৰ ঠাইত হাও বৰা আৰু আহোম সেনাৰ পৰায় ঘটে ।
(চ) ঘিলাধৰী
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্নদৰ বিৰুদ্ধে সামৰিক বিচৰাত ব্ৰহ্মদেশৰ ৰজা বদৌপায়াই তেওঁক ৬,০০০ সৈনিক দি সহায় কৰে । আহোম সেনায়ো দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত মান সেনাক ভেটিবলৈ এটি সৈন্য় বাহিনী প্ৰেৰণ কৰে। দুয়োপক্ষৰ মাজত ঘিলাধৰী নামৰ এখন ঠাইত যুদ্ধ হয়। সেয়েহে এই যুদ্ধখনক ঘিলাধাৰী যুদ্ধ বুলি কোৱা হয় । এই যুদ্ধত আহোম সেনাবাহিনী পৰাজীত হয় । আহোমসকলকৰ পৰাজয় বাতৰি পোৱাৰ পিছত পূৰ্ণানন্দ বুঢ়াহগোহাই মৃত্যু মুখত পৰে ।
(ছ) ব্ৰজনাথ
উত্তৰঃ ব্ৰজনাথ ৰাজেশ্বৰ সিংহৰ আৰু বিজয়া বৰমূৰা গোহাঁইৰ পুত্ৰ আছিল । ব্ৰজনাথ যাতে ৰজা হব নোৱাৰে তাৰ কাৰণে তেওঁক আগতেই অংগক্ষত কৰা হৈছিল ।
মানৰ অসম আক্ৰমণৰ সময়ত ব্ৰজনাথ আৰু তেওঁৰ পুত্ৰ পুৰনন্দৰ সিংহ ১৮০৯ চনৰ পৰা কোম্পানিৰ ৰাজ্যৰ ঘিলামৰীয়াত আশ্ৰয় লৈ আছিল । তেওঁলোক দুয়োজনে কোম্পানিৰ চৰকাৰৰ পৰা পেঞ্চন লাভ দিন কাটই আছিল ।
বদন বৰফুকনৰ হত্যাৰ পিছত ৰুছিনাথ বুঢ়াগোহায়ে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা নমাই ব্ৰজনাথক আহোমৰ সিংহাসনত অধিষ্ঠিত কৰিব বিচাৰিছল । এই উদ্দেশ্যৰে তেওঁ এটি সেনাবাহীনিৰ সহায়ত ব্ৰজনাথ আৰপু তেওঁৰ পুত্ৰ পুৰন্দৰক লৈ যোৰহাট অভিমূখে যাত্ৰা কৰে । কিন্ত ৰুচিনাথ বুঢ়াগোহাইৰ আশা পূৰণ নহ’ল । কাৰণ আগতেই অংগক্ষত হৈ থকা ব্ৰজনাথে ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল । সেয়েহে ৰুচিনাথে ব্ৰজনাথৰ পুত্ৰ দহ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতি ৰাজ্য শা সন কৰিবলৈ দিয়ে ।
(জ) পুৰন্দৰ সিংহ
উত্তৰঃ পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল । ৰুচিনাথ বুঢ়াগোহাঁই চন্দ্ৰকান্ত সিংহক আঁতৰাই ১০ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতে । ১৮১৯ চনত অসম আক্ৰমণ কৰি পুৰন্দৰ সিংহক সিংসাহনচুত্য কৰে ।
(ঝ) লুকু ডেকাফুকন
উত্তৰঃ লুকু ডেকাফুকন আহোম ৰাজা চন্দ্ৰকান্ত সিংহৰ সেনাপতি আছিল । চন্দ্ৰকান্ত সিংহৰ শাসনকালত লুকু ডেকাফুকন এজন বিষয়া আছিল । চন্দ্ৰকান্ত সিংহই ৰুচিনাথৰ ষড়যন্ত্ৰ কৰাৰ বাবে লুকু ডেকাফুকনৰ নেতৃত্বত এটি সেনাবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰৰ কৰা আঁতৰি লৈছিল । ৰুচিনাথে বুঢ়াগোহায়ে প্ৰৰণ কৰা সেনাবাহিনীৰ হাতত চন্দ্ৰকান্ত সিংহৰ সেনাবাহিনী পৰাভূত হয় আৰু লুকু ডেকাফুকন ৰণত নিহিত হয় ।
(ঞ) আলুমিংগি
উত্তৰঃ আলুমিংগি মান সেনাপতি আছিল । তেওঁৰ নেতৃত্বত ১০,০০০ সৈন্যই অসম আক্ৰমণ কৰিছিল । এই আক্ৰমণৰ ফলত আহোম সেনাৰ পৰাজয় হয় আৰু অসম প্ৰথমবাৰৰ বাবে মনৰ হাতলৈ যায় ।
(ট) দোৱনীয়া
উত্তৰঃ ১৮১৯ চনত মানে অসম আক্ৰমণ কৰি । মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বহুতো লোকে ছদ্মদেশ ধৰি অসমীয়াৰ ওপৰত যথেষ্ট অত্যাচাৰ চলাইছিল । এই সকলক দোৱনীয়া বোলা হৈছিল ।
(ঠ) ইয়াণ্ডাবু সন্ধি
উত্তৰঃ ইংৰাজে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অসম, মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰি ব্ৰহ্মদেশ বিখ্যাত ৰেঙ্গুণ আৰু প্ৰেম নগৰ অধিকাৰ কৰে । অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত উজনি অসম ত্যাগ কৰে । উপায়হীন হৈ মান ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই এখন সন্ধিপত্ৰত স্বাক্ষৰ কৰে । এই সন্ধিখনকে ইয়াণ্ডাব সন্দি বোলা হৈছিল । এই সন্ধিৰ জৰিয়তে প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি পৰিছিল ।
SEBA Assam Class 9 Social Science History Chapter 4 – মানৰ অসম আক্ৰমণ FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: