SEBA Assam Class 9 Social Science History Chapter 5 – “অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি” Summary & Solutions
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 5 – “অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
এই অধ্যায়ত অসমত ব্ৰিটিছসকলৰ প্ৰশাসনৰ স্থাপনৰ ইতিহাস বৰ্ণনা কৰা হৈছে। ব্ৰিটিছসকলে আহোম ৰাজত্বৰ পতনৰ পিছত অসমত কেনেকৈ তেওঁলোকৰ শাসন কায়েম কৰিলে, ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ এই পাঠত দিয়া হৈছে।
- ব্ৰিটিছসকলৰ আগমন: 1826 চনৰ যাণ্ডিয়া চুক্তিৰ পিছত ব্ৰিটিছসকলে অসমত নিয়ন্ত্ৰণ স্থাপন কৰে।
- প্ৰশাসনিক পৰিবৰ্তন: ব্ৰিটিছসকলে নতুন প্ৰশাসনিক আৰু ন্যায়িক ব্যৱস্থা প্ৰৱৰ্তন কৰে।
- প্ৰভাৱ: অসমত ব্ৰিটিছ প্ৰশাসনৰ স্থাপনৰ ফলত সামাজিক, অৰ্থনৈতিক, আৰু ৰাজনৈতিক পৰিবর্তন ঘটে।
📌 মূল বিষয়বস্তু:
- ব্ৰিটিছসকল কিদৰে অসমত প্ৰশাসন স্থাপন কৰিছিল?
- 1826 চনৰ যাণ্ডিয়া চুক্তিৰ গুৰুত্ব কি?
- ব্ৰিটিছসকলৰ শাসন কেনেকৈ অসমীয়া সমাজক প্ৰভাৱিত কৰিছিল?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Social Science History Chapter 5 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Social Science History (সমাজ বিজ্ঞান) Chapter 5 – “অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SEBA Assam 2025-26.
অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
- ব্ৰিটিছ জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ/গোবিন্দ চন্দ্ৰ/তিৰৎ সিঙক চিলেটলৈ নিৰ্বাসন দিছিল ।
উত্তৰঃ ব্ৰিটিছ জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিঙক চিলেটলৈ নিৰ্বাসন দিছিল ।
2. অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ/কমলেশ্বৰ সিংহ/ পুৰন্দৰ সিংহ/যোগেশ্বৰ সিংহ ।
উত্তৰঃ অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ ।
3. তিৰৎ সিং খাচী/মিণিপুৰী/জয়ন্তীয়া দেশপ্ৰেমিক আছিল ।
উত্তৰঃ তিৰৎ সিং খাচী জয়ন্তীয়া দেশপ্ৰেমিক আছিল ।
চমু উত্তৰৰ প্ৰশ্নঃ
- গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল ?
উত্তৰঃ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল ।
2. ডেভিদ স্কট কোন আছিল ?
উত্তৰঃ ডেভিদ স্কট এজন সুদক্ষ ইৰাজ প্ৰশাসক আছিল ।
3. ডেভিদ স্কটৰ পৰৰ্ৱতী কমিছনাৰ কোন আছিল ?
উত্তৰঃ ডেভিদ স্কটৰ পৰৰ্ৱতী কমিছনাৰ ৰবাৰ্টচন আছিল ।
4. তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল ?
উত্তৰঃ তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল ।
5. মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল ?
উত্তৰঃ মটক ৰাজ্যৰ ৰজাৰ উপাধিটো বৰসেনাপতি আছিল ।
6. জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰঃ জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল ।
7. জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰঃ জেনকিন্সে নামনি অসমক গোৱালপাৰ, দৰং আৰু কামৰূপ জিলাত ভাগ কৰিছিল ।
8. ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰঃ ব্ৰিটিছে গোবিন্দ চন্দ্ৰক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল .
ৰচনা ধৰ্মীঃ
- ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল ?
উত্তৰঃ পঁজিবাদ বিশ্বাসী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসকসকলে সামৰিক আৰু বে-সামৰিক শাসনৰ লগতে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিছিল । ইংলেণ্ডত নান উদ্যোগ স্থাপন কৰি বেহা-বেপাৰ বৃ্দ্ধি কৰিবলৈ আৰু দেশ জয় কৰিবলৈ তেওঁলোকৰ বহুতো ধনৰ প্ৰয়োজন হৈছিল । মূলধন আহৰণৰ বাবে কোম্পানি চৰকাৰে অসমীয়া মানুহৰ ওপৰত নতুন নতুন কৰ-খাজনা লগাইছিল ।
ডেভিদ স্কটে ৰাজহ প্ৰশাসনত বিশেষ গুৰুত্বপূৰ্ণ সাল-সলনি কৰা নাছিল যদিও তেওঁ উজনি অসমত আহোম যুগৰ খেল তথা পাইক ব্যৱস্থাটোক উঠাই দিছিল । কিন্ত এই ব্যৱস্তাৰ বিপৰীতে ডেভিদ স্কটে বাৰী-বস্তি আৰু খেতি-মাটিৰ বাবদ প্ৰজাৰ পৰা জনমূৰি তিনি টকাকৈ খাজনা সম্পৰ্কীয় সকলো দায়িত্ব আহোমযুগৰ এজন উচ্চপদস্থ বিষয়া জনাৰ্দ্দন বৰবৰুৱাৰ হাতত দায়িত্ব দিয়া হৈছিল । বৰা, শইকীয়া, হাজৰিকাসকলে তেওঁক সহায় কৰিছিল । খেলদাৰসকলে খাজনা সংগ্ৰহৰ বাবদ ২৭ শতাংশ কমিছন পাইছিল । ইয়াৰ পিছত খেলৰ বিষয়াসকলক স্থানৰ ওপৰত ভিত্তি কৰি এই সংগ্ৰহ কৰাৰ নিয়ম হ’ল । একোখন জিলা কেতবোৰ মৌজাত বিভক্ত কৰি একোজন বিষয়াকে এনে সংগ্ৰহৰ দায়িত্ব হৈছিল ।
নামনি অসমত মোগলৰ আমোলত থকা পৰগণা ব্যৱস্থাকে অব্যাহত ৰাখি চৌধুৰীসকলৰ সৈতে খাজনা সংগ্ৰহ কৰিছিল । চৌধুৰীসকলে তেওঁলোকৰ কাৰ্যকালৰ বাবে চৰকাৰৰ পৰা কৰ-মুক্ত তথা নিষ্কাৰ ভূমি আৰু পাইক সেৱা লাভ কৰিছিল । ৰাজহ সংগ্ৰহৰ কামত চৌধুৰীসকলক সহায় কৰিছিল পটোৱাৰ আৰু ঠাকুৰীয়া নামে পৰিচিত নিম্ন খাপৰ ৰাজহ কৰ্মচাৰীসকলে।
নগাঁও আৰু ৰহাত ১৮২৪-২৫ চনত খাজনা সংগ্ৰহৰ দায়িত্ব লৈছিল আৰাধান ৰায় আৰু লতা পানী ফুকনে । নগাঁও, ৰহা আৰু দৰঙৰ পাইসকলে চৰকাৰক বাৰ্ষিক দুটকাকৈ খাজনা দিব লাগিছিল । তাৰ বাবদ তেওঁলোকে দুপুৰাকৈ মাটি ভোগ কৰিবলৈ পাৰিছিল । আনহাতে এই তিনিওটা অঞ্চলৰে লোকসকলে চৰকাৰৰ জনমূৰি খাজনা দিব লাগিছিল ।
2. ডেভিদ স্কটেৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিছিল ?
উত্তৰঃ ডেভিদ স্কট ব্ৰহ্মপুত্ৰ উপত্যাকাৰ এটা বিৰাট অঞ্চলৰ প্ৰাশাসনিক দায়িত্বত আছিল । স্কটকৰ শাসনকালত স্থানীয় সাধাৰণ দেৱানী আৰু জমিদাৰী গোচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয়া লোকৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল । গুৰুত্বৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পাঞ্চায়তৰ সহায়ত বিচাৰ কৰা হৈছিল । পঞ্চায়তত সন্ত্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ইয়াৰ পিছিত সন্ত্তুষ্ট নহ’লে কমিছনাৰক আপীল কৰিব পৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল।
ডেভিদ স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল । ফৌজদাৰী গোচৰ সুপধিছিল ব্ৰিটিছ বিষয়া সকলে । নামনি অসমত দেৱানী গোচৰৰ বাবে দুখন আৰু ফৌজদাৰী গোচৰৰ বাবে এখন আদালত আছিল ।
ডেভিদ স্কটেৰ প্ৰশাসনকালত মোৱামৰীয়া, চিংফৌ আৰু খামতিসকলৰ সৈতে সদভাৱ স্থাপন কৰা হৈছিল । সকলো কাম ডেভিদ স্কটে নিজে তদৰাক কৰিছিল ।
নামনি অসমত ডেভিদ স্কটে ১৮২৬ চনত দেৱানী বিচাৰৰ বাবে তিনিটা আদালত গঠন কৰিছিল । সেই আদালত কেইটা হ’লঃ
(ক) প্ৰথমটো গঠিত হৈছিল এজন ৰাজকোৱা আৰু তিনিজন সহায়কক লৈ
(খ) দ্বিতীয়টো, গঠিত হৈছিল এজন বৰফুকন আৰু তিনিজন সহায়কক লৈ ।
(গ) তৃতীয়টো, গঠিত হৈছিল কৰতলীয়া ৰজা, চৌধুৰী আৰু অন্যান ৰাজহ বিষয়াক লৈ ।
ইয়াৰ উপৰি ডেভিদ স্কটে নাগাঁও, কলিয়াবৰ আৰু চাৰিদুৱাৰত তিনিটা পঞ্চায়ত গঠন কৰিছিল ।
দেশৰ আইন শৃংখলা আৰু শান্তি ৰক্ষাৰ বাবে পুলিচ বাহিনী গঠন কৰিছিল । গাঁও অঞ্চলত কৰতলীয়া ৰজা, চৌধুৰী আৰু অন্যান ৰাজহ বিষয়াৰ দ্বাৰা পুলিচ বাহিনীটো নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছিল । ১৮৩১ চনত ডেভিদ স্কটৰ মৃত্যু হৈছিল।
3. ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল ?
উত্তৰঃ থমাছ কেম্পেবল ৰবাৰ্টচন ১৮০৬ খ্ৰীঃত কোম্পানিৰ চৰকাৰৰ কামত যোগদান কৰি বিহাৰ আৰু বংগদেশৰ ভালেমান ঠাইত প্ৰাশাসনিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । কাৰ্যভাৰৰ গ্ৰহণ কৰিয়েই ৰাবৰ্টচনে ৰাজহ সংস্কাৰৰ কামত মনোনিবেশ কৰে । ৰবাৰ্টচনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ পৰিমাণ ধাৰ্য কৰিছিল ।
বিশেষকৈ পৰগণাসমূহত চৌধুৰী আৰু অন্যান ৰাজহ বিষয়াসকলৰ শোষণ আৰু অত্যাচাৰত প্ৰজাসকল জুৰূলা হৈ পৰিছিল । সেয়েহে খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম-ঠিকানা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন কৰিছিল । এই তথ্যৰ ভিক্তিত কৃষকৰ মাটি আৰু শোধাব লগা খাজনাৰ পৰিমাণ তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল । ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ, বা জনমূৰি কৰ একে ধৰণৰ ৰখা হৈছিল । এই সংস্কাৰ আৰু কৰ-কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল ।
খাজনা সংগ্ৰহকাৰী ৰাজহ বিষয়াসকলৰ প্ৰত্যেককে তেওঁ সংগ্ৰহ কৰা মুঠ খাজনাৰ ৭ ৰ পৰা ১৫ শতাংশলৈ কমিছন দিয়াৰ ব্যৱস্থা কৰিছিল । ৰবাৰ্টচনৰ এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিছিল ।
4. মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল ?
উত্তৰঃ মেজৰ জেনকিন্সে অসমৰ বিকাশৰ বাবে বহুতো জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল । এই আঁচনিসমূহ হলঃ
জেনকিন্সে তেওঁৰ প্ৰশাসন কাৰ্যকাল ৰবাৰ্টচনৰ দ্বাৰা গঠিত জিলাসমূহ পুনৰ গঠন কৰিছিল । সেয়ে জেনকিন্সৰ আমোলত ১৮৩৮ চনৰ শেষৰ পেনে অসমত জিলাৰ সংখ্যা ৬ খন হৈছিল গৈ ।
জেনকিন্সৰ আমোলত পুলিচ প্ৰশাসনৰ ক্ষেত্ৰত ভালেমান পৰিৱৰ্তন সাধন কৰিছিল । এজন দাৰোগা, এজন জামিদাৰ, এজন বা ততোধিক মহৰী বা কেৰাণী আৰু কেইজনমান চিপাহী বা বৰকান্তাজাক লৈ পুলিচ প্ৰশাসনৰ থানা নামে নিম্নতম গোটটো গঠন কৰিছিল ।
ইয়াৰ উপৰি ৰাজ্যৰ চাহপাত, কয়লা, তেল উদ্যোগৰ বিকাশৰ সৈতে জেনকিন্সৰ নাম সম্পূৰ্ণ ৰূপে জড়তি আছিল । অসমৰ সৈতে বংগৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি কান্দাহাৰ চকী উঠাই দিছিল। কিন্তু পিছত জেনকিন্সে অন্যান চকীসমূহো উঠাই দিছিল ।
জেনকিন্সৰ প্ৰচেষ্টাতেই ব্ৰহ্মপুত্ৰৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল । বাট-পথৰ উন্নতিৰ বাবেও তেওঁ যথেষ্ট মনোযোগ দিছিল । শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছিল ।
5. জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল ?
উত্তৰঃ ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকাখনক চাৰিখন জিলাত বিভক্ত কৰা হৈছিল । সেই কেইখন হ’লঃ (ক) গোৱালপাৰা (খ) কামৰূপ (গ) দৰং (ঘ) নগাঁও
পুৰণি নথি-পত্ৰ মতে নগাঁও জিলাখনক খাগৰিজান বুলি কোৱা হৈছিল । খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও । ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়লৈ নিয়া হৈছিল । ইয়াৰ পিছত পুৰণিগুদাম সদৰ হয় । কিছুদিনৰ পাছত আকৈ পুনৰ নগাঁও চহৰকে সদৰ ঠাই বুলি ঘোষণা কৰা হয় । নগাঁও জিলাখন পূবে ধনশিৰি লৈকে বিস্তৃত আছিল ।
পশ্চিমে মানহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুযোপাৰে গঠিত হৈছে কামৰূপ জিলা । এই কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী । গুৱাহীটীত অসমৰ কমিছনাৰ সদৰ কাৰ্যালয় আছিল ।
আগতে দৰং ৰজাৰ অধীনত থকা পশ্চিমৰ অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল । ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল । কিন্ত এই ঠাইখন অস্বাস্থ্যকৰ আৰু প্ৰায়েই বানপানীত বুৰ গৈছিল । সেয়েহে ১৮৩৬ চনত মঙলদৈ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয় ।
গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰৰ দ্বাৰা শাসিত হৈছিল । বাৰ্মা যুদ্ধৰ পিছত ডেভিদ স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন হ’ল । গোৱালপাৰা ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ’ল । আকৈ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হৈছিল । ধুবুৰী সেই সময়ত জাহাজবোৰৰ শেষ ঘাটি আছিল ।
কাছাৰ দখল কৰাৰ পিছত ব্ৰিটিছে কাছাৰক এখন জিলাত পৰিণত কৰিলে । ইয়াৰ সদৰ ঠাই হ’ল শিলচৰ । ১৮৩৬ চনত কাছাৰক ঢাকা ডিভিজনৰ অধীনস্থ কৰা হল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ডেপুটি কমিছনাৰ বুলি কোৱা হয় ।
১৮৩৬ চনত জেনকিনন্সে পুনৰ গঠন কৰা জিলাসমূহৰ সদৰ ঠাই সমূহ হ’লঃ
জিলা |
সদৰ ঠাই |
জিলা |
সদৰ ঠাই |
গোৱাপাৰ |
গোৱাপাৰা |
দৰং |
মঙলদৈ |
কামৰূপ |
গুৱাহাটী |
নগাওঁ |
নগাঁও |
6. তিৰৎ সিং কোন আছিল । তেওঁ কিয় ব্ৰিটিছিৰ বিৰোধী হৈছিল ?
উত্তৰঃ তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল ।
ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যাকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ সুৰমা উপত্যকাৰ সৈতে এটা যোগাযোগ স্থাপন কৰিব বিচাৰিছিল । ৰাণীৰ পৰা নংখৰে মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েম তিৰৎ সিঙে অনুমিতি দিছিল । কিন্ত পিছিত পথ নিৰ্মাণ হ’লে তেঁলোকৰ স্বাধীনতা হেৰুৱাব বুলি সন্দেহ কৰি । সেইবাবে খাচীৰ মুখিয়াসকলে ইয়াৰ বিৰোধিতা কৰিছিল । ফলস্বৰূপে ১৮৯২ চনৰ এপ্ৰলি মাহত খাচী লোকসকলে তিৰৎ সিঙৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামত মিলিত হৈ পৰিছিল । এই তিৰৎ সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল ।
ৰাণীৰ ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎ সিংঙক ব্ৰিটিছে সহায় নকৰিলে । বৰং ৰাণী ইয়াৰ বাবেও তিৰৎ সিংঙক বিৰোধী কৰিছিল ।
চমুটোকা লিখাঃ
- তুলাৰাম সেনাপতি
উত্তৰঃ তুলাৰম সেনাপতি ডিমাছা কাছাৰীসকলৰ নেতা আছিল। ১৮১৩ চনত গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা হয় । ১৮৩০ চনত গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত তুলাৰাম সেনাপতিয়ে সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল । কিন্ত এই দাবী ব্ৰিটিছে মানি লোৱা নাছিল ।
১৮৩৪ চনত ব্ৰিটিছে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ বিভাজন ঘটাই সেইবাবে তুলাৰাম আৰু তেওঁৰ ভায়েকৰ মাজত ভাগ কৰি দিয়ে । তুলাৰাম মাহিলী ৫০ টকা হাৰত ব্ৰিটিছ চৰকাৰৰ পৰা এটি আজীৱন পেঞ্চন লাভ কৰিছিল ।
তুলাৰাম সেনাপতিৰ মৃত্যুৰ পাছত দুই পুত্ৰ নকুলৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মনে পিতৃৰ ৰাজ্য শাসন কৰিছিল । তুলাৰাম সেনাপতিয়ে তেওঁৰ পিতৃ কৰ্হীদনৰ আদৰ্শসমূহ অনুকৰণ কৰিছিল।
2. পুৰন্দৰ সিংহ
উত্তৰঃ গৰ্ৱণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিংকৰ শাসনকালত ব্ৰিটিছ-ভাৰত চৰকাৰে ১৮৩২ চনৰ অক্টোবৰ মাহত উজনি অসমত আহোম ৰাজকুমাৰ এজনক শাসনভাৰ দিয়াৰ সিদ্ধান্ত কৰি । এই সিদ্ধান্ত মতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে বছৰি ৫০,০০০ টকাৰ বিনিময়ত ১৮৩৩ চনৰ এপ্ৰিল মাহত পুৰন্দৰ সিংহ উজনি অসমৰ ৰজা হয় । তেওঁৰ ৰাজ্যৰ ৰাজধানী যোৰহাট হয় । আনহাতে ব্ৰিটিছ চৰকাৰে যোৰহাটৰ ওচৰত ৮ বৰ্গ মাইল এলেকা এটি পুৰন্দৰ সিংহৰ কৰ্তৃত্বৰ বাহিৰত আৰু ব্ৰিটিছৰ অধীনত এটা ব্ৰিটিছ সামৰিক ছাউনী পাতিছিল ।
পুৰন্দৰ সিংহ উক্ত বৰ্ষত ৫০,০০০ টকা সময় মতে উচল কৰি জদিব নোৱাৰাৰ বাবদ ব্ৰিটিছে চৰকাৰে ১৯৩৮ চনত তেওঁক সিংহাসনৰ পৰা আঁতৰাই দিয়ে । ৰাজ্যধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবদ তেওঁক ব্ৰিটিছ চৰকাৰে বছৰি ১০,০০০ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে ।
3. তিৰৎ সিং
উত্তৰঃ তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল ।
ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যাকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ সুৰমা উপত্যকাৰ সৈতে এটা যোগাযোগ স্থাপন কৰিব বিচাৰিছিল । ৰাণীৰ পৰা নংখৰে মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েম তিৰৎ সিঙে অনুমিতি দিছিল । কিন্ত পিছিত পথ নিৰ্মাণ হ’লে তেঁলোকৰ স্বাধীনতা হেৰুৱাব বুলি সন্দেহ কৰি। সেইবাবে খাচীৰ মুখিয়াসকলে ইয়াৰ বিৰোধিতা কৰিছিল। ফলস্বৰূপে ১৮৯২ চনৰ এপ্ৰলি মাহত খাচী লোকসকলে তিৰৎ সিঙৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামত মিলিত হৈ পৰিছিল । এই তিৰৎ সিং আৰু ইংৰাজৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিছিল ।
ৰাণীৰ ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎ সিংক ব্ৰিটিছে সহায় নকৰিলে । বৰং ৰাণী ইয়াৰ বাবেও তিৰৎ সিংঙক বিৰোধী কৰিছিল
4. গোমধৰ কোঁৱৰ
উত্তৰঃ অসমত পোন প্ৰথমে ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা গোমধৰ কোঁৱৰ আহোম ৰজা পৰিয়ালৰ আছিল । গোমধৰ কোঁৱৰক সমৰ্থন কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰিনাথ, জীউৰাম দুলীয়া বৰুৱা আদিয়ে ইংৰাজে উজনি অসমৰ সামৰিক শাসনৰ ওৰ পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপসাৰণ কৰিছিল । সেই অৱস্থাৰ সুযোগ লৈ গোমধৰ কোঁৱৰ নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল । গোমধৰে কোঁৱৰৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্হল নাছিল, তেওঁলোক তৎক্ষাণাত বিদ্ৰোহ দমন কৰে । গোমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰীসকলক বন্দী কৰে । সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিদ স্কটে গোমধৰ কোঁৱৰ প্ৰমুখ্য বিদ্ৰোহক সাত বছৰলৈ বংদেশৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে । হৰিনাথে বিচাৰত খালাচ পাইছিল আৰু কিছুদিনৰ মূৰত তেওঁ সংগীসকলক ফাটেকৰ পৰা পলুৱাই নিবলৈ সক্ষম হৈছিল । গোমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত ৭ বছৰলৈ কাৰাবাস খাটিবলগীয়া হয় । পৰৰ্ৱতী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গোমধৰ কোঁৱৰ ক’লৈ গ’ল সেই বিষয়ে জনা নায়ায় ।
5. ব্ৰিটিছৰ চিংফৌ ৰাজ্য দখল
উত্তৰঃ মটক ৰাজ্যৰ সীমাৰ পৰা পূবলৈ নোৱাদিহিং আৰু টেংগাপানী নদীৰ সমতল ভূমিত বসবাস কৰা জনগোষ্ঠীসকলক চিংফৌ বোলে । তেওঁলোক অসমৰ থলুৱা লোক বা বাসিন্দা নহয় । তেওঁলোক আদিতে কামতি সকলৰ চুবৰীয়া লোক হিচাপে ব্ৰহ্মদেশত আছিল । গৈৰীনাথ সিংহ ৰাজত্বকালত পুনৰ বাৰ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱা সময়ছোৱাত তেওঁলোক ১৭৯৩ চনত অসমলৈ আহে । চিংফৌসকলৰ কেইবাটাও ঠাল বা ফৈদ আছিল । তাৰ ভিতৰত ফৈদবোৰ আছিলঃ
(ক) বিচা গাম (খ) চুফা গাম
(গ) লুটাও গাম আৰু (গ) সাটুৰা গাম ইত্যাদি ।
চিংফৌসকলৰ মুখিয়াজনক গাম বোলা হৈছিল । চিংফৌসকলে মাজে-সময়ে আহোম ৰাজ্যৰ ওপৰত আক্ৰমণ চলাইছিল । আনকি কেতিয়াবা তেওঁলোকে ৰাজধানী ৰংপুৰতো উপনীত হৈছিল । ব্ৰিটিছৰ আগমনৰ পিছত চিংফৌসকলৰ এই আক্ৰমণ বন্ধ হৈছিল । বিশেষকৈ কেপ্টেইন নিউৱেলে চলোৱা সামৰিক অভিযানৰ পিছত চিংফৌসকলে অসমৰ সমতল ভূমিত আক্ৰমণ কৰিবলৈ এৰিছিল ।
প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ পিছত ১৮২৬ চনত মে মাহত মুঠতে ১৬ জন চিংফৌ গামে চুক্তি কৰি ব্ৰিটিছৰ অধীনত মানি লৈছিল আৰু যুদ্ধ তথা অন্য প্ৰকাৰৰ অশান্তিৰ সময়ত ব্ৰিটিছ চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছিল । পূবৰ পৰা কোনো শত্ৰু অহা গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি লৈছিল । ইয়াৰ পাছত ১৮৪২ ব্ৰিটিছে চিংফৌ ৰাজ্য দখল কৰে ।
6. ব্ৰিটিছিৰ জয়ন্তীয়া ৰাজ্য দখল
উত্তৰঃ প্ৰথম ইংগ-বৰ্মী যুদ্ধ আৰাম্ভ হোৱাৰ ঠিক আগ মুহূৰ্তত ১৮২৪ চনৰ মাৰ্চ মাহত ডেভিদ স্কটে জয়ন্তীয়াৰ ৰজা ৰাম সিংহৰ সৈতে এটি চুক্তি কৰি ব্ৰিটিছ আৰু জয়ন্তীয়া সকলৰ সৈতে পোন প্ৰথমবাৰৰ বাবে ৰাজনৈতিক সম্পৰ্ক স্থাপন কৰিছল । এই চুক্তি মতে তেওঁ নিজ ৰাজ্যৰ বাবে আভ্যন্তৰীণ স্বায়ত্তশাসন লাভ কৰিছিল । তদুপৰি তেওঁ ইংগ-বৰ্মী যুদ্ধত বৰ্মাসকলৰ বিৰুদ্ধে সাহায্য দিবলৈ প্ৰতিজ্ঞাবদ্ধ আছিল । সেই মতে অনুগামীসকলক শ্ৰীহট্টৰ পৰা অসমলৈ অহাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল । আনকি তেওঁৰ ব্ৰিটিছৰ সুবিধাৰ বাবে অসম আৰু শ্ৰীহট্টক সংলগ্ন কৰিছিল । জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিঙে ইংৰাজৰ সৈতে ১৮৩৪ চনৰ আগষ্ট মাহত কৰা এটা চুক্তিৰ মাধ্যমত বাৰ্ষিক ১০,০০০ টকাৰ কৰ দিবলৈ সন্মতি প্ৰকাশ কৰে ।
কিন্ত ১৮৩৫ চনৰ ফেব্ৰুৱাৰী মাহত ব্ৰিটিছ-ভাৰত চৰকাৰে জয়ন্তীয়া ৰাজ্য দখল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই মতে ১৮৩৫ চনৰ ১৫ মাৰ্চ তাৰিখে কেপ্তেইন নিষ্টাৰে শ্ৰীহট্ট লাইট ইনফেণ্টিৰ দুটা বাহিনীৰ সহযোগত জয়ন্তীয়াপুৰসহ সমতল অঞ্চল দখল কৰি কোম্পানিৰ ৰাজ্যৰ সৈতে চামিল কৰে ।
জয়ন্তীয়া ৰাজ্য ব্ৰিটিছ ৰাজ্যভুক্ত হ’লেও ব্ৰিটিছে তাত পূৰ্বৰ পৰা চলি অহা জনজাতীয় স্বায়ত্তশাসন ব্যৱস্থাকে বাহাল ৰাখিছিল ।
SEBA Assam Class 9 Social Science History Chapter 5 – অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: