Class 10 Assamese Chapter 3 – প্ৰশস্তি Question Bank | ASSEB

class 10

দশম শ্ৰেণী অসমীয়া অধ্যায় 3 – প্ৰশস্তি সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী অসমীয়া অধ্যায় 3 – প্ৰশস্তি (ৰঘুনাথ চৌধাৰী) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘প্ৰশস্তি’ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ কবিতা। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 3 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘প্ৰশস্তি’ নামৰ এই কবিতাটিত প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, পুৱাৰ মনোমোহা বৰ্ণনা আৰু প্ৰকৃতিৰ জৰিয়তে ভগৱানৰ প্ৰতি থকা অকৃত্ৰিম ভক্তি তথা বন্দনাৰ সুন্দৰ প্ৰকাশ ঘটিছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • প্ৰশস্তি কবিতাৰ মূল ভাৱ, প্ৰকৃতি প্ৰেম আৰু ৰঘুনাথ চৌধাৰীৰ সাহিত্যিক দৰ্শনৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • প্ৰশস্তিৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

Vibrant Note Box
Chapter 2 Environmental Geography

দশম শ্ৰেণী : অসমীয়া CLASS 10 ASSAMESE

অধ্যায়-3                                                                                                  অস্পিন একাডেমী

প্রশস্তি

HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে? {2026}

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে

2. ‘প্রশস্তি’ শব্দৰ অৰ্থ কি? {2025}

উত্তৰঃ আৰাধনা বা গুণানুকীৰ্ত্তন কৰা।

3. প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? {2024}

উত্তৰঃ নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।

4. ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে? {2023}

উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাইৰ বিষয়ে কবিতা লিখাৰ বাবে বিহগী কবি আখ্যা দিয়া হৈছে।

5. মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল বঁচা বুলি কবিয়ে কৈছে? {2020}

উত্তৰঃ মন্দিৰৰ উপেক্ষিতৰ বাব ফুলে প্ৰেম পৰিমল বঁচা বুলি কবিয়ে কৈছে।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

1. মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? {Bajali,Kamrup M, Darrang}

উত্তৰঃ ৰবাব ফুলে। 

2. ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতাপুথিখনৰ নাম লিখা। {Baksa}

উত্তৰঃ সাদৰী। 

3. প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? {Barpeta,Nalbari}

উত্তৰঃ নৱ কিশলয়দলে (নতুন কুঁহিপাতে)।

4. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? {Jorhat,Lakhimpur}

উত্তৰঃ মোহন কীচক বেণুৱে।

5. ৰঘুনাথ চৌধাৰীৰ মৰণোত্তৰ কালত প্রকাশিত হোৱা কবিতা পুথি খনৰ নাম কি? {Morigaon}

উত্তৰঃ ‘মনাই বৰাগী’।

6. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? {Sonitpur,Udalguri,Dhubri}

উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

7. ৰঘুনাথ চৌধাৰীৰ এখন গল্প পুথিৰ নাম লিখা। {Tamulpur}

উত্তৰঃ পচতীয়া। 

8. কাকিনী তামোল শব্দৰ অৰ্থ কি? {Biswanath}

উত্তৰঃ বৰ ওখ তামোল গছ। 

9. ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে? {Bongaigaon}

উত্তৰঃ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখাৰ বাবে।

10. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? {Nagaon}

উত্তৰঃ মোহন কীচক বেণুৱে। 

11. বিহগী কবি বুলি কাক কোৱা হয়? {Golaghat}

উত্তৰঃ ৰঘুনাথ চৌধাৰীক। 

12. মৰণোত্তৰ কালত প্ৰকাশ পোৱা ৰঘুনাথ চৌধাৰীৰ কবিতাপুথিখনৰ নাম কি? {Hojai}

উত্তৰঃ মনাই বৰাগী। 

13. ৰঘুনাথ চৌধাৰীয়ে প্রথমাৱস্থাত কবিতা লিখিবলৈ আৰম্ভ কৰা কাকতখনৰ নাম কি? {Majuli}

উত্তৰঃ জোনাকী।  


HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ

1. ১৯৩৫ চনত তেজপুৰৰ অনুষ্ঠিত হোৱা ‘অসম সাহিত্য সভা’ৰ অধিৱেশনৰ সভাপতি কোন আছিল: 

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

2. প্রকৃতি ৰূপ আৰাধনাৰ আঁৰত কি লুকাই আছে? 

উত্তৰঃ ঈশ্বৰ ভক্তিৰ স্বৰুপ লুকাই আছে।

3. প্রশস্তি কবিতাটোত উল্লেখিত ‘চিত্তহাৰী’ শব্দটোৰ অৰ্থ লিখা।

উত্তৰঃ মন-প্ৰাণ পৰি নিয়া।

4. ছন্দভৰা সুমধুৰ তান কোনে ধৰিছে? 

উত্তৰঃ বন বিহঙ্গই অর্থাৎ বনৰ পক্ষীয়ে।

5. ৰঘুনাথ চৌধাৰী মৰণোত্তৰ কালত প্ৰকাশ পোৱা গল্প পুথিখনৰ নাম লিখা।

উত্তৰঃ ‘পচতীয়া’।

6. ৰঘুনাথ চৌধাৰীৰ ৰচিত গল্প পুথিখনৰ নাম কি?

উত্তৰঃ ‘পচতীয়া’।

7. ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ ভোলানাথ চৌধাৰী।

8. উষাই কিহৰ ৰঙেৰে ধৰিত্ৰীক ৰঞ্জিত কৰিলে?

উত্তৰঃ কুঙ্কুম ৰাগেৰে।

9. ‘দহিকতৰা’ কাব্যগ্ৰন্থৰ স্ৰষ্টা কোন?

উত্তৰঃ ‘দহিকতৰা’ কাব্যগ্ৰন্থৰ স্রষ্টা ৰঘুনাথ চৌধাৰী।

10. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ মহামহিমৰ গান কীচক জাতীয় বাঁহৰ পৰা তৈয়াৰী বাঁহীৰে গায় বুলি কবিয়ে কৈছে।

11. জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

12. ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি এখনৰ দুখনৰ নাম লিখা।

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ’ল-কেতেকী, দহিকতৰা, কাৰবালা।

13. ৰঘুনাথ চৌধাৰীৰ জন্ম অসমৰ কোনখন গাঁৱত হৈছিল?

উত্তৰঃ লাউপাৰা গাঁৱত।

14. কবিয়ে কাক ‘মোহ তন্দ্ৰালস’ ত্যাগ কৰিবলৈ আহ্বান জনাইছে?

উত্তৰঃ ভক্তবৃন্দক।

15. ‘অন্তৰীক্ষ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ আকাশ (যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়)।

16. “প্রশস্তি” কবিতাটিৰ কবিজনৰ নাম কি? 

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

17. ‘বিহগী কবি’ বুলি কোৱা হয়

(ক) চৈয়দ আব্দুল মালিকদেৱক

(খ) ৰঘুনাথ চৌধাৰীদেৱক

উত্তৰঃ ৰঘুনাথ চৌধাৰীদেৱক।

18. কবিয়ে কাক অমৃতৰ সন্তান বুলি কৈছে?

উত্তৰঃ কবিয়ে মানুহক অমৃতৰ সন্তান বুলি কৈছে।

19. কীচক বেণু কি?

উত্তৰঃ কীচক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী।

20. ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?

উত্তৰঃ ৰঘুনাথ চৌধাৰী ‘জোনাকী’ যুগৰ কবি।

21. ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি?

উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম হ’ল ‘মইনা’ l

22. ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কবিতাপুথিখনৰ নাম কি?

উত্তৰঃ ‘সাদৰী’।

23. মুক্তিপথৰ যাত্রী কোন?

উত্তৰঃ অমৃতৰ সন্তান মানুহ।

24. ৰঘুনাথ চৌধাৰীৰ ‘সাদৰী’ পুথিখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ ১৯১০ চনত।

25. কবিয়ে কিহেৰে প্ৰকৃতিক বিচি বা সাদৰি অনা বুলি কৈছে?

উত্তৰঃ নৱ কিশলয় দলে বা নতুন কুঁহিপাতেৰে।

26. ‘কাৰবালা’ কাব্যগ্ৰন্থখন কিমান চনত প্ৰকাশিত হয়?

উত্তৰঃ ১৯২৩ চনত।

27. ৰঘুনাথ চৌধাৰীয়ে সহকাৰী সম্পাদক হিচাপে কাম কৰা কাকতখনৰ নাম কি?

উত্তৰঃ জোনাকী।

28. ৰঘুনাথ চৌধাৰীৰ ‘নৱমল্লিকা’ কাব্যগ্ৰন্থখন কিমান চনত প্ৰকাশিত হৈছিল?

উত্তৰঃ ১৯৫৮ চনত।

29. ১৯৩৫ চনৰ অসম সাহিত্য সভাৰ অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ তেজপুৰত।

30. ‘বসুধা’ শব্দৰ অৰ্থ কি?

উত্তৰঃ পৃথিৱী বা বসুমতী।

HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. “মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও

দিছে যাচি প্রেম-পৰিমল।”

– কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {2026,23}

2. ‘প্রশস্তি’ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। {2024,23}

3. “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,

উঠা যত মুক্তি পথযাত্রী।”

– কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে, বুজাই লিখা। {2024,20} 

4. ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা। {2020}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা। {Bajali}

2. ৰঘুনাথ চৌধাৰী ৰচিত দুখন কবিতাপুথিৰ নাম লিখা। {Jorhat}

3. কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে? {Kamrup R}

4. কবি ৰঘুনাথ চৌধাৰীদেৱে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কিয় আহ্বান জনাইছে, বুজাই লিখা। {Bongaigaon}

5. ‘প্রশস্তি’ শব্দৰ অৰ্থ কি? কবিতাটোত কোনে কাৰ প্রশস্তি কৰিছে? {Majuli}

6. প্রশস্তি কবিতাটিত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে? {Morigaon}

7. মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? {Salmara}

8. ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? {Salmara}

9. কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশান্তি কৰিছে? {Salmara}

10. “কৰি দীৰ্ণ জবাজীর্ণ পুঞ্জীভূত কেদ

শেষ হ’ল মহা কাল ৰাত্রি।” 

– ইয়াত কবিয়ে শেষ হ’ল মহাকাল ৰাত্ৰি বুলি কিয় কৈছে? {Kokrajhar}


বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ‘প্রশস্তি’ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। {Kamrup M,Udalguri}

2. “উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা য’ত মুক্তি পথযাত্রী।” – কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে, বুজাই লিখা। {Nalbari}

3. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। {Biswanath}

4. ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা। {Darrang}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

1. ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা। {Jorhat,Barpeta,Bajali,Baksa,Kamrup M,Sonitpur, Hojai,Morigaon,Nagaon}

2. মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও

দিছে নাচি প্রেম-পৰিমল।

– কবিতাটিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {Lakhimpur} 

3. ‘প্রশস্তি’ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। {Nalbari}

4. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ {Golaghat}

“মোহন কীচক বেণু অনাহত ছন্দে 

গায় মহামহিৰ গান, 

মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ 

সুন্দৰৰ কৰা ৰূপধ্যান।” 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী অসমীয়া অধ্যায় 3 (প্ৰশস্তি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
প্ৰশস্তি পাঠটিৰ ৰচক কোন?
দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘প্ৰশস্তি’ পাঠটিৰ ৰচক হ’ল বিহগী কবি ৰঘুনাথ চৌধাৰী। ইয়াত প্ৰকৃতিৰ সৌন্দৰ্য আৰু ঈশ্বৰৰ বন্দনা অতি সুন্দৰকৈ ফুটাই তোলা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, পাঠভিত্তিক ব্যাকৰণ, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
প্ৰশস্তি পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top