দশম শ্ৰেণী অসমীয়া অধ্যায় 2 – জিকিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 2 – জিকিৰ (আজান ফকীৰ) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দ্বিতীয় অধ্যায় ‘জিকিৰ’ ছৈয়দ শ্বাহ মিলান ওৰফে আজান ফকীৰৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 2 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘জিকিৰ’ নামৰ এই পাঠটিত ইছলাম ধৰ্মৰ চুফী দৰ্শন, হিন্দু-মুছলমানৰ সম্প্ৰীতি আৰু আল্লাৰ প্ৰতি ভক্তিৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। লগতে জীৱনৰ অস্থাৰৱতা আৰু পাৰ্থিৱ মোহ ত্যাগৰ কথা কোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- জিকিৰৰ মূল ভাৱ, চুফী দৰ্শন আৰু আজান ফকীৰৰ মানৱতাবাদী চিন্তাৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- জিকিৰৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী : অসমীয়া ![]()
অধ্যায়-2 অস্পিন একাডেমী
জিকিৰ ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. জিকিৰৰ ৰচক কোন? {2026,22,18}
উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিলন।
2. আজান ফকিৰৰ প্রকৃত নাম কি আছিল? {2025,20}
উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিলন।
3. “আচমানৰ কুটুব তৰা আদমৰ জাত।’ ইয়াত আদম কোন? {2024}
উত্তৰঃ ইয়াত আদম হ’ল আদি মানৱ, কোৰানৰ মতে আল্লাৰ সৃষ্ট প্রথম মানুহ।
4. জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে ? {2023}
উত্তৰঃ জিকিৰ শব্দটো ‘জিকৰ’ শব্দৰ পৰা আহিছে।
5. জিকিৰৰ ৰচক কোন? {2022,18}
উত্তৰঃ আজান ফকিৰৰ প্ৰকৃত নাম শ্বাহ মিলন।
6. জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? {2019}
উত্তৰঃ জিকিৰবোৰক ‘দেহ বিচাৰৰ’ গীতৰ লগত তুলনা কৰিব পাৰি।
7. ‘মোমিন’ৰ অৰ্থ কি? {2016}
উত্তৰঃ ‘মোমিন’ মানে বিশ্বাসী মুছলমান।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. ‘মোমিন’ শব্দৰ অৰ্থ কি? {Bajali,Baksa,Kamrup R}
উত্তৰঃ ‘মোমিন’ শব্দৰ অৰ্থ হল বিশ্বাসী মুছলমান।
2. ‘তিৰবেণী’ শব্দটোৱে কি বুজায়? {Barpeta}
উত্তৰঃ ‘তিৰবেণী’ (বা তিব্বেণী) শব্দই গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল বা পৱিত্ৰ ঠাইক বুজায়।
3. আজান ফকিৰৰ সম্পূৰ্ণ নামটো কি? {Jorhat}
উত্তৰঃ তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন।
4. আজান ফকিৰৰ ক’ত মৃত্যু হৈছিল? {Kamrup M}
উত্তৰঃ আজান ফকিৰৰ মৃত্যু দিখৌমুখৰ শৰাগুৰি চাপৰিত হৈছিল।
5. জিকিৰত উল্লেখ থকা ‘আদাম’ কোন? {Lakhimpur}
উত্তৰঃ আদাম (আদম) হ’ল আদি মানৱ; কোৰাণৰ মতে আল্লাৰ সৃষ্ট প্ৰথম মানুহ।
6. ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে? {Sonitpur,Udalguri,Dhubri,Morigaon}
উত্তৰঃ জিকিৰ শব্দটো আৰবী ‘জিকৰ’ শব্দৰ পৰা ওলাইছে (ইয়াৰ অসমীয়া ৰূপ)।
7. জিকিৰ সমূহৰ ৰচক কোন? {Nalbari}
উত্তৰঃ আজান ফকিৰ
8. কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? {Tinsukia,Hojai}
উত্তৰঃ উজনি অসমত প্ৰচলিত লোকগীত যেনে- টোকাৰী গীত, দেহবিচাৰৰ গীত ইত্যাদিৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে।
9. কুটুব মানে কি? {Biswanath}
উত্তৰঃ কুটুব মানে হ’ল ধ্ৰুৱ নক্ষত্ৰ।
10. আজান ফকিৰৰ আচল নাম কি আছিল? {Bongaigaon}
উত্তৰঃ হজৰত শ্বাহ মিলন।
11. ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’ ইয়াত মোমিন কোন? {Darrang}
উত্তৰঃ ইয়াত মোমিন মানে হ’ল বিশ্বাসী মুছলমান।
12. ‘ৰহমৰ গিৰিহঁত’ শব্দই কাক ইঙ্গিত কৰিছে? {Tamulpur}
উত্তৰঃ আল্লাক বা ঈশ্বৰক ইঙ্গিত কৰিছে।
13. “আচমানৰ কুটুব তৰা আদমৰ জাত।” – ইয়াত আদম কোন? {Nagaon}
উত্তৰঃ আদি মানৱ।
14. ‘চোৱা চোৱা জীৱসকল ভেলৰে বিলাই’ ইয়াত ভেল বুলি কাক কোৱা হৈছে? {Salmara}
উত্তৰঃ ইয়াত ‘ভেল’ বুলি মানুহৰ দেহ বা শৰীৰক কোৱা হৈছে।
15. আজান ফকিৰে অসমৰ কাৰ শাসন কালত অসমলৈ আহিছিল? {Kokrajhar}
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ শাসন কালত।
16. আজান ফকিৰ কোন সময়ৰ কবি? {Salmara}
উত্তৰঃ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ (মাজ ভাগৰ) কবি।
17. জিকিৰ শব্দটো কোনটো আৰৱী শব্দৰ অসমীয়া ৰূপ? {Golaghat}
উত্তৰঃ জিকিৰ শব্দটো আৰৱী শব্দ’জিকৰ’ৰ অসমীয়া ৰূপ।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক বুজাবলৈ ‘জিকিৰ’ কবিতাটোত কি শব্দ ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ তিৰবেণীৰ ঘাট’ শব্দটো ব্যৱহাৰ কৰিছে।
2. জিকিৰসমূহ কি ভাষাত ৰচিত?
উত্তৰঃ জিকিৰসমূহ থলুৱা অসমীয়া ভাষাত ৰচিত।
3. জিকিৰ কাক বোলে?
উত্তৰঃ জিকিৰসমূহ হৈছে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্রকাশক ভক্তিমূলক গীত।
4. আজান ফকিৰক আহোম ৰজাই ক’ত মছজিদ সজাই দিছিল?
উত্তৰঃ দিখৌমুখৰ সৰাগুৰি চাপৰিত।
5. আজান ফকিৰে কিমানজন ভকতৰ সৈতে সৰাগুৰি চাপৰিত ধৰ্ম চৰ্চা কৰিছিল?
উত্তৰঃ ছকুৰি (১২০ জন) ভকতৰ সৈতে।
6. জনশ্ৰুতি মতে হজৰত শ্বাহ মিলনক কিয় ‘আজান ফকিৰ’ নামেৰে জনা যায়?
উত্তৰঃ কাৰণ তেওঁ পোনপ্ৰথম অসমত ‘আজান’ (নামাজৰ বাবে আহ্বান) দি নামাজ পঢ়িবলৈ শিকাইছিল।
7. “মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ”- ইয়াত ‘সঞ্চাৰ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ তলা বা সঁচাৰ।
8. আজান ফকিৰৰ ৰচিত জিকিৰ আৰু জাৰী গীতত অসমৰ কোনজন মহাপুৰুষৰ ধৰ্মৰ প্ৰভাৱ পৰা দেখা যায়?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ (নৱ-বৈষ্ণৱ ধৰ্মৰ)।
9. “বেহাব নোৱাৰে তাত মায়াই ভেটে বাট”- ইয়াত ‘বেহাব’ শব্দৰ অৰ্থ কি?
উত্তৰঃ বেপাৰ কৰিব বা বাণিজ্য কৰিব।
10. আজান ফকিৰে বিদেশৰ পৰা অসমলৈ কি ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল?
উত্তৰঃ ইছলাম ধৰ্ম।
11. “দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি”- কথাষাৰে কি বুজাইছে?
উত্তৰঃ সজাৰ মইনা বা আত্মাই দেহ ত্যাগ কৰি গুচি গ’লে দেহাৰ সৈতে থকা মৰম-চেনেহ বা সম্বন্ধ নাইকিয়া হয়।
12. ‘আচমান’ শব্দৰ অৰ্থ কি?
উত্তৰঃ আকাশ।
13. জিকিৰত ব্যৱহাৰ হোৱা ‘বান্দা’ শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ভৃত্য বা দাস (ঈশ্বৰৰ সেৱক)।
14. জিকিৰৰ বাহিৰেও আজান ফকিৰে ৰচনা কৰা আনবিধ গীতৰ নাম কি?
উত্তৰঃ জাৰী গীত।
15. পানী ক’ত মৰে বুলি জিকিৰত উল্লেখ আছে?
উত্তৰঃ পানী পিয়াহত মৰে।
16. খোদা ৰচুল লুকাই আছে মোমিনৰ আঁৰত। ইয়াত মোমিন কোন?
উত্তৰঃ ইয়াত ‘মোমিন’ বিশ্বাসী মুছলমান।
17. ৰচুল শব্দটোৰ অৰ্থ কি?
উত্তৰঃ ‘ৰচুল’ মানে দেৱদুত বা আল্লাৰ দূত।
18. ‘কুটুব’ বা ‘আদম’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘কুটুব’ মানে ধ্ৰুৱ নক্ষত্র। আদম মানে- আদি মানৱ, আল্লাহৰ সৃষ্ট প্রথন মানৱ।
19. কাৰ শাসনকালত আজান ফকীৰে সপ্তদশ শতিকাত অসমা আহিছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।
20. ‘ৰহম’ শব্দৰ অর্থ কি?
উত্তৰঃ ‘ৰহম’ শব্দৰ অৰ্থ হল দয়া।
21. কুটুব মানে কি?
উত্তৰঃ কুটুব মানে ধ্রুব নক্ষত্র।
22. সমার্থক শব্দ লিখাঃ কুটুব, ভেল, দৰিয়া
উত্তৰঃ কুটুব-ধ্ৰুৱ নক্ষত্র, ভেল-দেহা, শৰীৰ, দৰিয়া-সাগৰ।
23. অগ্নি বা জুই ক’ত মৰে বুলি কবিয়ে কৈছে?
উত্তৰঃ অগ্নি জাৰত (শীতত) মৰে।
24. মক্কাৰ দুৱাৰত কোনে তালি মাৰে?
উত্তৰঃ চাহাব জীৱই (জীৱাত্মাই)।
25. জিকিৰ গীতসমূহত ইছলাম ধৰ্মৰ নীতিৰ লগতে আন কিহৰ কথা প্ৰকাশ পাইছে?
উত্তৰঃ মানৱ জীৱনৰ ক্ষণস্থায়িত্ব আৰু ব্যৱহাৰিক জীৱনৰ কথা।
26. “সজাত মইনা আছে ঘনে লগায় মাত”- ইয়াত “মইনা” শব্দটোৱে কিহক বুজাইছে?
উত্তৰঃ ইয়াত “মইনা” শব্দটোৱে ‘জীৱ’ক বুজাইছে।
27. ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ ‘জিকিৰ’ শব্দটো আৰৱী ভাষাৰ ‘জিকৰ’ শব্দৰ পৰা ওলাইছে।
28. জিকিৰৰ ৰচকজনৰ সম্পূৰ্ণ নামটো লিখা।
উত্তৰঃ হজৰত শ্বাহ মিলন।
29. জিকিৰসমূহত অসমীয়া ভাষাৰ লগতে প্ৰধানকৈ কোনবোৰ ভাষাৰ শব্দ অন্তৰ্ভুক্ত হৈছে?
উত্তৰঃ আৰবী আৰু পাৰ্চী ভাষাৰ শব্দ।
30. তিব্বেণীৰ ঘাটত কোনে বাট ভেটি ধৰে?
উত্তৰঃ মায়াই।
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’
– ইয়াত ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা। {2026}
2. ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? {2025}
3. জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? {2023}
4. “মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি
যেনে শালেশ’লৰ লগত দৰিকাৰ টপালি।”
– কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {2023, 20}
5. আজান ফকীৰৰ কবি-পৰিচয় লিখা। {2022}
6. আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত।।”
– অর্ন্তনিহিত অর্থটি বুজাই লিখা। {2019}
7. জিকিৰৰ বিষয়ে এটি টোকা লিখা। {2018}
8. আজান ফকিৰৰ বিষয়ে চমুটোকা লিখা। {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? {Baksa}
2. ‘জিকিৰ’ ৰ চমুটোকা লিখা। {Barpeta}
3. ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ মূল অর্থ কি? {Bajali}
4. জিকিৰৰ সৈতে কোনবোৰ গীতৰ সুৰৰ সাদৃশ্য আছে? {Kamrup M}
5. আজান ফকিৰৰ আচল নাম কি? আজান ফকিৰ নামটো কিয় হ’ল? {Kamrup R}
6. খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত। – ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা। {Lakhimpur}
7. জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্রকাশ কৰা হৈছে? {Udalguri,Bongaigaon, Nagaon}
8. আজান ফকিৰৰ কবি পৰিচয় লিখা। {Nalbari}
9. আজান ফকিৰৰ বিষয়ে চমুটোকা লিখা। {Biswanath}
10. আজান ফকিৰৰ আচল নাম কি? ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতিটো লিখা? {Kokrajhar}
11. জিকিৰৰ বিষয়ে এটি টোকা লিখা। {Darrang}
12. কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত আজান ফকিৰ অসমলৈ আহিছিল? স্বর্গদেউৱে তেওঁক ক’ত মাটি-বাৰী দি মছজিদ সজাই দিছিল? {Dhubri}
13. কোনজনা আহোম স্বৰ্গদেউৰ শাসনকালত আজান ফকিৰ অসমলৈ আহে? আজান ফকিৰৰ মৃত্যু ক’ত হৈছিল? {Hojai}
14. আজান ফকীৰৰ প্রকৃত নাম কি? তেওঁ কোনজনা আহোম স্বৰ্গদেউ ৰাজত্বকালত অসমলৈ আহিছিল? {Majuli}
15. ‘জিকিৰ’ কাক বোলে? {Majuli}
16. আজান ফকিৰৰ এটি চমু পৰিচয় দাঙি ধৰা। {Morigaon}
17. কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সাদৃশ্য আছে? {Tamulpur}
18. মক্কাক তিৰবেণীৰ ঘাট বুলি কিয় কোৱা হৈছে? {Salmara}
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।”
-অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {2026}
2. ‘জিকিৰ’ কবিতাটোৰ কবি আজান ফকিৰৰ চমু পৰিচয় লিখা। {2024}
3. ব্যাখ্যা কৰা: {2022}
“সঁজাৰ মইনাটিৰ অনেক যুগুটি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।”
– কবিতা ফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।
4. ব্যাখ্যা কৰা: {2022,17}
“মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
5. ব্যাখ্যা কৰা: {2018}
খোদা ৰছুল লুকাই আছে নকৰা বিচাৰ।
মক্কাৰ দুৱাৰত বন্দো মাৰিলা সঞ্চাৰ।।
6. ব্যাখ্যা কৰা: {2016}
“পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত ।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।”
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “পানী মৰে পিয়াহত অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।”
– উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা। {Kamrup M,Kokrajhar}
2. “মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।”
– কবিতাফাকিৰ অন্তনির্হিত ভাৱ বিশ্লেষণ কৰা। {Lakhimpur,Majuli,Tamulpur}
3. “দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।
– দেও মাৰি পাৰ হৈ জীৱই কি চাই আছে, বুজাই লিখা। {Bongaigaon}
4. ব্যাখ্যা কৰা: {Dhubri}
মক্কাৰ দুৱাৰত চাহাব তিব্বেণীৰ ঘাট
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
5. “সঁজাৰ মইনাটিৰ অনেক যুগুটি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।”
– কবিতা ফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা। {Barpeta}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. মূলভাৱ লিখা: জিকিৰ। {Barpeta,Tinsukia,Salmara}
2. ব্যাখ্যা কৰা: {Baksa}
“মক্কাৰ দুৱাৰত চাহাব তিৰবেণী ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।”
3. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।- {Jorhat,Tinsukia}
‘মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।’
4. ব্যাখ্যা কৰা: {Kamrup R,Sonitpur,Morigaon,Hojai}
পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।
5. তাৎপর্য বিচাৰ কৰা: {Bajali}
‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’

