Class 10 Assamese Chapter 10 – অৰুণিমা সিনহা Question Bank | ASSEB

class 10 assamese

দশম শ্ৰেণী অসমীয়া অধ্যায় 10 – অৰুণিমা সিনহা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

Vibrant Note Box
Buy Printable PDF
Vibrant Note Box
Chapter 10 অৰুণিমা সিনহা
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

দশম শ্ৰেণী অসমীয়া অধ্যায় 10 – অৰুণিমা সিনহা সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ দশম অধ্যায় ‘অৰুণিমা সিনহা’ এখন অতি অনুপ্ৰেৰণামূলক জীৱনীভিত্তিক পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 10 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘অৰুণিমা সিনহা’ নামৰ এই পাঠটিত মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী বিশেষভাৱে সক্ষম (কৃত্ৰিম ভৰিৰে) ভাৰতীয় মহিলা অৰুণিমা সিনহাৰ অদম্য সাহস, কষ্ট, আৰু সংঘৰ্ষৰ কাহিনী বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • অৰুণিমা সিনহাৰ জীৱন সংগ্ৰাম, তেওঁৰ দৃঢ় মনোবল আৰু সফলতাৰ আঁৰৰ কাহিনীৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • অৰুণিমা সিনহা পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

দশম শ্ৰেণী: অসমীয়া https://youtube.com/@ospinacademy

অধ্যায়-10                                                     অস্পিন একাডেমী

অৰুণিমা সিনহা

 

HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? {2026,20}

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ‘ভলীবল’ খেলত বিশেষ দক্ষতা আছিল।

2. অৰুণিমা সিনহাৰ ঘৰ ক’ত? {2025}

উত্তৰঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

3. হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল? {2024}

উত্তৰঃ হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

4. ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। {2023}

উত্তৰঃ ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী গ্রন্থ দুখনৰ নাম হ’ল ‘চেমলীয়াৰ বিশ্ব সাহিত্য’,’বিশ্বৰ শ্ৰেষ্ঠ সাধু’।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অৰুণিমা সিন্‌হাই কাৰ তত্বাৱধানত পৰ্বতাৰোহণৰ অনুশীলন চলাইছিল? {Baksa}

উত্তৰঃ এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্বাৱধানত। 

2. অৰুণিমা সিন্হাই মাউন্ট এভাৰেষ্টত কেতিয়া আৰোহণ কৰিছিল? {Barpeta}

উত্তৰঃ ২০১৩ চনৰ ২১ মে’ তাৰিখে।

3. মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? {Jorhat}

উত্তৰঃ ৮৮৪৮ মিটাৰ।

4. অৰুণিমাই দুর্ঘটনাটোত কি হেৰুৱাইছিল? {Kamrup M}

উত্তৰঃ অৰুণিমাই দুৰ্ঘটনাটোত নিজৰ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল।

5. হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ হৈছিল? {Kamrup R}

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ (এভাৰেষ্ট) উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।  

6. অৰুণিমা সিন্হাৰ ঘৰ ক’ত? {Sonitpur}

উত্তৰঃ অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত। 

7. অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? {Udalguri,Dhubri,Salmara, Bajali}

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। 

8. হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? {Bongaigaon,Nagaon}

উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

9. ‘টেনজিং নৰগে সন্মান’ কোনে লাভ কৰিছিল? {Dhubri}

উত্তৰঃ অৰুণিমা সিনহাই লাভ কৰিছিল।

10. প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিং কি ৰোগত আক্ৰান্ত হৈছিল? {Hojai}

উত্তৰঃ যুৱৰাজ সিং কৰ্কট (Cancer) ৰোগত আক্ৰান্ত হৈছিল।  

11. ২০১৫ চনত ‘টেনজিং নৰগে সম্মান’ লাভ কৰা ব্যক্তিগৰাকী কোন? {Majuli}

উত্তৰঃ অৰুণিমা সিনহা। 

12. অৰুণিমা সিনহাৰ জীৱনত কেতিয়া দুৰ্ঘটনাটো কিমান চনত হৈছিল? {Tinisukia}

উত্তৰঃ ২০১১ চনত। 

13. অৰুণিমা সিনহা কিমান বছৰ বয়সৰ গাভৰু আছিল? {Kokrajhar}

উত্তৰঃ চাব্বিছ বছৰ বয়সৰ। 

14. মাউন্ট এভাৰেষ্ট শৃঙ্গ কিমান মিটাৰ ওখ? {Kokrajhar}

উত্তৰঃ ৮৮৪৮ মিটাৰ।

  

HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ

 1. ‘অনাবিল’ শব্দৰ অৰ্থ কি? 

উত্তৰঃ ‘অনাবিল’ শব্দৰ অৰ্থ ‘অতিশয়’।

2. কোন চনত অৰুণিমা সিন্‌হাই ৰাষ্ট্ৰপতি ডঃ এ.পি.জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰে? 

উত্তৰঃ ২০১৪ চনত অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি ডঃ এ.পি.জে আব্দুল কালামৰ পৰা ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’ লাভ কৰে।

3. ‘যুগমীয়া চিন্তাৰ প্ৰতিফলন’ শীর্ষক প্রবন্ধ সংকলনখনিৰ লিখক কোন?

উত্তৰঃ ‘যুগমীয়া চিন্তাৰ প্ৰতিফলন’ শীর্ষক প্রবন্ধ সংকলনখনিৰ লিখক ডঃ জয়শ্রী গোস্বামী মহন্ত।

4. অৰুণিমা সিন্‌হাই ভাৰত চৰকাৰৰ পৰা কিমান চনত ‘পদ্মশ্রী’ সন্মান লাভ কৰিছিল?

উত্তৰঃ ২০১৫ চনত অৰুণিমা সিন্‌হাই ভাৰত চৰকাৰৰ পৰা ‘পদ্মশ্রী’ সন্মান লাভ কৰিছিল।

5. অৰুণিমা সিন্‌হাই কেতিয়া এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই ২০১৩ চনৰ ২১ মে’ তাৰিখে এভাৰেষ্ট আৰোহণ কৰি।

6. অৰুণিমা সিন্‌হাৰ ডিঙিৰ চেইনডাল কোনে দিছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ডিঙিৰ চেইনডাল তেওঁৰ মাকে আশীৰ্বাদ হিচাপে দিছিল।

7. ৰে’লৰ আলিৰ কাষত অৰুণিমা কিমান ঘণ্টা পৰি আছিল?

উত্তৰঃ ৰে’লৰ আলিৰ কাষত অৰুণিমা প্ৰায় সাত ঘণ্টা পৰি আছিল।

8. অৰুণিমা ৰে’লআলিত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰে’লগাড়ী পাৰ হৈ গৈছিল?

উত্তৰঃ অৰুণিমা পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে ঊনচল্লিশখন (৩৯) ৰে’লগাড়ী পাৰ হৈ গৈছিল।

9. দুৰ্ঘটনাৰ পাছত অৰুণিমাক প্ৰথমতে কোনখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল?

উত্তৰঃ দুৰ্ঘটনাৰ পাছত অৰুণিমাক প্ৰথমতে বেৰিলী জিলা হস্পিতালত ভৰ্তি কৰা হৈছিল।

10. উন্নত চিকিৎসাৰ বাবে অৰুণিমাক দিল্লীৰ কোনখন চিকিৎসালয়লৈ নিয়া হৈছিল?

উত্তৰঃ উন্নত চিকিৎসাৰ বাবে অৰুণিমাক দিল্লীৰ ‘অল ইণ্ডিয়া ইন্সটিটিউট অব মেডিকেল চায়েন্স’ (AIIMS) লৈ নিয়া হৈছিল।

11. অৰুণিমাই উত্তৰ কাশীত থকা কোনটো গ্ৰুপত যোগ দিছিল?

উত্তৰঃ অৰুণিমাই উত্তৰ কাশীত থকা ‘ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপ’ত যোগ দিছিল।

12. অৰুণিমাৰ এভাৰেষ্ট অভিযানৰ অনুশীলন শিবিৰটো কোনটো সংস্থাই চলাইছিল?

উত্তৰঃ অৰুণিমাৰ এভাৰেষ্ট অভিযানৰ অনুশীলন শিবিৰটো ‘টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে’ চলাইছিল।

13. অৰুণিমাই প্ৰথমে লাডাখৰ কোনটো শৃংগ আৰোহণ কৰিছিল?

উত্তৰঃ অৰুণিমাই প্ৰথমে লাডাখৰ ‘মাউন্ট চামছেৰ কাংৰি’ শৃংগ আৰোহণ কৰিছিল।

14. মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা কিমান ফুট?

উত্তৰঃ মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা ২১,৭৯৮ ফুট।

15. কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিনৰ মূৰত অৰুণিমাই এভাৰেষ্ট শিখৰত ভৰি দিছিল?

উত্তৰঃ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন (৫২) দিনৰ মূৰত অৰুণিমাই এভাৰেষ্ট শিখৰত ভৰি দিছিল।

16. অৰুণিমা সিন্‌হাই লিখা কিতাপখন কোনে উন্মোচন কৰিছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই লিখা কিতাপখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই উন্মোচন কৰিছিল।

17. অৰুণিমা সিন্‌হাই যাত্ৰা কৰা ৰে’লগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল? 

উত্তৰঃ অৰুণিমা সিন্‌হাই যাত্ৰা কৰা ৰে’লগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল।

18. মাউন্ট এভাৰেষ্ট অৰুণিমাই কিমান সময় ধৰি আছিল?

উত্তৰঃ মাউন্ট এভাৰেষ্ট অৰুণিমাই প্রায় ডেৰ ঘণ্টা সময় ধৰি আছিল।

19. অৰুণিমা সিনহাৰ প্ৰশিক্ষক গৰাকীৰ নাম কি?

উত্তৰঃ অৰুণিমা সিনহাৰ প্ৰশিক্ষক গৰাকীৰ নাম বাচেন্দ্ৰী পাল।

20. অৰুণিমা সিনহাক কোনজন ভাৰতীয় ক্রিকেটাৰে অনুপ্রাণিত কৰিছিল?

উত্তৰঃ ভাৰতীয় ক্রিকেটাৰে যুৱৰাজ সিঙে অনুপ্রাণিত কৰিছিল।

21. ভাৰত চৰকাৰে ২০১৮ চনত ড° জয়শ্রী গোস্বামী মহন্তক কি উপাধিৰে সন্মানিত কৰিছিল?

উত্তৰঃ ভাৰত চৰকাৰে ২০১৮ চনত ড° জয়শ্রী গোস্বামী মহন্তক ‘পদ্মশ্রী’ উপাধিৰে সন্মানিত কৰিছিল

22. অৰুণিমা সিন্‌হাই কাৰ পৰা ‘পদ্মশ্রী’ সন্মান গ্ৰহণ কৰিছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী ডাঙৰীয়াৰ পৰা ‘পদ্মশ্রী’ সন্মান গ্ৰহণ কৰিছিল।

23. পাঠটোত উল্লেখ থকা ‘শব্দভেদী বাণ’ মৰা বীৰজনৰ নাম কি?

উত্তৰঃ পাঠটোত উল্লেখ থকা ‘শব্দভেদী বাণ’ মৰা বীৰজনৰ নাম অৰ্জুন।

24. লেখিকা ড° জয়শ্রী গোস্বামী মহন্তই কোন চনৰ পৰা কোন চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল?

উত্তৰঃ লেখিকা ড° জয়শ্রী গোস্বামী মহন্ত ১৯৯৯ চনৰ পৰা ২০০২ চনলৈকে ৰাজ্যসভাৰ সাংসদ আছিল।

25. ড° জয়শ্রী গোস্বামী মহন্তই কটন কলেজত কোনটো বিষয়ত অধ্যাপনা কৰিছিল?

উত্তৰঃ ড° জয়শ্রী গোস্বামী মহন্তই কটন কলেজত প্ৰাণীবিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল।

26. বৰ্তমান ড° জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে?

উত্তৰঃ বৰ্তমান ড° জয়শ্রী গোস্বামী মহন্তই ‘এদিনৰ সংবাদ’ কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

27. ‘লুণ্ঠন’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘লুণ্ঠন’ শব্দৰ অৰ্থ হ’ল লুট কৰা কাৰ্য বা ডকাইতি।

28. ‘পদাৰ্পণ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘পদাৰ্পণ’ শব্দৰ অৰ্থ হ’ল এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হোৱা কাৰ্য।

29. অৰুণিমা সিন্‌হাই এভাৰেষ্ট শিখৰত উপস্থিত হোৱাৰ সময়ত তাৰিখটো কি আছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই এভাৰেষ্ট শিখৰত উপস্থিত হোৱাৰ সময়ত তাৰিখটো আছিল ২১ মে’, ২০১৩ চন।

30. অৰুণিমাৰ এভাৰেষ্ট অভিযানৰ সময়ত তেওঁৰ লগত যোৱা শ্বেৰপাজনে তেওঁক কিহৰ সতৰ্কবাণী দিছিল?

উত্তৰঃ শ্বেৰপাজনে তেওঁক সতৰ্ক কৰিছিল যে তেওঁৰ অক্সিজেন প্ৰায় শেষ হ’ব ধৰিছে আৰু তেওঁৰ প্ৰাণৰ সংশয় হ’ব পাৰে।

HSLC PYQs (2024-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? {2026}

2. অৰুণিমা সিন্‌হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নোৱাৰিলে? {2025} 

3. অকণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদবে সহায় কৰিছিল? {2025} 

4. অৰুণিমা সিন্‌হা এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {2024}

5. ইমানখিনিলৈ আহি আৰু ঘুৰি যোৱাৰ প্রশ্নই নুঠে। যি হয় দেখা যাব।”- কথাষাৰ কোনে কাক কিয় কৈছিল? {2024}

6. “আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।” 

– কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে ? {2023}

7. ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {2023,20}

8. এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল?{2020}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল? {Bajali}

2.  চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? {Baksa,Jorhat}

3. “ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।” কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল? {Nagaon}

4. অৰুণিমা সিন্‌হাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয়? {Kamrup M}

5. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? {Sonitpur}

6. “ইমান খিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।” -কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কিয় কথাষাৰ কৈছিল? {Udalguri}

7. অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট ছামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? {Biswanath}

8. “এয়া মোৰ মায়ে দিয়া আশীর্বাদ, এয়া কেবল এডাল চেইন নহয়”- কোনে কি পৰিস্থিতিত পৰি কাক এইষাৰ কথা কৈছিল? {Bongaigaon}

9. “ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব।” – কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল? {Darrang}

10. ‘এয়া মোৰ মায়ে দিয়া আর্শীবাদ, এয়া কেৱল এডাল চেইন নহয়।’- কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি, কিয় বক্তাই উক্ত কথাষাৰ কৈছিল? {Hojai}

11. ‘ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্রশ্ন নুঠে। যি হয় দেখা যাব।’ – উক্ত কথাষাৰ কোনে, কাক কৈছিল? {Majuli}

12. অৰুণিমা সিন্হাই লাভ কৰা দুটা সন্মন তথা বঁটাৰ নাম উল্লেখ কৰা। {Morigaon}

13. হস্পিতাল থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্রৰূপ লৈছিল? সেই সুপোন তেওঁ কোনবিধ ক্ৰীড়াৰ মাধ্যমত পুৰণ কৰিছিল? {Tamulpur}

14. চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? {Tinisukia}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” – কথাষাৰৰ যুক্তিযুক্ততা আৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Sonitpur}

2. অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {Golaghat}

3. ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল? {Tinisukia}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন 

কৰিছিল? {Bajali}

2. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? বুজাই লিখা। {Baksa}

3. অৰুণিমা সিন্‌হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {Barpeta}

4. ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল? {Kamrup M}

5. “একোগৰাকী ব্যক্তিহে নিজৰ প্রতিভাবে জাতীয় জীকাত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে” – কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Kamrup R}

6. “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Lakhimpur}

7. ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল? {Udalguri}

8. “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” – কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Nalbari}

9. অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {Biswanath}

10. এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? {Darrang}

11. ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Hojai}

12. অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {Majuli}

13. “ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্রশ্ন নুঠে। যি হয় দেখা যাব।” – কথাযাৰৰ বক্তা কোন? কি পৰিস্থিতিত তেওঁ উক্ত কথাষাৰ কৈছিল খৰচি মাৰি লিখা। {Morigaon}

14. অৰুনিমা সিনহাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল লিখা। {Tamulpur}

15. “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” – কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। {Nagaon}

16. অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। {Salmara}

17. হস্পিতালৰ বিছনাত শুই থাকোঁতে অৰুণিমা সিনহাই কিহৰ সপোন দেখিবলৈ লৈছিল? কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। {Kokrajhar}

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী অসমীয়া অধ্যায় 10 (অৰুণিমা সিনহা) – সঘনাই সোধা প্ৰশ্ন (FAQs)
অৰুণিমা সিনহা পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা অৰুণিমা সিনহাৰ অদম্য সাহস, মনোবল আৰু জীৱন সংগ্ৰামৰ অনুপ্ৰেৰণামূলক কাহিনী বৰ্ণনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, পাঠভিত্তিক ব্যাকৰণ, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top