দশম শ্ৰেণী অসমীয়া অধ্যায় 14 – ধৰ ঝাড়ু ধৰ ভাই সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 14 – ধৰ ঝাড়ু ধৰ ভাই (অম্বিকাগিৰী ৰায়চৌধুৰী) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘ধৰ ঝাড়ু ধৰ ভাই’ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ কবিতা। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 14 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ এই কবিতাটিত শ্ৰমৰ মৰ্যাদা, সমাজৰ পৰা অস্পৃশ্যতা আৰু উচ্চ-নীচৰ ভেদাভেদ দূৰীকৰণ, তথা শাৰীৰিক আৰু মানসিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে এখন সুস্থ-সবল সমাজ গঢ়াৰ আহ্বান জনোৱা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ধৰ ঝাড়ু ধৰ ভাই কবিতাৰ মূল ভাৱ, অম্বিকাগিৰী ৰায়চৌধুৰীৰ জাতীয়তাবাদী চিন্তা আৰু সমাজ সংস্কাৰৰ বাৰ্তাৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- ধৰ ঝাড়ু ধৰ ভাই পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
ধৰ ঝাড়ু ধৰ ভাই ![]()
HSLC PYQs (2023-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. অসমীয়া কোনজন সাহিত্যিকক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছে? {2025}
উত্তৰঃ অম্বিকাঅগিৰী ৰায়চৌধুৰীক।
2. কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল? {2024}
উত্তৰঃ ১৯৫০ চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
3. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষালাভ কৰিছিল? {2023}
উত্তৰঃ গুৱাহাটীৰ সোনাৰাম হাইস্কুলত শিক্ষালাভ কৰিছিল।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. যুগৰ ভুহুৰ কি? {Kamrup R}
উত্তৰঃ যুগৰ ভুহুৰ মানে সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণি বা জাবৰ-জোঁথৰ।
2. আম্বিকাগিৰি ৰায় চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল? {Sonitpur,Biswanath}
উত্তৰঃ তেখেত ‘চেতনা’ আলোচনীৰ সম্পাদক আছিল।
3. সাতাম পুৰুষীয়া ‘সোণৰ চোতাল ঘৰ’ কিহেৰে পোট খাই আছে বুলি কবিয়ে কৈছে? {Sonitpur}
উত্তৰঃ সাতাম পুৰুষীয়া ‘সোণৰ চোতাল ঘৰ’ ‘যুগৰ ভূঁহুৰ’ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।
4. জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে? {Udalguri}
উত্তৰঃ ‘বীৰ-বেশেৰে’।
5. ‘অসম কেশৰী’ বুলি কাক কোৱা হয়? {Nalbari}
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ বুলি কোৱা হয়।
6. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? {Darrang}
উত্তৰঃ তেখেতে গুৱাহাটীৰ ‘সোণাৰাম হাইস্কুলত’ শিক্ষা লাভ কৰিছিল।
7. কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল? {Dhubri}
উত্তৰঃ ১৯৫০ চনত (মাৰ্ঘেৰিটা অধিৱেশনত)।
8. সাতাম-পুৰুষীয়া মানে কি? {Golaghat}
উত্তৰঃ সাতাম-পুৰুষীয়া মানে সুপ্রাচীন বা বহু পুৰুষৰ পৰা চলি অহা।
9. অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? {Hojai}
উত্তৰঃ তেখেতক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।
10. ‘কাজল – ছাই’ শব্দৰ অৰ্থ কি? {Majuli}
উত্তৰঃ ‘কাজল-ছাই’ শব্দৰ অৰ্থ হ’ল- কলংক, পৰাধীনতা বা কালিমা।
11. অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? {Morigaon}
উত্তৰঃ ১৯৫০ চনত।
12. ‘ফুলৰ চাকি’ কবিতা সংকলখনৰ ৰচক কোন? {Salmara}
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী
13. ‘চেতনা’ আলোচনীখনৰ সম্পাদক কোন আছিল? {Salmara}
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
14. হেমকোষ কি? {Salmara}
উত্তৰঃ এখন অসমীয়া অভিধান
15. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখা এখন কবিতাপুথিৰ নাম লিখা। {Baksa,Tamulpur}
উত্তৰঃ তুমি’ (বা ‘বীণা’, ‘অনুভূতি’, ‘বেদনাৰ উল্কা’, ‘দেশেই ভগৱান’)।
16. কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? {Barpeta}
উত্তৰঃ কবিয়ে চাই থাকোঁতে মুখ ‘কাজল-ছাই’ৰে ভৰি পৰিল বুলিছে।
17. বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {Jorhat}
উত্তৰঃ বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে চুকে-কোণে থকা জাহি-জাবৰবোৰ সাৰি-পুছি পেলাবলৈ নিৰ্দেশ দিছে।
18. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কবিয়ে কোন সময়ত লিখিছিল? {Kokrajhar}
উত্তৰঃ কবিয়ে অসহযোগ আন্দোলনৰ সময়ত কাৰাবাসত থকাৰ সময়ত লিখিছিল।
19. ‘বেদনাৰ উল্কা’ কাৰ ৰচনা? {Jorhat}
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনা।
20. ‘কত যুগৰ ভূঁহুৰ পৰি’- কবিতাশাৰীত থকা ‘যুগৰ ভূঁহুৰ’ মানে কি? {Kamrup M}
উত্তৰঃ ‘যুগৰ ভূঁহুৰ’ মানে হ’ল সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণি অৰ্থাৎ বহুদিন ধৰি গোট খাই থকা জাবৰ-জোঁথৰ বা পৰাধীনতাৰ কালিমা।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ ‘অসম কেশৰী’ আখ্যা দিয়া হয়।
2. জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ ‘বীৰ’ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।
3. ‘অসম কেশৰী’ বুলি কাক কোৱা হয়?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক কোৱা হয়।
4. ‘দেশেই ভগৱান’ পুথিৰ ৰচয়িতা গৰাকীৰ নাম লিখা।
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
5. ‘মলি-মামৰ’ বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ ‘মলি-মামৰ’ বুলি কবিয়ে হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বার্থ ভেমৰ কথা বুজাইছে।
6. অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ে লিখা এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ‘বেদনাৰ উল্কা’।
7. অম্বিকাগিৰীয়ে কাৰাবাসত থাকোঁতে ‘ধৰ ঝাড়ু ধৰ ভাই’ৰ বাহিৰেও ৰচনা কৰা আন এটা গীতৰ নাম কি?
উত্তৰঃ ‘ভাঙিব লাগিব শিল’।
8. ‘তুমি’ কাব্যগ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
9. ‘বীণা’ আৰু ‘অনুভূতি’ পুথি দুখন কাৰ ৰচনা?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ।
10. ‘দেশেই ভগৱান’ পুথিখনৰ লেখক কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
11. অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ১৯৬৭ চনত।
12. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰঃ মাৰ্ঘেৰিটাত।
13. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিমান চনত পঢ়া-শুনা এৰি স্বদেশী আন্দোলনত যোগ দিছিল?
উত্তৰঃ স্কুলীয়া শিক্ষা আধৰুৱাতে এৰি তেওঁ আন্দোলনত যোগ দিছিল।
14. কবিয়ে কাৰ চৰণত পূজা দিয়াৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ ‘পৰ চৰণত’ (আনৰ বা বিদেশীৰ ভৰিত)।
15. ‘গোলামি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ পৰাধীনতা বা আনৰ তলত থকা অৱস্থা।
16. ‘সোণৰ চোতাল’ বুলিলে কি বুজোৱা হৈছে?
উত্তৰঃ সোণৰ দৰেই মূল্যবান আৰু ঐতিহ্যৰে ভৰপূৰ আমাৰ দেশখনক বুজোৱা হৈছে।
17. জাতিৰ জীৱন কিহেৰে ভৰি যোৱা বুলি কবিয়ে আক্ষেপ কৰিছে?
উত্তৰঃ মলি-মামৰেৰে (হিংসা-দ্বেষ, ভেদাভেদৰ জাবৰেৰে)।
18. কবিয়ে জাহি-জাবৰ ক’ৰ পৰা সাৰিবলৈ কৈছে?
উত্তৰঃ চুকে-কোণে থকা সকলো জাবৰ সাৰিবলৈ কৈছে।
19. জাহি-জাবৰ চাফা নকৰিলে ক’ত বহাৰ ঠাই নহ’ব?
উত্তৰঃ বিশ্ব-সভাত।
20. ‘সাতাম পুৰুষীয়া’ মানে কি?
উত্তৰঃ সুপ্রাচীন বা বহু পুৰুষৰ পৰা চলি অহা।
21. কবিয়ে কাক ‘জাতিৰ ঝাড়ুদাৰ’ হ’বলৈ আহ্বান জনাইছে?
উত্তৰঃ ভাইক বা দেশবাসীক।
22. কবিয়ে চাই থাকোঁতে মুখত কি ভৰিল বুলি কৈছে?
উত্তৰঃ কাজল-ছাই।
23. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিমান বাৰ কাৰাবাস খাটিবলগীয়া হৈছিল?
উত্তৰঃ কেইবাবাৰো।
24. কবিতাটিত ‘স্বাৰ্থ’ৰ লগত কি শব্দ ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ ভেম (স্বাৰ্থ ভেম)।
25. কবিতাটিত ‘ধাৰে’ শব্দৰ লগত কি শব্দ ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ ঋণে (ধাৰে-ঋণে)।
26. কবিতাটিত ‘হীনে’ শব্দৰ লগত কি শব্দ ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ ঘিণে (হীনে-ঘিণে)।
27. ‘ঢুকে-কোণে’ শব্দৰ অৰ্থ কি?
উত্তৰঃ অতি ভিতৰুৱা ঠাইত বা সকলো ঠাইতে।
28. ‘হিংসা-দ্বেষ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ পৰস্পৰৰ প্ৰতি হিংসা ভাব বা খিয়লা-খিয়লি।
29. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোনটো শতিকাৰ অসমৰ এগৰাকী কবি আছিল?
উত্তৰঃ কুৰি শতিকাৰ।
30. অম্বিকাগিৰী ৰায়চৌধুৰীক ‘সংবাদসেবী’ বুলি কিয় কোৱা হয়?
উত্তৰঃ কাৰণ তেওঁ ‘চেতনা’ আলোচনীৰ সম্পাদক আছিল আৰু সংবাদ সেৱাৰ লগত জড়িত আছিল।
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1.”পূজা দিলি পৰ চৰণত, জীৱন ঢালি ধাৰে-ঋণে।” – কোনে, কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, চমুকৈ/বুজাই লিখা। {2026,23}
2. “ধৰ ঝাড়ু ধৰ ভাই” কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহবান জনাইছে চমুকৈ লিখা। {2026}
3. ধৰ ঝাৰু ধৰ ভাই
আৰু চাবৰ সময় নাই
– তাৎপর্য বুজাই লিখা {2025}
4. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। {2025}
5. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ মূলভাৱ লিখা। {2024}
6. “হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।”
কবিতাফাঁকিত উল্লেখ কৰা ‘জাতিৰ ঝাড়ুদাৰ’ মানে কি, চমুকৈ লিখা। {2024}
7. বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {2023}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে? {Bajali}
2. অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা পুথিৰ নাম লিখা। {Bajali}
3. কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? {Barpeta}
4. ‘নহলে যে বিশ্ব সভাত নহ’ব তোৰ বহাৰ ঠাই।’
– বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {Barpeta}
5. ‘পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে’ -কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে, বুজাই লিখা। {Kamrup M}
6. ‘কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে’
– কবিতাফাঁকিৰ অন্তনিহিত ভাৱ বুজাই লিখা।
7. অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ কি কি গীত ৰচনা কৰিছিল? {Kamrup R}
8. ‘নহ’লে যে বিশ্ব সভাত নহ’ব তোৰ বহাৰ ঠাই।’
– বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {Kamrup R,Lakhimpur,Udalguri} {Nalbari,Dhubri,Hojai}
9. ‘হ’ল এবে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।’
– কবিতাফাকিত উল্লেখ কৰা জাতিৰ ঝাড়ুদাৰ মানে কি চমুকৈ লিখা। {Biswanath}
10. “ধৰ ঝাড়ু ধৰ ভাই।
আৰু চাবৰ সময় নাই।।”
-তাৎপর্য বুজাই লিখা। {Bongaigaon}
11. “চাই থাকোতে মুখত কেৱল
ভৰিল কাজল-ছাই।”
– ‘কাজল-ছাই’ মানে কি? কবিয়ে কি প্রসংগত কবিতাটোত ইয়াক ব্যৱহাৰ কৰিছে? {Darrang}
12. “হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।”
– ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হ’লহি বুলি সকিয়াই দিছে? {Morigaon}
13. চমুটোকা লিখা: অম্বিকাগিৰী ৰায়চৌধুৰী। {Tamulpur}
14. “গাততে পোততে
পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই।”
– ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে? {Nagaon}
15. “কত যুগৰ ভূঁহুৰ পৰি আছে যে পোত খাই।” – ‘যুগৰ ভূঁহু’ৰ মানে কি? কবিয়ে কবিতাটোত ইয়াৰ মাজেৰে কি বুজাব বিচাৰিছে? {Nagaon}
16. ‘নহ’লে যে বিশ্বসভাত
নহ’ব তোৰ বহাৰ ঠাই।’
– বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {Salmara}
17. “ধৰ ঝাড়ু ধৰ ভাই।
আৰ চাবৰ সময় নাই”
-কবিয়ে কিহৰ কাৰণে আৰু চাবৰ সময় নাই বুলি কৈছে? {Kokrajhar}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মূলভাৱ লিখা। {Bajali}
2. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। {Barpeta,Golaghat}
3. নহ’লে যে বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে? {Sonitpur}
4. “পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে” -কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে বুজাই লিখা। {Udalguri}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত কবিৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্রকাশিত হৈছে আলোচনা কৰা। {Baksa}
2. ব্যাখ্যা কৰা “পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে”- কোনে, কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে? {Baksa}
3. “পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে-ঋণে।” – কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {Lakhimpur}
4. “পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে” – কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছে বুজাই লিখা। {Nalbari,Hojai}
5. “কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে-
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে-“
– কবিতাফাকিৰ ভাব মুকলিকৈ লিখা। {Bongaigaon}
6. অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? {Kokrajhar}
7. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিত কবিৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে পাঠৰ আধাৰত লিখা। {Majuli}
8. ‘ধৰ ঝাড়ুধৰ ভাই’ – কবিতাটিৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা। {Morigaon,Tamulpur}
9. “নহ’লে যে বিশ্ব সভাত
নহ’ব তোৰ বহাৰ ঠাই।”
বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ কৈছে বুজাই লিখা। {Nagaon}
10. “কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে ঘিণে
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে ঋণে-”
– কথাষাৰৰ তাৎপর্য বুজাই লিখা। {Salmara}
11. ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ মূলভাৱ লিখা। {Kokrajhar,Kamrup M}



