Class 8 Assamese Chapter 13 Solution (অংকুৰণ) – হোমি জাহাংগীৰ ভাবা | SCERT Assam

Class 8 Assamese Chapter 13 – হোমি জাহাংগীৰ ভাবা (Homi Jahangir Bhabha) – All Textual Solutions | ASSEB Assam (English Medium)

Class 8 Assamese Chapter 13 – হোমি জাহাংগীৰ ভাবা (Homi Jahangir Bhabha) Complete Textual Question Answers and Solutions (ASSEB / SEBA Assam – English Medium)

The thirteenth chapter of the Class 8 Assamese curriculum, ‘হোমি জাহাংগীৰ ভাবা’ (Homi Jahangir Bhabha), is a highly inspiring biographical lesson detailing the life, education, and monumental scientific contributions of Dr. Homi Jahangir Bhabha, famously known as the father of the Indian nuclear program. These complete textual question answers (Class 8 Assamese Chapter 13 Textual Question Answer) have been meticulously prepared based on the new ASSEB (Assam State School Education Board) syllabus and the latest guidelines of the National Education Policy (NEP). This comprehensive collection includes very short answer questions (VSA), short questions, long answers, and detailed grammar solutions. At Ospin Academy, these solutions are provided in an easy, accurate, and completely exam-oriented manner.

In the lesson ‘হোমি জাহাংগীৰ ভাবা’ (Homi Jahangir Bhabha), students learn about Dr. Bhabha’s early passion for science, his foundational research in cosmic rays and nuclear physics, the establishment of the Tata Institute of Fundamental Research (TIFR), and the Bhabha Atomic Research Centre (BARC). For students, understanding the historical importance, scientific dedication, and specific vocabulary of this chapter is highly essential. Our textual solutions cover not only the textbook exercise questions but also additional important question-answers likely to appear in examinations, helping students prepare thoroughly.

What you will learn and get from these textual solutions:

  • Detailed summary of the inspiring life, vision, and major achievements of Dr. Homi Jahangir Bhabha.
  • Word meanings, flawless answers for 1-mark very short questions (VSA objective type), and 2-3 mark short questions.
  • Comprehensive explanations regarding India’s atomic energy development and standard solutions for 4-5 mark long questions.
  • Textual grammar, sentence construction, opposite words, synonyms, and proper linguistic comprehension.
  • Important questions based on the new syllabus pattern along with solutions for the latest model MCQ questions.

Special advantages of these Ospin Academy Question Answers:

  • Complete textual solutions prepared strictly on the basis of the latest ASSEB new syllabus.
  • 100% accurate and high-quality notes written in clear, simple language, making it easy for English Medium students to understand and memorize (Class 8 Assamese Notes).
  • Specially compiled simple answers for quick revision before school and board examinations.
  • A special collection of additional important biographical and scientific questions from ‘Homi Jahangir Bhabha’ that may appear in exams.

Keeping in mind the academic upliftment of students, Ospin Academy has brought forward these special textual solutions. Start your exam preparation today and move towards scoring maximum marks in the Assamese subject.

Vibrant Note Box
Buy Printable PDF
c;lass 8 assamese
Class 8 Assamese (অংকুৰণ) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Assamese (অংকুৰণ) PDF with textbook solutions, MCQs, and additional practice questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 13: হোমি জাহাংগীৰ ভাবা

Class 8 Assamese

Chapter – 13.  (Ospin Academy)

হোমি জাহাংগীৰ ভাবা

পাঠভিত্তিক ক্ৰিয়াঃ

১। পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া।

(ক) টোপনি পাতল ল’ৰাজনৰ নাম কি?

উত্তৰঃ টোপনি পাতল ল’ৰাজনৰ নাম হোমি জাহাংগীৰ ভাবা।

(খ) ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?

উত্তৰঃ ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল’ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল।

(গ) চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে কেনে ব্যৱস্থা ল’লে?

উত্তৰঃ চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক-দেউতাকে ল’ৰাজনৰ বাবে মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে।

(ঘ) হোমি জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ, গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল।

(ঙ) তেখেত লগুনলৈ কিয় গৈছিল?

উত্তৰঃ তেখেত লগুনলৈ ইঞ্জিয়াৰিং পঢ়িবলৈ গৈছিল।

(চ) ‘দোৰাবজী টাটা ট্ৰাষ্ট’ৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে?

উত্তৰঃ ‘দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে’ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চ প্ৰতিষ্ঠা কৰে।

(ছ) স্বাধীনতাৰ পাছত তেখেত কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল?

উত্তৰঃ স্বাধীনতাৰ পাছত তেখেত পৰমাণু শক্তি আয়োগৰ মুৰব্বী হৈছিল।

(জ) তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ‘ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰা হৈছিল।

২। ‘লাহে লাহে কিতাপবোৰ ল’ৰাজনৰ সংগী হৈ পৰিল।’ ইয়াত ল’ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল? বুজাই লিখা।

উত্তৰঃ ইয়াত ল’ৰাজন বুলি হোমি জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল’ৰাজনক মাক-দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তাশক্তিৰ প্ৰবাহ বৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল’ৰাজনৰ মাক-দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল’লে আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ-পত্ৰবোৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল’ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ’ল আৰু কিতাপৰ মাজতেই সময় কটাব ল’লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল।

৩। হোমি জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ’ল?

উত্তৰঃ হোমি জাহাংগীৰ ভাবাৰ সপোন আছিল ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। তেখেতৰ সপোন বাস্তৱত পৰিণত হোৱাৰ আগতে এক বিমান দুৰ্ঘটনাত পতিত হৈ তেখেতৰ মৃত্যু হৈছিল।

৪। ‘হোমি জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল’ — এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা।

উত্তৰঃ হোমি জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই সুখেৰে দিন কটাব পাৰিলেহেঁতেন; কিন্তু নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়বদ্ধতাৰ বাবে তেখেত ১৯৪০ চনত ভাৰতলৈ ঘূৰি আহে। তেতিয়াৰে পৰা এই মহান বিজ্ঞানীজনাই নিজৰ দেশৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতে ‘ডোৰাবজী টাটা ট্ৰাষ্ট’ৰ সহায়ত ‘টাটা ইন্সষ্টিটিউট অৱ ফাণ্ডামেন্টেল ৰিছাৰ্চ’ প্ৰতিষ্ঠা কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত হোমি জাহাংগীৰ ভাবা পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্ত হৈছিল। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত তেখেতে ভাৰতক এখন জাকত-জিলিকা দেশত পৰিণত কৰাৰ ৰঙীন সপোন দেখিছিল। তাৰ বাবে তেখেতে পৰিকল্পনাও কৰিছিল। গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয়।

ব্যৱহাৰিক ব্যাকৰণঃ

৫। ‘হোমি জাহাংগীৰ ভাবা’ পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ হোমি জাহাংগীৰ ভাবা’ পাঠটোৰ বিভক্তিযুক্ত শব্দবোৰ হ’ল- কালত, শিশুসকলৰ, বহুদিনলৈ, দেউতাকক, ল’ৰাজনৰ চিকিৎসকৰ, বিজ্ঞানৰ চিত্ৰাংকণৰ, বিদেশত, দেশৰ, সহায়ত, গেলাৰীত।

৬। নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা।

উত্তৰঃ

শব্দ

বিভক্তি

তেখেতে

প্ৰথমা বিভক্তি, কর্তা কাৰক।

শিগুজনক

দ্বিতীয় বিভক্তি, কৰ্ম কাৰক।

কিতাপ-পত্ৰৰে

তৃতীয় বিভক্তি, কৰণ কাৰক।

ভাৰতলৈ

চতুৰ্থী বিভক্তি, সম্প্ৰদান কাৰক।

চিকিৎসকৰ

ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক।

শৈশৱ কালত

সপ্তমী বিভক্তি, অধিকৰণ কাৰক।

৭। তলৰ বাক্যবোৰৰ আঁচ টনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা।

উত্তৰঃ (১) বেলি ডুবিলত আমি খেল সামৰিলোঁ — সপ্তমী বিভক্তি, অধিকৰণ কাৰক।

(২) ৰহিমে কিতাপ পঢ়ে —- শূণ্য বিভক্তি, কৰ্ম কাৰক।

(৩) দুখীয়াৰ প্ৰতি দয়ালু হ’বা — ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক।

(৪) এইখন মোৰ দেশ — ষষ্ঠী বিভক্তি, সম্বন্ধ কাৰক।

(৫) আমাৰ পৰীক্ষালৈ আৰু বেছি দিন নাই —- চতুৰ্থী বিভক্তি, সম্প্ৰদান কাৰক।

(৬) যঁতৰেৰে সূতা কাটিব পাৰি —- তৃতীয় বিভক্তি, কৰণ কাৰক।

(৭) শিক্ষাগুৰুক ভক্তি কৰিব লাগে —- কৰ্ম কাৰক, দ্বিতীয় বিভক্তি।

(৮) ডাৱৰীয়া বতৰত হিমালয় পৰ্বত নেদেখি —- শূণ্য বিভক্তি, কৰ্ম কাৰক।

(৯) কোনো মানুহক হিংসা নকৰিবা — দ্বিতীয় বিভক্তি, কৰ্ম কাৰক।

৮। খালী ঠাই পূৰ কৰা। (আঁচ টনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখি)।

উদাহৰণ —– পাতল টোপনি — গভীৰ টোপনি।

উত্তৰঃ (ক) সফল মাতৃ – বিফল মাতৃ।

(খ) তীক্ষ্ণ বুদ্ধি – ভোটা বুদ্ধি।

(গ) কোনো বিসংগতি – কোনো সংগতি

(ঘ) পাঠ অন্তৰ্ভুক্ত – পাঠ বৰ্হিভূক্ত

(ঙ) তেখেতৰ মৃত্যু হৈছিল – তেখেতৰ জন্ম হৈছিল।

(চ) বৃদ্ধি পাইছিল – হ্ৰাস পাইছিল।

৯। বাক্য ৰচনা কৰা।

উত্তৰঃ অৱদান — স্কুলখনৰ নাম উজ্জ্বল কৰাত শিক্ষক সকলৰ যথেষ্ট অৱদান আছে।

ধাউতি —- ল’ৰাজনৰ পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবেই শ্ৰেণীত প্ৰথম হৈছে।

জাকত-জিলিকা —- সিহঁতৰ ঘৰৰ ফুলনিখন চুবুৰীটোৰ ভিতৰতেই জাকত-জিলিকা

আশ্বাস —- মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল।

গৱেষণা —- গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে।

সিদ্ধান্ত —- মই কালিলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ।

১০। যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা।

উত্তৰঃ কণ্টক। উপলব্ধি। নিস্ব

বিত্ৰুত। বিশেষত্বগ্ৰন্থাগাৰ।

প্ৰতিজ্ঞা। মত। ইন্ধন।

১১। তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা।

উত্তৰঃ সংগী — লগৰী।

তীক্ষ্ণ — প্ৰখৰ।

প্ৰধান — মুখ্য।

গ্ৰন্থ — কিতাপ।

কিৰণ – ৰশ্মি।

চিকিৎসক — ডাক্তৰ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 Assamese Chapter 13 (হোমি জাহাংগীৰ ভাবা) – Frequently Asked Questions (FAQs)
Who is the subject of this biographical chapter?
This chapter is a detailed biography of Dr. Homi Jahangir Bhabha, an eminent Indian nuclear physicist who played a pioneering role in establishing and advancing India’s atomic energy and space research programs.
What institutions were founded by Dr. Homi Bhabha?
He was instrumental in the founding of the Tata Institute of Fundamental Research (TIFR) and the Atomic Energy Establishment, Trombay (AEET), which was later renamed the Bhabha Atomic Research Centre (BARC) in his honor.
Are these solutions prepared according to the new ASSEB syllabus?
Yes, all these study materials are prepared strictly according to the latest new syllabus and guidelines of ASSEB (formerly SEBA) for school examinations.
What type of questions appear in exams from this chapter?
According to the new syllabus pattern, 1-mark very short answer questions (VSA), multiple-choice questions (MCQ), vocabulary exercises, and descriptive long questions discussing his early life and scientific milestones can appear from this lesson.

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top