Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 20 Solution – আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা | SCERT Assam

SCERT Assam Class 8 Social Science Chapter 20 – “আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা” Summary & Solutions

Class 8 Social Science Chapter 20 Solutions | Ospin Academy

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 20 – “আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা” solutions are now available at Ospin Academy. We provide SCERT-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.

📖 Chapter Overview:

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা (Role of Financial Institutions in Socio-Economic Development) explains how financial institutions like banks and cooperatives support economic growth.

  • Types of Financial Institutions: Banks, cooperatives, microfinance institutions.
  • Functions: Providing loans, supporting businesses, promoting savings.
  • Impact: Role in rural development, poverty reduction, and employment generation.

📌 Key Topics Covered:

  • What are financial institutions and their types?
  • How financial institutions help in economic development?
  • The role of banks and microfinance in rural development.
  • Impact of financial support on small businesses and employment.

📝 How Ospin Academy Helps:

  • Complete Solutions: SCERT Assam Class 8 Social Science Chapter 20 answers.
  • MCQs & Extra Questions: Useful for exams and self-assessment.
  • Easy Explanations: Concept clarity with simple language.
  • Quick Revision Notes: Key points for last-minute preparation.

SCERT Assam Class 8 Social Science (সমাজ বিজ্ঞান) Chapter 20 – “আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা” solutions are available at Ospin Academy. Access full notes now!

Vibrant Note Box
Buy Printable PDF
Class 8 Social Science (সমাজ বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Get the Class 8 Social Science (সমাজ বিজ্ঞান) PDF with chapter-wise MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
Chapter 20: আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমিকা

Class 8 Social Science

Chapter – 3   (Ospin Academy)

আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান ভূমিকা

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা—

(ক) দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে?

উত্তৰঃ দেশৰ আর্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি, কাৰ্যসূচী আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকাৰী কৰে। ইয়াৰ উপৰিও চৰকাৰৰ দ্বাৰা অনুমোদিত বা স্বীকৃত অন্যান্য সংস্থা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সমূহে দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বিভিন্ন কাম কাজ কৰে।

(খ) অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশক কেইটামানৰ নাম উল্লেখ কৰা।

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মূল নিৰ্দেশকসমূহ হ’ল – ৰাস্তা, ঘাট, দলং, গৃহ, যাতায়ত, যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিজুলী আৰু টেলিফোনৰ যোগান ইত্যাদি।

(গ) বিত্তীয় অনুষ্ঠান-প্ৰতিষ্ঠান কাক বোলে?

উত্তৰঃ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে– হ্ৰস্বকালী, মধ্যকালীন আৰু দীৰ্ঘকালীন আদি ঋণৰ যোগান ধৰি মানুহক উৎপাদনক্ষম আৰু আত্মনিৰ্ভশীল কৰাত অৰিহণা যোগায়, সেইবোৰকে বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠান বোলে।

(ঘ) বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া।

উত্তৰঃ বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ হ’ল –

১। গ্ৰাহকৰ ধন বেংকত জমা ৰখা হয়।

 

২। গ্ৰাহকক ঋণ প্ৰদান কৰে।

(ঙ) আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায়?

উত্তৰঃ আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া।

(চ) নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক’ত বিক্ৰী কৰা হয়?

উত্তৰঃ নেড্ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত স্থিত নেডফিহাটত বিক্ৰী কৰা হয়।

২। বহলাই আলোচনা কৰা—

(ক) আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদান।

উত্তৰঃ আৰ্থ-সামাজিক উন্নয়নত বাণিজ্যিক বেংকসমূহৰ অৱদানসমূহ হ’ল–

(১) বাণিজ্যিক বেংকে সঞ্চয়কাৰীয়ে জমা দিয়া সঞ্চয়ৰ ভিত্তিত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকলৈ যেনে- কৃষক, উদ্যোগপতি, কাৰিকৰ, আদিলৈ ঋণৰ যোগান ধৰি দেশৰ আৰ্থসামাজিক উন্নয়নত সহায় কৰে।

(২) অৰ্থনৈতিক ক্ষেত্ৰসমূহৰ অন্তৰ্গত বিভিন্ন খণ্ডসমূহৰ গুণগত বিকাশৰ বাবে উৎপাদনকাৰীক বৃহৎ পৰিমাণৰ পুজি বা মূলধনৰ প্ৰয়োজন হয়। চৰকাৰী সাহাৰ্য অবিহনে কোনো ব্যক্তিয়ে নিজৰ ফালৰ পৰা বৃহৎ পুজি বিনিয়োগ কৰিব নোৱাৰে। বাণিজ্যক বেংকে এই বিনিয়োগকাৰীসকলক ঋণ প্ৰদান কৰি উৎসাহিত কৰে যাতে তেওঁলোকৰ দ্বাৰা উৎপাদিত সেৱা বা সামগ্ৰী সকলোৱে উপভোগ কৰিব পাৰে।

(৩) দুখীয়া কৃষকসকলে মহাজন বা ব্যক্তিগত ঋণদাতাৰ কাষ নচপাকৈ বাণিজ্যিক বেংকৰ পৰা ঋণ লৈ নিজৰ আৰ্থিক কাম কাজ সুকলমে চলাই নিব পাৰে।

(৪) বাণিজ্যিক বেংকসমূহে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ঋণ আগবঢ়ায় যাতে উচ্চশিক্ষাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়ে। শিক্ষা সমাপ্ত নকৰালৈকে ছাত্ৰ ছাত্ৰীসকলে এই ঋণ বেংকক ওভতাব নালাগে। আনকি শিক্ষা শেষ কৰাৰ ১৮ মাহ পৰ্যন্ত ঋণ পৰিশোধৰ ম্যাদ বঢ়াই দিয়া হয়।

(খ) উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰ-পূব পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা হ’ল–

উত্তৰ পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ অৰ্থে ১৯৯৫ চনত পৰিষদ আৰু উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেডফি গঠন কৰা হয়। নেডফিয়ে অঞ্চলটোৰ থলুৱা সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিৱেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ চিনাক্তকৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু আৰু বজাৰৰ লগত খাপ খুৱাই বহুতো মূল্যৱান উদ্ভিদ ঔদ্যোগিক শস্যহিচাপে খেতি কৰি বিভিন্ন কৃষি ভিত্তিক উদ্যোগ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়ে।

 

উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ জনসাধাৰণক এই অনুষ্ঠানটিয়ে বিভিন্ন দিশত যেনে- কৃষি, ঔষধি বৃক্ষৰোপণ, ৰেচম শিল্প, কুটীৰ শিল্প, হস্ত তাঁত আৰু বস্ত্ৰশিল্প, উদ্যানশস্য, হাঁহ কুকুৰা পালন, গাহৰি পালন, মীন পালন আদি দিশলৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। বিশেষকৈ যিসকল লোকে বেংকৰ পৰা ঋণ পোৱাৰ বাবে বিভিন্ন চৰ্তসমূহ পূৰণ কৰিব নোৱাৰে, সেইসকল লোকক এই অনুষ্ঠানটোৰ দ্বাৰা ৰেহাই হাৰত ঋণ যোগান ধৰা হয়।

নেডফিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চেষ্টা চলাই আহিছে। বিভিন্ন আত্মসহায়ক গোটসমূহ এনে ব্যৱস্থাৰে ফল।

(গ) আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ।

উত্তৰঃ আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ হ’ল–

১। আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়াভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা।

২। উন্নয়নমূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা।

৩। গোটৰ সদস্যসকলে সমূহীয়াভাৱে অর্থনৈতিক কার্যসূচী গ্রহণ কৰা।

৪। গোটৰ সদস্যসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা।

৫। গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজে নিজক সহায় কৰাৰ মানসিকতা গঢ় দিয়া।

৬। ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰি সমূহীয়া ঋণ পোৱাত সহায় কৰা।

৩। চমু টোকা লিখা—

(ক) সমবায় বেংক।

উত্তৰঃ আমাৰ দেশত গ্ৰাম্য অঞ্চলত বসতি কৰা দুখীয়া শ্ৰেণী লোকসকলক মহাজন শ্ৰেণীৰ লোকসকলৰ শোষণৰপৰা উদ্ধাৰ কৰিবলৈ আৰু কম সুদৰ হাৰত সেই শ্ৰেণীৰ লোকৰ বাবে ঋণ সহজলভ্য কৰাৰ উদ্দেশ্যে সমবায় বেংক ব্যৱস্থাৰ সূচনা কৰা হৈছিল।

সমবায় বেংক ব্যৱস্থাটো আমাৰ দেশত তিনি খলপীয়াঃ–

(ক) শীৰ্ষ পৰ্যায়ত প্ৰত্যেক ৰাজ্যতে ৰাজ্যিক সমবায় বেংক।

(খ) জিলা পৰ্যায়ত একোটাকৈ কেন্দ্ৰীয় সমবায় বেংক। আৰু

(গ) তৃণমূল পৰ্যায়ত গ্ৰামাঞ্চলত কৃষিভিত্তিক সমবায় সমিতিসমূহে কাৰ্য সম্পাদন কৰে। সমবায় বেংকে কম সুদত দুখীয়া কৃষক, শিপিনী, ক্ষুদ্ৰ উদ্যোগী আদিলৈ উৎপাদনমুখী কামৰ বাবে হ্ৰস্বম্যাদী ঋণৰ যোগান ধৰে। ভাৰতৰ সৰহসংখ্যক লোক কৃষিজীৱী হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ আৰ্থিক উন্নয়নত সমবায় বেংকৰ অৱদান মন কৰিবলগীয়া।

(খ) নাবাৰ্ড।

উত্তৰঃ দেশৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লক্ষ্য আগত ৰাখি আমাৰ চৰকাৰে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (NABARD) নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে। এই বেংকে সকলো প্ৰকাৰৰ কৃষি ঋণৰ লগতে গ্ৰাম্য উন্নয়নৰ বাবে বিভিন্ন আঁচনি, প্ৰকল্প আদিৰ বাবে ঋণৰ যোগান ধৰে। এই ঋণসমূহ হ্ৰস্বকালীন (১৮ মাহৰ বাবে) আৰু দীৰ্ঘকালীন (২৫ বছৰ বাবে) হিচাপে আগবঢ়োৱা হয়। সমবায় বেংক, ভূমি উন্নয়ন বেংক, আঞ্চলিক গ্ৰামীণ বিকাশ বেংক, বাণিজ্যিক বেংকসমূহক নাবাৰ্ডে ঋণ প্ৰদান কৰে। গ্ৰাম্য ঋণৰ সৰবৰাহৰ ক্ষেত্ৰত নাবাৰ্ডে আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে।

(গ) কেন্দ্ৰীয় বেংক।

উত্তৰঃ এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষস্থানীয় বেংকটোৱেই হ’ল কেন্দ্ৰীয় বেংক। এখন দহটকীয়া বা বিছটকীয়া নোট উলিয়াই লৈ ভালদৰে লক্ষ্য কৰাচোন তাত কি বেংকৰ নাম লিখা আছে।

(ঘ) আত্মসহায়ক গোট।

উত্তৰঃ আত্মসহায়ক গোট হৈছে উৎপাদনমূলক কামত নিয়োজিত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হ’ব বিচৰা জনসাধাৰণৰ এটা থূপ বা গোট যি সকল অৰ্থনৈতিকভাৱে সচ্ছল নহয়। সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি। এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্যসকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস। আর্থিকভাৱে পিছপৰা আৰু কৰ্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এইধৰণৰ গোট গঠন কৰি বেংক, নেড্ফি আদি বিত্তীয় অনুষ্ঠানৰপৰা ঋণ লাভ কৰে। আত্মসহায়ক গোটে কৰ্মসংস্থানহীন যুৱক-যুৱতীসকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে। তদুপৰি এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ-কুকুৰা পালন, কাপোৰ বোৱা, চিলাই কৰা ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্ব-নিয়োজনৰ পথ মুকলি কৰি ল’ব পাৰে। এই গোটৰ প্ৰতিজন সদস্যই নিয়মিতভাৱে সঞ্চয় কৰি এক সমূহীয় পুঁজি গঠন কৰে।

৪। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে।

উত্তৰঃ শুদ্ধ।

(খ) ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগখণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়।

উত্তৰঃ শুদ্ধ।

(গ) আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে।

উত্তৰঃ অশুদ্ধ।

(ঘ) নেড্ফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত।

উত্তৰঃ অশুদ্ধ।

(ঙ) আর্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব পাৰে।

উত্তৰঃ অশুদ্ধ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SCERT Assam Class 8 Social Science Chapter 20 FAQs | আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান | Ospin Academy
SCERT Assam Class 8 Social Science Chapter 20 – আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান FAQs
1. What are financial institutions?
Financial institutions like banks, cooperatives, and microfinance organizations provide financial services to individuals and businesses.
2. Where can I find SCERT Assam Class 8 Social Science Chapter 20 solutions?
Ospin Academy provides detailed solutions, including MCQs, textbook answers, and summaries.
3. How do banks help in economic development?
Banks provide loans, support small businesses, and promote savings, helping in economic growth.
4. What is the role of microfinance institutions?
Microfinance institutions help low-income groups by providing small loans to start businesses.
5. How does “আৰ্থ-সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান” help in exam preparation?
This chapter explains the role of financial institutions in economic development, making it essential for exams.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top