Class 8 Science Chapter 1 Solutions উৎপাদন আৰু ব্যৱস্থাপনা | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ১ – শস্য উৎপাদন আৰু ব্যৱস্থাপনা | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ১ – শস্য উৎপাদন আৰু ব্যৱস্থাপনা (SCERT Assam – Assamese Medium)

কৃষি ক্ষেত্ৰত শস্য উৎপাদনৰ প্ৰণালী আৰু ব্যৱস্থাপনা সম্পৰ্কে এই অধ্যায়ত আলোচনা কৰা হৈছে। মাটিৰ প্ৰস্তুতিৰ পৰা শস্য সংৰক্ষণলৈকে সকলো স্তৰৰ বিষয়ে জানক।

✅ কি শিকিব:

  • কৃষি পদ্ধতি (মাটিৰ প্ৰস্তুতি, বীজ sowing)
  • সাৰ আৰু কীটনাশকৰ প্ৰয়োগ
  • সিঞ্চনৰ আধুনিক পদ্ধতি
  • ধান আৰু গমৰ খেতিৰ পাৰ্থক্য
  • শস্য সংৰক্ষণৰ উপায়

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT Assam-ৰ Assamese Medium পাঠ্যক্ৰমৰ সমাধান
  • সহজ অসমীয়া ভাষাত ব্যাখ্যা
  • পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
  • Ospin Academy YouTube-ত ভিডিঅ’ পাঠ
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১ – শস্য উৎপাদন আৰু ব্যৱস্থাপনা

Class 8 Science

পাঠ – ১                   Ospin Academy

শস্য উৎপাদন আৰু ব্যৱস্থাপনা

১) তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা ।

ওপঙি, পানী, শস্য, পোষক দ্ৰব্য, চোহোৱা

(ক) একে বিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ……………………. বুলি কোৱা হয় ।

উত্তৰ:- শস্য ।

(খ) শস্য সিঁচাৰ আগতে মাটি ডৰা …………………… হয়।

উত্তৰ:- চহোৱা ।

(গ) নষ্ট হোৱা বীজবোৰ পানীত …………………… থাকে।

উত্তৰ:- ওপঙি ।

(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা …………………….. আৰু ………………….. প্ৰয়োজন হয় ।

উত্তৰ:- পোষক দ্ৰব্য আৰু পানী ।

২) ‘ ক ‘ স্তম্ভৰ লগত ‘ খ ‘ স্তম্ভ মিলোৱা ।

ক ‘ স্তম্ভ

খ ‘ স্তম্ভ

(ক) খাৰিফ শস্য

(ক) ঘেঁহু, বুট, মটৰ মাহ ।

(খ) ৰবি শস্য

(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট ।

(গ) ৰাসায়নিক সাৰ

(গ) প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।

(ঘ) জৈৱিক সাৰ

(ঘ) ধান আৰু যৱ ।

উত্তৰ:-

ক ‘ স্তম্ভ

খ ‘ স্তম্ভ

(ক) খাৰিফ শস্য

ধান আৰু যৱ ।

(খ) ৰবি শস্য

ঘেঁহু, বুট, মটৰ মাহ ।

(গ) ৰাসায়নিক সাৰ

ইউৰিয়া আৰু ছুপাৰ ফছফেট ।

(ঘ) জৈৱিক সাৰ

প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ গো – মূত্ৰ আৰু উদ্ভিদৰ অবশিষ্ট দ্ৰব্য ।

৩) প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।

ক) খাৰিফ শস্য ।

উত্তৰ:- মাকৈ আৰু ছয়াবিন ।

খ) ৰবি শস্য ।

উত্তৰ:- সৰিয়হ আৰু তিচি ।

৪) তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা ।

ক) মাটি চহোৱা ।

উত্তৰ:- মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম । কৃষি কাৰ্য্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ’ল মাটি ডৰা চহোৱা । চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে । গছৰ শিপাই চহোৱা মাটিত তললৈ গ’লেও অতি সহজে উশাহ লব পাৰে । চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে ।

মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোকে মাটি চহোৱা বোলে । মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰৱ্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। নাঙলৰ দ্বাৰা এই কাম কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোৰ সহায়ত সজা হয় । ইয়াক এহাল বলধ বা ম’হৰ দ্বাৰা টনোৱা হয় । এহাল বলধৰ সহায়ত এখন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে ।

খ) বীজ সিঁচা ।

উত্তৰ:- মাটি চহ কৰাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ’ল বীজ সিঁচা । প্ৰয়োজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় । বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সঁচৰ হ’ব লাগে । বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপন কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে ।

চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলিৰ ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি । আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিচিব পাৰি । সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত, এই সঁজুলিৰে বীজবোৰ সিঁচে । বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে ।

ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে । বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু সময়ো ৰাহি হয়।

গ) বনবাত নিৰোৱা ।

উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদ সমূহ আঁতৰোৱাকে বনৱাত নিৰোৱা বোলে । শস্যৰ বৃদ্ধিৰ কাৰণে বনবাত নিৰোৱা প্ৰয়োজনীয় কাম । বীজ সিঁচাৰ আগতে অপতৃণ বোৰ উভালি পেলাব পাৰি । সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰোৱাৰ ব্যৱস্থা লব লাগে । খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰোৱা কাম কৰিব পাৰি ।

ঘ) মৰণা মৰা ।

উত্তৰ:- পৈণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ শীহ আৰু গা – গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বোলে । খেতিয়ক সকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয় । আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰিব পাৰি । কমবাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কৰা হয় ।

৫) জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি ? বৰ্ণনা কৰা ।

উত্তৰ:- জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হল–

ক) ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ।

খ) ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ।

গ) ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে ।

ঘ) ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে ।

৬) জলসিঞ্চন কি ? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।

উত্তৰ:- শস্যৰ ফল, ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে ।

পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হল –

ক) পানী ছটিওৱা ব্যৱস্থা :- পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী । পানী অহা মূল নলী এডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণন শীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয় । পাম্পৰ চাপ যুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হলে ঘূৰ্ণন শীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে ।

খ) পানী নিগৰোৱা ব্যৱস্থা :- এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় । সেয়ে এই ব্যৱস্থাক পানী নিগৰোৱা ব্যৱস্থা বোলে । উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি । ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক উত্তম ব্যৱস্থা । পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীৰ্বাদ স্বৰূপ ।

৭) বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয়, তেতিয়া কি হব ? আলোচনা কৰা ।

উত্তৰ:- বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে । ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভৱ ।বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ’ব । কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় । আৰ্দ্ৰতা, উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় । সেয়ে বৰ্ষা ঋতুত ঘেঁহ সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব ।

৮) একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্ৰভাৱ পৰে, বৰ্ণনা কৰা ।

উত্তৰ:- একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব । পোষক দ্ৰব্য বোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন । পোষক দ্ৰব্যৰ পৰিমাণ কমি গলে শস্যৰ বৃদ্ধি আৰু বিকাশ ভাল নহ’ব ।

৯) অপতৃন কি ? সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰ:- খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিক ভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃন বোলে ।

অপতৃনবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় । সময়ে সময়ে খন্তী বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃন নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি । অপতৃননাশক দ্ৰব্য আদি পথাৰত ছটিয়াই অপতৃন নিয়ন্ত্ৰণ কৰা হয় ।

১০) তলত দিয়া বাকচ সমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ।

ক) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

খ) জলসিঞ্চন ।

গ) খেতি চপোৱা ।

ঘ) বীজ সিঁচা/ ৰোৱা ।

ঙ) মাটি চহোৱা ।

চ) পথাৰত হাল বোৱা ।

ছ) সাৰ প্ৰয়োগ ।

উত্তৰ:- ক) পথাৰত হাল বোৱা ।

খ) মাটি চহোৱা ।

গ) বীজ সিঁচা/ ৰোৱা ।

ঘ) সাৰ প্ৰয়োগ ।

ঙ) জলসিঞ্চন ।

চ) খেতি চপোৱা ।

ছ) চেনিৰ কাৰখানালৈ শস্য পঠোৱা ।

১১) তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখল সমূহ সম্পূৰ্ণ কৰা ।

ক) গুটি ।

উত্তৰ:- বীজ ।

খ) মাহ জাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া।

উত্তৰ:- ৰাইয’বিয়াম ।

গ) পথাৰত পানী যোগান ধৰা ব্যৱস্থা ।

উত্তৰ:- জলসিঞ্চন ।

ঘ) শীত কালত খেতি কৰা শস্য ।

উত্তৰ:- ৰবি শস্য ।

ঙ) এবিধ ৰাসায়নিক সাৰ ।

উত্তৰ:- ইউৰিয়া ।

চ) চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম ।

উত্তৰ:- মৰণা ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ১ – সঘনাই সোধা প্ৰশ্ন
কৃষিৰ ৭টা প্ৰধান স্তৰ কি কি?
মাটিৰ প্ৰস্তুতি, বীজ sowing, সাৰ প্ৰয়োগ, সিঞ্চন, বনৰিয়াবোৰ নিয়ন্ত্ৰণ, শস্য কটা, আৰু সংৰক্ষণ।
ৰবি আৰু খাৰিফ শস্যৰ পাৰ্থক্য কি?
খাৰিফ শস্য বৰষুণৰ সময়ত (যেনে ধান), ৰবি শস্য শীতকালত (যেনে গম) খেতি কৰা হয়।
Ospin Academy-ই Class 8 বিজ্ঞানত কেনেদৰে সহায় কৰে?
অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অধ্যায়ভিত্তিক সমাধান, PDF নোটছ, আৰু YouTube-ত ভিডিঅ’ পাঠ উপলব্ধ।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top