Class 8 Science Chapter 6 Solutions – বল আৰু চাপ | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ৬ – বল আৰু চাপ | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ৬ – বল আৰু চাপ (SCERT Assam – Assamese Medium)

এই অধ্যায়ত বল আৰু চাপৰ ধাৰণা, ইয়াৰ প্ৰকাৰ আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা হৈছে। অসমৰ কৃষি ক্ষেত্ৰত চাপৰ প্ৰয়োগৰ উদাহৰণো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

✅ কি শিকিব:

  • বল আৰু চাপৰ সংজ্ঞা আৰু পাৰ্থক্য
  • চাপৰ একক আৰু ইয়াৰ গণনা পদ্ধতি
  • তৰলৰ চাপ (হাইড্ৰ’লিক প্ৰণালী)
  • বায়ুৰ চাপ আৰু ইয়াৰ প্ৰভাৱ
  • অসমত ব্যৱহৃত হাইড্ৰ’লিক যন্ত্ৰ

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • চাপ গণনাৰ সূত্ৰ আৰু উদাহৰণ
  • পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
  • অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ৬ – বল আৰু চাপ |

Class 8 Science

পাঠ – 6                        Ospin Academy

বল আৰু চাপ

১) বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া ।

উত্তৰ:- বস্তুৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হল –

ক) গতি কৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া । ( এইটো ঠেলা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

খ) দুজনী ছোৱালীয়ে দুয়ো খন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণী খেল খেলা । ( এইটো টনা প্ৰক্ৰিয়াৰ উদাহৰণ ) ।

২) বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া ।

উত্তৰ:- বস্তুৰ আকৃতিৰ পৰিবৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হল –

ক) বাঁহৰ কামি এচটাক ধনুলৈ পৰিবৰ্তন কৰা ।

খ) আটাৰ লাডু এটাক চেপেটা কৰি বেলনা মাৰিৰে ৰুটিৰ আকৃতি কৰা ।

৩) তলৰ উক্তি বোৰত খালী স্থান পূৰ কৰা ।

ক) কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছী ডাল ……………………….. লাগে ।

উত্তৰ:- টানিব ।

খ) এটা আধান যুক্ত বস্তুৱে আন এটা আধান হীন বস্তুক নিজৰ ফালে ………………………. কৰে ।

উত্তৰ:- আকৰ্ষণ ।

গ) বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক ………………………. লাগিব ।

উত্তৰ:- ঠেলিব ।

ঘ) এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক ………………………. কৰে ।

উত্তৰ:- বিকৰ্ষণ ।

 

৪) এজন ধনুৰ্ধাৰীয়ে তেওঁৰ ধনু খন লক্ষ্য লৈ টোৱাই টানি ধৰে । তেওঁ নিক্ষেপ কৰা কাঁড় পাত লক্ষ্য লৈ ধাৱ মান হয় । এই কথাখিনিৰ আধাৰত তলত লিখা শব্দ সমূহ ব্যৱহাৰ কৰি তলৰ উক্তি সমূহৰ খালী ঠাই সমূহ পূৰ কৰা:-

পেশীয়, স্পৰ্শ, অস্পৰ্শ, মাধ্যাকৰ্ষণ, ঘৰ্ষণ, আকৃতি, আকৰ্ষণ ।

ক) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ ………………………. পৰিবৰ্তন ঘটায় ।

উত্তৰ:- আকৃতিৰ ।

খ) ধনু খন টানিবলৈ ধনুৰ্ধাৰীয়ে প্ৰয়োগ কৰা বল ………………………. বলৰ উদাহৰণ ।

উত্তৰ:- পেশীয় ।

গ) কাঁড় ডালৰ গতিশীল অৱস্থাৰ পৰিবৰ্তন ঘটোৱা বল বিধ হৈছে ………………………. বলৰ উদাহৰণ ।

উত্তৰ:- অস্পৰ্শ ।

ঘ) কাঁড় ডাল লক্ষৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বল বোৰ হৈছে ……………………. আৰু বায়ুৰ বাবে হোৱা ………………………. ।

উত্তৰ:- মাধ্যাকৰ্ষণ, ঘৰ্ষণ ।

৫) তলৰ অৱস্থা সমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সেইবোৰ চিনাক্ত কৰা । প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা ।

ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা ।

উত্তৰ:- কাৰক :- হাতৰ আঙুলি ।

ক্ৰিয়া শীল বস্তু :- নেমু টেঙা টোৰ ৰস ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু ৰসৰ গতি ।

খ) টুথ পেষ্ট টিউবৰ পৰা পেষ্ট উলিওৱা ।

উত্তৰ:-কাৰক :- আঙুলি ।

ক্ৰিয়া শীল বস্তু :- টিউবটো, পেষ্ট ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন আৰু পেষ্টৰ গতি ।

গ) বেৰৰ হাকোটাৰ পৰা ওলোমাই থোৱা স্প্রিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে ।

উত্তৰ:- কাৰক:- ভাৰ ।

ক্ৰিয়া শীল বস্তু :- স্প্ৰিং ।

পৰিণতি :- আকৃতিৰ পৰিবৰ্তন ।

ঘ) নিৰ্দিষ্ট উচ্চতাত প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জপিওৱা ।

উত্তৰ:- কাৰক :- মাটি ।

ক্ৰিয়া শীল বস্তু :- দণ্ড ডাল আৰু খেলুৱৈ ।

পৰিণতি :- গতিৰ অৱস্থাৰ পৰিবৰ্তন ।

৬) কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে বলে কেনেকৈ লোৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে ?

উত্তৰ:- কমাৰে উত্তপ্ত লোৰ টুকুৰা হাতুৰীৰে পিটি সঁজুলি তৈয়াৰ কৰে । হাতুৰীৰে মৰিয়াওতে হতুৰীয়ে বল প্ৰয়োগ কৰিছে আৰু সেই বলৰ পৰিণতিত লো টুকুৰাৰ আকৃতিৰ পৰিবৰ্তন ঘটিছে ।

৭) ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । বেলুন আৰু বেৰ খনৰ মাজৰ আকৰ্ষণত কি বলে ভূমিকা লৈছে ?

উত্তৰ:- ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ, বেৰত হেঁচি ধৰা হ’ল । দেখা গল যে বেলুনটো বেৰত লাগি ধৰিছে । স্থিতি বৈদ্যুতিক বলে ক্ৰিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে । বেলুনৰ আধান বোৰে বেৰখনৰ কণা বোৰক স্থিতি বৈদ্যুতিক বলেৰে আকৰ্ষণ কৰিছে ।

৮) মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানী পূৰ্ণ বাল্টি এটাত ক্ৰিয়া শীল বল বোৰ চিনাক্ত কৰা । বাল্টি টোৰ ওপৰত ক্ৰিয়া কৰা বল সমূহে কিয় ইয়াৰ গতি – অৱস্থাৰ পৰিবৰ্তন ঘটাব পৰা নাই আলোচনা কৰা ।

উত্তৰ:- পানী পূৰ্ণ বাল্টি টোক মাধ্যাকৰ্ষনিক বলে নিম্ন দিশত টানি আছে । আনহাতে এই বলৰ বিপৰীত দিশত ( উলম্ব দিশত ) বাল্টি টো পেশী বলেৰে ( হাতেৰে ) টানি থকা হৈছে । এই ক্ষেত্ৰত মাধ্যাকৰ্ষনিক বলৰ সমান পেশী বল প্ৰয়োগ কৰা হৈছে । দুয়ো বলৰ দিশ সম্পূৰ্ণ ৰূপে বিপৰীত বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে ।

৯) কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা ।

উত্তৰ:- কক্ষ পথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে । নিক্ষেপ স্থলী এৰাৰ পাছমুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম হল –

১) ৰকেটৰ ওপৰত মাধ্যাকৰ্ষন বল ( নিম্ন মুখে ) ।

২) ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হোৱা ধোঁৱা বা গেছৰ নিম্ন মুখী বলৰ প্ৰতিক্ৰিয়া বল ।

১০) ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বালবটো চেপি ধৰিলে ভিতৰৰ বায়ু খিনি বুদবুদ আকাৰে ওলাই যোৱা দেখা যায় । আনহাতে বালবৰ ওপৰৰ চাপ নাইকিয়া কৰিলে ভিতৰলৈ পানী সোমাই আহে । ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে –

ক) পানীৰ চাপ ।

খ) পৃথিৱীৰ মাধ্যাকৰ্ষন বল ।

গ) ৰবৰৰ বলবটোৰ আকৃতি ।

ঘ) বায়ু মণ্ডলীয় চাপ ।

উত্তৰ:- ক) পানীৰ চাপ ।

ঘ) বায়ু মণ্ডলীয় চাপ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ৬ – সঘনাই সোধা প্ৰশ্ন
বল আৰু চাপৰ মাজত পাৰ্থক্য কি?
বল হৈছে এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা ঠেলা বা টনা, আনহাতে চাপ হৈছে বলৰ প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ।
হাইড্ৰ’লিক প্ৰণালী কিদৰে কাম কৰে?
ই তৰলৰ চাপৰ নীতিৰ ওপৰত কাম কৰে – সৰু এলেকাত প্ৰয়োগ কৰা বল ডাঙৰ এলেকাত ডাঙৰ বললৈ ৰূপান্তৰিত হয় (যেনে হাইড্ৰ’লিক জেক)।
অসমত হাইড্ৰ’লিক যন্ত্ৰৰ ব্যৱহাৰ ক’ত দেখা যায়?
অসমৰ কৃষি ক্ষেত্ৰত ব্যৱহৃত ট্ৰেক্টৰৰ ব্ৰেকিং প্ৰণালী আৰু কিছু যন্ত্ৰপাতিত হাইড্ৰ’লিক প্ৰণালী ব্যৱহাৰ কৰা হয়।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top