Class 8 Science Chapter 12 Solutions – প্ৰাণীৰ প্ৰজনন | SCERT Assam | Assamese Medium

Class 8 বিজ্ঞান অধ্যায় ১২ – প্ৰাণীৰ প্ৰজনন | SCERT Assam (Assamese Medium)

Class 8 বিজ্ঞান অধ্যায় ১২ – প্ৰাণীৰ প্ৰজনন (SCERT Assam – Assamese Medium)

এই অধ্যায়ত প্ৰাণীৰ প্ৰজননৰ ধাৰণা, প্ৰজননৰ বিভিন্ন প্ৰকাৰ (লৈঙ্গিক আৰু অলৈঙ্গিক), প্ৰজনন অংগ আৰু জীৱৰ জীৱনচক্ৰ সম্পৰ্কে আলোচনা কৰা হৈছে। অসমৰ জীৱবৈচিত্ৰ্যৰ প্ৰেক্ষাপটত স্থানীয় প্ৰাণীৰ (যেনে গঁড়) প্ৰজনন প্ৰক্ৰিয়াৰ উদাহৰণ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

✅ কি শিকিব:

  • প্ৰজননৰ সংজ্ঞা আৰু প্ৰকাৰ
  • লৈঙ্গিক প্ৰজননৰ প্ৰক্ৰিয়া (গৰ্ভধাৰণ, ভ্ৰূণৰ বিকাশ)
  • অলৈঙ্গিক প্ৰজননৰ উদাহৰণ (যেনে আমিবাৰ দ্বিবিভাজন)
  • অসমৰ গঁড়ৰ প্ৰজনন আৰু সংৰক্ষণৰ গুৰুত্ব
  • জীৱনচক্ৰৰ ধাপ (যেনে কীটৰ ৰূপান্তৰ)

🎯 Ospin Academy-ৰ সুবিধা:

  • SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
  • প্ৰজনন প্ৰক্ৰিয়াৰ চিত্ৰসহ ব্যাখ্যা
  • পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
  • অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Vibrant Note Box
Buy Printable PDF
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১২ – প্ৰাণীৰ প্ৰজনন |

Class 8 Science

পাঠ – ১২                                    Ospin Academy

প্ৰাণী প্ৰজনন

১) জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা ।

উত্তৰ:- জীৱৰ সৃষ্টি জীৱৰ পৰাই হয় । জীৱৰ ক্ৰমবিকাশ সম্ভৱ হৈছে জীৱৰ বংশানুক্ৰমে হৈ থকা প্ৰজনন আৰু তাৰ পৰিবেশৰ লগত হোৱা পৰিবৰ্তনৰ বাবে । এটা প্ৰজাতিৰ ধাৰাবাহিকতা বা বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ হলে সেই জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হবই লাগিব ।

নতুন জীৱ বা সতি সন্তানৰ উৎপত্তি হবৰ বাবে প্ৰজনন প্ৰক্ৰিয়াৰ আবশ্যক । প্ৰজনন নহলে নতুন জীৱ ( উদ্ভিদ বা প্ৰাণী ) ৰ বিস্তাৰ হব নোৱাৰে । প্ৰজনন নহ’লে পৃথিৱীৰ জীৱৰ অস্তিত্ব কাহানিবাই শেষ হৈ গ’লহেতেন ।

২) মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা ।

উত্তৰ:- মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন হয় । যৌন প্ৰজননত পুৰুষৰ অণ্ডকোষত উৎপন্ন হোৱা শুক্ৰানু সংগমৰ সময়ত মহিলাৰ জৰায়ুত সোমায় । জৰায়ুত ইতিমধ্যে থকা পৈণত ডিম্বানুক হেজাৰ হেজাৰ শুক্ৰানুৰ এটি শুক্ৰানুৱে ডিম্বানুৰ লগত মিলন ঘটায় ।

এই সংযোজনৰ নামেই নিষেচন । নিষেচনৰ ফলত শুক্ৰানু আৰু ডিম্বানুৰ দুয়োটা কোষ কেন্দ্ৰ মিলি এটা নতুন কোষ কেন্দ্ৰৰ সৃষ্টি কৰে । ইয়াক যোজন কোষ বোলে । সময়ত এটা যিজন কোষৰ বিকাশ ঘটি পূৰ্ণাংগ মানৱত পৰিণত হয় ।

৩) উপযুক্ত উত্তৰটো বাছি উলিওৱা ।

ক) অন্তঃ নিষেচন ঘটে

i) স্ত্ৰীৰ দেহত ।

ii) স্ত্ৰীৰ দেহৰ বাহিৰত ।

iii) পুৰুষৰ দেহত ।

iv) পুৰুষৰ দেহৰ বাহিৰত ।

উত্তৰ:- i) স্ত্ৰীৰ দেহত ।

খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হল –

i) নিষেচন ।

ii) ৰূপান্তৰ ।

iii) টানকৈ লাগি ধৰা ।

iv) মুকুলন ।

উত্তৰ:- ii) ৰূপান্তৰ ।

গ) এটা যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা –

i) নাথাকে ।

ii) এটা ।

iii) দুটা ।

iv) চাৰিটা ।

উত্তৰ:- ii) এটা ।

৪) নিম্ন লিখিত উত্তৰ বোৰত শুদ্ধ হলে (শু) আৰু অশুদ্ধ হলে (অ) লিখিবা ।

ক) ডিম্বজ প্ৰাণীয়ে পোৱালি জগায় ।

উত্তৰ:- অশুদ্ধ ।

খ) প্ৰতিটো শুক্ৰানু এক কোষীয় ।

উত্তৰ:- শুদ্ধ ।

গ) ভেকুলীৰ বহিঃ নিষেচন হয় ।

উত্তৰ:- শুদ্ধ ।

ঘ) এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয় ।

উত্তৰ:- অশুদ্ধ ।

ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয় ।

উত্তৰ:- শুদ্ধ ।

চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে ।

উত্তৰ:- অশুদ্ধ ।

ছ) অযৌন প্ৰজননতো নিষেচনৰ আবশ্যক ।

উত্তৰ:- অশুদ্ধ ।

জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি ।

উত্তৰ:- শুদ্ধ ।

ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয় ।

উত্তৰ:- শুদ্ধ ।

ঞ) এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত ।

উত্তৰ:- অশুদ্ধ ।

৫) এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰ:- এটা যোজন কোষ আৰু এটা গৰ্ভ ভ্ৰূণৰ মাজৰ পাৰ্থক্য হল –

ক) এটা যোজন কোষ এক কোষীয় আনহাতে এটা গৰ্ভ ভ্ৰূণ বহু কোষীয় ।

খ) পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনত এটা যোজন কোষ সৃষ্টি হয় আনহাতে যোজন কোষ বিকাশ হৈ এটা গৰ্ভ ভ্ৰূণৰ সৃষ্টি হয় ।

গ) এটা যোজন কোষৰ অংগ– প্ৰত্যংগ চিনি পোৱা নাযায় আনহাতে এটা গৰ্ভ ভ্ৰূণৰ অংগ– প্ৰত্যংগ চিনি পোৱা যায় ।

৬) অযৌন প্ৰজননৰ সংজ্ঞা দিয়া । প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা ।

 

উত্তৰ:- যি প্ৰজনন যৌনাংগৰ মিলনৰ ফলত নঘটি একক মাতৃ বা একক পিতৃ ৰ পৰা হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে । প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি হল –

ক) মুকুলন :- হাইড্ৰা, ইষ্ট আদিৰ দৰে নিম্ন খাপৰ প্ৰাণী বোৰৰ দেহত কিছুমান উখহা অংশৰ সৃষ্টি হয় । এইবোৰ একোটা মুকুল । এই মুকুল বোৰ সময়ত পৈণত হৈ মূল হাইড্ৰা বা ইষ্টটোৰ পৰা খহি পৰে । এই অংশ টোৱে বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে ।

খ) দ্বৈত বিখণ্ডন :- এমিবা আদিৰ দৰে এককোষী ইহঁত প্ৰাণীৰ দেহত থকা কোষ কেন্দ্ৰটো দুটা কোষত বিভক্ত হৈ পৰে । তাৰ পাছত দেহটোও দুটা ভাগত বিভক্ত হৈ যায় । প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰি দুটা অপত্য এমিবাৰ সৃষ্টি হয় । এনে প্রজননক দ্বৈত বিখণ্ডন বোলা হয় ।

৭) স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে?

উত্তৰ:- স্ত্ৰী প্ৰজনন অংগৰ জৰায়ুত ভ্ৰূণটো লাগি ধৰে ।

৮) ৰূপান্তৰ কি ? উদাহৰণ দিয়া ।

উত্তৰ:- পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক প্ৰাণীলৈ সলনি হোৱাকে ৰূপান্তৰ বোলে ।

উদাহৰণ স্বৰূপে –

ক) পখিলাৰ ক্ষেত্ৰত :- কণী -> পলু -> লেটা -> পখিলা ।

খ)ভেকুলীৰ ক্ষেত্ৰত :- কণী -> লালুকী -> ভেকুলী ।

৯) অন্তঃ নিষেচন আৰু বহিঃ নিষেচনৰ মাজত পাৰ্থক্য উলিওৱা ।

উত্তৰ:- অন্তঃ নিষেচন আৰু বহিঃ নিষেচনৰ মাজত পাৰ্থক্য হল –

ক) অন্তঃ নিষেচন স্ত্ৰীজননাংগৰ ভিতৰত ঘটে আনহাতে বহিঃ নিষেচন স্ত্ৰী দেহৰ বাহিৰত ঘটে ।

খ) অন্তঃ নিষেচনত মাইকী প্ৰানীটোৱে নিষিক্ত কণী পাৰে বা পোৱালি জগায় আনহাতে বহিঃ নিষেচনত মাইকী প্ৰানীটোৱে কেৱল নিষিক্ত কণী পাৰে ।

গ) উচ্চ খাপৰ প্ৰাণী যেনে – মানুহ, গৰু আদিৰ ক্ষেত্ৰত অন্তঃ নিষেচন হয় আনহাতে মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত বহিঃ নিষেচন হয় ।

ঘ) অন্তঃ নিষেচনে স্ত্ৰীজননাংগৰ ভিতৰত শুক্ৰানু ত্যাগ কৰে আনহাতে বহিঃ নিষেচনে স্ত্ৰী দেহৰ বাহিৰত মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত শুক্ৰানু ত্যাগ কৰে ।

১০| তলত দিয়া ইংগিত বোৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো সম্পূৰ্ণ কৰা ।

১) পখিলা, ভেকুলী আদিৰ নিচিনা জীৱৰ জীৱন চক্ৰত ক্ৰমে পলু অথবা লালুকীৰ পৰা বহুতো পৰিবৰ্তনৰ মাজেৰে পূৰ্ণাংগ অৱস্থালৈ সলনি হোৱা প্ৰক্ৰিয়া ।

উত্তৰ:- ৰূপান্তৰ ।

২) ইষ্ট, হাইড্ৰা আদিত মুকুলৰ দ্বাৰা হোৱা প্ৰজনন ।

উত্তৰ:- মুকুলন ।

৩) এবিধ জৰায়ুজ প্ৰাণী ।

উত্তৰ:- কুকুৰ ।

৪) যৌন প্ৰজননত জনন কোষ মিলিত হৈ গঠন কৰা কোষ ।

উত্তৰ:- যোজন কোষ ।

৫) পোৱালি জগোৱা প্ৰাণী ।

উত্তৰ:- কুকুৰ ।

৬) যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ জীৱ সৃষ্টি কৰে বা জন্ম দিয়ে ।

উত্তৰ:- নিষেচন ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Class 8 বিজ্ঞান অধ্যায় ১২ – সঘনাই সোধা প্ৰশ্ন
লৈঙ্গিক আৰু অলৈঙ্গিক প্ৰজননৰ মাজত পাৰ্থক্য কি?
লৈঙ্গিক প্ৰজননত দুটা পিতৃ-মাতৃৰ গ্যামেটৰ মিলন ঘটে, আনহাতে অলৈঙ্গিক প্ৰজননত এটা জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হয়।
অসমৰ গঁড়ৰ প্ৰজনন প্ৰক্ৰিয়া কিয় গুৰুত্বপূৰ্ণ?
গঁড়ৰ প্ৰজনন সফলতা অসমৰ জীৱবৈচিত্ৰ্য আৰু কাজিৰঙাৰ সংৰক্ষণৰ বাবে অতি গুৰুত্বপূৰ্ণ।
কীটৰ জীৱনচক্ৰৰ ধাপসমূহ কি কি?
কীটৰ জীৱনচক্ৰত সাধাৰণতে চাৰিটা ধাপ থাকে: কণী, লাৰ্ভা, পিউপা আৰু প্ৰাপ্তবয়স্ক।
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top