Class 8 Science Chapter 11 Solutions – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | SCERT Assam | Assamese Medium

Class 8 Science Chapter 11 – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ (Conservation of Plants and Animals) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১১ – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ একাদশ অধ্যায় ‘উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ’ (Conservation of Plants and Animals) আমাৰ জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত এক অত্যন্ত গুৰুত্বপূৰ্ণ পাঠ। এই অধ্যায়ত বনাঞ্চল ধ্বংসৰ পৰিণাম, বিলুপ্তপ্ৰায় প্ৰজাতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিভিন্ন চৰকাৰী ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডল সংৰক্ষিত এলাকাৰ মাজত থকা পাৰ্থক্যবোৰ শিকিব পাৰিম। তদুপৰি, ৰেড ডাটা বুক (Red Data Book) আৰু প্ৰব্ৰজনৰ দৰে গুৰুত্বপূৰ্ণ ধাৰণাসমূহ ইয়াত সৰলকৈ বুজাই দিয়া হৈছে। পৰীক্ষাত আহিব পৰা সকলো চুটি আৰু দীঘলীয়া প্ৰশ্নৰ নিখুঁত সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বনানীকৰণ আৰু বনাঞ্চল ধ্বংসৰ (Deforestation) কাৰণ আৰু ইয়াৰ ভয়াৱহ প্ৰভাৱ।
  • ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত এলাকাৰ সংজ্ঞা আৰু অসমৰ প্ৰেক্ষাপটত উদাহৰণ।
  • বিপন্ন আৰু বিলুপ্তপ্ৰায় প্ৰজাতিৰ মাজত থকা পাৰ্থক্য।
  • ৰেড ডাটা বুকৰ গুৰুত্ব আৰু ইয়াৰ কাৰ্যকাৰিতা।
  • প্ৰব্ৰজন (Migration) কি আৰু চৰাইবোৰে কিয় দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • অসমৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিশেষ তথ্যৰ অন্তৰ্ভুক্তি।

আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১১ – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ |

Class 8 Science

পাঠ – 11 Ospin Academy

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

১) খালী ঠাই পূৰ কৰা

ক) প্ৰাণী সমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে ………………….. বুলি কোৱা হয় ।

উত্তৰ:- জীৱমণ্ডল সংৰক্ষিত অঞ্চল ।

খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ………………….. বুলি জনা যায় ।

উত্তৰ:- থলুৱা প্ৰজাতি ।

গ) …………………… ৰ পৰিবৰ্তনৰ বাবে পৰিভ্ৰমী চৰাই বোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায় ।

উত্তৰ:- জলবায়ু ।

২) এটাৰ পৰা আনটোক পৃথক কৰা ।

ক) বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল ।

উত্তৰ:- বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজত পাৰ্থক্য হল –

অভয়াৰণ্য :- অভয়াৰণ্য হল প্ৰাণী সমূহ আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল । ইয়াত প্ৰাণী বধ কৰা নিষিদ্ধ ।

জীৱমণ্ডল সংৰক্ষিত অঞ্চল :- জীৱমণ্ডল সংৰক্ষিত অঞ্চল হল বন্য প্ৰাণী, উদ্ভিদ আৰু প্ৰাণী জাত সম্পদ সমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতি সকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ – অঞ্চল।

খ) চিৰিয়াখানা আৰু অভয়াৰণ্য ।

উত্তৰ:- চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য হল –

চিৰিয়াখানা :- যি অঞ্চলত প্ৰাণী সমূহক সিহঁতৰ আৱাসস্থলীক কৃত্ৰিমভাৱে প্ৰাকৃতিক ৰূপলৈ পৰিৱৰ্তন কৰি সংৰক্ষণ কৰি ৰখা হয় তাক চিৰিয়াখানা বোলে ।

অভয়াৰণ্য :- অভয়াৰণ্য হল এক বৃহৎ বনাঞ্চল যত বন্য প্ৰাণী সমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয় । অভয়াৰণ্যতো প্ৰাণী বধ বা চিকাৰ কৰা নিষিদ্ধ ।

গ) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি ।

উত্তৰ:- বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ মাজত পাৰ্থক্য হল –

বিপন্ন প্ৰজাতি :- যি বোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্ৰজাতি বোলে।

বিলুপ্ত প্ৰজাতি :- বিলুপ্ত প্ৰজাতি বোৰ পৃথিৱীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে ।

ঘ) উদ্ভিদ কুল আৰু প্ৰাণী কুল ।

উত্তৰ:- উদ্ভিদ কুল আৰু প্ৰাণী কুলৰ মাজত পাৰ্থক্য হল –

উদ্ভিদ কুল :- কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদক উদ্ভিদ কুল বোলে ।

প্ৰাণী কুল :- কোনো বিশেষ অঞ্চলত থকা প্ৰাণী সমূহক প্ৰাণী কুল বোলে ।

৩) বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়া বোৰত কেনেদৰে পৰে আলোচনা কৰা ।

ক) বন্য প্ৰাণী ।

উত্তৰ:- বনাঞ্চল ধ্বংসৰ প্ৰভাৱত বন্য প্ৰাণীৰ পৰিবেশ বিনিষ্ট হয় । বনাঞ্চলত থকা প্ৰাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিবৰ্তন ঘটে । ফলত প্ৰাণীবোৰ বিপন্ন হবলৈ ধৰে আৰু অৱশেষত বিলুপ্তি ঘটে ।

খ) পৰিবেশ ।

উত্তৰ:- বনাঞ্চল ধ্বংস হলে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িব । সেউজ গৃহ প্ৰভাৱে দেখা দিব। পৰিবেশ প্ৰদূষিত হব । বৰষুণ কমি যাব । বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব । ফলত প্ৰাণী কুলৰ উশাহ – নিশাহৰ সমস্যাই দেখা দিব । মাটিৰ উৰ্বৰতাও কমি যাব । গৰাখহনীয়াৰ সৃষ্টি হ’ব।

গ) গাঁও ( গ্ৰাম্য অঞ্চল ) ।

উত্তৰ:- বনাঞ্চল ধ্বংস হলে গাওঁ অঞ্চলত বৰষুণৰ পৰিমাণ কমি যাব। মাটিৰ উৰ্বৰতা কমি যাব । ফলত খেতি – বাতি কৰিবলৈ অসুবিধা হব । গাঁও বাসীয়ে অৰ্থনৈতিক সমস্যাত ভুগিব লাগিব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰা খহনীয়াৰ সৃষ্টি কৰিব ।

ঘ) নগৰ ( নগৰীয়া অঞ্চল ) ।

উত্তৰ:- নগৰ অঞ্চলত গাড়ী মটৰ বেছিকৈ চলে বাবে বনাঞ্চল ধ্বংস হলে তাত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব । ফলত মানুহৰ উশাহ – নিশাহ লোৱাত কষ্ট হব । বনাঞ্চল ধ্বংস হ’লে প্ৰদূষণৰ মাত্ৰা বাঢ়িব । গৰমৰ মাত্ৰাও বাঢ়িব ।

ঙ) পৃথিৱী ।

উত্তৰ:- বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ি যাব । সেউজ গৃহ প্ৰভাৱ ঘটাৰ ফলত পাহাৰ – পৰ্বতৰ ওপৰত থকা বৰফ বোৰৰ গলন আৰম্ভ হৈ যাব । ফলত নামনি অঞ্চলত মহা প্ৰলয়ৰ সৃষ্টি হব পাৰে । মাটিৰ উৰ্বৰতা কমি যাব । ভূ – পৃষ্ঠও শিলাময় হব । সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িব ।

চ) উত্তৰ প্ৰজন্ম ।

উত্তৰ:- যদি বনাঞ্চল ধ্বংস হৈ যায়, তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ ওপৰৰ বৰফবোৰ গলাই পেলাব । মহা প্ৰলয় সদৃশ বানপানী হব । সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি সমুদ্ৰৰ উপকূল অঞ্চলত থকা দেশবোৰ পানীৰ তলত নিচ্ছিন্ন হৈ পৰিব । উত্তৰ প্ৰজন্মই এইবোৰ দেশৰ অস্তিত্বই নাপাব । গছ বিৰিখ ধ্বংসৰ ফলত বনজ সম্পদ যেনে – কাঠ, কয়লা, পশু – পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা পাব । পৃথিৱীত উত্তৰ প্ৰজন্মৰ অস্তিত্বই বিপন্ন হব ।

৪) কি হব পাৰে যদি –

ক) আমি গছ কাটি গৈ থাকো,

উত্তৰ:- আমি গছ কাটি গৈ থাকিলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব । গতিকে প্ৰাণী কুলৰ লগতে মানুহৰ জীৱন বিপন্ন হব । বৰষুণৰ পৰিমাণ কমিব । প্ৰদূষণৰ মাত্ৰা বাঢ়িব । অত্যাধিক গৰম হব । মাটিৰ উৰ্বৰতা কমি যাব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব ।

খ) প্ৰাণীৰ আবাসস্থলী বিঘ্নিত হয় ,

উত্তৰ:-প্ৰাণীৰ আবাসস্থলী বিঘ্নিত হলে প্ৰাণীৰ বাসস্থানৰ অভাৱ ঘটিব । বহু প্ৰাণীৰ জীৱন বিপন্ন হব । প্ৰাণী বিলুপ্তি পাবলৈ আগবাঢ়ি যাব ।

গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে ।

উত্তৰ:- মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়াৰ সৃষ্টি হব । ক্ষয় যোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব । খেতি বাতি ভাল নহব । শস্যৰ অভাৱত খাদ্যৰ নাটনি হৈ দুৰ্ভিক্ষই দেখা দিব ।

৫) চমুকৈ উত্তৰ দিয়া –

ক) জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ:- জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ নকৰিলে জীৱ কুলৰ মাজত থকা সম্পৰ্ক বিঘ্নিত হব । খাদ্য শৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটিব । ফলত তাৰ পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটিব। ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব । সেয়ে জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ কৰিব লাগে ।

খ) সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় কিয় ?

উত্তৰ:- সংৰক্ষিত বনাঞ্চল বন্য প্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয় । কাৰণ তাত থকা চোৰাং চিকাৰীয়ে আৰু তাৰ ওচৰে পাজৰে থকা বাসিন্দা বোৰে বন্য প্ৰাণী হত্যাৰ সুবিধা লব পাৰে ।

গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ ?

উত্তৰ:- কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল । কাৰণ তেওঁলোকে বনাঞ্চলতে থাকে। পূৰ্ব পুৰুষৰ পৰা বনাঞ্চলত থাকি বনাঞ্চলৰ পৰা তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য বোৰ সংগ্ৰহ কৰে । খাদ্য, খেৰ – খৰি, ঘৰ – দুৱাৰৰ বাবে কাঠ আদি বনাঞ্চলৰ পৰা বিনা খৰচে আনি জীৱন নিৰ্বাহ কৰে ।

ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি ?

উত্তৰ:- বনাঞ্চল ধ্বংসৰ কাৰণ হল –

১) মানুহৰ জনসংখ্যাৰ বিস্ফোৰণ ।

২) নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন পূৰণ ।

৩) খেতি পথাৰৰ প্ৰয়োজন – বেছি শস্যৰ উৎপাদন ।

ইয়াৰ পৰিণতিত বানপানী, খৰাং, উষ্ণতা বৃদ্ধি, অক্সিজেনৰ অভাৱ আদিৰ দ্বাৰা প্ৰদূষণ ঘটিব।

ঙ) ৰেড ডেটা বুক কি ?

উত্তৰ:- ৰেড ডেটা বুক হল এখন কিতাপ য’ত সকলো বিপন্ন আৰু বিলুপ্তি ঘটা প্ৰাণী আৰু উদ্ভিদৰ নাম লিপিবদ্ধ কৰা হয় ।

চ) পৰিভ্ৰমণ বুলিলে কি বুজা ?

উত্তৰ:- পৰিভ্ৰমণ মানে এঠাইৰ প্ৰাণী আন এঠাইলৈ বছৰৰ কোনো সময়ত বিশেষ উদ্দেশ্য সাধনৰ বাবে বা জলবায়ুৰ পৰিৱৰ্তনৰ বাবে গমন কৰাকে বুজায়।

৬) কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰত ভাবে গছ কটা হৈছে । ইয়াৰ বাবে গছ কটাটো উচিতনে ? আলোচনা কৰা আৰু এটি চমুটোকা প্ৰস্তুত কৰা ।

উত্তৰ:- কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰত ভাবে গছ কটা হৈছে । ইয়াৰ বাবে গছ কটাটো উচিত নহয় । গছ কটাটো কোনো পধ্যে উচিত হব নোৱাৰে । কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্ৰতা পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্ৰা বাঢ়িব । প্ৰদূষণৰ ফলত বৰষুণৰ মাত্ৰা কমি যাব । গোলকীয় উষ্ণতা বৃদ্ধি পাব । ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকিব । মাটিৰ উৰ্বৰতা কমি যাব । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব ।

৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতি পালন কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা ? তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ:- নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতি পালন কৰাৰ বাবে তলত দিয়া বৰঙনি সমূহ আগবঢ়াব পাৰি –

ক) তাত থকা গছ – গছনি কটাতো নিষিদ্ধ কৰা ।

খ) নতুনকৈ গছ ৰোৱা ।

গ) গছ বোৰক উপযুক্ত পানী আৰু পোষক দ্ৰব্য যোগান ধৰা ।

ঘ) কি ধৰণৰ গছ বেছি ভাল হয় তাক নিৰীক্ষণ কৰি সেইমতে বৃক্ষ ৰোপন কৰা ।

৮) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে, বুজাই লিখা ।

উত্তৰ:- বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে। বনাঞ্চল ধ্বংস হলে সেই অঞ্চলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ তাৰ উষ্ণতা বাঢ়ি যায় । ভূ – জল গছৰ শিপাৰ দ্বাৰা নি তাক বাষ্প মোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত এৰি দিয়ে ।

এই বাষ্প বা জলীয় ভাপে সেই অঞ্চলত মেঘৰ সৃষ্টি কৰে আৰু মেঘৰ পৰা বৰষুণ পৰে । যেতিয়া বনাঞ্চল ধ্বংস হয়, এই বাষ্প মোচন প্ৰক্ৰিয়া বন্ধ হয় আৰু ফলত মেঘৰ সৃষ্টি নহয় । গতিকে বৰষুণৰ মাত্ৰা কমি যায় ।

৯) তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যান বোৰ বিচাৰি উলিওৱা । ভাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অবস্থান দেখুওৱা ।

উত্তৰ:- নিজৰ ৰাজ্যৰ আৰু ভাৰতৰ মেপ দুখন উলিয়াই নিজে কৰিবলৈ চেষ্টা কৰা ।

১০) কাগজ কিয় বচাব লাগে ? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা ।

উত্তৰ:- কাগজ, উদ্ভিদ যেনে বাঁহ, খেৰ আদিৰ পৰাই তৈয়াৰ কৰা হয়। গতিকে কাগজ শিল্পত বাঁহৰ ব্যৱহাৰ চাহিদা অনুপাতে বৃদ্ধি হৈ আহিছে ।

ক) যদি কাগজ বচাই চলো তেন্তে বাঁহৰ কিছু ৰাহি ঘটিব । এইটো কৰিলে বনাঞ্চলৰ ধ্বংস কমিব ।

খ) কাগজ বচালে বিদ্যুৎ শক্তি আৰু তাত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ হ্ৰাস পাব ।

গ) কাগজ উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ মাত্ৰা কমিব ।

কাগজ বচোৱাৰ উপায় হল –

ক) কাগজ ব্যৱহাৰৰ মিতব্যয়িতা ।

খ) ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ ব্যৱহাৰ ।

গ) কাগজ পুৰা কাৰ্য বন্ধ কৰা আদি ।

১১) শব্দৰ খেলটো সম্পূৰ্ণ কৰা ।

১) মাটি উৰ্বৰ কৰা এবিধ জৈৱ উপাদান ।

উত্তৰ:- হিউমাছ ।

২) পাঁচ মাৰীৰ জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ এবিধ থলুৱা প্ৰজাতি ।

উত্তৰ:- উৰণীয়া কেকেটুৱাঙা ।

৩) মানুহে দৰ্শন কৰিব পৰাকৈ বিভিন্ন প্ৰাণীক কৃত্ৰিম ভাবে তৈয়াৰী আৱাসস্থানত ৰখাৰ ব্যৱস্থা ।

উত্তৰ:- চিৰিয়াখানা ।

৪) জীৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ এটা কাৰণ ।

উত্তৰ:- চিকাৰী ।

৫) অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।

উত্তৰ:- কাজিৰঙা ।

৬) গছৰ পৰা উৎপন্ন কৰা এবিধ লিখন সামগ্ৰী ।

উত্তৰ:- কাগজ ।

৭) এক প্ৰকাৰ বনাঞ্চল সম্পদ ।

উত্তৰ:- সেউজ ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১১ – সঘনাই সোধা প্ৰশ্ন (FAQs)
ৰেড ডাটা বুক (Red Data Book) কি?
ৰেড ডাটা বুক হ’ল এনে এখন কিতাপ য’ত সকলো বিপন্ন বা বিলুপ্তপ্ৰায় উদ্ভিদ আৰু প্ৰাণীৰ তালিকা লিপিৱদ্ধ কৰি ৰখা হয়।
প্ৰব্ৰজন কি?
কিছুমান চৰাই বা প্ৰাণীয়ে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বা খাদ্যৰ সন্ধানত এক নিৰ্দিষ্ট সময়ত নিজৰ বাসস্থান এৰি আন ঠাইলৈ যোৱাকে প্ৰব্ৰজন বোলে।
বনাঞ্চল ধ্বংসই কিদৰে মৰুভূমিকৰণ কৰে?
গছ-গছনি কাটিলে মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমে আৰু মাটিৰ উপৰভাগৰ উৰ্বৰ স্তৰটো ক্ষয় হয়, যাৰ ফলত কালক্ৰমত উৰ্বৰ ভূমি মৰুভূমিলৈ ৰূপান্তৰিত হয়।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

1 thought on “Class 8 Science Chapter 11 Solutions – উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | SCERT Assam | Assamese Medium”

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top