Class 8 Science Chapter 15 Solutions – কিছুমান প্ৰাকৃতিক পৰিঘটনা | SCERT Assam | Assamese Medium

Class 8 Science Chapter 15 – কিছুমান প্ৰাকৃতিক পৰিঘটনা (Some Natural Phenomena) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – কিছুমান প্ৰাকৃতিক পৰিঘটনা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘কিছুমান প্ৰাকৃতিক পৰিঘটনা’ (Some Natural Phenomena) এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক পাঠ। এই অধ্যায়ত প্ৰকৃতিৰ দুটা ভয়ংকৰ পৰিঘটনা— বিজুলী-ধেমেকনি আৰু ভূমিকম্পৰ বিষয়ে বৈজ্ঞানিক বিশ্লেষণ আগবঢ়োৱা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আধানৰ ধাৰণা, আধানৰ স্থানান্তৰ, আৰু ইলেক্ট্ৰ’স্কপৰ কাৰ্যপ্ৰণালীৰ লগতে ভূমিকম্প কেনেকৈ সৃষ্টি হয় আৰু ইয়াৰ ধ্বংসলীলাৰ পৰা কেনেকৈ বাচিব পাৰি, সেই বিষয়ে বিতংভাৱে বুজাই দিয়া হৈছে। পৰীক্ষাত আহিব পৰা সকলো চুটি প্ৰশ্ন, পাৰ্থক্য আৰু সুৰক্ষা সম্পৰ্কীয় সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ঘৰ্ষণৰ দ্বাৰা বস্তু কেনেকৈ আহিত কৰিব পাৰি তাৰ পৰীক্ষামূলক ব্যাখ্যা।
  • আধানৰ প্ৰকাৰ আৰু সিহঁতৰ মাজত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
  • বিজুলী (Lightning) সৃষ্টিৰ বৈজ্ঞানিক কাৰণ আৰু মেঘৰ মাজত আধানৰ বিতৰণ।
  • বজ্ৰপাতৰ পৰা পৰিত্ৰাণ পাবলৈ ল’বলগীয়া সাৱধানতা আৰু বজ্ৰ নিৰোধকৰ (Lightning Conductor) ভূমিকা।
  • ভূমিকম্প (Earthquake) কি আৰু পৃথিৱীৰ ক্ৰাষ্টৰ চলনৰ ফলত ই কেনেকৈ সৃষ্টি হয়।
  • ৰিখটাৰ স্কেল (Richter Scale) আৰু চিচম’গ্ৰাফৰ (Seismograph) কাম আৰু গুৰুত্ব।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু শেহতীয়া সমাধান।
  • সহজ অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি জটিল প্ৰাকৃতিক ঘটনাবোৰ সহজকৈ বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত পুনৰীক্ষণৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞানৰ অন্তৰ্ভুক্তি।

আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত উন্নত ফলাফল দেখুৱাবলৈ এই সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১৫ – কিছুমান প্ৰাকৃতিক পৰিঘটনা |

Class 8 Science

পাঠ – ১৫                                        Ospin Academy 

কিছুমান প্ৰাকৃতিক পৰিঘটনা

১ আৰু ২ নং প্ৰশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

১) তলৰ কোনবিধ বস্তু ঘৰ্ষনৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি ?

ক) প্লাষ্টিকৰ স্কেল এডাল ।

খ) তামৰ দণ্ড এডাল ।

গ) ফুলাই থোৱা বেলুন এটা ।

ঘ) ঊলৰ কাপোৰ ।

উত্তৰ:- খ) তামৰ দণ্ড এডাল ।

২) এটুকুৰা পাটৰ কাপোৰেৰে কাঁচৰ দণ্ড এডাল ঘঁহিলে দণ্ড ডাল –

ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মক ভাৱে আহিত হব।

খ) ধনাত্মক ভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মক ভাৱে আহিত হব ।

গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ঋণাত্মক ভাৱে আহিত হব ।

ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।

উত্তৰ:- ঘ) ঋণাত্মক ভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মক ভাৱে আহিত হব ।

৩) তলৰ বাক্য কেইটা সঁচা নে মিছা লিখা ।

ক) একে জাতীয় আধানে পৰস্পৰক আকৰ্ষণ কৰে ।

উত্তৰ:- মিছা ।

খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ষ্ট্ৰ‘পাইপক আকৰ্ষণ কৰে ।

উত্তৰ:- সঁচা ।

গ) বজ্ৰ – নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে ।

উত্তৰ:- মিছা ।

ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি ।

উত্তৰ:- মিছা ।

৪) জাৰ কালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফট – ফটাই উঠা শব্দ শুনিবলৈ পোৱা যায় । কিয় এনে হয় বুজাই লিখা ।

উত্তৰ:- শীত কালত বায়ুত আৰ্দ্ৰতা কম থাকে ।ছুৱেটাৰত থকা ঊল বোৰ হ’ল সাংশ্লেষিক আঁহ। গাৰ পৰা ছুৱেটাৰটো খোলাৰ লগে লগে ই গাৰ শুকান ছালত ঘৰ্ষণ হৈ আহিত হয় । ছাল আৰু ছুৱেটাৰত উৎপন্ন হোৱা বিপৰীত আধান আৰু গাৰ নোম বা ছুৱেটাৰত উৎপন্ন হোৱা একে আধানৰ বিকৰ্ষণ ক্ৰিয়াৰ বাবে ফট – ফট শব্দৰ সৃষ্টি হয় ।

৫) আহিত বস্তু এটা হাতেৰে চুলে আধান বোৰ কিয় নাইকিয়া হয় বুজাই লিখা ।

উত্তৰ:- পৃথিৱী সকলো আধানৰ ভঁৰাল । আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী । হাতেৰে স্পৰ্শ কৰাৰ লগে লগে আহিত বস্তুৰ ঋণাত্মক আধান বোৰ পৃথিৱীলৈ যায় আৰু পৃথিবীৰ পৰা ঋণাত্মক আধান শৰীৰৰ মাজেৰে গতি কৰি আহিত বস্তুৰ ধনাত্মক আধান বোৰ উদাসীন হয় । গতিকে বস্তুটোৰ আধান বোৰ নাইকিয়া হয় ।

৬) ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা । কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হলে ইয়াক ছিছম‘গ্ৰাফ এটাই ধৰা পেলাবনে ? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে ?

উত্তৰ:- ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম হল – ৰিখটাৰ ।

কোনো এটা ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩ হ’লে ইয়াক ছিছম’গ্ৰাফ এটাই ধৰা পেলাব ।

ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা নাই । এনে ভূমিকম্পই ঘৰ – দুৱাৰ ক্ষতি সাধন কৰিব পৰা বিধৰ কম্পনৰ সৃষ্টি নকৰে ।

৭) বজ্ৰ পাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া ।

উত্তৰ:- বজ্ৰ পাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থা হল –

ক) ঘৰৰ পৰা বাহিৰত ওলাব নালাগে ।

খ) বাহিৰত থাকিলেও ওখ বস্তুৰ কাষত থাকিব নালাগে ।

গ) গাড়ী – মটৰ চলাই থাকিলে তাক ৰখাই দিব লাগে ।

৮) আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকৰ্ষন কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকৰ্ষণ কৰে বুজাই লিখা ।

উত্তৰ:- আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকৰ্ষন কৰাৰ কাৰণ হল দুয়োটা বেলুনতে সম জাতীয় আধান সৃষ্টি হয় । অনাহিত বেলুনটো আহিত বেলুনৰ ওচৰলৈ নিলে অনাহিত বেলুনত আহিত বেলুনৰ দ্বাৰা আধান আৱেশিত হয় । এই আধান বিপৰীত প্ৰকৃতিৰ হয় । গতিকে অনাহিত বেলুনটোৱে আহিত বেলুনক আকৰ্ষণ কৰে ।

৯) চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি ।

উত্তৰ:-

class 8 science

স্বৰ্ণ পত্ৰ বিদ্যুতবীক্ষণ যন্ত্ৰৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি। চিত্ৰত দিয়াৰ দৰে খালী বটল এটা আৰু তাৰ ওপৰত ঢাকি দিব পৰাকৈ এখন কাৰ্ড বর্ড লোৱা হল । কাৰ্ড বর্ডৰ মাজত ধাতুৰ ক্লিপ সোমাব পৰা ফুটা এটা কৰা হল । এলুমিনিয়ামৰ পাতৰ পৰা ৪ ছেণ্টিমিটাৰ × ১ ছেণ্টিমিটাৰ জোখৰ দুটুকুৰা পটি কাটি লোৱা হল ।

চিত্ৰত দেখুওৱাৰ দৰে সিহঁতক ক্লিপত ওলোমাই দিয়া হল । ক্লিপটো কাৰ্ড বর্ডৰ লম্ব ভাৱে থকাকৈ সুমুৱাই দিয়া হল । এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰত চুই দিয়া হল । এলুমিনিয়ামৰ পটি দুটাৰ বিক্ষেপন ঘটিব ।

এলুমিনিয়ামৰ মিহি পাত দুটাই ক্লিপৰ যোগেদি একে জাতীয় আধান প্ৰাপ্ত হৈছে । দুয়োৰে মাজত বিকৰ্ষন ঘটিছে বাবে পাত দুখন মেল খাই গৈছে । আন যিকোনো বস্তু আহিত হয় নে নহয় এই যন্ত্ৰ টোৰে চাব পৰা যাব । যন্ত্ৰটো ব্যৱহাৰ কৰাৰ লগতে ক্লিপটো হাতেৰে চুই দিব লাগে যাতে ই উদাসীন হয় ।

১০) ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা যত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে ।

উত্তৰ:- ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা ভাৰতৰ ৰাজ্য তিনি খনৰ নাম হল –

১) অসম ।

২) গুজৰাট ।

৩) কাশ্মীৰ ।

১১) ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল । নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা ?

উত্তৰ:- ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প হলে তলত দিয়া সাৱধানতা সমূহ অৱলম্বন কৰিম –

ক) ওখ অট্টালিকা, গছ আৰু উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা আঁতৰত মুকলি ঠাইলৈ যাম আৰু মাটিত শুই দিম।

খ) যদিহে বাছ বা মটৰ গাড়ীৰ ভিতৰত থাকো তেতিয়া হলে বাহিৰলৈ ওলাই নাযাও । চালকক গাড়ী খন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নিৰ্দেশ দিম আৰু জোকাৰণি শেষ নোহোৱালৈকে ওলাই নাহো ।

১২) বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনো এটা দিনত বিজুলী আৰু ধুমুহা ঢেৰেকণি অহাৰ সম্ভাৱনা আছে । ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ ওলাই যাব লাগে । সেইদিনা ছাতি লগত লৈ যাবা নেকি ? বুজাই লিখা ।

উত্তৰ:- বতৰ বিজ্ঞানে দিয়া বিজুলী আৰু ধুমুহা ঢেৰেকণিৰ আগজাননী দিনা বাহিৰলৈ ওলাই গ’লে লগত ছাতি নিয়াটো উচিত নহ’ব । কাৰণ ছাতি ধাতুৰে তৈয়াৰী । ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পালেও বিজুলীৰ পৰা বিপদ ঘটিব । বজ্ৰপাত তুলনামুলক ভাবে ওখ ঠাইত পৰে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – সঘনাই সোধা প্ৰশ্ন (FAQs)
আধান কেইপ্ৰকাৰৰ আৰু কি কি?
আধান দুই প্ৰকাৰৰ— ধনাত্মক (+) আধান আৰু ঋণাত্মক (-) আধান। একে জাতীয় আধানে ইটোৱে সিটোক বিকৰ্ষণ কৰে আৰু বিপৰীত আধানে আকৰ্ষণ কৰে।
বজ্ৰ নিৰোধক (Lightning Conductor) কি?
ওখ অট্টালিকাক বিজুলীৰ পৰা সুৰক্ষা দিবলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ। ই বিজুলীৰ আধানক পোনপটিয়াকৈ মাটিৰ তললৈ পঠিয়াই দিয়ে।
ভূমিকম্পৰ কেন্দ্ৰ বা উপকিন্দ্ৰ (Epicentre) কি?
পৃথিৱীৰ ওপৰভাগৰ যিটো বিন্দুত ভূমিকম্পৰ তৰংগ প্ৰথমে অনুভৱ কৰা হয়, তাক উপকিন্দ্ৰ বোলে।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top