Class 8 Science Chapter 17 Solutions – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক | SCERT Assam | Assamese Medium

Class 8 Science Chapter 17 – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক (Synthetic Fibres and Plastics) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৭ – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ সপ্তদশ অধ্যায় ‘সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক’ (Synthetic Fibres and Plastics) আমাৰ আধুনিক জীৱনৰ এক অপৰিহাৰ্য পাঠ। এই অধ্যায়ত মানৱনিৰ্মিত আঁহসমূহৰ প্ৰকাৰ, সেইবোৰৰ গুণাগুণ আৰু প্লাষ্টিকৰ ব্যৱহাৰে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত উপলব্ধ এই সমাধানসমূহ নতুন ASSEB পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই পাঠটিত আমি ৰেন, নাইলন, পলিএষ্টাৰ আৰু এক্ৰিলিকৰ দৰে সাংশ্লেষিক আঁহৰ উৎপাদন আৰু ব্যৱহাৰৰ বিষয়ে জানিব পাৰিম। লগতে থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’ছেটিং প্লাষ্টিকৰ পাৰ্থক্য আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ৫টা ‘R’ (5R Principle) ৰ গুৰুত্ব ইয়াত সুন্দৰকৈ বুজাই দিয়া হৈছে। পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চুটি আৰু দীঘলীয়া প্ৰশ্নৰ সমাধান ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App বিনামূলীয়া নোটছ আৰু সমাধানৰ বাবে ইয়াত ক্লিক কৰক

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • সাংশ্লেষিক আঁহ কি আৰু ইয়াৰ গঠনত পলিমাৰৰ (Polymer) ভূমিকা।
  • বিভিন্ন প্ৰকাৰৰ সাংশ্লেষিক আঁহ (নাইলন, ৰেন আদি) আৰু সিহঁতৰ ব্যৱহাৰিক গুৰুত্ব।
  • প্লাষ্টিকৰ বৈশিষ্ট্যসমূহ— কিয় ই ইমান জনপ্ৰিয় আৰু ইয়াৰ কুপ্ৰভাৱ।
  • থাৰ্ম’প্লাষ্টিক আৰু থাৰ্ম’ছেটিং প্লাষ্টিকৰ মাজৰ পাৰ্থক্য।
  • জৈৱ নিম্নীকৰণযোগ্য আৰু জৈৱ অনিম্নীকৰণযোগ্য পদাৰ্থৰ ধাৰণা।
  • পৰিৱেশ সুৰক্ষাৰ বাবে ৫টা ‘R’ নীতি (Reduce, Reuse, Recycle, Recover, Refuse)।
  • নতুন পাঠ্যক্ৰম অনুসৰি অনুশীলনীৰ সম্পূৰ্ণ সমাধান আৰু গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্ন।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা ১০০% নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য সমাধান।
  • সহজ আৰু সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ যি ছাত্ৰ-ছাত্ৰীক সহজতে বুজাত সহায় কৰে।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ বাবে বিশেষভাৱে যুগুতোৱা পইণ্ট-ভিত্তিক উত্তৰ।
  • পৰিৱেশ সচেতনতা আৰু বিজ্ঞানৰ আধুনিক প্ৰয়োগৰ সঠিক মিশ্ৰণ।

আপোনাৰ বিজ্ঞানৰ জ্ঞান বৃদ্ধি কৰিবলৈ আৰু পৰীক্ষাত সফলতা লাভ কৰিবলৈ আমাৰ এই পাঠ্যভিত্তিক সমাধানসমূহ এতিয়াই অধ্যয়ন কৰক।

Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১৭ – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Class 8 Science

পাঠ – ১৭                                     Ospin Academy

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা ।

উত্তৰ:- কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ সেই বোৰ আহ মানুহে পেট্ৰ’লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয় । যেনে – পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ ।

২) শুদ্ধ উত্তৰত ✓ চিন দিয়া ।

সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো –

ক) ইয়াৰ এটা ৰেচম – সদৃশ ৰূপ আছে ।

খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।

গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি ।

উত্তৰ:- খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।

৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।

ক) সাংশ্লেষিক আঁহবোৰক …………………… বা …………………… বুলিও কোৱা হয় ।

উত্তৰ:- কৃত্ৰিম, মানৱ সৃষ্ট ।

খ) সাংশ্লেষিক আঁহবোৰক …………………….. নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ।

উত্তৰ:- পেট্ৰ’লিয়াম ।

গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ……………………….. ।

উত্তৰ:- কৃত্ৰিম উৎস ।

৪) নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।

উত্তৰ:- পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰচী বোৰ নাইলনৰ আঁহেৰে তৈয়াৰী । ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী ।

৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় ?

উত্তৰ:- খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ –

ক) প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে ।

খ) প্লাষ্টিকত মামৰে নধৰে ।

গ) প্লাষ্টিকৰ পাত্ৰ বোৰ পাতল আৰু টান থাকে ।

ঘ) প্লাষ্টিকৰ পাত্ৰ বোৰ বেছি দিন টিকে ।

৬) তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা ।

উত্তৰ:- তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হল –

ক) তাপনমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয় ।

খ) তাপনমনীয় প্লাষ্টিক বোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ তাপৰ কুপৰিবাহী ।

গ) তাপনমনীয় প্লাষ্টিক বোৰ খেলনা, ফণী নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ টিভি ছেট, বাচন – বর্তনৰ হেণ্ডেল, যান – বাহন আদিত ব্যৱহাৰ কৰা হয় ।

৭) তলত দিয়া বোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা ।

ক) ছছপেনৰ নাল ।

উত্তৰ:- তাপদৃঢ় প্লাষ্টিক অতি টান । সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে । ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি। সেয়েহে তাপদৃঢ় প্লাষ্টিক ছছপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় ।

খ) বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব‘ৰ্ড ।

উত্তৰ:- তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী । গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় । এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব’ৰ্ডত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় ।

৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থ বোৰক “পুনৰাবৰ্তন কৰিব পৰা ” আৰু ” পুনৰাবৰ্তন কৰিব নোৱাৰা ” হিচাপে শ্ৰেণীভূক্ত কৰা –

ক) টেলিফোনৰ সা – সৰঞ্জাম ।

খ) প্লাষ্টিকৰ খেলনা ।

গ) কুকাৰৰ নাল ।

ঘ) কেৰি – বেগ ।

ঙ) বল – পইন্ট পেন ।

চ) প্লাষ্টিকৰ বাটি ।

ছ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।

জ) প্লাষ্টিক চকী ।

ঝ) বৈদ্যুতিক ছুইচ ।

উত্তৰ:- পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হল –

ক) প্লাষ্টিকৰ খেলনা ।

খ) কেৰি – বেগ ।

গ) প্লাষ্টিকৰ বাটি ।

ঘ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।

ঙ) প্লাষ্টিক চকী ।

পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হল –

ক) টেলিফোনৰ সা – সৰঞ্জাম ।

খ) কুকাৰৰ নাল ।

গ) বল – পইন্ট পেন ।

ঘ) বৈদ্যুতিক ছুইচ ।

৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।

উত্তৰ:- ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট কিনাটো উচিত হব ।

কাৰণ কপাহী ছাৰ্ট গ্ৰীষ্ম কালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে । ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয় । গতিকে শৰীৰ শীতল থাকে । কিন্তু সাংশ্লেষিক পদাৰ্থৰ ছাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে । গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰানাক কপাহী ছাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত ।

১০) প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া ।

উত্তৰ:- প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী । কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি । মামৰ নধৰে আৰু খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে । মামৰে নধৰে বাবে ই ক্ষয় নাযায় । ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয় ।

১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা ।

উত্তৰ:- টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হব লাগে ।

১২) ” পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা ” – এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ।

উত্তৰ:- পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে । কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিবেশ প্ৰদূষিত গেছ নিৰ্গত হয় । ফলত পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে । সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে ।

১৩) “A” স্তম্ভত দিয়া শব্দবোৰক “B” স্তম্ভত দিয়া খণ্ড – বাক্যৰ লগত শুদ্ধকৈ মিলোৱা –

“A” স্তম্ভ

“B” স্তম্ভ

(ক) পলিয়েষ্টাৰ

(ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ।

(খ) টেফলন

(খ) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় ।

(গ) ৰেয়ন

(গ) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা– সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ।

(ঘ) নাইলন

(ঘ) সহজে শোটোৰা নপৰা কাপোৰ ।

উত্তৰ:-

“A” স্তম্ভ

“B” স্তম্ভ

(ক) পলিয়েষ্টাৰ

সহজে শোটোৰা নপৰা কাপোৰ ।

(খ) টেফলন

কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা – সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় ।

(গ) ৰেয়ন

কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় ।

(ঘ) নাইলন

পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় ।

১৪) ” সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে ” – মতামত দিয়া ।

উত্তৰ:- যদি সাংশ্লেষিক আঁহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ’লহেতেন । ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি – বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হল হেঁতেন ।

কিন্তু সাংশ্লেষিক আঁহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদ বোৰ বাছি গৈছে । গতিকে সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে ।

১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা ।

উত্তৰ:- তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী । যদি আমি এডাল প্লাষ্টিকৰ তাঁৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰো, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত নহয় । ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী বুলি প্ৰমাণ পোৱা যায় ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৭ – সঘনাই সোধা প্ৰশ্ন (FAQs)
কৃত্ৰিম পাট (Artificial Silk) কাক বোলা হয়?
ৰেনক (Rayon) কৃত্ৰিম পাট বোলা হয় কাৰণ ইয়াৰ গুণাগুণসমূহ পাটৰ দৰে আৰু ই পাটতকৈ বহু সস্তাত প্ৰস্তুত কৰিব পাৰি।
থাৰ্ম’প্লাষ্টিক কি?
যিবোৰ প্লাষ্টিক গৰম কৰিলে সহজেই বেকা হয় বা নমনীয় হয়, সেইবোৰক থাৰ্ম’প্লাষ্টিক বোলে। যেনে— পলিথিন আৰু PVC।
৫টা R নীতিৰ অৰ্থ কি?
৫টা R নীতি হ’ল— Reduce (হ্ৰাস কৰা), Reuse (পুনৰ ব্যৱহাৰ কৰা), Recycle (পুনৰাৱৰ্তন কৰা), Recover (পুনৰুদ্ধাৰ কৰা) আৰু Refuse (প্ৰত্যাখ্যান কৰা)।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top