Class 8 বিজ্ঞান অধ্যায় ১৭ – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ১৭ – সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক (SCERT Assam – Assamese Medium)
এই অধ্যায়ত সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকৰ ধাৰণা, ইয়াৰ প্ৰকাৰ, ব্যৱহাৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ চাহ বাগিচাৰ প্লাষ্টিকৰ ব্যৱহাৰ আৰু প্লাষ্টিক প্ৰদূষণৰ সমস্যাৰ উদাহৰণ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
✅ কি শিকিব:
- সাংশ্লেষিক আঁহৰ সংজ্ঞা আৰু প্ৰকাৰ (নাইলন, পলিয়েষ্টাৰ)
- প্লাষ্টিকৰ প্ৰকাৰ (থাৰ্ম’প্লাষ্টিক, থাৰ্ম’ছেটিং)
- সাংশ্লেষিক আঁহ আৰু প্লাষ্টিকৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ
- অসমৰ চাহ বাগিচাত প্লাষ্টিকৰ ব্যৱহাৰ
- প্লাষ্টিক প্ৰদূষণৰ প্ৰভাৱ আৰু পুনঃচক্ৰণৰ গুৰুত্ব
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- প্লাষ্টিকৰ প্ৰকাৰৰ চিত্ৰসহ ব্যাখ্যা
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ১৭ Ospin Academy
সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক
১) কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কিয় ? ব্যাখ্যা কৰা ।
উত্তৰ:- কিছুমান আঁহক সাংশ্লেষিক বুলি কোৱা হয় কাৰণ সেই বোৰ আহ মানুহে পেট্ৰ’লিয়াম জাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয় । যেনে – পলিয়েষ্টাৰ, নাইলন আদি কিছুমান সাংশ্লেষিক আহ ।
২) শুদ্ধ উত্তৰত ✓ চিন দিয়া ।
সাংশ্লেষিক আঁহ সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো –
ক) ইয়াৰ এটা ৰেচম – সদৃশ ৰূপ আছে ।
খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।
গ) প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আহবোৰ বব পাৰি ।
উত্তৰ:- খ) ইয়াক কাঠৰ – মণ্ডৰ পৰা পোৱা যায় ।
৩) উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা ।
ক) সাংশ্লেষিক আঁহবোৰক …………………… বা …………………… বুলিও কোৱা হয় ।
উত্তৰ:- কৃত্ৰিম, মানৱ সৃষ্ট ।
খ) সাংশ্লেষিক আঁহবোৰক …………………….. নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয় ।
উত্তৰ:- পেট্ৰ’লিয়াম ।
গ) সাংশ্লেষিক আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ……………………….. ।
উত্তৰ:- কৃত্ৰিম উৎস ।
৪) নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ।
উত্তৰ:- পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰচী বোৰ নাইলনৰ আঁহেৰে তৈয়াৰী । ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী ।
৫) খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয় ?
উত্তৰ:- খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কাৰণ –
ক) প্লাষ্টিকে খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে ।
খ) প্লাষ্টিকত মামৰে নধৰে ।
গ) প্লাষ্টিকৰ পাত্ৰ বোৰ পাতল আৰু টান থাকে ।
ঘ) প্লাষ্টিকৰ পাত্ৰ বোৰ বেছি দিন টিকে ।
৬) তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা ।
উত্তৰ:- তাপনমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্যবোৰ হল –
ক) তাপনমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি আনহাতে তাপদৃঢ় প্লাষ্টিক তাপ দিলেও সহজে লেহুকা নহয় ।
খ) তাপনমনীয় প্লাষ্টিক বোৰ তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ তাপৰ কুপৰিবাহী ।
গ) তাপনমনীয় প্লাষ্টিক বোৰ খেলনা, ফণী নানা ধৰণৰ পাত্ৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় আনহাতে তাপদৃঢ় প্লাষ্টিক বোৰ টিভি ছেট, বাচন – বর্তনৰ হেণ্ডেল, যান – বাহন আদিত ব্যৱহাৰ কৰা হয় ।
৭) তলত দিয়া বোৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা ।
ক) ছছপেনৰ নাল ।
উত্তৰ:- তাপদৃঢ় প্লাষ্টিক অতি টান । সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে । ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি। সেয়েহে তাপদৃঢ় প্লাষ্টিক ছছপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় ।
খ) বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব‘ৰ্ড ।
উত্তৰ:- তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী । গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চালিত নহয় । এনে সুবিধা থকাৰ বাবে বিদ্যুতৰ প্লাগ/ ছুইচ/ প্লাগ ব’ৰ্ডত তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় ।
৮) তলত দিয়া সামগ্ৰী সমূহৰ পদাৰ্থ বোৰক “পুনৰাবৰ্তন কৰিব পৰা ” আৰু ” পুনৰাবৰ্তন কৰিব নোৱাৰা ” হিচাপে শ্ৰেণীভূক্ত কৰা –
ক) টেলিফোনৰ সা – সৰঞ্জাম ।
খ) প্লাষ্টিকৰ খেলনা ।
গ) কুকাৰৰ নাল ।
ঘ) কেৰি – বেগ ।
ঙ) বল – পইন্ট পেন ।
চ) প্লাষ্টিকৰ বাটি ।
ছ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।
জ) প্লাষ্টিক চকী ।
ঝ) বৈদ্যুতিক ছুইচ ।
উত্তৰ:- পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী হল –
ক) প্লাষ্টিকৰ খেলনা ।
খ) কেৰি – বেগ ।
গ) প্লাষ্টিকৰ বাটি ।
ঘ) বৈদ্যুতিক তাঁৰৰ প্লাষ্টিক আৱৰণ ।
ঙ) প্লাষ্টিক চকী ।
পুনৰাবৰ্তন কৰিব নোৱাৰা সামগ্ৰী হল –
ক) টেলিফোনৰ সা – সৰঞ্জাম ।
খ) কুকাৰৰ নাল ।
গ) বল – পইন্ট পেন ।
ঘ) বৈদ্যুতিক ছুইচ ।
৯) ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট নে সাংশ্লেষিক আঁহেৰে তৈয়াৰী ছাৰ্ট কিনাটো উচিত হব ? কাৰণ দৰ্শাই ৰানাক উপদেশ দিয়া।
উত্তৰ:- ৰাণাই গ্ৰীষ্ম কালৰ বাবে ছাৰ্ট কিনিব খুজিছে । তেওঁ কপাহী ছাৰ্ট কিনাটো উচিত হব ।
কাৰণ কপাহী ছাৰ্ট গ্ৰীষ্ম কালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে । ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয় । গতিকে শৰীৰ শীতল থাকে । কিন্তু সাংশ্লেষিক পদাৰ্থৰ ছাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে । গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয়। গতিকে ৰানাক কপাহী ছাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত ।
১০) প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া ।
উত্তৰ:- প্ৰকৃতিগত ভাৱে প্লাষ্টিক সমূহ যে অ – ক্ষয়কাৰী । কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি । মামৰ নধৰে আৰু খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে । মামৰে নধৰে বাবে ই ক্ষয় নাযায় । ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয় ।
১১) টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ? ব্যাখ্যা কৰা ।
উত্তৰ:- টুথ ব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয় । নোমবোৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হব লাগে ।
১২) ” পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা ” – এই পৰামৰ্শৰ ওপৰত মতামত দিয়া ।
উত্তৰ:- পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে । কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিবেশ প্ৰদূষিত গেছ নিৰ্গত হয় । ফলত পানী, মাটি আৰু বায়ুক সমানে প্ৰদূষিত কৰে । সেয়ে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে ।
১৩) “A” স্তম্ভত দিয়া শব্দবোৰক “B” স্তম্ভত দিয়া খণ্ড – বাক্যৰ লগত শুদ্ধকৈ মিলোৱা –
“A” স্তম্ভ |
“B” স্তম্ভ |
---|---|
(ক) পলিয়েষ্টাৰ |
(ক) কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় । |
(খ) টেফলন |
(খ) পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় । |
(গ) ৰেয়ন |
(গ) কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা– সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় । |
(ঘ) নাইলন |
(ঘ) সহজে শোটোৰা নপৰা কাপোৰ । |
উত্তৰ:-
“A” স্তম্ভ |
“B” স্তম্ভ |
---|---|
(ক) পলিয়েষ্টাৰ |
সহজে শোটোৰা নপৰা কাপোৰ । |
(খ) টেফলন |
কৰাল নলগা/ লাগি নধৰা ৰন্ধন সা – সৰঞ্জাম বনাবলৈ ব্যৱহাৰ কৰা হয় । |
(গ) ৰেয়ন |
কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় । |
(ঘ) নাইলন |
পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয় । |
১৪) ” সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে আচলতে বন সংৰক্ষণত সহায় কৰি আছে ” – মতামত দিয়া ।
উত্তৰ:- যদি সাংশ্লেষিক আঁহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰী সমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হ’লহেতেন । ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি – বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হল হেঁতেন ।
কিন্তু সাংশ্লেষিক আঁহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদ বোৰ বাছি গৈছে । গতিকে সাংশ্লেষিক আঁহসমূহৰ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে ।
১৫) তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা ।
উত্তৰ:- তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবহী । যদি আমি এডাল প্লাষ্টিকৰ তাঁৰেৰে বিদ্যুৎ বৰ্ত্তনী এটা তৈয়াৰ কৰো, তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত নহয় । ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবহী বুলি প্ৰমাণ পোৱা যায় ।
Class 8 বিজ্ঞান অধ্যায় ১৭ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: