Class 8 Science Chapter 18 Solutions – তৰা আৰু সৌৰজগত | SCERT Assam | Assamese Medium

Class 8 Science Chapter 18 – তৰা আৰু সৌৰজগত (Stars and The Solar System) – All Textual Solutions | ASSEB/SEBA Assam (Assamese Medium)

Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত Solutions | ASSEB Assam | Assamese Medium Vibrant Note Box
Buy Printable PDF
class 8 science
Class 8 Science (বিজ্ঞান) PDF Solutions 2026-27 | SCERT Assam
Original price was: ₹199.00.Current price is: ₹29.00.

Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.

Vibrant Note Box
অধ্যায় ১৮ – তৰা আৰু সৌৰজগত

Class 8 Science

পাঠ – ১৮                                             Ospin Academy

তৰা আৰু সৌৰজগত

১) তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?

ক) গ্ৰহানুপুঞ্জ ।

খ) উপগ্ৰহ ।

গ) তাৰকাপুঞ্জ ।

ঘ) ধূমকেতু ।

উত্তৰ:- গ) তাৰকাপুঞ্জ ।

২) তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয় ?

ক) লুব্ধক ।

খ) বুধ ।

গ) শনি ।

ঘ) পৃথিৱী ।

উত্তৰ:- ক) লুব্ধক ।

৩) চন্দ্ৰৰ কলাৰ উৎপত্তিৰ কাৰণ –

ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ ।

খ) চন্দ্ৰৰ পৰা আমাৰ দূৰত্ব সলনি হৈ থাকে ।

গ) পৃথিৱীৰ প্ৰচ্ছায়াই চন্দ্ৰ পৃষ্ঠৰ এটা অংশহে ঢাকি ৰাখে।

ঘ) চন্দ্ৰৰ বায়ু মণ্ডলৰ ঘনত্ব স্থিৰ নহয় ।

উত্তৰ:- ক) আমাৰ পিনে পোহৰ প্ৰতিফলন কৰা চন্দ্ৰৰ অংশটোহে দেখা পাওঁ ।

৪) খালী ঠাই পূৰ কৰা ।

ক) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হল ………………………… ।

উত্তৰ:- নেপচুন ।

খ) ৰঙা ৰঙৰ গ্ৰহটো হল ………………………. ।

উত্তৰ:- মংগল ।

গ) আকাশত বিশিষ্ট ৰূপ গঠন কৰা তৰাৰ সমষ্টিক ………………………. বোলে ।

উত্তৰ:- তাৰকাপুঞ্জ ।

ঘ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নভোমণ্ডলীয় বস্তুক …………………………. বোলে ।

উত্তৰ:- উপগ্ৰহ ।

ঙ) পপীয়া তৰা বোৰ প্ৰকৃততে ………………………… নহয় ।

উত্তৰ:- তৰা ।

চ) …………………….. আৰু ………………………. ৰ কক্ষ পথৰ মাজত গ্রহানুপুঞ্জ সমূহ পোৱা যায় ।

উত্তৰ:- মংগল আৰু বৃহস্পতি ।

৫) তলৰ বাক্য সমূহ সত্য ( স ) আৰু অসত্য ( অ ) হিচাপে চিনাক্ত কৰা

ক) ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য ।

উত্তৰ:- অসত্য।

খ) বুধ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ ।

উত্তৰ:- সত্য ।

গ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ ।

উত্তৰ:- অসত্য ।

ঘ) ইনছেট এটা কৃত্ৰিম উপগ্ৰহ ।

উত্তৰ:- সত্য ।

ঙ) সৌৰজগতত নটা গ্ৰহ আছে ।

উত্তৰ:- অসত্য ।

চ) কাল পুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষনেৰেহে দেখা পায় ।

উত্তৰ:- অসত্য ।

৬) ‘ক’ স্তম্ভৰ পদ সমূহৰ সৈতে ‘খ’ স্তম্ভৰ এক বা একাধিক পদৰ সম্পৰ্ক স্থাপন কৰা ।

উত্তৰ:- (i) অন্তঃ গ্ৰহ – (g) মংগল (e) পৃথিৱী ।

(ii) বহিঃ গ্ৰহ – (a) শনি ।

(iii) তাৰকাপুঞ্জ – (c) সপ্তৰ্ষিমণ্ডল (f) কালপুৰুষ ।

(iv) পৃথিৱীৰ উপগ্ৰহ – (d) চন্দ্ৰ ।

৭) সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ কোণ অংশত বিচাৰি পাবা ?

উত্তৰ:- সন্ধ্যা তৰা হিচাপে দৃষ্টি গোচৰ হোৱা শুক্ৰ গ্ৰহটো আকাশৰ পশ্চিম অংশত বিচাৰি পাম ।

৮) সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম লিখা ।

উত্তৰ:- সৌৰজগতৰ বৃহত্তম গ্ৰহ টোৰ নাম হল – বৃহস্পতি ।

৯) তাৰকাপুঞ্জ মানে কি ? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা ।

উত্তৰ:- যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰ তৰাৰ থুপক তাৰকাপুঞ্জ বোলে ।

দুটা তাৰকাপুঞ্জৰ নাম হল –

ক) সপ্তৰ্ষিমণ্ডল ।

খ) কালপুৰুষ ।

১০) (ক) সপ্তৰ্ষিমণ্ডল আৰু (খ) কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰা বোৰৰ আপেক্ষিক অৱস্থান দেখুৱাই চিত্ৰ আঁকা ।

উত্তৰ:- (ক) সপ্তৰ্ষিমণ্ডল আৰু (খ) কালপুৰুষ তাৰকাপুঞ্জৰ বিশিষ্ট তৰা বোৰৰ আপেক্ষিক অৱস্থান আৰু চিত্ৰ তলত দিয়া হল –

১১) গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম লিখা ।

উত্তৰ:- গ্ৰহৰ বাহিৰে আন দুটা সৌৰজগতৰ সদস্যৰ নাম হল–

ক) ধূমকেতু ।

খ) গ্ৰহানু ।

১২) সপ্তৰ্ষিমণ্ডলৰ সহায়ত তুমি কেনেকৈ ধ্ৰুৱ তৰা বিচাৰি উলিয়াবা ব্যাখ্যা কৰা ।

উত্তৰ:- সপ্তৰ্ষিমণ্ডলৰ সহায়ত ধ্ৰুৱ তৰা চিনাক্ত কৰিব পাৰি । সপ্তৰ্ষিমণ্ডলৰ তৰা বোৰে এটা প্ৰশ্ন বোধক চিহ্নৰ দৰে আকৃতিত থাকে। প্ৰশ্ন বোধক চিনটোৰ শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰা হয় ।

এই কাল্পনিক ৰেখা ডালক তৰা দুটাৰ মাজৰ দূৰত্ব প্ৰায় পাঁচগুন উত্তৰ দিশলৈ বঢ়াই নিলে ই এটা উজ্বল তৰাক স্পৰ্শ কৰিব । এই তৰা টোৱে ধ্ৰুৱ তৰা । ধ্ৰুৱ তৰাই হল পৃথিৱীৰ উত্তৰ মেৰু। ইয়াৰ অৱস্থান সলনি নহয় ।

১৩) আকাশত সকলো তৰাই গতি কৰেনে ? ব্যাখ্যা কৰা।

উত্তৰ:- আকাশত সকলো তৰাই আচলতে গতি নকৰে । কিন্তু ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । ইয়াৰ কাৰণ হল পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ গতি কৰি থাকে । সেয়ে ইহঁতক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে । কিন্তু ধ্ৰুৱ তৰা সদায়েই স্থিৰ দেখা যায় । কাৰণ ধ্ৰুৱ তৰাই পৃথিৱীৰ উত্তৰ মেৰুত অক্ষ ৰেখাৰ ওপৰতে আছে ।

১৪) তৰাৰ মাজৰ দূৰত্ব আলোক বৰ্ষত কিয় প্ৰকাশ কৰা হয় ? ‘ পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোক বৰ্ষ’ , এই উক্তিয়ে কি বুজায় ?

উত্তৰ:- তৰাৰ মাজৰ দূৰত্ব অতি বেছি । ইয়াক সাধাৰণ একক ( কি. মি. ) ত প্ৰকাশ কৰিলে বহু ডাঙৰ সংখ্যা হয় । উদাহৰণস্বৰূপে – সূৰ্যৰ পিছতে ই আমাৰ ওচৰত থকা তৰা আলফা ছেন্টউৰি দূৰত্ব হল ৪০,০০০,০০০,০০০,০০০ কি. মি. ।

সেইবাবে এই অসুবিধাৰ পৰা হাত সাৰিবলৈ এনে অধিক দূৰত্বৰ বাবে জ্যোৰ্তিবিদসকলে আলোক বৰ্ষ (Light year ( LY ) নামৰ এটা একক ব্যৱহাৰ কৰে । ইয়াৰ মান হল এক বছৰত অতিক্ৰম কৰা দূৰত্ব । ‘পৃথিৱীৰ পৰা এটা তৰাৰ দূৰত্ব আঠ আলোক বৰ্ষ ‘ । ইয়াৰ অৰ্থ হল সেই তৰাটোৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ আঠ বছৰ সময় লাগে।

১৫) বৃহস্পতিৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ১১ গুণ । বৃহস্পতি আৰু পৃথিৱীৰ আয়তনৰ অনুপাত নিৰ্ণয় কৰা । বৃহস্পতিয়ে কেইখন পৃথিৱী ধাৰণ কৰিব পাৰিব ?

উত্তৰ:-

class 8 science

দেখা গল যে বৃহস্পতিৰ আয়তন পৃথিৱীৰ আয়তনতকৈ ১৩৩১ গুণ । গতিকে বৃহস্পতিয়ে প্ৰায় ১৩০০ খন পৃথিৱী ধাৰণ কৰিব পাৰিব ।

১৬) প্ৰজ্ঞানে তলত দিয়া ধৰণে সৌৰজগতৰ চিত্ৰ আঁকিছিল ( চিত্ৰ – ১৭.২৩ ) । ছবিখন শুদ্ধনে ? যদি নহয়, শুদ্ধ কৰা ।

উত্তৰ:- ছবিখন শুদ্ধ নহয় ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৮ – সঘনাই সোধা প্ৰশ্ন (FAQs)
আমাৰ নিকটতম তৰাটোৰ নাম কি?
সূৰ্যই আমাৰ আটাইতকৈ ওচৰত থকা তৰা। সূৰ্যৰ পিছত আমাৰ আটাইতকৈ ওচৰৰ তৰাটো হ’ল আলফা চেণ্টাউৰি (Alpha Centauri)।
পোহৰ বছৰ (Light Year) কি?
মহাকাশত অতি বিশাল দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰা এক একক। পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক এক পোহৰ বছৰ বোলে।
ধ্ৰুৱতৰা কিয় স্থিৰ যেন লাগে?
ধ্ৰুৱতৰা পৃথিৱীৰ আৱৰ্তন অক্ষৰ ওপৰত অৱস্থিত হোৱা বাবে ই আকাশত স্থিৰ হৈ থকা যেন লাগে।
এই সমাধানসমূহ নতুন সিলেবাচৰ হয়নে?
হয়, এই সকলোবোৰ সমল ASSEB/SEBA ৰ শেহতীয়া নতুন পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা হৈছে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top