Class 10 Assamese Chapter 1 – বৰগীত Question Bank | ASSEB

দশম শ্ৰেণী অসমীয়া অধ্যায় 1 – বৰগীত সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী অসমীয়া অধ্যায় 1 – বৰগীত (মাধৱদেৱ) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় ‘বৰগীত’ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 1 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘বৰগীত’ নামৰ এই পাঠটিত শ্ৰীকৃষ্ণৰ শিশু লীলা আৰু মাতৃ যশোদাৰ মৰমৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • বৰগীতৰ মূল ভাৱ, দৰ্শন আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ ভক্তিৰসৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • বৰগীতৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

Vibrant Note Box
Chapter 1 বৰগীত

দশম শ্ৰেণী: অসমীয়া class 10 assamese

অধ্যায়-1                      অস্পিন একাডেমী

বৰগীত

HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. ‘মোহ-পাশ’ মানে কি? {2026}

উত্তৰঃ মোহ-পাশ মানে মায়াৰ বন্ধন। 

2. তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা? {2025,22}

উত্তৰঃ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা।

3. মোহ-পাশ মানে কি? {2023}

উত্তৰঃ মোহ-পাশ মানে মায়াৰ বন্ধন।

4. তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে? {2019,16}

উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি ভগৱানক সম্বোধন কৰিছে।

5. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? {2018}

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ ‘নামঘোষা’।

6. বৰগীতটি কি ৰাগত বন্ধা আছে? {2017}

উত্তৰঃ বৰগীতটি ‘বসন্ত’ ৰাগত বন্ধা আছে।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

1. কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে? {Bajali,Barpeta}

উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি ভগৱান বা হৰিক সম্বোধন কৰিছে।

2. মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? {Baksa}

উত্তৰঃ মাধৱদেৱৰ ভণিতা থকা মুঠ ১৫৭ টা বৰগীত পোৱা যায় (মুঠ ১৯১ টা বুলি অনুমান কৰা হয়)।

3. মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমানটা? {Jorhat,Kamrup R}

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা ১৯১ টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। 

4. ‘মোক্ষ’ মানে কি? {Jorhat}

উত্তৰঃ ‘মোক্ষ’ মানে মুক্তি বা উদ্ধাৰ। 

5. কবি কিহত আতুৰ হোৱা বুলি কৈছে? {Salmara}

উত্তৰঃ কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে।

6. মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত সমূহ কিয় ৰচিত কৰিছিল? {Lakhimpur}

উত্তৰঃ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত হৈছিল। 

7. তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কি ৰাগত বন্ধা আছে? {Udalguri}

উত্তৰঃ বৰগীতটি ‘বসন্ত’ ৰাগত বন্ধা আছে। 

8. তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা? {Nalbari}

উত্তৰঃ শ্ৰীশ্ৰীমাধৱদেৱে ৰচনা কৰা। 

9. ‘মোহ পাশ’ মানে কি? {Tinisukia,Bongaigaon,Sonitpur,Dhubri}

উত্তৰঃ মোহ-পাশ মানে মায়াৰ বন্ধন। 

10. মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাৱ প্ৰকাশ পাইছে? {Biswanath}

উত্তৰঃ বৰগীতটোৰ মাজেৰে ‘দাস্য ভক্তি’ৰ ভাৱ প্ৰকাশ পাইছে।  

11. বর্তমান শংকৰদেৱ বিৰচিত কেইটা বৰগীত পোৱা যায়? {Kokrajhar}

উত্তৰঃ বৰ্তমান শংকৰদেৱ বিৰচিত একুৰি চৈধ্যটা (৩৪ টা) বৰগীত পোৱা যায়।  

12. বৰগীতটি কি ৰাগত বন্ধা আছে? {Darrang}

উত্তৰঃ বৰগীতটি ‘বসন্ত’ ৰাগত বন্ধা আছে। 

13. মহাপুৰুষ শ্রীশ্রী মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি? {Dhubri}

উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’।

14. মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত এহেজাৰটা ঘোষা থকা গ্রন্থখনৰ নাম কি? {Golaghat}

উত্তৰঃ গ্ৰন্থখনৰ নাম ‘নামঘোষা’ (বা হেজাৰী ঘোষা)।  

15. বৰগীতসমূহ কি উদ্দেশ্যে ৰচিত? {Hojai}

উত্তৰঃ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।  

16. ‘নামঘোষা’ত কেইটা ঘোষা আছে? {Majuli}

উত্তৰঃ ‘নামঘোষা’ত এহেজাৰটা (১০০০) ঘোষা আছে। 

17. ‘সঞ্চাৰ’ শব্দৰ অৰ্থ কি? {Majuli}

উত্তৰঃ চলাচল বা গতি

18. মোহ পাশ মানে কি? {Morigaon} {Tamulpur,Tinisukia,Nagaon}

উত্তৰঃ মোহ পাশ মানে মায়াৰ বন্ধন।  

19. বৰগীতসমূহ মূলতঃ কি ৰসৰ? {Salmara}

উত্তৰঃ বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান।

HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ

1. শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত।

2. শ্ৰীশ্ৰীমাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৪৮৯ চনত।

3. মাধৱদেৱৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ গোবিন্দগিৰী ভূঞা।

4. মাধৱদেৱৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ মনোৰমা।

5. মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ।

6. মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ বাৰাদি আৰু গণককুছি (বা সুন্দৰীদিয়া, ভেলাডাংগা)।

7. মাধৱদেৱে ৰচনা কৰা এখন ‘আখ্যানমূলক’ গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ৰাজসূয় কাব্য (বা আদিকাণ্ড ৰামায়ণ)।

8. মাধৱদেৱে ৰচনা কৰা এখন ‘তত্ত্বমূলক’ গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ জন্মৰহস্য (বা ভক্তি-ৰত্নাৱলী, নামমালিকা)।

9. মাধৱদেৱে ৰচনা কৰা এখন নাটৰ নাম লিখা।

উত্তৰঃ অর্জুন-ভঞ্জন বা দধিমথন।

10. মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰাৰ নাম লিখা।

উত্তৰঃ চোৰধৰা (বা পিম্পৰা-গুচোৱা, ভোজনবিহাৰ)।

11. মাধৱদেৱৰ ৰচনাৰাজিত কিয় ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰঃ বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে।

12. পাঠ্যপুথিৰ বৰগীতটি মাধৱদেৱৰ কোনটো ভাৱৰ ভক্তিৰ নিদৰ্শন?

উত্তৰঃ দাস্য ভক্তিৰ।

13. সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে?

উত্তৰঃ হৰি বা ভগৱানক।

14. হৰিৰ সীমা কোনে বিচাৰি নাপায় বুলি বৰগীতটিত উল্লেখ আছে?

উত্তৰঃ নিগম শাস্ত্ৰই (বা সহস্ৰ বয়নে)।

15. ‘বিষয় বিকলে’ মানে কি?

উত্তৰঃ সাংসাৰিক দুখ বা বিষয়-বাসনাত স্থবিৰ হৈ পৰা অৱস্থা।

16. কবিয়ে নিজকে কিয় ‘আতুৰ’ হোৱা বুলি কৈছে?

উত্তৰঃ বিষয় বা সাংসাৰিক দুখত জৰ্জৰিত হোৱা বাবে।

17. কবিৰ বাবে ‘মহা ধন’ কি?

উত্তৰঃ হৰিৰ চৰণ দুখনি।

18. হৰিক ‘কৃপাৰ সাগৰ’ বুলি কিয় সম্বোধন কৰা হৈছে?

উত্তৰঃ কাৰণ হৰিৰ কৃপা পালে মানুহে মায়াৰ বন্ধনৰ পৰা মুক্তি পায়।

19. ‘ছোড়’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ছিঙি দিয়া বা ত্যাগ কৰা।

20. ‘ধিয়ায়’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ধ্যান কৰে বা সদায় চিন্তা কৰি থাকে।

21. ‘নিগম’ মানে কি?

উত্তৰঃ নিগম শাস্ত্ৰ বা নিবৃত্তি শাস্ত্ৰ (যি শাস্ত্ৰই মুক্তিৰ বাট দেখুৱায়)।

22. কাৰ হাতত শংকৰদেৱে তেওঁৰ বৰগীতসমূহ আওৰাবলৈ দিছিল?

উত্তৰঃ কমলা বায়ন নামৰ লোকৰ হাতত।

23. শংকৰদেৱৰ বৰগীতসমূহ কিহৰ জুইত জাহ গৈছিল (পুৰিছিল)?

উত্তৰঃ বনপোৰা জুইত।

24. ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি ভাষা?

উত্তৰঃ মৈথিলী ভাষা।

25. ব্ৰজাৱলী ভাষা কেতিয়াবা মানুহৰ কথিত ভাষা আছিলনে?

উত্তৰঃ নহয়, ই কোনো ঠাইৰে কথিত ভাষা নহয় (ই এক কৃত্ৰিম সাহিত্যিক ভাষা)।

26. অসমৰ বাহিৰে আন কোনবোৰ ঠাইত ব্ৰজাৱলী ভাষাৰ প্ৰচলন আছিল?

উত্তৰঃ বঙ্গ আৰু উৰিষ্যাত।

27. ব্ৰজাৱলী ভাষাটো কিয় শ্ৰুতিমধুৰ?

উত্তৰঃ স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে।

28. মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ কি বিষয়ক?

উত্তৰঃ শিশুকৃষ্ণৰ লীলা বিষয়ক।

29. বৰগীতত ভক্তি ৰসৰ উপৰিও আন কি কি ৰসৰ সমাৱেশ ঘটে?

উত্তৰঃ শান্ত, বাৎসল্য আৰু দাস্য ৰসৰ।

30. ‘সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা’— ইয়াত কাৰ মহিমাৰ কথা কোৱা হৈছে?

উত্তৰঃ হৰি বা ভগৱানৰ মহিমাৰ কথা।

HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. বৰগীতৰ চাৰিটা লক্ষণ লিখা। {2026}

2. ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুটোকা লিখা। {2025,18}

3. “তোমাৰ চৰণ দুই মোৰ মহাধন। 

ভকত জনেৰ নিজ তুমিসে জীৱন।।”

– কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি লিখা। {2025}

4. মাধৱদেৱ ৰচিত ঝুমুৰাসমূহৰ নাম লিখা। {2024}

5. মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে? {2024}

6. “সনক সনন্দ যোগী যাহাকু ধিয়ায়। 

সকল নিগমে যাক বিচাৰি নাপায়।।”

– ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে? {2024,19}

7. কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা {2023}

8. বৰগীতৰ দুটা লক্ষণ লিখা বা উল্লেখ কৰা। {2022}

9. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ আতুৰ ভৈলোহো হৰি বিষয় বিকলে। কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে। {2022}

10. “সহস্র বয়নে যাৰ নপাৱন্ত সীমা। অধমে জানিবো কেনে তোমাৰ মহিমা।।”- অধম কোন আৰু তেওঁ কাৰ কি গুণৰ মহিমা নাজানে বুলি কৈছে? {2022} 

11. বৰগীতৰ দুটা/তিনিটা লক্ষণ উল্লেখ কৰা। {2022,16}

12. কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিক কি কি ভাগত ভাগ কৰিব পাৰি উল্লেখ কৰা। {2020}

13. ব্যাখ্যা কৰা: {2020}

তোমাৰ চৰণ দুই মোৰ মহাধন। 

ভকত জনেৰ নিজ তুমি সে জীৱন।

অধমে জানিবো কেনে তোমাৰ মহিমা।

14. বৰগীত কবিতাটোৰ কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। {2020}

15. মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা। {2019}

16. সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

অধমে জানিবো কেনে তোমাৰ মহিমা।।

-অন্তর্নিহিত অর্থটি বুজাই লিখা। {2018}

17. ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুকৈ লিখা। {2017}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. বৰগীতৰ দুটা প্রধান বৈশিষ্ট্য লিখা। {Baksa,Tamulpur}

2. বৰগীতৰ দুটা লক্ষণ লিখা বা উল্লেখ কৰা। {Jorhat,Kamrup M,Nagaon,Salmara,Hojai, Nalbari}

3. চমুটোকা লিখা- ‘ব্ৰজাৱলী ভাষা’। {Jorhat}

4. মাধৱদেৱৰ সাহিত্যৰাজিক কি কি ভাগত ভগোৱা হৈছে? {Bajali}

4. মাধৱদেৱে ৰচনা কৰা দুখন ঝুমুৰাৰ নাম লিখা। {Barpeta}

5. মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগ সমূহ কি কি? {Lakhimpur}

6. সুৰ-বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? {Udalguri}

7. বৰগীতৰ লক্ষণ সমূহ লিখা। {Udalguri} 

8. মাধৱদেৱৰ ৰচনা সমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা। {Biswanath}

9. ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা। {Bongaigaon}

10. মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। {Darrang}

11. ‘সনক সনন্দ যোগী      যাহাকু ধিয়ায় 

          সকল নিগমে যাক বিচাৰি নাপায়।।’

– উক্ত কবিতাফাকিৰ ছন্দ নিৰ্ণয় কৰি সূত্ৰ লিখা। {Golaghat}

12. বৰগীতসমূহত মূলতঃ কি কি ৰসৰ সমাবেশ ঘটা দেখা যায়? {Majuli}

13. মাধৱদেৱৰ ৰচিত তত্বমূলক দুখন গ্ৰন্থৰ নাম লিখা। {Morigaon}

14. ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা? {Kokrajhar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়

    সকল নিগমে যাক বিচাৰি নাপায়।’ 

— তাৎপর্য বিচাৰ কৰা। {Bajali}

2. “আতুৰ ভৈলোহো হৰি বিষয় বিকলে।” 

– ইয়াত বিষয় বিকল মানে কি বুজাইছে? {Kamrup M}

3. আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

     কৰিয়ো উদ্ধাৰ মোক চৰণ কমল।।

   -কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি লিখা। {Udalguri} 

4. বৰগীতৰ তিনিটা লক্ষণ লিখা। {Tinisukia}

5.  ‘সহস্র বয়নে যাৰ নপাৱন্ত সীমা। 

     অধমে জানিবো কেনে তোমাৰ মহিমা।।’ 

– অন্তনির্হিত অর্থটি বুজাই লিখা। {Biswanath}

6. “সনক সনন্দ যোগী যাহাকু ধিয়ায়।

       সকল নিগমে যাক বিচাৰি নাপায়।।” 

– ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে, কিয় এনেদৰে কৈছে, চমুকৈ লিখা। {Darrang,Nalbari}

7. “সজাৰ মইনাটিৰ অনেক যুগুটি 

      দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।” 

 – কবিতাফাঁকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। {Dhubri}

8. চমুটোকা লিখা: {Majuli} 

(ক) বৰগীত   (খ) ব্ৰজাৱলী ভাষা

9. প্রসংগ সঙ্গতি দর্শাই ব্যাখ্যা কৰা: {Tamulpur}

“তোমাৰ চৰণ দুই মোৰ মহা ধন। 

ভকত জনেৰ নিজ তুমিয়ে জীৱন।।” 

10. বৰগীতৰ তিনিটা লক্ষণ লিখা। {Tinisukia}

11. “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।

   অধমে জানিবো কেনে তোমাৰ মহিমা।।” 

– কবিতাফাকিৰ অন্তর্নিহিত ভাবটি লিখা। {Nagaon}

12. “কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।

      কাতৰ কৰিয়ো লৈলো শৰণ তোমাৰ।।”

 -কবিয়ে কিয় কৃপা কৰা বুলি কাতৰ অনুৰোধ জনাইছে? {Kokrajhar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. বৰগীত কবিতাটোৰ মূলভাৱ লিখা। {Kamrup R,Tinisukia,Dhubri,Golaghat,Salmara}

2. ব্যাখ্যা কৰা: {Baksa}

আতুৰ ভৈলোহো হৰি বিষয়ে বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।

3. বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা? {Sonitpur}

4. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ {Golaghat}

  “মোহন কীচক বেণু অনাহত ছন্দে 

    গায় মহামহিৰ গান, 

    মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ 

    সুন্দৰৰ কৰা ৰূপধ্যান।”

5. ব্যাখ্যা কৰা: {Morigaon,Hojai}

“তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।।” 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!

দশম শ্ৰেণী অসমীয়া অধ্যায় 1 (বৰগীত) – সঘনাই সোধা প্ৰশ্ন (FAQs)

বৰগীত পাঠটিৰ ৰচক কোন?
দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘বৰগীত’ পাঠটিৰ ৰচক হ’ল মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ। ইয়াত শ্ৰীকৃষ্ণৰ শিশু লীলা বৰ্ণনা কৰা হৈছে।
এই প্ৰশ্ন বেংকত (Question Bank) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত পাঠভিত্তিক সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, পাঠভিত্তিক ব্যাকৰণ, আৰু পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ (PYQ) সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (Assam State School Education Board) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
বৰগীত পাঠৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top