দশম শ্ৰেণী অসমীয়া অধ্যায় 13 – কানাইৰ চাতুৰী সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 13 – কানাইৰ চাতুৰী (শ্ৰীধৰ কন্দলি) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ত্ৰয়োদশ অধ্যায় ‘কানাইৰ চাতুৰী’ কবি শ্ৰীধৰ কন্দলিৰ দ্বাৰা ৰচিত এখন অতি সুন্দৰ আৰু ৰসাল কবিতা। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 13 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘কানাইৰ চাতুৰী’ নামৰ এই কবিতাটিত শিশু শ্ৰীকৃষ্ণৰ (কানাই) দুষ্টামি, তেওঁৰ লীলা-খেলা আৰু মাতৃ যশোদাৰ প্ৰতি থকা মৰম তথা তেওঁলোকৰ মাজৰ মধুৰ সম্পৰ্কৰ সুন্দৰ বৰ্ণনা দাঙি ধৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- কানাইৰ চাতুৰী কবিতাৰ মূল ভাৱ, শ্ৰীকৃষ্ণৰ শিশু লীলা আৰু শ্ৰীধৰ কন্দলিৰ কাব্যিক শৈলীৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- কানাইৰ চাতুৰী পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
কানাইৰ চাতুৰী ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. কপিল মুনিৰ মাতৃ কোন আছিল? {2026,22,18,16}
উত্তৰঃ কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।
2. দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? {2024,22,17}
উত্তৰঃ মোহিনী ৰূপ ধাৰণ কৰিছিল।
3. ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তর্গত? {2023}
উত্তৰঃ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত।
4. কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰঃ দেৱহতি আছিল।
5. শ্রীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন? {2019}
উত্তৰঃ শ্রীকৃষ্ণৰ প্ৰকৃত মাতৃ ‘দৈৱকী’ আছিল ।
6. ছয়ৰতি সোণৰ বংশী গড়ায় নেদ
ৰাজ পটেশ্বৰী হুই
— ইয়াত ৰাজপটেশ্বৰী বুলি কাক কৈছে? {2020}
উত্তৰঃ যশোদা মাৱক বুজাইছে।
7. “ব্রহ্মা আদি কৰি যত চৰাচৰ
মোক সেৱা কৰি যাই।”
ইয়াত ব্রহ্মা আদি আদি চৰাচৰে কাক সেৱা কৰে? {2019}
উত্তৰঃ শ্রীকৃষ্ণক সেৱা কৰি যায়।
8. দৈৱকী উদৰে উদয় যোহি দেৱা
– ইয়াত ‘যোহি দেৱা’ বুলি কাক কৈছে? {2018}
উত্তৰঃ শ্রীকৃষ্ণক কৈছে।
9. কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? {2017,16}
উত্তৰঃ বামন ৰূপ ধাৰণ কৰি।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল? {Baksa,Salmara}
উত্তৰঃ গোপ শিশুসকলে আহি যশোদাক কৈছিল।
2. কপিল মুণিৰ মাতৃ কোন আছিল? {Barpeta,Lakhimpur}
উত্তৰঃ কপিল মুনিৰ মাতৃৰ নাম দেৱহূতি আছিল।
4. ‘বেদনাৰ উল্কা’ কাৰ ৰচনা? {Jorhat}
উত্তৰঃ ‘বেদনাৰ উল্কা’ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচন।
5. গোপ শিশুসকলে কিহৰ কাৰণে পুৱা কৃষ্ণক জগাবলৈ আহিছিল? {Kamrup M}
উত্তৰঃ গোপ শিশুসকলে কৃষ্ণৰ সৈতে খেলিবৰ বাবে জগাবলৈ আহিছিল।
6. দেৱতাসকলক অমৃত খোৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? {Udalguri,Dhubri}
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই ‘মোহিনী’ ৰূপ ধাৰণ কৰিছিল।
7. ‘কানাইৰ চাতুৰী’ নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ অন্তৰ্গত? {Nalbari,Biswanath}
উত্তৰঃ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত।
8. কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? {Bongaigaon,Darrang,Nagaon}
উত্তৰঃ সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক ‘কপিল’ মুনি।
9. ‘ছয়ৰতি সোণাৰ বংশী গড়ায় নেদ ৰাজ পটেশ্বৰী হুই’ – ইয়াত ৰাজ পটেশ্বৰী বুলি কাক কোৱা হৈছে? {Golaghat}
উত্তৰঃ ইয়াত ৰাজ পটেশ্বৰী বুলি যশোদাক (ব্যঙ্গ কৰি) কোৱা হৈছে।
10. কপিল মুনিৰ মাতৃৰ নাম কি? {Hojai}
উত্তৰঃ দেৱহূতি।
11. গঙ্গাক শিৰত কোনে ধাৰণ কৰিলে? {Majuli}
উত্তৰঃ মহেশে (শিৱই)।
12. দেৱতাসকলক অমৃত খোৱাবলৈ শ্ৰীকৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল? {Morigaon}
উত্তৰঃ মোহিনী ৰূপ।
13. শ্রীধৰ কন্দলীয়ে লিখা এখন কাব্যৰ নাম লিখা? {Kokrajhar}
উত্তৰঃ ‘কাণখোৱা’ (বা ‘ঘুনুচা কীৰ্ত্তন’)।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. শ্ৰীকৃষ্ণৰ মোমায়েকৰ নাম কি?
উত্তৰঃ শ্রীকৃষ্ণৰ মোমায়েকৰ নাম কংস।
2. দেৱহুতি কোন?
উত্তৰঃ দেৱহুতি কদম মুনি আৰু স্বায়ম্ভূৱ মুনিৰ কণ্যা আৰু কপিল মুনিৰ মাতৃ।
3. ঘুনুচা কীৰ্ত্তন’ কোনে ৰচনা কৰিছিল?
উত্তৰঃ শ্রীধৰ কন্দলীয়ে ৰচনা কৰিছিল।
4. শ্রীধৰ কন্দলী ৰচিত এখন কাব্যৰ নাম লিখা।
উত্তৰঃ ‘ঘুনুচা কীৰ্ত্তন’।
5. কৃষ্ণই ক’লৈ গুচি যাব বুলি মাক যশোদাক কৈছে?
উত্তৰঃ কৃষ্ণই মথুৰা পুৰীলৈ গুচি যাব বুলি মাক যশোদাক কৈছে।
6. “দুর্যশ কলংক দুখ সুমৰন্তে,” ইয়াত ‘সুমৰন্তে’ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ‘সুঁৱৰি’।
7. ‘চক্রপাণি’ বুলি পাঠটিৰ কাক বুজোৱা হৈছে?
উত্তৰঃ ‘চক্রপাণি’ বুলি শ্ৰীকৃষ্ণক বুজোৱা হৈছে।
8. ‘কাণখোৱা’ পুথিখন কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?
উত্তৰঃ নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে।
9. কৃষ্ণৰ নাভিপদ্মৰ পৰা কোনে জন্ম লৈছিল?
উত্তৰঃ ব্ৰহ্মাই জন্ম লৈছিল।
10. কৃষ্ণই নিজৰ কঁকালখনি কিহৰ দৰে বুলি আক্ষেপ কৰিছে?
উত্তৰঃ হাতমুষ্টিৰ দৰে বুলি আক্ষেপ কৰিছে।
11. শ্রীধৰ কন্দলীৰ ‘কানাইৰ চাতুৰী’ কবিতাটো কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰ : ‘কাণখোৱা’ পুথিৰ পৰা লোৱা হৈছে।
12. বিষ্ণুৰ পঞ্চম অৱতাৰ কি?
উত্তৰঃ ‘বামন’ বিষ্ণুৰ পঞ্চম অৱতাৰ।
13. কৃষ্ণই কিমানদিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰঃ চাৰি পাঁচ দিন নুঠাকৈ আৰু নোখোৱাকৈ থাকিম বুলি কৈছে।
14. কাণখোৱা পুথিখন কোনে লিখা?
উত্তৰঃ শ্রীধৰ কন্দলীয়ে লিখা।
15. নটুৱা মানে কি?
উত্তৰঃ মতা বা তিৰোতাৰ বেশ লৈ নচা ল’ৰা।
16. কানাইৰ চাতুৰী পাঠটি কোনখন পুথিৰ পৰা পাঠ হিচাপে দিয়া হৈছে?
উত্তৰঃ কানাইৰ চাতুৰী পাঠটি ‘কাণখোৱা’ পুথিৰ পৰা পাঠ হিচাপে দিয়া হৈছে।
17. মহেশে (শিৱই) কৃষ্ণৰ চৰণৰ পানী ক’ত ধাৰণ কৰিছিল?
উত্তৰঃ শিৰত (মূৰত) ধাৰণ কৰিছিল।
18. কৃষ্ণৰ বিশ্বৰূপ দেখি কোনে ভয়ত ঢলি পৰিছিল?
উত্তৰঃ ত্রিদশ বা দেৱতাসকল ঢলি পৰিছিল।
19. ‘কুকুহা’ শব্দৰ অৰ্থ কি?
উত্তৰঃ কুকুহা এবিধ কাউৰীৰ সমান ডাঙৰ চৰাই (বা জপৰা চুলি)।
20. কৃষ্ণই মাকক কিমান ৰতি সোণেৰে বাঁহী গঢ়াই নিদিয়াৰ বাবে অভিযোগ কৰিছে?
উত্তৰঃ ছয়ৰতি সোণেৰে।
21. ‘চৌপৰ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ চাৰি প্ৰহৰ।
22. সাংখ্য দৰ্শনৰ প্ৰবৰ্তক কোন আছিল?
উত্তৰঃ কপিল মুনি।
23. পুৰাণত উল্লিখিত ৰজা বেনৰ পুত্ৰজনৰ নাম কি?
উত্তৰঃ পৃথু।
24. কৃষ্ণৰ মতে তেওঁ বাঁহী বজালে ওঁঠ ফাটি কি নিগৰি যায়?
উত্তৰঃ তেজ নিগৰি যায়।
25. ‘কটাহ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ঢাকনি বা আৱৰণ (ব্ৰহ্মাণ্ডৰ খোলা)।
26. কৃষ্ণই কি পিন্ধি লৱৰি ফুৰো বুলি মাকক কৈছিল?
উত্তৰঃ নটুৱা টনা (ফটা বা সৰু কাপোৰ) পিন্ধি।
27. ‘হাৰলি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ অতি মৰমৰ।
28. অসুৰৰ ভয়ত দেৱতাসকলে কাক চিন্তা কৰিছিল?
উত্তৰঃ হৰি বা শ্ৰীকৃষ্ণক চিন্তা কৰিছিল।
29. কৃষ্ণৰ চুলিত কি পৰি জটা বান্ধিছিল?
উত্তৰঃ গৰু-ধূলি পৰি।
30. ‘জগতে হাসয়’ – অৰ্থাৎ জগতে কাক দেখি হাঁহে বুলি কৃষ্ণই কৈছে?
উত্তৰঃ কাঠবাঁজী বা সন্তানহীন তিৰোতাক দেখি।
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1.“তথাপি তোহাক। দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।”
এইষাৰ কাৰ উক্তি? কাক দেখি, তেওঁৰ ভয়তে জীউ উৰি যায়, বুজাই লিখা। {2026,22,18}
2. “মোহিনী স্বৰূপে, অমৃত পিয়ালো
সাধিলো দেৱৰ কাম,”
কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুবাই দেৱতাৰ কাৰ্য সাধন কৰিছিল; খৰচি মাৰি লিখা। {2025}
3. কপিল মুনিৰ চমু পৰিচয় দিয়া। {2025}
4. “গাততে পোততে পেটাৰি বান্ধন্তে
ধনত লাগিবে জুই।।”
-ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে? {2024}
5. ব্ৰহ্মাণ্ডৰ সুখে থাকিলো যশোদা
কৃষ্ণৰ বদন চাই।
– যশোদাই কেনে সুখ লাভ কৰিছিল বৰ্ণনা কৰা। {2023}
6. শ্রীকৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ৰূপ ধাৰণ কৰি কোনে কাৰ্য সাধন কৰিছিল সহায়ত বুজাই লিখা। {2022,18}
7. মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? {2020}
8. “মোহোৰ মুখত লাজ লাগে বৰ।
তোহোৰ গুণ কহন্তে।”
– কাৰ গুণৰ কথা কোৱা কৈছে? এই গুণবোৰ ক’বলৈ বক্তাৰ কিয় লাজ লাগে, বর্ণনা কৰা। {2019}
9. ‘কানাইৰ চাতুৰী’ কবিতাটোৰ মূলভাব লিখা। {2019}
10. “কথাক কহন্তে ক্রন্দন আসয় যত অপমান পাওঁ।”
-ইয়াত কোনে, কিঅপমান পোৱাৰ কথা কোৱা হৈছে? {2018}
11. “গাততে পোততে পেটাবি বান্ধতে ধনত লাগিল জুই।”- ইয়াত কোনে, কিয় ধনত জুই লাগিব বুলি কৈছে? {2017}
12. “আন কাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি।”
কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা। {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? {Bajali}
2. বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? {Jorhat}
3. ‘বামন’ৰ চমু পৰিচয় দিয়া। {Kamrup M}
4. মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল লিখা। {Lakhimpur}
5. “মোহিনী স্বৰূপ অমৃত পিয়ালো সাধিলো দেৱৰ কাম।” – কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? {Udalguri}
6. “তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।”
– এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায়, বুজাই লিখা। {Bongaigaon}
7. চমু টোকা লিখা : (ক) বামন, (খ) দৈৱকী {Golaghat}
8. ‘কথাক কহন্তে ক্রন্দন আসয় যত অপমান পাওঁ।’ – ইয়াত কোনে, কি অপমান পোৱাৰ কথা কোৱা হৈছে? {Hojai}
9. ভট্টদেৱক পণ্ডিতসমাজে কি কি উপাধি প্রদান কৰিছিল? {Majuli}
10. শ্রীধৰ কন্দলীয়ে ৰচনা কৰা কাব্য দুখন কি কি? {Majuli,Morigaon}
12. কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে? {Salmara}
13. মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? {Kokrajhar}
14. চমুটোকা লিখা: শ্রীধৰ কন্দলী। {Tamulpur}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। {Bajali}
2. বিষ্ণুৰ পঞ্চম অৱতাৰটো কি? এই অৱতাৰ ধাৰণ কৰি তেওঁ কাক ছলনা কৰিছিল? {Kamrup R}
3.। চমুটোকা লিখা: {Kamrup R}
{i} কপিল {ii} দেবহুতি
4. কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ৰূপ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ সহায়ত বুজাই লিখা। {Udalguri,Dhubri}
6.”আন কাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি।” কোনে কাক উদ্দেশ্য কৰি এইদৰে কৈছে, বুজাই লিখা। {Dhubri}
7. ‘মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেবৰ কাম’
– কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেবতাৰ কাৰ্য সাধন কৰিছিল? {Golaghat}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “মোহৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে।”
— কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ কবলৈ বক্তাৰ কিয় লাজ লাগে, বর্ণনা কৰা। {Baksa}
2. ‘আনকাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি।’ -কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে বুজাই লিখা। {Kamrup M}
3. মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। {Tamulpur}
4. “ব্রহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই।” – যশোদাই কেনে সুখ লাভ কৰিছিল বর্ণনা কৰা। {Nalbari}
5. কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা। {Biswanath,Bongaigaon,Lakhimpur,Salmara}
6. “মোহোৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে।”
– কাৰ গুণৰ কথা কোৱা হৈছে? এই গুণবোৰ ক’বলৈ বক্তাৰ কিয় লাজ লাগে বৰ্ণনা কৰা। {Darrang,Nagaon}
7. মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা। {Hojai}
8. ‘কানাইৰ চাতুৰী’ কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে কেনেকৈ ৰক্ষা কৰিলে? {Majuli}
9. মাকৰ কি কি গুণৰ কথা ক’বলৈ শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি কৈছিল তোমাৰ নিজৰ ভাষাৰে বিৱৰি লিখা। {Morigaon}
10. ব্যাখ্যা কৰাঃ – {Kokrajhar}
“দৈৱকী আইত মোৰ ঘৰ বুলি
থাকিব তাহান পাশ।
আমাক দেখিবে লাগিয়া তোহাৰ
হৈৰ বৰ হাবিয়াস।”



