দশম শ্ৰেণী অসমীয়া অধ্যায় 4 – মই অসমীয়া সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 4 – মই অসমীয়া (ছৈয়দ আব্দুল মালিক) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘মই অসমীয়া’ বিশিষ্ট সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ কবিতা। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 4 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘মই অসমীয়া’ নামৰ এই কবিতাটিত অসমীয়া জাতিৰ বীৰত্ব, স্বদেশপ্ৰেম, জাতীয়তাবাদ আৰু অসমৰ প্ৰাকৃতিক তথা সাংস্কৃতিক বৈচিত্ৰ্যৰ সুন্দৰ প্ৰকাশ ঘটিছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- মই অসমীয়া কবিতাৰ মূল ভাৱ, স্বদেশপ্ৰেম আৰু ছৈয়দ আব্দুল মালিকৰ জাতীয়তাবাদী চিন্তাৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- মই অসমীয়াৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
মই অসমীয়া ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? {2026}
উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।
2. অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? {2025}
উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহকণী, চাউলেৰে দেউল সাজিছিল।
3. অসমৰ হেংদাং ক’ত জিলিকিছিল? {2024,20}
উত্তৰঃ অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল।
4. অসমীয়া সাহিত্যত ‘গল্প সম্রাট’ বুলি কাক কোৱা হয়? {2023}
উত্তৰঃ চৈয়দ আব্দুল মালিকক।
5. চৈয়দ আব্দুল মালিকৰ একমাত্র কবিতা পুথিখনৰ নাম লিখা। {2022}
উত্তৰঃ ‘বেদুইন’ চৈয়দ আব্দুল মালিকৰ একমাত্র কবিতা পুথি।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. অসমৰ হেংদাং ক’ত জিলিকিছিল? {Bajali,Sonitpur,Nalbari}
উত্তৰঃ দুপৰৰ পূৰ্ণ আলোকত।
2. ‘গল্প সম্রাট’ বুলি কাক কোৱা হয়? {Baksa}
উত্তৰঃ চৈয়দ আব্দুল মালিকক।
3. ‘ৰঙা কৰবীৰ ফুল’ গ্ৰন্থখন কাৰ ৰচনা? {Barpeta}
উত্তৰঃ হেম বৰুৱা।
4. অসমীয়া সকলে কিহেৰে পেঁপা সাজিছিল? {Tamulpur}
উত্তৰঃ ম’হৰ শিঙেৰে।
5. হেংদাং কি? {Kamrup R}
উত্তৰঃ আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।
6. অসমীয়া সাহিত্যত ‘গল্প সম্রাট’ বুলি কাক কোৱা হয়? {Bongaigaon,Darrang,Nagaon}
উত্তৰঃ চৈয়দ আব্দুল মালিকক।
7. কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰে? {Golaghat}
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে।
8. অসমৰ পুঠিয়ে কাণত কি পিন্ধে বুলি কবিয়ে কৈছে? {Majuli}
উত্তৰঃ সোণৰ থুৰীয়া।
9. অসমীয়া সকলে কিহেৰে তৈয়াৰী পেঁপা বজায়? {Morigaon}
উত্তৰঃ ম’হৰ শিঙেৰে।
10. ‘মই অসমীয়া’ কবিতাটোৰ কবিৰ কি ভাব প্রকাশ পাইছে? {Kokrajhar}
উত্তৰঃ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা।
11. মোগলসকলে অসমৰ ক’ত ভৰি দিছিল? {Kamrup M}
উত্তৰঃ অসমৰ সেউজীয়া দূবৰি বনত।
12. ‘বেদুইন’ কাৰ ৰচনা? {Barpeta}
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. ‘সূৰুযমুখীৰ স্বপ্ন’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
2. চৈয়দ আব্দুল মালিকৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ গোলাঘাট জিলাৰ নাহৰণিত।
3. চৈয়দ আব্দুল মালিকৰ মৃত্যু কোন চনত হৈছিল?
উত্তৰঃ ২০০০ চনত।
4. ১৯৭৭ চনৰ অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
5. ‘মই অসমীয়া’ কবিতাটোত উল্লেখ কৰা ‘কিন্নৰ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ কুবেৰৰ পাৰিষদ বা দেৱলোকৰ গায়ন।
6. অসমৰ সেনানীয়ে কি খাই বল পোৱা বুলি কবিতাটোত উল্লেখ আছে?
উত্তৰঃ শুকান সান্দহ আৰু পানী আঁজলিত।
7. চৈয়দ আব্দুল মালিকৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ‘স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’ (বা ‘ছন্দহাৰৰ কবিতা’)।
8. কবিয়ে কবিতাটোত কাৰ গীত শুনি শিল পমি যায় বুলি কৈছে?
উত্তৰঃ অসমীয়াৰ মুখৰ মাত বা গীত শুনি।
9. অসমৰ নদীৰ বালিত কি ভৰা থাকে?
উত্তৰঃ সোণ ঢেঁকুৰীয়া।
10. ভেকুলীয়ে কপালত কি লৈ সুৱাগী সজায়?
উত্তৰঃ ফোঁট লৈ।
11. “নিষ্কর্মা ধোদৰ দলে বান্ধে ৰাজ আলি”- এই শাৰীটোৰ ‘ধোদ’ মানে কি?
উত্তৰঃ অতি এলেহুৱা লোক।
12. মোগলে অসমত ভৰি দি কি গীত গাইছিল?
উত্তৰঃ আপোনাৰ বা নিজৰ বিজয়ৰ গান।
13. অসমৰ জীয়ৰী-বোৱাৰীয়ে হাতীৰ দাঁতেৰে কি তৈয়াৰ কৰে?
উত্তৰঃ খৰমৰ চুলা।
14. অসমীয়া মানুহে ভৰি ক’ত ধোৱে?
উত্তৰঃ পোৱালৰ ভৰা দলঙত।
15. অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল বা মন্দিৰ সজায়?
উত্তৰঃ হাঁহ-কণী আৰু চাউলেৰে।
16. কবিয়ে মৃত্যুবৰণ কৰাৰ সময়ত কি বুলি কৈ যাব বিচাৰে?
উত্তৰঃ ‘যাওঁ’ বুলি কৈ যাব বিচাৰে।
17. চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাসৰ বাবে।
18. মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল।
19. মৰকত কি?
উত্তৰঃ মৰকত হল এবিধ সেউজীয়া মনি।
20. হেংদাং কি?
উত্তৰঃ হেংদাং আহোম সেনাপতিয়ে ব্যৱহাৰ কৰা এবিধ তৰোৱাল।
21. ‘মই অসমীয়া’ কবিতাটিৰ ৰচক কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
22. অসমত বাৰটি ‘সাগৰ’ বা পুখুৰী খানি কোনে ৰংঘৰ-কাৰেংঘৰ ৰচিছিল?
উত্তৰঃ নিষ্কৰ্মা ধোদৰ দলে।
23. চৈয়দ আব্দুল মালিকৰ গল্পৰ আধাৰত নিৰ্মিত এখন কথাছবিৰ নাম লিখা।
উত্তৰঃ মমতাজ।
24. ‘পোৱাল’ শব্দৰ অৰ্থ কি?
উত্তৰঃ সাগৰীয় শামুকৰ পৰা উৎপন্ন হোৱা এবিধ মূল্যৱান সামগ্ৰী বা প্ৰবাল।
25. “জাতিষ্কাৰ” শব্দৰ অৰ্থ কি?
উত্তৰঃ জকমকীয়া বা উত্তমৰূপে সজোৱা।
26 ‘জেতুকা পাতৰ দৰে’ উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
27. ‘স্বাক্ষৰ’ কবিতাপুথিখনৰ ৰচক কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
28. “বেদুইন” পুথিখন কাৰ ৰচনা?
উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ৰচনা।
29. ‘মই অসমীয়া’ কবিতাটোত কবিয়ে কিহত বন্দী হৈ চিৰকাল থাকিব খোজে?
উত্তৰঃ অসমৰ মাটিৰ মায়াত।
30. ‘ধন্য নৰতনু ভাল’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘মই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা। {2026,24,20}
2. ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে? {2025}
3. ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। {2025}
4. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ব বুলি । ভাবিছে, বুজাই লিখা। {2024}
5. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।{2023}
6. “অসমৰ হেংদাং জিলিকিল
দুপৰৰ পূৰ্ণ আলোকত”
– কবিতাফাঁকিৰ তাৎপর্য লিখা। {2022}
7. ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰবৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। {2022}
8. “ক’ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আঁজলিত।।”
– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা। {2020}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। {Baksa,Dhubri}
2. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগল সকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে, বুজাই লিখা। {Lakhimpur}
3. “মই অসমীয়া” কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কি দৰে ফুটি উঠিছে বুজাই লিখা। {Udalguri}
4. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে, বুজাই লিখা। {Bongaigaon}
5. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে? {Dhubri}
6. ‘মই অসমীয়া’ কবিতাটিত কবিয়ে কিয় মৰাৰ পিছতো পুনৰ অসমত জনম ল’ম বুলি ভাবিছে? {Hojai}
7. “যখৰ পোৱালিহঁতে কাক কোনে চায়।” – ইয়াত ‘যখৰ পোৱালি’ বুলি কোনে, কাক কৈছে? {Majuli}
8. চৈয়দ আব্দুল মালিকৰ ৰচিত কাহিনীৰ আধাৰত নিৰ্মিত হোৱা দুখন চলচিত্ৰৰ নাম লিখা। {Morigaon}
9. কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে লিখা। {Tinsukia}
10. ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে চমুকৈ লিখা। {Nagaon}
11. শুকান সান্দহ মানে কি? {Salmara}
12. ‘The Sentinel’ কাকতখনৰ সম্পাদক কোন আছিল? {Salmara}
13. “অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ,
জ্বলি ইয়াতে শেষ হয় জীবনৰ ধূপ।”
– কবিয়ে কিয় জীৱনৰ ধূপ ইয়াতেই জ্বলি শেষ হোৱাটো বিচাৰিছে? {Kokrajhar}
14. কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা: {Bajali}
‘ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত।’
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। {Biswanath}
2. । ব্যাখ্যা কৰাঃ {Dhubri}
“অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলোকত”
– কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। {Bajali}
2. ‘মই অসমীয়া’ কবিতাটোৰ মূলভাৱ লিখা । {Kamrup M,Lakhimpur} {Nalbari,Tamulpur}
3. কবিজনৰ নাম উল্লেখ কৰি ‘মই অসমীয়া’ কবিতাটিৰ মূলভাব লিখা।
4. ‘মই অসমীয়া’ কবিতাটিত কবিৰ দেশপ্রেমৰ ভাব কিদৰে প্রকাশ পাইছে বর্ণনা করা।
5. ব্যাখ্যা কৰা।- {Jorhat,Sonitpur}
জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্ৰাণ-মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
6. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।- {Kamrup R}
মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া,
‘অসমত কন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়া।।
7. ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা। {Bongaigaon}
8. অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। {Darrang}
9. পৰাজিত মোগলসকলৰ চকুত অসমৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰকাশ পাইছে কবিতাটিৰ আধাৰত লিখা। {Majuli}
10. ‘মই অসমীয়া’ কবিতাটিৰ সাৰাংশ লিখা। {Morigaon}
11. ব্যাখ্যা কৰাঃ {Tinsukia}
মোগলে এবাৰ পালে শকতিৰ নব পৰিচয়
দেশ-প্রাণ, মুক্তপ্রাণ, অসমৰ স্বদেশ ভকতি
12. প্রসংগ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ {Salmara}
“জীৱনে মৰনে মই চিৰদিন অসমীয়া
অসমীয়া দেহ প্রাণ মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।”
13. ব্যাখ্যা কৰাঃ {Kokrajhar}
“মোগলে উভতি চালে-
এয়েই অসম, চৌদিশে ধূসৰ পাহাৰ,
প্ৰতিটো বনৰ পাত জাংফাই, মিনা কৰা, ৰূপজাতিস্কাৰ।”
13. ব্যাখ্যা কৰাঃ {Golaghat}
“মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ-বিনন্দীয়া,
অসমত বন্দী হ’ল; অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়া।।”

