দশম শ্ৰেণী অসমীয়া অধ্যায় 5 – দৃশ্যান্তৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 5 – দৃশ্যান্তৰ (হৰেকৃষ্ণ ডেকা) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘দৃশ্যান্তৰ’ বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 5 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘দৃশ্যান্তৰ’ নামৰ এই পাঠটিত আধুনিক সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন, মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় আৰু বৰ্তমান সময়ৰ সমাজ জীৱনৰ বাস্তৱ চিত্ৰ অতি নিপুণভাৱে দাঙি ধৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- দৃশ্যান্তৰ পাঠৰ মূল ভাৱ, সামাজিক প্ৰেক্ষাপট আৰু হৰেকৃষ্ণ ডেকাৰ সাহিত্যিক দৃষ্টিভংগীৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- দৃশ্যান্তৰৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
অধ্যায়-5 অস্পিন একাডেমী
দৃশ্যান্তৰ ![]()
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? {2026}
উত্তৰঃ কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল।
2. কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? {2025}
উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
3. নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? {2024,17}
উত্তৰঃ নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কুকুৰী কণা আছিল।
4. পঁজা ঘৰটিত মানুহজনে কেনেদৰে আছিল? {2023}
উত্তৰঃ পঁজা ঘৰটিত মানুহজনে বৰ শান্তিৰে আছিল।
5. হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি? {2020}
উত্তৰঃ হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটো ‘অসম উপত্যকা সাহিত্য বঁটা’।
6. ‘কাকিনী তামোল’ শব্দৰ অৰ্থ কি? {2018}
উত্তৰঃ ‘কাকিনী তামোল’ শব্দৰ অৰ্থ বৰ ওখ তামোল গছ।
7. কবি হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম কি? {2018}
উত্তৰঃ ‘আগন্তুক’।
8. ‘দৃশ্যান্তৰ’ৰ অৰ্থ কি? {2017}
উত্তৰঃ ‘দৃশ্যান্তৰ’ৰ মানে দৃশ্য সলনি হোৱা।
9. ‘দৃশ্যান্তৰ’ কবিতাত কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে? {2016}
উত্তৰঃ পঁচিশ বছৰৰ পাছত মানুহজনক লগ পোৱা বুলি উল্লেখ কৰিছে।
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
1. হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? {Bajali,Tinsukia}
উত্তৰঃ আগন্তুক।
2. কবিয়ে বৃদ্ধ মানুহজনক কিমান বছৰৰ পাছত লগ পোৱা বুলি কৈছিল? {Baksa}
উত্তৰঃ পঁচিশ বছৰৰ পাছত।
3. হৰেকৃষ্ণ ডেকাই সাহিত্য অকাডেমী বঁটা কেতিয়া লাভ কৰিছিল? {Barpeta}
উত্তৰঃ ১৯৮৭ চনত।
4. নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? {Jorhat}
উত্তৰঃ কুকুৰীকণা মানুহজনে।
5. “ন্যুব্জ” শব্দৰ অৰ্থ কি? {Kamrup M,Majuli}
উত্তৰঃ ‘ন্যুজ্ব দেহ’ শব্দটোৰ অৰ্থ কুঁজা দেহ।
6. পঁজা ঘৰটিত মানুহজনে কেনেদৰে আছিল? {Lakhimpur}
উত্তৰঃ বৰ শান্তিত আছিল।
7. কবি হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম কি? {Sonitpur,Udalguri}
উত্তৰঃ আগন্তুক।
8. প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? {Udalguri}
উত্তৰঃ কুকুৰীকণা (গধূলি বা ৰাতি নেদেখা মানুহ)।
9. নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল? {Nalbari,Bongaigaon}
উত্তৰঃ কুকুৰীকণা (গধূলি বা ৰাতি নেদেখা মানুহ)।
10. ‘দৃশ্যান্তৰ’ৰ অৰ্থ কি? {Darrang}
উত্তৰঃ ভিন্ন বা অন্য দৃশ্য (বা এটা দৃশ্যৰ পৰা অন্য এটা দৃশ্য হোৱা)।
11. ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিত কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? {Hojai}
উত্তৰঃ পঁচিশ বছৰৰ আগতে।
12. ‘দৃশ্যান্তৰ’ কবিতাটিৰ কবিজনৰ নাম কি? {Morigaon}
উত্তৰঃ হৰেকৃষ্ণ ডেকা।
13. হৰেকৃষ্ণ ডেকাৰ এখন কবিতা পুথিৰ নাম লিখা। {Tamulpur}
উত্তৰঃ ৰাতিৰ শোভাযাত্রা (বা আন এজন, Sea-Scare)।
14. ‘গ্ৰেছিয়াম আৰ্ণ’ কবিতাটোৰ কবি কোন? {Tamulpur}
উত্তৰঃ হৰেকৃষ্ণ ডেকা।
15. মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল? {Nagaon}
উত্তৰঃ আগলি বাঁহ।
16. পঁচিশ বছৰৰ আগতে -আলি কেকুৰিটো কেনে আছিল? {Kokrajhar}
উত্তৰঃ কেঁচা আছিল।
17. কাকিনী তামোল শব্দৰ অৰ্থ কি? {Biswanath}
উত্তৰঃ ‘কাকিনী তামোল’ শব্দৰ অৰ্থ হল বৰ ওখ তামোল গছ ।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. কবি হৰেকৃষ্ণ ডেকাৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ তিনিচুকীয়াত।
2. হৰেকৃষ্ণ ডেকাই কোন চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ১৯৫৯ চনত।
3. হৰেকৃষ্ণ ডেকাই কৰ্মজীৱনৰ আৰম্ভণিতে কোনখন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰঃ গুৱাহাটীৰ কমাৰ্চ কলেজত।
4. হৰেকৃষ্ণ ডেকাই আৰক্ষী বিভাগৰ কোনটো পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ আৰক্ষী সঞ্চালক (DGP) হিচাপে।
5. হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?
উত্তৰঃ গৰীয়সী।
6. হৰেকৃষ্ণ ডেকাই ‘অসম উপত্যকা সাহিত্য বঁটা’ কেতিয়া লাভ কৰিছিল?
উত্তৰঃ ২০১০ চনত।
7. হৰেকৃষ্ণ ডেকাই ১৯৯৬ চনত কি বঁটা লাভ কৰিছিল?
উত্তৰঃ কথা বঁটা।
8. হৰেকৃষ্ণ ডেকাৰ এখন গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ ‘মধুসূদনৰ দলং’ (বা ‘বন্দীয়াৰ’, ‘মৃত্যুদণ্ড’)।
9. হৰেকৃষ্ণ ডেকাৰ ‘ৰাতিৰ শোভাযাত্রা’ কি শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰঃ কবিতা পুথি।
10. কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাওঁতে আকাশ ধিয়াই কি গছ আছিল?
উত্তৰঃ কাকিনী তামোল।
11. পঁচিশ বছৰৰ আগতে ঘৰৰ দাঁতিত থকা আগলি বাঁহজোপাই কি ভংগীত ৰৈ আছিল?
উত্তৰঃ নমস্কাৰ ভংগীত।
12. কুকুৰীকণা মানুহজনে পঁজাটিৰ ভিতৰত কেনেদৰে থকা বুলি কৈছিল?
উত্তৰঃ বৰ শান্তিত থকা বুলি কৈছিল।
13. কবিয়ে বৰ্তমান সময়ত লগ পোৱা বৃদ্ধ মানুহজনৰ দেহটো কেনেকুৱা আছিল?
উত্তৰঃ ন্যুজ দেহ (কুঁজা দেহ)।
14. বৃদ্ধ মানুহজনে কবিক কিহৰ তলেৰে সন্দেহেৰে চাইছিল?
উত্তৰঃ চশমাৰ তলেৰে।
15. বৃদ্ধ মানুহজনে কবিক কি বিচাৰি অহা বুলি সুধিছিল?
উত্তৰঃ ভাৰাঘৰ।
16. বৃদ্ধ মানুহজনে অট্টালিকাৰ বা ঠাইখনক কিহৰ মহলা বুলি কৈছে?
উত্তৰঃ কুবেৰৰ মহলা।
17. চহৰীয়া অট্টালিকাত মানুহ মৰিলে কি কৰিবলৈ মানুহ নাই বুলি বৃদ্ধজনে আক্ষেপ কৰিছে?
উত্তৰঃ দাহ কৰিবলৈ।
18. বৃদ্ধজনৰ মতে চহৰত কোনে কাক নাচায় বা খবৰ নাৰাখে?
উত্তৰঃ যখৰ পোৱালিহঁতে।
19. কবিয়ে অট্টালিকা বা চহৰখনক কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ কংক্রীটৰ হাবিৰ লগত।
20. কংক্রীটৰ হাবিৰ পৰা কবি কেনেদৰে উভতি আহিল?
উত্তৰঃ বৰ অশান্তিৰে।
21. ‘দৃশ্যান্তৰ’ কবিতাটোত কি চেতনা প্ৰকাশ পাইছে?
উত্তৰঃ মহানগৰ চেতনা।
22. হৰেকৃষ্ণ ডেকাই ইংৰাজী বিষয়ত এম.এ. কেতিয়া পাছ কৰে?
উত্তৰঃ ১৯৬৫ চনত।
23. ‘যখ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ধনৰ অধিপতি দেৱতা বা কুবৰ (অথবা ধন-সোণ ৰখি থাকে বুলি ভবা অপদেৱতা)।
24. বৃদ্ধ মানুহজন কেইমহলীয়া ঘৰৰ বাহিৰত ৰৈ আছিল?
উত্তৰঃ সাতমহলীয়া।
25. ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে সামাজিক জীৱনৰ কি ৰূপ উন্মোচন কৰিছে?
উত্তৰঃ নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্রাপ্তি (বা যান্ত্ৰিকতা)।
26. ‘Sea-Scare’ নামৰ কবিতা পুথিখনৰ ৰচক কোন?
উত্তৰঃ হৰেকৃষ্ণ ডেকা।
27. মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি ফুৰিছিল?
উত্তৰঃ মানুহজনে কুকুৰী কণা বাবে নিজৰ ঘৰ বিচাৰি ফুৰিছিল।
28. হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা কাকতখনৰ নাম কি?
উত্তৰঃ হৰেকৃষ্ণ ডেকাই সম্পাদনা কৰা কাকতখনৰ নাম The Sentinal.
29. পূর্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে কি বিচাৰি পোৱা নাছিল?
উত্তৰঃ পূর্ণ জোনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
30. ‘গল্প আৰু কল্প’ নামৰ গল্প পৃথিখনৰ ৰচক কোন?
উত্তৰঃ ‘গল্প আৰু কল্প’ নামৰ গঙল্প পুথিখনৰ গল্পকাৰ ‘হৰেকৃষ্ণ ডেকা’।
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. “বৰ শান্তিত আছোঁ এই পঁজাটিত।” -কোনে, কিয় এইদৰে কৈছিল বুজাই লিখা। {2026,17}
2. “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা।”
এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। {2026}
3. মূলভাৱ লিখা: দৃশ্যান্তৰ {2025,23,19}
4. এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।
– ইয়াত কবিয়ে কাক বিচাৰি নোপোৱাৰ কথা কৈছে, বুজাই লিখা। {2024,18}
5. ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?”
– কথাষাৰ কোনে, কাক কি প্রসঙ্গত কৈছিল, লিখা। {2023}
6. ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।
7. ‘সময়টো আছিল গধূলি।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল নিজৰ ঘৰৰ পদূলি।”
– নিজৰ ঘৰ বিচাৰি হাবাথুৰি খোৱা মানুহজন কিদৰে সন্তীয়া সভ্যতাৰ মাজত হেৰাই গ’ল, বর্ণনা কৰা। {2019}
8. ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিজনাৰ নাম কি? কবিতাটোৰ মূলভাৱ লিখা। {2017}
9. সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল চমুকৈ লিখা। {2016}
10. ‘দৃশ্যান্তৰ’ কবিতাৰ সাৰাংশ লিখা। {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?” কোনে, কাক এনেদৰে সুধিছিল? {Barpeta}
2. প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? {Sonitpur,Bajali}
3. কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা: {Bajali}
“বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
4. ‘এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।’
– কোনে, কাক বিচাৰি নাপালে? বিচাৰি নোপোৱাৰ কাৰণ কি? {Darrang}
5. “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?” কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। {Dhubri}
6. কবিয়ে সাত মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনৰ স’তে কি কি কথা পাতিছিল? {Golaghat}
7. “বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
– কবিতাফাঁকিৰ অন্তনির্হিত ভাৱ বুজাই লিখা। {Morigaon}
8. ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ কোনে কিয় কৈছিল? {Tinsukia}
9. হৰেকৃষ্ণ ডেকাদেৱে সম্পাদনা কৰা বাতৰিকাকত আৰু আলোচনীখনৰ নাম লিখা। {Tinsukia}
10. “বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
– কোনে কিয় এইদৰে কৈছিল? {Salamra,Kamrup M}
11. চশমাৰ তলেৰে সন্দেহেৰে চাই কোনে কাক কি কথা সুধিছিল? {Kokrajhar}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “এই কংক্রীটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু।” -কোনে, কাক বিচাৰি নাপালে? {Nalbari}
2. মূলভাৱ লিখা: ‘দৃশ্যান্তৰ’ {Dhubri}
3. ‘বৰ শান্তিত আছোঁ।
এই পঁজাটিত’- কথাষাৰৰ অন্তনিহিত ভাৱ মোকলাই লিখা। {Golaghat}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘দৃশ্যান্তৰ’ কবিতাটিত আধুনিক যান্ত্ৰিক জীৱনৰ চিত্ৰ আৰু গ্ৰাম্য জীৱনৰ চিত্ৰ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। {Baksa}
2. ‘দৃশ্যান্তৰ’ কবিতাটিৰ মূলভাৱ লিখা। {Bongaigaon,Golaghat,Hojai,Majuli}
{Jorhat,Kamrup R,Sonitpur,Udalguri,Jorhat}
3. প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
‘মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই।’
4. ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাত বুজায় লিখা। {Tamulpur}
5. “বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
– কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা। {Nagaon}
6. ব্যাখ্যা কৰা:
‘মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।’ {Salmara}
7. ব্যাখ্যা কৰাঃ- {Kokrajhar}
“আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক
বৃদ্ধ ন্যুজ দেহ। বয়সৰ চিন নোহোৱা হ’লে মুখত
পচিশ বছৰ আগৰ সাইলাখ সাঁচ।”

