Class 10 Assamese Chapter 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Question Bank | ASSEB

class 10 assamese

দশম শ্ৰেণী অসমীয়া অধ্যায় 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA

দশম শ্ৰেণী অসমীয়া অধ্যায় 8 – অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (ড° আব্দুছ ছাত্তাৰ) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ অষ্টম অধ্যায় ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ ড° আব্দুছ ছাত্তাৰৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 8 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ এই পাঠটিত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উৎপত্তি, তেওঁলোকৰ সমাজ ব্যৱস্থা, ভাষা-সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া জাতি গঠনত তেওঁলোকৰ অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ পৰিচয়, তেওঁলোকৰ সাংস্কৃতিক অৱদান আৰু ড° আব্দুছ ছাত্তাৰৰ বিশ্লেষণাত্মক দৃষ্টিভংগীৰ বিস্তৃত পৰিচয়।
  • শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:

  • HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
  • পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
  • 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
  • এই পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Original price was: ₹299.00.Current price is: ₹99.00.

Limited Time Offer!

(For ASSEB, HSLC 2027)

Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!

Vibrant Note Box
Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

দশম শ্ৰেণী: অসমীয়া https://youtube.com/@ospinacademy

অধ্যায়-8                      অস্পিন একাডেমী

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ

1. কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? {2025}

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক কটকটীয়া কৰিলে।

2. ‘সংমিশ্রণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লেখক কোন?{2023}

উত্তৰঃ ‘সংমিশ্রণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ ৰচক আব্দুছ ছাত্তাৰ।

3. আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? {2020}

উত্তৰঃ আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল।

4. প্রাচীন কালৰে পৰা অসমদেশ কিহৰ বাবে প্রসিদ্ধ আছিল? {2018}

উত্তৰঃ প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

5. ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? {2017,14}

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ’ল মংগোলীয় গোষ্ঠি।

6. বৌদ্ধ ধৰ্মৰ মূলমন্ত্র কি? {2016}

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূলমন্ত্র “অহিংসাই পৰম ধৰ্ম”।

7. কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? {2015} 

উত্তৰঃ বৃটিছৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল।

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? {Sonitpur,Tamulpur}

উত্তৰঃ মংগোলীয় বহিৰাগত গোষ্ঠী। 

2. ‘সংমিশ্রনত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লেখক কোন? {Bongaigaon,Nalbari}

উত্তৰঃ আব্দুছ ছাত্তাৰ। 

3. ‘আঁহফলা-নীতি’ মানে কি? {Darrang}

উত্তৰঃ বিভেদকামী মনোভাৱ।

4. কোনখন সন্ধিৰ পাছত ব্রিটিছ অসমলৈ আহে? {Hojai}

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পাছত।

5. সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? {Baksa,Kamrup M}

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ 
 

1. ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা।

2. মংগোলীয় সকল অহাৰ আগতে অসমত বসবাস কৰা কেইটামান জনজাতীয় গোষ্ঠীৰ নাম লিখা।

উত্তৰঃ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি।

3. প্ৰাচীন কালত অসমত কি কি ধৰ্ম প্ৰচলিত আছিল?

উত্তৰঃ হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।

4. প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰঃ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে।

5. অসমৰ পৰা সুকীয়া হৈ গঠন হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ মেঘালয়, নাগালেণ্ড (বা মিজোৰাম, অৰুণাচল)।

6. অসমৰ বিভিন্ন জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ অসমীয়া ভাষা।

7. ইংৰাজীত ‘Process of Assimilation’ মানে কি?

উত্তৰঃ সমন্বয়ৰ প্ৰক্ৰিয়া।

8. কেতিয়া অসমৰ ‘স্বাধীনতা সূৰ্য’ অস্ত গৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত।

9. অসমত বঙলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে কেতিয়াৰ পৰা কেতিয়ালৈ প্ৰচলিত আছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে।

10. চাহ উদ্যোগৰ বাবে অহা বনুৱাসকল ভাৰতৰ কোন কোন ঠাইৰ পৰা আহিছিল?

উত্তৰঃ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা।

11. চাহ বাগিচাৰ কেইটামান জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী আদি।

12. পূৰ্ববংগৰ (মৈমনসিংহ) পৰা পমুৱা মুছলমানসকল কেতিয়া অসমলৈ আহিছিল?

উত্তৰঃ কুৰি শতিকাৰ চতুৰ্থ দশকত।

13. পূৰ্ববংগৰ পৰা অহা লোকসকলে অসমত কি খেতিৰ বহুল প্ৰচাৰ কৰিছিল?

উত্তৰঃ মৰাপাটৰ খেতিৰ।

14. বৃটিছ অহাৰ লগে লগে অসমলৈ অহা দুবিধ খাদ্যসামগ্ৰীৰ নাম লিখা।

উত্তৰঃ কে’ক আৰু বিস্কুট।

15. ইডলি, ড’চা আদি খাদ্য অসমলৈ কৰ পৰা আহিল?

উত্তৰঃ মাদ্ৰাজী হোটেলৰ যোগেদি (দক্ষিণ ভাৰতৰ পৰা)।

16. আব্দুছ ছাত্তাৰৰ জন্ম কিমান চনত আৰু ক’ত হৈছিল?

উত্তৰঃ ১৯২২ চনত যোৰহাট জিলাৰ তিতাবৰত।

17. আব্দুছ ছাত্তাৰে অসম সাহিত্য সভাত কি পদত কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰঃ প্ৰধান সম্পাদক হিচাপে।

18. আব্দুছ ছাত্তাৰে শিক্ষকতা কৰিবলৈ কোন দেশলৈ গৈছিল?

উত্তৰঃ আফগানিস্তানলৈ।

19. আব্দুছ ছাত্তাৰৰ এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘সংমিশ্ৰণত অসমীয়া সংস্কৃতি’ (বা ‘কৃষ্ণকান্ত সন্দিকৈ’, ‘প্ৰসংগকোষ’)।

20. ডাকৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰঃ পিতৃ বৰাহমিহিৰ আৰু মাতৃ কুমাৰ কুলৰ নাৰী।

21. ডাকৰ জন্মস্থান ক’ত বুলি কোৱা হয়?

উত্তৰঃ বৰপেটাৰ ওচৰৰ লেহিডঙৰা গাঁৱত।

22. ডাকৰ বচনবোৰক অসমৰ সামাজিক জীৱনত কিহৰ লগত তুলনা কৰা হয়?

উত্তৰঃ বেদৰ বাণীৰ লগত।

23. ডাকৰ বচনবোৰ সৰহভাগ কি বিষয়ক?

উত্তৰঃ খেতি-বাতি বিষয়ক।

24. ‘তান্ত্ৰিক ধৰ্ম’ কি?

উত্তৰঃ প্ৰাচীন তন্ত্ৰৰ ওপৰত প্ৰতিষ্ঠিত হিন্দু ধৰ্ম।

25. বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ কি?

উত্তৰঃ অহিংসাই পৰম ধৰ্ম।

26. ‘লোকগীত’ কাক বোলে?

উত্তৰঃ অনাদি কালৰে পৰা মুখে মুখে চলি অহা মৌখিক গীতসমূহক।

27. কেইবিধমান অসমীয়া লোকগীতৰ নাম লিখা।

উত্তৰঃ নিচুকনি গীত, বাৰমাহী গীত, আই নাম, বিয়া নাম, বিহুগীত আদি।

28. ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰঃ ১৮২৬ চনত মানৰজা আৰু বৃটিছৰ মাজত।

29. সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।

30. অসমলৈ অহা কোনখিনি মানুহক ‘ন-অসমীয়া মুছলমান’ বুলি কোৱা হয়?

উত্তৰঃ কুৰি শতিকাৰ চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা আহি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰা লোকসকলক।

HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? {2026,19}

2. অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? {2025,16}

3. চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল? {2024}

4. অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্র্যপূৰ্ণ হোৱাৰ কাৰণ কি? {2023}

6. ডাকৰ বিষয়ে এটি টোকা লিখা। {2017}

7. “এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।” কোনবোৰ স্বতঃপ্রণোদিতভাৱে হোৱা, পাঠৰ আধাৰত বুজাই লিখা। {2020}

8. ‘লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল’লে।’-ইয়াত কাৰ কথা কোৱা হৈছে? 

9. “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতিও, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই”- ইয়াত লেখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।’ -বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা। {2020,19}

10. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’-কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, বুজাই লিখা। {2018,15}

11. ‘অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।” কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বৰ্ণনা কৰা। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা বা গুৰুত্ব বাখ্যা কৰা। {2017}

12. ‘ব্রিটিছ আহিল- চাহ উদ্যোগ প্রতিষ্ঠা হ’ল’ -লিখকে চাহ উদ্যোগ প্রতিষ্ঠা হোৱৰ লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। {2016}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? {Bajali,Hojai,Nagaon,Salmara}

2. চাহ-উদ্যোগৰ কৰ্মীসকল কোন? {Barpeta} 

4. দেৱজিৎ ভূঞাৰ চাৰিখন অসমীয়া গ্ৰন্থৰ নাম লিখা। {Kamrup M}

5. কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? {Kamrup R}

6. অসমীয়া থলুৱা ভাষা কেনেকৈ কটকটীয়া হ’ল? {Lakhimpur}

7. চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ পৰা আহিছিল? {Udalguri}

9. অসমৰ সংস্কৃতি বাৰে বৰণীয়া আৰু বৈচিত্র্য পূৰ্ণ হোৱাৰ কাৰণ কি? {Bongaigaon}

10. চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকে ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল? {Bongaigaon}

11. ডাকৰ বচন বুলিলে কি বুজা? {Darrang} 

12. চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল? {Golaghat}

13. অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। {Golaghat}

14. অসম দেশত প্ৰাচীন কালৰে পৰা কি কি ধর্ম প্রচলিত আছিল? {Morigaon}

15. অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? {Tamulpur,Tinisukia,Golaghat,Dhubri,Jorhat,Biswanath,Majuli}

16. বৃটিছৰ দিনতে অসমলৈ কি কি পৰিবৰ্তন আহিল? {Kokrajhar}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ


1. ‘অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ বিষয়ে লিখা {Bajali}

2. চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল? {Kamrup M}

3. কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল? {Sonitpur}

4. অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? {Sonitpur}

5. মূলতে অসমীয়া জন-সংস্কৃতিৰ ধাৰক এইবোৰ জাতি গোষ্ঠীয়ে আছিল- ইয়াত কোনবোৰ জাতি গোষ্ঠীৰ কথা কোৱা হৈছে পাঠৰ আধাৰত বুজাই লিখা। {Kokrajhar}

6. চাহ উদ্যোগৰ কৰ্মীসকলক কোনে অসমলৈ আনিছিল? তেওঁলোকৰ আদি বাসস্থান ক’ত? বর্তমান কোনবিলাক লোক চাহ উদ্যোগৰ কর্মী হিচাপে পৰিচিত? {Majuli}

বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ

1. ব্যাখ্যা কৰা: ভাষিক সংমিশ্রনে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। {Biswanath}

2. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ পাঠৰ আধাৰত চমুকৈ লিখা। {Hojai}

3. “বৃটিছ আহিল চাহ উদ্যোগ প্রতিষ্ঠা হ’ল।” লেখকে চাহ উদ্যোগ প্রতিষ্ঠা হোৱাৰ লগত আমাৰ দেশৰ কি পৰিবৰ্তন লক্ষ্য কৰিছে বুজাই লিখা। {Nagaon}

4. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। {Salmara}

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী অসমীয়া অধ্যায় 8 (অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
এই পাঠটিৰ ৰচক কোন?
দশম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ পাঠটিৰ ৰচক হ’ল বিশিষ্ট গৱেষক আৰু লেখক ড° আব্দুছ ছাত্তাৰ।
এই পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত অসমৰ বিচিত্ৰ জনগোষ্ঠীসমূহৰ বুৰঞ্জী, তেওঁলোকৰ সমাজ-সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া জাতি গঠনত তেওঁলোকৰ অনবদ্য অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে।
এই নোটছসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া ব্লুপ্ৰিণ্ট আৰু নৱ্য শিক্ষা নীতি অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই অধ্যায়ৰ পৰা মেট্ৰিক পৰীক্ষাত কিমান নম্বৰৰ প্ৰশ্ন আহে?
পৰীক্ষাৰ ব্লুপ্ৰিণ্ট অনুসৰি এই পাঠৰ পৰা 1 নম্বৰৰ অতি চমু প্ৰশ্নৰ (VSA/MCQ) পৰা আৰম্ভ কৰি 4-5 নম্বৰৰ দীঘলীয়া আৰু ব্যাখ্যাৰ প্ৰশ্নলৈকে আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top