Class 10 Science Chapter 14 শক্তিৰ উৎসমূহ Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – শক্তিৰ উৎসমূহ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ – শক্তিৰ উৎসমূহ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ চতুৰ্দশ অধ্যায় ‘শক্তিৰ উৎসমূহ’ (Sources of Energy) পদাৰ্থ বিজ্ঞানৰ (Physics) এখন গুৰুত্বপূৰ্ণ আৰু দৈনন্দিন জীৱনৰ সৈতে সংগতি থকা পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 14 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু প্ৰয়োজনীয় চিত্ৰসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘শক্তিৰ উৎসমূহ’ নামৰ এই পাঠটিত শক্তিৰ পৰম্পৰাগত উৎসমূহ (যেনে- জীৱাশ্ম ইন্ধন, তাপ বিদ্যুৎ প্ৰকল্প, জলবিদ্যুৎ প্ৰকল্প) আৰু শক্তিৰ অপৰম্পৰাগত বা বিকল্প উৎসমূহ (যেনে- সৌৰ শক্তি, সাগৰীয় শক্তি, ভূ-তাপীয় শক্তি, নিউক্লীয় শক্তি) আদিৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। লগতে শক্তিৰ ব্যৱহাৰে পৰিৱেশৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • শক্তিৰ পৰম্পৰাগত আৰু অপৰম্পৰাগত উৎসমূহৰ সুবিধা আৰু অসুবিধাসমূহৰ বিস্তৃত আলোচনা।
  • জীৱাশ্ম ইন্ধনৰ প্ৰভাৱ আৰু বিকল্প শক্তি হিচাপে সৌৰ শক্তি আৰু বায়’গেছৰ ব্যৱহাৰৰ সহজ সমাধান।
  • নিউক্লীয় শক্তিৰ উৎপাদন, ইয়াৰ বিপদ আৰু সাগৰীয় শক্তিৰ নিৰ্দোষ উত্তৰ।
  • শক্তিৰ ব্যৱহাৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় প্ৰশ্নৰ সম্পূৰ্ণ বিৱৰণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
শক্তিৰ উৎসসমূহ
শক্তিৰ উৎসসমূহ

প্ৰ শ্না ৱ লী

Class 10 Science NCERT Textbook – Page No 243

1. শক্তিৰ ভাল উৎস কি ?

উত্তৰঃ শক্তিৰ ভাল উৎসৰ বাবে কিছুমান বৈশিষ্ট্যৰ প্ৰয়োজন। বৈশিষ্ট্য সমূহ হ’ল-

(i) যিটোৱে প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে অতি বেছি কাৰ্য কৰিব লাগিব ।

(ii) যিটোৱে সহজে উপলদ্ধ ।

(iii) যিটোৱে সহজলভ্য আৰু পৰিৱহণ সহজসাধ্য ।

(iv) উপযুক্ত জ্বলন উষ্ণতা থকা উচিত ।

(v) যিটোৱে সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগিব ।

2. ভাল ইন্ধন কি ?

উত্তৰঃ ভাল ইন্ধন হ’ল সেইবোৰেই যিবোৰত তলত দিয়া বৈশিষ্ট্যসমূহ থাকে-

(i) ই দহনৰ দ্বাৰা অতি বেছি পৰিমাণৰ তাপশক্তি নিৰ্গত কৰিব লাগিব ।

(ii) ই সহজলভ্য হ’ব লাগিব ।

(iii) ই ধোঁৱা সৃষ্টিকাৰী হ’ব নালাগে ।

(iv) দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে ।

3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?

উত্তৰঃ ৰন্ধনৰ বাবে তৰলীকৃত পেট্ৰ’লিয়াম গেছ (L.P.G.) ব্যৱহাৰ কৰিম। কিয়নো-

(i) ইয়াৰ কেলৰি মান অধিক, সেয়ে প্ৰতি এককতত নিৰ্গত তাপ শক্তিৰ পৰিমাণ বেছি ।

(i) ই সহজসাধ্য আৰু সহজলভ্য ।

(ii) ই কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে ।

(iii) ই দহনৰ দ্বাৰা উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে ।

Class 10 Science NCERT Textbook – Page No 243

1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?

উত্তৰঃ জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হল-

(i) জীৱাশ্মজাত ইন্ধনত অনৱীকৰণযোগ্য শক্তিৰ উৎস, গতিকে ইহঁতৰ ভাণ্ডাৰো সীমিত ।

(ii) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই-অক্সাইড উৎপন্ন হয়, বায়ুমণ্ডলত ইয়াৰ উপস্থিতিয়ে সেউজ গৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে ।

iii) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰৰ অক্সাইড উৎপন্ন হয়, যি এছিড বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে ।

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ?

উত্তৰঃ আমি শক্তিৰ বিকল্প উৎস বিচাৰো কাৰণ –

(i) পৰম্পৰাগত শক্তিৰ উৎস যেনে- কয়লা, পেট্ৰ’লিয়াম, প্ৰকৃতিক গেছ আদি নৱীকৰণযোগ্য নহয় , এই উৎস সীমিত হেতুকে ভঁৰাল শেষ হৈ যাব ।

(ii) জীৱাষ্ম ইন্ধন আদি দহনৰ ফলত পৰিৱেশ শ্ৰতি হয় ।

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে ?

উত্তৰঃ বায়ুকলৰ উদ্ভৱনৰ দ্বাৰা বায়ু শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধন কৰা হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে, যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয় । বতাহৰ গতি শক্তিক বায়ুকলৰ দ্বাৰা আৱদ্ধ কৰি তাৰ সহায়ত বায়ুকলৰ পাংখা ঘুৰোৱা হয় আৰু এই ঘূৰ্ণন গতিয়ে টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে ।

এনেদৰে জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতিসাধনৰ বাবে বান্ধ নিৰ্মাণ কৰা হয় । নদীত সুউচ্চ বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বোৱতী পানীৰ গতি শক্তি স্থিতি শক্তিলৈ পৰিৱৰ্তিত হয় । বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলফালে থকা টাৰ্বাইললৈ নি হয় । এনেদৰে জলশক্তিক বান্ধবোৰত ব্যৱহাৰ কৰি টাৰ্বাইন ঘুৰোৱা হয় আৰু এনেকৈ বিদ্যুৎ উৎপাদন হয় ।

Class 10 Science NCERT Textbook – Page No 253

1. কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?

উত্তৰঃ  অৱতল দাপোন সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ।

কিয়নো, অৱতল দাপোণৰ প্ৰকৃতি অভিসাৰী অৰ্থাৎ ই সমান্তৰাল ৰশ্মিক মুখ্য ফ’কাছলৈ অভিসাৰী কৰে । সেয়ে এখন অৱতল দাপোণে বেছিভাগ সূৰ্যৰ ৰশ্মিকে সৌৰ কুকাৰৰ পিনে অভিসাৰী কৰে আৰু সেয়ে সৌৰ কুকাৰটোৱে সৰ্বোচ্চ তাপ লাভ কৰিব ।

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি ?

উত্তৰঃ মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাৱদ্ধতাসমূহ –

(i) জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্ৰ-তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত ।

(ii) যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌ বোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি ।

(iii) মহাসাগৰৰ পৃষ্ঠৰ আৰু 2 km পৰ্যন্ত গভীৰতাৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 k বা বেছি হ’লেহে মহাসাগৰ তাপ শক্তি ৰূপান্তৰণ প্ৰকল্পসমূহে ঠিকমতে কাম কৰিব পাৰে ।

3. তাপীয় শক্তি কি ?

উত্তৰঃ ভূ-পৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা উচ্চ অঞ্চল(hot spot) সংস্পৰ্শত অহা জলীয় বাষ্পৰে পোৱা শক্তিক ভূ-তাপ শক্তি বোলে ।

4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল-

(i) ইউৰেনিয়ামৰ এটা নিউক্লিয়াচৰ নিউক্লীয় বিযোজনত, কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াচ এটাৰ দহনৰ তুলন 10 নিযুত গুণ শক্তি উৎপন্ন হয়। বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নিৰ্গত কৰা স্বপোষী নিউক্লীয় বিযোজন শৃংখল বিক্ৰিয়াত এনে নিউক্লীয় ‘ইন্ধন’ ব্যৱহাৰ হয় ।

(ii)প্ৰদূষণৰ মাত্ৰা কম ব্যয়সাধ্য ।

Class 10 Science NCERT Textbook – Page No 543

1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে?

উত্তৰঃ শক্তিৰ যিকোনো উৎসই পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায় । গতিকে, শক্তিৰ উৎস প্ৰদূৰ্ষণমুক্ত হ’ব নোৱাৰে ।

2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG)  তকৈ পৰিস্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?

উত্তৰঃ হাইড্ৰ’জেন CNG তকৈ পৰিস্কাৰ ইন্ধন নহয় । কাৰণ হাইড্ৰ’জেনৰ দহনৰ ফলত কোনো হানিকাৰক পদাৰ্থ সৃষ্টি নহ’লেও হাইড্ৰ’জেন প্ৰস্তুতকাৰী শক্তিৰ উৎসসমূহ পৰিস্কাৰ নহয়। ইয়াৰ বিপৰীতে CNG প্ৰাকৃতিকভাৱে আহৰণ কৰা হয় আৰু ই প্ৰদূষণ কম মাত্ৰাত কৰে ।

Class 10 Science NCERT Textbook – Page No 254

1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ নবীকৰণযোগ্য শক্তিৰ দুটা উৎস হ’ল- (i) সৌৰশক্তি আৰু (ii) বায়ুৰ শক্তি 

এই শক্তিৰ পছন্দৰ কাৰণ হ’ল- এই দুয়োটা শক্তিৰ উৎস ব্যৱহাৰ কৰি থকাৰ ফলতো ই শেষ নহয় । এই দুটা শক্তিৰ উৎসক সেয়ে নবীকৰণযোগ্য শক্তিৰ উৎস ক’ব পাৰি ।

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃ দুটা ক্ষষিষ্ণু শক্তিৰ উৎস –

(i) কয়লা আৰু

(ii) পেট্ৰ’লিয়াম

পেট্ৰ’লিয়াম আৰু কয়লা আদিৰ দৰে জীৱাষ্ম ইন্ধন হবলৈ নিযুত নিযুত বছৰৰ প্ৰয়োজন হয় আৰু সেয়া সীমিত মজুত হৈ আছে । যদি এই আধআৰত শেষ হৈ যায়, তেন্তে তাক কম সময়ৰ ভিতৰত পুনৰায় ঘূৰাই পোৱা অসম্ভৱ । সেয়ে, কয়লা আৰু পেট্ৰ’লিয়ামক ক্ষয়িষ্ণু শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয় ।

অ নু শী ল নীঃ

1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা-

(a) ৰৌদ্ৰোজ্বল দিন

(b) ডাৱৰীয়া দিন 

(c) গৰম দিন

(d) বতাহে কোবোৱা দিন ।

উত্তৰঃ b) ডাৱৰীয়া দিন।

2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?  

(a) খৰি 

(b) গোবৰ গেছ  

(c) নিউক্লীয় শক্তি 

(d) কয়লা ।  

উত্তৰঃ (c) নিউক্লীয় শক্তি।   

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ? 

(a) ভূ-তাপীয় শক্তি 

(b) বায়ু শক্তি 

(c) নিউক্লীয় শক্তি 

(d) জৈৱ উপাদান । 

উত্তৰঃ (c) নিউক্লীয় শক্তি।

4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা ।

উত্তৰঃ

জীবাষ্ম ইন্ধন

সৌৰশক্তি

(ক) অনৱীকৰণযোগ্য শক্তিৰ উৎস

(ক) নৱীকৰণযোগ্য শক্তিৰ উৎস ।

(খ) দহনৰ ফলত প্ৰদূষণ হয় ।

(খ) প্ৰদূষণ নহয় ।

(গ) দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি ।

(গ) কেৱল এটা গৰম আৰু ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ।

(ঘ) পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি ।

(ঘ) পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি ।

(ঙ) সীমিতভাৱে উপলব্ধ ।

(ঙ)উপলব্ধতাৰ সীমা নাই ।

5. শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা ।

উত্তৰঃ

জীৱ ভৰ

জলবিদ্যুত

(ক) নৱীকৰণযোগ্য

(ক) অনৱীকৰণযোগ্য

(খ) বায়ু প্ৰদূষণ নহয় ।

(খ) কোনো প্ৰদূষণ নহয় ।

(গ) কৃষি-আবৰ্জনাৰ পৰা উৎপন্ন হয় ।

(গ) গতিশীল পানীৰ পৰা উৎপন্ন হয় ।

(ঘ) জৈৱ গেছ পাম স্থপন কৰিব লাগে ।

(ঘ) বান্ধ নিৰ্মাণ কৰিব লগা হয় ।

(ঙ) অতি মিতব্যয়ী

(ঙ) আপেক্ষিকভাৱে ব্যয়বহুল ।

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ? 

(a) বতাহ  (b) তৰংগ  (c) জোৱাৰ-ভাতা 

উত্তৰঃ

(a) বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হল-

(i) বছৰৰ বেছিভাগ সময়তে বায়ুপ্ৰবাহ থকা অঞ্চলতেহে উৎপাদন কৰিব পাৰি ।

(ii) বায়ু প্ৰবাহৰ নিম্নতম বেগ প্ৰতি ঘণ্টাত 15 কিলোমিটাৰ হব লাগিব ।

(iii) বৃহৎ ভূমিখণ্ড প্ৰয়োজন হয় ।

(iv) বায়ুকল স্থাপনৰ প্ৰম্ভিক ব্যয় অতি বেছি ।

(b) তৰংগ বা ঢৌৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ –

(i) সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য । ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে ।

(ii) উপকুলীয় অঞলতহে এয়া সম্ভৱ ।

(c) জোৱাৰৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হল-

(i) জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমীত ।

(ii) ব্যয়বহুল ।

 

7. কি আধাৰত শক্তিৰ উৎসমূহ 

(a) নৱীকৰণযোগ্য আৰু অনৱীণযোগ্য 

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু 

বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে ? 

উত্তৰঃ 

(a) নৱীকৰণযোগ্য শক্তিৰ উৎসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থকোতে অথবা এইবোৰৰ পুন:নৱাকৰণ কৰিব পাৰি ।

যেনে- সৌৰ শক্তি, বায়ুশক্তি, জল শক্তি ইত্যাদি ।

আনহাতে, অনৱীকৰণযোগ্য শক্তিৰ উৎসমূহ  গঠন হওঁতে নিযুত নিযুত বছৰৰ প্ৰয়োজন হয় আৰু এবাৰ শেষ হলে ততালিকে ঘূৰাই পাব পৰা নাযায় ।

যেনে- জীবাষ্ম ইন্ধন ।

(b) সীমীত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে ।

যেনে- কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আদি ।

আনহাতে, যি শক্তচিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনে শক্তিক উৎসক অক্ষয়িষ্ণু শক্তি উৎস বোলে ।

যেনে- সৌৰ শক্তি, বায়ুশক্তি, জল শক্তি ইত্যাদি ।

(a) আৰু (b) ত দিয়া বিকল্পসমূহ প্ৰায় একে বুলি ক’ব পাৰি । নৱীকৰমযোগ্য শক্তিৰ উৎসসমূহ নি:শেষ হৈ নাযায় অৰ্থাৎ অক্ষয়িষ্ণু । আনহাতে অনৱীকৰণযোগ্য শক্তিৰ উৎস শেষ হৈ যোৱাবিধ উৎস অৰ্থাৎ ক্ষয়িষ্ণু ।

৪. এটা আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি ? 

উত্তৰঃ এটা আদর্শ শক্তি উৎসৰ গুণসমূহ হ’ল-

(i) ই প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে এক বৃহৎ পৰিমাণৰ কাৰ্য কৰে ।

(ii) মিতব্যয়ী আৰু সহজে উপলব্ধ ।

(iii) সহজে মজুত আৰু পৰিবহণ কৰিব পাৰি ।

(iv) পৰিৱেশ হিতৈষী ।

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ? 

উত্তৰঃ সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’ল-

(i) সৌৰ চুলা সৌৰ শক্তিৰ সহায়ত চলে, সেয়ে ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে। 

(ii) ই সুলভ আৰু সগজে ব্যৱহাৰ কৰিব পাৰি ।

সৌৰ চুলা ব্যৱহাৰৰ অসুবিধাসমূহ হ’ল-

(i) ই ৰন্ধনৰ বাবে বেছি সময় লয় ।

(ii) যিহেতু সৌৰ চুলা সৌৰ শক্তিৰ দ্বাৰা চলে, এনে আহিলা ডাৱৰীয়া বা বৰষুণৰ দিনত কাৰ্যক্ষম নহয় ।

(iii) সৌৰ চুলাৰ প্ৰয়োগ সেইবিলাক স্থানত সীমিত হ’ব য’ত সূৰ্যৰ তীৰ্ব্ৰতা কম বা য’ত দিনবোৰ অতিকৈ চুটি ।

10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি ? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা ?

উত্তৰঃ শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ –

(i) আমি অতি উচ্চ হাৰত পৰিৱেশৰ পৰা শক্তিৰ উৎসসমূহ আহৰণ কৰাৰ ফলত, পৰিৱেশৰ ক্ষমতা বিনষ্ট হৈছে ।

(ii) শক্তিৰ চাহিদা বৃদ্ধিৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে ।

শক্তিৰ ব্যয় হ্ৰাস কৰিব বাবে-

(i) শক্তিৰ অপব্যৱহাৰৰ বাবে শক্তিৰ চাহিদা বৃদ্ধি হৈছে । সেয়ে প্ৰতিজন ব্যক্তিয়ে শিক্ষিত, সচেতন আৰু সজাগ হোৱাটো দৰকাৰী যাতে শক্তিৰ অপচয় নহয় আৰু প্ৰয়োজনতহে ব্যৱহৃত হয় ।

(ii) শক্তিৰ অনৱীকৰণযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হব লাগে । যেনে- সৌৰ শক্তি, বায়ু শক্তি, বোঁৱতী পানীৰ শক্তি, জৈৱ ভৰৰ শক্তি, জোৱাৰৰ শক্তি ইত্যাদি ব্যৱহাৰ কৰিব লাগে ।

(iii) শক্তি সংৰক্ষণ কৰিব লাগে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৪ (শক্তিৰ উৎসমূহ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ১৪ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত শক্তিৰ পৰম্পৰাগত উৎসমূহ (জীৱাশ্ম ইন্ধন, জলবিদ্যুৎ) আৰু অপৰম্পৰাগত উৎসমূহ (সৌৰ শক্তি, নিউক্লীয় শক্তি, বায়’গেছ), আৰু শক্তি ব্যৱহাৰৰ পৰিৱেশগত প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, বায়’গেছ প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ পাৰ্থক্য, সৌৰ কোষৰ সুবিধা, বায়’গেছৰ উৎপাদন প্ৰক্ৰিয়া, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) প্ৰায়েই সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top