Class 10 Science Chapter 15 আমাৰ পৰিবেশ Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – আমাৰ পৰিবেশ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ – আমাৰ পৰিবেশ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ পঞ্চদশ অধ্যায় ‘আমাৰ পৰিবেশ’ (Our Environment) পৰিবেশ বিজ্ঞানৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু দৈনন্দিন জীৱনৰ সৈতে সংগতি থকা পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 15 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘আমাৰ পৰিবেশ’ নামৰ এই পাঠটিত আমাৰ চাৰিওফালৰ পৰিৱেশ, পৰিস্থিতিতন্ত্ৰ (Ecosystem), খাদ্য শৃংখল আৰু খাদ্য জাল (Food chain and Food web), অ’জ’ন স্তৰৰ গঠন আৰু ইয়াৰ অৱক্ষয় (Ozone layer depletion), আৰু আৱৰ্জনা ব্যৱস্থাপনা আদি বিষয়সমূহ সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ কিয়নো ই সাধাৰণতে সহজ আৰু নম্বৰ কঢ়িওৱাত সহায়ক। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • পৰিস্থিতিতন্ত্ৰ আৰু ইয়াৰ উপাদানসমূহৰ (জৈৱিক আৰু অজৈৱিক) বিস্তৃত আলোচনা।
  • খাদ্য শৃংখল, খাদ্য জাল আৰু শক্তিৰ প্ৰৱাহৰ সহজ সমাধান।
  • অ’জ’ন স্তৰৰ গুৰুত্ব আৰু ইয়াৰ অৱক্ষয়ৰ কাৰণসমূহৰ নিৰ্দোষ উত্তৰ।
  • জীৱ নিম্নীকৰণ আৰু জীৱ অনিন্নীকৰণ পদাৰ্থৰ পাৰ্থক্য আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পূৰ্ণ বিৱৰণ।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
আমাৰ পৰিবেশ

আমাৰ পৰিৱেশ

প্ৰ শ্না ৱ লী

Class 10 Science NCERT Textbook – Page No 257

1. কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু আন কিছুমান জীৱ অনিম্নীকৰণ কিয় হয় ?

উত্তৰ: জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হব পৰা পদাৰ্থবোৰক জীৱ নিম্নীকৰণ পদাৰ্থ বোলে । এইবোৰ সাধাৰণতে উৎপত্তিগতভাৱে জৈৱিক পদাৰ্থ । আনহাতে অন্য কিছুমান পদাৰ্থ আছে যিবোৰ নিষ্ত্ৰিয় । এইবোৰক এনে প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব নোৱাৰি । ইহঁতক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলা হয় । জীৱ নিম্নীকৰণ পদাৰ্থক বিয়োজকে খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু সেয়ে এইবোৰ সৰল পৰ্যায়লৈ পৰিৱৰ্তিত হয় । আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থক বিযোজকে খাদ্য হিচাপে গ্ৰহণ কৰেl

2. জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।

উত্তৰ: জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ হ’ল-

(i) এইবোৰ পদাৰ্থই মাটিৰ অন্তৰ্বস্তু জৈৱ মৃত্তিকা উন্নত কৰে ।

(ii) এইবোৰ বিয়োজিত হোৱাৰ ফলত প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত হয় ।

3. জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা ।

উত্তৰ: জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ হ’ল-

(i) পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে, সেয়ে এইবোৰ পৰিৱেশতন্ত্ৰৰ ক্ষতিৰ কাৰণ হয় ।

(ii) মাটি আৰু জলাশয় দূষিত কৰে । ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু পানী দূষিত কৰে ।

Class 10 Science NCERT Textbook – Page No 261

1. পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা ।

উত্তৰ- খাদ্য শৃংখলৰ এটাই বিভিন্ন স্তৰসমূহ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা যক্তিৰ স্থানান্তৰ হয় তাকে পৌষ্টিক স্তৰ বোলে ।

(i) উৎপাদক : পুখুৰীৰ তলিত থকা অপতৃণ আৰু শেলাইবোৰ হল সালোক সংশ্লেষণক তথা খাদ্য শৃংখলটোৰ উৎপাদকএইবোৰ খাদ্য শৃংখলটোৰ প্ৰথম পৌষ্টিক স্তৰ থাকে ।

(ii) প্ৰাথমিক উপভোক্তা : দ্বিতীয় পৌষ্টিক স্তৰ থকা পুখুৰীৰ অপতৃণ বা শেলাই ভক্ষণ কৰা কীট-পতংগ আৰু খোলাযুক্ত জলজীৱসমূহ হল প্ৰাথমিক উপভোক্তা ।

(iii) দ্বিতীয়ক উপভোক্তা : সৰু সৰু কীট-পতংগ আৰু খোলাযুক্ত জলজ জীৱসমূহ ভক্ষণ কৰা পুখুৰীত থকা মাছবোৰ হল দ্বিতীয়ক শ্ৰেণীৰ উপভোক্তা । এইবোৰ খাদ্য শৃংখলটোৰ তৃতীয় পৌষ্টিক স্তৰ থাকে ।

(iv) তৃতীয়ক উপভোক্তা : সৰু সৰু মাছবোৰ ভক্ষণ কৰা ডাঙৰ ডাঙৰ মাছ আৰু বগলী জাতীয় চৰাইবোৰ হল খাদ্য শৃংখলটোৰ তৃতীয়ক উপভোক্তা । এইবোৰ খাদ্য শৃংখলটোৰ চতুৰ্থক পৌষ্টিক স্তৰ থাকে ।

2. পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি ?

উত্তৰ- পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা হল-

(i) মৃত উদ্ভিদ আৰু প্ৰাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশক নিকা কৰি ৰাখে ।

(ii) মাটিৰ প্ৰকৃতিক উৰ্বৰতা পুনৰায় ঘূৰাই আনে । মৃত বৰ্জিত পদাৰ্থবোৰৰ বিয়োজনৰ দ্বাৰা উৎপন্ন হোৱা পোষক দ্ৰৱ্যবোৰ মাটিয়ে ধৰি ৰাখে যিটোৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ।

(iii) পৰিৱেশত এক উপযুক্ত ভাৰসাম্যতা সৃষ্টি কৰে ।

Class 10 Science NCERT Textbook – Page No 264

1. অ’জন কি আৰু ই কোন পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ- অ’জন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অণু । সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মি আৰু অক্সিজেনৰ মাজত সংঘটিত বিক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উচ্চ স্তৰত এই বিষাক্ত গেছ বিধ উৎপন্ন হয় ।

পৰিস্তিতি তন্ত্ৰত অ’জনৰ প্ৰভাৱ –

(i) ই সূৰ্যৰ পৰা নিৰ্গত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে । অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত মানুহৰ দেহত ছালৰ কৰ্কটৰোগ কেটেৰেক্ট হোৱাৰ লগতে প্ৰতিৰোধ ক্ষমতা ধ্বংস হয় ।

(ii) অ’জন স্তৰৰ অৱক্ষয়ে গোলকীয় উত্তাপনক প্ৰভাৱিত কৰে ।

2. পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা ।

উত্তৰ- পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰোতে সহায় কৰা দুটা পদ্ধতি হ’ল –

(i) জীৱ অনিম্নীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰ হ্ৰাস কৰা আৰু এইবোৰৰ পৰিৱৰ্তে কাগজ, মৰাপাট, কপাহ আদিৰ দৰে জীৱ নিম্নীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়া ।

(ii) জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থসমূহক পৃথক পৃথক জাৱৰ পেলেৱা পাত্ৰত ৰাখিব লাগে, যাতে পচন সাৰ বা জৈৱ গেছ উৎপন্ন কৰিবলৈ জীৱ নিম্নীকৰণ পদাৰ্থবোৰ ব্যৱহাৰ কৰিব পৰা যায়, আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থবোৰ পুনৰাৱৰ্তন কৰিব পৰা যায় ।

অ নু শী ল নী

1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ?

(a) ঘাঁহ, ফুল আৰু চামৰা

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰ- (a), (c) আৰু (d)

2. তলত উল্লেখ কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?

(a) ঘাঁহ, ঘেহু আৰু আম

(b) ঘাঁহ, ছাগলী আৰু মানুহ

(c) ছাগলী, গৰু আৰু হাতী

(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ- (b) ঘাঁহ, ছাগলী আৰু মানুহ

3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনূকুল অভ্যাসৰ অন্তৰ্ভুক্ত ?

(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস ।

(b) অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস ।

(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস ।

(d) ওপৰৰ আটাইকেইটা অভ্যাস ।

উত্তৰ-(d) ওপৰৰ আটাইকেইটা অভ্যাস ।

4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?

উত্তৰ- যদি পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া –

(i) পূৰ্ববৰ্তী নিম্ন পৌষ্টিক স্তৰৰ জীৱবোৰৰ সংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰা নহ’ব ।

(ii) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হ্ৰাস পাব ।

(iii) খাদ্য শৃংখল শক্তিৰ প্ৰবাহত ব্যাঘাত জন্মিব ।

5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্ৰত্যক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে ? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিবানে ?

উত্তৰ-ভিন ভিন প্ৰভাৱ পৰিব । পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পৰা নাযায় ।

6. জৈৱিক বিৰ্ধক ( Biological Magnificantion ) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে ?

উত্তৰ- এটা পৌষ্টিক স্তৰত বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰৰ পুঞ্জীভৱন আৰু খাদ্য শৃংখলৰ উচ্চতৰ স্তৰসমূহত ইয়াৰ গাঢ় অৱস্থাকে জৈৱিক বিবৰ্ধক বুলি কোৱা হয় । পৰিস্থিতি তন্ত্ৰৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হব

7. আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে ?

উত্তৰ- জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যাসমূহ হল –

(i) এইবোৰৰ প্ৰকৃতিকভাৱে বিযোজন ঘটাব পৰা নাযায় আৰু দীৰ্ঘকালৰ বাবে পৰিৱেশত ইয়াৰ অতিত্ব বিৰাজ কৰে । ইয়াৰ দ্বাৰা ভূমি আৰু জলাশয় দূষিত হৈ পৰে ।

(ii) প্লাষ্টিকৰ মোনা, পাত্ৰ, বটল আদিৰ দৰে পেলনীয়া সামগ্ৰীবোৰে নলা নৰ্দমাবোৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ।

(iii) ভূমিৰ মানবৈশিষ্ট্য অৱনমিত কৰে আৰু গছ-গছনিৰ বৃদ্ধিত বাধা প্ৰদান কৰে ।

(iv) মানুহ আৰু অনান্য প্ৰণীৰ দেহত খাদ্য শৃংখলৰ জৰিয়তে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ জৈৱিক বিবৰ্ধনৰ পৰিঘটনা সংঘটিত হয় ।

(v) এইবোৰে পৰিস্থিতি তন্ত্ৰৰ প্ৰকৃতিক ভাৰসাম্যতা ধ্বংস কৰে ।

8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত একো পু্ৰভাৱ নপৰাকৈ থাকিবনে ?

উত্তৰ- সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰে । যেনে – দুৰ্গন্ধ , বায়ু প্ৰদূষণ , দূষিতভৱন ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৫ (আমাৰ পৰিবেশ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ১৫ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত পৰিস্থিতিতন্ত্ৰ, খাদ্য শৃংখল আৰু খাদ্য জাল, অ’জ’ন স্তৰৰ অৱক্ষয়, আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ (জীৱ নিম্নীকৰণ আৰু জীৱ অনিন্নীকৰণ পদাৰ্থ) বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, খাদ্য শৃংখলৰ বিভিন্ন স্তৰৰ ব্যাখ্যা আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা প্ৰায়েই খাদ্য শৃংখলৰ এটা উদাহৰণ, অ’জ’ন স্তৰৰ ক্ষতিৰ কাৰণ, আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত চমু প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top