দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৬ – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ১৬ – প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ যোড়শ অধ্যায় ‘প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা’ (Management of Natural Resources) পৰিবেশ বিজ্ঞানৰ এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু গুৰুত্বপূৰ্ণ ধাৰণাসমূহৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা’ নামৰ এই পাঠটিত আমাৰ প্ৰাকৃতিক সম্পদসমূহ (যেনে- অৰণ্য, বন্যপ্ৰাণী, পানী, কয়লা আৰু পেট্ৰ’লিয়াম) কিয় সংৰক্ষণ কৰিব লাগে আৰু কেনেদৰে বহনক্ষমভাৱে (Sustainably) ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত পৰিৱেশ ৰক্ষাৰ বাবে ৫টা ‘R’ (Refuse, Reduce, Reuse, Repurpose, Recycle), পানী সঞ্চয়ন (Water Harvesting) ব্যৱস্থা আৰু বৃহৎ নদীবান্ধৰ সুবিধা-অসুবিধাসমূহ বিতংভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনা আৰু ৫টা ‘R’ ৰ নিয়মৰ বিস্তৃত আলোচনা।
- অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব আৰু স্থানীয় লোকৰ ভূমিকা সম্পৰ্কে সহজ সমাধান।
- বৰষুণৰ পানী সঞ্চয়নৰ বিভিন্ন স্থানীয় পদ্ধতি আৰু নদীবান্ধৰ প্ৰভাৱৰ নিৰ্দোষ উত্তৰ।
- কয়লা আৰু পেট্ৰ’লিয়ামৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সম্পূৰ্ণ বিৱৰণ।
- নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
- বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Maths (গণিত) PDF Solutions 2026-27 | SEBA Assam
Download Class 10 Mathematics (গণিত) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.
Out of stock
প্ৰকৃতিক সম্পদৰ ব্যৱস্থাপনা ।
প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 269
1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?
উত্তৰ: পৰিৱেশ হিতৈষী হ’বলৈ মই তলত দিয়া অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰো-
(i) বিদ্যালয়, অফিচ-কাৰ্যালয় আদিলৈ অহা যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা ।
(ii) জৈৱ- নিম্নীকৰণ আৰু জৈৱ- অনিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা ।
(iii) গা ধোৱা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
(iv) প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা ।
(v) গ্ৰীষ্মকালত গা-ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ নকৰা ।
(vi) খাদ্য অপচয় নকৰা ।
2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?
উত্তৰ: ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা হল-
(i) বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব ।
(ii) বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ’ব ।
(iii) ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ’ব ।
(iv) বৃহৎ মুনাফা হ’ব ।
3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?
উত্তৰ: সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ এনেকৈ পাৰ্থক্য কৰিম ।
|
হ্ৰস্যম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা |
দীৰ্ঘম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা |
|---|---|
|
(i) বৰ্তমান প্ৰজন্মৰহে পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব । |
(i) যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হব । |
|
(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমবিতৰণ নহয় । |
(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সূষম বিতৰণ । |
|
(iii) সংৰক্ষণ সম্ভৱ নহয় । |
(iii) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয় । |
|
(iv) অধিক হাৰত ব্যৱহাৰ কৰা হয় |
(iv) বহনক্ষম ব্যৱহাৰ হয় । |
4. সম্পদসমূহৰ সমভাৱে বিতৰণ হব লাগে বুলি কিয় ভাৱা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?
উত্তৰ: ধন বা কৰ্তৃত্ব নিৰ্বিশেষে পৃথিৱীৰপৰা আহৰণ কৰা মূৱল্যৱান প্ৰকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানে উপলদ্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সম আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্ৰয়োজনীয় ।
প্ৰতিজন ব্যক্তিৰে প্ৰকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে । সেয়ে সুবিধাসমূহ ধনী-দুখীয়া দুয়ো শ্ৰেণীয়ে যাতে সমভামভাৱে পায় সেইবাবে শক্তিয়ে কাম কৰি আছে ।
Class 10 Science NCERT Textbook – Page No 273
1. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
উত্তৰ: কাৰণ বনাঞ্চল আৰু বন্যপ্ৰণীৰ সংৰশ্ৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনে-
(i) জৈৱ-বৈচিত্ৰ অটুট ৰাখি পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাত ।
(ii) বিভিন্ন উদ্ভিদ, প্ৰণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত ।
(iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ আদ্য আৰু আশ্ৰয় যোগানত ।
(iv) বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত ।
(v) কাঠখৰি, বিভিন্ন কেঁচামাল লাভ কৰাত ।
(vi) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত ।
(vii) ভ-জল পাৱৰ বাবে, বানপানীৰ প্ৰবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি ।
(viii) ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত।
2. বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ।
উত্তৰ: বনাঞ্চল সংৰক্ষণ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় ।
(i) বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা ।
(ii) বনানীকৰণ কৰা
(iii) বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহ ঘোগোৱা ।
(iv) কেন্দীয় আৰু বাজ্যিক চৰকাৰে সামাজিক বনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ।
(v) উদ্ভিদকূল আৰু প্ৰণীসমূহৰ সংৰক্ষণৰ বাবে বৈজ্ঞানিক গৱেষণাৰ পৃষ্ট পোকশতা কৰিব লাগে ।
Class 10 Science NCERT Textbook – Page No 276
1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওবা।
উত্তৰ: পৰম্পৰাগত জল ব্যৱস্থাপনাৰ পদ্ধতিসমূহ হ’ল:
(i) পুখুৰী, হ্রদ বা খাল আদি খন্দা।
(ii) বৰষুণৰ পানী সংৰক্ষণৰ বাবে শিলৰ জলাশয় স্থাপন।
(iii) বান্ধ আৰু নলা খন্দা।
(iv) জলাধাৰ নিৰ্মাণ।
(v) নৈ-নিজৰা মানৱসৃষ্ট নলাৰে বোৱাই অনা।
2. পাহাৰীয়া অঞ্চল বা সমতল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ।
উত্তৰ:
|
পাহাৰ অঞ্চলৰ জল ব্যৱস্থাপনা |
সমতল বা মালভূমি অঞ্চলৰ জল ব্যৱস্থাপনা |
|---|---|
|
|
|
|
|
|
অ ণু শী ল নী
1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তন আগবঢ়োৱাবা ?
উত্তৰ:
(i) পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ বেগ ব্যৱবাৰ ।
(ii) বাল্ব, টিউব লাইটৰ সলনি চি.এফ.এল ব্যৱহাৰ ।
(iii) গা-ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা ।
(iv) জৌৱ-নমনীয় আৰু জৌৱ-অনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ।
(v) ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ সাৰ ব্যৱহাৰ কৰা ।
2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?
উত্তৰ:
বিদ্যালয়ত পৰিৱেশৰ হিতৈষী পৰিৱেশ গঢ়ি তুলিবৰ বাবে ল’বপৰা পদক্ষেপসমূহ হ’ল:
(i) খেলপথাৰ, কৰিড’ৰ আদিৰ দাঁতিত গছ ৰোৱা। ইয়ে কেৱল অক্সিজেনেই যোগান নধৰে, ছাঁ দিয়াৰ ওপৰি নান্দনিক দৃশ্য গঢ়ি তুলিব।
(ii) লাইট আৰু পাংখা আদি প্রয়োজন নহ’লে বন্ধ কৰি থোৱা।
(iii) শৌচাগাৰ, টেপ আদিত পানীৰ অপচয় বন্ধ কৰা, পানীযোগান ব্যৱস্থাৰ সঁজুলিসমূহ সঘনে মেৰামতি কৰা ইত্যাদি।
(iv) জৈৱ-অৱনমনীয় আৰু অজৈৱ-অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা।
(v) বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্থা কৰা।
(vi) বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা।
3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে । এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাৱা ?
উত্তৰ: বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ ভিতৰত স্থানীয় লোক বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে । মই তেনেকৈ ভাৱো কাৰণ স্থানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ব্যৱস্থপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত ।
4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বাঃ
(a) বন্যপ্রাণী আৰু বনাঞ্চল
(b) জল সম্পদ
(c) কয়লা আৰু পেট্র ‘লিয়াম
উত্তৰ:
তলত দিয়া ব্যৱস্থাসমূহ ল’ব পৰা যায়ঃ
[I] বন্যপ্রাণী আৰু বনাঞ্চল:
(a) জৈববৈচিত্র্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া।
(b) নির্বিচাৰভাৱে গছ কটা বন্ধ কৰা।
(c) বনানীকৰণৰ যোগেদি বন্যপ্ৰাণীৰ বাসস্থানক সুৰক্ষা দিয়া।
(d) বন্যপ্রাণী চিকাৰ কৰা লোকক বাধা দিয়া।
[II] জলসম্পদ:
(a) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা আৰু পানী যোগান ব্যৱস্থাৰ সকলো সামগ্রী সঘনে মেৰামতি কৰা।
(b) খোৱাৰ উপযোগী পানী কেৱল পেয় জল হিচাপে ব্যৱহাৰ কৰা।
(c) গৰু-ছাগলী আদিক নদী বা পুখুৰী আদিত নমাই গা-ধুৱোৱাত গৰাকীক বাধা দিয়া।
(d) জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।
(e) কাপোৰ ধোৱা আৰু গা-ধোৱা পানী শৌচাগাৰ আদি চাফা কৰাত ব্যৱহাৰ কৰা।
[III] কয়লা আৰু পেট্র’লিয়াম:
(a) বাল্বৰ সলনি ফুৰ’চেণ্ট লাইট আৰু চি. এফ. এলৰ ব্যৱহাৰ।
(b) অপ্রয়োজনীয় বৈদ্যুতিন সামগ্ৰী বন্ধ ৰখা।
(c) মটৰ চাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকঢ়া বা চাইকেল চলোৱা।
(d) শক্তিৰ বিকল্প উৎস যেনে- সৌৰশক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰ।
5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰকৃতিক সম্পদৰবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?
উত্তৰ: বিভিন্ন প্ৰকৃতিক সম্পদৰ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় –
(i) প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা ।
(ii) প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত লৈ অপচয় বন্ধ কৰা ।
(iii) বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।
(iv) বাতৰি কাকত ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি আদি পৃথকে পৃথকে থৈ পুন:ব্যৱহাৰযোগ্য কৰা ।
6.যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।
উত্তৰ:
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কার্য হ’ল:
(i) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ।
(ii) ব্ৰাছ কৰি থাকোঁতে আৰু শ্বেম্পু আৰু চাবোন ঘঁহোতে পানীৰ টেপ বন্ধ ৰখা।
(iii) গছ এজোপা ৰুইছোঁ।
(iv) গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ আৰু বাতৰি কাকতৰ ব্যৱহাৰ।
(v) পলিথিনৰ মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হ’লঃ
(i) চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ।
(ii) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্ কৰিব পাহৰা।
(iii) প্লাষ্টিকৰ পুতলা কিনা।
(iv) হাতৰ কাম কৰোঁতে কাগজ অপচয় কৰা।
(v) চাঁদৰ ওপৰত কৰা পাৰ্টিত জুই জ্বলোৱা।
7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্রাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা?
উত্তৰ: অনুশীলনীৰ ৫ নংৰ উত্তৰ চোৱা ।
