Class 10 Science Chapter 3 ধাতু আৰু অধাতু Solutions | ASSEB Assam | Assamese Medium

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – ধাতু আৰু অধাতু – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | ASSEB Assam (Assamese Medium)

দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ – ধাতু আৰু অধাতু সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (ASSEB / SEBA Assam – Assamese Medium)

দশম শ্ৰেণীৰ বিজ্ঞান (Science) পাঠ্যক্ৰমৰ তৃতীয় অধ্যায় ‘ধাতু আৰু অধাতু’ (Metals and Non-metals) এখন অতি গুৰুত্বপূৰ্ণ পাঠ। আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 10 Science Chapter 3 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ৰাসায়নিক সমীকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘ধাতু আৰু অধাতু’ নামৰ এই পাঠটিত ধাতু আৰু অধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম, ধাতুৰ সক্ৰিয়তা শ্ৰেণী (Reactivity Series), আয়নীয় যৌগৰ গঠন, আকৰৰ পৰা ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়া আৰু ধাতুৰ ক্ষয়ীভৱন আদি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ পৰা অহা প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে বিজ্ঞান বিষয়ৰ প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ধাতু আৰু অধাতুৰ মাজত থকা ভৌতিক আৰু ৰাসায়নিক পাৰ্থক্যৰ বিস্তৃত আলোচনা।
  • ধাতুৰ সক্ৰিয়তা শ্ৰেণী আৰু আয়নীয় যৌগসমূহৰ ধৰ্মৰ সহজ সমাধান।
  • খনিজ পদাৰ্থ আৰু আকৰৰ পাৰ্থক্য, আৰু ধাতু নিষ্কাশনৰ (Extraction of metals) নিৰ্দোষ উত্তৰ।
  • ১ নম্বৰৰ অতি চমু (VSA objective type), ২-৩ নম্বৰৰ চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া ASSEB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক বিজ্ঞানৰ সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Science Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • বৰ্ণনামূলক প্ৰশ্নৰ লগতে পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Class 10 Science (বিজ্ঞান) PDF Solutions 2026-27 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
ধাতু আৰু অধাতু

ধাতু আৰু অধাতু

প্ৰ শ্না ৱ লী

Class 10 Science NCERT Textbook – Page No 40

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু 

   (i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া ।

   (ii) কটাৰিৰে সহজে ব পাৰি  । 

   (iii) তাপৰ আটাইতকৈ সুপৰিবাহী । 

   (iv) তাপৰ কম পৰিবাহী । 

উত্তৰ:

 (i)  সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া থকা ধাতু এটাৰ  নাম – পাৰা । 

 (ii) কটাৰিৰে সহজে কাটিব পাৰি ধাতু এটাৰ  নাম – ছ’ডিয়াম (Na)

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটোৰ নাম – ৰূপ (Ag) ।

(iv) তাপৰ কম পৰিবাহী ধাতু এটাৰ নাম – সীহ (Pb) । 

2. ধাতুৰ ঘাতসহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা : 

উত্তৰ: 

ঘাতসহনীয়তা : ধাতু এটাৰ যি ধৰ্মত পদাৰ্থ এটাক কোবাই কোবাই পাতল আকাৰলৈ নিব পাৰি তাকে ধাতুৰ ঘাতসহনীয়তা বোলে । 

উদাহৰণস্বৰূপে : প্ৰায় সকলো ধাতু ঘাতসহনীয়তা । ইয়াৰ ভিতৰত গ’ল্ড আৰু ছিলভাৰ আটাইতকৈ বেছি ঘাতসহনীয় ।

নমনীয়তা : ধাতু এটাৰ যি ধৰ্মত পদাৰ্থ এটাক টানি তাঁৰলৈ পৰিৱৰ্তিত কৰে তাকে ধাতুৰ নমনীয়তা বোলে । 

উদাহৰণস্বৰূপে: সৰহ সংখ্যক ধাতুৱেই নমনীয় আৰু আৰু আটাইতকৈ নমনীয় ধাতুটো হৈছে সোণ । 

Class 10 Science NCERT Textbook – Page No 46

1. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ? 

উত্তৰ: তলত দিয়া কাৰণত ছ’ডিয়াম ধাতু  কেৰাচিন তেলত ডুবাই ৰখা হয় 

(i) বায়ু (অক্সিজেন) ৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে : ছ’ডিয়াম (Na) অতি সক্ৰিয় ধাতু যিয়ে বায়ুৰ সৈতে বিক্ৰিয়া সংঘটিত কৰি ছ’ডিয়াম অক্সাইড (Na2O) উৎপন্ন কৰে আৰু ই সাধাৰণ উষ্ণতাতে জ্বলি উঠে । 

4Na (s)   +   O2   → 2Na2O (s)

(ii) জলীয় বাষ্প (পানী)  ৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে : ছ’ডিয়াম (Na)- য়ে জলীয় বাষ্প (পানী H2O) ৰ সৈতে সাধাৰণ উষ্ণতাতে তীব্ৰ বিক্ৰিয়া কৰি পানীৰ বিয়োজন ঘটায় ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH) আৰু হাইড্ৰ’জেন জৈন গেছখিনি বিক্ৰিয়াৰ সময়ত জ্বলি যায় ।

 2Na (s)   +   2H2O (l)  → 2NaOH (aq)   +   H2 (g)

(iii) কেৰাচিন তেলত সুৰক্ষিত অৱস্থাত থাকে : ছ’ডিয়াম (Na) কেৰাচিন তেলত সুৰক্ষিত অৱস্থাত থাকে, কিয়নো ই কেৰাচিনৰ সৈতে বিক্ৰিয়া নকৰে নতুবা ইয়াত দ্ৰৱীভূত নহয় । ইয়াৰ ফলত দুৰ্ঘটনামূলক অগ্নিকাণ্ড সংঘটিত নহয় । 

2. তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা : 

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া ।

(ii) পানীৰ লগত পোলছিয়াম আৰু পটেছিয়ামৰ বিক্ৰিয়া । 

উত্তৰ: (i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া : 

3Fe (s)    + 4H2O (g)  → Fe3O4 (s)   +   4H2 (g) 

(ii) পানীৰ লগত কেলছিয়াম আৰু পটেছিয়ামৰ বিক্ৰিয়া । 

(a) Ca (s)   +   2H2O (l)   → Ca(OH)4 (aq)   +   H2 (g)   + তাপ শক্তি

(b) 2K (s)   +   2H2O (l)   → 2KOH (aq)   +   H2 (g)   + তাপ শক্তি 

3. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণবিলাকত এটা এটাকৈ দিয়া হৈছিল । ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে । 

ধাতু

আইৰণ (II) ছালফেট

ক’পাৰ (II) ছালফেট

যিংক ছালফেট

ছিলভাৰ নাইট্ৰেট

A

বিক্ৰিয়া নহয়

প্ৰতিস্থাপন

___

__

B

প্ৰতিস্থাপন

__

বিক্ৰিয়া নহয়

__

C

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

প্ৰতিস্থাপন

D

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A, B, C, D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া : 

(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো ?

(ii) ক’পাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ’ব ? 

(iii) A, B, C, D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা । 

উত্তৰ: ওপৰত উল্লিখিত জলীয় দ্ৰৱত থকা ধাতুকোইটা হ’ল :

দ্ৰৱণ

সংকেত

ধাতু

আইৰণ (II) ছালফেট

FeSO4

আইৰণ (Fe)

কপাৰ (II) ছালফেট

CuSO4

কপাৰ (Cu)

যিংক ছালফেট

ZnSO4

যিংক  (Zn)

ছিলভাৰ নাইট্ৰেট

AgNO3

ৰূপ (Ag)

ওপৰত উল্লেখিত ধাতুৰ বাবে সক্ৰিয়তা শ্ৰেণীৰ অধোমূখী ক্ৰম হ’ব এনেধৰণৰ : 

             Zn > Fe > Cu > Ag

(a) A ধাতুৱে কপাৰক অপসাৰিত কৰিছে, আইৰণক (Fe) ক অপসাৰিত কৰিব পৰা নাই । গতিকে, ই কপাৰ (Cu) তকৈ অধিক সক্ৰিয় আৰু আইৰণতকৈ কম সক্ৰিয় ।

(b) B ধাতুৱে আইৰণ (Fe) ক অপসাৰিত কৰিছে, যিংক (Zn) ক কৰা নাই, সেয়ে ই আইৰণ (Fe)  তকৈ অধিক সক্ৰিয় আৰু যিংক (Zn) তকৈ কম সক্ৰিয় ।

(c) C ধাতুৱে Ag ক অপসাৰিত কৰিছে আৰু আন কোনো ধাতুক অপসাৰিত কৰা নাই । গতিকে ই ৰূপ (Ag) তকৈ অধিক সক্ৰিয় আৰু Zn, Fe, Cu তকৈ কম সক্ৰিয় ।

(d) D ধাতুৱে কোনো এটা দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰা নাই । গতিকে, ই Fe, Cu, Zn আৰু Ag  তকৈ কম সক্ৰিয় । 

ওপৰৰ তথ্য পৰা আমি ধাতুকেইটাক সক্ৰিয়তা শ্ৰেণীৰ অধ:ক্ৰমত এনেদৰে সজাব পাৰো :

অধিক সক্ৰিয় Zn>B>Fe>A>Cu>C>Ag>D কম সক্ৰিয় 

(i) আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে B । 

(ii) যদিহে B  ধাতুক কপাৰ (II) ছালফেট দ্ৰৱত যোগ কৰা হয় তেন্তে ই দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব । 

(iii) A, B, C আৰু D ধাতুৰ বাবে সক্ৰিয়তা শ্ৰেণীৰ অধ:ক্ৰম হ’ব এনেধৰণৰ :

            B > A > C > D 

4. লঘু হাইড্ৰ’ক্লৰিক এছিড (HCl) ত এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ?  আইৰণে লঘু    ( H2SO4) ৰ লগত কৰা বিক্ৰিয়াটোৰ সমাকৰণ লিখা । 

উত্তৰ: ধাতুৱে এছিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন(H2) গেছ উৎপন্ন কৰে । গতিকে লঘু হাইড্ৰ’ক্লৰিক এছিড (HCl) সক্ৰিয় ধতু এটাৰ লগত যোগ দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয় । 

গতিকে, 

ধাতু (s)   +   HCl (aq)    →  ধাতুৰ লৱণ  (aq)   +   H2 (g)

লঘু ছালফাউৰিক এছিড ( H2SO4)ৰ লগত আইৰণ (Fe) ৰ বিক্ৰিয়া : 

আইৰণে লঘু ছালফাউৰিক এছিড ( H2SO4) ৰ লগত ক্ষিপ্তভাবে বিক্ৰিয়া আইৰণক (II) ছালফেট (FeSO4) আৰু হাইড্ৰজেন (H2) গেছ উৎপন্ন কৰে । 

Fe (s)   H2SO4 (aq) → FeSO4 (aq)   +   H2 (g) 

5. আইৰণ (II)  ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা ?  সংঘটিত হোৱা বিক্ৰিয়াটো লিখা । 

উত্তৰ: যিংক (Zn)  ধাতু আইৰণ (Fe) তকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই আইৰণক লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব । আইৰণ (II)  ছালফেট (FeSO4) ৰ দ্ৰৱত যিংক যোগ দিলে আইৰণ (II)  ছালফেট দ্ৰৱৰ সেউজীয়া বৰণ ক্ৰমে নোহোৱা হৈ বৰণহীন যিংক ছালফেট (ZnSO4) ৰ দ্ৰৱৰ সৃষ্টি কৰিব । 

Zn(s)   +   FeSO4 (aq) → ZnSO4 (aq)   +   Fe (s)    

Class 10 Science NCERT Textbook – Page No 49 

1. (i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰ’ন বিন্দু গঠন (electron dot structure ) লিখা । 

(ii) ইলেক্ট্ৰ’ন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা । 

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি ? 

উত্তৰ: (i)  ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰ’ন বিন্দু গঠন তলত দিয়া হৈছে : 

মৌল

চিহ্ন

মৌলৰ প্ৰকাৰ

পাৰমাণৱিক সংখ্যা

কক্ষত থকা ইলেক্ট্ৰ’নৰ সংখ্যা

যোজক কক্ষত থকা ইলেক্ট্ৰ’ন

সংখ্যা গঠন

ইলেক্ট্ৰ’ন

বিন্দু

K

L

M

ছ’ডিয়াম

Na

ধাতু

11

2

8

1

1

Na.

অক্সিজেন

O

অধাতু

8

2

6

6

Class 10 Science

মেগনেছিয়াম

Mg

ধাতু

12

2

8

2

2

Mg :

(ii) ইলেক্ট্ৰ’ন স্থানান্তৰৰ জৰিয়তে Na2O (ছ’ডিয়াম অক্সাইড) ৰ গঠন:

Na. → Na+ + e

ছ’ডিয়াম পৰমাণু ছ’ডিয়াম কেটায়ন ইলেক্ট্ৰ’ন

(2, 8, 1)

LOKESH SCIENCE.png + 2e LOKESH SCIENCE.png 2

অক্সিজেন পৰমাণু ইলেক্ট্ৰ’ন অক্সাইড এনায়ন

(2,6) (2,8)

Na. LOKESH SCIENCE.png 2Na+( LOKESH SCIENCE.png )2

মেগনেছিয়ামৰ অক্সাইডৰ গঠন

Mg: → Mg2+ + 2e-

LOKESH SCIENCE.png + 2e LOKESH SCIENCE.png 2

অক্সিজেন পৰমাণু ইলেক্ট্ৰ’ন অক্সাইড এনায়ন

(2,6) (2,8)

Mg.. LOKESH SCIENCE.png Mg2+(LOKESH SCIENCE.png )2

(iii) ছ’ডিয়াম অক্সাইড (Na2O) ত থকা আয়ন কেইটা হৈছে ছ’ডিয়াম কেটায়ন (Na+) আৰু অক্সাইড এনায়ন   (O2) । মেগনেছিয়াম অক্সাইড (MgO) ত থকা আয়নকেইটা হৈছে মেগনেছিয়াম কেটায়ন (Mg2+) আৰু অক্সাইড এনায়ন (O2)। 

2. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ? 

উত্তৰ: আয়নীয় যৌগসমূহ ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নেৰে গঠিত । বিপৰীতভাৱে আহিত এই আয়নসমূহৰ মাজত থকা বিদ্যুত স্থিতীয় (আন্ত:আয়নীয়) আকৰ্ষণ বূলৰ মান যথেষ্ট বেছি । সেয়ে এই আকৰ্ষণ বল ভঙাৰ বাবে বৃহত পৰিমাণৰ শক্তি (অধিক উষ্ণতা) ৰ প্ৰয়োজন হয় । সেয়ে আয়নীয় যৌগসমূহৰ গলনামক অধিক । 

উদাহৰণস্বৰূপে : কেলছিয়াম অক্সাইড (CaO) ৰ গলনাংক 2850K আৰু CaCl2 ৰ গলনাংক 1045K । 

Class 10 Science NCERT Textbook – Page No 53

1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা :

(i) খনিজ পদাৰ্থ (Mineral)   (ii) আকৰ (Ore)  (iii) খনিজ মল (Gangue)

উত্তৰ:

(i) খনিজ পদাৰ্থ : পৃথিবীৰ খোলাটোত প্ৰাকৃতিকভাৱে উপলব্ধ মৌল বা যৌগকে খনিজ পদাৰ্থ বোলা হয় । 

যেনে : সোণ, লৱণ ইত্যাদি । 

(ii) আকৰ :যিবোৰ খনিজ পদাৰ্থৰ পৰা ধাতু অধিক হাৰত আৰু লাভজনক ভাৱে আহৰণ কৰিব পাৰি তাকে আকৰ বোলা হয় । 

যেনে : চিনাবোৰ (HgS-পাৰাৰ আকৰ ), যিংক ছালফাইড (ZnS-যিংকৰ আকৰ) । 

(iii) খনিজ মল : খনিৰ পৰা আহৰণ কৰা আকৰত মিহলি হৈ থকা বোকা, বালি বা শিলজাতীয় অশুদ্ধিক খনিজ মল বোলা হয় । 

2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা । 

উত্তৰ: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম হ’ল – সোণ আৰু প্লেটিনাম । 

3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ? 

উত্তৰ: এটা ধাতু অক্সাইডৰপৰা পৃথক কৰি ধাতুবিধ আহৰণ কৰাৰ বাবে বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয় ।

Class 10 Science NCERT Textbook – Page No 53

1. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ উত্তপ্ত কৰা হ’ল । 

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

মেগনেছিয়াম

কপাৰ অক্সাইড

কোনবিলাক ক্ষেত্ৰত প্ৰতিস্থান ঘটিব ? 

উত্তৰ: সক্ৰিয়তা শ্ৰেণী অনুসৰি যিংক (Zn) মেগনেছিয়াম (Mg) আৰু কপাৰ (Cu) ধাতুক এনেদৰে অধ:ক্ৰমত সজাব পাৰি : 

                    Mg > Zn > Cu

তলৰ তথ্যকেইটা বিবেচনা কৰা হওক :

(i) যিহেতু মেগনেছিয়াম (Mg) যিংক (Zn)  তকৈ অধিক সক্ৰিয় , সেয়ে ই যিংক অক্সাইড (ZnO) ৰ পৰা যিংকক অপসাৰিত কৰিব পাৰে । 

(ii) যিহেতু কপাৰ (Cu) যিংক (Zn) তকৈ কম সক্ৰিয় গতিকে, ই যিংক অক্সাইড (ZnO) ৰ পৰা যিংক (Zn) অপসাৰিত কৰিব নোৱাৰে । 

(iii) যিহেতু যিংক (Zn) আৰু কপাৰ (Cu) দুয়োটাই মেগনেছিয়ামতকৈ কম সক্ৰিয়, গতিকে ইয়াৰে কোনোটোৱেই মেগনেছিয়াম (Mg) ক মেগনেছিয়াম অক্সাইডৰ (MgO) ৰ পৰা অপসাৰিত কৰিব নোৱাৰে । 

(iv) যিহেতু যিংক (Zn) আৰু মেগনেছিয়াম (Mg) দুয়োটাই কপাৰতকৈ অধিক সক্ৰিয়, গতিকে ইহঁতে কপাৰ অক্সাইড (CuO) ৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে । 

ধাতু

ধাতুৱীয় অক্সাইড

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

প্ৰতিস্থাপন

বিক্ৰিয়া নহয়

মেগনেছিয়াম অক্সাইড

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

কপাৰ অক্সাইড

প্ৰতিস্থাপন

প্ৰতিস্থাপন

2. কি ধাতুত সহজে মামৰে নধৰে ? 

উত্তৰ: কম সক্ৰিয় ধাতু যেনে – সোণ, ৰূপ, আদি সহজে মামৰে নধৰে কিয়নো এই ধাতুসমূহ বায়ুৰ পৰিৱেশত থকা গেছ ( যেনে – অক্সিজেন, কাৰ্বন ডাই-অক্সাইড আদি) , জলীয় বাষ্প (পানী), তৰল এছিড আৰু এলকালি আদিৰ সৈতে সাধাৰণ অৱস্থাত বিক্ৰিয়া নকৰে । 

3. সংকৰ ধাতু কি ? 

উত্তৰ: দুটা বা ততোধিক ধাতু আৰু অধাতুৰ সমসত্ব সংমিশ্ৰণক সংকৰ ধাতু বোলে । 

অণুশীলনী

1. তলৰ কোলবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব ? 

(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু 

(d) MgCl2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(c) FeSO4ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু  

(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু 

উত্তৰ: AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু ।

2. লোৰ টোৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোলটো পদ্ধতি উপযুক্ত হ’ব ?

(a) গ্ৰীজ সনা 

(b) ৰং ব্যৱহাৰ কৰা 

(c) যিংকৰ প্ৰলেপ দিয়া 

(d) ওপৰৰ আটাইকেইটা 

উত্তৰ: (c) যিংকৰ প্ৰলেপ দিয়া 

3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে । যৌগটো পানীত দ্ৰৱণীয় । সম্ভপৰ মৌলটো ____ । 

(a) কেলছিয়াম  

(b) কাৰ্বন 

(c) ছিলিকন 

(d) আইৰণ

উত্তৰ:  (a) কেলছিয়াম 

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় ; যিংকৰ নহয় । কিয়নো _____  । 

(a) টিনতকৈ যিংক দামী  ।

(b) যিংকৰ গলনাংক টিনতকৈ বেছি । 

(c) যিংক টিনতকৈ অধিক সক্ৰিয় । 

(d) যিংক টিনতকৈ কম  সক্ৰিয় । 

উত্তৰ: (c) যিংক টিনতকৈ অধিক সক্ৰিয় । 

5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল । 

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ? 

(b) ধাতু/অধাতুৰ চিনাক্ত কৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাকন কৰা ।

উত্তৰ:

(a) ধাতু আৰু অধাতুৰ নমুনাসমূহ প্ৰথমতে এটা এটাকৈ হাতুৰীৰে কিছু সময়ৰ বাবে কোবাই চোৱা হ’ল । যদিহে এটা নমুনাক হাতুৰীৰে কোবাই পাতৰ আকাৰ দিব পাৰি, তেন্তে ধাতু হ’ব অন্যথা ই অধাতু হ’ব । আকৌ যদিহে নমুনা বিধত কোবালে উচ্চ শব্দ উৎপন্ন হয় তেন্তে ই ধাতু বুলি জনা যাব আৰু তেনে নহলে ই অধাতু বুলি জনা যাব । 

(b) ধাতু আৰু অধাতুৰ সাধাৰণ ধৰ্মৰ ক্ষেত্ৰত থকা ব্যতিক্ৰমৰ বাবে ই সীমাবদ্ধতাও আছে । 

উদাহৰণ: যিংক এবিধ ধাতু হ’লেও সাধাৰণ উষ্ণতাত ই ঘাতসহনীয় নহয় । একেদৰে  গ্ৰেফাইট অধাতু হ’লেও বিদ্যুতৰ সুপৰীবাহী । 

6. উভধৰ্মী অক্সাইড কাক বোলে ? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া । 

 উত্তৰ: আম্লিক আৰু ক্ষাৰকীয় দুয়োধৰণৰ প্ৰকৃতি বহন কৰা ধাতৱীয় অক্সাইডসমূহক উভধৰ্মী অক্সাইড বোলে । 

উদাহৰণস্বৰূপে : এলুমিনিয়াম অক্সাইড (Al2O3) আৰু যিংক অক্সাইড (ZnO)

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসৰণ কৰে আৰু যিয়ে নকৰে । 

উত্তৰ:  সক্ৰিয়তা শ্ৰেণীত হাইড্ৰ’জেনৰ ওপৰফালে থকা ধাতুৱে হাইড্ৰ’জেনক লঘু এছিডৰ পৰা অপসাৰিত কৰিব পাৰে । 

যেনে : ছ’ডিয়াম (Na) আৰু  যিংক (Zn) । 

আনফালে, সক্ৰিয়তা শ্ৰেণীত হাইড্ৰ’জেনৰ তলৰফালে থকা ধাতুৱে হাইড্ৰ’জেনক লঘু এছিডৰ পৰা অপসাৰিত কৰিব নোৱাৰে । 

যেনে: কপাৰ (Cu) আৰু ছিলভাৰ (Ag) । 

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য কি ল’ব লাগিব ? 

উত্তৰ: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে : 

    (i) এন’ড : অশুদ্ধ ধাতু M 

    (ii) কেথ’ড :  বিশুদ্ধ পাতল পাত 

    (iii) বিদ্যুত বিশ্লেষ্য ; M ধাতুৰ দ্ৰৱণীয় লৱণৰ দ্ৰৱ । 

9. প্ৰত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে । উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱাধৰণে এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে। 

এতিয়া,

(a) এই গেছে —

(i) শুষ্ক লিটমাছ কাগজৰ লগত 

(ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ’ব ? 

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা । 

উত্তৰ  ছালফাৰ (S)  গুড়ি উত্তাপিত কৰিলে ই বায়ু (অক্সিজেন) ত দাহিত হৈ ছালফাৰ ডাই – অক্সাইড গেছ উৎপন্ন কৰে । 

(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত এই গেছে (ছালফাৰ ডাই – অক্সাইড) কোনো বিক্ৰিয়া নকৰে । 

(ii) সিক্ত লিটমাছ কাগজত পানী থাকে যিয়ে ছালফাৰ ডাই -অক্সইডক দ্ৰৱীভূত কৰি ছালফিউৰাছ এছিড উৎপন্ন কৰে। এই এছিডে সিক্ত নীলা লিটমাছ কাগজৰ ৰং ৰঙা কৰে । 

(b) (i) S (s) + O2  (g) → SO2 (g) 

 (ii) SO2 (g) + H2O (l)  →  H2SO3 (aq) 

10. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা ।

উত্তৰ: (i) ৰঙৰ প্ৰলেপ দি আৰু    (ii) দস্তালেপন 

11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে কেনে অক্সাইড উৎপন্ন কৰে ? 

উত্তৰ: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতু বিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে । 

উদাহৰণস্বৰূপে : অধাতু কাৰ্বনে অক্সিজেন (O2) ৰ লগত বিক্ৰিয়া কৰি কাৰ্বন ডাই – অক্সাইড (CO2) উৎপন্ন কৰে যাৰ প্ৰকৃতি আম্লিক । 

    C (s) + O2 (g)  →  (CO2) (g) 

12. কাৰণ দৰ্শোৱা : 

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। 

(b) ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। 

(d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। 

উত্তৰ: 

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰাৰ কাৰণ :

(i)  এই ধাতুসমূহ নমনীয়, ঘাতসহনীয় আৰু ধাতৱীয় দ্যুতিসম্পন্ন।

(ii) এই ধাতুবিলাক কম সক্ৰিয় আৰু বায়ুমণ্ডলীয় গেছ (অক্সিজেন, কাৰ্বন ডাই-অক্সাইড ইত্যাদি) জলীয় বাষ্প (পানী), লঘু এছিড আৰু ক্ষাৰৰ সৈতে সাধাৰণ অৱস্থাত বিক্ৰিয়া নকৰে ।

(b) ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় ।

উত্তৰ: ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়ামক তেলত ডুবাই ৰখা হয় । কিয়নো এই ধাতুসমূহ অতিশয় সক্ৰিয় আৰু সাধাৰণ উষ্ণতাতে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠে । তদুপৰি ই জলীয় বাষ্পৰ লগতো বিক্ৰিয়া কৰে । এই বিক্ৰিয়া ইমানেই বিষ্ফোৰক যে বিক্ৰিয়াৰ সময়ত উৎপন্ন হোৱা হাইড্ৰ’জেন গেছ লগে লগে জ্বলি উঠে ।

সেয়ে আকষ্মিক অগ্নিকাণ্ড নঘটিবৰ বাবে এই সক্ৰিয় ধাতুসমূহক তেলত ডুবাই ৰখা হয় ।

(c) এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।  উত্তৰ: এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ সৈতে সহজে বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ অতিশয় সুস্থিৰ পাতল আৱৰণ এটা গঠন কৰে । এই সুৰক্ষামূলক আৱৰণে এলুমিনিয়ামক অক্সিজেনৰ সৈতে অধিক বিক্ৰিয়া হ’বলৈ নিদিয়ে । এলুমিনিয়াম সস্তীয়া হোৱাৰ উপৰিও ই অতি পাতল আৰু তাপৰ সুপৰিবাহী তদুপৰি ইয়াৰ গলনাংকও অধিক । সেয়ে অতি সক্ৰিয় ধাতু হোৱাৰ সত্বেও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় । 

(d) ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। 

উত্তৰ: ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰসমূহ সাধৰণতে অক্সাইডলৈ ৰূপান্তৰ কৰি লোৱা হয়  কাৰণ কাৰ্বনেট আৰু ছালফাইড আকৰসমূহ পৰা ধাতু আহৰণ কৰাৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰাটো (বিজাৰণ পদ্ধতিৰে) সুবিধাজনক ।

সেয়ে ছালফাইড আকৰক তাপজাৰণ পদ্ধতিৰে অক্সাইডলৈ পৰিৱৰ্তন কৰি লোৱা হয় । একেদৰে কাৰ্বনেট আকৰক বিজাৰণৰ পূৰ্বে দগ্ধীকৰণ প্ৰক্ৰিয়াৰে অক্সাইডলৈ পৰিৱৰ্তন কৰি লোৱা হয় ।

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা ।

ক্ৰমিক নং

পাৰ্থক্যৰ ভিত্তি

ধাতু

অধাতু

(i)

আয়নীয় প্ৰকৃতি

বিদ্যুৎ ধনাত্মক হোৱা হেতুকে বিজাৰক হিচাপে কাম কৰে ।

বিদ্যুৎ ঋনাত্মক হোৱা হেতুকে জাৰক হিচাপে কাম কৰে ।

(ii)

অক্সিজেনৰ সৈতে বিক্ৰিয়া

অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ক্ষাৰকীয় ধৰ্ম থকা আয়নীয় বন্ধনীযুক্ত অক্সাইড উৎপন্ন কৰে ।

অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি সহযোগী বন্ধনীযুক্ত আম্লিক অক্সাইড উৎপন্ন কৰে

(iii)

লঘু এছিডৰ সৈতে বিক্ৰিয়া

সক্ৰিয়তা শ্ৰেণীত হাইড্ৰ’জেন ওপৰফালে থকা ধাতু সমুহে লঘু এছিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে ।

অধাতুৱে সাধাৰণতে হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া নকৰে ।

(iv)

পানীৰ সৈতে বিক্ৰিয়া

শীতল পানী, তপত পানী অথবা ভাপৰ সৈতে বিক্ৰিয়া কৰি অক্সাইড আৰু হাইড্ৰ’ক্সাইড উৎপন্ন কৰে ।

পানীৰ সৈতে বিক্ৰিয়া নকৰে ।

(v)

হাইড্ৰ’জেনৰ সৈতে বিক্ৰিয়া

ধাতুৱে সাধাৰণতে হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া নকৰে । ব্যতিক্ৰম : Na, Ca, Li ইত্যাদি ।

অধাতুৱে সাধাৰণতে হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া কৰি সুস্থিৰ যৌগ উৎপন্ন কৰে ।

15. এজন ভণ্ড মানুহ স্বৰ্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল । তেওঁ ম্নান পৰি যোৱা অলংকাৰৰ চিকমিকণি পূনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল । এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ সাৰুযোৰ খুলি তেওঁক দিছিল । মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰাৱকত ডুবাই ধৰিছিল । খাৰু যোৰ নতুন লেখীয়াকৈ উজ্জল হৈ পৰিছিল, পিছে খাৰুযোৰৰ উজন বহুখিনি কমি গৈছিল । মহিলা গৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল । মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক’ব পাৰিবাবে ?

উত্তৰ:

মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকবিধ হ’ল অম্লৰাজ বা একুৱা ৰেজিয়া । ই হ’ল 3:1 অনুপাতত মিহলি কৰা গাঢ় হাইড্ৰ’ক্লৰিক আৰু নাইট্ৰিক এছিডৰ মিশ্ৰণ যিয়ে সোণ আৰু প্লেটিনাম দ্ৰৱভূত কৰিব পাৰে ।

একুৱা ৰেজিয়াই সোণৰ এক বুজন পৰিমাণৰ দ্ৰৱীভূত কৰাৰ বাবে সোণৰ খাৰু যোৰৰ ওজন হঠাৎ কমি গৈছিল ।

16. গৰম পানীৰ জলাধাৰ (Hot Water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় । কিন্তু ষ্টিল (আইৰণ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় । কিয় ?

উত্তৰ: তীখা কপাৰতকৈ সস্তীয়া হয় যদিও গৰম পানীৰ টেংক তৈয়াৰ কৰোঁতে কপাৰ ব্যৱহাৰ কৰাৰ কাৰণ :

(i) তীখাতকৈ কপাৰ তাপৰ সুপৰিবাহী ।

(ii) তীখাত থকা আইৰণে তপত পানীৰ ভাপৰ সৈতে বিক্ৰিয়া কৰি মেগনেটাইট [ ট্ৰাই-আইৰণ (II), (III) , টেট্টা অক্সাইড ] আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে । ইয়াৰ ফলত মামৰে ধৰে ।

3Fe (s) + 4H2O (g) → Fe3O4 (s) + 4H2 (g)

তাৰ বিপৰিতে কপাৰে পানীৰ সৈতে কোনো কাৰণতে বিক্ৰিয়া নকৰে । সেয়ে কপাৰৰ ক্ষয়ীভৱন নঘটে ।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
দশম শ্ৰেণী বিজ্ঞান অধ্যায় ৩ (ধাতু আৰু অধাতু) – সঘনাই সোধা প্ৰশ্ন (FAQs)
দশম শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় ৩ ত কি কি মূল বিষয় আলোচনা কৰা হৈছে?
এই অধ্যায়ত ধাতু আৰু অধাতুৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম, সক্ৰিয়তা শ্ৰেণী, আয়নীয় যৌগৰ ধৰ্ম, ধাতুৰ নিষ্কাশন প্ৰক্ৰিয়া আৰু ক্ষয়ীভৱনৰ প্ৰতিৰোধৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল বিজ্ঞান পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, ধাতু আৰু অধাতুৰ ৰাসায়নিক সমীকৰণৰ সমাধান আৰু পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ ASSEB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে ASSEB (পূৰ্বৰ SEBA) ৰ শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাত এই অধ্যায়ৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ধাতু-অধাতুৰ পাৰ্থক্য, সক্ৰিয়তা শ্ৰেণীৰ ওপৰত ভিত্তি কৰি অহা প্ৰশ্ন, ধাতুৰ নিষ্কাশনৰ পৰ্যায়সমূহ, ১-৩ নম্বৰৰ চমু প্ৰশ্ন, আৰু বহু-বিকল্পী প্ৰশ্ন (MCQ) সাধাৰণতে সোধা হয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top