Class 10 Science Chapter 16 Solution – প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা | SEBA Assam

SEBA Class 10 Science Chapter 16 – প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা Solutions & Summary (Assamese Medium)

Looking for Class 10 Science Chapter 16 – “প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা” solutions? Ospin Academy provides detailed SEBA solutions in Assamese Medium, focusing on the sustainable management of natural resources.

📖 Chapter Overview:

This chapter explains the importance of conserving natural resources, sustainable development practices, and how to balance human needs with environmental protection.

📌 Key Topics Covered:

  • Types of Natural Resources
  • Conservation of Forest and Wildlife
  • Water Management and Sustainable Practices
  • Coal and Petroleum Conservation
  • 3R Principle: Reduce, Reuse, Recycle

📌 Important Questions for Exams:

  • What are the different types of natural resources?
  • Explain the importance of forest and wildlife conservation.
  • How can we conserve water through sustainable management?
  • Describe the 3R principle and its significance in resource management.
  • Why is it necessary to conserve coal and petroleum?

📝 How Ospin Academy Helps:

  • Detailed Solutions in Assamese Medium
  • Step-by-Step Explanations with Diagrams
  • Chapter-Wise MCQs for Practice
  • Comprehensive SEBA Exam Preparation Material

Explore SEBA Class 10 Science Chapter 16 – “প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা” solutions on Ospin Academy and prepare confidently for your exams!

Vibrant Note Box
Buy Printable PDF
Class 10 Maths (গণিত) PDF Solutions 2025-26 | SEBA Assam
Original price was: ₹199.00.Current price is: ₹39.00.

Download Class 10 Mathematics (গণিত) PDF with MCQs, textbook solutions, and additional practice questions for SEBA Assam 2025-26.

Vibrant Note Box
প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা

প্ৰকৃতিক সম্পদৰ ব্যৱস্থাপনা ।

প্ৰ শ্না ৱ লী

Class 10 Science NCERT Textbook – Page No 269

1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?

উত্তৰ: পৰিৱেশ হিতৈষী হ’বলৈ মই তলত দিয়া অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰো-

(i) বিদ্যালয়, অফিচ-কাৰ্যালয় আদিলৈ অহা যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা ।

(ii) জৈৱ- নিম্নীকৰণ আৰু জৈৱ- অনিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা ।

(iii) গা ধোৱা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

(iv) প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা ।

(v) গ্ৰীষ্মকালত গা-ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ নকৰা ।

(vi) খাদ্য অপচয় নকৰা ।

2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?

উত্তৰ: ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা হল-

(i) বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব ।

(ii) বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ’ব ।

(iii) ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ’ব ।

(iv) বৃহৎ মুনাফা হ’ব ।

3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?

উত্তৰ: সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ এনেকৈ পাৰ্থক্য কৰিম ।

হ্ৰস্যম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা

দীৰ্ঘম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা

(i) বৰ্তমান প্ৰজন্মৰহে পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব ।

(i) যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হব ।

(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমবিতৰণ নহয় ।

(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সূষম বিতৰণ ।

(iii) সংৰক্ষণ সম্ভৱ নহয় ।

(iii) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয় ।

(iv) অধিক হাৰত ব্যৱহাৰ কৰা হয়

(iv) বহনক্ষম ব্যৱহাৰ হয় ।

4. সম্পদসমূহৰ সমভাৱে বিতৰণ হব লাগে বুলি কিয় ভাৱা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?

উত্তৰ: ধন বা কৰ্তৃত্ব নিৰ্বিশেষে পৃথিৱীৰপৰা আহৰণ কৰা মূৱল্যৱান প্ৰকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানে উপলদ্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সম আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্ৰয়োজনীয় ।

প্ৰতিজন ব্যক্তিৰে প্ৰকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে । সেয়ে সুবিধাসমূহ ধনী-দুখীয়া দুয়ো শ্ৰেণীয়ে যাতে সমভামভাৱে পায় সেইবাবে শক্তিয়ে কাম কৰি আছে ।

Class 10 Science NCERT Textbook – Page No 273

1. বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ: কাৰণ বনাঞ্চল আৰু বন্যপ্ৰণীৰ সংৰশ্ৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনে-

(i) জৈৱ-বৈচিত্ৰ অটুট ৰাখি পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাত ।

(ii) বিভিন্ন উদ্ভিদ, প্ৰণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত ।

(iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ আদ্য আৰু আশ্ৰয় যোগানত ।

(iv) বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত ।

(v) কাঠখৰি, বিভিন্ন কেঁচামাল লাভ কৰাত ।

(vi) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত ।

(vii) ভ-জল পাৱৰ বাবে, বানপানীৰ প্ৰবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি ।

(viii) ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত।

2. বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ।

উত্তৰ: বনাঞ্চল সংৰক্ষণ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় ।

(i) বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা ।

(ii) বনানীকৰণ কৰা

(iii) বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহ ঘোগোৱা ।

(iv) কেন্দীয় আৰু বাজ্যিক চৰকাৰে সামাজিক বনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ।

(v) উদ্ভিদকূল আৰু প্ৰণীসমূহৰ সংৰক্ষণৰ বাবে বৈজ্ঞানিক গৱেষণাৰ পৃষ্ট পোকশতা কৰিব লাগে ।

Class 10 Science NCERT Textbook – Page No 276

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওবা।

উত্তৰ: পৰম্পৰাগত জল ব্যৱস্থাপনাৰ পদ্ধতিসমূহ হ’ল:

(i) পুখুৰী, হ্রদ বা খাল আদি খন্দা।

(ii) বৰষুণৰ পানী সংৰক্ষণৰ বাবে শিলৰ জলাশয় স্থাপন।

(iii) বান্ধ আৰু নলা খন্দা।

(iv) জলাধাৰ নিৰ্মাণ।

(v) নৈ-নিজৰা মানৱসৃষ্ট নলাৰে বোৱাই অনা।

2. পাহাৰীয়া অঞ্চল বা সমতল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ।

উত্তৰ:

পাহাৰ অঞ্চলৰ জল ব্যৱস্থাপনা

সমতল বা মালভূমি অঞ্চলৰ জল ব্যৱস্থাপনা

  1. পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত পানীৰ আধাৰ স্থাপন কৰা হয় যাতে বৈ অহা পানী তাত জমা হয় ।
  1. প্ৰধানত অৰ্ধচন্দ্ৰাকৃতিৰ মাচিৰ বান্ধ, নাইবা চাপৰ পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা চেক ডামচ সাধাৰণতে বোৱতী পানীয়ে কৰা দ জানত নিৰ্মাণ কৰা হয় ।
  1. পাহাৰৰ অঞ্চলত পানী কমকৈ বাষ্পীভৱন হয় বাবে পানী প্ৰায় সকলো ঋতুতে সংগ্ৰহ কৰিব পাৰি ।
  1. বাৰিষাকালৰ পিছতে পানী শুকাব ধৰে ।
  1. কঠিন শিলাৰে গঠিত বাবে প্ৰায় ভাগ ঠাইতে পানী ভূ-গৰ্ভস্থ হব নোৱাৰে ।
  1. বান্ধে কেৱল পানী ধৰি নাৰাখে, ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে ।
অ ণু শী ল নী

1. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তন আগবঢ়োৱাবা ?

উত্তৰ: 

(i) পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ বেগ ব্যৱবাৰ ।

(ii) বাল্ব, টিউব লাইটৰ সলনি চি.এফ.এল ব্যৱহাৰ ।

(iii) গা-ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা ।

(iv) জৌৱ-নমনীয় আৰু জৌৱ-অনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ।

(v) ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ সাৰ ব্যৱহাৰ কৰা ।

 

2. পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?

উত্তৰ:

বিদ্যালয়ত পৰিৱেশৰ হিতৈষী পৰিৱেশ গঢ়ি তুলিবৰ বাবে ল’বপৰা পদক্ষেপসমূহ হ’ল:

(i) খেলপথাৰ, কৰিড’ৰ আদিৰ দাঁতিত গছ ৰোৱা। ইয়ে কেৱল অক্সিজেনেই যোগান নধৰে, ছাঁ দিয়াৰ ওপৰি নান্দনিক দৃশ্য গঢ়ি তুলিব।

(ii) লাইট আৰু পাংখা আদি প্রয়োজন নহ’লে বন্ধ কৰি থোৱা।

(iii) শৌচাগাৰ, টেপ আদিত পানীৰ অপচয় বন্ধ কৰা, পানীযোগান ব্যৱস্থাৰ সঁজুলিসমূহ সঘনে মেৰামতি কৰা ইত্যাদি।

(iv) জৈৱ-অৱনমনীয় আৰু অজৈৱ-অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা।

(v) বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্থা কৰা।

(vi) বিদ্যালয়ত প্লাষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা।

3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে । এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাৱা ?

উত্তৰ: বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ ভিতৰত স্থানীয় লোক বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে । মই তেনেকৈ ভাৱো কাৰণ স্থানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ব্যৱস্থপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত ।

4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বাঃ

(a) বন্যপ্রাণী আৰু বনাঞ্চল

(b) জল সম্পদ

(c) কয়লা আৰু পেট্র ‘লিয়াম

উত্তৰ:

তলত দিয়া ব্যৱস্থাসমূহ ল’ব পৰা যায়ঃ

[I] বন্যপ্রাণী আৰু বনাঞ্চল:

(a) জৈববৈচিত্র্য সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া।

(b) নির্বিচাৰভাৱে গছ কটা বন্ধ কৰা।

(c) বনানীকৰণৰ যোগেদি বন্যপ্ৰাণীৰ বাসস্থানক সুৰক্ষা দিয়া।

(d) বন্যপ্রাণী চিকাৰ কৰা লোকক বাধা দিয়া।

[II] জলসম্পদ:

(a) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰখা আৰু পানী যোগান ব্যৱস্থাৰ সকলো সামগ্রী সঘনে মেৰামতি কৰা।

(b) খোৱাৰ উপযোগী পানী কেৱল পেয় জল হিচাপে ব্যৱহাৰ কৰা।

(c) গৰু-ছাগলী আদিক নদী বা পুখুৰী আদিত নমাই গা-ধুৱোৱাত গৰাকীক বাধা দিয়া।

(d) জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা।

(e) কাপোৰ ধোৱা আৰু গা-ধোৱা পানী শৌচাগাৰ আদি চাফা কৰাত ব্যৱহাৰ কৰা।

[III] কয়লা আৰু পেট্র’লিয়াম:

(a) বাল্বৰ সলনি ফুৰ’চেণ্ট লাইট আৰু চি. এফ. এলৰ ব্যৱহাৰ।

(b) অপ্রয়োজনীয় বৈদ্যুতিন সামগ্ৰী বন্ধ ৰখা।

(c) মটৰ চাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰ বাবে খোজকঢ়া বা চাইকেল চলোৱা।

(d) শক্তিৰ বিকল্প উৎস যেনে- সৌৰশক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰ।

 

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰকৃতিক সম্পদৰবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?

উত্তৰ: বিভিন্ন প্ৰকৃতিক সম্পদৰ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় –

(i) প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা ।

(ii) প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত লৈ অপচয় বন্ধ কৰা ।

(iii) বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।

(iv) বাতৰি কাকত ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি আদি পৃথকে পৃথকে থৈ পুন:ব্যৱহাৰযোগ্য কৰা ।

6.যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।

(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।

উত্তৰ:

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কার্য হ’ল:

(i) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ।

(ii) ব্ৰাছ কৰি থাকোঁতে আৰু শ্বেম্পু আৰু চাবোন ঘঁহোতে পানীৰ টেপ বন্ধ ৰখা।

(iii) গছ এজোপা ৰুইছোঁ।

(iv) গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবে পুৰণা কাগজ আৰু বাতৰি কাকতৰ ব্যৱহাৰ।

(v) পলিথিনৰ মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰ মোনাৰ ব্যৱহাৰ।

(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হ’লঃ

(i) চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ।

(ii) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্ কৰিব পাহৰা।

(iii) প্লাষ্টিকৰ পুতলা কিনা।

(iv) হাতৰ কাম কৰোঁতে কাগজ অপচয় কৰা।

(v) চাঁদৰ ওপৰত কৰা পাৰ্টিত জুই জ্বলোৱা।

7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্রাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা?

উত্তৰ: অনুশীলনীৰ ৫ নংৰ উত্তৰ চোৱা ।

 

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
SEBA Class 10 Science Chapter 16 – প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা FAQs (Assamese Medium)
What is the importance of conserving natural resources?
Conserving natural resources ensures environmental sustainability, protects biodiversity, and preserves resources for future generations.
How can we conserve water effectively?
We can conserve water by rainwater harvesting, reducing wastage, and using water-efficient technologies.
What is the 3R principle in resource management?
The 3R principle—Reduce, Reuse, and Recycle—helps in minimizing waste and conserving natural resources.
Why is it necessary to conserve coal and petroleum?
Coal and petroleum are non-renewable resources that take millions of years to form. Conservation ensures their availability for future needs.
What are some ways to conserve forest resources?
Forest conservation methods include afforestation, sustainable logging, wildlife protection, and community participation.
NCERT Solutions – Ospin Academy

Get Free NCERT PDFs

If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:

Thank You!

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top