সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১৫ – কাগজ-কলমৰ ৰণ – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Assamese Chapter 15 কাগজ-কলমৰ ৰণ Solutions | AJB Assam

সপ্তম শ্ৰেণী আপোন পাঠ (অসমীয়া) অধ্যায় ১৫ – কাগজ-কলমৰ ৰণ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘আপোন পাঠ’ৰ পঞ্চদশ অধ্যায় ‘কাগজ-কলমৰ ৰণ’ এখন অতি আমোদজনক আৰু শিক্ষামূলক পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Assamese Chapter 15 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক চমু প্ৰশ্ন, দীঘলীয়া প্ৰশ্ন, ব্যাকৰণ, অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘কাগজ-কলমৰ ৰণ’ নামৰ এই পাঠটিত কাগজ আৰু কলমৰ মাজত হোৱা কাল্পনিক কথোপকথন আৰু তৰ্কৰ মাজেৰে দুয়োৰে গুৰুত্ব তথা ব্যৱহাৰিক দিশটো সুন্দৰভাৱে দাঙি ধৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ কাহিনীভাগ আৰু ইয়াৰ অন্তৰ্নিহিত তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • কাগজ-কলমৰ ৰণ পাঠটিৰ মূল কাহিনীভাগ আৰু ইয়াৰ শিক্ষাৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, চমু প্ৰশ্ন আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • পাঠভিত্তিক ব্যাকৰণ, সমাৰ্থক শব্দ, বিপৰীত শব্দ আৰু বাক্য ৰচনাৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 7 Apun Path Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • কাগজ-কলমৰ ৰণ পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Assamese (আপোন পাঠ) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Assamese (আপোন পাঠ) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Assam Jatiya Bidyalay (AJB) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 15 কাগজ-কলমৰ

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: আপোন পাঠ

অধ্যায়-15                                                                                  অস্পিন একাডেমী

কাগজ-কলমৰ

পাঠভিত্তিক প্রশ্নোত্তৰ

১ । উত্তৰ দিয়া 

(ক) কাগজ আৰু কলমৰ জংক-পংক দেখি সোণটিয়ে কাক মাতিছিল?

উত্তৰঃ কাগজ আৰু কলমৰ জংক-পংক দেখি সোণটিয়ে দেউতাক আৰু আইতাকক মাতিছিল।

(খ) কাজগ-কলমে সোণটিৰ পঢ়া মেজখন কি কৰি পেলাইছে?

উত্তৰঃ কাগজ-কলমে সোণটিৰ পঢ়া মেজখন শৰাইঘাট যেন কৰি পেলাইছে।

(গ) কাগজে কাক মহাপুৰুষ বুলি কৈছে?

উত্তৰঃ কাগজে কলমক মহাপুৰুষ বুলি কৈছে।

(ঘ) কাগজ আৰু কলমে কিহৰ ছেৱত যুদ্ধত নামিছিল?

উত্তৰঃ কাগজ আৰু-কলমে দুয়ো দুয়োটাৰ ক্ষমতা কাৰ কিমান প্রয়োজনীয়তা তাক লৈ দুয়োটাৰ মাজত কাজিয়া লাগিছিল।

(ঙ) সোণটিক আইতাকে কি কাৰণে ছুটী দিছিল?

উত্তৰঃ সোণটিয়ে কাগজ আৰু কলমৰ ইমান ডাঙৰ খৰিয়ালখন মিটাট্ কৰা বাবে সোণটিক আইতাকে ছুটী দিছিল।

২। “কাগজ-কলমৰ ৰণ’ নাটকখনিৰ কাহিনীটো নিজৰ কথাৰে লিখা।

​উত্তৰঃ কবি নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত “কাগজ-কলমৰ ৰণ” এখন অতি আমোদজনক নাটক। ইয়াত কাগজ আৰু কলমৰ মাজত হোৱা এক তৰ্কযুদ্ধৰ কাহিনী বৰ্ণনা কৰা হৈছে। কাহিনী অনুসৰি, সোণটি নামৰ ল’ৰাটোৱে পঢ়া মেজত বহি অংক কৰিবলৈ লওঁতেই কাগজ আৰু কলমৰ মাজত সংঘাত আৰম্ভ হোৱা দেখে। কাগজ আৰু কলমৰ মাজত হোৱা এই বাক-বিতণ্ডাক সোণটিয়ে ‘জংক-পংক’ বুলি অভিহিত কৰিছে আৰু ইয়াৰ বাবে সি অংকত মন দিব পৰা নাই বুলি দেউতাক আৰু আইতাকক অৱগত কৰে। ​সাধাৰণতে শান্ত হৈ থকা কাগজ আৰু কলমে সেইদিনা সোণটিৰ মেজখনক যেন এখন যুদ্ধক্ষেত্ৰলৈহে ৰূপান্তৰিত কৰিছিল। কাগজে কলমৰ ভুলবোৰ আঙুলিয়াই দিছে আৰু কলমেও প্ৰত্যুত্তৰত কাগজৰ দোষবোৰ কৈ ইটোৱে সিটোক উপলুঙা কৰি তৰ্কত লিপ্ত হৈছে। সিহঁতৰ এই বিবাদ দেখি সোণটিয়ে দুয়োকে শান্ত হ’বলৈ অনুৰোধ কৰে। ​নাটকখনিৰ মাজেৰে কাগজ আৰু কলমৰ মাজত থকা অবিচ্ছেদ্য সম্পৰ্কটোকো সুন্দৰকৈ ফুটি উঠিছে। কলম অবিহনে কাগজত একো লিখিব নোৱাৰি, ঠিক তেনেদৰে কাগজ নহ’লে কলমৰো কোনো সাৰ্থকতা নাই। অৱশেষত আইতাকে কাগজ-কলমৰ এই কাজিয়াখন মিলাই দি সোণটিক পঢ়াৰ পৰা আহৰি দিয়ে। বাহিৰৰ নিৰ্মল বতাহত তাক টাং-গুটি খেলিবলৈ উৎসাহিত কৰি আইতাকে বুজাই দিয়ে যে মনটো প্ৰফুল্লিত হৈ থাকিলেহে যিকোনো কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়, আনহাতে অশান্ত মনেৰে একো ভাল কাম কৰিব নোৱাৰি।

৩। একে অর্থ বুজোৱা শব্দ লিখাঁ।

শব্দ

গপ

অহংকাৰ

নিমজ

মিহি

লেটা

জঞ্জাল

শুকান

নিৰস

চিয়াঁহী

মহি

খৰিয়াল

কাজিয়া

উত্তৰঃ

শব্দ

একে অৰ্থ বুজোৱা শব্দ 

গপ

কথা / কাহিনী

অহংকাৰ

গৰ্ব / দম্ভ

নিমজ

কোমল / নরম

মিহি

সূক্ষ্ম / মিঠা

লেটা

আলসী / অকাম

জঞ্জাল

আবৰজনা / অগছলো

শুকান

উজন / নিৰ্জল

নিৰস

নিস্বাদ / অনাকৰ্ষণীয়

চিয়াঁহী

ঈৰ্ষালু / হিংসক

মহি

ধৰণী / পৃথিৱী

খৰিয়াল

কঠিন / ক্ৰূৰ

কাজিয়া

ঝগড়া / বিবাদ

৪। বাক্য ৰচনা কৰা:

উত্তৰঃ

গপত: কাগজ আৰু কলমে দুয়ো গপত কথা কৈ আছে।

গঙ্গাটোপ: সোণটিয়ে কাগজ আৰু কলমে গপত দুয়ো গঙ্গাটোপ দুয়োৰে কথা শুনা বুলি  কৈছে।

বুধিৰ ঢেঁকী থোৰা: কাগজ কলমক বুধিৰ ঢেকী থোৰা বুলি কৈছে।

বাং কৰা কথা: বাং কৰা কথা কৈ সময়বোৰ নষ্ট কৰিব নালাগে।

ঠেহ-পাত:কাজিয়া কৰি কাগজ-কলম দুয়ো ঠেহ-পাতিব ধৰিলে।

মিট মাট কৰ: সোণটিয়ে দুয়োৰে মাজত কাজিয়খন ভাঙি মিটমাট কৰি দিলে।

৫। তলত দিয়াবোৰ লিখাঁ।

কাগজ আৰু কলম কাগজ-কলম

উত্তৰঃ

ৰণৰ চালি ৰণ-চালি

বাতৰিৰ কাকত বাতৰি কাকত

তালৰ পাত তালপাত

মহান যি পুৰুষ মহাপুৰুষ

ঢেঁকীৰ থোৰা ঢেঁকীথোৰা

৬। নৱকান্ত বৰুৱাৰ বিষয়ে লিখাঁ।

উত্তৰঃ১৯২৬ চনত জন্মগ্ৰহণ কৰা নৱকান্ত বৰুৱা আধুনিক অসমীয়া কাব্য সাহিত্যৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ কবি। তেওঁ কটন মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰি কৰ্মজীৱনৰ সমাপ্তি ঘটাইছিল। তেওঁৰ উল্লেখযোগ্য কাব্যগ্ৰন্থসমূহৰ ভিতৰত “হে অৰণ্য হে মহানগৰ”, “এটি দুটি এঘাৰটি তৰা”, “যতি আৰু কেইটামান স্কেচ” আৰু “মোৰ আৰু পৃথিৱীৰ” আদি প্ৰধান। কবি বৰুৱাদেৱে শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল আৰু শিশু আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল। তেওঁৰ শিশু সাহিত্যৰ ভিতৰত “আখৰৰ জখলা”, “শিয়ালী পালেগৈ ৰতনপুৰ”, “ভুতুকাৰে ভূ” আৰু “আফ্ৰিকাৰ সাধু” অন্যতম। ইয়াৰ উপৰি অসমীয়া লোক-কবিতাৰ ছন্দ আৰু বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ বহুতো চিন্তাগধুৰ ৰচনা প্ৰকাশ পাইছে।

​৭। টাং গুটি অসমীয়া খেলৰ বিষয়ে চমুকৈ লিখাঁ।

​উত্তৰঃ টাং গুটি হ’ল অসমৰ গাঁও অঞ্চলৰ ল’ৰা-ছোৱালীৰ মাজত জনপ্ৰিয় এবিধ পৰম্পৰাগত খেল। এই খেলটো খেলিবলৈ বাঁহৰ দুডাল কামিৰ প্ৰয়োজন হয়— এডাল প্ৰায় ৫-৬ ইঞ্চিমান জোখৰ চুটি কামি আৰু আনডাল ইয়াতকৈ দীঘল। দীঘল কামিডালেৰে চুটি কামিটোত (যিটোক টাং গুটি বোলা হয়) জোৰেৰে কোবাই দূৰলৈ পঠিওৱা হয়। যিজন খেলুৱৈয়ে টাং গুটিটো আটাইতকৈ বেছি দূৰলৈ মাৰিব পাৰে, তেওঁৱেই খেলত জয়ী হয়।

৮। চমুটোকা লিখাঃ

(ক) বাতৰি কাকত

(খ) সাঁচিপাত

(গ) তালপাত

​উত্তৰঃ (ক) বাতৰি কাকত: পৃথিৱীৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীন দেশত বাতৰি কাকতৰ প্ৰচলন হৈছিল। ভাৰতবৰ্ষৰ প্ৰথমখন বাতৰি কাকত আছিল ‘দ্য ইণ্ডিয়া গেজেট’ (The India Gazette), যিখন ১৭৪৪ চনত প্ৰকাশ পাইছিল। আনহাতে, অসমত ১৮৪৬ চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথমখন অসমীয়া বাতৰি কাকত ‘অৰুণোদয়’ মাহেকীয়াকৈ প্ৰকাশ হৈছিল। বৰ্তমান সময়ত অসমত দৈনিক, ত্ৰি-সাপ্তাহিক, সাপ্তাহিক, পষেকীয়া আৰু মাহেকীয়া হিচাপে বহুতো বাতৰি কাকত পোৱা যায়; যেনে— দৈনিক অসম, অসমীয়া প্ৰতিদিন, অগ্ৰদূত, সাদিন, নিয়মীয়া বাৰ্তা আদি।

(খ) সাঁচিপাত: সাঁচি গছৰ ছাল ব্যৱহাৰ কৰি বিশেষ পদ্ধতিৰে সাঁচিপাত তৈয়াৰ কৰা হয়। প্ৰথমে গছৰ পৰা কোমল ছালবোৰ এৰুৱাই আনি শিলেৰে ঘঁহি মিহি কৰা হয়। তাৰ পাছত সেইবোৰ প্ৰায় ৭ৰ পৰা ১৫ দিন পৰ্যন্ত ঠাণ্ডা পানীত তিয়াই ৰখা হয়। পানীৰ পৰা তুলি আনি পুনৰ দুয়োপিঠি ঘঁহি মিহি কৰি লিখিব পৰা উপযোগী কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে মহাপুৰুষসকলে বৈষ্ণৱ যুগত ধৰ্মীয় পুথি আৰু বিভিন্ন তথ্য লিপিবদ্ধ কৰিবলৈ এই সাঁচিপাত ব্যৱহাৰ কৰিছিল।

​(গ) তালপাত: তাল গছ এবিধ বহু বছৰ জীয়াই থকা ওখ উদ্ভিদ। ইয়াৰ পাত আৰু ফল দুয়োটাই আকাৰত ডাঙৰ। তালৰ পকা ফলৰ ৰসৰ পৰা তাল মিচিৰি তৈয়াৰ কৰা হয় আৰু গছৰ পৰা ‘তাৰি’ নামৰ এবিধ পানীয় পোৱা যায়। তাল গছৰ পাতেৰে বিচনী নিৰ্মাণ কৰাৰ লগতে ঘৰৰ চালি সাজিবলৈও ব্যৱহাৰ কৰা হয়। এই গছ বিশেষকৈ সাগৰৰ উপকূলীয় অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা যায়।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী আপোন পাঠ অধ্যায় ১৫ (কাগজ-কলমৰ ৰণ) – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ অসমীয়া (আপোন পাঠ) ৰ পঞ্চদশ অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ আপোন পাঠৰ পঞ্চদশ অধ্যায়টোৰ নাম হ’ল ‘কাগজ-কলমৰ ৰণ’। ইয়াত কাগজ আৰু কলমৰ মাজত হোৱা এখন কাল্পনিক ৰণ বা তৰ্কৰ মাজেৰে দুয়োৰে গুৰুত্ব বৰ্ণনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পাঠভিত্তিক ব্যাকৰণ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs পঢ়াটো প্ৰয়োজনীয়নে?
হয়, পাঠটিৰ ওপৰত স্পষ্ট ধাৰণা ল’বলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top