Class 7 Social Science Chapter 4 মোগলৰ অধীনত ভাৰত-আকবৰৰ পৰা ঔৰংগজেৱলৈ Solutions | AJB Assam
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৪ – মোগলৰ অধীনত ভাৰত-আকবৰৰ পৰা ঔৰংগজেৱলৈ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ চতুৰ্থ অধ্যায় ‘মোগলৰ অধীনত ভাৰত-আকবৰৰ পৰা ঔৰংগজেৱলৈ’ ভাৰতবৰ্ষৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 4 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে সমাজ বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।
‘মোগলৰ অধীনত ভাৰত-আকবৰৰ পৰা ঔৰংগজেৱলৈ’ নামৰ এই পাঠটিত মহামতি আকবৰৰ শাসন ব্যৱস্থা, ধৰ্মীয় নীতি (দীন-ই-ইলাহী), জাহাংগীৰ আৰু ছাহজাহানৰ দিনত শিল্প-কলা আৰু স্থাপত্যৰ বিকাশ, তথা ঔৰংগজেৱৰ শাসনকাল আৰু মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ইতিহাসৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।
এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- আকবৰৰ পৰা ঔৰংগজেৱলৈ মোগল সাম্ৰাজ্যৰ সোণালী যুগ, প্ৰশাসনিক সংস্কাৰ আৰু ঐতিহাসিক পটভূমিৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
- পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
- পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
- নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।
অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:
- শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
- ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ সমাজ বিজ্ঞানৰ নোটছ (Class 7 Samaj Bigyan Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
- ইতিহাসৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ঐতিহাসিক ঘটনাসমূহৰ সুন্দৰ বৰ্ণনা আৰু সমাধান।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | AJB New Syllabus
New Updated Version!
According to Latest AJB New Syllabus & Updated Book
Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest AJB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.
অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান
মোগলৰ অধীনত
পাঠভিত্তিক প্রশ্নোত্তৰ
১। একোটিকৈ বাক্যত উত্তৰ দিয়া:
(ক) কোন থ্রিতে আকবৰে দিল্লীৰ সিংহাসন আৰোহণ কৰে?
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দত আকবৰ দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল।
(খ) আকবৰৰ অভিভাৱকগৰাকীৰ নাম কি?
উত্তৰঃ সম্ৰাট আকবৰৰ অভিভাৱকগৰাকীৰ নাম আছিল বৈৰাম খাঁ।
(গ) পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল?
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দতেই ইতিহাসৰ প্ৰসিদ্ধ পানিপতৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল।
(ঘ) হিমু কোন?
উত্তৰঃ আদিল ছাহ নামৰ ছেৰ ছাহৰ ৰাজবংশৰ এজন অত্যন্ত শক্তিশালী আফগান নেতাই আছিল হিমু।
(ঙ) আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল?
উত্তৰঃ আকবৰে অম্বৰৰ (বৰ্তমানৰ জয়পুৰ) ৰজা বিহাৰী মল্লৰ কন্যাক বিবাহ কৰাইছিল।
(চ) কোনজন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল?
উত্তৰঃ মেৱাৰ নামৰ ৰাজপুত ৰাজ্যখনে কেতিয়াও আকবৰৰ বশ্যতা মানি লোৱা নাছিল।
(ছ) মেৱাৰৰ ৰাজধানীখনৰ নাম কি?
উত্তৰঃ মেৱাৰ ৰাজ্যৰ ৰাজধানীখনৰ নাম আছিল চিতোৰ।
(জ) হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ হলদিঘাটৰ ঐতিহাসিক যুদ্ধখন সম্ৰাট আকবৰ আৰু মহাৰাণা প্ৰতাপ সিংহৰ মাজত হৈছিল।
(ঝ) ‘দীন-ই-ইলাহী’ কি?
উত্তৰঃ পৃথিৱীৰ সকলো ধৰ্মৰ মূল সাৰমৰ্মসমূহ একত্ৰিত কৰি আকবৰে প্ৰৱৰ্তন কৰা নতুন ধৰ্মমতটোৱেই হৈছে ‘দীন-ই-ইলাহী’।
(ঞ) বীৰবল কোন?
উত্তৰঃ আকবৰৰ ৰাজসভাৰ বিখ্যাত ‘নৱৰত্ন’ বা নগৰাকী শ্ৰেষ্ঠ গুণী লোকৰ ভিতৰত অন্যতম এজন আছিল বীৰবল।
২। চমু টোকা লিখাঁ :
(ক) আকবৰৰ ধৰ্মীয় নীতি
উত্তৰঃ পিতা হুমায়ুনৰ দেহাৱসানৰ পাছত ১৫৫৬ খ্ৰীষ্টাব্দত মাত্ৰ চৈধ্য বছৰ বয়সতে আকবৰে দিল্লীৰ ৰাজপাটত বহে। তেওঁৰ শাসন ব্যৱস্থাৰ মূল ভেটি আছিল উদাৰতা, সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু প্ৰজাৰ উন্নতি সাধন। প্ৰশাসন সুচাৰুৰূপে চলাবৰ বাবে তেওঁ সমগ্ৰ সাম্ৰাজ্যক ১৫ খন প্ৰদেশ বা ‘চুবা’ত ভগাইছিল আৰু গাঁও অঞ্চলত পঞ্চায়ত সদৃশ ব্যৱস্থাৰ প্ৰচলন কৰিছিল। ধৰ্মৰ ক্ষেত্ৰত আকবৰৰ দৃষ্টিভংগী অত্যন্ত বহল আছিল। বিভিন্ন ধৰ্মৰ মূল কথাবোৰ জানিবলৈ তেওঁ সঘনাই ধৰ্মীয় আলোচনাৰ আয়োজন কৰিছিল। এই উদ্দেশ্যে তেওঁ ফতেহপুৰ চিক্ৰিত ‘ইবাদৎখানা’ নামৰ এটা উপাসনা গৃহ নিৰ্মাণ কৰিছিল, য’ত তেওঁ ভিন ভিন ধৰ্মৰ পণ্ডিতসকলক আমন্ত্ৰণ জনাইছিল। ইয়াৰ উপৰি, সকলো ধৰ্মৰ উত্তম কথাবোৰ সামৰি তেওঁ ‘দীন-ই-ইলাহী’ নামৰ এটি নতুন ধৰ্মমতৰো সূচনা কৰিছিল।
(খ) আকবৰৰ ৰাজপুত নীতি:
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দত মাত্ৰ চৈধ্য বছৰ বয়সত সিংহাসনত বহা আকবৰে শাসনকালৰ আৰম্ভণিতেই আদিল ছাহ নামৰ এজন আফগান নেতাৰ মন্ত্ৰী হিমুৰ সৈতে যুদ্ধত অৱতীৰ্ণ হ’বলগীয়া হয়। এইখন যুদ্ধতেই হিমুৰ মৃত্যু ঘটে যাক ইতিহাসত ‘পানিপতৰ দ্বিতীয় যুদ্ধ’ বুলি জনা যায়। এই যুদ্ধৰ জৰিয়তে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি অধিক সুদৃঢ় হয়। এগৰাকী দূৰদৰ্শী শাসক হিচাপে আকবৰে বুজি উঠিছিল যে মোগল সাম্ৰাজ্যক চিৰস্থায়ী কৰিবলৈ হ’লে ভাৰতৰ শক্তিশালী ৰাজপুতসকলৰ সৈতে মিত্ৰতা কৰাটো অতি প্ৰয়োজনীয়। এই নীতি অনুসৰণ কৰিয়েই তেওঁ অম্বৰৰ ৰজা বিহাৰী মল্লৰ কন্যাক বিয়া কৰাই বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। ১৫৭২ খ্ৰীষ্টাব্দত আকবৰে গুজৰাট দখল কৰে। গুজৰাটৰ চহকী বন্দৰ আৰু অগনন সম্পত্তিয়ে মোগল সাম্ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বৰকৈ টনকিয়াল কৰে। ইয়াৰ পাছত তেওঁ বংগদেশ জয় কৰিবলৈ যায় আৰু দাউদ নামৰ শাসকজনক হৰুৱাই বংগৰ সাৰুৱা অঞ্চল নিজৰ অধীনলৈ আনে। সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে আকবৰে উত্তৰ-পশ্চিম সীমান্তৰ সুৰক্ষাতো জোৰ দিয়ে। এখন বিশাল আৰু অখণ্ড ভাৰতবৰ্ষ গঢ়াৰ সপোন লৈ তেওঁ দক্ষিণ ভাৰতৰ বিজাপুৰ, আহমদ নগৰ, খান্দেশ আৰু গোলকুণ্ডালৈ সামৰিক অভিযান চলাই সেইবোৰ দখল কৰে। তেওঁৰ শাসনৰ মূল মন্ত্ৰ আছিল উদাৰতা, সকলো ধৰ্মৰ প্ৰতি সহনশীলতা আৰু জনকল্যাণ। ধৰ্মীয় উদাৰতাৰ নিদৰ্শন স্বৰূপে তেওঁ ‘ইবাদৎখানা’ত ধৰ্মালোচনা চলাইছিল আৰু ‘দীন-ই-ইলাহী’ নামৰ নতুন ধৰ্মমত প্ৰচাৰ কৰিছিল।
আকবৰৰ সময়ত সাহিত্য আৰু শিল্পকলাৰো অভূতপূৰ্ব বিকাশ হৈছিল। ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ দৰে সংস্কৃত গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল। স্থাপত্যবিদ্যাৰ প্ৰতিও তেওঁৰ বৰ আগ্ৰহ আছিল, যাৰ উৎকৃষ্ট উদাহৰণ হৈছে পঞ্চমহল আৰু বুলন্দ-দৰৱজা। ১৬০৫ খ্ৰীষ্টাব্দত এইগৰাকী মহান শাসকৰ মৃত্যু হয় আৰু ইতিহাসত তেওঁক চিৰদিনৰ বাবে ‘মহান আকবৰ’ হিচাপে সোঁৱৰা হয়।
৩। আকবৰৰ শাসন প্ৰণালীৰ ওপৰত এটি টোকা যুগুত কৰাঁ।
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দত সিংহাসনত বহাৰ সময়ত আকবৰৰ বয়স আছিল মাত্ৰ চৈধ্য বছৰ। সেয়েহে তেওঁৰ পিতৃ হুমায়ুনে নিজৰ বিশ্বাসী বন্ধু বৈৰাম খাঁক আকবৰৰ অভিভাৱক হিচাপে নিযুক্তি দিছিল আৰু ৰাজ্য পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰিছিল। ১৫৫৬ চনত বিখ্যাত পানিপত প্ৰান্তৰত বৈৰাম খাঁ আৰু হিমুৰ মাজত যি ঘোৰতৰ যুঁজ হৈছিল, সেয়াই আছিল ‘পানিপতৰ দ্বিতীয় যুদ্ধ’। এই যুদ্ধত জয়লাভ কৰি মোগল সাম্ৰাজ্যৰ ভেটি সবল হয়। কিছুদিনৰ পাছত আকবৰ বয়সস্থ আৰু ৰাজ্য চলাবলৈ উপযুক্ত হোৱাত, বৈৰাম খাঁই তেওঁক সকলো দায়িত্ব চমজাই দি মক্কালৈ যায়। আকবৰে উপলব্ধি কৰিছিল যে ভাৰতত মোগল সাম্ৰাজ্য কটকটীয়া কৰিবলৈ ৰাজপুতসকলৰ সৈতে সু-সম্পৰ্ক ৰখাটো বৰ দৰকাৰ। সেইবাবে তেওঁ অম্বৰ ৰাজ্যৰ ৰাজকন্যাক বিয়া কৰায়। বৈবাহিক মিত্ৰতাৰ জৰিয়তে তেওঁ বহুতো ৰাজপুত ৰজাৰ মন জয় কৰিলেও মেৱাৰ ৰাজ্যই কিন্তু মোগলৰ বশ্যতা কেতিয়াও নামানিলে। মেৱাৰৰ মহাৰাণা উদয় সিংহই যেতিয়া মালৱৰ পৰাজিত ৰজা বাহাদুৰ ছাহক আশ্ৰয় দিয়ে, তেতিয়া আকবৰে সেই সুযোগতে মেৱাৰৰ ৰাজধানী চিতোৰ অৱৰোধ কৰে। ৰাণা উদয় সিংহই পলাই গৈ আৰাৱলী পৰ্বতত আশ্ৰয় লয় আৰু তাতে তেওঁৰ মৃত্যু ঘটে। সাম্ৰাজ্যৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আকবৰে উত্তৰ-পশ্চিম দিশত কাশ্মীৰলৈকে অভিযান চলাই নিজৰ অধীনলৈ আনে। একেদৰে, সমগ্ৰ ভাৰতবৰ্ষক একত্ৰিত কৰাৰ মানসেৰে তেওঁ দাক্ষিণাত্যৰ বিজাপুৰ, আহমদ নগৰ, গোলকুণ্ডা আৰু খান্দেশ আদি ৰাজ্যবোৰো দখল কৰে।
আকবৰৰ প্ৰশাসনৰ ঘাই বৈশিষ্ট্য আছিল ধৰ্ম নিৰপেক্ষতা, উদাৰতা আৰু ৰাইজৰ হিত সাধন। প্ৰশাসনীয় সুবিধাৰ বাবে তেওঁ গোটেই সাম্ৰাজ্যখনক ১৫ খন ‘চুবা’ বা প্ৰদেশত বিভক্ত কৰিছিল আৰু প্ৰতিখনৰ বাবে একোজনকৈ চুবেদাৰ বা শাসনকৰ্তা পাতিছিল। নগৰবোৰত আইন-শৃংখলা অটুট ৰাখিবলৈ ‘কোতোৱাল’ নামৰ বিষয়া ৰাখিছিল। টোডৰ মল নামৰ এজন দক্ষ হিন্দু বিষয়াক দি সমগ্ৰ ৰাজ্যৰ মাটিৰ জৰীপ কৰাইছিল আৰু উৎপাদিত শস্যৰ এক তৃতীয়াংশ ৰাজহ হিচাপে ধাৰ্য কৰিছিল। গাঁৱলীয়া অঞ্চলত পঞ্চায়ত ব্যৱস্থাৰ প্ৰচলন আছিল। সকলো ধৰ্মৰ সুন্দৰ দিশবোৰ সামৰি তেওঁ ‘দীন-ই-ইলাহী’ নামৰ এটি নতুন ধৰ্মও প্ৰতিষ্ঠা কৰিছিল। এই সকলোবোৰ গুণৰ বাবেই তেওঁক ‘মহান আকবৰ’ বুলি কোৱা হয়। এইগৰাকী প্ৰতিভাশালী সম্ৰাটৰ ১৬০৫ চনত দেহাৱসান ঘটে।
অনুশীলনী
১।একোটিকে বাক্যত উত্তৰ দিয়াঁ:
(ক) শিৱাজী কোন?
উত্তৰঃ মহাৰাষ্ট্ৰৰ বীৰ মাৰাঠাসকলৰ প্ৰধান নেতাজনেই আছিল শিৱাজী।
(খ) মিৰজুমলা কোন?
উত্তৰঃ মিৰজুমলা আছিল মোগল সাম্ৰাজ্যৰ অধীনৰ বংগদেশৰ এজন চুবেদাৰ।
(গ) ৰাম সিংহ কোন?
উত্তৰঃ ৰাম সিংহ আছিল মোগল সৈন্যবাহিনীৰ এজন সেনাপতি।
(ঘ) লাচিত বৰফুকন কোন?
উত্তৰঃ আহোম সৈন্যবাহিনীৰ অপৰাজেয় আৰু বীৰ সেনাপতিগৰাকীয়েই আছিল লাচিত বৰফুকন।
২। চমু টোকা লিখাঁ :
শৰাইঘাটৰ যুদ্ধ, শিৱাজী, জাহাংগীৰ, ছাহজাহান
উত্তৰঃ শৰাইঘাটৰ যুদ্ধ: ১৬৫৮ খ্ৰীষ্টাব্দত সিংহাসনত বহিয়েই ঔৰংগজেৱে সাম্ৰাজ্য বিস্তাৰৰ নীতি হাতত লয়। তেওঁ বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। পাছত ১৬৬৩ চনত দুয়ো পক্ষৰ মাজত ‘ঘিলাঝাৰী ঘাটৰ সন্ধি’ হয়, য’ত আহোমসকলে বাধ্য হৈ মোগলৰ বশ্যতা স্বীকাৰ কৰে।
পিছলৈ আহোমসকলে এই সন্ধিৰ চৰ্ত ভংগ কৰাত ঔৰংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত পুনৰাই অসমলৈ বিশাল সৈন্য প্ৰেৰণ কৰে। এইবাৰ আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকন আৰু ৰাম সিংহৰ মাজত শৰাইঘাটত এখন ভয়ংকৰ নৌযুদ্ধ সংঘটিত হয়। ১৬৭১ খ্ৰীষ্টাব্দত হোৱা এই ঐতিহাসিক যুদ্ধখনকেই ‘শৰাইঘাটৰ যুদ্ধ’ বুলি কোৱা হয়, য’ত মোগল বাহিনীৰ শোচনীয় পৰাজয় ঘটে।
শিৱাজী: সম্ৰাট ঔৰংগজেৱৰ শাসনকালত মহাৰাষ্ট্ৰ অঞ্চলত মাৰাঠাসকল অতি শক্তিশালী হৈ উঠিছিল আৰু তেওঁলোকৰ প্ৰধান নেতা আছিল বীৰ শিৱাজী। শিৱাজী আৰু ঔৰংগজেৱৰ সামৰিক বাহিনীৰ মাজত কেইবাখনো যুদ্ধ হৈছিল, যাৰ সৰহভাগতেই শিৱাজী বিজয়ী হৈছিল। ১৬৭৪ চনত ৰায়গড় দুৰ্গত তেওঁ অতি ধুমধামেৰে ৰাজ্যাভিষেক পাতে আৰু ‘ছত্ৰপতি’ উপাধি গ্ৰহণ কৰে।
জাহাংগীৰ: আকবৰৰ পৰলোকপ্ৰাপ্তিৰ পাছত তেওঁৰ পুত্ৰ ছেলিমে ‘জাহাংগীৰ’ নাম গ্ৰহণ কৰি দিল্লীৰ সিংহাসনত বহে। বিবাহৰ পাছত তেওঁ সাধাৰণতে নুৰজাহানৰ স্বামী হিচাপেই বেছি জনাজাত হৈ পৰিছিল। শাসনৰ ক্ষেত্ৰত জাহাংগীৰে পিতৃ আকবৰৰ নীতিসমূহকেই মানি চলিছিল। তেওঁ ‘তুজক-ই-জাহাংগীৰী’ নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থও ৰচনা কৰি থৈ গৈছে।
ছাহজাহান: জাহাংগীৰৰ পুত্ৰ ছাহজাহান ১৬২৮ খ্ৰীষ্টাব্দত দিল্লীৰ সম্ৰাট হয়। তেওঁ শাসনলৈ আহিয়েই দেউতাকৰ দিনত পাৰস্য সম্ৰাটে দখল কৰা কান্দাহাৰ অঞ্চলটো পুনৰুদ্ধাৰ কৰে। তেওঁৰ দিনত দক্ষিণ ভাৰতৰ বহুতো নতুন ৰাজ্য মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল। স্থাপত্য আৰু ভাস্কৰ্য শিল্পৰ দিশৰ পৰা চাবলৈ গ’লে ছাহজাহানৰ শাসনকালক ভাৰতীয় ইতিহাসৰ ‘সোণালী যুগ’ বুলি অভিহিত কৰা হয়। তেওঁ নিজৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা আগ্ৰাৰ তাজমহল, দিল্লীৰ লালকিল্লা আৰু জামে মছজিদ আদি অমূল্য স্থাপত্যৰ নিদৰ্শন। তেওঁ নিজৰ নামত ‘ছাহজাহানবাদ’ নামৰ এখন নতুন চহৰো পাতিছিল। পৃথিৱী বিখ্যাত ‘ময়ূৰ সিংহাসন’খনো তেওঁৰ দিনতেই সজা হৈছিল।
৩। ঔৰংগজেৰ মোগল সাম্রাজ্য পতনৰ বাবে দায়ীনে? ছয় শাৰী উত্তৰ লিখাঁ।
উত্তৰঃ ঔৰংগজেৱৰ শাসনকালতেই মোগল সাম্ৰাজ্যৰ দ্ৰুত পতন আৰম্ভ হয়। ইয়াৰ এটা প্ৰধান কাৰণ আছিল যে তেওঁ নিজৰ ৰাজত্বকালৰ সৰহভাগ সময়েই কেৱল দাক্ষিণাত্যৰ ৰাজ্যবোৰ দখল কৰাত ব্যস্ত আছিল। ফলত ইমান বিশাল সাম্ৰাজ্যখনৰ প্ৰশাসন কটকটীয়া কৰাত তেওঁ বিশেষ গুৰুত্ব দিব পৰা নাছিল। তেওঁৰ দিনত ৰাজ্যৰ আৰ্থিক অৱস্থাও বহুখিনি শোচনীয় হৈ পৰিছিল। বিভিন্ন ঠাইত মূৰ দাঙি উঠা বিদ্ৰোহবোৰ দমন কৰিবলৈ প্ৰচুৰ ধনৰ প্ৰয়োজন হৈছিল। কিন্তু আৰ্থিক অৱস্থা দুৰ্বল হোৱাৰ বাবে তেওঁ সেইবোৰ সফলতাৰে দমন কৰিব নোৱাৰিলে আৰু ইয়াৰ ফলতেই মোগল সাম্ৰাজ্য লাহে লাহে ধ্বংসৰ মুখলৈ আগবাঢ়িল।
৪। আৰ্থিক সংকট মোগল সাম্রাজ্য পতনৰ এটি অন্যতম কাৰণ। যুক্তিৰে বিচাৰ কৰাঁ।
উত্তৰঃ পানিপতৰ যুদ্ধই মোগল সাম্ৰাজ্যৰ শক্তিশালী ভেটি নিৰ্মাণ কৰিছিল যদিও, ঔৰংগজেৱৰ দিনত দেখা দিয়া তীব্ৰ আৰ্থিক সংকটে এই সাম্ৰাজ্যৰ ভাঙোনৰ পথ মুকলি কৰে। ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংগজেৱৰ মৃত্যুৰ পাছত তেওঁৰ তিনিজন পুত্ৰৰ মাজত সিংহাসন দখলক লৈ তয়াময়া ৰণ লাগে। অৱশেষত মুৱাজ্জমে ‘বাহাদুৰ ছাহ’ নাম লৈ ৰাজপাটত বহে যদিও তেওঁ মাত্ৰ পাঁচ বছৰহে শাসন কৰিবলৈ পায়। ইয়াৰ পাছত তেওঁৰ পুত্ৰসকলৰ মাজতো আকৌ গৃহযুদ্ধৰ আৰম্ভ হয়। এনে এক অস্থিৰ পৰিৱেশৰ মাজতেই পাৰস্যৰ নাদিৰ ছাহ আৰু আহমদ ছাহ আবদালিয়ে ভাৰত আক্ৰমণ কৰে। সামৰিক আৰু আৰ্থিকভাৱে আগৰে পৰাই দুৰ্বল হৈ থকা মোগল সাম্ৰাজ্যক এই আক্ৰমণবোৰে একেবাৰে জুৰুলা কৰি পেলায়। গতিকে, যুক্তিসংগতভাৱে ক’ব পাৰি যে আৰ্থিক সংকটেই আছিল মোগল সাম্ৰাজ্যৰ পতনৰ এটা ঘাই কাৰণ।
অতিৰিক্ত প্রশ্নোত্তৰ (চমু)
১। সম্পূর্ণ বাক্যত উত্তৰ দিয়াঁ:
(ক) কিমান খ্রি.ত আকবৰে দিল্লীৰ সিংহাসন আৰোহণ কৰে?
উত্তৰঃ ১৫৫৬ খ্ৰীষ্টাব্দত আকবৰে দিল্লীৰ সিংহাসন গ্ৰহণ কৰিছিল।
(খ) পানিপতৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰঃ পানিপতৰ যুদ্ধ (দ্বিতীয়খন) আকবৰৰ অভিভাৱক বৈৰাম খাঁ আৰু আফগান নেতা হিমুৰ মাজত হৈছিল।
(গ) আকবৰৰ শাসন নীতিৰ মূল উদ্দেশ্য কি আছিল?
উত্তৰঃ উদাৰতা, সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু প্ৰজাৰ উন্নতি কৰাই আছিল আকবৰৰ শাসন ব্যৱস্থাৰ ঘাই উদ্দেশ্য।
(ঘ) আবুল ফজলে ৰচনা কাৰ দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ আবুল ফজলে ৰচনা কৰা বিখ্যাত গ্ৰন্থ দুখন হ’ল—
(ক) আকবৰ নামা।
(খ) আইন-ই-আকবৰী।
(ঙ) কোনজন ৰজাৰ ৰাজত্বকালক ভাৰতৰ ইতিহাসৰ সোণালী যুগ বুলি কোৱা হয়?
উত্তৰঃ স্থাপত্য আৰু কলাৰ বিকাশৰ বাবে ছাহজাহানৰ ৰাজত্বকালক ভাৰতীয় ইতিহাসৰ ‘সোণালী যুগ’ আখ্যা দিয়া হয়।
(চ) ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হয়?
উত্তৰঃ আহোম আৰু মোগলৰ মাজত ১৬৬৩ খ্ৰীষ্টাব্দত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল।




