সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৫ – ভাৰতলৈ ইউৰোপীয়ৰ আগমন – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | অসম জাতীয় বিদ্যালয় (AJB)

CLASS 7

Class 7 Social Science Chapter 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমন Solutions | AJB Assam

সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৫ – ভাৰতলৈ ইউৰোপীয়ৰ আগমন সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (AJB Assam)

সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান (Social Science) পাঠ্যক্ৰমৰ পঞ্চম অধ্যায় ‘ভাৰতলৈ ইউৰোপীয়ৰ আগমন’ ভাৰতবৰ্ষৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ পাঠ। অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰমৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 7 Social Science Chapter 5 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ অতি সহজ আৰু নিৰ্ভুলভাৱে উপলব্ধ কৰোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি সুন্দৰভাৱে সমাজ বিজ্ঞানৰ অনুশীলন কৰিব পাৰে।

‘ভাৰতলৈ ইউৰোপীয়ৰ আগমন’ নামৰ এই পাঠটিত ভাৰতলৈ জলপথ আৱিস্কাৰ, পৰ্তুগীজ, ওলন্দাজ (ডাচ্চ), ফৰাচী আৰু ইংৰাজসকলৰ ব্যৱসায়িক আগমন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠা আৰু ভাৰতত তেওঁলোকৰ মাজত হোৱা বাণিজ্যক আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ ইতিহাসৰ ভেটি সৱল কৰিবলৈ এই পাঠৰ মূল ধাৰণাসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • ভাৰতলৈ ইউৰোপীয় সদাগৰসকলৰ আগমনৰ কাৰণ, জলপথ আৱিস্কাৰ আৰু ঐতিহাসিক পটভূমিৰ স্পষ্ট ধাৰণা আৰু বিশ্লেষণ।
  • পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰতিটো চমু আৰু দীঘলীয়া প্ৰশ্নৰ পৰীক্ষামুখী নিৰ্দোষ সমাধান।
  • পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন (Additional Questions) আৰু তাৰ সহজ উত্তৰ।
  • নতুন আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ বহু-বিকল্পী প্ৰশ্নৰ (MCQs) সম্পূৰ্ণ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া AJB নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজিব পৰাকৈ সৰল ভাষাত যুগুতোৱা উন্নত মানৰ সমাজ বিজ্ঞানৰ নোটছ (Class 7 Samaj Bigyan Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা সহজ-সৰল উত্তৰ।
  • ইতিহাসৰ প্ৰতি আগ্ৰহ বঢ়াবলৈ ঐতিহাসিক ঘটনাসমূহৰ সুন্দৰ বৰ্ণনা আৰু সমাধান।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু সমাজ বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 7 Social Science (সমাজ বিজ্ঞান) Textbook Solutions & MCQs | AJB New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest AJB New Syllabus & Updated Book

Get comprehensive preparation for Class 7 Social Science (সমাজ বিজ্ঞান) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest AJB syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমন

 অসম জাতীয় বিদ্যালয়, সপ্তম শ্ৰেণী: সমাজ বিজ্ঞান

অধ্যায়-5                                                        অস্পিন একাডেমী

ভাৰতলৈ ইউৰোপীয়ৰ আগমন

পাঠভিত্তিক প্রশ্নোত্তৰ

১। উত্তৰ দিয়া:

(ক) বৃটিছ ইষ্ট ইন্ডিয়া ক’ম্পেনি কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দৰ ৩১ ডিছেম্বৰ তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল।

(খ) ভাস্ক’-ডা-গাম কোন আছিল?

উত্তৰঃ ভাস্ক’-ডা-গামা আছিল পৰ্তুগালৰ এগৰাকী বিখ্যাত সাগৰীয় নাবিক।

(গ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনি কোন চনত গঠন হৈছিল?

উত্তৰঃ ১৬৬৭ খ্ৰীষ্টাব্দত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল।

(ঘ) জ্যাঁ কলবার্ট কোন আছিল?

উত্তৰঃ ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ মূল প্ৰতিষ্ঠাপকজনেই আছিল জ্যাঁ কলবাৰ্ট।

(ঙ) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথমে বাণিজ্যকুঠি পাতিছিল?

উত্তৰঃ ওলণ্ডাজসকলে পোনপ্ৰথমে ভাৰতবৰ্ষৰ ‘মছলিপট্টম’ নামৰ ঠাইত তেওঁলোকৰ বাণিজ্য কুঠি স্থাপন কৰিছিল।

২। চমু উত্তৰ দিয়াঁ:

(ক) বার্থলমিউ ডিয়াজ কোন? তেওঁ কি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ বাৰ্থলমিউ ডিয়াজ আছিল এটা অতি দুঃসাহসিক সাগৰীয় যাত্ৰাৰ নেতৃত্ব বহন কৰা এগৰাকী পৰ্তুগীজ নাবিক। তেখেতেই আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত উত্তমাশা অন্তৰীপৰ কাষেদি এটা নতুন সামুদ্ৰিক পথৰ সন্ধান উলিয়াইছিল।

(খ) কোনে, কেতিয়া প্রথমটো ডাচ্চ ফেক্টৰি ভাৰতত প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ এডমিৰেল ভন ডেৰ হেগেনে ১৬০৫ খ্ৰীষ্টাব্দত ভাৰতৰ বুকুত পোনপ্ৰথমটো ডাচ্চ ফেক্টৰী স্থাপন কৰিছিল।

(গ) ফৰাচীসকলে ভাৰতৰ ক’ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ফ্ৰাঁচ’ৱা মাৰ্টিনৰ সুনিপুণ নেতৃত্বত ফৰাচীসকলে ভাৰতৰ পণ্ডিচেৰীত তেওঁলোকৰ প্ৰধান ঘাটিটো গঢ়ি তুলিছিল।

(ঘ) দোস্ত আলী কোন আছিল?

উত্তৰঃ দোস্ত আলী আছিল ১৭৪৯ খ্ৰীষ্টাব্দৰ পূৰ্বৰ কৰ্ণাটক ৰাজ্যৰ নবাব।

(ঙ) কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ কাৰ কাৰ মাজত টনা-আঁজোৰা লাগিছিল?

উত্তৰঃ কৰ্ণাটক ৰাজ্যৰ সিংহাসন দখল কৰিবলৈ ইংৰাজ আৰু ফৰাচী সৈন্যবাহিনীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা বা টনা-আঁজোৰা চলিছিল।

৩। উত্তৰ দিয়া:

(ক) ভাৰতত পর্তুগীজসকল কিয় ব্যর্থ হৈছিল?

উত্তৰঃ ভাৰতলৈ অহাৰ প্ৰথমটো নতুন সাগৰীয় পথ কেৱল পৰ্তুগীজসকলেই আৱিষ্কাৰ কৰা নাছিল, ভাৰতবৰ্ষৰ সৈতে প্ৰথমে বেপাৰ-বাণিজ্যৰ সম্পৰ্কও তেওঁলোকেই গঢ়ি তুলিছিল। ১৪৯৮ খ্ৰীষ্টাব্দৰ জুলাই মাহত যেতিয়া ভাস্ক’-ডা-গামা ভাৰতত উপস্থিত হৈছিল, তেতিয়া কালিকটৰ হিন্দু ৰজা জামৰিণে তেওঁক উষ্ম আদৰণি জনাইছিল। ভাস্ক’-ডা-গামাই প্ৰায় এবছৰ ধৰি ভাৰতত অৱস্থান কৰি ব্যৱসায়ত যথেষ্ট লাভ অৰ্জন কৰাৰ পাছত নিজ দেশলৈ ঘূৰি গৈছিল। ভাস্ক’-ডা-গামাৰ এই সফলতাই পৰ্তুগীজসকলক বাৰুকৈয়ে অনুপ্ৰাণিত কৰিছিল। ইয়াৰ ফলশ্ৰুতিতেই ভাৰতত তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ হ’বলৈ ধৰে। বাণিজ্য আৰু ৰাজনীতিৰ উপৰিও পৰ্তুগীজসকলে ভাৰতীয় সমাজ ব্যৱস্থাতো গভীৰ প্ৰভাৱ পেলাইছিল আৰু ইয়াৰ সংস্কৃতিৰ সৈতে মিলি গৈছিল, পিছে সপ্তদশ শতিকাৰ মাজভাগমানৰ পৰা ভাৰতত তেওঁলোকৰ এই শক্তিশালী ভেটি ক্ৰমান্বয়ে খহিবলৈ আৰম্ভ কৰে। ইংৰাজ আৰু ওলন্দাজসকলৰ সৈতে হোৱা ব্যৱসায়িক তথা সামৰিক প্ৰতিযোগিতাত পৰ্তুগীজসকল শোচনীয়ভাৱে হাৰে। শেষত মোগল সম্ৰাট ছাহজাহানে হুগলী অঞ্চলৰ পৰা তেওঁলোকক খেদি পঠিয়ায় আৰু ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰায়। তদুপৰি, আল বুকাৰ্কৰ পৰৱৰ্তী সময়ৰ পৰ্তুগীজ বিষয়াসকলৰ দুৰ্নীতি, শৃংখলাহীনতা, ধৰ্মীয় গোড়ামী, নিষ্ঠুৰতা, প্ৰতিশ্ৰুতি ভংগ কৰা বাণিজ্যিক চৰিত্ৰ, সু-প্ৰশাসনৰ অভাৱ আৰু অন্যান্য ইউৰোপীয় শক্তিৰ সৈতে লিপ্ত হোৱা অহেতুক সংঘৰ্ষই পৰ্তুগীজসকলক ভাৰতৰ পৰা বিদায় ল’বলৈ বাধ্য কৰাইছিল। ওপৰোক্ত কাৰণসমূহৰ বাবেই ভাৰতত পৰ্তুগীজসকলৰ পতন ঘটিছিল।

(খ) ওলগুাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰু ঘটাইছিল লিখাঁ।

উত্তৰঃ সমগ্ৰ বিশ্বৰ বজাৰত ভাৰতীয় বস্ত্ৰক আটাইতকৈ শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰী হিচাপে চিনাকি দিয়াৰ মূল কৃতিত্ব ওলন্দাজসকলৰেই আছিল। পৰ্তুগীজসকলৰ প্ৰাচ্যৰ একচেটীয়া বাণিজ্যত প্ৰথমটো প্ৰত্যাহ্বান এই ডাচ্চ বা ওলন্দাজসকলেই জনাইছিল। আৰম্ভণিতে তেওঁলোকে সৰু সৰু গোটৰ জৰিয়তে প্ৰাচ্যৰ বেপাৰত প্ৰৱেশ কৰিছিল। পৰৱৰ্তী সময়ত ১৬০২ খ্ৰীষ্টাব্দত ‘ইউনাইটেড ডাচ্চ ইষ্ট ইণ্ডিয়া’ কোম্পানী গঠন কৰি পৰ্তুগীজসকলৰ বেপাৰত তেওঁলোকে এক শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। নিজৰ চৰকাৰৰ পূৰ্ণ সহযোগিতাত ওলন্দাজসকলৰ ব্যৱসায় অতি দ্ৰুতগতিত বৃদ্ধি পায়। ভাৰতবৰ্ষতো তেওঁলোকৰ বেপাৰৰ সম্প্ৰসাৰণ ঘটি ১৬০৫ খ্ৰীষ্টাব্দত এডমিৰেল ভন ডেৰ হেগেনে মছলিপট্টমত প্ৰথমটো ওলন্দাজ ফেক্টৰী মুকলি কৰে। কানি, চাউল, কপাহী কাপোৰ, য-খাৰ, নীল আৰু ৰেচমী সূতাৰ জৰিয়তে ওলন্দাজসকলে অপাৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি, গোটেই সপ্তদশ শতিকাজুৰি প্ৰাচ্যৰ মচলাৰ বজাৰখন তেওঁলোকে নিজৰ নিয়ন্ত্ৰণত ৰাখি বিপুল অৰ্থ উপাৰ্জন কৰিছিল। ভাৰতীয় সামগ্ৰীক বিশ্বৰ দৰবাৰত উচ্চ মানৰ ৰপ্তানি দ্ৰব্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যহ ডাচ্চ বা ওলন্দাজসকলকহে দিয়া হয়।

(গ) বৃটিছ ইষ্ট ইণ্ডিয়া ক’ম্পেনিয়ে কেনেদৰে মোগল সম্রাটৰপৰা সুবিধা আদায় কৰিছিল লিখাঁ।

উত্তৰঃ ইউৰোপত হোৱা নৱজাগৰণে আটাইতকৈ বেছি লাভান্বিত কৰিছিল ইংৰাজ জাতিটোক। ইতিমধ্যে ব্যৱসায়ৰ ক্ষেত্ৰত এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠা ইংলেণ্ডে আন ইউৰোপীয় শক্তিয়ে ভাৰতত লাভ কৰা প্ৰচুৰ অৰ্থৰ কথা জানিব পাৰি ইয়াত ব্যৱসায় কৰিবলৈ আগ্ৰহী হৈ পৰিছিল।

১৬০০ খ্ৰীষ্টাব্দৰ ৩১ ডিছেম্বৰ দিনটো ইংলেণ্ডৰ বাণিজ্যিক ইতিহাসত এক সোণালী দিন বুলি গণ্য কৰা হয়। এই বিশেষ দিনটোতেই ইংলেণ্ডৰ মহাৰাণী এলিজাবেথে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰাচ্যৰ দেশসমূহৰ লগত বেপাৰ কৰিবলৈ পোন্ধৰ বছৰীয়া এখন বিশেষ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পাছত ১৬০৮ খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্য কুঠি পতাৰ বাবে আগবাঢ়ি আহে। সেই একেটা বছৰতেই কেপ্টেইন হকিন্সে ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ প্ৰতিনিধি হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰত উপস্থিত হয়। সম্ৰাটে তেওঁলোকক চুৰাটত এটা বাণিজ্য কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ কিছু বছৰ পাছত, ১৬১৯ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকুঁৱৰী ব্ৰাগাঞ্জাৰ কেথেৰিণক বিয়া কৰাই যৌতুক হিচাপে মুম্বাই অঞ্চলটো লাভ কৰে। ফলস্বৰূপে, মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ নিৰাপদ ঘাটি হিচাপে পৰিগণিত হয়। ১৭১৭ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন বিশেষ ফৰমান জাৰি কৰি ইংৰাজ বণিকসকলক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময়ত মুম্বাই, চেন্নাই আৰু বংগদেশত বিনাশুল্কে ব্যৱসায় কৰাৰ পূৰ্ণ স্বাধীনতা দিয়ে। আনকি ফাৰুকচিয়াৰৰ এই নিৰ্দেশনাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক নিজা মুদ্ৰা প্ৰচলন কৰাৰ অধিকাৰো প্ৰদান কৰিছিল। মোগল সাম্ৰাজ্যৰ এই পতনোন্মুখ অৱস্থাৰ সুযোগ লৈয়েই ইংৰাজ বেপাৰীসকলে ভৱিষ্যতে ভাৰতত নিজৰ বিশাল সাম্ৰাজ্যৰ ভেটি মজবুত কৰিবলৈ সক্ষম হৈছিল।

৪।ইউৰোপীয় বণিকসকল ভাৰতলৈ কিয় বেপাৰ কৰিবলৈ আহিছিল লিখা।

উত্তৰঃ অতি প্ৰাচীন কালৰে পৰাই পাশ্চাত্যৰ দেশসমূহৰ লগত ভাৰতবৰ্ষৰ বাণিজ্যিক আদান-প্ৰদান চলি আহিছিল। অতীতৰ পৰাই সেই দেশসমূহত ভাৰতীয় সামগ্ৰীৰ প্ৰবল চাহিদা আছিল। খ্ৰীষ্টীয় সপ্তম শতিকামানত ভাৰতৰ সাগৰীয় ব্যৱসায় আৰৱসকলৰ নিয়ন্ত্ৰণলৈ যোৱাৰ পাছতো ইউৰোপত ভাৰতীয় বয়-বস্তুৰ আদৰ কমা নাছিল। বিশেষকৈ ভাৰতীয় ৰেচমৰ জনপ্ৰিয়তা আৰু ইউৰোপৰ শীতপ্ৰধান জলবায়ুত সংৰক্ষিত খাদ্যৰ বাবে প্ৰয়োজনীয় ভাৰতীয় মচলাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, পাশ্চাত্যৰ বেপাৰীসকলে আৰৱৰ পৰা এই মচলা, মণি-মুকুতা আৰু ৰেচম ক্ৰয় কৰি নিজৰ দেশত বেচি প্ৰচুৰ ধন ঘটিছিল। ১৪৫৩ খ্ৰীষ্টাব্দত অট’মান তুৰ্কী সাম্ৰাজ্যৰ শাসকে এছিয়া মাইনৰ আৰু কনষ্টাণ্টিন’পল দখল কৰে। ইয়াৰ ফলত প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ সকলো সাগৰীয় আৰু স্থল বাণিজ্য পথ তুৰ্কীসকলৰ অধীনলৈ যায়। এই কাৰণেই প্ৰাচ্য আৰু পাশ্চাত্যৰ বেপাৰ-বাণিজ্যত বৃহৎ বাধাৰ সৃষ্টি হয়। কিন্তু পাশ্চাত্যৰ বণিকসকলে প্ৰাচ্যৰ লগত থকা এই অত্যন্ত লাভজনক ব্যৱসায়টো ইমান সহজে এৰি দিব বিচৰা নাছিল। তেওঁলোকৰ নিৰন্তৰ দুঃসাহসিক আৰু কষ্টসাধ্য অভিযানৰ অন্তত শেষত তেওঁলোকলৈ সফলতা আহিছিল আৰু নতুন পথেৰে ভাৰতলৈ আহি তেওঁলোকে পুনৰ বেপাৰ আৰম্ভ কৰিছিল।

৫। নবজাগৰণে ইউৰোপীয়সকলক কেনেদৰে সহায় কৰিছিল আলোচনা কৰাঁ।

উত্তৰঃ মোগল সাম্ৰাজ্যৰ ক্ৰমাগত পতনৰ ফলত ভাৰতত যি এক ৰাজনৈতিক শূন্যতাৰ সৃষ্টি হৈছিল, তাক পূৰণ কৰিবলৈ কোনো ভাৰতীয় শক্তিৰ সামৰ্থ্য নাছিল। এই ৰাজনৈতিক অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সমগ্ৰ ভাৰতত পুনৰ এখনত্ৰিত শাসন প্ৰতিষ্ঠা কৰিবলৈ ইউৰোপীয়সকল ‘সাত সাগৰ তেৰ নদী’ অতিক্ৰম কৰি ভাৰতবৰ্ষলৈ আহিছিল, আৰু ইয়াত ব্যৱসায়-বাণিজ্য কৰি প্ৰচুৰ অৰ্থ লাভ কৰিছিল। পঞ্চদশ শতিকাৰ শেষৰ পিনে ইউৰোপত ঘটা নৱজাগৰণে সেই ভূখণ্ডৰ লোকসকলৰ মাজলৈ এক আমূল পৰিৱৰ্তন কঢ়িয়াই আনিছিল। এই নৱজাগৰণৰ ফলত ইউৰোপীয়সকলৰ চিন্তা-ভাবনা আৰু জ্ঞানৰ জগতখনলৈ এক অভূতপূৰ্ব জোৱাৰ আহিছিল। নৱজাগৰণৰ দ্বাৰা অনুপ্ৰাণিত হৈ পোৱা সাহস আৰু উদ্গনিৰ ফলতেই ইউৰোপীয় লোকসকলে অজান দেশ আৱিষ্কাৰৰ বাবে সমগ্ৰ বিশ্বজুৰি দুঃসাহসিক অভিযানসমূহ চলাইছিল। এনেকুৱা এক দুঃসাহসিক যাত্ৰাৰ নেতৃত্ব দিয়া বাৰ্থল’মিউ ডিয়াজ নামৰ এজন পৰ্তুগীজ নাৱিকে ১৪৮৭ খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তৰ উত্তমাশা অন্তৰীপৰ কাষেৰে এটি নতুন জলপথ আৱিষ্কাৰ কৰিছিল। এই একেই জলপথ অনুসৰণ কৰি ১৪৯৮ খ্ৰীষ্টাব্দত ভাস্ক’-ডা-গামা নামৰ আন এজন পৰ্তুগীজ নাৱিকে ভাৰতৰ পশ্চিম উপকূলত থকা কালিকট বন্দৰত পদাৰ্পণ কৰি ভাৰতলৈ অহাৰ নতুন সামুদ্ৰিক পথ মুকলি কৰিছিল। ইয়াৰ পাছৰ পৰ্যায়ত এই জলপথেৰেই পৰ্তুগীজসকলৰ লগতে ইংৰাজ, ফৰাচী আৰু ওলন্দাজ বা ডাচ্চ বেপাৰীসকলো ভাৰতলৈ প্ৰৱেশ কৰিছিল। কালক্ৰমত এই বেপাৰীসকলেই ভাৰতীয় ইতিহাসৰ এটি নতুন পৃষ্ঠাবোৰ মুকলি কৰিছিল।

৬। দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ ঘটনাৱলীৰ বিৱৰণ দিয়া।

উত্তৰঃ আই-লা-চেপেলৰ চুক্তিৰ দ্বাৰা ইউৰোপত চলি থকা ইংৰাজ আৰু ফৰাচীসকলৰ সংঘৰ্ষৰ অন্ত পৰিছিল যদিও, ভাৰতবৰ্ষত ই পৰৱৰ্তী সময়ৰ এখন ডাঙৰ যুদ্ধৰ সংকেতহে কঢ়িয়াই আনিছিল। ফৰাচী গৱৰ্ণৰ ডুপ্লে আছিল এজন অতি দূৰদৰ্শী ৰাজনৈতিক নেতা। তেওঁ ভাৰতৰ বুকুত এক বিশাল ফৰাচী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ উজ্জ্বল সম্ভাৱনা দেখিবলৈ পাইছিল। তেওঁৰ এই সপোন বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰয়াসৰ ফলতেই দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সূত্ৰপাত হৈছিল। ১৭৪৯ খ্ৰীষ্টাব্দত কৰ্ণাটকৰ প্ৰাক্তন নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে বন্দী অৱস্থাৰ পৰা মুকলি কৰি দিয়ে। মুকলি হৈয়ে তেওঁ কৰ্ণাটকৰ সেই সময়ৰ নবাব আনোৱাৰ উদ্দিনক ক্ষমতাচ্যুত কৰি নিজে নবাব হোৱাৰ পৰিকল্পনা কৰিলে। ঠিক সেই সময়তে হায়দৰাবাদৰ নিজাম আচফজাহৰ দেহাৱসান ঘটে। তেওঁৰ খালী হোৱা সিংহাসনখনক লৈ নাতিয়েক মুজাফৰ জং আৰু পুত্ৰ নাছিৰ জঙৰ মাজত বিবাদৰ সৃষ্টি হয়। ডুপ্লেই এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ফৰাচীসকলৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰ্ণাটকত চান্দ চাহিবক আৰু হায়দৰাবাদত মুজাফৰ জঙক সহায় কৰাৰ সিদ্ধান্ত লৈ দুয়োৰে লগত এখন গোপন চুক্তিত আবদ্ধ হয়। ১৭৪৯ খ্ৰীষ্টাব্দত চান্দ চাহিব, মুজাফৰ জং আৰু ফৰাচী সৈন্যৰ এটা যুটীয়া বাহিনীয়ে কৰ্ণাটকৰ নবাব আনোৱাৰ উদ্দিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জয়লাভ কৰি চান্দ চাহিব কৰ্ণাটকৰ নবাবৰ আসনত বহে আৰু পুৰস্কাৰ স্বৰূপে ডুপ্লেক পণ্ডিচেৰীৰ আশে-পাশে থকা ৮০ খন গাঁও উপহাৰ দিয়ে। ইয়াৰ ফলত কৰ্ণাটকত ফৰাচীসকলৰ স্থিতি অতি মজবুত হৈ পৰে। ফৰাচীসকলৰ এই ক্ৰমবৰ্ধমান প্ৰতিপত্তি দেখি ইংৰাজসকল ঈৰ্ষান্বিত আৰু শংকিত হৈ পৰে। ইয়াৰ প্ৰত্যুত্তৰত তেওঁলোকে হায়দৰাবাদত নাছিৰ জং আৰু কৰ্ণাটকত মহম্মদ আলীক সমৰ্থন আগবঢ়ায়। ফলস্বৰূপে নিজ নিজ দেশৰ চৰকাৰৰ বিনানুমতিতেই ভাৰতত দুয়োটা কোম্পানীৰ মাজত যুদ্ধৰ আৰম্ভ হয়।

চান্দ চাহিবে নিজৰ সিংহাসন সুৰক্ষিত কৰিবলৈ ফৰাচী সৈন্যৰ সহযোগত মহম্মদ আলীক ত্ৰিচিনাপল্লীত আৱদ্ধ কৰে। কিন্তু ইংৰাজ বিষয়া ৰবাৰ্ট ক্লাইৱৰ বুদ্ধিমত্তাৰ সন্মুখত চান্দ চাহিব আৰু ফৰাচী সেনাপতি জেক ল’ই হাৰ মানিবলৈ বাধ্য হয়। আনহাতে, মুজাফৰ জঙেও অধিক দিন ৰাজত্ব কৰিবলৈ নাপালে। গুপ্তঘাতকৰ আক্ৰমণত তেওঁৰ প্ৰাণহানি ঘটে। তেতিয়া ফৰাচী সেনাপতি বুছীয়ে নিজাম-উল-মুল্কৰ তৃতীয় পুত্ৰ চালাবৎ জঙক নতুন নিজাম পাতে। এই নতুন নিজামজনে ফৰাচীসকলক ‘উত্তৰ চৰকাৰ’ নামৰ এক বিশাল ভূখণ্ড প্ৰদান কৰে। ডুপ্লেৰ এনেবোৰ কাৰ্যকলাপত ফ্ৰান্সৰ চৰকাৰ অসন্তুষ্ট হয় আৰু তেওঁৰ ঠাইত গডেহু নামৰ এজন নতুন গৱৰ্ণৰক নিযুক্তি দিয়ে। গডেহুৱে দায়িত্বভাৰ লৈয়েই ইংৰাজৰ সৈতে এখন শান্তিপূৰ্ণ সন্ধি স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি দুয়োপক্ষই ভাৰতীয় ৰজাসকলৰ ঘৰুৱা বিবাদত সোমাই নপৰিবলৈ সন্মত হয় আৰু ইংৰাজসকলে ‘উত্তৰ চৰকাৰ’ অঞ্চলত এখন নগৰ লাভ কৰে। ইয়াৰ পাছতো অৱশ্যে হায়দৰাবাদত ফৰাচীসকলৰ প্ৰভাৱ অটুট আছিল। এনেদৰেই দ্বিতীয় কৰ্ণাটক যুদ্ধৰ পৰিসমাপ্তি ঘটে।

৯।ইংৰাজ-ফৰাচী বিবাদত ইংৰাজৰ সফলতাৰ কাৰণবোৰ আলোচনা কৰাঁ।

উত্তৰঃ ভাৰতবৰ্ষৰ ভূমিত সংঘটিত হোৱা ইংৰাজ আৰু ফৰাচীসকলৰ মাজৰ যুঁজত ইংৰাজৰ বিজয়ৰ প্ৰধান কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

প্ৰথমতে, সংগঠনৰ ফালৰ পৰা চাবলৈ গ’লে ব্ৰিটিছসকল ফৰাচীসকলতকৈ বহু গুণে বেছি সুশৃংখল আৰু সবল আছিল। নিজৰ ব্যৱসায়ৰ প্ৰসাৰ আৰু অধিক ব্যক্তিগত লাভালাভৰ আশাত ইংৰাজ বেপাৰীসকলে বৰ আগ্ৰহেৰে বেপাৰ কৰি কোম্পানীক টনকিয়াল কৰিছিল। ইয়াৰ উপৰি কোম্পানীটোৱে ৰাজনৈতিক আৰু সামৰিক বিষয়ত অতি খৰতকীয়া সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছিল।

দ্বিতীয়তে, ভাৰতৰ স্থানীয় ৰাজনীতিত সোমাই পৰাৰ পাছতো ইংৰাজসকলে নিজৰ মূল ব্যৱসায়িক দিশটোৰ পৰা কেতিয়াও মনোযোগ আঁতৰোৱা নাছিল। অৰ্থাৎ, ব্ৰিটিছ কোম্পানীয়ে ব্যৱসায়িক লাভালাভক সদায় শীৰ্ষ স্থানত ৰাখিছিল।

তৃতীয়তে, পণ্ডিচেৰীক বাদ দি ভাৰতৰ আন কোনো স্থানতে ফৰাচীসকলৰ বিশেষ শক্তিশালী সামৰিক কেন্দ্ৰ নাছিল। আনহাতে চেন্নাই, মুম্বাই আৰু বংগদেশৰ দৰে অতি সুবিধাজনক ঠাইত নিজৰ সুদৃঢ় দুৰ্গ থকাৰ বাবে ইংৰাজসকলে বৰ সহজে সামৰিক সাহায্য লাভ কৰিব পাৰিছিল। তদুপৰি, ইংৰাজসকলৰ নৌবাহিনী অতিশয় শক্তিশালী হোৱাৰ বাবে সাগৰৰ ওপৰতো তেওঁলোকৰ আধিপত্য আছিল, যাক ফৰাচী নৌসেনাই প্ৰতিহত কৰিব পৰা নাছিল।

চতুৰ্থতে, ফৰাচী বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজত দুৰ্নীতি, পৰস্পৰৰ প্ৰতি হিংসা আৰু অসন্মানৰ ভাৱ দেখা গৈছিল। ইয়াৰ বিপৰীতে ইংৰাজ কৰ্মচাৰীসকলৰ দেশপ্ৰেম, একাগ্ৰতা আৰু ঐক্যবদ্ধ মনোভাৱে তেওঁলোকক অধিক শ্ৰেষ্ঠ আৰু দুৰ্জেয় কৰি তুলিছিল।

পৰিশেষত ক’ব পাৰি যে, ফৰাচীসকল ভাৰতত সাময়িকভাৱে বিফল হৈছিল যদিও ফৰাচী গৱৰ্ণৰ ডুপ্লেৰ পৰিকল্পনাসমূহ আছিল অতিশয় বাস্তৱসন্মত। সেইবাবেই পৰৱৰ্তী কালত ডুপ্লেৰ এই নীতিসমূহ ব্যৱহাৰ কৰিয়েই ইংৰাজসকল ভাৰতৰ সৰ্বেসৰ্বা হৈ পৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ (চমু)

১। সম্পূর্ণ বাক্যত উত্তৰ দিয়াঁ:

(ক) পতনমুখী মোগল সাম্রাজ্যই সৃষ্টি কৰা ৰাজনৈতিক বিশৃংখলতা আতৰাবলৈ কোন আগবাঢ়ি আহিছিল?

উত্তৰঃ ধ্বংসৰ গৰাহলৈ যোৱা মোগল সাম্ৰাজ্যৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক শূন্যতা তথা বিশৃংখলতা দূৰ কৰাৰ বাবে ইউৰোপীয় লোকসকল আগবাঢ়ি আহিছিল।

(খ) কোনে কেতিয়া নতুন জলপথ এটাৰ সন্ধান দিছিল?

উত্তৰঃ ১৪৮৭ খ্ৰীষ্টাব্দত পৰ্তুগালৰ নাবিক বাৰ্থল’মিউ ডিয়াজেই পোনপ্ৰথমবাৰৰ বাবে এটা নতুন সামুদ্ৰিক পথৰ সন্ধান উলিয়াইছিল।

(গ) আলমিডাৰ পিছত ভাৰত পর্তুগীজ শাসক ৰূপে কোন নিযুক্ত হৈছিল?

উত্তৰঃ আলমিডাৰ কাৰ্যকাল অন্ত পৰাৰ পাছত ১৫০৯ খ্ৰীষ্টাব্দত আলফনছ’ আলবুকাৰ্কক ভাৰতত পৰ্তুগীজসকলৰ নতুন শাসক হিচাপে নিযুক্তি দিয়া হৈছিল।

(ঘ) ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্রেষ্ঠ ৰপ্তানি সামগ্রীৰূপে কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ডাচ্চ বা ওলন্দাজসকলেই ভাৰতীয় বস্ত্ৰক সমগ্ৰ বিশ্বৰ বজাৰত এক শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰ মৰ্যাদা প্ৰদান কৰিছিল।

(ঙ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’স্পেনীৰ মুখ্য প্রশাসকজন কোন আছিল?

উত্তৰঃ ফ্ৰান্সিছ ডুপ্লেই আছিল ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান প্ৰশাসকগৰাকী।

(চ)কোনে পোন প্রথমে ভাৰতৰ লগত বাণিজ্যিক সম্পর্ক প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ ইউৰোপীয় জাতিসমূহৰ ভিতৰত পৰ্তুগীজসকলেই আটাইতকৈ প্ৰথমে ভাৰতবৰ্ষৰ সৈতে ব্যৱসায়িক বা বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান অধ্যায় ৫ – সঘনাই সোধা প্ৰশ্ন (FAQs)
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পঞ্চম অধ্যায়টোৰ নাম কি?
সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পঞ্চম অধ্যায়টোৰ নাম হ’ল ‘ভাৰতলৈ ইউৰোপীয়ৰ আগমন’। ইয়াত পৰ্তুগীজ, ওলন্দাজ, ফৰাচী আৰু ইংৰাজসকলৰ ভাৰতলৈ আগমন আৰু বাণিজ্য বিস্তাৰৰ বিষয়ে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত প্ৰশ্ন আৰু বহু-বিকল্পী প্ৰশ্ন (MCQs) অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ AJB ৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল অসম জাতীয় বিদ্যালয়ৰ (AJB) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
পৰীক্ষাৰ বাবে অতিৰিক্ত প্ৰশ্ন আৰু MCQs অনুশীলন কৰাটো প্ৰয়োজনীয়নে?
হয়, ইতিহাসৰ ধাৰণাসমূহ স্পষ্ট কৰিবলৈ আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ অনুশীলনীৰ লগতে অতিৰিক্ত প্ৰশ্ন আৰু MCQ সমাধান কৰাটো অতি প্ৰয়োজনীয়।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top