অষ্টম শ্ৰেণীৰ অসমীয়া অধ্যায় ১৬ – জন্মভূমি – সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ | শংকৰদেৱ শিশু বিদ্যা নিকেতন

CLASS 8

Class 8 Assamese Chapter 16 জন্মভূমি Solutions | Sankardev Sishu Vidya Niketan | New Syllabus

অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ১৬ – জন্মভূমি সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ আৰু সমাধান (Sankardev Sishu Vidya Niketan)

অষ্টম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ ষোড়শ অধ্যায় ‘জন্মভূমি’ এখন অতি গুৰুত্বপূৰ্ণ আৰু দেশপ্ৰেমমূলক পাঠ। শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) নতুন পাঠ্যক্ৰমৰ শেহতীয়া নিৰ্দেশনাৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (Class 8 Assamese Chapter 16 Textual Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), অতিৰিক্ত প্ৰশ্ন, বহু-বিকল্পী প্ৰশ্ন (MCQs) আৰু ব্যাকৰণৰ পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।

‘জন্মভূমি’ নামৰ এই পাঠটিত নিজৰ মাতৃভূমি বা জন্মভূমিৰ প্ৰতি থকা গভীৰ অনুৰাগ, দেশপ্ৰেম, প্ৰাকৃতিক সৌন্দৰ্য আৰু নিজৰ দেশৰ ঐতিহ্যৰ প্ৰতি থকা স্বাভিমানৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰসমূহো সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে প্ৰস্তুতি চলাব পাৰে।

অধিক বিনামূলীয়া Notes আৰু PDFৰ বাবে আমাৰ App টো ডাউনলোড কৰক:
Download EduAssam Solution App Click Here to Get Free Notes & Previous Papers

এই পাঠ্যভিত্তিক সমাধানৰ পৰা আপুনি কি কি শিকিব আৰু পাব:

  • জন্মভূমি পাঠটিৰ মূল বিষয়বস্তু, মাতৃভূমিৰ প্ৰতি থকা অকৃত্ৰিম মৰম আৰু দেশভক্তিৰ বিস্তৃত বিশ্লেষণ।
  • শব্দাৰ্থ, ১ নম্বৰৰ অতি চমু (VSA objective type) আৰু ২-৩ নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
  • প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু ৪-৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
  • পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
  • নতুন পাঠ্যক্ৰমৰ আৰ্হি অনুসৰি গুৰুত্বপূৰ্ণ অতিৰিক্ত প্ৰশ্নসমূহৰ লগতে শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।

অস্পীন একেডেমীৰ এই প্ৰশ্নোত্তৰসমূহৰ বিশেষ সুবিধা:

  • শেহতীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ পাঠ্যভিত্তিক সমাধান।
  • ১০০% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 8 Assamese Notes)।
  • পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Quick Revision) বাবে বিশেষভাৱে যুগুতোৱা সহজ-সৰল উত্তৰ।
  • জন্মভূমি পাঠৰ পৰা পৰীক্ষাত আহিব পৰা অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু MCQ-ৰ বিশেষ সংকলন।

ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যভিত্তিক সমাধান আগবঢ়াইছে। আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ দিশত আগবাঢ়ক।

Vibrant Note Box
Buy Printable PDF
Class 8 Assamese (অসমীয়া) Textbook Solutions & MCQs | SVN Sankardev New Syllabus
Original price was: ₹199.00.Current price is: ₹49.00.

New Updated Version!

According to Latest SVN (Sankardev) New Syllabus & Updated Book

Get comprehensive preparation for Class 8 Assamese (অসমীয়া) with this complete Textual Solution & MCQs package.
Includes Chapter-wise textbook solutions, additional Q&A, and MCQs precisely structured as per the latest Sankardev Sishu Vidya Niketan (SVN) syllabus and new book.
Perfect for building a strong foundation and mastering your school assessments! Download as an easy-to-use ZIP file.

Vibrant Note Box
Chapter 16 জন্মভূমি

 শংকৰদেৱ বিদ্যা নিকেতন, অষ্টম শ্ৰেণী: অসমীয়া

অধ্যায়-16                                                         অস্পিন একাডেমী

জন্মভূমি

পাঠভিত্তিক প্রশ্নোত্তৰ

১। চমু উত্তৰ দিয়া─

(ক) জন্মভূমি কাক বোলে ?

উত্তৰঃ যি দেশত যি মানুহ ওপজে, সেই দেশক মানুহৰ জন্মভূমি বোলে।

(খ) লেখকৰ জন্মভূমি কোনখন?

উত্তৰঃ যিখন দেশত লেখক জন্ম হৈছে সেইখনে লেখকৰ জন্মভূমি।

(গ) লেখকৰ মতে তিৰোতাই কি ভাল পায়?

উত্তৰঃ তিৰোতাই নিজৰ মূৰৰ চুলি আৰু অলংকাৰ ভাল পায়।

(ঘ) লিয়নিদাচ কোন আছিল?

উত্তৰঃ লিয়নিদাচ এজন গ্ৰীক সেনাপতি আছিল।

(ঙ) পাৰস্য সেনাৰ সংখ্যা কিমান আছিল?

উত্তৰঃ পাৰস্য সেনাৰ সংখ্যা দুই নিযুত আছিল।

(চ) পাৰস্যৰ পৰা গ্ৰীচৰ ভিতৰলৈ সােমােৱা পৰ্বতীয়া বাটটোৰ নাম কি আছিল?

উত্তৰঃ থাৰ্মপিলি।

(ছ) চুলতান মামুদৰ লগত হিন্দুবিলাকৰ ৰণ লাগোতে হিন্দু তিৰোতাই কিদৰে সহায় কৰিছিল?

উত্তৰঃ চুলতান মামুদৰ লগত হিন্দু বিলাকৰ ৰণ লাগোতে হিন্দু তিৰোতাই অলংকাৰ বেছি ৰণৰ খৰছ যোগাই সহায় কৰিছিল।

(জ) কার্থেজৰ তিৰোতাই ধনুৰ ডোল খুৱাবলৈ কি দিছিল?

উত্তৰঃ কাৰ্থেজৰ তিৰোতাই ধনুৰ ডোল খুৱাবলৈ নিজৰ মূৰৰ চুলি দিছিল।

২। “ইহঁত অতি অধম লোক”– ইয়াত অধম লােক বুলি কাক, কিয় কোৱা হৈছে?

উত্তৰঃ ইয়াত অধম লোক বুলি দেশদ্ৰোহী আৰু বিশ্বাসঘাতক সকলক কোৱা হৈছে, কাৰণ তেওঁ লোকে দেশৰ শত্ৰুক সাহায্য কৰে।

৩। লেখকে দেশদ্রোহী সকলৰ পৰিণতি সম্পর্কে কি কৈছে?

উত্তৰঃ লেখকে দেশদ্ৰোহী সকলৰ নিজে পাপৰ শাস্তি পাই। সিহত স্বদেশী আৰু বিদেশী দুইৰো ওচৰত ঘৃণিত আৰু অবিশ্বাসী হয় আৰু সিঁহত একেবাৰে সৰ্বনাশ ঘটে বুলি কৈছে।

৪। থার্মপিলিৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত কোন জয়ী হৈছিল?

উত্তৰঃ থাৰ্মপিলিৰ যুদ্ধ গ্ৰীচ আৰু পাৰস্য দেশৰ মাজত হৈছিল। এই যুদ্ধত গ্ৰীকৰ সেনাপতি লিয়নিদাচ জয়ী হৈছিল।

৫। দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও আন কি প্রকাৰে দেশৰ উপকাৰ কৰিব পাৰি— পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ দেশৰ হকে যুঁজ দিয়াৰ বাহিৰেও বেপাৰ কৰা, বাতৰি কাকত চপোৱা, মাতৃভাষা উন্নতি কৰা, দেশৰ ডাঙৰ অভাৱ গুচুৱা আদি কামত সহায় কৰি দেশৰ উপকাৰ কৰিব পাৰি।

৬। পাঠটিত লিয়নিদাচৰ স্বদেশ প্রেম কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ লিয়নিদাচে নিজৰ লগত সৈন্য লৈ শত্ৰু সৈতে যুঁজ কৰি নিজৰ জন্মভূমি যিদৰে ৰক্ষা কৰিছিল তাতে স্বদেশ প্ৰেম ভাৱ প্ৰকাশ পাইছে।

৭। “দেশহিতৈষিতাৰ এনেহে বল”— তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ দেশহিতৈষিতাৰ সকলৰ কাৰণে কোনো এটা জাতি বা কোনো এখন দেশ ৰক্ষা পৰে। যিসকল লোক দেশদ্ৰোহী সেইসকলক এওঁলোকে দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। এনে বল থকাৰ কাৰণে দেশহিতৈষিতাৰ এনেহে বল বুলি কৈছে।

৮। লেখকে এই দেশৰ উন্নতিৰ হকে অসমীয়া জাতিক দিয়া উপদেশখিনি পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ লেখকে এই দেশৰ উন্নতি হকে অসমীয়া জাতিক দিয়া উপদেশ খিনি হৈছে দেশৰ কাৰণে নিজক পাহৰিব দিছে, দেশৰ নিমিত্তে কান্দিবলৈ শিকিব দিছে, দেশৰ নিমিত্তে নিজৰ অৰ্থ, শক্তি, সময়, বিদ্যা, বুদ্ধি সকলোকে উৎসৰ্গ কৰিবলৈ দিছে।

৯। লেখকে অসমদেশৰ দুৰৱস্থাৰ হেতু কি বুলি কৈছে?

উত্তৰঃ লেখকে অসমদেশৰ দুৰৱস্থা হেতু কাৰণ হৈছে আমাৰ মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই।

১০। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা─

(ক) “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰয়সী।”

উত্তৰঃ উক্ত বাক্যশাৰীৰ “ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে।

(খ) “জন্মভূমিৰ হিত চিন্তা-এটা মহাধৰ্ম।”

উত্তৰঃ উক্ত বাক্যশাৰীৰ “ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে। আমি যিখন দেশত জন্ম হৈছো সেইখনে আমাৰ জন্মভূমি। আমি সদায় নিজৰ জন্মভূমিক ভাল পাওঁ। সেইকাৰণে আমি সকলোৱে আমাৰ দেশৰ উন্নতি কথালৈ মন দিব লাগে। নিজৰ দেশ উন্নতি হলেহে আমি উন্নতি হম। সদায় দেশৰ বা জন্মভূমি হিতৰ কাৰণে চিন্তা কৰিব লাগে। জন্মভূমি হিত চিন্তা কৰা এটা মহা ধৰ্ম।

(গ) “জন্মভূমিৰ ঘোৰ দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনি।”

উত্তৰঃ উক্ত বাক্যশাৰীৰ “ভাৰতী সাহিত্য চয়ন” পাঠ্যপুথিৰ অন্তৰ্গত জন্মভূমি পাঠটিৰ পৰা তুলি লোৱা হৈছে। আমাৰ জন্মভূমি হৈছে অসম। অসমৰ খেতি, বেপাৰ, বিষয় সকলোৰে সৰহভাগ বিদেশী ভোগ হৈছে আৰু সুখী হৈছে। কিন্তু অসংখ্য অসমীয়াৰ ভাত-কাপোৰ আকাল হৈছে। আমাৰ কিছুমান মানুহৰ মাজত একতা আৰু দেশানুৰাগ নাই। সকলোৱে মিলি দেশৰ উপকাৰ কৰিব লাগে। আমাৰ মনত লৰা-তিৰোতাই সকলো। সকলোৱে কেৱল নিজৰ উন্নতি তোহে জানে। কিন্তু দেশৰ উন্নতি নহলে যে নিজৰো উন্নতি নহয় সেইটো ভালকৈ বুজ নলয়। অসমীয়া মানুহে প্ৰায় সকলে বিষয়তে পৰৰ মুখলৈ চায়। কোনো অসমীয়া উন্নতি হোৱা দেখিলে আমাৰ চকুৰ পোৰে, কিন্তু বিপদ হলে আমাৰ আনন্দ লাগে। সেই কাৰণে কৈছে জন্মভূমি দুৰৱস্থা অসমীয়াৰ ঘোৰ টোপনি।

১১। “ককাই তুমি বস্তু গত লগাব নেলাগে, ৰণলৈ যোৱা, বস্তু মই গত লগাম”— কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছিল?

উত্তৰঃ উক্ত কথাষাৰ ভনীয়েকে ককায়েকক জন্মভূমি ৰক্ষা প্ৰসংগত কৈছিল।

ভাষা-বিচাৰ

১। তলৰ সমস্তপদবোৰৰ ব্যাসবাক্য লিখি সমাসৰ নাম লিখা।

জন্মভূমি — জন্মৰ ভূমি (ষষ্ঠী তৎপুৰুষ)

দেশদ্রোহী — দেশৰ দ্রোহী (ষষ্ঠী তৎপুৰুষ)

দেশহিতৈষী — দেশৰ হিতৈষী (ষষ্ঠী তৎপুৰুষ)

অকাল — ন কাল (নঞ তৎপুৰুষ)

মাতৃভাষা — মাতৃৰ ভাষা (ষষ্ঠী তৎপুৰুষ)

চিন্তানল — চিন্তা অনলৰ নিচিনা (কর্মধাৰয়)

মহাত্মা — মহান যি আত্মা (কর্মধাৰয়)

মহাধর্ম — মহান যি ধর্ম (কর্মধাৰয়)

২। সন্ধি-ভাঙাঃ

কৰ্তব্য — কৃ + তব্য

দেশধিপতি — দেশ + অধিপতি

যাৱজ্জীৱন — যাবত + জীৱন

দুৰৱস্থা — দুঃ + অৱস্থা

দুৰ্দশা — দুঃ + দশা

উন্নতি — উৎ + নতি

৩। ভাৱ সম্প্ৰাসৰণ কৰাঃ

(ক) “ৰাইজে নখ জোকাৰিলে নৈ বয়।”

উত্তৰঃ মানুহ হৈছে সমাজপ্ৰিয়। সমাজত বাস কৰা সকলৰ মাজৰে যদি কোনো এটা কাজ অকলে কৰিব নোৱাৰে তেতিয়া ৰাইজৰ সহায় ললে সেই কামটো কৰিবলৈ সক্ষম হয়।

(খ) “একতাৰ অসাধ্য একো নাই।”

উত্তৰঃ কোনো এটা কাম যদি আমি অকলে নোৱাৰো তেতিয়া আমি সকলোৱে একেলগে কৰিলে কামটো সফল হব পাৰিম।

(গ) “এশ গৰু খালে বাঘৰো মৰণ।”

উত্তৰঃ বাঘ হল মাংসভোজী প্ৰাণী। সেয়েহে সিহতে বেলেগ জীৱ-জন্তু বধ কৰি খায়। এনেকৈ সিহতে এটি-দুটি কৈ গৰু মাৰোতে মাৰোতে সিহতৰো এদিন মৰণ আহে। সেয়েহে ইয়াৰ পৰা বুজাইছে যে কোনো মানুহে আনক ঠগি থাকোতে এদিন নিজৰো মৰণ আহে।

(ঘ) “চেষ্টাৰ অসাধ্য একো নাই।”

উত্তৰঃ মানুহে কোনো এটা কাম কৰিলে সেই কামটো যদি এবাৰ কৰোতে সফল হব নোৱাৰে। তেতিয়া বাৰে বাৰে চেষ্টা কৰিব লাগে। বহু চেষ্টাৰ ফলত কামটোত এদিন সফল হব।

৪। বাক্য সাজাঃ

কাকতি-ফৰিং

উত্তৰঃ কাকতি-ফৰিঙে জাক পাতি আহি খেতি নষ্ট কৰে।

কণা-মুনা

উত্তৰঃ মানুহ বয়সস্থ হৈ আহিলে কণা-মুণা অৱস্থা হয়।

ঘোৰতৰ

উত্তৰঃ দেশদ্ৰোহী লোক ঘোৰতৰ হয়।

অস্ত্ৰ-শস্ত্ৰ

উত্তৰঃ অস্ত্ৰ-শস্ত্ৰ থাকিলেহে যুদ্ধত জয়ী হব পাৰি।

দেশহিতৈষী

উত্তৰঃ দেশহিতৈষি মানুহৰ এটা ডাঙৰ ভাব।

মান-অপমান

উত্তৰঃ যি সকল লোক দেশদ্ৰোহী সেই সকলে সদায় আনৰ পৰা মান-অপমান পায়।

সুখ-দুখ

উত্তৰঃ সুখ-দুখ হৈছে মানুহৰ এটা অনুভৱ।

দেশানুৰাগ

উত্তৰঃ আমাৰ সকলোৰে মাজত দেশানুৰাগ থকা উচিত।

আকাল বিকাল

উত্তৰঃ এটা সময়ত অসমৰ মানুহৰ ভাত কাপোৰ আকাল বিকাল হৈছিল।

Vibrant Note Box
Note – If you find any mistakes in this chapter, please let us know or correct them yourself while reading. Thank you!
অষ্টম শ্ৰেণী অসমীয়া অধ্যায় ১৬ (জন্মভূমি) – সঘনাই সোধা প্ৰশ্ন (FAQs)
‘জন্মভূমি’ পাঠটিৰ মূল বিষয়বস্তু কি?
এই পাঠটিত নিজৰ মাতৃভূমি বা জন্মভূমিৰ প্ৰতি থকা গভীৰ অনুৰাগ, দেশপ্ৰেম আৰু নিজৰ দেশৰ প্ৰাকৃতিক তথা সাংস্কৃতিক ঐতিহ্যৰ মহত্ত্বৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰা হৈছে।
এই পাঠ্যভিত্তিক সমাধানত (Textual Solutions) কি কি অন্তৰ্ভুক্ত আছে?
ইয়াত মূল পাঠ্যপুথিৰ অনুশীলনীৰ সকলো প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্ন, MCQ আৰু পাঠভিত্তিক ব্যাকৰণৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
এই সমাধানসমূহ নতুন পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা হৈছেনে?
হয়, এই সকলোবোৰ সমল শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ (SVN) শেহতীয়া নতুন পাঠ্যক্ৰম আৰু নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হৈছে।
জন্মভূমি পাঠৰ পৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে?
নতুন পাঠ্যক্ৰম অনুসৰি এই পাঠৰ পৰা ১ নম্বৰৰ অতি চমু প্ৰশ্ন (VSA) আৰু বহু-বিকল্পী প্ৰশ্নৰ (MCQ) লগতে দীঘলীয়া আৰু প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰশ্ন আহিব পাৰে।

EduAssam Solution App

Your complete digital learning solution.

Free Notes Mock Tests Q-Bank
Download Now
10k+ Students

Leave a Comment

Your email address will not be published. Required fields are marked *

Shopping Cart
Scroll to Top