SEBA Assam Class 9 Assamese Chapter 9 – “ভাৰতৰ বৈচিত্ৰ্যমাজত ঐক্য” Summary & Solutions
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 9 – “ভাৰতৰ বৈচিত্ৰ্যমাজত ঐক্য” solutions are now available at Ospin Academy. We provide SEBA-based textbook solutions, multiple-choice questions (MCQs), and a complete chapter summary to help students with their exam preparation.
📖 অধ্যায় পৰিচয়:
“ভাৰতৰ বৈচিত্ৰ্যমাজত ঐক্য” পাঠত ভাৰতৰ সংস্কৃতি, ভাষা, ধৰ্ম, আৰু পৰম্পৰাৰ বৈচিত্ৰ্যৰ মাজতো কিদৰে ৰাষ্ট্ৰীয় ঐক্য গঢ়ি উঠিছে, সেই বিষয়ে আলোচনা কৰা হৈছে।
- ভাৰতৰ বৈচিত্ৰ্য: ভাষা, ধৰ্ম, পৰম্পৰা, খাদ্য, পৰিধান, আৰু উৎসৱসমূহৰ ভিন্নতা।
- ঐক্য: সকলো বৈচিত্ৰ্যৰ মাজত কিদৰে ভাৰতবাসী একতাৰ সূত্ৰত আবদ্ধ হৈছে।
- সংস্কৃতি: ভাৰতীয় ঐতিহ্য আৰু কৃষ্টি বিশ্বসভ্যতাৰ অন্যতম অঙ্গ।
📌 মূল বিষয়বস্তু:
- ভাৰতৰ বৈচিত্ৰ্য কি?
- বৈচিত্ৰ্যমাজত ঐক্য অৰ্থ কি?
- সংস্কৃতি আৰু পৰম্পৰাৰ মাজত একতাৰ ভূমিকা কি?
- এই পাঠৰ প্ৰধান শিক্ষা কি?
📝 Ospin Academy কেনেকৈ সহায় কৰে?
- সম্পূৰ্ণ সমাধান: SEBA Assam Class 9 Assamese Chapter 9 ৰ সকলো উত্তৰ।
- MCQs আৰু অতিৰিক্ত প্ৰশ্ন: পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন।
- সহজ ব্যাখ্যা: বুজিবলৈ সহজ ভাষাত সমাধান।
- দ্ৰুত পুনৰাৱৃত্তি: পৰীক্ষাৰ আগতে দ্ৰুত অভ্যাস কৰিবলৈ সংক্ষেপিত নোট।
SEBA Assam Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) Chapter 9 – “ভাৰতৰ বৈচিত্ৰ্যমাজত ঐক্য” ৰ সমাধান Ospin Academy ত উপলব্ধ। এতিয়া পঢ়ক আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰক!
Class 9 Assamese (অসমীয়া সাহিত্য চয়নিকা) PDF Solutions 2025-26 | SEBA Assam
Download Class 9 Assamese (সাহিত্য সুৰভি) PDF with textbook solutions, MCQs, and extra practice questions for SEBA Assam 2025-26.
ভাৰতবৈচিত্ৰ্যৰ মাজত ঐক্য
- অতি চমু উত্তৰ দিয়াঃ
(ক) প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল
তেওঁলোকক কি বোলা হৈছিল ?
উত্তৰঃ প্ৰাগৈতহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক আদিম অধিবাসী বুলি কোৱা হৈছিল ।
(খ) বুদ্ধদেৱৰ অচল নাম কি ?
উত্তৰঃ বুদ্ধদেৱৰ অচল নাম হল গৌতম, সিদ্ধৰ্থ আৰু শাক্যসিংহ ।
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন ?
উত্তৰঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা আছিল বেদব্যাস।
(ঘ) কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি ?
উত্তৰঃ কুশান বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ’ল কণিষ্ক ।
(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন ?
উত্তৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক মাহাবীৰ ।
2. কি কি বিষয়ত ভাৰবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা ।
উত্তৰঃ ভাৰবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ । ই ভৌগোলিক অৱস্থাত আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা বিভিন্ন মানৱ-জাতিৰ ধৰ্ম-ভাষাৰ, আচাৰ-ব্যৱহাৰ, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি ।
ভৌগোলিক অৱস্থাত ভাৰতবৰ্ষৰ বিচিত্ৰতা হল – ইয়াৰ এফালে সুউচ্চ পৰ্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতল ভূমি, আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয়, এফালে গীষ্মৰ তীৰ্বতা আনফালে কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য, আনফালে শুকান মৰুভূমি ।
জীতি গত বা গোষ্ঠীগত বৈচিত্ৰ্য মন কৰিবলগীয়া । ভাৰতত প্ৰগৈতিহাসিক কালত পৰ্বতৰ গুহা, গছৰ ধোন্দত বাস কৰা আদিমবাসীসকলে বংশধৰ বৰ্তমান মধ্যভাৰত, বিহাৰ, উৰিষ্যা কোল-মুণ্ডা , চাওতাল, সুপ্ৰীন মানৱ-গোষ্ঠী পাঞ্জাৱ আৰু দক্ষিণ ভাৰতত থকা দ্ৰাবিড়সকৰ বংশৰ তামিল ।
এইবিলাক বৈচিত্ৰ্যাৰ মাজতো ভাৰতীয় মানুহৰ ঐক্য –সংহতি পৃথিৱীৰ আৰু জাতিৰ কাৰণে এক অনুকৰণীয় আদৰ্শ।
3. ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান কি কাৰমে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা ।
উত্তৰঃ ভাৰতবৰ্ষৰ ভৌগলিক অৱস্থান এই কাৰণে বৈচিত্ৰযপূৰ্ণ বুলি কোৱা হৈছে যে সমতলভূমি, আনফালে বিৰাট মালভূমি, একেফালে দ্বীপমালা, আনফালে হ্ৰদ-জলাশয়, এফালে গীষ্মৰ তীব্ৰতা, আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱ আনফালে মৰুভূমি ।
4. আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ পাছত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ভাৰতলৈ সোঁত বৈ আছিল । এতিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল পৰাক্ৰমী জাতি আহি ভাৰতত ৰাজ্য স্থাপন কৰিছিল । সেইবোৰ ভিতৰত শক, কুশান, পাঠদান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদিয়েই প্ৰধান । এই বেজেতাসকলৰ ভিতৰত সৰহভাগেই ভাৰবৰ্ষকে আপোন কৰি লৈ ইয়াতেই নিগাজিকৈ থাকি গল ।
5. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণ এনেকুৱা, পীব আৰু দক্ষিন আৰু ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত, কিন্ত উত্তৰ মধ্য আৰু পশ্চিম ভাৰতীয় মানুহৰ প্ৰধান খদ্য ৰুটী । উত্তৰ, দক্ষিণ, পশ্চিম ভাৰতৰ উচ্চ মাজত মাছ-মাংস নচলে কিন্ত পূব ভাৰতৰ প্ৰায় সকলো লোকেই মাছ-মাংস খায় ।
6. ভাৰতৰ বিভিন্ন ঠইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ ভাৰতবৰ্ষত সাজপাৰৰ বিভিন্নতা বাৰুকৈ লক্ষণীয় । পূৱ ভাৰতত মতা মানুহে পোন্ধ মাৰি চুৰিয়া পিন্ধে কিন্ত দক্ষিণ ভাৰতত ব্যাৱস্থা নাই । চুৰিয়াখনক লুঙীৰ দৰে ব্যৱহাৰ কৰে। উত্তৰ ভাৰতত পায়জামাৰ ব্যাৱহাৰ বেছি । বৰ্তমান কালত অৱশ্য লংপেন্টৰ প্ৰচলন বেছি ।ভাৰতীয় নাৰীৰ মাজত শাড়ীৰ আদৰ বেছি যদিও তিৰোতাই মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতত তিৰোতাসকলে চুৰিদাৰ-পায়জামা আদি ব্যৱাহৰ কৰে।
7. আৰ্য্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া ।
উত্তৰঃ আৰ্যসকল ভাৰতলৈ অহাৰ বহুদিনৰ পাছত এছিয়া আৰু ইউৰোপৰ পৰা কেইবাটাও প্ৰবল প্ৰতাপী জাতি আহি ভাৰতবৰ্ষত ৰাজ্য় স্থাপনাৰ চেষ্টা কৰে । সেই সলকৰ ভিতৰত শক, কুশন, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান ।
শক এটা যাযাবৰী জাতি । অক্ষু নদীৰ পাৰত বাস কৰা এই জাতিৰ লোকসকলে পাছলৈ গৃহস্থী জীৱন-যাপন কৰিবলৈ লয় । এই জাতিটো পাঁচটা শাখাত বিভক্ত হৈ পৰে । তাৰ ভিতৰত কুশান বংশই শ্ৰেষ্ঠ । কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কণিষ্ক ।
পৰ্তুগীজসকলে ইউৰোপৰ পৰ আহি ভাৰতৰ গোৱা অঞ্চলত ব্যৱসায় আৰাম্ভ কৰিছিল । তেওঁলোকৰ আগমনে ভাৰতলৈ ইউৰোপসকলৰ প্ৰব্ৰজন আৰাম্ভ কৰিলে । তেওঁলোক সাহসী নৌ-বিদ্যাত পাকৈত জাতি আছিল ।
8. “যিবাৰ বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐকৈৰ সেতু নিৰ্মাণ কৰি দিছে।” – এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা ।
উত্তৰঃ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপুৰ্ণ দেশ । পৃথিৱীৰ বহুতো দেশ যেতিয়া অজ্ঞান-আন্ধাৰত বুৰ গৈ আছিল তেতিয়া ভাৰবৰ্ষেই দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিভিন্ন দেশত উন্নতিৰ চৰমসীমা পাইছিল । ভৈগলিক অৱস্থান আৰু বিভিন্ন সময়ত ভাৰতলৈ অহা মানৱ জাতিৰ দৰ্ম-ভাষা, আচাৰ-ব্যৱহাৰ, কলা সংস্কৃতি আদিয়ে বৈচিত্ৰ্যতা আনিছে ।
ভাৰতবৰ্ষ হিন্দু, বৌদ্ধ, জৈন, শিখ, ইছলাম আদি বিভিন্ন ধৰ্মৰ লোক আছে ।ধৰ্মানুসাৰে মানুহৰ বিশ্বাস আৰু আচাৰ –অনুষ্ঠানসুহ গঢ় লৈ উঠিছে । নীতি-নিয়ম বা জনবিশ্বাসৰ এনে দিশবোৰ দেশখনক বৈচিত্ৰ্যময় কৰি তুলিছে ।
9. “ঐকৈ স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি ।” – এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষন কৰা ।
উত্তৰঃ ভাৰতৰ ঐক্য স্হাপনত ভৌগলিক পৰিৱেশত সংস্কৃত ভাষা আৰু সুকুমাৰ কলাৰ এক বিশেষ গুৰত্ব আছে । ভাৰতৰ ভৌগলিক অৱস্থান বিভিন্ন । এফালে পৰ্বত-পাহাৰ, আনফালে সমতল, এফালে সেউজ-সুন্দৰ মনোৰম প্ৰকৃতি, আনফালে মাজত ৰূপ, এফালে দ্বীপ, আনফালে জলাশয়- এই বিচিত্ৰ ভৌগলিক অৱস্থানৰ মাজত ঐক্যতান আছে । দেশখনৰ ভিতৰতে বিভিন্নতা থাকিলেও এই বিভিন্নতাবোৰ এই স্থলভূমিক এক সুকীয়া ৰূপ দিছে।ইয়াৰ জলবায়ু তথা ইয়াৰ গঠনে ইয়াক অনন্য কৰি ৰাখিছে ।
আনহাতে সংস্কৃত ভাষাই ভাৰতৰ ঐক্যত এক বিশেষ বৰঙণি যোগাইছে সংসকৃত ভাষাত ৰচিত বেদ উপনিষদৰ চিন্তা-ভাৱনাই ভাৰতীয় মানুহক আৱৰি ৰাখিছে ।এই দৰ্শনক সন্মুখত ৰাখিয়েই ভাৰতীয় সন্তানে বিকাশ লাভ কৰিছে।গতিকই এই দৰ্শন বা পৰম্পৰা আমাৰ ঐক্যৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপুৰ্ণ। তদুপৰি ভাৰতবৰ্ষৰ ভালেমানে সংস্কৃতিৰ পৰ উদ্ভৱ হোৱা । অসমীয়া, বঙালী, উৰিয়া, মৈথিলী, আদি ভাষালৈ চালে এই কথা প্ৰমাণিত হয় ।
সুকুমাৰ কলাই ভাৰতৰ মহান ঐক্য সাধনত বিষেশ ভূমিকা পালন কৰিছে । চিত্ৰকলা., স্থাপত্য, ভাস্কৰ্য এই সকলো কলাতে এটা ভাৰতীয় ঠাচ্ আছে । একে ধৰণৰ হেতুকে সংমিশ্ৰণৰ মাজেৰে এক বা বিভিন্নজন শাসকে বিভিন্ন বস্তৰ প্ৰতি গুৰত্ব দিয়া সাধনত বিশেষ বৰঙণি যোগাইছে ।
10. “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্ত ।” – তাপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ আচলতে ভাৰতৰ সংস্কৃতিয়েই ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজতো ঐক্য গঢ়ি তুলিছে । সংস্কৃতি এক বিশাল বিষয়।আচলতে জীৱনৰ প্ৰতিটো দিশকে আমি সংস্কৃতিৰ ভিতৰত পেলাব পাৰোঁ । বোঁৱতী সুঁতিৰ দৰে-সংস্কৃতি সাদায় প্ৰৱাহমান হৈ থাকে । এই প্ৰৱাহমান সংস্কৃতিৰ সুঁতিত আহি বহু জাতি-উপজাতিৰ নজৈা বৈশিষ্ট্য সোমাই ইয়াৰ গতিও অধিক তেজস্বী কৰি তোলে।
ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ সংস্কৃতি । ইয়াত বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰ মাটিত সংগ্ৰাম কৰি জাতীয় জীৱন গঢ়ি তুলিছে । একোটা ঠাঁচত ইয়াৰ মানুহক ইয়াৰ মাটি-পানীয়ে লালন-পালন কৰিছে ।নিজৰ ঐতিহ্যক পাহৰি ইয়াকেই তেওঁলোকে মাতৃভূমি হিচাপে জ্ঞান কৰিছে ।ভাষাৰ বিভিন্নতা থাকিলেও সাহিত্যৰ গতি-প্ৰকৃতিয়ে ঐক্যৰ এক ভিক্তি গঢ়ি তুলিছে ।
11. চমু উত্তৰ লিখাঃ
(ক) কোনবোৰ লোক মংগোলীয় গোষ্টীৰ ।
উত্তৰঃ আহোম, নগা, বড়ো, নমিচিং, কাৰ্বি, গাৰো, ৰাভা, মিজো, আদি লোসকল মংগোলীয় গোষ্ঠীৰ ।
(খ) সুকুমাৰ কলা কোনবিলাক ?
উত্তৰঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য- এই পাঁচবিধক সুকুমাৰ কলা বোলে ।
(গ) কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ?
উত্তৰঃ বেদ, উপনিষদ, গীতা, ভাগৱত, ৰামায়ণ, মাহাভাৰত, আদি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গাঢ়াতা সহায় কৰিছে ।
12. কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ বৈশিষ্ট্যৰ কথা আলোচনা কৰিবলৈ গৈ লিখকে কৈছি যে ভাৰতবৰ্ষ এখন বৈচিত্ৰ দেশ । সঁচাই বিভিন্ন জাতি-উপজাতিৰ আৱাসভূমি এই ভাৰতবৰ্ষৰ বৈচিত্ৰ্যয়েই হল ইয়াৰ মূল হ’ল বৈশিষ্ট্য।
ভাৰতবৰ্ষ পাহাৰ-পৰ্বত, সমতল, নৈ, বিল, পানীৰে পৰিপুৰ্ণ জলাশয়, মৰুভূমি, শীতৰ উপজাতিৰে পৰপুৰ্ণ । এই সকলো জাতিৰ বিভিন্নতাৰ মাজতে মহান জাতি হিচাপে ইয়াৰ ঐক্য মন কৰিবলগীয়া ।
ভাষাও ভাৰতৰ বিচিত্ৰ । বিভিন্ন জাষাগোষ্ঠীৰ মানুহ ইয়াত আছে। বিভিন্ন সংস্কৃতিও আছে । অথচ প্ৰতিটো ভাষা-সংস্কৃতি সন্মিলিত হৈ এখন ঐক্যবদ্ধ ভাৰতবৰ্ষ এখন বৈচিত্যপুৰ্ণ দেশ ।
ভাৰতীয় ধৰ্মীয় দিশতো বিভিন্ন ধৰ্মৰ সমানধিকাৰ আছে । মন্দিৰ, মছজিদ একেলগে গঢ় লৈ উঠিছে ।কিন্ত তৎসত্ত্বও ইয়াত এক ধৰ্মীয় একতাও আছে । কৃষ্টিয়ে ঐক্য গঢ়ি উঠাত বিশেষ বূমিকা লৈছে ।এনেদৰে এই সাংস্কৃতিক সাদৃশ্যবোৰেই ভাৰতীয় সমাজখনৰ ঐক্যক শক্তিশালী কৰ তুলিছে ।
13. উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধন কৰে তাৰ এটি বৰ্ণনা দিয়া ।
উত্তৰঃ ভাৰতীয় নাৰীৰ মাজত শাড়ীৰ জনপ্ৰিয়তা বেছি যদিও উত্তৰ ভাৰতৰ তিৰোতাসকল চুৰিদাৰ-পায়জামা আদি পৰিধান কৰে । উত্তৰ ভাৰতত গৰম জলবায়ুৰ বাবে বিছিকৈ গৰম পৰে বাবে কপাহী, ঢিলা, আহল-বহল পোছাক ব্যৱহাৰ প্ৰচলন বেছি । তদুপৰি ইয়াত মোগল শাসনৰ প্ৰভাৱ থাকি যোৱা বাবে তিৰোতাসকলৰ সাজপাৰত শালীনতা, গাম্ভাৰ্যতাৰ পৰিচয় পোৱা যায় ।
14. চমুটোকা লিখাঃ
(ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুশান
(ঘ) ব্যাস (ঙ) মক্কা (চ) বশিষ্ঠ ।
উত্তৰঃ
(ক) সুকুমাৰ কলাঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য – এই পাঁচবিধক সুকুমাৰ কলা বোলে ।
(খ)সংগীতঃ গীত, বাদ্য আৰু নৃত্য়ৰ সমলয়ক সংগীত বোলে।
(গ) কুশানঃ শক জাতিৰ কুশান এটা বংশ । এই বংশৰ শ্ৰেষ্ঠ ৰাজা আছিল কণিষ্ক ।
(ঘ) ব্যাসঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত আৰে বেদ বিভাগ-কৰ্তা এগৰকী ঋষি ।
(ঙ)মক্কাঃ আৰৱ দেশৰ ৰাজধানী আছিল । ই খন প্ৰাচীন যত হজৰত মহম্মদৰ জন্ম হৈছিল ।
(চ)বশিষ্ঠঃ ব্ৰহ্মাৰ মানসপুত্ৰ আৰু মন্ত্ৰ দ্ৰষ্টা ঋষি ।
(ছ) আৰ্যঃ আৰ্য আচলতে এটা ভাষা । ইণ্ডো-ইউৰোপীয় ভাষা–পৰিয়ালৰ এটি ঠালা কিন্ত বৰ্তমান আৰ্য শব্দই জাতিক বুজায়। ভৰতবৰ্ষত বেদ-বেদান্তক কেন্দ্ৰ ধৰি গঢ়ি উঠা জাতিটোৱেই হল আৰ্যজাতি ।
15. ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ। – কথাষাৰ বহলাই লিখা ।
উত্তৰঃ ভাৰতবৰ্ষই সঁচাই এখন পুৰণি সুসভ্য আৰু ঐতিহ্যপুৰ্ণ দেশ । লিখকে ভাৰতবৰ্ষৰ বিত্ৰিতাৰ প্ৰতি লক্ষ্য ৰাখি এই মন্তব্য কৰিছে । লিখকৰ মন্তব্য প্ৰতিপাদিত কৰাৰ বাবে তেওঁ দেখুৱাইছে যে ভাৰতৰ ভৌগলিক অৱস্থান, ভাষা, ধৰ্ম, জাতি, খাদ্য, আচাৰ-ব্যৱহাৰ আদিৰ বিভিন্নতাই এক বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ জন্ম দিছে । ইয়াৰ বেদ-বেদন্ত আদি সাহিত্যৰ ঐতিহ্যিই তথা ঋষি মুনুসকলৰ কীৰ্তীয়ে এই দেশক মহিমামণ্ডিত কৰি ৰাখিছ।
ভাৰতবৰ্ষ সাহিত্য তথা সাধনাই প্ৰংমাণ কৰে এই দেশ কিমান প্ৰচীন । ইয়াৰ আদৰ্শ আৰু চিন্তাৰ বৈচিত্ৰ্যই এই দেশক সুসভ্য আৰু ঐতিহ্যপূৰ্ণ বুলি প্ৰমাণিত কৰিছে । ড°শৰ্মাদেৱে ভাৰতবৰ্ষৰ এই জীৱন-ধাৰা তথা সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰতি গুৰত্ব দিয়েই এইষাৰ মন্তব্য কৰিছে ।
16. তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যভ্যাস পোৱা যায় চমুকৈ লিখা ।
উত্তৰঃ আমি অসমীয়া । আমাৰ মূল আহাৰ ভাত । সেইবুলি আমি অন্য খাদ্যসম্ভাৰো ব্যৱহাৰ নকৰা নহয় । তথাপি আমাৰ খাদ্যপদ্ধতি ভাৰতীয় মূলত আৱদ্ধ আছে । পূৱ আৰু দক্ষিণ ভাৰতৰ খাদ্যপদ্ধতি প্ৰায় একে ধৰণৰ । আমি মাছ-মাংসৰ প্ৰতি আকৃষ্ট। আমাৰ মাজত উত্তৰ ভাৰতৰ নিৰামিষজোজীসকলৰ প্ৰভাৱ নপৰা নহয় ।তদুপৰি উত্তৰ ভৰতৰ মূল আহাৰ ৰুটি হোৱাৰ দৰে আমাৰ খাদ্যতো ইয়াৰ প্ৰভাৱ নপৰা নহয় ।
ভাষা বিষয়ক
17. তলৰ শব্দবোৰৰ সন্ধি ভাঙাঃ
অনুষ্ঠান, জনাকীৰ্ণ, স্বাধীন, জন্মাষ্টমী ।
উত্তৰঃ
অনুষ্ঠান = অনু + স্থান ।
জনাকীৰ্ণ = জন + আকীৰ্ণ ।
স্বাধীন = স্ব + অধীন ।
জন্মাষ্টমী = জন্ম + অষ্টমী।
18. তলৰ শব্দবোৰ প্ৰত্যয় নিৰ্ণয় কৰাঃ
শাৰীৰিক, সামাজিক, সুকীয়া, ভৌগোলিক, ফুলনি, ভাৰতীয়, পুলাম, অৱিনাশী ।
উত্তৰঃ
শাৰীৰিক = শৰীৰ + ষ্ণিক
সুকীয়া = সুকীয়া + ঈয়া
ভৌগোলিক = ভূগোল + ষ্ণিক
ফুলনি = ফুল + আম
ভাৰতীয় = ভাৰত + ঈয়
অৱিনাশী = অবিনাশ + ঈ
সামাজিক = সমাজ + ষ্ণিক
19. প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখাঃ
হেতু, পৃথিৱী, গ্ৰন্থ, মাতা ।
উত্তৰঃ
হেতু = কাৰণ, নিমিত্ত।
পৃথিৱী = বসুধা, ধৰণী ।
গ্ৰন্থ = কিতাপ, পুথি ।
মাতা = মাতৃ, মা ।
20. বিপৰীত শব্দ লিখাঃ
পাৰ্থক্য, ত্যাগ, বৈচিত্ৰ্য, প্ৰচীন ।
উত্তৰঃ
পাৰ্থক্য = সামঞ্জস্য ।
ত্যাগ = গ্ৰহণ ।
বৈচিত্ৰ্য = ঐক্য ।
প্ৰচীন = নবীন ।
SEBA Assam Class 9 Assamese Chapter 9 – ভাৰতৰ বৈচিত্ৰ্যমাজত ঐক্য FAQs
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: