দশম শ্ৰেণী অসমীয়া অধ্যায় 7 – ভাৰতীয় সংস্কৃতি সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু সমাধান | ASSEB / SEBA
দশম শ্ৰেণী অসমীয়া অধ্যায় 7 – ভাৰতীয় সংস্কৃতি (হেম বৰুৱা) সম্পূৰ্ণ প্ৰশ্নোত্তৰ আৰু পৰীক্ষামুখী সমাধান (ASSEB / SEBA Assam – Assamese Medium)
দশম শ্ৰেণীৰ অসমীয়া (Assamese) পাঠ্যক্ৰমৰ সপ্তম অধ্যায় ‘ভাৰতীয় সংস্কৃতি’ সু-সাহিত্যিক আৰু প্ৰাক্তন সাংসদ হেম বৰুৱাৰ দ্বাৰা ৰচিত এখন অতি গুৰুত্বপূৰ্ণ প্ৰবন্ধ। আগন্তুক HSLC 2027 পৰীক্ষাৰ বাবে নতুন ASSEB (Assam State School Education Board) পাঠ্যক্ৰম আৰু নৱ্য শিক্ষা নীতিৰ (NEP) শেহতীয়া ব্লুপ্ৰিণ্টৰ আধাৰত এই অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ (Class 10 Assamese Chapter 7 Question Answer) প্ৰস্তুত কৰা হৈছে। এই বিশেষ সংকলনটিত পাঠভিত্তিক অতি চমু প্ৰশ্ন (VSA), চমু প্ৰশ্ন (Short Questions), দীঘলীয়া প্ৰশ্ন (Long Answers), আৰু ব্যাকৰণৰ লগতে পূৰ্বৰ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নসমূহৰ (Board Exam PYQ) পুংখানুপুংখ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে। অস্পীন একেডেমী (Ospin Academy) ত এই সমাধানসমূহ সহজ, নিৰ্ভুল আৰু সম্পূৰ্ণ পৰীক্ষামুখীভাৱে উপলব্ধ কৰোৱা হৈছে।
‘ভাৰতীয় সংস্কৃতি’ নামৰ এই পাঠটিত ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়, বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু ভাৰতীয় সংস্কৃতিৰ বিশালতা তথা উদাৰতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই পাঠৰ মূল ভাৱ, শব্দাৰ্থ আৰু তাৎপৰ্য বুজি পোৱাটো অতি প্ৰয়োজনীয়। আমাৰ এই প্ৰশ্ন বেংকত (Question Bank) কেৱল পাঠ্যপুথিৰ অনুশীলনীৰ প্ৰশ্নসমূহেই নহয়, বৰঞ্চ পৰীক্ষাত আহিব পৰা অতিৰিক্ত প্ৰশ্ন-উত্তৰসমূহো (Extra Board Questions and Answers) সামৰি লোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে 100% প্ৰস্তুতি চলাব পাৰে।
এই পাঠৰ পৰা আপুনি কি কি শিকিব আৰু পাব:
- ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ, সমন্বয়ৰ আদৰ্শ আৰু হেম বৰুৱাৰ চিন্তাধাৰাৰ বিস্তৃত পৰিচয় আৰু বিশ্লেষণ।
- শব্দাৰ্থ, 1 নম্বৰৰ অতি চমু (VSA objective type) আৰু 2-3 নম্বৰৰ চমু প্ৰশ্নৰ পৰীক্ষাত লিখিব পৰা নিৰ্দোষ উত্তৰ।
- প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা (Reference to Context) আৰু 4-5 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ সহজ তথা মান্য সমাধান।
- পাঠভিত্তিক ব্যাকৰণ, যতি চিহ্নৰ ব্যৱহাৰ, বিপৰীত শব্দ, সমাৰ্থক শব্দ আৰু প্ৰত্যয়ৰ সঠিক জ্ঞান।
- মেট্ৰিক পৰীক্ষাত সঘনাই অহা গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ আৰ্হি বিশ্লেষণ আৰু শেহতীয়া আৰ্হিৰ MCQ প্ৰশ্নৰ সমাধান।
HSLC 2027 পৰীক্ষাৰ বাবে অস্পীন একেডেমীৰ বিশেষ সুবিধা:
- HSLC 2027-ৰ শেহতীয়া ASSEB ব্লুপ্ৰিণ্টৰ আধাৰত প্ৰস্তুত কৰা সম্পূৰ্ণ Question Bank.
- পূৰ্বৰ 10 বছৰৰ (Previous 10 Years’ Questions – PYQ) মেট্ৰিক পৰীক্ষাৰ লগতে অসমৰ 27 খন জিলাৰ Pre-Board পৰীক্ষাৰ (2026) প্ৰশ্নকাকতৰ সম্পূৰ্ণ সমাধান।
- 100% নিৰ্ভুল আৰু ছাত্ৰ-ছাত্ৰীয়ে মুখস্থ কৰিবলৈ সহজ হোৱাকৈ সৰল অসমীয়া ভাষাত লিখা উন্নত মানৰ নোটছ (Class 10 Assamese Notes)।
- পৰীক্ষাৰ পূৰ্বে দ্ৰুত ৰিভিজনৰ (Last-Minute Quick Revision) বাবে বিশেষভাৱে প্ৰস্তুত কৰা পিডিএফ (PDF Download) ফৰ্মেট।
- ভাৰতীয় সংস্কৃতি পাঠৰ পৰা পৰীক্ষাত নিশ্চিতভাৱে আহিব পৰা সম্ভাৱনীয় (100% Common Board Suggestion) প্ৰশ্নৰ বিশেষ সংকলন।
ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অস্পীন একেডেমীয়ে এই বিশেষ পাঠ্যক্ৰম আগবঢ়াইছে। আপোনাৰ HSLC 2027 পৰীক্ষাৰ প্ৰস্তুতি এতিয়াই আৰম্ভ কৰক আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ (Highest Marks) লাভ কৰাৰ দিশত আগবাঢ়ক।
Class 10 Assamese (অসমীয়া) Question Bank ASSEB HSLC 2027 | Complete Chapter-wise Solutions PDF
Limited Time Offer!
(For ASSEB, HSLC 2027)
Get comprehensive preparation for Class 10 Assamese (অসমীয়া সাহিত্য চয়নিকা) with this complete Question Bank PDF.
Includes 1400+ questions, 10 Years PYQs (2015-2026), 27 District Pre-Board Papers, and Complete Grammar as per the latest ASSEB syllabus.
Ideal for quick revision, mastering new MCQ patterns, and scoring high in HSLC 2027!
দশম শ্ৰেণী: অসমীয়া ![]()
অধ্যায়-7 অস্পিন একাডেমী
HSLC PYQs (2016-2026): 1 নম্বৰৰ গুৰুত্বপূৰ্ণ অতিচমু প্ৰশ্নোত্তৰ
1. ‘ফ্রম ভল্লা টু গংগা’ কাৰ ৰচনা? {2026}
উত্তৰঃ “ফ্ৰম ভল্লা টু গংগা” ৰাহুল সংকৃতায়নৰ ৰচনা।
2. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? {2023,20}
উত্তৰঃ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
3. “ফ্রম ভল্গা টু গংগা” নামৰ কিতাপখনৰ লেখক কোন? {2018,16}
উত্তৰঃ “ফ্ৰম ভল্লা টু গংগা” ৰাহুল সংকৃতায়নৰ ৰচনা।
4. “মধ্য এচিয়াকা ইতিহাস” কোনে লিখিছিল? {2017}
উত্তৰঃ “মধ্য এচিয়াকা ইতিহাস” ৰাহুল সংকৃতায়নে লিখিছিল।
5. কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ কৰে? {2017}
উত্তৰঃ মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি প্ৰচুৰ ব্যক্তিবোধ আছিল
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 1 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘মধ্য এচিয়াকা ইতিহাস’ নামৰ পুথিখনৰ লেখক কোন? {Bajali}
উত্তৰঃ পণ্ডিত ৰাহুল সংকৃত্যায়ন।
2. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? {Baksa,Udalguri,Salmara}
উত্তৰঃ ক্ৰমবৰ্ধনাম শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।
4. ধ্যানস্থ শিৱৰ কল্পনা ক’ৰ সাংস্কৃতিক সম্পদ? {Jorhat}
উত্তৰঃ মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ।
5. সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ক কি আখ্যা দিছে? {Golaghat}
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে “কালিয়দমন” ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ প্ৰতীকধৰ্মী নৃত্য বুলি আখ্যা দিছে ।
6. আৰ্যসকলৰ নতুন সাংস্কৃতিক ভেটি কি আছিল? {Lakhimpur}
উত্তৰঃ মহেঞ্জোদাৰোৰ সংস্কৃতি।
7. ‘ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা? {Sonitpur,Tamulpur}
উত্তৰঃ পণ্ডিত ৰাহুল সংকৃত্যায়ন।
8. কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?{Biswanath,Dhubri,Nagaon, Nalbari}
উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক।
9. সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? {Dhubri}
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্র শিল্পক বেছি স্থায়ী বোলা হৈছে।
10. ‘ফ্রম ভলগা টু গংগা’ নামৰ বিখ্যাত গ্ৰন্থখনৰ ৰচক কোন? {Golaghat}
উত্তৰঃ পণ্ডিত ৰাহুল সংকৃত্যায়ন।
11. নতুন যুগৰ ভাৰতীয় সংস্কৃতি কি হ’ব লাগে বুলি গান্ধীজীয়ে মত পোষণ কৰিছিল? {Golaghat}
উত্তৰঃ সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত পোষণ কৰিছিল।
12. দাক্ষিণাত্যৰ ভাস্কৰ্যৰ এটা উদাহৰণ দিয়া। {Majuli}
উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰ।
13. অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোনটো যুগৰ সোঁৱৰাই দিয়ে? {Morigaon}
উত্তৰঃ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে।
14. বৌদ্ধ ধৰ্মৰ মূলমন্ত্র কি? {Tinisukia,Salmara}
উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূলমন্ত্র হল অহিংসা পৰম ধর্ম
15. পণ্ডিত ৰাহুল সংকৃত্যায়নৰ সাহিত্য অকাডেমী প্রাপ্ত পুথিখনৰ নাম কি? {Tinisukia}
উত্তৰঃ মধ্য এচিয়াকা ইতিহাস।
16. ভাৰতীয় জীৱনৰ মূল সম্পদ কি? {Kokrajhar}
উত্তৰঃ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।
HSLC 2027-ৰ বাবে 1 নম্বৰৰ অতি সম্ভাৱ্য প্ৰশ্নোত্তৰ
1. হিন্দুৰ শ্রাদ্ধবিধি কোন যুগৰ অৱদান?
উত্তৰঃ হিন্দুৰ শ্রাদ্ধবিধি অনার্য যুগৰ অৱদান।
2. দুবিধ সুকুমাৰ কলাৰ নাম লিখা।
উত্তৰঃ সাহিত্য আৰু সংগীত
3. আৰ্যসকলৰ আদিম বাসভূমি ক’ত আছিল?
উত্তৰঃ মধ্য এছিয়া।
4. হেম বৰুৱাৰ মতে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তি।
5. ভাৰত আৰু আফগানিস্তানৰ মাজত যে একালত সংযোগ আছিল, তাৰ সাক্ষী স্বৰূপে থকা চহৰখনৰ নাম কি?
উত্তৰঃ কান্দাহাৰ।
6. দাক্ষিণাত্যৰ ভাস্কৰ্যত জ্যামিতিৰ কিহৰ প্ৰাদুৰ্ভাৱ বেছি?
উত্তৰঃ কোণ আৰু সৰল ৰেখাৰ।
7. উত্তৰ ভাৰতীয় ভাস্কৰ্যত কিহৰ প্ৰাদুৰ্ভাৱ সৰহ?
উত্তৰঃ বৃত্ত আৰু বক্ৰ ৰেখাৰ।
8. কাঞ্জিভৰামৰ মন্দিৰটোত অন্ততঃ কিমানটা স্তম্ভ আছে?
উত্তৰঃ এহেজাৰটা।
9. কামাখ্যা দেৱী আদিতে কি দেৱী আছিল?
উত্তৰঃ অনাৰ্য দেৱী।
10. ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ দুটা কি কি?
উত্তৰঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা।
11. মোগল যুগৰ চিত্ৰশিল্পৰ জন্ম কাৰ ৰাজ দৰবাৰত হৈছিল?
উত্তৰঃ টাইমূৰ খাঁ আৰু চেংগীজ খাঁৰ ৰাজ দৰবাৰত।
12. দক্ষ যজ্ঞত অৱহেলা কৰা দেৱতা জনৰ নাম কি?
উত্তৰঃ শিৱ।
13. হেম বৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ ‘বালিছন্দা’ (বা ‘মনময়ূৰী’)।
14. জন কীছ (John Keats) কোন দেশৰ কবি আছিল?
উত্তৰঃ ইংলেণ্ডৰ।
15. The Red River Blue Hill কাৰ ৰচনা?
উত্তৰঃ The Red River Blue Hill হেম বৰুৱাৰ ৰচনা।
16. ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন?
উত্তৰঃ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ।
17. পণ্ডিত ৰাহুল সংস্কৃতায়নে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি লাভ কৰিছিল?
উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়নে ‘মধ্য এচিয়াকা ইতিহাস’ পুথিৰ বাবে সাহিত্য অকাডেমি লাভ কৰিছিল
18. শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আবিষ্কাৰ হৈছিল?
উত্তৰঃ শিব আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিস্কাৰ হৈছিল।
19. শব্দার্থ লিখাঃ ক্ষণস্থায়ী
উত্তৰঃ ক্ষণস্থায়ী-খন্তেকীয়া
20. কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা কোন?
উত্তৰঃ ৰাধাকৃষ্ণণ।
21. কীটছৰ কোনটো কবিতাৰ তীব্র সমালোচনা হয়?
উত্তৰঃ এন্ডিমিয়ন
22. হেম বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।
উত্তৰঃ ‘পছোৱা’ (বা ‘জনতা’)।
23. মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কোন যুগৰ কথা কয়?
উত্তৰঃ আৰ্য-পূৰ্ব যুগৰ কথা।
24. ছুফিবাদৰ লগত ভাৰতৰ কোনখন শাস্ত্ৰৰ দৰ্শনৰ মিল দেখা যায়?
উত্তৰঃ উপনিষদৰ দৰ্শনৰ।
25. কোনগৰাকী মোগল সম্রাটৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ কৰে?
উত্তৰঃ মোগল সম্রাট আকবৰৰ আমোলত চিত্র-শিল্পৰ নতুন ধাৰা পোন প্রথমে ভাৰতত প্ৰৱেশ কৰে
26. ‘ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰবন্ধটোৰ লেখক কোন?
উত্তৰঃ ‘ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰবন্ধটোৰ লেখক হেম বৰুৱা।
27. পণ্ডিত ৰাহুল সংস্কৃতায়নৰ প্ৰকৃত নাম কি?
উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ প্ৰকৃত নাম কেদাৰনাথ পাণ্ডে।
28. হেম বৰুৱাই অসম সাহিত্য সভাৰ ক’ৰ অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল?
উত্তৰঃ হেম বৰুৱাই অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল।
29. অজন্তাৰ ছবিবোৰত কেইটা ভাব-বস্তু প্ৰকাশ পাইছে?
উত্তৰঃ দুটা।
30. হেম বৰুৱাই কৰ্মজীৱনত পোনপ্ৰথমে কোনখন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰঃ যোৰহাট কলেজত।
HSLC PYQs (2016-2026): 2/3/4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. ‘সৰ্বপল্লী ৰাধাকৃষ্ণণ’ ৰ বিষয়ে চমুটোকা লিখা। {2026}
2. “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।”– কথাষাৰৰ তাৎপর্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখা। {2026}
3. “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়”- পাঠৰ সহায়ত বুজাই লিখা? {2025}
4. ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। {2025}
5. আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? {2024}
6. সুৰ-বস্তুৰ ওপৰত লোকসংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? {2023}
7. “ভাৰত বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমাণো অলেখ আছে।” ‘ভাৰতীয় সংস্কৃতি’ পাঠটিৰ সহায়ত বুজাই লিখা। {2023}
8. উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। {2022}
9. ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল, চমুকৈ লিখা। {2022}
10. “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।” লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা বুলি কিদৰে ক’ব বিচাৰিছে, বুজ়াই লিখা। {2022}
11. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। {2020}
12. “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।” কথাষাৰৰ যুক্তিযুক্ততা “ভাৰতীয় সংস্কৃতি” পাঠৰ আধাৰত চমুকৈ লিখা। {2019,16}
13. “সাধাৰণতে সকলো আৰ্টৰ মূলতে বিপৰীত পন্থাই কাম কৰা দেখা যায়।”
-ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা। {2018}
14. ‘সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। {2018}
15. ব্যাখ্যা কৰা: “সংস্কৃতিৰ অবিচ্ছন্ন ধাৰাই হৈছে ভাৰতীয় মূল সম্পদ।” {2018}
16. “ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্র্যময়।”- ভাৰতীয় ভৌগোলিক জীৱন কিয় বৈচিত্র্যময়, বুজাই লিখা। {2017}
17. লিখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ বুৰঞ্জী বুলি কৈছিল? {2016}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 2 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. অজন্তাৰ ছবিবোৰত প্ৰকাশ হোৱা ভাৱ বস্তু দুটা কি কি? {Barpeta}
2. এটা জাতিৰ সংস্কৃতিৰ মাপকাঠি কি? {Bajali}
3. ব্ৰিটিছৰ আগমনে অসমীয়া সমাজ ব্যৱস্থালৈ কি কি পৰিৱৰ্তন আনিছিল চমুকৈ লিখা । {Jorhat}
4. “সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।” – পন্থা দুটা কি কি? {Kamrup M}
5. গৌতম বুদ্ধই প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? এই ধর্মৰ মূলমন্ত্র কি? {Kamrup M}
6. ড° জয়শ্রী গোস্বামী মহন্তৰ দুখন উপন্যাসৰ নাম লিখা। {Kamrup R}
7. ভাৰতীয় সাহিত্য-জীৱনৰ বৈশিষ্ট্য কি? {Lakhimpur}
8. অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি? {Sonitpur}
9. সভ্যতা আৰু সংস্কৃতিৰ মাজৰ দুটা পার্থক্য লিখা। {Nalbari}
10. অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্র্যপূর্ণ হোৱাৰ কাৰণ কি? {Nalbari}
11. ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য লিখা। {Biswanath}
12. আৰ্টৰ বিপৰীত পন্থা দুটা কি কি? {Bongaigaon}
13. অজন্তাৰ ছবিবোৰত কি কি ভাৱবস্তু প্ৰকাশ পাইছে? {Darrang}
14. উত্তৰ ভাৰতীয় ভাস্কর্য আৰু দক্ষিণ ভাৰতীয় ভাস্কৰ্যৰ মাজত থকা দুটা পার্থক্য লিখা। {Dhubri}
15. “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল”- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? {Dhubri}
16. অজন্তাৰ ছবিবোৰত কি কি ভাববস্তু প্রকাশ পাইছে? {Hojai}
17. বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? এই ধৰ্মৰ মূলমন্ত্র কি? {Majuli}
18. ভাৰতীয় ভৌগলিক জীৱন বৈচিত্রময় বুলি কিয় কোৱা হৈছে? {Morigaon}
19. অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া। {Tamulpur}
20. অজন্তাৰ ছৱিবোৰত প্রকাশ পোৱা ভাৱ-বস্তু দুটা কি কি? {Tinisukia}
21. লেখকে ভাৰত বুৰঞ্জীক কিয় ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী বুলি কৈছে? {Nagaon}
22. ধৰ্মৰ ক্ষেত্ৰত অনাৰ্য যুগৰ দুটা অৱদান লিখা। {Salmara}
23. মৌচুমীৰ তাণ্ডৱ নৃত্য বুলিলে কি বুজা? {Kokrajhar}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 3 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. “পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈয়ে সমন্বয়ৰো বুৰঞ্জী।” – এই কথাষাৰ পাঠৰ আলমত বুজাই লিখা। {Baksa}
2. অজন্তাৰ গুহা ক’ত অৱস্থিত? ইয়াত এতিয়ালৈকে কিমানটা গুহা আৱিষ্কাৰ হৈছিল? এই গুহাৰ ভাস্কৰ্যত কাৰ জীৱনৰ কথা তুলি ধৰা হৈছে? {Kamrup M}
3. ‘বিশেষ এটা উদ্যোগিক আবেষ্টনীৰ মাজত বনবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।’ – ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলমত বিচাৰ কৰা। {Kamrup R}
4. “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।”- এই কথাষাৰ কিমান যুক্তিপূর্ণ, “ভাৰতীয় সংস্কৃতি’ পাঠৰ আধাৰত লিখা। {Lakhimpur,Morigaon}
5. “লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।- এই ৰূপান্তৰ কি দৰে ঘটিছিল বুজাই লিখা। {Sonitpur}
বিভিন্ন জিলাৰ প্ৰি-ব’ৰ্ড (2025-26) পৰীক্ষাত অহা 4 নম্বৰৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ
1. উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। {Bajali}
2. “বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।” – ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে। পাঠৰ আলমত বিচাৰ কৰা। {Baksa,Golaghat}
3. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। {Barpeta}
4. “ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।”-এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা। {Kamrup M,Salmara}
“সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। {Sonitpur}
6. “ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্রমাণো অলেখ আছে।” – পাঠৰ সহায়ত বুজাই লিখা। {Udalguri}
7. “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।” ব্যাখ্যা কৰা। {Nalbari}
8. ব্যাখ্যা কৰা: সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। {Biswanath}
9. “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ”- ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। {Bongaigaon}
10. “সাহিত্য সম্পদৰ পিনৰ পৰা ভাৰতীয় সংস্কৃতি বিশেষভাৱে চহকী” – ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা। {Darrang}
11. “সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।” লেখকে সংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা বুলি কিদৰে ক’ব বিচাৰিছে, বুজাই লিখা। {Dhubri}
12. ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল পাঠৰ আধাৰত বুজাই লিখা। {Majuli}
13. ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’ কথাষাৰৰ যুক্তিযুক্ততা ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা। {Tamulpur}
14. ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’- কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। {Tinisukia}
15. ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। {Tinisukia}
16. ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভাষা গঢ়াৰ সবিশেষ বুৰঞ্জী। {Sonitpur}

