Class 8 বিজ্ঞান অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া | SCERT Assam (Assamese Medium)
Class 8 বিজ্ঞান অধ্যায় ৮ – বিদ্যুত প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া (SCERT Assam – Assamese Medium)
এই অধ্যায়ত বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱ, তড়িৎ বিশ্লেষণ, তড়িৎ কলাই আৰু দৈনন্দিন জীৱনত ইয়াৰ প্ৰয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। অসমৰ গ্ৰাম্য অঞ্চলত ব্যৱহৃত সৌৰশক্তিৰ বেটাৰী আৰু তড়িৎ-ৰাসায়নিক কোষৰ প্ৰভাৱৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে।
✅ কি শিকিব:
- বিদ্যুত প্ৰবাহৰ ৰাসায়নিক প্ৰভাৱৰ সংজ্ঞা
- তড়িৎ বিশ্লেষণৰ প্ৰক্ৰিয়া আৰু উদাহৰণ
- তড়িৎ কলাইৰ প্ৰকাৰ আৰু প্ৰয়োগ
- অসমৰ গ্ৰাম্য অঞ্চলত বেটাৰীৰ ব্যৱহাৰ
- তড়িৎ-ৰাসায়নিক কোষৰ কাম
🎯 Ospin Academy-ৰ সুবিধা:
- SCERT পাঠ্যক্ৰমৰ সম্পূৰ্ণ সমাধান
- তড়িৎ বিশ্লেষণৰ প্ৰক্ৰিয়াৰ চিত্ৰসহ ব্যাখ্যা
- পৰীক্ষাত আহিব পৰা ৫ নম্বৰৰ প্ৰশ্ন
- অসমীয়া মাধ্যমৰ বাবে প্ৰায়োগিক উদাহৰণ
Class 8 Science (বিজ্ঞান) PDF Solutions 2025-26 | SCERT Assam
Download Class 8 Science (বিজ্ঞান) PDF with MCQs, textbook solutions, and extra questions for SCERT Assam 2025-26.
Class 8 Science
পাঠ – ৮ Ospin Academy
বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া
১) খালী ঠাই পূৰ কৰা ।
ক) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই …………………….., …………………………, ………………………… ৰ দ্ৰৱ ।
উত্তৰ:- এছিড, ক্ষাৰ, লৱণ ।
খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ………………………. ক্ৰিয়াৰ সৃষ্টি কৰে।
উত্তৰ:- ৰাসায়নিক ।
গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ ………………………. মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ।
উত্তৰ:- ঋণাত্মক ।
ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ………………………. বোলে ।
উত্তৰ:- বিদ্যুৎ লেপন ।
২) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰ:- যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । মই কাৰণটো ব্যাখ্যা কৰিব পাৰিম ।
যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দ্ৰব্যত সুমুৱাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হলে বিদ্যুৎ চালিত হয় । বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।
৩) তিনি বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ ১৪.৯ ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে ।
উত্তৰ:- তিনি বিধ জুলীয়া পদাৰ্থৰ নাম হল –
ক) নিমখ পানী ।
খ) হাইড্ৰ’ক্লৰিক এছিড ।
গ) কপাৰ ছালফেট দ্ৰৱ ।
৪) চিত্ৰ ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বালবটো জ্বলা নাই । সম্ভৱপৰ কাৰণ বোৰ লিখা । তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা ।
উত্তৰ:- বালৱটো নজ্বলাৰ সম্ভৱপৰ কাৰণ বোৰ হ’ল –
ক) বৰ্তনীৰ সংযোগ ঢিলা থাকিব পাৰে ।
খ) বালবটো বেয়া হব পাৰে ।
গ) বেটাৰিটো বেয়া হব পাৰে ।
ঘ) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে ।
৫) ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে । দেখা গল যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বলৱটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ । তুমি সিদ্ধান্ত লবা যে –
ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।
খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী ।
গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাবে পৰিবাহী ।
ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি ।
উত্তৰ:- বালবটো B তৰলৰ ক্ষেত্ৰত কমকৈ জ্বলি উঠে আৰু A ত জ্বলে, ইয়াৰ অৰ্থটো এই যে B তৰলটো A তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী । গতিকে উত্তৰটো হব –
ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।
৬) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?
উত্তৰ:- বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে । ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব ।
৭) অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা ।
উত্তৰ:- অগ্নি নিৰ্বাপক কাৰ্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয় । ইয়াত লৱণ মিশ্ৰিত হৈ থাকে । ফলত ই পৰিবাহী হয় । যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব । সেইবাবে অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে ।
৮) উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে । তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে । কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰ:- সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰৱীভূত হৈ থাকে । গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয় । সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হয় ।
৯) ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ? ব্যাখ্যা কৰা ।
উত্তৰ:- ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয় । কাৰণ বৰষুণৰ পানীত অম্ল মিহলি হৈ থাকে । গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয় । কাম কৰি থাকিলে বিদ্যুৎ প্ৰৱাহিত হৈ মিস্ত্ৰী গৰাকীৰ মৃত্যুও হব পাৰে ।
১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল । গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে । কাৰণ বোৰ কি কি হব পাৰে ?
উত্তৰ:- বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত কৰি কিছু আম্লিক হৈ পৰে । গতিকে ই বিদ্যুৎ পৰিবাহী হয় । গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিব ।
১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰ:- আমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ নাম হল –
ক) কম দামী আ – অলংকাৰ বোৰ ।
খ) দৰ্জা, খিৰিকিৰ হেণ্ডেলবোৰ ।
গ) বাথৰোম, পাকঘৰ আদিৰ টেপবোৰ ।
ঘ) গেছ বাৰ্ণাৰৰ আৰু ৰন্ধা বাচন – বৰ্তনৰ তলিবোৰ ।
ঙ) ঘৰৰ চালৰ টিন পাত বোৰ ।
চ) তলা – ছাবি আদি ।
১২) ক্ৰিয়াকলাপ ১৪.৭ ত তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় । বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে । বেটাৰিৰ ধনাত্মক মেৰুৰ কোন ডাল তড়ি দ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?
উত্তৰ:- বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাত খন সংযোগ কৰিব লাগিব । কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়ি দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হব ।
Class 8 বিজ্ঞান অধ্যায় ৮ – সঘনাই সোধা প্ৰশ্ন
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group:
Get Free NCERT PDFs
If you want to download free PDFs of any chapter, click the link below and join our WhatsApp group: